অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহিলা সৱলীকৰণ আৰু গোট :

মহিলা সৱলীকৰণ আৰু গোটৰ বিষয়ে লিখা হৈছে ।

 

সাম্প্ৰতিক সময়ত মহিলা সৱলীকৰণৰ বাবেই চৰকাৰে বিভিন্ন আঁচনি তৈয়াৰ কৰিছে বিভিন্ন নামেৰে। চৰকাৰী আঁচনি কোনে কেনে ধৰণে ভোগ কৰি আছে সেয়া আমি নাজানো। কিন্তু মহিলা সৱলীকৰণৰ নামত ৰাজ্যত যে ‘গোট’ নামৰ এক বিষয় চলি আছে, সেয়া বোধকৰো প্ৰতিগৰাকী সাধাৰণ মহিলাই জানে। কাৰণ গাঁও, চহৰ, নগৰৰ প্ৰায়বোৰ মহিলাই এই ‘গোট’সমূহৰ সদস্যা। ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে এই ‘গোট’সমূহ আছে কিন্তু আমি আমাৰ অসম ৰাজ্যৰ কথাহে ক’ব বিচাৰিছো। আমাৰ মতে ‘গোট’ মানে একক বা এক সমষ্টি, মহিলাসকলক এক গোট কৰা বা তেওঁলোকৰ সন্মিলিত কৰাৰ এক উদ্দেশ্য আছে, সেয়া হৈছে তেওঁলোকক সৱলীকৰণ কৰা বা উন্নতি কৰা।

কিন্তু ইয়ালৈকে ঠিকেই আছিল। আৰ্থিক দিশত আগুৱাই অহাৰ বাবে বিভিন্ন নামেৰে ‘গোট’ তৈয়াৰ হৈছে। এই ‘গোট’সমূহৰ মহিলাসকলক টকা দিয়ে তেওঁলোক স্বাৱলম্বী হোৱাৰ কাৰণে। আমি জানো প্ৰত্যেক মহিলাই স্ব-নিৰ্ভৰশীল হোৱা উচিত। বৰ্তমান সময়ত আত্মনিৰ্ভৰ হৈ উঠাৰ এটা গভীৰ আকাংক্ষাৰ জন্ম লৈছে মহিলাসকলৰ মনত। ‘স্ব-ৰোজগাৰৰ ক্ষেত্ৰত অৰ্থৰ প্ৰয়োজন প্ৰধান। কিন্তু তেনে সুযোগ সকলোৰে ওচৰত নাই। কিন্তু এতিয়া তেনে সুযোগ আহিছে। আমি জনামতে কিছুমান চৰকাৰী আৰু কিছুমান বেচৰকাৰী অনুষ্ঠানে মহিলাসকলৰ মাজত ‘গোট’ তৈয়াৰ কৰি অৰ্থৰ সমস্যা আগবঢ়াইছে। বিভিন্ন নামেৰে নামকৰণ কৰা হয় এই ‘গোট’সমূহ। এই ‘গোট’সমূহক যিমান টকা দিয়া হয় সেয়া সপ্তাহ/পষেক/এমাহত ঘূৰাব লাগে, কম কমকৈ। যেতিয়া সম্পূৰ্ণ হ’ব আগতকৈ অধিক টকা গোটসমূহে লাভ কৰিব। কিন্তু ইয়াত জানো মহিলাসকল সবল হৈছে? মহিলাসকলে নিজৰ সফল তথা সাৰ্থকৰূপে প্ৰমাণ কৰিব পৰা নাই। ই মহিলাসকলক এটা স্থায়ী পৰিচয় দিব পৰা নাই। কাৰণ তেওঁলোকে গোটৰ পৰা ২৫ হাজাৰ/৪০ হাজাৰ/৯০ হাজাৰ টকা পায় আৰু অভাৱী, দুখীয়া মানুহক কেতিয়া কেতিয়াবা বিভিন্ন প্ৰয়োজন অনুভৱ কৰা মানুহক সুতত টকা ধাৰে দিয়ে। এই সুতৰ হাৰ ১৫ শতাংশৰ পৰা ১৮ শতাংশ পৰ্যন্ত।

যদি মহিলাসকলৰ শ্ৰম পদ্ধতিৰ উন্নতি, উৎপাদনৰ বৃদ্ধি আৰু আৰ্থিক শক্তি বিকাশ কৰিব খুজিছে তেতিয়া হ’লে যিবিলাক প্ৰতিষ্ঠানে টকা দিছে, তেওঁলোকে মাজে মাজে নিৰীক্ষণ কৰিব লাগে যে টকাবোৰ কি কামত প্ৰয়োগ কৰা হৈছে? মানৱ সমাজৰ বিকাশত মহিলাৰ দান অসীম। সেয়েহে হয়তো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মহিলাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে।

লেখিকা: অলকানন্দা শ্ৰীকুমাৰী কাকতি(সাদিন)

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top