মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ বিষয়ে লিখা হৈছে

 

পাঁচ বছৰত কৃষকৰ আয় দুগুণ কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ এটি আঁচনি মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ বাবে মেগা মিছন চ’চাইটিয়ে ৰাজসাহায্যযুক্ত মূল্যত ট্ৰেক্টৰ আৰু সৰঞ্জাম ক্ৰয়ৰ বাবে আবেদন বিচাৰিছে।

উপকৰণসমৃদ্ধ কৃষক মানেই বৰ্দ্ধিত কৃষি উৎপাদন আৰু কৃষকৰ বৰ্দ্ধিত উপাৰ্জন। সেয়েহে, অসম চৰকাৰে কৃষকসকলৰ বাবে ৰাজসাহায্যযুক্ত মূল্যত ট্ৰেক্টৰ যোগানৰ এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে।

এই আঁচনিখনৰ বৈশিষ্ট্যসমূহ হ’ল-

 

  • ট্ৰেক্টৰৰ মূল্যত ৭০%(৫.৫ লাখ টকালৈ সীমিত)ৰাজসাহায্য।
  • ট্ৰেক্টৰৰ মূল্যৰ ২০% বেংকৰ পৰা ঋণ।
  • ট্ৰেক্টৰৰ মূল্যৰ মাত্ৰ ১০% কৃষকৰ বৰঙণি।
  • ৮-১০ জন সদস্যবিশিষ্ট কৃষকৰ গোট ইয়াৰ বাবে যোগ্য।
  • কৃষকসকলৰ গোটে তেওঁলোকৰ পছন্দ অনুযায়ী ট্ৰেক্টৰৰ ব্ৰাণ্ড বা মডেল কিনিব পাৰে।
  • গোটসমূহে কৃষকসকলৰ এই ট্ৰেক্টৰ ভাড়াত দিব।
  • জিলা পৰ্য্যায়ৰ সমিতি(ডিএলচি)য়ে কৃষকসকলৰ নিৰ্বাচন কৰিব।

নিৰ্দ্ধাৰিত প্ৰপত্ৰত আবেদন কৰি জিলা কৃষি বিষয়াক(ডিএঅ’) ১৫ জুলাই ২০১৭ তাৰিখ বা তাৰ পূৰ্বেই জমা দিব লাগিব। আবেদন পত্ৰ জিলা কৃষি বিষয়াৰ কাৰ্য্যালয় বা আমাৰ ৱেবচাইটৰ পৰা ডাউনলোড কৰিব পাৰিব।

বিস্তৃত বিৱৰণ আৰু নিৰ্দেশনাৰ বাবে অনুগ্ৰহ কৰি সংশ্লিষ্ট জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত যোগাযোগ কৰক নাইবা আমাৰ ৱেবচাইট www.mmscmsguy.assam.gov.in চাওঁক।

 

উৎস:অসমীয়া প্ৰতিদিন

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top