মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / যোগান বিভাগৰ ‘আমাৰ দোকান’ আঁচনি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যোগান বিভাগৰ ‘আমাৰ দোকান’ আঁচনি:

 

‘আমাৰ দোকান’ হৈছে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এক কল্যাণকামী আঁচনি। মানৱ জীৱনত প্ৰয়োজনীয় নিত্য ব্যৱহৃত সামগ্ৰীসমূহ উদাহৰণস্বৰূপে- গেলামালৰ পৰা আৰম্ভ কৰি প্ৰসাধন সামগ্ৰীলৈকে আমি শ্বপিং মল অথবা দোকান-বজাৰসমূহত কিনিবলৈ যাবলগীয়া হয়। কিছুমান ক্ষেত্ৰত সামগ্ৰীসমূহৰ কিনা দাম যথেষ্ট বেছি পৰিলক্ষিত হয়, অৰ্থাৎ বহুত ধন দি কিনিবলগীয়া হয়। কেতিয়াবা সামগ্ৰীসমূহ উপলব্ধ নহয়। যাৰ ফলত জনসাধাৰণ যথেষ্ট সমস্যাত পৰে। দৰিদ্ৰ শ্ৰেণীৰ লোকসকল আৰ্থিক দিশত সবল নোহোৱাৰ ফলত কিছু কিছু ক্ষেত্ৰত সামগ্ৰী বা ৰেচন পাতি কিনোতে যথেষ্ট অসুবিধাত পৰে। দৰিদ্ৰ শ্ৰেণীৰ লোককে ধৰি নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল উপকৃত হোৱাকৈ যোগান বিভাগে উক্ত ‘আমাৰ দোকান’ শীৰ্ষক আঁচনিখন আৰম্ভ কৰে। এই ‘আমাৰ দোকান’ সমূহত আমাৰ দৈনিক প্ৰয়োজন হোৱা সামগ্ৰীসমূহ কম মূল্যতে যোগান ধৰা হয়। বস্তসমূহ কম-বেছি পৰিমাণে ‘আমাৰ দোকান’ সমূহত উপলব্ধ হয়। বৰ্তমান ৰাজ্যখনত প্ৰায় ৫০০০ খনতকৈ অধিক ‘আমাৰ দোকান’ মুকলি কৰা হৈছে। ইয়াৰ উপৰি ৰাজ্য চৰকাৰে শেহতীয়াভাৱে ভ্ৰাম্যমাণ ‘আমাৰ দোকান’ মুকলি কৰিছে। ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৰাইজৰ সুবিধাৰ্থে ভ্ৰাম্যমাণ ‘আমাৰ দোকান’ মুকলি কৰিছে। উক্ত ‘আমাৰ দোকান’ মুকলি কৰাৰ ফলত নিবনুৱা সমস্যা সমাধান সম্ভৱপৰ হ’ব পাৰে। এজন নিবনুৱা যুৱক-যুৱতী ‘আমাৰ দোকান’সমূহত নিয়োজিত হৈ কৰ্মমুখীও হ’ব পাৰে। আমাৰ দোকাৰ/ভ্ৰাম্যমাণ আমাৰ দোকান প্ৰকল্পৰ বিষয়ে বিতংভাৱে জানিবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সৈতে যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top