মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / যুৱচামৰ বাবে দক্ষতা বিকাশৰ বিশেষ আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যুৱচামৰ বাবে দক্ষতা বিকাশৰ বিশেষ আঁচনি :

যুৱচামৰ বাবে দক্ষতা বিকাশৰ বিশেষ আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ যুৱ প্ৰজন্মক দক্ষ কৰি তোলাৰ ক্ষেত্ৰত সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন আঁচনি ৰূপয়ণ কৰিছে। বৰ্তমান প্ৰতিযোগিতাৰ যুগত দিন বাগৰি যোৱাৰ লগে লগে প্ৰতিযোগিতামূলক মনোভাৱে আমাৰ চিন্তা, কৰ্ম-সংস্কৃতি সকলোতে প্ৰভাৱ পেলাইছে। বৰ্তমান সময়ত চাহিদা অনুযায়ী দক্ষ যুৱক-যুৱতীৰ অভাৱত শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়িবলৈ ধৰিছে।

বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা যুৱক-যুৱতীসকলৰ ক্ষেত্ৰত নিবনুৱা সমস্যা বেছিকৈ দেখা দিয়ে, কাৰণ সকলোৰে পক্ষে উচ্চ শিক্ষা গ্ৰহণ বা ব্যয়বহুল প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সামৰ্থ্য নাথাকে।

বৰ্তমান সৰ্বানন্দ সোনোৱালে নেতৃত্বাধীন চৰকাৰখনে কিছুসংখ্যক দক্ষতা সম্পৰ্কীয় আঁচনিৰ যোগেদি বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি যুৱক-যুৱতীসকলক কৰ্মমুখী কৰাৰ প্ৰচেষ্টা হাতত লৈছে।

ইয়াৰ ভিতৰত অসম দক্ষতা বিকাশ অভিযান আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান অন্যতম।

অসম দক্ষতা অভিযানৰ অধীনত-

*পৰ্যটন আৰু আতিথ্য,

*নিৰাপত্তা(চিকিউৰিটী),

*অট’মোটিভ,

*কৃষি,

*খুচুৰা বিক্ৰী(ৰিটেইল),

*স্বাস্থ্য সেৱা,

*সৌন্দৰ্য চৰ্চা,

*নিৰ্মাণ,

*ইলেক্ট্ৰনিক আৰু হাৰ্ডৱেৰ,

*ঘৰুৱা শ্ৰমিক,

*বস্ত্ৰ আৰু বয়ন শিল্প শীৰ্ষক পাঠ্যক্ৰমসমূহত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

এই প্ৰ্শিক্ষণসমূহ সাধাৰণতে হ্ৰস্বকালীন(২-৩ মহীয়া)। ছাত্ৰ-ছাত্ৰীসকলৰ আৱাসৰ ব্যৱস্থা আছে। পাঠ্যক্ৰমসমূহ ছেক্টৰ স্কিল কাউঞ্চিলৰ দ্বাৰা প্ৰমাণিত।

সফলতাৰে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত নিয়োগৰ সুবিধা প্ৰদান কৰা হয়। পঞ্জীয়নৰ বাবে তলৰ ঠিকনাত লগ-অন কৰক asdmonline.co.in ।

অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত নিম্নলিখিত বিভাগ/ উদ্যোগসমূহত প্ৰশিক্ষণ প্ৰদান কৰা হয় মিডিয়া/ ৰিটেইল/ ৰাবাৰ/ লেডাৰ/ ছিকিউৰিটী/ লজিষ্টিকছ/ হেলথ কেয়াৰ) এপাৰেল/ বি এফ এছ আই/ ইনফৰমেচন টেকন’লজী/ ট্ৰেভেল, টুৰিজিম এণ্ড হস্পিটেলিটী/ টেলিকমিউনিকেচন/ বিউটি এণ্ড ৱেলনেছ/ কনষ্ট্ৰাকচন/ ইলেক্ট্ৰনিক্স আৰু অট’মটিভ।

আৱেদব প্ৰ-পত্ৰ আৰু পঞ্জীয়নৰ বাবে যোগাযোগ কৰক গুৱাহাটী পৌৰ নিগম।

পৌৰসভাসমূহ:

*বৰপেটা,

*ধুবুৰী,

*গোৱালপাৰা,

*বঙাইগাঁও,

*নগাঁও,

*কোকৰাঝাৰ,

*নলবাৰী,

*মঙলদৈ,

*মৰিগাঁও,

*তেজপুৰ,

*উত্তৰ লখিমপুৰ,

*ডিব্ৰুগড়,

*শিৱসাগৰ,

*যোৰহাট,

*গোলাঘাট,

*শিলচৰ,

*কৰিমগঞ্জ,

*হাইলাকান্দি আৰু

*তিনিচুকীয়া।

নগৰ সমিতিসমূহ-

*ধেমাজি,

*কাজলগাঁও,

*ওদালগুৰি,

*ডিফু আৰু

*হাফলং।

উৎস: ৰাইজৰ বাতৰি

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top