মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / শিক্ষিত নিবনুৱাৰ বাবে মুখ্য মন্ত্ৰীৰ জীৱনজ্যোতি স্ব-নিয়োজন যোজনা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষিত নিবনুৱাৰ বাবে মুখ্য মন্ত্ৰীৰ জীৱনজ্যোতি স্ব-নিয়োজন যোজনা:

শিক্ষিত নিবনুৱাৰ বাবে মুখ্য মন্ত্ৰীৰ জীৱনজ্যোতি স্ব-নিয়োজন যোজনাৰ বিষয়ে লিখা হৈছে

 

সম্প্ৰতি দেশখনত নিবনুৱা সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। অসমো ইয়াৰ পৰা বাদ পৰি যোৱা নাই। শিক্ষাৰ প্ৰসাৰৰ লগে লগে যিদৰে শিক্ষিতৰ হাৰ বৃদ্ধি পাইছে, ঠিক তাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে শিক্ষিত নিবনুৱাৰ সমস্যাটোও। ৰাজ্যখনত পৰ্যাপ্ত নিয়োগৰ সুবিধা নথকা বাবে এই সমস্যাটোৱে অসমৰ অৰ্থনৈতিক প্ৰগতিত বাধাৰ সৃষ্টি কৰিছে। এই সম্ভাৱনাপূৰ্ণ মানৱ সম্পদ শিক্ষিত নিবনুৱাসকলক স্ব-নিয়োজনৰ সুবিধা প্ৰদানেৰে কৰ্মসংস্থাপনৰ বাট মোকলাই দিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এখন অভিলাষী আঁচনি। শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে সহায় আগবঢ়াবলৈ গ্ৰহণ কৰিছে শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে মুখ্য মন্ত্ৰীৰ ‘জীৱনজ্যোতি স্ব-নিয়োজন যোজনা’। অসম চৰকাৰে এই আঁচনিৰ জৰিয়তে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক আত্মসংস্থাপনৰ ক্ষেত্ৰত বিত্তীয় সাহায্য প্ৰদান কৰিবলৈ বিচাৰিছে। নিবনুৱা শিক্ষিত যুৱক-যুৱতীসকলে যাতে আত্মসংস্থাপনৰ বাবে আয় সৃষ্টিকাৰী উৎপাদনমুখী কাম কাজত জড়িত হ’ব পাৰে তাৰ বাবে তেওঁলোকক সক্ষম কৰি তুলিবলৈ চৰকাৰী ৰাজ সাহায্যৰে প্ৰাতিষ্ঠানিক ঋণ যোগান ধৰি বিত্তীয় সাহায্য প্ৰদান কৰাটোৱেই এই আঁচনিখনৰ লক্ষ্য।

শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে মুখ্য মন্ত্ৰীৰ জীৱনজ্যোতি স্ব-নিয়োজন যোজনাৰ লাভালাভসমূহ-

 

  • শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে মুখ্য মন্ত্ৰীৰ জীৱনজ্যোতি স্ব-নিয়োজন যোজনাৰ পৰা আগ্ৰহী যুৱক-যুৱতীসকলে বিত্তীয় সাহায্য লাভ কৰি আত্মসংস্থাপন ক্ষেত্ৰত লাভৱান্বিত হ’ব পাৰে। তদুপৰি তেওঁলোকলৈ তলত দিয়া বিভিন্ন সা-সুবিধাও এই আঁচনিৰ জৰিয়তে আগবঢ়োৱা হয়।
  • নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আছুতীয়া কাৰ্যসূচী।
  • আত্মসংস্থাপনৰ বাবে আগ্ৰহী যুৱক-যুৱতীসকললৈ ৰাজ্যখনৰ ভিতৰতে আৰু প্ৰয়োজন সাপেক্ষে ৰাজ্যখনৰ বাহিৰতো প্ৰশিক্ষণৰ সা-সুবিধা।
  • কাৰিকৰী আৰু ব্যৱস্থাপনা সম্পৰ্কীয় নীতি নিৰ্দেশনা।
  • উদ্যমশীলতাৰ বিকাশ।
  • কৃষি কৰ্মৰ সৈতে জড়িত লোকসকলেও লাভ কৰিব পাৰে ইয়াৰ সা-সুবিধাসমূহ।

আঁচনিখনৰ হিতাধিকাৰী হিচাপে আৱেদন কৰাৰ বাবে প্ৰয়োজনীয় যোগ্যতা আৰু চৰ্ত:

 

  • এই আঁচনিৰ অধীনত প্ৰয়োজনীয় অৰ্হতাৰ ভিত্তিত ৰাজ্যখনৰ সকলো শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে আঁচনিখনৰ লাভালাভ ল’বলৈ যোগ্য।

আৱেদন কৰাৰ বাবে প্ৰয়োজনীয় নথ-পত্ৰ:

ক)আধাৰ কাৰ্ড।

খ)অসমত স্থায়ীভাৱে বসবাস কৰাৰ প্ৰমাণ, অৰ্থাৎ উপযুক্ত কৰ্তৃপক্ষৰ পৰা বাসিন্দাৰ প্ৰমাণ পত্ৰ।

গ)বেংকৰ বিশদ, যেনে- আই এফ এছ কোড, এম আই চি আৰ কোৰ্ড, একাউন্ট নম্বৰ ইত্যাদি।

ঘ)পৰিচয় পত্ৰ, যেনে- ভোটাৰ কোৰ্ড।

ঙ)ইয়াৰ উপৰি আন কিছু নথি-পত্ৰৰো পৰস্থিতি সাপেক্ষে প্ৰয়োজন হ’ব পাৰে। তাৰ বাবে গ্ৰাম্য উন্নয়নৰ ৰাজ্যিক প্ৰতিষ্ঠানৰ বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে।

কাৰ সৈতে যোগাযোগ কৰিব?

 

ক)আগ্ৰহী ৯শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে গ্ৰাম্য উন্নয়নৰ ৰাজ্যিক প্ৰতিষ্ঠানৰ(এছ আই আৰ ডি) বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে।

খ)আৱেদনকাৰী যুৱক-যুৱতীয়ে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ সৈতেও যোগাযোগ কৰিব পাৰে। যেনে- ষ্টেট বেংক অব ইণ্ডিয়া, পাঞ্জাব নেচনেল বেংক আৰু ইউনাইটেড বেংক অব ইণ্ডিয়া ইত্যাদি।

গ)গুৱাহাটীৰ খানাপাৰাত থকা ৰাজ্যিক গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠানৰ(এছ আই আৰ ডি) মুখ্য কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰে।

যোগাযোগৰ দূৰভাষ নং: ৯৯৫৪৪-৯৭৬৭৪, ৯৯৫৪৫-৩৩৪৭২।

ই-মেইল: sirdassam@gmail.com

ৱেবছাইট: sirdassam.in ।

উৎস:ৰাইজৰ বাতৰি

3.08333333333
তপন শইকীয়া Aug 14, 2018 03:42 PM

মই এই আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰো

কৌশিক কাশ্যপ বৰা Apr 13, 2018 04:16 PM

কংগ্ৰেছৰ দিন যে নিৱনুৱাক চাবচিডিত গাড়ী প্ৰদান কৰিছিল তেনেকে এতিয়া দিবলৈ ব্যৱস্হা কৰিছে নেকি ?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top