অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ অধিকাৰ

শিশু হৈছে দেশৰ অমূল্য সম্পদ। ভাৰতবৰ্ষত দেশৰ প্ৰথমজন প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্মদিনটো (১৪ নৱেম্বৰ) শিশু দিৱস হিচাপে পালন কৰা হয়। কাৰণ তেওঁ শিশু সকলক খুব ভাল পাইছিল। পণ্ডিত নেহেৰুৱে কৈছিল-

“মই শিশু সকলৰ লগত থাকি ভাল পাওঁ আৰু আটাইতকৈ বেছি তেওঁলোকৰ লগত খেলি ভাল পাওঁ”।

 

অসম চৰকাৰে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগখন গঠন হোৱা দিনটো (৪ মাৰ্চ) “শিশু সুৰক্ষা দিৱস”- হিচাপে পালন কৰাৰ বাবে ২০১৩ চনৰ ৩ ডিচেম্বৰ তাৰিখে এখন অধিসূচনা জাৰি কৰিছে যিটো দেশৰ ভিতৰতে প্ৰথম আৰু এটি উল্লেখনীয় পদক্ষেপ।

এটি সুন্দৰ, আৰু সুৰক্ষিত শৈশৱ সকলো শিশুৰে জন্মগত অধিকাৰ। প্ৰতিটো শিশুৱে এটি সুন্দৰ সুখী আৰু সুৰক্ষিত শৈশৱ পাব লাগে। সন্মান সহকাৰে কোনোধৰণৰ বৈষম্য নথকাকৈ শিশু সকল ডাঙৰ-দীঘল হোৱাৰ সুযোগ পাব লাগে।

শিশুৰ অধিকাৰ সমূহ হৈছে-

  • পিতৃ-মাতৃ আৰু পৰিয়ালৰ সৈতে মৰম চেনেহৰে আদৰ যত্নৰে জীৱন-যাপন কৰাৰ অধিকাৰ।
  • সকলো প্ৰকাৰৰ হিংসাৰ পৰা সুৰক্ষিত হৈ থকাৰ অধিকাৰ।
  • সু-স্বাস্থ্যৰ অধিকাৰী হৈ মানসিক আৰু শাৰীৰিক ভাৱে সুস্থ হৈ থকাৰ অধিকাৰ।
  • সু-নাগৰিক হিচাপে গঢ় লৈ উঠাৰ বাবে শিক্ষাৰ অধিকাৰ, যিহেতু শিক্ষা অবিহনে জীৱনৰ কোনো অৰ্থ নাথাকে।

এই অধিকাৰ সমূহৰ উপৰিও ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ অভিবৰ্তন এখন আন্তঃৰাষ্ট্ৰীয় চুক্তি অনুসৰি-যিবোৰ শিশু বিভিন্ন বিপৰ্য্যয় আৰু খুবেই অসহায় অৱস্থাত আছে বা পৰে যেনে আইনৰ সৈতে সংঘাতত লিপ্ত শিশু, শৰনাৰ্থী শিশু, যিকোনো পৰ ৰাষ্ট্ৰত আশ্ৰয় বিচৰা শিশু আদি বিপন্ন শিশুৰ বাবে আন বহুতো অতিৰিক্ত অধিকাৰ আছে।

“আপুনি জানেনে আমাৰ দেশৰ সৰ্ব্বোচ্চ আইন সংবিধানতো শিশু সকলৰ কথা উল্লেখ আছে”।

সংবিধানত কোৱা হৈছে প্ৰত্যেকটো শিশুকেই সকলোৱে সকলো ঠাইতে সমভাৱে ব্যৱহাৰ কৰিব লাগে। সংবিধান চৰকাৰক লগতে দেশৰ সকলো প্ৰাপ্ত বয়স্ক নাগৰিককে, কোনো শিশুৱে যাতে শিশু শ্ৰমিক হিচাপে নিযুক্ত নহয় সেইটো সুনিশ্চিত কৰিবৰ বাবে নিৰ্দেশ দিছে।

 

১৯৮৯ চনত ৰাষ্ট্ৰসংঘই কেৱল শিশুৰ বাবে এখন মানৱ অধিকাৰ সম্পৰ্কীয় চনদ (চুক্তি)- “ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰৰ চনদ প্ৰস্তুত কৰে। য’ত বিশ্বৰ ১৯০ খনতকৈও বেছি দেশে স্বাক্ষৰ কৰে। আমাৰ দেশ ভাৰতে ১৯৯২ চনত এই অভিৱৰ্তনৰ প্ৰতিটো দফা অনুসৰন কৰিব বুলি কথা দিয়ে আৰু ইয়াৰ লগে লগে ভাৰতৰ প্ৰতিটো শিশুৱে সুৰক্ষাৰ অধিকাৰ, বিকাশৰ অধিকাৰ, জীয়াই থকাৰ অধিকাৰ অংশগ্ৰহনৰ অধিকাৰ লাভ কৰিব বুলি ভাৰত চৰকাৰ দায়বদ্ধ হৈছে।

ভাৰত চৰকাৰৰ এই দায়বদ্ধতাই বিভিন্ন বিপদাপন্ন অৱস্থাত থকা শিশু সকল যেনে শৰনাৰ্থী আৰু ৰাজনৈতিক আশ্ৰয় প্ৰাৰ্থী শিশুসকলৰ মুখত হাঁহি বিৰিঙাব, কিয়নো এই সকলো শিশুৱে চৰকাৰী দায়বদ্ধতাৰ ফলস্বৰূপে সাধাৰণ অধিকাৰৰ উপৰিও বিশেষ অধিকাৰ লাভ কৰিব।

অধিকাৰ সদায় কৰ্তব্যৰ লগত জডিত হৈ থাকে। শিশু সকলৰো অধিকাৰৰ লগতে কিছুমান সৰু সৰু দায়িত্বও আছে নিজৰ পৰিয়ালৰ প্ৰতি, সমাজৰ প্ৰতি আৰু বিশেষভাৱে নিজৰ দেশখনৰ প্ৰতি। সেইবাবেই নেহেৰু খুৰাই শিশুসকলক উদ্দেশ্যি ৩ ডিচেম্বৰ ১৯৪৯ চনত লিখা এখন চিঠিত উল্লেখ কৰিছিল-

“আমাৰ দেশ ভাৰতবৰ্ষ এখন ডাঙৰ দেশ, আৰু দেশৰ বাবে আমাৰ প্ৰত্যেকজনৰেই কিছু কৰণীয় আছে। আমি প্ৰত্যেকজনেই যদি নিজৰ ফালৰ পৰা অলপ অলপ হ’লেও কৰণীয়খিনি কৰো তেনেহ’লে এই সকলোবোৰ একগোট হৈ ডাঙৰ হৈ পৰিব আৰু আমাৰ দেশখন বিকাশৰ দিশত, উন্নতিৰ ক্ষেত্ৰত এখোপ আগবাঢ়ি যাব। ভাৰতবৰ্ষৰ শিশু হিচাপে তোমালোক প্ৰত্যেকৰে এটি সুন্দৰ, আনন্দময় শৈশৱ পোৱাৰ অধিকাৰ আছে লগতে তোমালোকৰ আন যি যি অধিকাৰ আছে এই সকলোবোৰ উপভোগ কৰাৰ অধিকাৰ আছে”।

 

শিশুসকল তোমালোকৰ অধিকাৰ সমূহ হৈছে-

  • সকলোধৰণৰ হিংসা, শোষণৰ পৰা সুৰক্ষিত হৈ থকাৰ অধিকাৰ। তোমাতকৈ ডাঙৰ কোনো মানুহে তোমাক ইচ্ছাকৃতভাৱে আঘাত কৰিব নোৱাৰিব। তোমাৰ মা-দেউতা-শিক্ষক যাৰ লগত তোমালোক আটাইতকৈ বেছি আৱেগিকভাৱে সংযুক্ত তেওঁলোকেও তোমালোকক মানসিক বা শাৰীৰিকভাৱে আঘাত কৰিব নোৱাৰিব। বৰঞ্চ তেওঁলোকে তোমালোকৰ সকলোধৰণৰ হিংসা, অৱহেলা, শোষনৰ পৰা ৰক্ষা কৰাৰ বাবে দায়বদ্ধহে।
  • পাৰিবাৰিক জীৱন লাভ কৰাৰ অধিকাৰ। তোমালোকৰ সদায়ে নিজৰ মা-দেউতা, ভাইটী-ভণ্টীহঁতৰ সৈতে একেলগে থকাৰ অধিকাৰ আছে।
  • তোমালোকৰ নিজৰ মত দাঙি ধৰাৰ অধিকাৰ আছে আৰু সমাজৰ ডাঙৰ সকল তোমালোকৰ মতক গুৰুত্ব দিয়াৰ বাবে দায়বদ্ধ।
  • তোমালোকৰ বিকাশত অৰিহণা যোগাব পৰা আৰু এজন দায়িত্বশীল নাগৰিক হোৱাৰ ক্ষেত্ৰত সহায়ক হোৱা প্ৰাথমিক শিক্ষা লাভৰ অধিকাৰ।

শিশুৰ অধিকাৰ

শিশুসকলৰ প্ৰয়োজনীয় সমূহ খুবেই গুৰুত্বপূৰ্ণ। এই প্ৰয়োজনীয়তা সমূহেই শিশু সকলৰ অধিকাৰৰ জন্ম দিছে। যিবোৰ অধিকাৰ চৰকাৰ আৰু সমাজে একেলগে হৈ সুৰক্ষিত কৰিব লাগে। ৰাষ্ট্ৰ সংঘৰ শিশু অধিকাৰ চনদ(চুক্তি)খনে শিশু সকলক তলত উল্লেখ কৰা অধিকাৰসমূহ প্ৰদান কৰিছে।

 

১৮ বছৰ বয়স অতিক্ৰম নকৰা পৰ্য্যন্ত সকলোকে শিশু বুলি গণ্য কৰা হ’ব।

  • জাতি-ধৰ্ম, বৰ্ণ-ভাষা, ধনী-দুখীয়া নিৰ্বিশেষে প্ৰত্যেক শিশুৰে চুক্তিত উল্লেখ থকা সকলো ধৰণৰ অধিকাৰ উপভোগ কৰাৰ অধিকাৰ আছে। ল’ৰা-ছোৱালী, মাক-দেউতাকৰ জীৱিকা বা শাৰীৰিক অক্ষমতা আদিয়ে অধিকাৰ উপভোগৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা প্ৰদান কৰিব নোৱাৰে।
  • সকলো শিশুৱেই হৈছে আমাৰ দেশৰ বৰ্তমান আৰু লগতে ভৱিষ্যতো। শিশু সকলেই হৈছে দেশৰ নাগৰিক, গতিকে সকলো শিশুৰে জন্মৰ পঞ্জীয়ন বাধ্যতামূলক আৰু জন্মৰ প্ৰমাণ পত্ৰ পোৱাটো সকলো শিশুৰে একো একোটা নাম পাব লাগে। ‘নামাকৰণ’ও হৈছে শিশুসকলৰ অধিকাৰ।
  • শিশুসকলৰ পৰিয়াল এইটো আইনগত দায়িত্ব যে শিশুক শিশুৰ অধিকাৰ সমূহ উপভোগ কৰাত সহায় কৰে।
  • শিশুৰ নিজৰ মাক-দেউতাক পৰিয়ালৰ লগতে থকাৰ সম্পূৰ্ণ অধিকাৰ আছে। কোনো কাৰণত নিজৰ মাক-দেউতাক পৰিয়াল নাথাকিলে, শিশুটিক নিজৰ বুলি মৰম কৰা, শিশুটিৰ দায়িত্ব লোৱা এটা পৰিয়ালৰ লগত থাকিব লাগে। ইয়াৰ অন্যথাই শিশুটি আনুষ্ঠানিক শিশু গৃহ সমূহত থাকিব পাৰে। কিন্তু শিশু গৃহত শেষ উপায় বুলিহে ধৰা হয়, তাকো প্ৰয়োজনত যিমান পাৰি কম সময়ৰ বাবে।
  • তুমি যদি নিজৰ পিতৃ-মাতৃৰ সৈতে থাকিব নোৱাৰা, তেতিয়া বিকল্প হিচাপে বিভিন্ন সেৱা যেনে ADOPTION (পুষ্য পুত্ৰ/পুত্ৰী), FOSTERCARE (সাময়িক তদাৰক) আদি লাভ কৰাটো তোমাৰ অধিকাৰ। এই সেৱা সমূহৰ দ্বাৰা তোমাৰ যাতে সকলো ধৰণৰ যতন লোৱা হয় সেইটো নিশ্চিত কৰা হয়।
  • তোমাৰ লগত জড়িত যিকোনো বিষয়ত তোমাৰ মতামত প্ৰদান কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু তোমাৰ মতামতক গুৰুত্ব সহকাৰে গুনাটো আৰু লোৱাটো প্ৰতিজন প্ৰাপ্তবয়স্কৰ দায়িত্ব।
  • তুমি য’তেই নাথাকা, ঘৰত, ঘৰৰ বাহিৰত, পৰিয়ালৰ লগত, আনুষ্ঠানিক শিশু গৃহত, বিদ্যালয়ত তোমাক কোনেও মানসিক আৰু শাৰীৰিকভাৱে আঘাট আৰু অপদস্থ কৰিব নোৱাৰে। তোমাক কোনেও শাৰীৰিক শ্ৰম কৰিবৰ বাবে বাধ্য কৰিব নোৱাৰে। সকলো ধৰণৰ হাৰাশাস্তিৰ পৰা সুৰক্ষিত হৈ থকাটো তোমাৰ অধিকাৰ।
  • পুষ্টিকৰ খাদ্য, পিন্ধিবলৈ কাপোৰ আৰু থাকিবলৈ এখন সুৰক্ষিত ঠাই পোৱাটো তোমাৰ মৌলিক অধিকাৰ। তুমি তোমাৰ এই মৌলিক অধিকাৰ সমূহ চৰকাৰৰ সহায় লৈ হ’লেও উপভোগ কৰিব পাৰিবা।
  • তোমাৰ স্বাস্থ্যৰ উন্নতি সাধন চৰকাৰৰ লগতে আমাৰ সকলোৰে প্ৰথম কৰ্তব্য কাৰণ উপযুক্ত স্বাস্থ্যজনিত সেৱা লাভ কৰাটো তোমাৰ অধিকাৰ। ইয়াৰ লগতে বিশুদ্ধ খোৱাপানী, পুষ্টিকৰ খাদ্য, স্বাস্থ্যকৰ বিশুদ্ধ পৰিবেশ লাভ কৰাটোও তোমালোকৰ অধিকাৰ। মনত ৰাখিবা, স্বাস্থ্য সম্বন্ধীয় যিকোনো তথ্য লাভ কৰাটো তোমালোকৰ অধিকাৰৰ ভিতৰতেই পৰে।

 

  • গুণগত, উচ্চমানদণ্ডৰ শিক্ষা লাভ কৰাটো তোমালোকৰ অধিকাৰ। তোমালোকে প্ৰাথমিক শিক্ষা সমাপ্ত কৰাৰ পিছত যাতে তোমালোকৰ যিমান মন যায় সিমান উচ্চশিক্ষা ল’ব পাৰা, এইক্ষেত্ৰত তোমালোকক উৎসাহিত কৰাটো সকলোৰে কৰ্তব্য।
  • তোমালোকে সকলোৱে নিজা নিজা ধৰ্ম, ভাষা, সংস্কৃতি অনুশীলন কৰা, মানি চলাৰ অধিকাৰ আছে। তোমালোকে যদি কোনো বেলেগ ভাষা, ধৰ্ম গ্ৰহন কৰিব বিচৰা, তাতো কোনো বাধা নাই। তোমালোকে যি সকল সংখ্যালঘু শ্ৰেণীত পৰা তেওঁলোকৰ বাবে কিছুমান বিশেষ সুৰক্ষাৰ ব্যৱস্থা আছে, যাতে তেওঁলোকে নিশ্চিতমনে৩ নিজা ধৰ্ম, ভাষা, সংস্কৃতিৰ অনুশীলন কৰিব পাৰে।
  • শিশু হিচাপে তোমালোকে সকলোৱে খেল-ধেমালী কৰাৰ অধিকাৰ আছে। খেল-ধেমালীৰ লগতে যাতে তোমালোক সময়মতে জিৰনি পোৱা, অৱকাশ বিৰতি পোৱা আৰু লগতে বিভিন্ন সাংস্কৃতিক কাম কৰাৰ সৈতে জড়িত হ’ব পাৰা সেইটোও নিশ্চিত কৰা হৈছে।
  • তোমালোকৰ বিভিন্ন ধৰণৰ অপৰাধ, যেনে-অপহৰণ, মানৱ দেহাৰ কিনা-বেচা, জোৰকৈ বেলেগ এখন ঠাইলৈ পঠিয়াই দিয়া আদিবোৰৰ পৰা সুৰক্ষিত হৈ থকাৰ অধিকাৰ আছে।
  • যিবোৰ শাৰীৰিক শ্ৰমৰ দ্বাৰা তোমালোকৰ স্বাস্থ্যৰ হানি হয়, পঢ়া শুনা ব্যাঘাট প্ৰাপ্ত হয়, সেই কৰ্মবোৰ কৰাৰ পৰা বিৰত থকাৰ, সুৰক্ষিত হৈ থকাৰ সম্পূৰ্ণ অধিকাৰ তোমালোকৰ আছে। তোমালোকক যদি শিশু শ্ৰম বা বন্ধোৱা মজদুৰি কৰিবৰ বাবে বাধ্য কৰা হৈছে তেনেহ’লে, ইয়াৰ বিৰুদ্ধে উপযুক্ত প্ৰশাসনৰ পৰা সুৰক্ষা লাভ কৰাটোও তোমালোকৰ অধিকাৰৰ ভিতৰত পৰে।
  • যিকোনো নিচাজাতীয় দ্ৰব্যৰ কু-প্ৰভাৱৰ পৰা সুৰক্ষিত হৈ থকাটো তোমালোকৰ অধিকাৰ। ইয়াৰ লগতে তেনেধৰণৰ যিকোনো সামগ্ৰীৰ বেহা বেপাৰত অথবা অনা-নিয়া/সৰবৰাহ কৰাত তোমালোকক নিয়োজন কৰিব নোৱাৰিব।
  • তোমালোক সকলোৰে যিকোনো ধৰণৰ শোষণ, ঘৰ, বিদ্যালয়ত, শিশুগৃহত হোৱা যিকোনো অত্যাচাৰৰ পৰা সুৰক্ষিত হৈ থকাৰ সম্পূৰ্ণ অধিকাৰ আছে। তোমালোকক এই ধৰণৰ শোষণ, অত্যাচাৰৰ পৰা সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব।
  • তোমালোকক যুদ্ধক্ষেত্ৰত যাবলৈ কেতিয়াও বাধ্য কৰিব নোৱাৰে। শিশুক কোনো অস্ত্ৰধাৰী গোটেও যোগদান দিবলৈ জোৰ কৰিব নোৱাৰে।
  • যদি কোনোবাই তোমাক আঘাট কৰে, অৱহেলা কৰে বা বেয়া ব্যৱহাৰ কৰে তেনেহ’লে সকলোৰে সহায় পোৱাৰ অধিকাৰ শিশুৰ আছে।
  • তোমালোক সকলোৰে যিকোনো ধৰণৰ যৌন নিৰ্য্যাতনৰ পৰা সুৰক্ষিত হৈ থকাৰ অধিকাৰ আছে। ইয়াৰ লগতে মনত ৰাখিবা তোমালোকক কোনেও (পিতৃ-মাতৃয়েও) শিশু অৱস্থাত বিয়া দিব নোৱাৰে। এইয়া তোমালোকৰ আইনগত অধিকাৰ।
  • আইনগত সাহাৰ্য্য পোৱাৰ অধিকাৰো তোমালোকৰ আছে। যদিহে প্ৰয়োজন হয়।

উৎসঃ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ

শেহতীয়া উন্নীতকৰণ: : 4/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate