মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান অভিযান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান অভিযান

শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান অভিযানৰ বিষয়ে লিখা হৈছে

 

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে শাসনলৈ অহাৰ পৰাই গ্ৰাম্য উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে।গ্ৰামাঞ্চলৰ উন্নয়ন হ’লেহে এখন দেশ প্ৰগতিৰ পথত ধাৱমান হ’ব।সেই উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰে গ্ৰামাঞ্চলৰ আৰ্থিক,সামাজিক আৰু বুনিয়াদী সা-সুবিধা বৃদ্ধি কৰিবলৈ ২০১৫ চনৰ ১৬ ছেপ্টেম্বৰত শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান মিছন-শীৰ্ষক এক কল্যাণকামী আঁচনি ৰুপায়ণ কৰে।উক্ত আঁচনিৰ অধীনত নগৰীয়া জীৱনৰ সা-সুবিধাসমুহৰ লগত আপোচ নকৰাকৈ পৰম্পৰাগত গ্ৰাম্য জীৱনৰ ধাৰা অব্যাহত ৰাখি সমতাৰ ভিত্তিত সকলোকে সামৰি কিছুমান গাঁৱৰ উন্নতি সাধন কৰিবলৈ লোৱা হৈছে।কেইবাখনো গাঁও লগ লগাই একোটা গোট গঠনৰ জৰিয়তে সমুহীয়াভাৱে গাঁৱৰ উন্নয়নৰ বাবে এই আঁচনিৰ অধীনত গোট (Cluster)ৰ অনুমোদন দিয়া হৈছে।এনেদৰে উক্ত আঁচনিৰ অধীনত ‘ৰুৰবান ভিলেজ’গোটৰ সৃষ্টি কৰিব বিচৰা হৈছে।

এই আঁচনিৰ অধীনত ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিৰ্ণায়ক মান যেনে এটা দশকত হোৱা জনসংখ্যা বৃদ্ধিৰ পৰিমাণ,অসংগঠিত শ্ৰমিকৰ বৃদ্ধিৰ অনুপাত,উচ্চ মাধ্যমিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ হাৰ,শিক্ষিতাৰ বৃদ্ধিৰ হাৰ আদিৰ ওপৰত ভিত্তি কৰি গাঁওসমুহ বাছনি কৰা হৈছে।উক্ত আঁচনিৰ অধীনত অকল বুনিয়াদী সা-সুবিধা বৃদ্ধিৰ উপৰি গ্ৰামাঞ্চলত কৌশল বৃদ্ধিৰ লগতে স্থানীয় উদ্যমিতা তথা আৰ্থিক গতি-বিধি বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি ৰুপায়ণ কৰা হৈছে।উক্ত আঁচনিৰ অধীনত ২০১৯-২০ চনলৈ গ্ৰামাঞ্চলত ৩০০ টা ৰুৰবান গোট গঠন কৰি উন্নয়ন কৰা হ’ব।উক্ত মিছনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫১৪২.০৮ কোটি টকা আবণ্টন দিছে।এই ৰুৰবান থুপসমুহৰ অন্তৰ্গত ভৈয়াম অঞ্চলত বসবাস কৰা ২৫০০০-৫০০০০ জনসংখ্যা আৰু পাহাৰীয়া,মৰুভুমি আৰু জনজাতি বসতিপ্ৰধান অঞ্চলৰ ৫০০০-১৫০০০ জনসংখ্যা থকা পঞ্চায়তসমুহক অন্তৰ্ভুক্ত কৰা হৈছে।গ্ৰামাঞ্চলক নগৰাঞ্চলৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান মিছনখন ৰুপায়ণ কৰা হৈছে।আমাৰ ৰাজ্যখনত ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বাছনি প্ৰক্ৰিয়া মতে ইতিমধ্যে ৫ খন সংহত গাঁও ৰুৰবান মিছনৰ অধীনত বাছনি কৰা হৈছে।এই ৰুৰবান থুপ (গোট)কেইটা হ’ল-চিলনীজান,বিহপুৰীয়া,ঢকুৱাখনা,কাটিগড়া আৰু হাজো।এই শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান অভিযানসকলৰ সফল ৰুপায়ণৰ যোগেদি ৰাজ্যখনৰ লগতে দেশৰ গ্ৰামাঞ্চলৰ ৰুপৰেখা সলনি হৈ যাব।উক্ত অভিযানৰ বিষয়ে বিত্ংভাৱে জানিবলৈ তলৰ ৱেবছাইটত চাব পাৰে।

http://ruban.gov.in.গুৱাহাটীৰ পাঞ্জাবাৰী জুৰি পৰিস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যালয়তো উক্ত আঁচনিখনৰ বিষয়ে বিত্ংভাৱে জানিব পাৰে।

উৎস:ৰাইজৰ বাতৰি

2.84210526316
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top