অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ষ্টাৰ্ট আপ্ ইণ্ডিয়া

“ষ্টাৰ্ট আপ্ ইণ্ডিয়া” ভাৰত চৰকাৰৰ এক ফ্লেগ্স্বীপ্ পদক্ষেপ| এই পদক্ষেপ্ৰ জৰিয়তে আমাৰ দেশত

“ষ্টাৰ্ট আপ্‌ ইণ্ডিয়া” ভাৰত চৰকাৰৰ এক ফ্লেগ্‌স্বীপ্‌ পদক্ষেপ| এই পদক্ষেপৰ জৰিয়তে আমাৰ দেশত এনে এক পৰিস্থিতি তন্ত্ৰ তৈয়াৰ কৰিব বিচৰা হৈছে য’ত উদ্‌ভাৱন আৰু ষ্টাৰ্ট আপ্‌ প্ৰচেষ্টা সমূহক উমলিবলৈ সুবিধা প্ৰদান কৰিব পাৰি আৰু যাৰ দ্বাৰা বৃহৎ পৰিসৰত সংস্থাপনৰ সুযোগ আৰু স্থায়ী অৰ্থনৈতিক বৃদ্ধিৰ পথ মুকলি হ’ব| এই পদক্ষেপৰ জৰিয়তে চৰকাৰে নতুন উদ্যোগ প্ৰকল্প সমূহক সবলীকৰণ কৰিবলৈ আৰু উদ্‌ভাৱন আৰু পৰিকল্পিত নক্সাৰ জৰিয়তে এই সমূহৰ শ্ৰীবৃদ্ধি কৰিবলৈ লক্ষ্য বান্ধি লৈছে|

থোৰতে ষ্টাৰ্ট আপ্‌ ইণ্ডিয়াৰ কাৰ্য্য পৰিকল্পনাঃ

এই পদক্ষেপৰ উদ্দেশ্য সমূহ পূৰণৰ অৰ্থে ভাৰত চৰকাৰৰ এক্সন প্লেন বা কাৰ্য্য পৰিকল্পনাৰ অংশ হিচাপে ন-ন উদ্যোগ স্থাপনৰ সকলো দিশ সামৰি এই ষ্টাৰ্ট আপ্‌ পৰিস্থিতিতন্ত্ৰ ঘোষণা কৰা হৈছিল| এই কাৰ্য্যপৰিকল্পনাৰ দ্বাৰা ন-উদ্যোগ নিৰ্মাণ আন্দোলন ত্বৰান্বিত কৰিব পাৰিব বুলি চৰকাৰে আশা কৰিছে|

. ডিজিটেল/ টেক্‌ন’ল’জী ক্ষেত্ৰৰ পৰা এক বহল পৰিসৰৰ ক্ষেত্ৰ যেনে-কৃষি, নিৰ্মাণ, সামাজিক ক্ষেত্ৰ, স্বাস্থ্যখণ্ড, শিক্ষা ইত্যাদি লৈকে আৰু

. বৰ্তমানৰ “টায়াৰ ওৱান চিটি”ৰ পৰা অৰ্দ্ধনগৰীয় আৰু গ্ৰাম্য অঞ্চলকে ধৰি “টায়াৰ টু” আৰু “টায়াৰ ট্ৰী চিটি” লৈকে

এই কাৰ্য্য পৰিকল্পনা নিম্ন উল্লেখিত ধৰণে বিভক্ত কৰা হৈছে-

. সবলতাপূৰ্ণ আৰু হস্তচালিত

. আৰ্থিক সাহাৰ্য্য আৰু উদগ্‌ণি

. উদ্যোগ, শিক্ষা প্ৰতিষ্ঠানৰ যুগ্ম অংশীদাৰীত্ব আৰু ইন্‌কিউবেশ্যন্‌|

কাৰ্য্যপৰিকল্পনাৰ উল্লেখযোগ্য দিশঃ

সৰলতাপূৰ্ণ আৰু হস্তচালিত

স্ব-প্ৰমাণৰ ওপৰত ভিত্তি কৰি আইনৰ আনুগত্য স্বীকাৰ:

ষ্টাৰ্ট আপ পদক্ষেপ সমূহ চেলফ চাৰ্টিফাই কম্পিলায়েন্স(ষ্টাৰ্ট আপ্‌ মোবাইল এপ্পচ্‌ ৰ জৰিয়তে) ৯ টা শ্ৰম আৰু পৰিবেশ আইনেৰে সৈতে অনুমতি প্ৰদান কৰা হয়| শ্ৰম আইঅনৰ ক্ষেত্ৰত ৩ বছৰলৈ কোনো পৰিদৰ্শন কৰা নহয়| আইন অমান্য কৰা বুলি যদিহে কোনো বিশ্বাসযোগ্য আৰু সত্যতাপূৰ্ণ অভিযোগ উথাপিত হয়,তেন্তে এই ষাৰ্ট আপ্‌ সমূহ পৰিদৰ্শন কৰা হ’ব পাৰে|কিন্তু ইয়াৰ বাবে এনে অভিযোগ লিখিত ৰূপত পাব লাগিব আৰু অন্তত: এটা স্তৰৰ জেষ্ঠ্য পৰিদৰ্ক্ষন বিষয়াৰ দ্বাৰা অনুমোদিত হ’ব লাগিব|পৰিবেশ আইঅনৰ ক্ষেত্ৰ্ত  “হৱাট কেটাগৰি” (কেন্দ্ৰীয় প্ৰ্দূষণ নিয়ন্ত্ৰ্ণ বোৰ্ড চমূকৈ চিপিচিবি ৰ দ্বাৰা নিৰ্দ্ধাৰিত) ৰ ষ্টাৰ্ট আপ সমূহে চেলফ্‌ চাৰ্টিফাই কম্পাইলেন্স দিবলৈ সক্ষম হ’ব আৰু এনে ক্ষেত্ৰত কেবেল ক’ৰবাত কৰবাত কদাচিৎহে পৰীক্ষা কৰা হ’ব|

ষ্টাৰ্ট আপ্‌ ইণ্ডিয়া হাব্‌:

স্মগ্ৰ ষ্টাৰ্ট আপ্‌ পৰিস্থিতি তন্ত্ৰৰ বাবে এক চিংগল পইন্ট কোন্টেক বা এঅকক সংযোগ ব্যৱস্থাৰ সৃষ্টি কৰা যাৰ্দ্বাৰা জ্ঞান বিনিম্য আৰু আৰ্থিক অনুদান উপলদ্ধি হোৱাটো নিশ্চিত কৰিব পাৰি|

. মোবাইল এপ্‌ আৰু প’ৰ্‌টাল সংযুক্তকৰণঃ

চৰকাৰ আৰু নীতি-নিৰ্ধাৰক সংস্থাৰ মাজত সম্পৰ্ক ৰক্ষাৰ বাবে আৰু সকলো ব্যৱসায়ীক প্ৰয়োজন আৰু বিভিন্ন অংশীদাৰীৰ মাজত তথ্য বিনিময়ৰ বাবে একক ভেটি হিচাপে কাম কৰিবলৈ ষ্টাৰ্ট আপ্‌চ ৰ কাৰণে এই ব্যৱস্থা যুক্ত কৰা হৈছে|

. আইনী সাহায্য আৰু কম খৰচত “ফাষ্ট ট্ৰেকিং পেটেষ্ট” পৰীক্ষাঃ

এই আঁচনিৰ অধীনত ফেচিলিটেটৰ সকলে দাখিল কৰিব খোজা যিকোনো, পেটেণ্টৰ সংখ্যা, ট্ৰে’ডমাৰ্কচ অথবা ডিজাইনৰ বাবে সকলো খৰচ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব| ষ্টাৰ্ট আপ্‌ বোৰে কেৱল ষ্টেটিউটৰী ফীজৰ খৰচ হে বহন কৰিব লাগিব|

আবেদন দাখিলৰ ক্ষেত্ৰত ৰেহাইঃ-

এই আঁচনিখন, পাইলট আঁচনি হিচাপে এবছৰৰ বাবে চলাই থকা হৈছে; অভিজ্ঞতা আহৰণৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ সমূহ গ্ৰহণ কৰা হ’ব|

ষ্টাৰ্ট আপচ্‌ৰ বাবে ৰাজহুৱা নিয়ম্নীতি পালনত শিথিলতা:

ষ্টাৰ্ট আপচ্‌ বা নতুন উদ্যোগ স্থাপনত উদগনি যোগাবৰ বাবে ষ্টাৰ্ট আপচ্‌(নিৰ্মাণ/উৎপাদন  ক্ষেত্ৰৰ) প্ৰকল্প সমূহক চৰকাৰে “প্ৰায়ৰ এক্সপেৰিয়েনচ্‌/টাৰ্ণ অভাৰ” অৰ্থাৎ পূৰ্ব অভিজ্ঞতা আৰু বাৰ্ষিক আয়’ৰ ক্ৰায়টেৰিয়া ৰ পৰা মুক্ত কৰিব |কিন্তু এই ক্ষেত্ৰত গুণগত মানদণ্ড আৰু প্ৰযুক্তিৰ ব্যৱহাৰ্ত কোনো ৰেহাই নাথাকিব| ষ্টাৰ্ট আপচ্‌ বোৰৰ প্ৰকল্প চলাব পৰা প্ৰয়োজনীয় সামৰ্থ আছে বুলি তথ্য সহকাৰে প্ৰমাণ কৰিব লাগিব আৰু ভাৰতত তেওঁলোকৰ নিজা উৎপাদন সুবিধা থাকিব লাগিব|

ষ্টাৰ্ট আপচ্‌ৰ বাবে দ্ৰুত প্ৰস্থানৰ সুবিধা:

অলপতে অন্তভুক্ত হোৱা “ইনচোলভেন্সি আৰু বেংক্ৰুপ্টি বিল ২০১৫” অনুসৰি আবেদন কৰাৰ ৯০ দিনৰ ভিতৰত “ষ্টাৰ্ট আপ”ক্ষীপ্ৰতাৰে বন্ধ কৰিব পাৰিব |এই বিলখনত স্বেচ্ছাই ব্যৱসায় বন্ধ কৰিব পৰাৰ সুবিধা আছে| এই পদ্ধতিয়ে সীমিত দ্বায়িত্ব “ৰ ধাৰণাটোক সন্মান জনাব|

আৰ্থিক সহায্য আৰু উদগনি:

১০ হেজাৰ কৌটি টকাৰ কৰ্পাচ ৰ সৈতে ফাণ্ড অফ্‌ ফাণ্ড ৰ জৰিয়তে আৰ্থিক সাহাৰ্য্য যোগান ধৰা: ষ্টাৰ্ট আপচ্‌ক আৰ্থিক সাহাৰ্য্য

আগবঢ়াবলৈ চৰকাৰে আৰম্ভ্ণিতে ২৫০০ কৌটিকৈ ৪ বছৰৰ ভিতৰত মূঠতে ১০,০০০ কৌটি টকাৰ(অৰ্থাৎ প্ৰতিবছৰে ২,৫০০ কৌটি কৈ)এক কৰ্পাস্ক ফাণ্ড গঠন কৰিব| এই ফাণ্ড টো “ ফাণ্ড অফ্‌ ফাণ্ড” প্ৰকৃতিৰ হ’ব| অৰ্থাৎ ষ্টাৰ্ট আপ্‌চৰ বাবে কোনো পোনপতীয়া বিনিয়োগ নাথাকিব কিন্তু এচ ই বি আই পঞ্জীয়ন ভুক্ত ভেঞ্চাৰ ফাণ্ডৰ মূলধনৰ পৰা এই ধন ব্যৱহাৰ কৰাহ’ব|

ষ্টাৰ্ট আপ্‌ৰ বাবে ক্ৰেডিট গাৰেন্টী ফাণ্ড:

নেচনেল ক্ৰেটিড গাৰান্টী ট্ৰাষ্ট কোম্পানী(এনচিজিটিচি)/এছআইডিবিআই ৰ জৰিঅয়তে ঋণ প্ৰদান নিশ্চিতকৰণ

কাৰ্য্যব্যৱস্থা এটা অহা ৪ বছৰৰ বাবে ৫০০ কৌটি টকাৰ মূলধনেৰে গঠন কৰাৰ ব্যৱস্থা কৰি থকা হৈছে|

মূলধন বৃদ্ধিত্ ৰাজহ ৰেহাই:

যিসকল ব্যক্তিয়ে এবছৰৰ ভিতৰত লাভৰ জৰিয়তে মূলধন বৃদ্ধি কৰিব পাৰে আৰু সেই লাভ্যাংস চৰকাৰী অনুমোদিত ফাণ্ড অফ্‌ ফাণ্ড ত বিনিয়োগ কৰে তেন্তে ইয়াৰ দ্বাৰা তেনে ব্যক্তিৰ কৰ ৰেহাই দিয়া হব| ইয়াৰ উপৰি কোনো ব্যক্তিৰ দ্বাৰা নতুনকৈ প্ৰতিষ্ঠিত নিৰ্মাণ ক্ষেত্ৰৰ এমএছএমই ৰ বাবে উপলব্ধ মূলধন বৃদ্ধি ৰেহাই ষ্টাৰ্ট আপ্‌ৰ বাবেও প্ৰযোজ্য হ’ব|

ষ্টাৰ্ট আপচ্‌ৰ ৩ বছৰৰ বাবে ৰাজহ ৰেহাই:

ষ্টাৰ্ট আপ  প্ৰকল্পৰ লাভ্যাংশৰ বাবে ৩ বছৰলৈ ইনকাম টেক্স ৰেহাই দিয়া হয়| এই সুবিধা উপলব্ধ হ’ব যদিহে ষ্টাৰ্ট আপ্‌ৰ দ্বাৰা লভ্যাংশ্ৰ বিতৰণ নহয়|

ফেয়াৰ মাৰ্কেট ভেলু তকৈ অধিক বিনিয়োগ কৰিলে ৰাজহ ৰেহাই: ইনকাম টেক্স এক্ট্‌,১৯৬১ ৰ অধীনত য’ত এটা ষ্টাৰ্ট আপ(কোম্পানী)এ ফেয়াৰ মাৰ্কেট ভেলু(এফ এম ভি)ৰ মূল্যতকৈ অধিক ছেয়াৰ লাভ কৰে আৰু এনে লাভৰ ক্ষেত্ৰত বিবেচনাধধীন হয় তেন্তে এই অতিৰিক্ত বিবেসনাধীন ছেয়াৰ ৰ বাবে প্ৰাপক জনে এই ধন অন্য উৎসৱ বুলি আয়কৰ প্ৰদান কৰিব লাগিব| ভেন্সাৰ কেপিটেল ফাণ্ড ৰ দ্বাৰা ষ্টাৰ্ট আপত কৰা বিনিয়োগ এই অপাৰেশ্বনৰ পৰা ৰেহাই দিয়া হৈছে| একে ধৰণৰ ৰেহাই ইনকেউবেটৰ ৰ দ্বাৰা ষ্টাৰ্ট আপত কৰা বিনিয়োগৰ ক্ষেত্ৰতো আগবঢ়োৱা হ’ব|

উদ্যোগ শিক্ষা-প্ৰতিষ্ঠানৰ যুগ্ম অংশীদাৰীত্ব আৰু ইন্‌কিউবেশ্যনঃ-

. উদ্ভাৱন প্ৰদৰ্শন আৰু সমন্বিত ক্ষেত্ৰ এখন যোগান ধৰিবৰ বাবে ষ্টাৰ্ট আপ্‌ ফেষ্টচ্‌ ৰ আয়োজন কৰাঃ

ভাৰতত, ষ্টাৰ্ট আপ পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰি তুলিবলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ষ্টাৰ্ট আপ উৎসৱ আয়োজন কৰিবলৈ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে|

. চেল্ফ এমপ্লয়মেণ্ট এণ্ড টেলেণ্ট ইউটিলাইজেছন (এছ ই টি ইউ) কাৰ্য্যসূচীৰে সৈতে Atal Innovation Mission (AIM) ৰ সূচনা কৰাঃ

অটল ইন’ভেশ্যন মিচন (AIM) এ entrepreneurship ক উদগণি যোগাবৰ বাবে প্ৰি ইন্‌কিউবেশ্যন ট্ৰেইনিং ৰ ব্যৱস্থা কৰিবৰ বাবে আৰু হাই-গ্ৰোথ ষ্টাৰ্ট আপ্‌ ৰ বাবে এক চীড ফাণ্ড ৰ ব্যৱস্থা কৰিবলৈ ক্ষেত্ৰ ভিত্তিত ইন্‌কিউবেটৰ আৰু ৫০০ “Tinkering Labs” স্থাপনৰ ব্যৱস্থা কৰিব|

. ইনকিউবেটৰ স্থাপনৰ বাবে ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞৰ সহায় লোৱাঃ

চৰকাৰী পোষকতাপ্ৰাপ্ত/ সাহায্যপ্ৰাপ্ত ইন্‌কিউবেটৰৰ Professional Management সুনিশ্চিত কৰণৰ বাবে চৰকাৰে সমগ্ৰ দেশতে ইনকিউবেটৰছ স্থাপন কৰিবৰ বাবে Public Private Partnership অৰ্থাৎ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ মিত্ৰতাৰ জৰিয়তে এক Policy আৰু নক্সা সৃষ্টি কৰিব|

 

. ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত ইন’ভেচন চেণ্টাৰছ্‌ বা উদ্ভাৱন কেন্দ্ৰ নিৰ্মাণঃ-

আমাৰ দেশত ইন্‌কিউবেশ্যন আৰু আৰ এণ্ড ডি (Research & Development) ৰ কাম কাজ বৃদ্ধি কৰিবলৈ চৰকাৰে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত Innovation Enterpreneurship ৰ ৩১ টা কেন্দ্ৰ স্থাপন কৰিব| এই কেন্দ্ৰ সমূহৰ জৰিয়তে ১২ হেজাৰতকৈ অধিক নতুন ষ্টাৰ্ট আপ্‌চক সুবিধা প্ৰদান কৰা হ’ব|

. IIT Madras ৰ Research Park ৰ আৰ্হিত নতুনকৈ ৭ টা Research Park স্থাপনঃ

চৰকাৰে প্ৰতিষ্ঠান সমূহত ১০০ কৌটি টকা প্ৰাৰম্ভিক ব্যয় সাপেক্ষে সাতটা নতুন Research Park বা গৱেষণা উদ্যান গঠন কৰিব| এই গৱেষণা উদ্যান বিলাক আই আই টি মাদ্ৰাজৰ গৱেষণা উদ্যানৰ আৰ্হিত স্থাপন কৰা হ’ব|

জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত ষ্টাৰ্ট আপ্‌ স্থাপনত উৎসাহ যোগোৱাঃ

ভাৰতৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয় সমূহত ৫ টা নতুন বায়’ ক্লাষ্টাৰ, ৫০ টা নতুন বায়’ ইন্‌কিউবেটৰ, ১৫০ টা টেকন’লজী ট্ৰেনছফাৰ অফিছ আৰু ২০টা বায়’ কানেক্ট অফিছ স্থাপন কৰিব| যুব জৈৱ প্ৰযুক্তি ষ্টাৰ্ট আপ্চ সমূহক আৰ্থিক সাহাৰ্য্য যোগান ধৰিবৰ বাবে BIRAC AcE Fund আৰু National Global Equity Funds (অন্যান্য সমূহৰ ভিতৰত ভাৰত ফাণ্ড, ইণ্ডিয়া এচ্‌পাইৰেশ্যন ফাণ্ড আদি) ৰ পৰা যৌথভাৱে সাহাৰ্য্য প্ৰদান কৰা|

. ছাত্ৰ-ছাত্ৰীৰ বাবে উদ্ভাৱন কেন্দ্ৰীক কাৰ্য্যসূচীৰ সূচনা কৰাঃ-

স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলক লক্ষ্য হিচাপে লৈ এক উদ্ভাৱন কাৰ্য্যসূচীৰ পাতনি মেলা যাৰ দ্বাৰা ৫ লাখ স্কুলৰ পৰা ১০ লাখ ইন’ভেশ্যন লাভ কৰিব পৰা যাব| ইয়াৰ ভিতৰত ১০০ টা উত্তম উদ্ভাৱন ৰাষ্ট্ৰপতি ভৱনত হ’বলগীয়া বাৰ্ষিক উৎসৱত প্ৰদৰ্শন কৰা হ’ব| NIDHI (নেচনেল ইনিচিয়েটিভ ফৰ্‌ ডেভেলপমেণ্ট এণ্ড হাৰনেছিং ইন’ভেশ্যনচ্‌) নামৰ এক মহা প্ৰত্যাহ্বান কাৰ্যুসূচী প্ৰচলন কৰা হ’ব|

Innovation and Enterpreneworship Development Centre(IEDC) ৰ জৰিয়তে | ইয়াৰ উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা উদভাৱন কৰা ২০ টা উদভাৱনক ১০ লাখ টকাৰ পুৰষ্কাৰ প্ৰদান কৰা| আই আই টি ছাত্ৰ – ছাত্ৰীৰ মাজত “Very High Quality” বা “ অতি  উচ্চ মানৰ” গৱেষণাক উৎসাহিত কৰিবৰ বাবে প্ৰতিবছৰে ২৫০ কৌটি এম এইচ্‌আৰডি-ডিএছটি আঁচনি আৰু “উচ্চত্তৰ আৱিষ্কাৰ যোজনাৰ নামত যুটীয়াভাৱে খৰচ কৰা হয়|

এনুয়েল ইনকুবেটৰ গ্ৰাণ্ড চেলেঞ্জ :

চৰকাৰে ১০ টা ইনকেউবেটৰ চিনাক্ত আৰু নিৰ্বাচন কৰিব| পূৰ্ব নিৰ্দ্ধাৰিত “কি পাৰফৰমেনচ্‌ এণ্ড ইনডিকেটৰ(কেপিপিএছ) ৰ জৰিয়তে মূল্যাংকন কৰা ইনকেউবেটৰ যাৰ বিশ্ব স্তৰৰ ইনকিউবেটৰ হ’বৰ পূৰ্ণ সম্ভাৱনা আছে তেওঁলোকক আন্ত: গাঁঠনি  উন্নয়নৰ বাবে দহকৌটি টকা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হ’ব|

উৎস: ষ্টাৰ্ট আপ ইণ্ডিয়া|

সম্পৰ্কীয় উৎসসমুহঃ-

১/ ষ্টাৰ্ট আপ্‌ ইণ্ডিয়াৰ ম’বাইল এপ্‌ ডাউনল’ড কৰিবলৈ লিংক

২/ ষ্টাৰ্ট আপ্‌ ৰ মান্যতা পাবৰ বাবে আপোনাৰ আবেদন পত্ৰ জমা কৰিবলৈ লিংক|

৩/ ইকুইটিত ইন্‌কিউবেশ্যন ফাণ্ড/প্ৰাইভেট ইকুইটি ফাণ্ড/ এক্‌চিলাৰেটৰ/ এঞ্জেল নেটৱৰ্কৰ পৰা ২০% তকৈ অধিক ফাণ্ডিঙৰ বাবে চিঠিৰ ফৰমেট

৪/ স্নাতকোত্তৰ কোনো কলেজত প্ৰতিষ্ঠিত ইন্‌কিউবেটৰৰ পৰা ৰিক’মেণ্ডেশ্যন লেটাৰৰ ফৰমেট্‌|

৫/ ভাৰত চৰকাৰৰ দ্বাৰা মান্যতা প্ৰাপ্ত কোনো ইন্‌কিউবেটৰৰ পৰা ৰিক’মেণ্ডেশ্যনৰ ফৰমেট্‌|

৬/ ভাৰত চৰকাৰৰ অথবা কোনো ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত কোনো ইন্‌কিউবেটৰৰ পৰা “লেটাৰ অব্‌ চাপৰ্ট”ৰ ফৰমেট্‌|

৭/ ষ্টাৰ্ট আপ্‌ ৰ মান্যতা প্ৰাপ্তৰ সামৰণি- সামৰণি প্ৰমাণ পত্ৰ নম্বৰ/এণাটিচি নে’ম্‌|

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top