অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনি

ষ্টেণ্ড আপ ইণ্ডিয়া আঁচনি

ষ্টেণ্ড আপ ইণ্ডিয়া অচনি খনৰ উদ্দেশ্যে হৈছে মহিলা আৰু অনুসুচীত জাতি-জনজাতি বিলাকৰ উদ্যোগিক মনোভাৱ উন্নত কৰা| এই আচনিখন ভাৰত চৰকাৰৰ বিত্তীয় সেৱা বিভাগ আৰু বিত্তীয় মন্ত্ৰালয়ে ঘোষণা কৰিছে|

ষ্টেণ্ড আপ ইণ্ডিয়া আচনিয়ে প্ৰতিটো বেংক শাখাৰ জৰিয়তে কমেও এজন অনুসুচিত জাতি বা জনজাতিৰ মানুহ আৰু কমেও এগৰাকী মহিলাক দহ লাখৰ পৰা ১ কোটি মাণ দিয়াৰ সুবিধা আগবঢ়ায়| একোটা সেউজীয়া পথাৰ উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ বাবে| এই উদ্যোগ উৎপাদনকাৰী সেৱা হ’ব পাৰে অথবা বাণিজ্যিক খণ্ডত হব পাৰে| অ-ব্যক্তিগত উদ্যোগৰ ক্ষেত্ৰত অংশগ্ৰহণকাৰী আৰু নিয়ন্ত্ৰণকাৰী পদত কমেও ৫১% শতাংশ অনুসুচিত জাতি-জনজাতি অথবা মহিলা উদ্যোগী থাকিব লাগিব|

যোগ্যতা:-

. অনুসুচিত জাতি-জনজাতি অথবা মহিলা উদ্যোগী ১৮ বছৰ বয়সৰ বেছি হ’ব লাগিব|

. অকল সেউজীয়া পথাৰ প্ৰকল্পৰ বাবেহে এই আচনিৰ অধীনত ঋন উপলব্ধ হ’ব| এই প্ৰসংগত সেউজ পথাৰৰ তাৎপৰ্য বহন কৰিব হিতাধিকাৰীৰ প্ৰথম উৎপাদন, সেৱা অথবা বাণিজ্য খণ্ডত|

. অ-ব্যক্তিগত উদ্যোগৰ ক্ষেত্ৰত অংশগ্ৰহণকাৰী আৰু নিয়ন্ত্ৰণকাৰী পদৰ ৫১% শতাংশ অনুসুচিত জাতি-জনজাতি অথবা মহিলা উদ্যোগী হব লাগিব|

. মাণ লওতাই কোনো বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ গাফিলতী কৰিব নোৱাৰিব|

ঋনৰ সবিশেষ-

. ঋনৰ প্ৰকৃতি- সংযোগী মাণ (দীৰ্ঘম্যাদি মাণ আৰু কাৰ্যকৰী মাণ) ক্ষেত্ৰত দহ লাখৰ পৰা ১০০ লাখ লৈ|

. ঋনৰ উদ্দেশ্যে- অনুসুচিত জাতি-জনজাতি তথা মহিলা উদ্যোগী সকলক উৎপাদন, সেৱা অথবা বাণিজ্যিক খণ্ডত নতুন উদ্যোগ স্থাপনৰ কাৰণে দিয়া হ’ব|

. ঋনৰ আকৃতি- সংযোগীমান দীৰ্ঘম্যাদি আৰু কাৰ্যকৰী মাণৰ ক্ষেত্ৰত প্ৰকল্পৰ পৰিমাণৰ ৭৫% দিয়া হব বাকী ২৫% শতাংশ ধন ধৰুৱাই নিজে বহন কৰিব লাগিব|

. সুদৰ হাৰ- বেংকৰ নিয়ম অনুসৰি এই ক্ষেত্ৰত (মুল সুদৰ লগত   ( MCLR+৩%+কৃস্তি) নিম্নতম সুদৰ বেছি হব নোৱাৰে|

. বন্ধকী- ষ্টেণ্ড আপ ইণ্ডিয়াৰ ঋনটো এই ক্ষেত্ৰত আনুষংগিক হিচাপে বন্ধকী থাকিব যিটো বেংকে সিদ্ধান্ত লব|

. ঋণ পৰিশোধ- ঋন পৰিশোধৰ সময় ৭ বছৰলৈ থাকিব আৰু ১৮ মাহলৈ মানাহি কৰা হব|

. কাৰ্যকৰী মূলধন- ১০ লাখলৈ ধন উলিয়াব পাৰিব| বেংকত নগদ মান ১০ লাখলৈহে সীমাবদ্ধ থাকিব|ৰোপিয়া ডেবিট কাৰ্ড ধৰোৱাৰ সুবিধাৰ অৰ্থে প্ৰ্দান কৰা হব। ওপৰোক্ত ধন ১০ লাখলৈ লব লগা হলে ধৰুৱাই অনুমোদন লব লাগিব| আৰু নগদ মাণৰ পৰিমাণ বঢ়াই লব লাগিব|

. অংশৰ ধন- এই আঁচনি কেন্দ্ৰীয়/ৰাজ্য চৰকাৰে ২৫ % শতাংশ ৰেহাই দিয়াৰ কাৰণে ব্যৱস্থা লব অথবা সভা অনুষ্ঠিত কৰিব সকলো আচনিৰ বাবে| ধৰুৱাই কমেও প্ৰকল্পৰ ১০% শতাংশ ধন নিজৰ পৰা বহন কৰিব লাগিব|

কেনেকৈ আবেদন কৰিব- এই আচনি অধীনত সকলো বাণিজ্যিক বেংকত আবেদন তিনি ধৰণে কৰিব লাগিব-

. প্ৰতিটো শাখা বেংকৰ

. জিলা প্ৰকল্পৰ জৰিয়তে (LDM)

. www.standupmitra.in webside ৰ জৰিয়তে

লগত দিব লগা নথি-পত্ৰ-

. পৰিচয় প্ৰমাণ পত্ৰ- ভোটাৰ তালিকা প্ৰমাণ পত্ৰ/ পাচপোৰ্ট/ গাড়ী চলোৱা অনুজ্ঞাপত্ৰ/ PAN CARD/ আৰু চলিত বেংকৰ/ মালিক অংশীদাৰ সঞ্চালকৰ (যদি কোম্পানী হয়)

. বাসস্থানৰ প্ৰমাণ- বৰ্তমান টেলিফোনৰ বিল, বিজুলী বিল, খাজনা দিয়া ৰচিদ, আৰু পাচপোৰ্টৰ কপি/ ভোটৰ কাৰ্ড/ মালিক আৰু কোম্পানী সঞ্চালক (যদিহে কোম্পানী হয়)

ব্যৱসায়ৰ ঠিকনাৰ প্ৰমাণ-

. আৱেদনকাৰী বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ লগত গাফিলতি হব নোৱাৰে|

.লেনা দেনা হিচাব আৰু শেহতীয়া কৰ পৰিশোধ কৰা নথিপত্ৰ।

. প্ৰকল্প বেলেঞ্চ ছিট।

. অনুসূচিত জাতি/জনজাতিৰ প্ৰমানপত্ৰ।

কোম্পানীয়ে প্ৰমানপত্ৰ দিব লাগিব যে কোম্পানীৰ ত অধিকাংশ অংশীদায়িত্ব অনুসূচিত জাতি জনজাতি মহিলা।

২)ঋন আৱেদন পত্ৰ জমা দিয়া প্ৰক্ৰিয়া:

  • এই ঋন আৱেদনৰ প্ৰাৰম্ভিক পৰ্য্যায়ত ঋন আৱেদনকাৰীৰ কিছুমান নিদিষ্ট লাগতিয়াল তথ্য বিচৰা হয় যত ৮ৰ পৰা ১০টা মান তলত দিয়া প্ৰশ্ন উত্তৰ দিবলৈ কোৱা হয় পৰ্টেলত।এই তথ্য প্ৰদানৰ ওপৰত ভিত্তি কৰি আৱেদনকাৰীক ইয়াৰ প্ৰতুত্তৰ দিয়া হয়।এইধৰনৰ প্ৰশ্নবোৰ সাধাৰনতে ধাৰোতাক প্ৰাৰম্ভিক পৰ্য্যায়ত বিচৰা হয়-
  • ধাৰোতাৰ বাসস্থান
  • অনুসূচিত জাতি/জনজাতি মহিলা শ্ৰেনী
  • কেনেধৰনৰ ব্যৱসায় পৰিকল্পনা।
  • ব্যৱসায়ীকৰনৰ বাবে এলেকা নিৰ্বাচন।
  • প্ৰকল্প প্ৰস্ততীকৰনত সহায় আৱশ্যকতা।
  • প্ৰয়োজনীয় প্ৰশিক্ষন।
  • সক্ৰিয় বেংক একাউণ্ট সবিশেষ।
  • প্ৰকল্পত নিজৰ মুঠ অৰিহনা।
  • আগতীয়া কোনো অভিজ্ঞতা ব্যৱসায়ীৰ।

এনেবোৰ প্ৰশ্নৰ ওপৰত ভিত্তি কৰি সাধাৰনতে ধাৰোতাক দুই ভাগত ভাগ কৰা হয়।এবিধ হল সাজু ধাৰোতা আৰু এবিধ হল প্ৰশিক্ষন ধাৰোতা।

 

উৎস:https://www.standupmitra.in/

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate