অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সমাজ কল্যাণ:মানৱীয়তাৰে সিক্ত কেতবোৰ অভিলাষী আঁচনি

সমাজ কল্যাণ:মানৱীয়তাৰে সিক্ত কেতবোৰ অভিলাষী আঁচনি

 

সমাজ কল্যাণ বিভাগে মহিলা,শিশু,বিশেষভাৱে সক্ষম ব্যক্তি,জ্যেষ্ঠ নাগৰিককে ধৰি সমাজৰ দুৰ্বল তথা আৰ্তজনৰ সৰ্বাংগীণ কল্যাণৰ কাৰণে বিভিন্ন জনকল্যাণমুখী আঁচনি ৰুপায়ণ কৰি আছে।সমাজৰ সকলো শ্ৰেণীকে সামৰি সমাজ কল্যাণ বিভাগে এই লোকসকলৰ জীৱন ধাৰণৰ মান উন্নীত কৰাৰ অৰ্থে ভালেমান পদক্ষেপ হাতত লৈছে।আমাৰ দেশৰ অগণন শিশু,সন্তান সম্ভৱা আৰু প্ৰসুতি মাতৃ পুষ্টিহীনতাত ভোগাৰ দৃষ্টান্ত আছে।অনাথ শিশু,নি:সহায় পৰিত্যক্তা মহিলা,বিধৱা তথা মানসিক আৰু শাৰীৰিকভাৱে অক্ষম লোকৰ সংখ্যাও একেবাৰে তাকৰ নহয়।চৰকাৰে সংহত শিশু উন্নয়ন সেৱা আঁচনি অভিযান আকাৰে ৰুপায়ণ কৰাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা হাতত লোৱাৰ উপৰি বিদ্যালয়লৈ যোৱাৰ আগতে শিশুসকলৰ বাবে মনোগ্ৰাহী আনন্দ দায়ক শিক্ষা,সংহত শিশু সুৰক্ষা আঁচনি,শিশুৰ অধিকাৰ সুৰক্ষা,বালভৱন,বেটি বচাও বেটি পঢ়াও আদিৰ লেখীয়া আঁচনিও ৰুপায়ণ কৰিছে।তদুপৰি,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত প্ৰত্যেকটো অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম হাতত লৈছে।ভাৰত চৰকাৰৰ নীতি অনুসৰি ৭ লাখ টকাৰ ভিতৰৰ ২ লাখ টকা সংহত শিশু বিকাশ সেৱাৰ আৰু ৫ লাখ টকা এম জি এনৰেগাৰ।সংহত শিশু উন্নয়ন সেৱা আঁচনিখনৰ জৰিয়তে শিশু,গৰ্ভৱতী মহিলা আৰু প্ৰসুতি তথা কিশোৰসকলৰ কল্যাণৰ অৰ্থে পুষ্টিকৰ আহাৰ,স্বাস্থ্য ,শিক্ষা,প্ৰতিষেধক প্ৰদান,প্ৰাক বিদ্যালয় অনানুষ্ঠানিক শিক্ষা আদি অংগনবাড়ী কেন্দ্ৰসমুহে আগবঢ়ায়।শিশুৰ যতন আৰু সুৰক্ষা সমাজ কল্যাণ বিভাগৰ এটা গুৰুত্বপুৰ্ণ দায়িত্ব।তদুপৰি,মানসিকভাৱে বাধাগ্ৰস্ত শিশুসকললৈ এক উদ্যোগীকৃত বৃত্তিমুলক শিক্ষা প্ৰদান কৰাৰ অৰ্থে দুখন উচ্চ শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰিবলৈ লোৱা পদক্ষেপটো সঠিক সময়ত লোৱা এটি উচিত পদক্ষেপ।

ৰাজ্যখনৰ জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ অৰ্থে সমাজ কল্যাণ বিভাগে বয়োজ্যেষ্ঠসকলৰ বাবে স্বাস্থ্য সেৱা আঁচনি ৰুপায়ণ,বৃদ্ধাৱাস স্থাপন,পিতৃ-মাতৃ তথা জ্যেষ্ঠ নাগৰিকৰ পৰিচৰ্যা আৰু কল্যাণ আইন-২০০৭ বলৱৎ কৰাৰ বাবে পদক্ষেপ লেছে।বকোৰ বামুণীগাঁৱত এটা বৃদ্ধাশ্ৰম স্থাপনৰ উপৰি কামৰুপ (মহানগৰ )জিলাৰ সোণাপুৰত নিৰ্মাণ কৰি থকা গৈছে।চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ হিতাৰ্থে ৰাজ্যিক সমিতি আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ গঠন কৰিছে।নতুন চৰকাৰখনে চৰকাৰী,চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান,ৰাজ্যিক-ৰাজহুৱা প্ৰতিষ্ঠান তথা কোম্পানীসমুহৰ যিসকল কৰ্মচাৰী পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে,পিতৃ-মাতৃৰ প্ৰতি দায়বদ্ধতাহীন তেনে কৰ্মচাৰীৰ দৰমহাৰ এটা নিৰ্দিষ্ট অংশ তেওঁলোকৰ অৱহেলিত পিতৃ-মাতৃৰ হাতত অৰ্পণ কৰাৰ যি আইনী প্ৰক্ৰিয়াৰ কথা কৈছে,সেই প্ৰক্ৰিয়াক অভিনৱ আৰু সময়োচিত পদক্ষেপ বুলিয়ে ক’ব লাগিব।অসমৰ বহু ঠাইত গঠন হোৱা জ্যেষ্ঠ নাগৰিক সন্থাসমুহে তেওঁলোকৰ লগতে সমাজৰ আন লোকৰ বাবেও প্ৰশংসনীয় কাম কৰা দেখা গৈছে।

মহিলা সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো আঁচনি ৰুপায়ণ কৰি আছে।এই আঁচনিবোৰ হ’ল-৮ খন জিলাত সবলা,গাৰ্হস্থ্য হিংসাৰ পৰা মহিলা সুৰক্ষা,গোৱালপাৰা আৰু অবিভক্ত কামৰুপ জিলাত আই জি এম এছ ৱাই,বৃত্তিগত প্ৰশিক্ষণ তথা পুনৰ সংস্থাপন কেন্দ্ৰ,ৱান ষ্টপ চেণ্টাৰ ইত্যাদি।মহিলা সবলীকৰণৰ বাবে থকা ৰাষ্ট্ৰীয় মিচনৰ পৃষ্ঠপোষকতাত মহিলা উন্নয়ন পৰিষদৰ অধীনত মহিলাসকলৰ বাবে থকা ৰাজ্যিক সমল কেন্দ্ৰটো সক্ৰিয় কৰি তোলা হৈছে।বিপদত পৰা মহিলাসকলক উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত গুৱাহাটীত ‘ৱান ষ্টপ চেণ্টাৰ’স্থাপন কৰা হৈছে।ৰাজ্য চৰকাৰে মহিলাসকলৰ উন্নয়ন আৰু সবলীকৰণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে।কল্যাণকামী চৰকাৰখনে কন্যা শিশুৰ শিক্ষা,যত্ন তথা সুৰক্ষাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ অৰ্থে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।২০১৫ চনৰ ২৪ জানুৱাৰীত কামৰুপ (মহানগৰ)জিলাৰ সোণাপুৰ উন্নয়ন খণ্ডত প্ৰথম আৰম্ভ কৰাৰ পিছত ‘বেটি বচাও বেটি পঢ়াও’শীৰ্ষক আঁচনিখন ভাৰত চৰকাৰৰ সন্মতি সাপেক্ষে প্ৰথম পৰ্যায়ত ১০ খন অতিৰিক্ত জিলালৈ সম্প্ৰসাৰণ কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিশেষভাৱে সক্ষম লোকসকলৰ কল্যাণ সাধনৰ অৰ্থে চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত কৰ্মসুচী ৰুপায়ণত গুৰুত্ব প্ৰদান কৰিছে।বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰী মহাবিদ্যালয়ত চিকিৎসা বিদ্যা আৰু অভিযন্তাৰ লেখীয়া বৃত্তিমুখী পাঠ্যক্ৰম অধ্যয়নৰ বাবে আগবাঢ়ি আহিবলৈ উৎসাহিত কৰাৰ অৰ্থে চৰকাৰে প্ৰতিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ প্ৰতিমাহে ৩০০০ টকাৰ একক জলপানি প্ৰদান কৰাৰ ব্যৱস্থা হাতত লৈছে।বিশেষভাৱে সক্ষম লোকসকল তথা এনেধৰণৰ সন্তান থকা পৰিয়ালসমুহলৈ নিবনুৱা ভাত্তা আগবঢ়োৱাৰ লগতে জলপানি আৰু পুনৰ সংস্থাপন মঞ্জুৰিও আগবঢ়াইছে।তদুপৰি,জনহিতৈষী চৰকাৰখনে বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰয়োজনীয়তাৰ কথা সহানুভুতিৰে বিবেচনা কৰি বিশেষ বিদ্যালয় স্থাপন কৰাৰ লগতে শ্ৰৱণশক্তিহীন লোকসকলৰ বাবে উত্তৰ লখিমপুৰত বিদ্যালয় আৰু মানসিকভাৱে বাধাগ্ৰস্ত লোকসকলৰ বাবে বকোত গৃহ নিৰ্মাণ কৰিছে।চৰকাৰে এই বিশেষ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকললৈ বিনামুলীয়া কম্পিউটাৰ/লেপটপ প্ৰদান কৰিছে।কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে ইতিমধ্যেই বহু কল্যাণকামী আঁচনি প্ৰৱৰ্তন কৰিছে।দিব্যাংগসকলৰ সৰ্বাংগীণ বিকাশ আৰু কল্যাণৰ বাবে কাহিলিপাৰাত মুকবধিৰ বিদ্যালয়,যোৰহাটত যোৰহাট দৃষ্টিহীন প্ৰতিষ্ঠান আৰু বধিৰসকলৰ বিদ্যালয়,নগাঁৱত দৃষ্টিহীনসকলৰ বাবে আশ্ৰয় কৰ্মশালাৰ উপৰি অসমৰ বিভিন্ন স্থানত ভালেমান স্বেচ্ছাসেৱী সংগঠনে দিব্যাংগসকলৰ কল্যাণাৰ্থে আত্মনিয়োগ কৰি মানৱীয় প্ৰমুল্যৰ উজ্জ্বল চানেকি দাঙি ধৰিছে।

‘গৃহহীনৰ বাবে আশ্ৰয়গৃহ’নামৰ সামাজিক সংস্থা এটাই গৃহহীন লোকসকলৰ কল্যাণ সাধনৰ দিশতো চোৱা-চিতা কৰে।দুৰ্নীতিৰ দৰে সামাজিক ব্যাধিৰ গ্ৰাসৰ পৰা সমাজৰ দুৰ্বল আৰু পিছ পৰা শ্ৰেণীৰ সামাজিক উত্থানৰ সৈতে জঢ়িত সমাজ কল্যাণ বিভাগটোক ক্ষমতালৈ অহাৰে পৰা বিজেপি মিত্ৰজোঁট চৰকাৰখনে নিষ্ঠা,সততা,দায়বদ্ধতা আৰু সংঘবদ্ধ দক্ষতাৰে কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত সফলতাৰ দাবী কৰিব পাৰে।অনাগত দিনবোৰত বিভাগটোৱে জনহিতকৰ আঁচনিবোৰৰ সফল ৰুপায়ণৰ বাবে লোৱা বাস্তৱমুখী পদক্ষেপে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰি নি:স্বাৰ্থ আৰু অক্লান্ত অভিলেখকাৰী মানৱ সেৱা আগবঢ়োৱাৰ অনুপম দৃষ্টান্ত দাঙি ধৰিব বুলি ৰাইজে আশা কৰে।মাতৃ আৰু শিশুসকলৰ লগতে সমাজৰ প্ৰতিজন নাগৰিকেই সুস্বাস্থ্যৰ গৰাকী হ’ব পাৰিলেহে আমাৰ দেশ তথা  ৰাজ্যখনৰ সামাজিক জীৱনো স্বাস্থ্যৱান আৰু গতিশীল হ’বলৈ সক্ষম হ’ব।২০১৬ চনত ক্ষমতালৈ অহা নতুন চৰকাৰখনে অসমৰ সৰ্বোত্তম বিকাশ আৰু জনসাধাৰণৰ সৰ্বাত্মক কল্যাণৰ বাবে সুদক্ষ নেতৃত্ব আৰু উন্নয়নমুখী কৰ্মপন্থাৰে সুচনা কৰিছিল এক অনন্য পৰিক্ৰমা।শাসনাধিষ্ঠিত চৰকাৰখনে হাতত লোৱা সুদুৰপ্ৰসাৰী পদক্ষেপ আৰু অভিলাষী কাৰ্যক্ৰমণিকাৰ ফলপ্ৰসু কাৰ্যকৰীকৰণেৰে ৰাজ্যত সমৃদ্ধি আৰু প্ৰগ্ৰতিৰ দায়বদ্ধতাৰে বিভিন্ন জনকল্যাণমুলক আঁচনি ৰুপায়ণ কৰি ৰাজ্যখনৰ অৰ্থনীতিক অতি কম সময়ৰ ভিতৰতে এক সন্তোষজনক স্থিতি দিয়াৰ লগতে উন্নয়নৰ গতিধাৰা ত্বৰান্বিত কৰি তুলিলে।মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো শ্ৰেণীৰ ৰাইজৰ সৰ্বাংগীণ বিকাশৰ বাবে নিৰন্তৰ উৎসৰ্গিত আৰু সেৱাৰ মনোভাৱেৰে কাম কৰাৰ ফলতে ৰাজ্যখনত উন্নয়নৰ সকলো দিশতে প্ৰাপ্তি আৰু সম্ভাৱনাৰ নতুন দিগন্ত উন্মোচিত হৈছে।প্ৰতিগৰাকী নাগৰিকৰে কল্যাণ সাধনে প্ৰকৃতাৰ্থত সমাজৰ সামগ্ৰিক বিকাশ সম্ভৱ কৰি তোলে।সমাজ কল্যাণ বিভাগে মানসিক,শাৰীৰিক,সামাজিক আৰু অৰ্থনৈতিকভাৱে বাধাগ্ৰস্ত লোকসকলক উপকৃত কৰাৰ বাবে লোৱা জনহিতকৰ আঁচনিসমুহৰ এক মহান মানৱীয় দিশ আছে।এই আঁচনিসমুহ সফল ৰুপায়ণৰ বাবে প্ৰতিজন বিষয়া,কৰ্মচাৰীৰ লগতে সমাজৰ প্ৰতিজন ব্যক্তিৰ সদিচ্ছা আৰু সহযোগৰ উপৰি স্বেচ্ছাসেৱী অনুষ্ঠানবোৰেও এক গুৰুত্বপুৰ্ণ ভুমিকা ল’ব পাৰে।সমাজ কল্যাণ বিভাগটো পুনৰুজ্জীৱিত কৰি ইয়াক সুস্ংঘবদ্ধ কৰাৰ বাবে চৰকাৰে এলানি সংস্কাৰমুলক আঁচনি হাতত লৈছে।নৱজাতকৰ পৰা গৰ্ভৱতী মহিলালৈ,বৃদ্ধ,বিধৱাৰ পৰা দিব্যাংগজনলৈ আগবঢ়োৱা মানৱীয় সেৱা আৰু আশাশুধীয়া প্ৰচেষ্টাই বিভাগটোক ৰাইজৰ মাজত আস্থভাজন কৰি তুলিছে।

লেখক:অবিনাশ বৰ্মন (ৰাইজৰ বাতৰি)

শেহতীয়া উন্নীতকৰণ: : 12/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate