অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বয়ম যোজনা :

স্বয়ম যোজনা :

 

বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০১৭-১৮ বৰ্ষৰ বাজেটত ‘স্বয়ম স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনা’ শীৰ্ষক এক ধ্বজাবাহী আঁচনি ৰূপায়ণৰ কথা উল্লেখ কৰিছিল। উক্ত আঁচনিখনৰ অধীনত প্ৰায় এক লাখ যুৱকক উদ্যোগ তথা বাণিজ্যৰ বাবে বিত্তীয় সাহায্য আগবঢ়োৱা হ’ব। নতুনকৈ আৰম্ভ কৰিব খোজা গোটৰ ক্ষেত্ৰত ঋণৰ পৰিমাণ এক লাখ টকাৰ ক্ষেত্ৰত ঋণৰ পৰিমাণ এক লাখ টকাৰ বিপৰীতে কৰ্মৰত উদ্যোগীক দুই লাখ টকাৰ ঋণ প্ৰদান কৰা হ’ব। যুৱ প্ৰজন্মক বলিষ্ঠ আৰু উদ্বুদ্ধ তথা কৰ্মমুখী কৰিবলৈ এই আঁচনিখন সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰা হ’ব। ৰাজ্য চৰকাৰে উক্ত আঁচনিখনৰ অধীনত ২০ শতাংশ ৰাজ সাহায্য আগবঢ়াব। হিতাধিকাৰীৰ বিনিয়োগ হ’ব প্ৰকল্প ব্যয়ৰ ২৫ শতাংশ আৰু বেংকৰ ঋণ প্ৰকল্প ব্যয়ৰ ৫৫ শতাংশ। উক্ত আঁচনি ৰূপায়ণৰ যোগেদি নৱ প্ৰজন্মৰ উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ সক্ষম হ’ব। যুৱকসকল কৰ্মমুখীও যে হ’ব পাৰিব সেইটো খাটাং। এই স্বয়ম যোজনাৰ বাবে ২০১৮-১৯ বৰ্ষৰ বাজেটত ৩০০ কোটি টকা ধাৰ্য কৰা হৈছে। উক্ত আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ হ’ল যোগ্যতাসমূহ হ’ল- হিতাধিকাৰীৰ বয়স ১৮ বছৰ হোৱাৰ লগতে সপ্তম শ্ৰেণী উত্তীৰ্ণ হোৱাটো জৰুৰী। আঁচনিখনৰ ৰূপায়ণৰ দিশ চালি-জাৰি চোৱাৰ পিছত অনাগত সময়ত আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰাও হ’ব পাৰে।

উক্ত স্বয়ম, স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ যোজনাৰ বিষয়ে বিতংভাৱে জানিবলৈ- উপায়ুক্ত/জি এম, ডিআইচিচিৰ কাৰ্যালয়ত যোগাযোগ কৰক।

ৱেবছাইট: www.industries.assam.gom.in .

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 2/2/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate