মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উল্লেখযোগ্য আঁচনিসমূহ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উল্লেখযোগ্য আঁচনিসমূহ :

হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উল্লেখযোগ্য আঁচনিসমূহৰ বিষয়ে লিখা হৈছে ।

অসমৰ শিপিনীসকলৰ আৰ্থিক সবলীকৰণৰ উদ্দেশ্য আগত ৰাখি তথা তেওঁলোকক অৰ্থনৈতিক দিশত স্বাৱলম্বী কৰাৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে কেইবাখনো আঁচনি ৰূপায়ণ কৰিছে। আঁচনিকেইখনৰ সফল ৰূপায়ণৰ ফলত শিপিনীসকল যথেষ্ট লাভৱান্বিত হৈছে।

আঁচনিকেইখন হ’ল-

সূতা ভঁৰাল -

বয়ন শিল্পীসকলক যথোচিত মূল্যত গুণগত মানৰ সূতা প্ৰদানৰ উদ্দেশ্য জিলাসমূহৰ মুখ্য কাৰ্যালয়ত সূতা ভঁৰাল স্থাপন কৰি থকা হৈছে। অসমৰ শিপিনীকৈ মিলৰ মূল্যতকৈ ২০ শতাংশ ৰেহাই মূল্যত সূতা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনত ইতিমধ্যে ২০ টা সূতাৰ ভঁৰাল স্থাপন কৰা হৈছে আৰু চলিত বিত্তীয় বৰ্ষত বাকীখিনি কাম সম্পূৰ্ণ কৰা হ’ব। নিয়োগৰ সুবিধা সৃষ্টি কৰা, প্ৰতিযোগিতামূলক পৰিৱেশ গঢ় দিয়া আৰু বহনক্ষম অৰ্থনৈতিক উন্নয়নেই এই আঁচনিৰ মূল লক্ষ্য।

শিপিনী মুদ্ৰা আঁচনি -

দেশৰ শিপিনীসকলক আৰ্থিক সহায় আগবঢ়াবলৈ এই আঁচনিৰ জৰিয়তে সহজ প্ৰক্ৰিয়াৰে সুলভ মূল্যত সুতৰ হাৰত লোন প্ৰদানৰ ব্যৱস্থা উপলব্ধ। উক্ত আঁচনিৰ অধীনত শিপিনীসকললৈ সৰ্বোচ্চ ৫ লাখ টকালৈ ৬ শতাংশ সুতৰ হাৰত ঋণ প্ৰদান কৰা হয়।

বয়ন শিল্পীসকললৈ অৰ্থনৈতিক উন্নয়ন -

ৰাজ্যখনৰ সুদক্ষ আৰু দৰিদ্ৰ বয়নশিল্পীসকলৰ বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ লগতে হস্ততাঁত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰাৰ উদ্দেশ্যে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। এই আঁচনিৰ অধীনত বয়ন শিল্পীসকলৰ দক্ষতা বিকাশৰ উপৰি, তেওঁলোকক নতুন তাঁতশাল, কেঁচামাল আদি প্ৰদান কৰা হয়। ২০ গৰাকী শিপিনীৰ একোটাকৈ গোটে উক্ত আঁচনিৰ সুফল লাভ কৰিব পাৰিব।

হস্ততাঁত শিল্প উন্নীতকৰণ প্ৰকল্প -

ৰাজ্যৰ হস্ততাঁত অঞ্চলসমুহৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত প্ৰয়োজনীয় সা-সুবিধা আগবঢ়োৱাৰ উদ্দেশ্য আগত ৰাখি এই প্ৰকল্প প্ৰস্তুত কৰা হৈছে। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি হস্ততাঁত সামগ্ৰীৰ মান উন্নীতকৰণ, আকৰ্ষণীয় ডিজাইনৰ প্ৰয়োগ, সু-পৰিকল্পিত মাৰ্কেটিং আৰু প্ৰচাৰৰ ক্ষেত্ৰত এই প্ৰকল্পটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

বিতংভাৱে জানিবলৈ জিলা/মহকুমা সদৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সৈতে যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

4.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top