মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / হস্ততাঁত আৰু বস্ত্ৰ্শিল্প:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হস্ততাঁত আৰু বস্ত্ৰ্শিল্প:

হস্ততাঁত আৰু বস্ত্ৰ্শিল্পৰ বিষয়ে লিখা হৈছে

 

গ্ৰাম্য অৰ্থনীতিলৈ আশাৰ বতৰা:

 

অসমৰ হস্ততাঁত শিল্পৰ ইতিহাস অতি পুৰণি। সুদূৰ অতীতৰে পৰা অসমীয়া তিৰোতাই শিপিনীৰূপে পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল। হস্ততাঁত আৰু বস্ত্ৰশিল্প আমাৰ সংস্কৃতিক ত্ৰ্তিহ্য আৰু জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। বয়ন শিল্পৰ সু-প্ৰাচীন পৰম্পৰাৰ লগত জড়িত দক্ষ শিপিনীসকলে আজিও এই পৰম্পৰা জীয়াই ৰাখিছে। গ্ৰামাঞ্চলৰ উন্নতি অবিহনে অসমৰ সামগ্ৰিক উন্নতি কেতিয়াও সম্ভৱ নহয়। আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু জাতীয় জীৱনৰ অপৰিহাৰ্য অংগ হস্ততাঁত বয়ন শিল্পই ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি তথা জনজীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অতীতৰে পৰা অসমৰ জনজীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত বস্ত্ৰ শিল্পৰ জৰিয়তে গাঁৱৰ মহিলাসকলে অসমৰ অন্যতম বৃহৎ কুটীৰ শিল্প। উৎপাদিত সামগ্ৰীৰ বাণিজ্যিকীকৰণে বয়ন শিল্পক আজি কৃষিৰ পাছতে সৰ্বাধিক আত্মনিয়োগৰ সুবিধা থকা শিল্প হিচাপে পৰিগণিত কৰিছে। হস্ততাঁত খণ্ডই ২৫ লাখৰো অধিক শিপিনী আৰু সহযোগী কৰ্মীক নিয়োগৰ সুবিধা প্ৰদান কৰাৰ লগতে আন বহুতো লোকে এই শিল্পৰ আনুসংগিক অন্যান্য কৰ্মত পৰোক্ষভাৱে নিয়োজিত হৈ আত্মসংস্থাপনৰ পথ মোকলাই লৈছে। অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ন কৰি আহিছে।

বৰ্তমানৰ চৰকাৰখনৰ লক্ষ্য হ’ল ৰাজ্যখনৰ অৰ্থনীতিক ভিতৰৰ পৰা টনকিয়াল কৰি তোলা। সমাজৰ একেবাৰে নিঃস্বজনৰ মুখতো হাঁহি বিৰিঙোৱাটোৱেই হ’ল চৰকাৰখনৰ প্ৰধান লক্ষ্য। সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৰম্পৰাগত এই শিল্পটোত আধুনিক বৈজ্ঞানিক প্ৰযুক্তিয়েও প্ৰৱেশ কৰিছে। অসমৰ শিপিনীসকলে ৰূপকথা, বিশ্বাস, প্ৰতীকচিহ্ন আৰু কল্পনাৰ নিপুণ সংমিশ্ৰণৰে উৎপাদিত বস্ত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ফলস্বৰূপে কাৰিকৰী কৌশলসমূহৰ প্ৰয়োগে শিপিনীসকলৰ উৎপাদন আৰু উপাৰ্জনৰো আমূল পৰিৱৰ্তন ঘটাইছে। তাঁতশিল্পৰ আধুনিকীকৰণৰ ক্ষেত্ৰত লোৱা বাস্তৱসন্মত কৰ্মব্যৱস্থা, উন্নত প্ৰযুক্তি আৰু উপযুক্ত পুঁজিৰ বিনিয়োগে বাস্তৱসন্মত কাৰ্যব্যৱস্থা, উন্নত প্ৰযুক্তি আৰু উপযুক্ত পুঁজিৰ বিনিয়োগে ঐতিহ্যমণ্ডিত এই বস্ত্ৰ শিল্পক এক নতুন গতিশীলতা প্ৰদান কৰা দেখা গৈছে। পৰম্পৰাগত এই বয়নশিল্পক সমানে আগবঢ়াই নিবলৈ নতুন চৰকাৰখনে ইতিমধ্যে বিভিন্ন পদক্ষেপ হাতত লৈ পৰিৱৰ্তনৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

জাতি, মাটি আৰু ভেটিৰ সুৰক্ষাৰ জৰিয়তে অসমক এখন অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ মানসেৰে বিজেপি নেতৃত্বাধীন ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰে ক্ষমতালৈ অহাৰে পৰা এলানি ফলপ্ৰসূ জনমুখী আঁচনি ৰূপায়ণত আত্মনিয়োগ কৰি আহিছে। যোৱা ৭ আগষ্টত মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ হস্ততাঁত খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে এক নতুন হস্ততাঁত আৰু বস্ত্ৰনীতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।

সাম্প্ৰতিক সময়ৰ বস্ত্ৰ বজাৰৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমাৰ শিপিনীসকলৰ দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব বুলিও মুখ্য মন্ত্ৰীয়ে লগতে উল্লেখ কৰে। নতুন হস্ততাঁত আৰু বস্ত্ৰনীতিৰ বিভিন্ন দিশসমূহৰ বিষয়ত আলোকপাত কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰাজ্যখনৰ পৰ্যটন খণ্ডৰ লগতে অসমীয়া শিপিনীৰ পৰম্পৰাগত বয়ন দক্ষতাই বস্ত্ৰ বজাৰত ৰাজ্যখনৰ বৃহৎ সম্ভাৱনীয়তা বহন কৰিছে। সেয়েহে বৰ্তমান চৰকাৰে সাম্প্ৰতিক সময়ৰ প্ৰযুক্তি ব্যৱহাৰেৰে শিপিনীসকলৰ দক্ষতা বৃদ্ধি কৰি তেওঁলোকৰ উৎপাদিত বস্ত্ৰ অধিক মনোগ্ৰাহী কৰাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ভাৰত চৰকাৰে উপ্ৰতিটো খণ্ড হস্ততাঁত ক্লাষ্টাৰৰ বাবে এগৰাকী ডিজাইনাৰ নিযুক্ত কৰাৰ পদক্ষেপে অসমীয়া শিপিনীৰ বয়ন শিল্পৰ দক্ষতা বৃদ্ধিত বাৰুকৈয়ে সহায় কৰিব বুলি মত পোষণ কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত বয়ন শিল্পক এক অৰ্থকৰী বৃত্তি হিচাপে গ্ৰহণ কৰাৰ বাবে ৰাজ্যখনৰ যুৱক-যুৱতীলৈ আহ্বান জনায়।

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত ভাষণ প্ৰদান কৰি বস্ত্ৰশিল্প দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় টামটাই অসমৰ হস্ততাঁত খণ্ডত উৎপাদিত সামগ্ৰীসমূহৰ আকৰ্ষণীয়তাত সন্তোষ প্ৰকাশ কৰি দেশৰ শিপিনীসকলৰ ভিতৰত ৬৫ শতাংশ শিপিনী অসমত আছে বুলি তেওঁ ভাষণ প্ৰসংগত সদৰী কৰে। সাম্প্ৰতিক সময়ৰ প্ৰয়োজনীয়তাৰ লগত ৰজিতা খোৱাকৈ বিশেষকৈ বিদেশী ৰাষ্ট্ৰসমূহৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পৰম্পৰাগত বয়নশিল্পৰ উন্নীতকৰণত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

চৰকাৰৰ মুদ্ৰা লোন আঁচনিৰ দ্বাৰা দেশৰ প্ৰায় ২৬,৫২৭ গৰাকী শিপিনী উপকৃত হৈছে বুলি উল্লেখ কৰি বৰ্তমানে অসমত ৰূপায়ণ কৰি থকা প্ৰকল্পসমূহৰ উপৰি ৰাজ্যখনত আৰু ৫০০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰা হ’ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়াৰ লগতে অসমৰ এৰী আৰু মুগা উন্নয়নৰ বাবে ৬০০ কোটি টকাত অনুমোদন দিয়া হৈছে বুলিও তেওঁ কয়। উক্ত অনুষ্ঠানত বক্তব্য আগবঢ়াই ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই কয় যে মুগাৰ বাণিজ্যিক অধিকাৰ ইতিমধ্যে লাভ কৰা হৈছে আৰু ১০৮টা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ আৰু ৯৮টা সম্প্ৰসাৰিত কেন্দ্ৰৰ জৰিয়তে শিপিনীসকলৰ দক্ষতাৰ উন্নয়নৰ বাবে দ্ৰুততাৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে শুৱালকুছিৰ হস্ততাঁত উদ্যোগৰ বিকাশৰ বাবে ২০০ কোটি টকাৰ বাজেট ব্যৱস্থা কৰাৰ উপৰি ৰাজ্যখনৰ শিপিনীসকলক ২০ শতাংশ ৰেহাই হাৰত সূতা প্ৰদানৰ বাবে ১০ টা সূতা বেংক স্থাপন কৰা হ’ব। এই সূতা বেংকসমূহ আৰ্টফেডৰ দ্বাৰা পৰিচালনা কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। ৰাজ্যখনৰ মুগাপামসমূহত নতুন গছপুলি ৰোপণ তথা শিপিনীসকলক সাহায্য প্ৰ্দানেৰে মুগাখণ্ডৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাজ্য চৰকাৰে ১০০ কোটি টকা বাজেট ব্যৱস্থাৰে মুগা অভিযান আৰম্ভ কৰিছে বুলিও বিভাগীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত ব্যক্ত কৰে।

হস্ততাঁত হৈছে অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু সেয়েহে এই খণ্ডটোৰ সুৰক্ষা, সামগ্ৰিক বিকাশ আৰু প্ৰসাৰৰ হকে চৰকাৰে অগ্ৰাধিকাৰ ভিত্তত্ত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰাজ্য চৰকাৰে উৎকৃষ্ট মানৰ সাজ-পোছাক তৈয়াৰ কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত এটা সাজ-পোছাক উৎপাদন কেন্দ্ৰ স্থাপন কৰিছে। এই কেন্দ্ৰত উন্নতমানৰ সাজ-পোছাক তৈয়াৰ কৰাৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে।

তদুপৰি, দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে চৰকাৰে ১২০টা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ চলাই আছে, য’ত প্ৰায় ২,৫০০ লোকক বছৰি প্ৰশিক্ষণ দি থকা হৈছে। হস্ততাঁত খণ্ডটোত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰখনে বিশ্বনাথ চাৰিআলিত এখন হস্ততাঁত উদ্যোগ আৰু ফেশ্বন ডিজাইনিং খণ্ডত যুৱক-যুৱতীসকলৰ সামৰ্থ্য বৃদ্ধিৰ বাবে জাগীৰোডত ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠান স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে। তদুপৰি, গ্ৰামোন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰূপায়ণ কৰা হিতাধিকেন্দ্ৰিক আঁচনিবোৰ হিতাধিকাৰীসকলক প্ৰত্যক্ষভাৱে উপকৃত কৰি আহিছে। সোণালী সূতা(মুগা) অসমৰ গৌৰৱ আৰু অসমীয়া জাতিৰ গৌৰৱৰ পৰিচায়ক। শুৱালকুছিৰ পাট-মুগাৰ কাপোৰৰ চাহিদা কেৱল অসমতে সীমাবদ্ধ নহয়।

ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰ অন্য দেশলৈকো এই বস্ত্ৰ শিল্পৰ জনপ্ৰিয়তা বিয়পি পৰিছে। শুৱালকুছিক সেয়ে ‘অসমৰ মানচেষ্টাৰ’ বুলি কোৱা হয়। ১৯৪৬ চনত মহাত্মা গান্ধী যেতিয়া শুৱালকুছিত উপস্থিত হৈছিল, তেতিয়া শুৱালকুছিত শিপিনীসকলে তৈয়াৰ কৰা ‘ছাঁতে শুকুৱা, মুঠিতে লুকুৱা’ বস্ত্ৰ দেখি অভিভূত হৈছিল আৰু ইয়াৰ শিপিনীসকলৰ ভূয়সী প্ৰশংসা কৰিছিল। ছাঁতে শুকুৱা, মুঠিতে লুকুৱা পাট-মুগাৰ সাজে এসময়ত ভাৰতৰ বিভিন্ন ঠাইত আলোড়নৰ সৃষ্টি কৰিছিল। অসমৰ জীয়ৰী-বোৱাৰী বয়ন শিল্পত এনে কাজী আছিল যে ৰাতিৰ ভিতৰতে কপাহ নেওঠি, সূতা কাটি কাপোৰ তৈয়াৰ কৰি উলিয়াই পিছদিনা পুৱা পো-নাতিক সেই কাপোৰ পিন্ধাই যুদ্ধক্ষেত্ৰলৈ পঠোৱা কাৰ্যত অসমীয়া শিপিনীৰ বয়ন শিল্পৰ নৈপুণ্য প্ৰকাশ পাইছিল।

অসমীয়া শিপিনীয়ে কাপোৰত তোলা ভমকাফুলীয়া ফুলৰ চানেকি দেখি মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল- ‘অসমীয়া শিপিনীয়ে পৰীৰ সাধু ৰচনা কৰে’। অসমীয়া পাট, মেজাংকৰী, কিংখাপে ভাৰতৰ আন প্ৰান্তৰ জীৱ্যৰী-বোৱাৰীসকলক চমক লগাইছিল। অৱহমান কালৰ পৰাই বয়ন শিল্পত ভাৰত বিখ্যাত আছিল। জাতীয় সাজপাৰত জাতিৰ চিনাকি প্ৰতিফলিত হয়। অসমীয়া পৰম্পৰাগত জাতীয় পোছাকে জাতিটোৰ শালীনতা আৰু ৰুচিবোধ বহন কৰে। এৰী, মুগা, পাট পলু পোহা, সূতা কটা আৰু কাপোৰ বোৱা অসমীয়া জাতীয় জীৱনৰ বিশেষকৈ গ্ৰাম্য জীৱনৰ এক সহজাত প্ৰবৃত্তি। অসমৰ গ্ৰাম্য সমাজৰ মহিলাসকলে হস্ততাঁত শিল্পৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে।

এই বস্ত্ৰশিল্পই অসমৰ আৰ্থ-সামাজিক দিশত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত জনপ্ৰিয়তা আৰু আকৰ্ষণ বৃদ্ধি পাই অহা কৃষিভিত্তিক শিল্পটিৰ সামগ্ৰিক উন্নতিৰ ফলত যে অসমৰ গ্ৰাম্য জীৱনৰ অৰ্থনৈতিক বুনিয়াদ টনকিয়াল কৰি তোলাত যথেষ্ট সহায়ক হ’ব তাত সন্দেহ নাই।

সেয়ে এই খণ্ডটোৰ লগত জড়িতসকলৰ সৰ্বাংগীণ কল্যাণৰ বাবে পৰিৱৰ্তনকামী নতুন চৰকাৰখনে বিভিন্ন সময়োচিত কল্যাণকামী আঁচনি হাতত লৈছে। চৰকাৰে লোৱে আঁচনিবোৰ সততা আৰু নিষ্ঠাৰে যথাযথভাৱে ৰূপায়িত হ’লে অসমে এইক্ষেত্ৰত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি দেশৰ ভিতৰতে এক বিৰল দৃষ্টান্ত দাঙি ধৰাৰ লগতে এখন সমৃদ্ধিশালী স্বয়ংসম্পূৰ্ণ ৰাজ্য হোৱাৰ পিনে নিশ্চিতভাৱে আগুৱাই যাব।

উৎস: ৰাইজৰ বাতৰি(অবিনাশ বৰ্মন)

3.14285714286
ভাস্কৰ ডেকা Apr 04, 2019 07:07 PM

নমস্কাৰ মই এটা সৰু সংগঠনৰ সম্পাদক
মই বিচাৰো অসমৰ প্ৰতিখন গাওঁত বস্ত তাতঁ নিৰ্মাণ কৰা । আমি এনে এটা পদক্ষেপ লৱলৈ আগবাঢ়িছো । আপোনালোকৰ ওচৰত এনে সুবিধা আছে নেকী কম খৰচত উন্নতৰ মানৰ সূতা ক্ৰয় কৰিৱ পৰা। যদি এনে সুবিধা আছে আমাক জনাৱ
*****@gmail.com

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top