অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃৎ পিণ্ডৰ জন্মগত ৰোগৰ চিকিৎসা আঁচনি

হৃৎ পিণ্ডৰ জন্মগত ৰোগৰ চিকিৎসা আঁচনি

 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখন শাসনলৈ অহাৰ পিছৰে পৰা স্বাস্থ্যখণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে।আজিকালি চৰকাৰী চিকিৎসালয়সমুহত প্ৰায় সকলো ধৰণৰ চিকিৎসাই প্ৰদান কৰা হয় অতি কম খৰচতে।কিছু কিছু ৰোগৰ ক্ষেত্ৰত সম্পুৰ্ণ বিনামুলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয়।বৰ্তমান সচৰাচৰ নহ’লেও কিছু সংখ্যক শিশুৰ মাজত দেখা দিয়া এক জটিল ৰোগ হৈছে হৃৎপিণ্ডৰ জন্মগত বিসংগতি (Congenital Heart Disease)।এই ৰোগটো হ’ল নৱজাত শিশুৰ হৃৎপিণ্ড অথবা ৰক্ত পৰিবাহী শিৰা আৰু ধমনীৰ এক বিসংগতিপুৰ্ণ গঠন বা সৰল অৰ্থত ক’বলৈ গ’লে হৃৎপিণ্ডৰ ভিতৰফালে থকা ছিদ্ৰ বা ফুটা।এনে ধৰণৰ বিসংগতি লৈ জন্মগ্ৰহণ কৰা শিশুৰ হৃৎপিণ্ডৰে তেজ চলাচল কৰিব নোৱাৰে।কেতিয়াবা অস্বাভাৱিক ৰক্ত সঞ্চালনো হোৱা দেখা যায়।প্ৰতি বছৰে এনেধৰণৰ বিসংগতি লৈ বহু শিশুৱে জন্মগ্ৰহণ কৰে।এই ৰোগৰ চিকিৎসা পদ্ধতি বহু ব্যয়বহুল।দুখীয়া শ্ৰেণীৰ লোকসকলৰ শিশু এই ৰোগত আক্ৰান্ত হ’লে তেওঁলোক বহু অসুবিধাৰ সন্মুখীন হয়।কাৰণ ৰোগৰ চিকিৎসা পদ্ধতি ব্যয়বহুল হোৱা হেতুকে সকলোৰে বাবে চিকিৎসা ব্যয় সম্ভৱ নহয়।যাৰ ফলত পৰিয়ালটো মানসিক হতাশাত ভোগে।ৰাজ্য চৰকাৰে এনে ধৰণৰ বিসংগতি লৈ জন্মগ্ৰহণ কৰা শিশুসকলৰ চিকিৎসাৰ ক্ষেত্ৰত এক কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে।এই আঁচনিৰ অধীনত হৃৎপিণ্ডৰ জন্মগত বিসংগতি লৈ জন্মগ্ৰহণ কৰা শিশুসকলক (০-১৪ বছৰ বয়সৰ)চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হয়।বাংগালুৰ আৰু কলকাতাত অৱস্থিত নাৰায়ণ হৃদয়ালয় হস্পিতালত অসমৰ হৃৎপিণ্ডৰ জন্মগত বিসংগতি ( Congenital Heart Disease)ত আক্ৰান্ত শিশুসকলৰ চিকিৎসা প্ৰদান কৰাৰ উদেশ্যে ৰাজ্য চৰকাৰে এই কল্যাণকামী আঁচনিখন গ্ৰহণ কৰিছে।ইতিমধ্যে ৫,০০০ তকৈ অধিক শিশুৱে উক্ত আঁচনিৰ সুবিধা গ্ৰহণ কৰি চিকিৎসা কৰিছে।উক্ত আঁচনিৰ অধীনত কলকাতা/বাংগালুৰুলৈ অহা-যোৱা কৰাৰ বাবে আক্ৰান্ত শিশু আৰু এজন অভিভাৱকৰ বিমানৰ খৰচ,নাৰায়ণ হৃদয়ালয় (কলকাতা আৰু বাংগালুৰু)ত চিকিৎসা প্ৰদানৰ সম্পুৰ্ণ খৰচ আৰু আক্ৰান্ত শিশু আৰু এজন অভিভাৱকৰ চিকিৎসাকালীন থকা-খোৱাৰ খৰচসমুহ চৰকাৰীভাৱে বহন কৰা হয়।এনে ধৰণৰ কল্যাণকামী স্বাস্থ্য সম্পৰ্কীয় আঁচনিৰ যোগেদি দুখীয়া শ্ৰেণীৰ লোকসকল যথেষ্ট উপকৃত হয়।ইয়াৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পঞ্জীয়ন হৈ থকা ৰোগীসকলক নিজ নিজ বাস কৰা অঞ্চলৰ চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।নাৰায়ণ হৃদয়ালয়ৰ বিশেষজ্ঞ চিকিৎসকসকলে স্বাস্থ্য পৰীক্ষা কৰে।পৰীক্ষাত ৰোগ চিনাক্ত হ’লে চিকিৎসাসেৱাৰ বাবে প্ৰেৰণ কৰে।সঁচা অৰ্থত ক’বলৈ গ’লে এনে ধৰণৰ আঁচনিয়ে আক্ৰান্ত শিশু আৰু পৰিয়ালবৰ্গলৈ হাঁহি বিৰিঙাব পাৰে।

অধিক তথ্যৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ বিষয়াবৰ্গৰ লগত যোগাযোগ কৰক-Head Office:Office of the Mission Director,National Health Mission (NHM),Assam,Saikia Commercial Complex,Srinagar Path,Christianbasti G.S.Road,Guwahati-781005.

উৎস:ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate