মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / ৬ কোটি গ্ৰামীণ পৰিয়ালক সামৰি প্ৰধান মন্ত্ৰীৰ ডিজিটেল সাক্ষৰতা অভিযান:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

৬ কোটি গ্ৰামীণ পৰিয়ালক সামৰি প্ৰধান মন্ত্ৰীৰ ডিজিটেল সাক্ষৰতা অভিযান:

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন অন্যতম অভিলাষী আঁচনি প্ৰধান মন্ত্ৰী ডিজিটেল সাক্ষৰতা অভিযান। দেশৰ ৬ কোটি গ্ৰামীণ পৰিয়ালক ডিজিটেল শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে এই আঁচনি গ্ৰহণ কৰা হৈছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি এই ডিজিটেল সাক্ষৰতা অভিযান আৰম্ভ কৰা হৈছে। ২০১৯ বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত এই আঁচনি ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তাৰ বাবে ২,৩৫১.৩৮ কোটি টকা ধাৰ্য কৰা হৈছে। নগদবিহীন লেনদেনৰ ধাৰণাটোক আগবঢ়াই নিবলৈ ডিজিটেল পদ্ধতিৰে লেনদেন কৰাৰ কৌশল সম্পৰ্কে গ্ৰামীণ লোকসকলক শিক্ষিত কৰি তোলাৰ বাবে গ্ৰহণ কৰা হৈছে এই আঁচনি আৰু এই ক্ষেত্ৰত প্ৰধান মন্ত্ৰী গ্ৰামীণ ডিজিটেল সাক্ষৰতা অভিযান হ’ব বিশ্বৰ সৰ্ববৃহৎ কাৰ্যসূচী।

এই আঁচনি ২০১৭-১৮ বিত্তীয় বৰ্ষত ২৭৫ গঞাক ডিজিটেল পদ্ধতিৰে লেনদেন সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। ২০১৮-১৯ বিত্তীয় বৰ্ষৰ চএই লক্ষ্য ৩ কোটিলৈ বঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে। ভৌগোলিকভাৱে বিচিত্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকক এই আঁচনিৰে সামৰি লোৱাৰ উদ্দেশ্যে দেশৰ ২,৫০,০০০ গাঁও পঞ্চায়তৰ প্ৰত্যেকৰ পৰা এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে ২০০ৰ পৰা ৩০০ জনকৈ প্ৰাৰ্থীৰ নাম আশা কৰা হৈছে। ইতিমধ্যে ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াৰ সৰ্বস্তৰতে নিশ্চিতভাৱে তথ্য-প্ৰযুক্তিৰ প্ৰয়োগ সম্ভৱ কৰি তোলাৰ বাবে যি ডিজিটেল ইণ্ডিয়াৰ ধাৰণা কৰা হৈছে তাক সফল কৰি তুলিবলৈ তৃণমূল পৰ্যায়ৰ পৰাই সকলো লোককে ডিজিটেল পদ্ধতিৰ সৈতে চিনাকি কৰি দি গাঁওবাসীক সাধাৰণ জীৱণযাত্ৰাত প্ৰয়োজনীয় কাম-কাজখিনি সম্পন্ন কৰিব পৰাকৈ ব্যৱহাৰিক জ্ঞান প্ৰদানৰ বাবে এই প্ৰয়াস কৰা হৈছে।

ডিজিটেল পদ্ধতিৰ লেনদেন সম্পৰ্কীয় প্ৰশিক্ষণত কম্পিউটাৰ/ডিজিটেল ডিভাইচ যেনে টেবলেট, স্মাৰ্ট ফোন ইত্যাদিৰ মাধ্যমত গাওঁবাসীয়ে কিদৰে প্ৰয়োজনীয় কামকাজখিনি কৰিব পাৰে তাৰ বাবে তেওঁলোকক হাতে-কামে শিক্ষা দিয়া হ’ব। এনে শিক্ষা লাভ কৰি তেওঁলোকে ই-মেইল প্ৰেৰণ আৰু গ্ৰহণ ইন্টাৰনেটৰ ব্যৱহাৰ, চৰকাৰী সেৱাসমূহ আহৰণ কৰা, তথ্য বিচৰা, নগদবিহীন লেনদেন ইত্যাদিৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে নিজাববীয়াকৈ অংশগ্ৰহণ কৰিব পাৰিব বুলি আশা কৰা হৈছে। বিভিন্ন ৰাজ্যৰ দায়িত্বশীল অভিকৰণ জিলা ই-গৱৰ্নেন্স ছ’চাইটীৰ সক্ৰিয় সহযোগত কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় এই আঁচনি কাৰ্যকৰীকৰণ তথা তত্ত্বাৱধানৰ দায়িত্বত আছে।

উৎস: ৰাইজৰ বাতৰি

2.85
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top