অসম চৰকাৰে গ্ৰামাঞ্চলৰ সৰ্বাধিক উন্নয়নৰ বাবে ‘মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ শীৰ্ষক এক বৃহৎ আঁচনি ৰূপয়ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্য দৰ্শনৰ লগত সংগতি ৰাখি কৃষকসকলৰ আয় দুগুণ কৰাই এই আঁচনিখনৰ মুখ্য উদ্দেশ্য। উক্ত আঁচনিৰ অধীনত অসমৰ ২৬,০০০ খন গাঁৱলৈ ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ যোগান ধৰিব ৰাজ্য চৰকাৰে। মূলতঃ কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে কৃষকৰ উৎপাদন দুগুণ কৰাৰ লক্ষ্যৰে ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰসমূহ প্ৰদান কৰা হ’ব। ৰাজ্য চৰকাৰে প্ৰতিখন ট্ৰেক্টৰত ৭০ শতাংশ ৰাজ সাহায্য প্ৰদান কৰিব। ইয়াৰ বিপৰীতে ২০ শতাংশ বেংকৰ জৰিয়তে কম সূতত ঋণ লাভ কৰিব। হিতাধিকাৰীসকলে ১০ শতাংশ ধন আদায় দিব লাগিব। এই ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ লাভ কৰিবলৈ হ’লে প্ৰতিখন গাঁৱতে ৮-১০ জনীয়া সদস্যৰে কৃষকৰ গোট গঠন কৰি বেংকত যুটীয়াভাৱে একাউন্ট খুলি আৱেদন কৰিব পাৰিব। গোটসমূহে কৃষকক ট্ৰেক্টৰসমূহ ভাৰাত যোগান ধৰিব। ট্ৰেক্টৰসমূহ কেৱল কৃষি কাৰ্যতহে ব্যৱহাৰ কৰিব পাৰিব। জিলা পৰ্যায়ৰ সমিতিয়ে গোটসমূহ ইতিমধ্যে বিগত বৰ্ষৰ ১০ ডিচেম্বৰত এই ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ কিছুসংখ্যক কৃষকৰ মাজত বিতৰণ কৰা হৈছে। মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনৰ ৰাজ সাহায্যৰ ট্ৰেক্টৰ পাবলৈ হ’লে ইচ্ছুক কৃষক গোটসমূহে ১৫ জুলাইৰ পূৰ্বে জিলা কৃষি বিষয়াৰ ওচৰত আৱেদন কৰিব পাৰে। আৱেদন পত্ৰৰ বাবে চাওক- www.mmscmsguy.assam.gov.in অথবা জিলা কৃষি বিষয়া কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে।
উৎস: ৰাইজৰ বাতৰি
শেহতীয়া উন্নীতকৰণ: : 2/14/2023