মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / ৰাজ্য চৰকাৰৰ জলপানি আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাজ্য চৰকাৰৰ জলপানি আঁচনি :

ৰাজ্য চৰকাৰৰ জলপানি আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন শাসনলৈ অহাৰ পৰাই ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হোৱাকৈ বিভিন্ন কল্যাণকামী আঁচনি গ্ৰহণ কৰি আহিছে। ৰাজ্যখনত বসবাস কৰ সকলো ধৰ্মাৱলম্বী লোকক লৈ চৰকাৰখনে সকলোৰে বিকাশৰ বাবে আঁচনি ৰূপায়ণ কৰি আহিছে। ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ বিকাশৰ কাৰণেও চৰকাৰখনে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ উপৰি বিশেষ জলপানিৰ ৱ্যৱস্থা কৰিছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেনী কল্যাণ বিভাগে এখন জলপানি আঁচনি ৰূপায়ণ কৰিছে। উক্ত জলপানি আঁচনিৰ অধীনত অনুসূচিত জাতিৰ যিসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় ৫০ হাজাৰ টকা তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পূৰ্বৰ জলপানি হিচাপে প্ৰথম-পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ৩০০ টকা আৰু ষষ্ঠ-অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ৪৮০ টকা জলপানি প্ৰদান কৰা হ’ব। অনুসূচিত জাতি(বছৰি আয় ২ লাখ টকা)ৰ লোকসকলৰ ছাত্ৰ-ছাত্ৰীক নৱম-দশম শ্ৰেণীৰ দৈনিক বৃত্তি হিচাপে ২২৫০ টকা আৰু নৱম-দশমমানৰ হোষ্টেলৰ আৱাসীক ৪৫০০ টকা জলপানি প্ৰদান কৰা হ’ব। আনহাতে অন্যান্য পিছপৰা শ্ৰেণীৰ(বছৰি আয় ২.৫০ লাখ টকা) প্ৰথম-দশমমানৰ হোষ্টেলৰ আৱাসীক ৫৫০০ টকা জলপানি প্ৰদান কৰা হ’ব। ঠিক তেনেদৰে অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছৰ জলপানি যিসকলৰ বাৰ্ষিক আয় ২.৫০ লাখ টকা।

 

গোট ভাত্তা

মাহিলি পৰিচালনাৰ হোষ্টেলত আৱাসী

ভাত্তা দৈনিক বৃত্তি

মাচুল সৰ্বাধিক(বছৰ)

গোট ১

১২০০

৫৫০

২৫০০০

গোট ২

৮২০

৫৩০

২০০০০

গোট ৩

৫৭০

৩০০

১৫০০০

গোট ৪

৩৮০

২৩০

১০০০০

 

অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষৰ পাছৰ জলপানি যিসকলৰ বাৰ্ষিক আয় ২.৫০ লাখ টকা।

গোট মাহিলি পৰিচালনাৰ ভাত্তা -

 

গোট(বছৰি)

মাহিলি পৰিচালনাৰ হোষ্টেলত আৱাসী

ভাত্তা দৈনিক বৃত্তি

মাচুল সৰ্বাধিক

গোট ১

৭৫০

৩৫০

২৫০০০

গোট ২

৫১০

৩২৫

২০০০০

গোট ৩

৪০০

২১০

১৫০০০

গোট ৪

২৬০

১৬০

১০০০০

 

আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিবলৈ লগ অন কৰক wptbc.assam.gov.in ।

উৎস: ৰাইজৰ বাতৰি

2.42857142857
লোকজিত দাস Dec 17, 2018 08:14 PM

ধন্যবাদ

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top