মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / ৰাজ্যখনৰ যুৱ উদ্যোগীৰ বাবে সাৰথি আঁচনি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাজ্যখনৰ যুৱ উদ্যোগীৰ বাবে সাৰথি আঁচনি

ৰাজ্যখনৰ যুৱ উদ্যোগীৰ বাবে সাৰথি আঁচনিৰ বিষয়ে লিখা হৈছে

 

বৰ্তমান প্ৰতিযোগিতাৰ যুগত সকলো যুৱক-যুৱতীয়ে এটা উচিত পথ বাছি লৈ ফেৰ মাৰিব পৰাকৈ আগবাঢ়িব লাগিব।নিবনুৱা সমস্যাই গা কৰি উঠা ৰাজ্যখনক উন্নতিৰ দিশলৈ আগবঢ়াই নিবলৈ হ’লে এই নিবনুৱা সমস্যা আঁতৰ কৰাৰ প্ৰয়াস কৰিবই লাগিব।মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নিবনুৱা সমস্যা সমাধানৰ বাবে ৰাজ্যখনৰ যুৱক-যুৱতী,ক্ষুদ্ৰ উদ্যোগী,যুৱ উদ্যোগীসকলৰ বাবে কেইবাখনো আঁচনি ৰুপায়ণ কৰিছে,যাৰ জৰিয়তে তেওঁলোক কৰ্মমুখী হ’ব পাৰে।শেহতীয়াকৈ ৰাজ্য চৰকাৰে মুখ্য মন্ত্ৰীৰ ষ্টাৰ্ট আপ আছাম কাৰ্যসুচীৰ অধীনত ৰাজ্যখনৰ যুৱ উদ্যোগীসকলক উদ্যোগ স্থাপনৰ বিত্তীয় সাহায্য প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি সাৰথি শীৰ্ষক এক নতুন আঁচনি ৰাজ্যখনত ৰুপায়ণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।উক্ত আঁচনিৰ অধীনত সৃজনীশীল উদ্যোগ স্থাপন কৰাৰ বাবে যুৱ উদ্যোগী তথা নতুনকৈ উদ্যোগ স্থাপন কৰি কৰ্মসংস্থাপিত হ’বলৈ মন মেলা গোটসমুহক অসম গ্ৰামীণ বিকাশ বেংকৰ জৰিয়তে ঋণ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।উক্ত ঋণৰ বিপৰীতে সুদৰ ক্ষেত্ৰত বাৰ্ষিক ৫ শতাংশ ৰাজ সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে।যিসকল উদ্যোগীয়ে দক্ষতা বিভাগৰ প্ৰশিক্ষণ সফলতাৰে সম্পুৰ্ণ কৰিছে তেওঁলোকক ঋণ প্ৰদানৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব।উদ্যোগ স্থাপন কৰিবলৈ বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।কাৰণ মুলধনৰ অভাৱ।এই উদ্দেশ্যে ৰাজ্য চৰকাৰে যুৱ উদ্যোগীসকলক সকাহ প্ৰদান কৰাৰ লক্ষ্যৰে উক্ত আঁচনিখন ৰুপায়ণ কৰিছে যাতে উদ্যোগীসকলে বেংকৰ জৰিয়তে ৰাজ সাহায্যযুক্ত ঋণৰ সুবিধা লাভ কৰিব পাৰে।উল্লেখযোগ্য যে উক্ত ‘সাৰথি আঁচনিখন’ৰুপায়ণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে অসম গ্ৰামীণ বিকাশ বেংকৰ লগত এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে।এই আঁচনিৰ অধীনত প্ৰাৰম্ভিক পুঁজি হিচাপে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ বাবে ১০ কোটি টকাৰ আবণ্টন দিয়া হৈছে।মুখ্য মন্ত্ৰীৰ ষ্টাৰ্ট আপ ফাণ্ডৰ ‘সাৰথি’আঁচনিৰ বাবে বিতংভাৱে জানিবলৈ তলৰ ঠিকনাত যোগাযোগ কৰক।

অসম উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্তৰ কাৰ্যালয় বামুণীমৈদাম,গুৱাহাটী-২১

অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা কাৰ্যালয়।

উৎস :ৰাইজৰ বাতৰি

3.19047619048
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top