অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাজ্যত কাৰ্যকৰী হ’ব অনুকম্পামুলক পৰিয়াল পেঞ্চন আঁচনি

ৰাজ্য চৰকাৰে বলৱৎ কৰিব অনুকম্পামুলক পৰিয়াল পেঞ্চন আঁচনি।ৰাজ্যৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা বাজেট ভাষণত ঘোষণা কৰা অনুসৰি ৰাজ্য চৰকাৰে অনুকম্পামুলক নিযুক্তিৰ পৰিৱৰ্তে কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা প্ৰতিগৰাকী ৰাজ্যিক কৰ্মচাৰীৰ দুৰ্ভগীয়া পৰিয়ালটোক উপকৃত কৰাৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে অনুকম্পামুলক পৰিয়াল পেঞ্চন আঁচনি।চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰৱৰ্তন কৰিব বিচৰা এই আঁচনিখন বিত্ত বিভাগে কৰ্মচাৰী সমাজৰ লগতে নাগৰিক সমাজৰ পৰা মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰি প্ৰৱৰ্তন কৰিব।যোৱা ২০ আগষ্টত জনতা ভৱনত আয়োজিত এক সংবাদমেলযোগে বিত্তমন্ত্ৰীগৰাকীয়ে এই আঁচনিখনৰ বিষয়ে সদৰী কৰে।মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ অনুকম্পামুলক নিযুক্তি আঁচনিয়ে যিহেতু বিভিন্ন কাৰণত চাকৰি কালতেই মৃত্যুবৰণ কৰা ব্যক্তিৰ পৰিয়ালৰ লোকক সামৰি ল’ব পৰা নাই,সেয়েহে চৰকাৰে অনুকম্পামুলক পৰিয়াল পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিবলৈ ওলাইছে।এই আঁচনি অনুসৰি চাকৰি কালত মৃত্যুবৰণ কৰা কৰ্মচাৰীৰ পৰিয়ালে এতিয়াৰে পৰা কৰ্মচাৰীগৰাকীৰ মৃত্যুৰ পিছতো জীৱিত কৰ্মচাৰীৰ দৰে তেওঁৰ অৱসৰৰ দিনটোলৈ দা-দৰমহা লাভ কৰিব।জীৱিত কৰ্মচাৰীৰ দৰে এইসকল কৰ্মচাৰীৰ পৰিয়ালেও বৰ্ধিত হাৰত মৰগীয়া বানচ দৰমহা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত সময়ে সময়ে বৰ্ধিত লাভকে ধৰি অন্যান্য সকলো সুবিধা লাভ কৰিব।ইয়াৰ ফলত কাৰ্যকালত এগৰাকী কৰ্মচাৰীৰ মৃত্যু হ’লে পৰিয়ালটোৰ যি আৰ্থিক সমস্যা আহি পৰে তাৰ অৱসান ঘটিব।চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা এই নতুন আঁচনিখন কাৰ্যকৰী হ’ব যদিও আনুষ্ঠানিকভাৱে আঁচনিখন আৰম্ভ হোৱাৰ মাজৰ সময়ছোৱাত মৃত্যুবৰণ কৰা চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালৰ লোকে নিজ পচন্দ অনুসৰি অনুকম্পামুলক নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব,কিন্তু আঁচনি আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ পিছত অনুকম্পামুলক নিযুক্তিৰ ব্যৱস্থা নাথাকিব।মন্ত্ৰীগৰাকীয়ে কয় যে ৩১ মাৰ্চৰ পুৰ্বে মৃত্যুবৰণ কৰা কৰ্মচাৰীৰ পৰিয়ালৰ ক্ষেত্ৰত অনুকম্পামুলক নিযুক্তিৰ প্ৰক্ৰিয়া বাহাল থাকিব।মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় কৰ্মচাৰীৰ ক্ষেত্ৰত মৃত্যুৰ সময়ত কৰ্মচাৰীগৰাকীয়ে লাভ কৰা নিৰিখৰ দৰমহাই পৰিয়ালে পৰৱৰ্তী পৰ্যায়ত লাভ কৰে।কিন্তু ৰাজ্য চৰকাৰে সেই সকল কৰ্মচাৰীৰ পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰি জীৱিত কৰ্মচাৰীৰ দৰে তেওঁলোকৰ পৰিয়ালৰ দা-দৰমহা আৰু অন্যান্য সা-সুবিধা আগবঢ়াব।মৃত কৰ্মচাৰীগৰাকীৰ ৬৭ বছৰ বয়সলৈ পৰিয়ালে অনুকম্পামুলক পেঞ্চনৰ ৫০ শতাংশ লাভ কৰিব।৭ বছৰৰ পিছত সেই পেঞ্চন ৩০ শতাংশ লাভ কৰিব।কোনো কৰ্মচাৰীয়ে যদি স্বেচ্ছামুলক অৱসৰ গ্ৰহণ কৰে বা চাকৰিৰ পৰা পদত্যাগ কৰে,তেন্তে কৰ্মচাৰীজনৰ পৰিয়ালৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য নহ’ব।সংবাদমেলখনত মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে এই নতুন আঁচনি অনুসৰি অনুকম্পামুলক পেঞ্চন লাভ কৰা কোনো মহিলাই যদি পুনৰ বিবাহত বহে তেতিয়াহ’লে মৃত কৰ্মচাৰীগৰাকীৰ নামত দি অহা দৰমহা কৰ্মচাৰীগৰাকীৰ পিতৃ-মাতৃলৈ পৰিৱৰ্তন কৰা হ’ব।সেইদৰে মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত তেওঁৰ মৃত্যুৰ পাছত পেঞ্চন তেওঁৰ স্বামীয়ে লাভ কৰিব।অবিবাহিতা নাৰীৰ ক্ষেত্ৰত পৰিয়াল পেঞ্চন তেওঁৰ পিতৃ-মাতৃয়ে লাভ কৰিব।

পিতৃ-মাতৃক অৱজ্ঞা কৰিলে শাস্তি পাব চৰকাৰী কৰ্মচাৰীয়ে

ৰাজ্য চৰকাৰে বৃদ্ধ পিতৃ-মাতৃৰ লগতে দিব্যাংগ ভায়েক-ভনীয়েকসকলক যাতে চৰকাৰী কৰ্মচাৰীসকলে চোৱা-চিতা কৰিবলৈ বাধ্য হয়,তাৰ বাবে অহা ৪ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনত এখন বিধেয়ক উত্থাপন কৰিব।যোৱা ২০ আগষ্টত এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।মন্ত্ৰীগৰাকীয়ে কয় যে আছাম এমপ্লায়িজ পেৰেণ্টেল ৰেছপনছিবিলিটী নৰ্মছ ফৰ একাউণ্টেবিলিটী এণ্ড মনিটৰিং এক্ট বিধানসভাত গৃহীত হ’লেই চৰকাৰী কৰ্মচাৰীসকলে পিতৃ-মাতৃ তথা তেওঁলোকৰ দিব্যাংগ ককায়েক-ভায়েক,বায়েক-ভনীয়েকক চোৱা চিতা কৰিবলৈ বাধ্য হ’ব।এনেধৰণৰ আইন প্ৰৱৰ্তন কৰিবলৈ ওলোৱা অসম দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।মন্ত্ৰীগৰাকীয়ে কয় যে যিসকল কৰ্মচাৰীয়ে তেওঁলোকৰ কোনো উপাৰ্জন নথকা পিতৃ-মাতৃ,দিব্যাংগ ভায়েক-ভনীয়েকক চোৱা-চিতা নকৰে,তেওঁলোকৰ দৰমহাৰ পৰা প্ৰতিমাহে ১০ ৰ পৰা ১৫ শতাংশ ধন কৰ্তন কৰি সেয়া পিতৃ-মাতৃৰ একাউণ্টলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব।মন্ত্ৰীগৰাকীয়ে কয় যে এই আইনখন গৃহীত হোৱাৰ পিছত কোনো চাকৰিয়াল সন্তানে যদি উপাৰ্জন নথকা পিতৃ-মাতৃক চোৱা-চিতা নকৰে বুলি সংশ্লিষ্ট বিভাগৰ মুৰব্বীক অভিযোগ দিয়ে,তেতিয়া বিভাগে সমগ্ৰ বিষয়টো তদন্ত কৰিব আৰু বিভাগীয় মুৰব্বীয়ে দুয়ো পক্ষকে শুনানি পৰ্যন্ত গ্ৰহণ কৰিব।অভিযোগ সত্য প্ৰমাণিত হ’লে চাকৰিয়ালজনৰ দৰমহাৰ পৰা ১০ ৰ পৰা ১৫ শতাংশ ধন অভিযোগকাৰীক আদায় দিয়াৰ ব্যৱস্থা কৰিব।

আগন্তুক বিত্তীয় বৰ্ষৰ পৰা ৰাজ্যত বলৱৎ হ’ব জনসংখ্যা নীতি

অহা ৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনত ৰাজ্য চৰকাৰে জনসংখ্যা নীতি বিধেয়কখন উত্থাপন কৰিব।দিছপুৰত এক সংবাদমেলযোগে এই কথা সদৰী কৰে বিত্তমন্ত্ৰী ড° শৰ্মাই।মন্ত্ৰীগৰাকীয়ে ২০১৮ চনৰ ১ এপ্ৰিলৰ পৰাই ৰাজ্যখনত জনসংখ্যা নীতি বলৱৎ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে।জনসংখ্যা নীতি বিধেয়কখন গৃহীত হোৱাৰ পাছত বিভিন্ন বিভাগত চাকৰিৰ সেৱা বিধি,পঞ্চায়ত আইনৰ বিধিৰ কিছু সংশোধনী আনিব লাগিব।আনহাতে বিধানসভাৰ উক্ত অধিৱেশনতে ৰাজ্যখনত চাৰিখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ বিধেয়কো উত্থাপন হ’ব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।মন্ত্ৰীগৰাকীয়ে পাঠশালৰ বজালী কলেজক ভট্টদেৱ বিশ্ববিদ্যালয় ,বিহপুৰীয়াৰ মাধৱদেৱ কলেজক মাধৱদেৱ বিশ্ববিদ্যালয় ,হোজাই কলেজক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰা হ’ব বুলি জানিবলৈ দিয়ে।আনহাতে মাজুলীত অসম সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন সম্পৰ্কীয় বিধেয়কখনো উত্থাপন কৰা হ’ব।ৰাজ্যখনৰ ৮৯ খন কলেজত একমাত্ৰ এটাই শাখা চলি থকাৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে কয় যে অহা ১৫ অক্টোবৰৰ ভিতৰত প্ৰতিখন কলেজত আৰু একোটাকৈ শাখা খোলাৰ ব্যৱস্থা কৰা হ’ব।আনহাতে মন্ত্ৰীগৰাকীয়ে কয় যে সৰভোগৰ বৰনগৰ কলেজত নতুনকৈ এটা বিজ্ঞান শাখা আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে।পুৰ্বতে কলেজসমুহত ৰাইজেহে শাখা খুলিবলগীয়া হৈছিল,কিন্তু এইবাৰ চৰকাৰে নিজেই নতুনকৈ শাখা খোৱাৰ ব্যৱস্থা কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উপকৃত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

উৎস:ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 3/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate