মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / ৰাজ্যৰ ১৬ জিলাত মুখ্য মন্ত্ৰীৰ বিনামুলীয়া পৰীক্ষাগাৰ সেৱা মুকলি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাজ্যৰ ১৬ জিলাত মুখ্য মন্ত্ৰীৰ বিনামুলীয়া পৰীক্ষাগাৰ সেৱা মুকলি

ৰাজ্যৰ ১৬ জিলাত মুখ্য মন্ত্ৰীৰ বিনামুলীয়া পৰীক্ষাগাৰ সেৱা মুকলি কৰা হৈছে

 

গান্ধী জয়ন্তীৰ পৱিত্ৰ ক্ষণত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যখনৰ ১৬ খন জিলাত মুকলি কৰিলে মুখ্য মন্ত্ৰীৰ বিনামুলীয়া ৰোগ নিৰ্ণায়ক সেৱাৰ অধীনৰ পৰীক্ষাগাৰ সেৱা।যোৱা ২ অক্টোবৰত গুৱাহাটীৰ পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে।উল্লেখযোগ্য যে পৰীক্ষাগাৰ সেৱাৰ লগতে উক্ত অনুষ্ঠানতে পাঁচখন জিলাত বিনামুলীয়া চিটি স্কেন আৰম্ভ কৰা হয়।চিটি স্কেন সেৱা বিনামুলীয়াকৈ উপলব্ধ হ’বলগীয়া জিলাকেইখন হ’ল-শিৱসাগৰ,তিনিচুকীয়া,মৰিগাওঁ,ওদালগুৰি আৰু কৰিমগঞ্জ।উল্লেখ্য যে শুভাৰম্ভণি কৰা পৰীক্ষাগাৰসমুহৰ জৰিয়তে মুঠ ৫৫ বিধ তেজৰ পৰীক্ষা বিনামুলীয়াকৈ কৰাৰ সুবিধা লাভ কৰিব।স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি প্ৰত্যেক জিলাত কেন্দ্ৰীয়ভাৱে এটা স্থানত পৰীক্ষাগাৰ স্থাপন কৰা হ’ব।এই পৰীক্ষাগাৰসমুহ স্থাপনৰ বাবে কেন্দ্ৰীয় সংস্থা এইচ চি এল আইৰ সৈতে ৰাজ্য চৰকাৰে এক চুক্তি সম্পাদন কৰিছে।কেন্দ্ৰীয় পৰীক্ষাগাৰটোৰ সমীপৱৰ্তী সকলো প্ৰথমিক স্বাস্থ্য কেন্দ্ৰ আৰু সমুহীয়া সাস্থ্য কেন্দ্ৰসমুহৰ পৰা তেজ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰিব।কেন্দ্ৰসমুহৰ বহি: বিভাগৰ সময়ত দিনৰ ২.৩০ বজালৈ তেজৰ নমুনা সংগ্ৰহ কৰা হ’ব।এই নমুনাসমুহ বিজ্ঞানসন্মতভাৱে আমি কেন্দ্ৰীয়ভাৱে স্থাপন কৰা পৰীক্ষাগাৰত পৰীক্ষা কৰি ইয়াৰ প্ৰতিবেদন প্ৰাথমিক স্বাস্থ্যকেন্দৰ আৰু সমুহীয়া স্বাস্থ্য কেন্দ্ৰেতে দিয়াৰ ব্যৱস্থা কৰিব।আপদকালীন সময়ত৫ তিনি-চাৰি ঘণ্টাৰ ভিতৰতে তেজৰ পৰীক্ষাৰ প্ৰতিবেদন ৰোগীয়ে লাভ কৰিব।স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ইতিমধ্যে কেইবাখনো চিকিৎসালয়ত মুকলি কৰা বিনামুলীয়া চিটি স্কেন সেৱাৰ জৰিয়তে এই পৰ্যন্ত ৩১ হাজাৰ ৰোগী উপকৃত হৈছে।আনহাতে ৫৫ খন চিকিৎসালয়ত থকা বিনামুলীয়া এক্স-ৰে সেৱাৰ জৰিয়তে ৯৬ হাজাৰ ৰোগী উপকৃত হৈছে।উক্ত সেৱাৰ জৰিয়তে যাতে ৰোগী অধিক উপকৃত হ’ব পাৰে,তাৰ বাবে এন এইচ এমৰ পৰা ৰাজ্যৰ স্বাস্থ্য বিভাগে চলিত বছৰত ১০০ টা এক্স-ৰে মেচিন ক্ৰয় কৰিব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে যাতে চিকিৎসা সেৱা সম্পুৰ্ণৰুপে  বিনামুলীয়াকৈ লোআভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে আদায় কৰা ৫ টকা পঞ্জীয়ন মাচুলো ৰেহাই দিয়াৰ চিন্তা- চৰ্চা কৰাৰ কথা স্বাস্থ্যমন্ত্ৰীয়ে উক্ত অনুষ্ঠানত জানিবলৈ দিয়ে।আনহাতে চৰকাৰে মুকলি কৰা পৰীক্ষাগাৰ সেৱাৰ জৰিয়তে ৰোগীয়ে যি পৰীক্ষা সম্পন্ন কৰে,সেয়া যদি কোনো চিকিৎসকে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে,তেন্তে তেনে চিকিৎসকৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰে।আনহাতে ৰাজ্যত কৰ্মৰত আশাকৰ্মীসকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এহেজাৰ টকাৰ মাননি আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে।অহা ১ জানুৱাৰীৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব বুলি উক্ত অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।উল্লেখযোগ্য যে আশা কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এহেজাৰ টকা লাভ কৰি আহিছে।অনুষ্ঠানৰ পুৰ্বে গান্ধী জয়ন্তী উপলক্ষে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত স্বচ্ছ ভাৰত অভিযান কাৰ্যসুচীতো অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

উৎস:ৰাইজৰ বাতৰি

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top