অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় আৰু শিশু অধিকাৰ সুৰক্ষা আয়োগ

ৰাষ্ট্ৰীয় আৰু শিশু অধিকাৰ সুৰক্ষা আয়োগ

চৰকাৰে চৰকাৰী বিভাগ সমূহ বা বিষয়ববীয়া সকলক সুৰক্ষা প্ৰদান কৰিবলৈ কিছু দায়িত্ব অৰ্পন কৰিছে।

এক বৃহৎ সংখ্যাক শিশুৱে বিভিন্ন সমস্যা যেনে অপৰিপুষ্টি, স্বাস্থ্য যতন নোপোৱা, বিভিন্ন ৰোগ, শ্ৰমিক, লিঙ্গ বৈষম্য, বৰ্ণ বৈষম্য, জাতি ধৰ্মৰ বৈষম্য আদিৰ বলি হৈছে। তাৰোপৰি শিশুসকলে শাৰীৰিক মানসিক উৎপীড়নৰ বলি হয়। লগতে যৌন শোষণৰো বলি হয় তেওঁলোকৰ ঘৰত, স্কুলত, হোষ্টেল, শিশুগৃহ আনকি ৰাজহুৱা স্থান সমূহতো।

 

যিসকল শিশুক অপসৰণ কৰি চালান দিয়া বা বিক্ৰী কৰা হয়- তেনেক্ষেত্ৰত দেখা যায় শিশুসকলৰ চাৰিওফালে থকা আত্মীয় স্বজন সকলে তেওঁলোকৰ দায়িত্বসমূহ সূচাৰুৰূপে পালন নকৰে।

যদি শিশুসকলৰ কোনোধৰণৰ হিংসা বা নিৰ্যাতনৰ বলি হয় এই ঘটনাই সমগ্ৰ সমাজখনত বিৰূপ প্ৰভাৱ পেলায়। সেইকাৰণে এনেধৰণৰ হিংসাৰ কৱলৰ পৰা শিশুক সুৰক্ষা প্ৰদান কৰা মানেই হৈছে এখন বৃহৎ সমাজক সুৰক্ষা প্ৰদান কৰা। আৰু শিশুৰ অধিকাৰ সমূহক সুৰক্ষা দিয়াৰ এয়েই ‘শিশু অধিকাৰ সুৰক্ষা আয়োগ আইন’ ২০০৫’ অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য সমূহত শিশু অধিকাৰ সুৰক্ষা আয়োগ গঠন কৰা হৈছে। একোজন অধ্যক্ষ আৰু ছয়জন সদস্যৰে একোখন আয়োগ গঠন হয়।

এই আয়োগে শিশু অধিকাৰৰ লগত জড়িত কাৰ্যসূচী সমূহ সূচাৰুৰূপে পালন হৈছে নে নাই তাক চোৱা চিতা কৰে। শিশু অধিকাৰ খৰ্ব সম্পৰ্কীয় যিকোনো গোচৰ এই আয়োগ সমূহে ল’ব পাৰে আৰু স্বতন্ত্ৰভাৱে গোচৰ ৰুজু কৰি তদন্ত কৰিব পাৰে লগতে প্ৰয়োজনীয় দিহা পৰামৰ্শ চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক দিব পাৰি।

 

আয়োগৰ কাৰ্য্যাৱলী আৰু ক্ষমতাৰ সম্পূৰ্ণ বিৱৰণ

  • আইনমতে শিশু সকলে সুৰক্ষা আৰু সংবিধানৰ বিভিন্ন শিশু সম্পৰ্কীয় দফা অনুসৰি নিৰাপত্তা পাইছেনে নাই পৰীক্ষা কৰা।
  • শিশু সকলৰ বাবে ৰাজ্য চৰকাৰে উন্নত নিৰাপত্তাৰ ব্যৱস্থা কৰা।
  • শিশু অধিকাৰ উলংঘন সম্পৰ্কে অনুসন্ধান কৰা।
  • সন্ত্ৰাসবাদ, সাম্প্ৰদায়িক হিংসাত্মক কাৰ্য্য, বিদ্ৰোহ, প্ৰাকৃতিক দুৰ্যোগ, ঘৰুৱা হিংসা, এইচ. আই. ভি., এইড্‌চ, মানৱ ব্যৱসায়, দুব্যৱহাৰ উৎপীডন, শোষণ, পৰ্ণগ্ৰাফী আৰু বেশ্যাবৃত্তি আদি যিবোৰ শিশুৰ অধিকাৰক বাধাগ্ৰস্থ কৰা সকলো কাৰণ তথা উপাদান সমূহ পৰীক্ষা কৰা আৰু যথাৰ্থ নিৰাময়ক ব্যৱস্থাৱলীৰ নিৰ্দেশ কৰা।
  • শিশু অধিকাৰ সম্পৰ্কীয় আইন সমূহ কাৰ্যকৰী কৰিবলৈ চুক্তি কৰা।
  • শিশুৰ বিভিন্ন ধৰণৰ অধীকাৰ সমূহৰ ক্ষেত্ৰত ভালকৈ গৱেষণা হৈছেনে নাই নিৰীক্ষণ কৰা।
  • বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আৰু সংবাদ মাধ্যমৰ দ্বাৰা সমাজক সজাগ কৰি তোলা।
  • শিশুৰ আবাসিক গৃহ সমূহত শিশুবোৰৰ ভালদৰে যতন লৈছেনে নাই তাক পৰিদৰ্শন কৰা।
  • ৰাষ্ট্ৰীয় আয়োগ আৰু ৰাজ্যিক বা প্ৰাদেশিক আয়োগে বছৰেকীয়া প্ৰতিবেদন কেন্দ্ৰ বা ৰাজ্য চৰকাৰক দাখিল কৰিব লাগে আৰু যদি বিশেষ কিবা প্ৰতিবেদন থাকে প্ৰয়োজন সাপেক্ষে দাখিল কৰিব পাৰে।
  • শিশুৰ অধিকাৰ সম্পৰ্কীয় সকলো ধৰণৰ গোচৰ, চৰকাৰৰ ব্যৰ্থতা বা মানৱ অধিকাৰ উলংঘন নকৰিবলৈ তদন্ত কৰা।

যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন, ২০১২

যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন, ২০১২ ৰ উদ্দেশ্য হ’ল ১৮ বছৰৰ তলৰ সকলো শিশুকে যৌন হাৰাশাস্তি আৰু পৰ্ণগ্ৰাফীৰ পৰা সুৰক্ষা প্ৰদান কৰা। ইয়াৰ দ্বাৰা সকলো ধৰণৰ যৌন অপৰাধৰ পৰা শিশু সকলক সুৰক্ষিত আৰু অপৰাধীক উচিত শাস্তি বিহিব পাৰি। গোপন অংগত স্পৰ্শ, যৌন অংগ সমূহৰ ছবি, ইত্যাদি কোনো অপৰাধ কৰা ব্যক্তি সকলক এই আইনৰ দ্বাৰা উচিত শাস্তি বিহিব পাৰে। এই অপৰাধবোৰ পৰিয়ালৰ ভিতৰৰে হওঁক বা অন্য কোনোবাই হওঁক। কাকো ৰেহাই দিয়া নহ’ব।

নিৰ্যাতিতা শিশুৱে কাক জনোৱা উচিত?

নিৰ্যাতিতা শিশুৱে পৰিয়ালৰ লোকক, বিশ্বাসী বন্ধুক, শিক্ষক বা ১০৯৪ ত ফোন কৰি সবিশেষ জনাব পাৰে। তেওঁলোকে স্থানীয় আৰক্ষী চকী বা জিলাত থকা বিশেষ জুভেনাইল পুলিচ ইউনিটক ঘটনাৰ সবিশেষ জনাব লাগিব। আৰক্ষী বিষয়াই ঘটনা সম্পৰ্কে এজাহাৰ লিপিবদ্ধ কৰাটো বাধ্যতামূলক আৰু চিকিৎসকৰ দ্বাৰা নিৰ্যাতিতাক পৰীক্ষা কৰাই জিলা দণ্ডাধীশৰ ওচৰত জৱানবন্দী লোৱাৰ ব্যৱস্থা কৰিব লাগে।

আৰক্ষীয়ে এজাহাৰৰ নকল এটি নিৰ্য্যাতিতাক বা পৰিয়ালৰ লোকক দিব লাগে, যদি নিৰ্য্যাতিতাই সুৰক্ষা বিচাৰে বা সুৰক্ষিত থকা ঠাইৰ প্ৰয়োজন অনুভৱ কৰে আৰক্ষীয়ে পোনে পোনে শিশু কল্যাণ সমিতিলৈ প্ৰেৰণ কৰিব লাগে আৰু শিশু কল্যান সমিতিয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰি নিৰ্য্যাতিতাক পূৰ্ণ সহযোগিতাক পূৰ্ণ সহযোগিতা আগবঢ়াব।

 

আয়োগৰ ভূমিকা

যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইন, ২০১২ অনুসৰি যৌন নিৰ্য্যাতিত শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত, চিকিৎসাৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদানৰ ক্ষেত্ৰত বা নিয়মীয়া শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বা নিয়মীয়া জীৱন যাপনৰ বাবে প্ৰয়োজনীয় আৰ্থিক সহায় আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় বা ৰাজ্যিক শিশু অধিকাৰ আয়োগে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আয়োগে দোষীৰ শাস্তি প্ৰদানৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

আয়োগে তলত উল্লেখিত ভূমিকা সমূহ পালন কৰিব লাগে

অনুসন্ধানৰ নেতৃত্ব দিয়া

যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা প্ৰদান আইন ২০১২ ৰ অন্তৰ্গত সকলো ধৰণৰ অপৰাধ, ভালদৰে এই আইনৰ দ্বাৰা পৰিচালিত হৈছেনে নাই অনুসন্ধান কৰা।

পৰিদৰ্শন কৰা

যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা প্ৰদান আইন ২০১২ ৰ অন্তৰ্গত অপৰাধ সমূহ পৰিদৰ্শন কৰিবলৈ বিশেষ ভাৱে আদালতত কাৰোবাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’বৰ বাবে বিশেষ ব্যক্তি মনোনীত কৰা আছে। এনে অপৰাধৰ আদালতৰ শুনানিৰ আগত আৰু শুনানিৰ সময়ছোৱাত সেই আইন সমূহ বিধিবদ্ধ কৰি সংবাদ মাধ্যম, সাধাৰণ জনগণ, শিশু, অভিভাৱক সকলক সজাগ কৰা। ইয়াৰ বহুল প্ৰচাৰ কৰা।

 

প্ৰতিবেদন দাখিল

যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা প্ৰদান আইন ২০১২ ত বলবৎ হোৱা আইনৰ জৰিয়তে আয়োগে কেনেকুৱা ধৰণৰ সক্ৰিয়তা অৱলম্বন কৰিলে তাৰ বছৰেকীয়া প্ৰতিবেদন সংসদত দাখিল কৰিব লাগে।

শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক আৰু বাধ্যতামূলক শিক্ষাৰ আইন, ২০০৯

শিশু সকলৰ বিদ্যালয়ৰ শিক্ষাই হ’ল সিহঁতৰ বিকাশৰ মূল বস্তু। বিদ্যালয়ৰ শিক্ষাৰ জৰিয়তে শিশু সকলে শাৰীৰিক, বৌদ্ধিক আৰু প্ৰতিভাৱান হয়। ইয়াৰ জৰিয়তে শিশু সকলৰ ব্যক্তিত্ব আৰু সিহঁতৰ পৰিচয় গম পোৱা যায়।

শিক্ষাৰ অধিকাৰ সকলো মানৱ জাতিৰ মৌলিক অধিকাৰ। শিক্ষাই হৈছে এখন সমাজৰ বিকাশ আৰু প্ৰতিষ্ঠাৰ মূল বস্তু। ভাৰতীয় সংসদে শিক্ষাৰ অধিকাৰ আইন ২০০৯ বলবৎ কৰি ৬ ৰ পৰা ১৪ বছৰ তলৰ সকলো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা আইনৰ দ্বাৰা শিশু সকলে ওচৰত বা খোজ কাঢ়ি যাব পৰা দূৰত্বত প্ৰাথমিক শিক্ষা পাব লাগে। ইয়াৰ অৰ্থ এয়ে যে ভাৰতত কোনো শিশুৱে কাম কৰাৰ পৰিৱৰ্তে বিদ্যালয়লৈহে আহিব লাগিব।

উৎসঃ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ

শেহতীয়া উন্নীতকৰণ: : 4/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate