মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ / ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান:

ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ বিষয়ে লিখা হৈছে

 

গ্ৰামাঞ্চলসমূহৰ বিকাশৰ প্ৰক্ৰিয়াক অধিক ত্বৰান্বিত কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পঞ্চায়তীৰাজ অনুষ্ঠানসমূহক সহায় কৰাৰ উদ্দেশ্যে এই ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ আঁচনিখন ৰূপায়ণ কৰা হৈছে-

 

উক্ত আঁচনিখন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ চৰকাৰে কাৰ্যকৰী কৰে। উক্ত আঁচনিখনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭৫ শতাংশ আৰু ৰাজ্য চৰকাৰে ২৫ শতাংশ পূঁজিৰ যোগান ধৰে। পঞ্চায়তীৰাজ অনুষ্ঠানসমূহক শক্তিশালী কৰিবলৈ উক্ত আঁচনিৰ অধীনত প্ৰশিক্ষণকে ধৰি বিভিন্ন পদক্ষেপ হাতত লৈছে। পঞ্চায়তীৰাজ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ শক্তিশালী হ’লেহে এখন গাঁৱৰ উন্নয়ন হ’ব। সেই উদ্দেশ্য আগত ৰাখিয়েই আঁচনিখন বলৱৎ কৰা হৈছে। ২০১৬-১৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত প্ৰস্তাৱিত এই আঁচনিখনৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ৬৫৫ কোটি টকা আবন্টন দিছে যাতে গাঁও পঞ্চায়তসমূহৰ বিকাশৰ গতি ত্বাৰান্বিত হোৱাৰ লগতে শক্তিশালী হয়।

ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ মূল লক্ষ্যসমূহ হৈছে:

 

  • পঞ্চায়ত আৰু গাঁওসমূহৰ ক্ষমতা আৰু প্ৰভাৱ বৃদ্ধি কৰা।
  • পঞ্চায়তসমূহত লোকতান্ত্ৰিক নিৰ্ণয় লোৱাত জবাবদিহি সক্ষম কৰা আৰু মানুহৰ অংশগ্ৰহণ বৃদ্ধি কৰা।
  • পঞ্চায়তসমূহত জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানৰ সৃষ্টি কৰা পঞ্চায়তৰ ক্ষমতা বৃদ্ধি কৰা।
  • সংবিধান আৰু পেছা এক্টৰ মতে পঞ্চায়তসমূহত অধিকাৰ আৰু দায়িত্ববোধৰ সক্ৰিয়কৰণ কৰা।
  • গাঁওসমূহৰ শক্তিশালীকৰণ আৰু পঞ্চায়ত প্ৰণালীৰ ভিতৰত কাৰ্যপালনত অত্যধিক গুৰুত্ব আৰোপ কৰা।
  • পঞ্চায়তসমূহে ঢুকি নোপোৱা অঞ্চলসমূহত স্থানীয় লোকৰ সংখ্যা বৃদ্ধি কৰা, যাতে গ্ৰামাঞ্চল উন্নতিৰ ক্ষেত্ৰত সহায়ক হয়।

উক্ত অভিযানৰ মুখ্য বৈশিষ্ট্য হৈছে পঞ্চায়তীৰাজৰ ব্যৱস্থাক শক্তিশালী কৰা। গ্ৰামীণ ভাৰতৰ বিকাশ কৰাই আঁচনিখনৰ মূল লক্ষ্য।

  • গাঁও পঞ্চায়তসমূহক প্ৰশিক্ষণৰ যোগেদি সমগ্ৰ দেশত পঞ্চায়তীৰাজ ব্যৱস্থাৰ উন্নীতকৰণ কৰা।

উক্ত আঁচনিৰ অধীনত গাঁও পঞ্চায়তসমূহত দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। প্ৰশিক্ষণ কেন্দ্ৰসমূহ গাঁও পঞ্চায়ত স্তৰ, ব্লক স্তৰ আৰু জিলা পৰিষদসমূহত নিৰ্মাণ কৰা হ’ব। উক্ত প্ৰশিক্ষণ কেন্দ্ৰসমূহত, গাঁও পঞ্চায়তসমূহত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব যাতে পঞ্চায়তসমূহ দক্ষ হয়।

উক্ত ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ বিষয়ে বিতংভাৱে জানিবলৈ http://rgsa.nic.in ৱেবছাইটত লগ অন কৰক।

উৎস: ৰাইজৰ বাতৰি

3.15789473684
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top