অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অদ্যাৱধিকৰণ

অসমৰ জনসাধাৰণৰ এক বহু প্ৰতিক্ষীত সপোন অৱশেষত বাস্তবায়িত হ’ল!

সমগ্ৰ অসমত ২৫০০টা এন আৰ চি সেৱা কেন্দ্ৰ(এন এছ কে) মুকলি কৰি এই কেন্দ্ৰসমূহত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ১৯৭১ চনলৈ প্ৰকাশিত ভোটাৰ তালিকাসমূহ (যিবোৰক একেলগে লিগেচি ডাটা বোলা হয়) প্ৰকাশৰ যোগেদি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অদ্যাৱধিকৰণ কামৰ সূচনা কৰা হ’ল।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কিদৰে অদ্যাৱধিকৰণ কৰা হ’ব ?

যিসকল ব্যক্তি বা তেওঁলোকৰ বংশধৰসকলৰ নাম ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বা ১৯৭১ চনৰ ২৪ মাৰ্চ(মাজনিশা)পৰ্য্যন্ত প্ৰকাশিত ভোটাৰ তালিকাৰ যিকোনো এখনত আছে তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভূক্ত কৰা হ’ব। যদি কোনো ব্যক্তি বা বংশধৰৰ নাম লিগেচি ডাটাত পোৱা নাযায় তেনেক্ষেত্ৰত ২৪মাৰ্চ,১৯৭১(মাজনিশা)ৰ পূৰ্বে প্ৰদত্ত যিকোনো এটা নথি-পত্ৰৰ ভিত্তিত তেওঁলোকৰ নামো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভূক্ত কৰা হ’ব। এই নথিসমূহ হ’ল-১)ভূমিস্বত্বৰ/ৰায়তীস্বত্বৰ নথিপত্ৰ ২)নাগৰিকত্বৰ প্ৰমাণপত্ৰ ৩)স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ৪)শৰণাৰ্থী পঞ্জীয়ণ প্ৰমাণপত্ৰ ৫)পাৰপত্ৰ(পাছপোৰ্ট) ৬)ভাৰতীয় জীৱন বীমা নিগমৰ বীমা পলিচি ৭)চৰকাৰৰ দ্বাৰা প্ৰদত্ত অনুজ্ঞাপত্ৰ/প্ৰমাণপত্ৰ ৮)চৰকাৰী/ৰাজহুৱা খণ্ডৰ নিযুক্তি সম্পৰ্কীয় প্ৰমাণপত্ৰ ৯)বেঙ্ক/ডাকঘৰৰ হিচাবৰ নথিপত্ৰ ১০)জন্মৰ প্ৰমাণপত্ৰ ১১)বোৰ্ড/বিশ্ববিদ্যালয়ৰ শৈক্ষিক প্ৰমাণপত্ৰ ১২)আদালতৰ নথি/আদালতৰ প্ৰক্ৰিয়াজনিত নথি ১৩)বিবাহৰ পাছত অন্য গাঁৱলৈ স্থানান্তৰিত হোৱা মহিলাসকলৰ গাঁও পঞ্চায়তৰ সচিবৰ দ্বাৰা জাৰি কৰা আৰু স্থানীয় ৰাজহ বিষয়াৰ দ্বাৰা প্ৰতি স্বাক্ষৰিত প্ৰমাণপত্ৰ/বিবাহৰ পাছত চহৰৰ পৰা স্থানান্তৰিত হোৱা মহিলাসকলৰ বাবে চক্ৰ বিষয়াৰ দ্বাৰা জাৰী কৰা প্ৰমাণপত্ৰ ১৪)১৯৭১ চনৰ ২৪ মাৰ্চ(মাজনিশা)লৈ উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা জাৰী কৰা ৰেচন কাৰ্ড। *ক্ৰমিক নং. ১৩ আৰু ১৪ৰ নথিসমূহ সমৰ্থনসূচক নথিহে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অদ্যাৱধিকৰণ প্ৰক্ৰিয়া

অদ্যাৱধিকৰণ কৰিবলৈ লোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্তিৰ আৱশ্যকীয় পদ্ধতিটো হৈছে লিগেচি ডাটাত বা ওপৰত উল্লেখিত নথিপত্ৰত নাম থকা ব্যক্তিসকলৰ লগত আবেদনকাৰীৰ সম্পৰ্কৰ যোগসূত্ৰ স্থাপন কৰা। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অদ্যাৱধিকৰণৰ বিভিন্ন পৰ্য্যায় তলত উল্লেখ কৰা হ’ল।

লিগেচি ডাটা প্ৰকাশৰ পৰ্য্যায়ঃ

ইণ্টাৰনেট, এন আৰ চি সেৱা কেন্দ্ৰ(এন এছ কে) আৰু ভোটগ্ৰহণ কেন্দ্ৰসমূহত জনসাধাৰণৰ পৰিদৰ্শনৰ বাবে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ১৯৭১ চনৰ পূৰ্বৰ সকলো ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে য’ত নাগৰিকসকলে নাম বিচাৰি সম্পৰ্কৰ যোগসূত্ৰ স্থাপন কৰিব পাৰিব।(এই উদ্দেশ্য ২৭মাৰ্চ ২০১৫ তাৰিখৰ পৰা ২৫০০টা এন এছ কে মুকলি কৰা হৈছে।)

 

আৱেদনপত্ৰ বিতৰণ আৰু গ্ৰহণৰ পৰ্য্যায়ঃ

২০১৫ চনৰ এপ্ৰিল মাহৰ শেষৰ ভাগত ঘৰে ঘৰে আৱেদনপত্ৰ বিতৰণ কৰা হ’ব। প্ৰয়োজনীয় নথি-পত্ৰেৰে সৈতে সম্পূৰ্ণভাৱে পূৰণ কৰা আৱেদনপত্ৰ মনোনীত এন এছ কেত ২০১৫ চনৰ এপ্ৰিল মাহৰ শেষৰ পৰা ২০১৫ চনৰ ৩১ জুলাইলৈ গ্ৰহণ কৰা হ’ব।

 

পৰীক্ষণৰ পৰ্য্যায়ঃ

জুলাই মাহৰ পৰা অক্টোবৰ ২০১৫ লৈ চৰকাৰী বিষয়াৰ দ্বাৰা গঠিত নিৰীক্ষণকাৰীৰ দলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদনপত্ৰ দাখিল কৰা আৱেদনকাৰীৰ সন্দৰ্ভত পৰীক্ষণ সম্পন্ন কৰা হ’ব।

 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ পৰ্য্যায়ঃ

২০১৫ চনৰ অক্টোবৰ মাহৰ শেষৰ ফালে অদ্যাৱধিকৃত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ কৰা হ’ব। ২০১৫ চনৰ নৱেম্বৰ মাহত খচৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সন্দৰ্ভত দাখিল কৰা দাবী/আপত্তি গ্ৰহণ আৰু নিষ্পত্তি কৰা হ’ব।

 

চূড়ান্ত নাগৰিকপঞ্জী প্ৰকাশঃ

অদ্যাৱধিকৃত চূড়ান্ত নাগৰিকপঞ্জী ২০১৬ চনৰ জানুৱাৰী মাহৰ ভিতৰত প্ৰকাশ কৰা হ’ব।

 

 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আপোনাৰ নাম কিদৰে অন্তৰ্ভূক্ত কৰিব ?

  • আৱেদনপত্ৰৰ লগত দাখিল কৰিবলৈ লিগেচি ডাটা ক’ড বা অন্যান্য গ্ৰহণযোগ্য নথিপত্ৰ সংগ্ৰহ কৰাৰ জৰিয়তে।

আৱেদনপত্ৰ দাখিল কৰাঃ

  • ঘৰে ঘৰে আৱেদনপত্ৰ বিতৰণ।
  • এন আৰ চি সেৱা কেন্দ্ৰ (এন এছ কে)ত আৱেদনপত্ৰ পোৱা যাব। আৱেদনপত্ৰ এন আৰ চি ৱেবচাইট (nrcassam.nic.in)ৰ পৰাও ডাউনলোড কৰিব পৰা যাব।
  • খালী আৱেদনপত্ৰৰ ফটোকপিও ব্যৱহাৰ কৰিব পাৰিব।
  • সম্পূৰ্ণভাৱে পূৰণ কৰা আৱেদনপত্ৰ মনোনীত এন আৰ চি সেৱা কেন্দ্ৰত দাখিল কৰিব লাগিব। আৱেদনপত্ৰ অনলাইন যোগেদিও (nrcassam.nic.in)দাখিল কৰিব পাৰিব।
  • আৱেদনপত্ৰৰ লগত পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু প্ৰয়োজনীয় নথি-পত্ৰ গাঠি দিব লাগিব।

 

 

২০১৫ চনৰ এপ্ৰিল মাহৰ শেষৰ ফালে চৰকাৰৰ দ্বাৰা যেতিয়া আৱেদনপত্ৰ গ্ৰহণৰ বাবে জাননী জাৰী কৰা হ’ব তেতিয়া সম্পূৰ্ণভাৱে পূৰণ কৰা আৱেদনপত্ৰ মনোনীত এন আৰ চি সেৱা কেন্দ্ৰ (এন এছ কে)লৈ গৈ দাখিল কৰিব লাগিব বা এন আৰ চি ৱেবচাইটত আপলোডো কৰিব পাৰিব। এন আৰ চি সেৱা কেন্দ্ৰই আপোনাক প্ৰয়োজনীয় সহায় আগবঢ়াব।

অনুগ্ৰহ কৰি মনত ৰাখিব যে ১৯৭১ চনৰ ২৪ মাৰ্চ(মাজনিশা)লৈ প্ৰকাশিত যিকোনো বছৰৰ লিগেচি ডাটা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্তিৰ যোগ্যতা নিৰূপণৰ বাবে গ্ৰাহ্য হ’ব। লিগেচি ডাটাত থকা নামত কিবা ভুল থাকিলে সেইবোৰৰ ক্ষেত্ৰত লিখিত সাক্ষ্যৰ ভিত্তিত যথোপযুক্ত পৰীক্ষণৰ ব্যৱস্থা কৰা হ’ব। এই সংক্ৰান্তত শপতনামা দাখিল কৰিলে সেইবোৰৰ গ্ৰহণযোগ্যতা পৰীক্ষণৰ ফলাফলৰ ওপৰত নিৰ্ভৰশীল হ’ব।

লিগেচি ডাটাৰ প্ৰত্যায়িত প্ৰতিলিপি/সংক্ষিপ্ত প্ৰতিলিপি কোনো নাগৰিকৰ লগত থাকিলে বৈধ লিগেচি ডাটা ক’ড প্ৰদান কৰাৰ বাবে এনেধৰণৰ প্ৰতিলিপি চৰকাৰী কাৰ্য্যালয়ত থকা লিগেচি ডাটাৰ লগত মিলাই চোৱা হ’ব। এনেক্ষেত্ৰত নাগৰিকসকলে এনেবোৰ প্ৰতিলিপি লগত লৈ মনোনীত এন আৰ চি সেৱা কেন্দ্ৰলৈ গৈ বা এন আৰ চি ৱেবচাইটলৈ গৈ স্থলতে এনেবোৰ সংক্ষিপ্ত প্ৰতিলিপিৰ সত্যাসত্যতা প্ৰমাণিত হোৱা সাপেক্ষে বৈধ লিগেচি ডাটা ক’ড সংগ্ৰহ কৰিব লাগিব। স্থলতে, এনে প্ৰতিলিপিৰ সত্যাসত্যতা নিৰূপণ কৰিব নোৱাৰিলেও নাগৰিকপঞ্জী সেৱা কেন্দ্ৰই এনেবোৰ প্ৰতিলিপিৰ সবিশেষ তথ্য প্ৰতিলিপি প্ৰদানকাৰী কৰ্তৃপক্ষৰ লগত থকা মূল নথিৰ সৈতে মিলাই অধিক পৰীক্ষাৰ বাবে গ্ৰহণ কৰিব।

 

নাগৰিকপঞ্জী সেৱা কেন্দ্ৰত বা অনলাইনযোগে লিগেচি ডাটা চোৱা আৰু লিগেচি ডাটা ক’ড প্ৰদান কৰাটো সম্পূৰ্ণ বিনামূলীয়া।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্তিৰ যোগ্যতা অৰ্জনৰ বাবে লিগেচি ডাটা আৰু অন্যান্য আনুষংগিক নথি-পত্ৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰক।

আহক আমি সকলোৱে মিলি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অদ্যাৱধিকৰণৰ কাম সম্পন্ন কৰি আমাৰ নিজৰ আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াক সাফল্যৰ এক কাহিনীলৈ ৰূপান্তৰিত কৰোহ’ক।

বিশদভাৱে জানিবলৈ আৰু সহায়ৰ বাবে

আমাৰ টোল ফ্ৰী/হেল্পলাইন নম্বৰ ১৫১০৭

আমাৰ ৱেবচাইট ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, অসম

উৎস: ৰাজ্যিক সমন্বয়ক, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন, অসম

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate