অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) ৰ বিষয়ে অধিক জানক

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) ৰ বিষয়ে অধিক জানক

  • ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC)ৰ বিৱৰণ প্ৰমাণ পত্ৰ।
  • ১৯৭১ চনৰ ২৪ মাৰ্চ (মাজনিশা পৰ্যন্ত)লৈ প্ৰকাশিত ভোটাৰ তালিকাৰ বিৱৰণ প্ৰমাণ পত্ৰ।
  • ১৯৭১ চনৰ ২৪ মাৰ্চ পৰ্যন্ত মাটি-বাৰীৰ চৰকাৰী দলিলযনথি পত্ৰ।
  • কতৃৰ্ত্বশীল চৰকাৰী বিষয়াৰ দ্বাৰা দিয়া নাগৰিকত্বৰ প্ৰমাণ পত্ৰ।
  • অসম ৰাজ্যৰ বাহিৰৰ পৰা চৰকাৰীভাৱে প্ৰদান কৰা সথায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ (সত্যতা নিৰূপণ সাপেক্ষে)।
  • ১৯৭১ চনৰ ২৪ মাৰ্চ পৰ্যন্ত চৰকাৰী কৰ্তৃপক্ষই প্ৰদান কৰা শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ।
  • ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা আন্তঃৰাষ্ট্ৰীয় পাৰপত্ৰ(Passport)।
  • ১৯৭১ চনৰ ২৪ মাৰ্চ পৰ্যন্ত কৰ্তৃপক্ষই দিয়া জীৱন বীমাৰ নথি-পত্ৰ।
  • ১৯৭১ চনৰ ২৪ মাৰ্চ পৰ্যন্ত চৰকাৰীভাৱে প্ৰদান কৰা যিকোনো অনুজ্ঞা পত্ৰ/প্ৰমাণ পত্ৰ।
  • ১৯৭১ চনৰ ২৪ মাৰ্চ পৰ্যন্ত চৰকাৰী/ৰাজহুৱা খণ্ডৰ দ্বাৰা প্ৰদান কৰা নিযুক্তিৰ প্ৰমাণ পত্ৰ।
  • ১৯৭১ চনৰ ২৪ মাৰ্চ পৰ্যন্ত বেংক অথবা ডাকঘৰৰ জমা আঁচনিৰ হিচাবৰ প্ৰমাণিত নথি।
  • চৰকাৰী কতৃৰ্ত্বশীল বিষয়াৰ দ্বাৰা ১৯৭১ চনৰ ২৪ মাৰ্চ পৰ্যন্ত জাৰি কৰা জন্মৰ প্ৰমাণ পত্ৰ।
  • মহিলাৰ ক্ষেত্ৰত বিবাহসূত্ৰে জন্মস্থান ত্যাগ কৰি আন ঠাইলৈ স্থানান্তৰিত মহিলাই তেওঁৰ সংশ্লিষ্ট গাঁও পঞ্চায়ত সচিবৰ দ্বাৰা প্ৰদান কৰা প্ৰমাণ পত্ৰ স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ দ্বাৰা প্ৰতিস্বাক্ষৰিত (Countersign) কৰাই ল’ব লাগিব। অৱশ্যে এই নথিক সমথৰ্নমূলক নথি (Supporting Documents) ৰূপেহে বিবেচিত কৰা হ’ব। উক্ত নথি ১৯৭১ চনৰ ২৪ মাৰ্চ পৰ্যন্ত হোৱাটো জৰুৰী।
  • ১৯৭১ চনৰ ২৪ মাৰ্চ পৰ্যন্ত ব’ৰ্ড/বিশ্ববিদ্যালয়ে প্ৰদান কৰা শৈক্ষিক প্ৰমাণ পত্ৰ।
  • ১৯৭১ চনৰ ২৪ মাৰ্চ (মাজনিশা) পৰ্যন্ত চৰকাৰী কৰ্তৃত্বশীল কৰ্তৃপক্ষই চহী আৰু ছীল মোহৰ মাৰি প্ৰদান কৰা ৰেচন কাৰ্ড।
  • ১৯৭১ চনৰ ২৪ মাৰ্চ (মাজনিশা) পৰ্যন্ত আদালতৰ যিকোনো নথি/আদালতৰ বিচাৰাধীন নথি-পত্ৰ।

বিঃদ্ৰঃ—

  • ওপৰত উল্লেখিত যিকোনো নথি-পত্ৰ NRC প্ৰস্তুতিৰ ক্ষেত্ৰত গ্ৰহণযোগ্য। কিন্তু ১৩ আৰু ১৫ নং দফাত উল্লেখ কৰা নথি এইক্ষেত্ৰত সমথৰ্নমূলক নথি (Supporting Documents) হিচাপেহে গ্ৰহণযোগ্য হ’ব।
  • উল্লেখ্য যে ১৯৫১ চনৰ এন আৰ চি আৰু ১৯৭১ চনৰ ২৪ মাৰ্চ (মাজনিশা) পৰ্যন্ত প্ৰকাশিত ভোটাৰ তালিকাসমূহ ৰাজ্যৰ প্ৰতিটো গাঁও পঞ্চায়ত এলেকাৰ লগতে নগৰাঞ্চলৰ ৱাৰ্ডত স্থাপিত প্ৰায় ৫০০০ (পাঁচ হাজাৰ) নাগৰিক সেৱা কেন্দ্ৰ (Nagarik Seva Kendra, NSK)ত বিনামূলীয়াকৈ নাগৰিক পঞ্জীৰ স্থানীয় পঞ্জীয়ক (Local Registrar of Citizen Registration চমুকৈ LRCR)-এ ৰাইজক যোগান ধৰিব।
  • ওপৰোক্ত নথি-পত্ৰসমূহ জিলা উপায়ুক্ত স্বায়ত্ব শাসিত পৰিষদ জিলা পৰিষদ আৰক্ষী অধীক্ষক মহকুমাধপিতি চক্ৰ বিষয়া খণ্ড উন্নয়ন বিষয়া আৰক্ষী থানা আৰু ফৰেষ্ট অফিচত ৰাইজে সহজে চাব পাৰিব।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্তি বাবে আবেদন কৰাৰ নিয়ম

  • এন আৰ চিত নাম অন্তৰ্ভূক্তিৰ বাবে কৰিবলগীয়া আবেদন প্ৰ-পত্ৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে চলিত ফেব্ৰুৱাৰীৰ পৰা অহা মাৰ্চ মাহৰ ভিতৰত বিতৰণ কৰা হ’ব। আবেদনকাৰীক আবেদন প্ৰ-পত্ৰ প্ৰদান কৰা ৰেকৰ্ড সংশ্লিষ্ট বিষয়াই ৰাখিব।
  • আবেদন প্ৰ-পত্ৰ গাঁও আৰু চহৰ অঞ্চলৰ নাগৰিক সেৱা কেন্দ্ৰসমূহত পোৱা যাব। তদুপৰি এন আৰ চি ৱেবচাইটৰ পৰাও কম্পিউটাৰৰ সহায়ত ডাউনলোড কৰিব পাৰিব।
  • ভৰ্তি কৰাৰ আগতে খালী আবেদন প্ৰ-পত্ৰৰ পৰা ফটোষ্টেট কৰা প্ৰ-পত্ৰত আবেদনকাৰীয়ে আবেদন কৰিব পাৰিব।
  • আবেদন প্ৰ-পত্ৰৰ সৈতে পৰিয়ালৰ প্ৰতিজন সদস্যৰ ফটোৰ লগতে আৱশ্যকীয় নথি আৰু সমৰ্থনমূলক নথি পত্ৰ সঠিকভাৱে গাঁথি দিব লাগিব।
  • প্ৰতিটো পৰিয়ালৰ মূৰব্বীগৰাকীয়ে সংযুক্ত পৰিয়ালৰ সকলো সদস্যৰ হৈ এখন প্ৰ-পত্ৰতে আবেদন কৰিব পাৰিব। মূৰব্বী জীৱিত নাথাকিলে তেওঁৰ সতি-সন্ততি আৰু বংশধৰসকলে প্ৰমাণ-পত্ৰ সহকাৰে প্ৰত্যক্ষভাৱে নিজৰ আবেদন দাখিল কৰিব পাৰিব।
  • আবেদন প্ৰ-পত্ৰ পূৰণত সুবিধাৰ বাবে সংশ্লিষ্ট গাঁও আৰু চহৰত স্থাপিত ‘নাগৰিক সেৱা কেন্দ্ৰ’ত ব্যৱস্থা কৰাৰ লগতে ‘হেল্পলাইন’ৰ ব্যৱস্থাও কৰা হৈছে৷ ৰাইজৰ আবেদন প্ৰ-পত্ৰসমূহ সংশ্লিষ্ট গাঁও আৰু চহৰত স্থাপিত নাগৰিকপঞ্জীৰ পঞ্জীয়কৰ কাৰ্যালয়ত দায়িত্বপ্ৰাপ্ত কৰ্তৃত্বশীল বিষয়াই গ্ৰহণ কৰি আবেদনকাৰীক প্ৰাপ্তি ৰছিদ দিব লাগিব।
  • আবেদন প্ৰ-পত্ৰসমূহ কম্পিউটাৰৰ সহায়ত অনলাইনযোগেও দাখিল কৰিব পাৰিব।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতিৰ সুবিধাৰ্থে চৰকাৰী ৱেবছাইট আৰু ট’ল ফ্ৰী হেল্পলাইন নম্বৰ

ৰাইজৰ সুবিধাৰ্থে এন আৰ চি প্ৰস্তুতকৰণ আৰু উন্নীতকৰণ (অদ্যাৱধিকৰণ)ৰ ক্ষেত্ৰত আবেদন প্ৰ-পত্ৰ গ্ৰহণ আৰু জমা দিয়াকে ধৰি সকলো ধৰণৰ তথ্য আৰু অনুসন্ধানৰ বাবে চৰকাৰী এটি ৱেবছাইট আৰু ট’ল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। উক্ত ৱেবছাইট হ’ল www.nrcassam.nic.in আৰু Toll Free Number 15107.

এন আৰ চি প্ৰস্তুতকৰণ আৰু উন্নীতকৰণ (অদ্যাৱধিকৰণ) প্ৰক্ৰিয়াৰ বিস্তৃত সময়সূচী

এন আৰ চি প্ৰস্তুতকৰণ আৰু উন্নীতকৰণ (অদ্যাৱধিকৰণ)ৰ কাম ভাৰতবৰ্ষৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চলিত ২০১৫ বৰ্ষৰ ফেব্ৰুৱাৰীত আৰম্ভণিৰে ২০১৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি অহা ২০১৬ চনৰ ১ জানুৱাৰী তাৰিখে চূড়ান্ত এন আৰ চিখন প্ৰকাশ কৰিবলৈ চৰকাৰক কঠোৰভাৱে আদেশ দিয়া হৈছে। এইক্ষেত্ৰত তলত উল্লেখিত কমৰ্সূচী (Action Calender) অনুযায়ী নিৰ্দিষ্ট সময়ৰ ভিত্তিত এন আৰ চিৰ কাম চূড়ান্তভাৱে সমাপ্ত কৰিব লাগিব।

এন আৰ চি প্ৰস্তুতকৰণ আৰু অদ্যাৱধিকৰণ প্ৰক্ৰিয়াত জড়িত ক্ষেত্ৰভিত্তিক চৰকাৰী বিষয়াসকল

নাগৰিক পঞ্জীয়নৰ বাবে ভাৰত চৰকাৰৰ মহাপঞ্জীয়কগৰাকী মূল দায়িত্বত থাকিব। অসমত থাকিব ৰাজ্যিক লোকপিয়ল সঞ্চালকগৰাকী। লগতে নাগৰিক পঞ্জীয়নৰ ৰাজ্যিক সমন্বয়কৰূপে থাকিব ‘ন’ডেল বিষয়া’ প্ৰতীক হাজেলা, জিলা উপায়ুক্তসকল জিলা পঞ্জীয়কৰ দায়িত্বত থকাৰ উপৰি অতিৰিক্ত জিলা উপায়ুক্ত আৰু মহকুমাধপিতিসকল অতিৰিক্ত জিলা পঞ্জীয়কৰ দায়িত্বত থাকিব। আনহাতে ৰাজহ চক্ৰ বিষয়াসকল স্থানীয় চক্ৰ পঞ্জীয়কৰ দায়িত্বত থকাৰ লগতে ৰাজ্যিক সমন্বয়কৰ অনুমোদনক্ৰমে জিলা পঞ্জীয়কে (উপায়ুক্ত) চক্ৰ পঞ্জীয়কৰ সহায়ৰ বাবে একাংশ ৰাজপত্ৰিত বিষয়াক সহকাৰী চক্ৰ পঞ্জীয়ক ৰূপে নিয়োগ কৰিব। তদপুৰি গাঁও আৰু চহৰৰ স্থানীয় পঞ্জীয়কৰূপে নিয়োগ কৰিব। তদপুৰি গাঁও আৰু চহৰৰ স্থানীয় পঞ্জীয়কৰ দায়িত্বত থাকিব কৰ্তৃত্বশীল কৰ্তৃপক্ষৰ দ্বাৰা নিয়োজিত একাংশ বিষয়া-কমৰ্চাৰী যিসকলক LRCR বুলি কোৱা হয়। এই বিষয়াসকলেই ৰাইজক যাৱতীয় নথি-পত্ৰ প্ৰদানৰ লগতে প্ৰ-পত্ৰ যোগান ধৰা আৰু গ্ৰহণ কৰাকে ধৰি গুৰুত্বপূৰ্ণ দায়িত্বসমূহ পালন কৰিব।

আবেদন প্ৰ-পত্ৰ পূণৰীক্ষণ আৰু খচৰা এন আৰ চি প্ৰস্তুতকৰণ

ৰাজহ চক্ৰ বিষয়া আৰু স্থানীয় পঞ্জীয়কৰ কাৰ্যালয়ত দায়িত্বপ্ৰাপ্ত বিষয়া-কমৰ্চাৰীয়ে গ্ৰহণ কৰা এন আৰ চিৰ আবেদন প্ৰ-পত্ৰৰ শুদ্ধতা পৰীক্ষা (Scrutiny) কৰিব নিম্নোক্ত স্তৰত। সেয়া হ’ল–

  • ১৯৫১ চনৰ এন আৰ চি আৰু ১৯৭১ চনৰ ২৪ মাৰ্চ (মাজনিশা) পৰ্যন্ত ভোটাৰ তালিকা।
  • কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ১৯৭১ চনৰ ২৪ মাৰ্চ (মাজনিশা)ৰ পূৰ্বে লাভ কৰা যিকোনো চৰকাৰীভাৱে প্ৰমাণিত নথি-পত্ৰ।
  • ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পিছৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চ (মাজনিশা) পৰ্যন্ত অসমলৈ আহি স্থায়ীভাৱে বসতি কৰাৰ লগতে জিলা পৰ্যায়ত থকা আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয় (Foreigners Regional Registration Office) চমুকৈ FRROত পঞ্জীয়ন কৰা প্ৰমাণ পত্ৰ।
  • তদপুৰি বহু যুগৰে পৰা অসমত স্থায়ীভাৱে বসবাসকাৰী (Original inhabitant) আৰু তেওঁলোকৰ বংশধৰসকলৰ নামো এন আৰ চিত অন্তৰ্ভূক্ত হ’ব। অৱশ্যে এইক্ষেত্ৰত পিতৃত্বৰ সংযোগ (Parental Linkage)ৰ ওপৰত সন্দেহ হ’লে চক্ৰ পঞ্জীয়কে উপায়ুক্ত অৰ্থাৎ জিলা পঞ্জীয়কলৈ বিহীত ব্যৱস্থাৰ বাবে প্ৰেৰণ কৰিব। আনহাতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বে ভাৰতৰ অন্য ৰাজ্য বা জিলাৰ পৰা অসমত আহি বসতি কৰা ব্যক্তিৰ ক্ষেত্ৰত আন্তৰ্দেশীয় স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ শুদ্ধতা নিৰীক্ষণ (Verification)ৰ ব্যৱস্থা কৰাৰ অন্তত এখন পুনৰ্বিন্যাসিত (Consolidated) তালিকা প্ৰস্তুত কৰা হ’ব।
  • চক্ৰ পঞ্জীয়কে স্থানীয়ভাৱে যিকোনো পৰ্যায়তে নথি-পত্ৰৰ শুদ্ধতা বিচাৰ কৰিব পাৰিব। এই কামৰ বাবে জিলা পঞ্জীয়কে (উপায়ুক্ত) চক্ৰ পঞ্জীয়কৰ অধীনত নিৰ্দিষ্ট এলেকাভিত্তিত দুজন ৰাজপত্ৰিত বিষয়াৰ দ্বাৰা এটি নিৰীক্ষণকাৰী দল (Verification Team) চমুকৈ VT গঠন কৰি দিব। এই VT ক্ৰমে—
  • শুদ্ধতা বিচাৰ কৰিবলগা ব্যক্তিজনৰ পৰিচয় নিৰ্ধাৰণ কৰিব।
  • নথি পত্ৰ পৰীক্ষণত সহায় কৰিব।
  • পিতৃত্বৰ সংযোগৰ ওপৰত সন্দেহ হ’লে বিষয়টো চক্ৰ পঞ্জীয়কৰ দৃষ্টিগোচৰ কৰিব।
  • এই দলৰ প্ৰতিবেদনৰ ভিত্তিত এন আৰ চিৰ এখনি খচৰা তালিকা (Additional Draft List) প্ৰকাশ কৰা হ’ব।

এন আৰ চি বিষয়ত ‘ডি’ ভোটাৰ আৰু অবৈধ প্ৰব্ৰজনকাৰী বা বিদেশীৰ ক্ষেত্ৰত নিৰ্ধাৰিত প্ৰক্ৰিয়া

অসমৰ ভোটাৰ তালিকাত ‘ডি’ (সন্দেহযুক্ত) ভোটাৰ বুলি চিহ্নিত ব্যক্তিসকলে এন আৰ চি প্ৰস্তুতকৰণ আৰু উন্নীতকৰণ (অদ্যাৱধিকৰণ)ত অন্যান্যসকলৰ দৰেই নিৰ্ধাৰিত প্ৰ-পত্ৰত নিজৰ নাম এন আৰ চিত অন্তৰ্ভূক্তিৰ বাবে আবেদন কৰিব পাৰিব। অৱশ্যে মাননীয় বিদেশী ন্যায়াধীকৰণে আবেদনকাৰীক ভাৰতীয় বুলি ঘোষণা কৰাৰ পিছতহে আবেদনকাৰীৰ নাম এন আৰ চিত চূড়ান্তভাৱে অন্তৰ্ভূক্ত হ’ব। আনহাতে ক্ষমতাশালী কৰ্তৃপক্ষই (Competent Authority) যিসকল লোকক অবৈধ প্ৰব্ৰজনকাৰী বা বিদেশী বুলি ঘোষণা কৰিছে তেওঁলোকৰ নাম কোনো ক্ষেত্ৰতে এন আৰ চিত অন্তৰ্ভূক্ত নহ’ব।

এন আৰ চিত নাম অন্তৰ্ভূক্তি সন্দৰ্ভত দাবী আৰু আপত্তি দাখিলৰ নিয়ম

  • এন আৰ চিৰ খচৰা আৰু অতিৰিক্ত খচৰা তালিকাত নাম প্ৰকাশ নোপোৱা আবেদনকাৰীয়ে নিৰ্ধাৰিত প্ৰ-পত্ৰযোগে নিজৰ নাম এন আৰ চিত অন্তৰ্ভূক্তিৰ বাবে বিনামূলীয়াকৈ দাবী কৰিব পাৰিব।
  • দাবী আৰু আপত্তিসমুহ চালি-জাৰি চাবলৈ কমপক্ষে এগৰাকী দায়িত্বপ্ৰাপ্ত সহকাৰী চক্ৰ পঞ্জীয়ক পৰ্যায়ৰ বিষয়া থাকিব।
  • শেষত চক্ৰ পঞ্জীয়ক আৰু সহকাৰী চক্ৰ পঞ্জীয়কে সমূহ তথ্যপাতি পৰীক্ষা কৰি চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিব।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ

সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰাপ্ত আবেদনৰ ভিত্তিত আবেদনকাৰীৰ দাবী আৰু আপত্তিসমূহ সঠিকভাৱে পৰীক্ষা-নিৰীক্ষা কৰাৰ অনতত নাম এন আৰ চিত অন্তৰ্ভূক্তি আৰু কৰ্তন সাপেক্ষে সংযোজন আৰু বিয়োজন কৰি অতিৰিক্ত তালিকা আৰু কৰ্তন তালিকা কৰিব। এন আৰ চি প্ৰস্তুতকৰণ আৰু উন্নীতকৰণ (অদ্যাৱধিকৰণ)ত আপীলৰ ব্যৱসথা যদি এন আৰ চি প্ৰস্তুতকৰণ আৰু উন্নীতকৰণ (অদ্যাৱধিকৰণ)ত কোনো আবেদনকাৰীৰ দাবী আৰু আপত্তিৰ ক্ষেত্ৰত সংশ্লিষ্ট পঞ্জীয়ন বিষয়াই লোৱা সিদ্ধান্তত ব্যক্তিগৰাকী সন্তুষ্ট নহয় তেতিয়া তেওঁ মাননীয় বিদেশী ন্যায়াধিকৰণত নিৰ্ধাৰিত সময়ৰ ভিতৰত নিয়মানুযায়ী আপীল কৰিব পাৰিব। তেনেস্থলত ন্যায়াধীকৰণৰ সিদ্ধান্ত মতে পিছত এখন অতিৰিক্ত এন আৰ চি প্ৰকাশ কৰা হ’ব। এইক্ষেত্ৰত মাননীয় বিদেশী ন্যায়াধীকৰণৰ সিদ্ধান্ত চূড়ান্ত বুলি গণ্য কৰা হ’ব।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অদ্যাৱধিকৰণ প্ৰক্ৰিয়া

অদ্যাৱধিকৰণ কৰিবলৈ লোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্তিৰ আৱশ্যকীয় পদ্ধতিটো হৈছে লিগেচি ডাটাত বা ওপৰত উল্লেখিত নথপিত্ৰত নাম থকা ব্যক্তিসকলৰ লগত আবেদনকাৰীৰ সম্পৰ্কৰ যোগসূত্ৰ স্থাপন কৰা। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অদ্যাৱধিকৰণৰ বিভিন্ন পৰ্যায় তলত উল্লেখ কৰা হ’ল।

লিগেচি ডাটা প্ৰকাশৰ পৰ্যায়

ইণটাৰনেট এন আৰ চি সেৱা কেন্দ্ৰ (এন এছ কে) আৰু ভোটগ্ৰহণ কেন্দ্ৰসমূহত জনসাধাৰণৰ পৰিদশৰ্নৰ বাবে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ১৯৭১ চনৰ পূবৰ্ৰ সকলো ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে য’ত নাগৰিকসকলে নাম বিচাৰি সম্পৰ্কৰ যোগসূত্ৰ স্থাপন কৰিব পাৰিব। (এই উদ্দেশ্য ২৭ মাৰ্চ ২০১৫ তাৰিখৰ পৰা ২৫০০টা এন এছ কে মুকলি কৰা হৈছে)।

আৱেদনপত্ৰ বিতৰণ আৰু গ্ৰহণৰ পৰ্যায়

২০১৫ চনৰ এপ্ৰিল মাহৰ শেষৰ ভাগত ঘৰে ঘৰে আৱেদনপত্ৰ বিতৰণ কৰা হ’ব। প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে সম্পূণৰ্ভাৱে পূৰণ কৰা আবেদনপত্ৰ মনোনীত এন এছ কেত ২০১৫ চনৰ এপ্ৰিল মাহৰ শেষৰ পৰা ২০১৫ চনৰ ৩১ জুলাইলৈ গ্ৰহণ কৰা হ’ব। (আবেদন পত্ৰ এন এচ কেত জমা দি দাখিলকৃত নথিৰ তালিকাসহ কৰ্তৃপক্ষৰ প্ৰাপ্তি ৰছিদ লোৱাটো বাঞ্চনীয়)

পৰীক্ষণৰ পৰ্যায়

জুলাই মাহৰ পৰা অক্টোবৰ ২০১৫ লৈ চৰকাৰী বিষয়াৰ দ্বাৰা গঠিত নিৰীক্ষণকাৰীৰ দলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্তিৰ বাবে আবেদনপত্ৰ দাখিল কৰা আবেদনকাৰীৰ সন্দৰ্ভত পৰীক্ষণ সমপন্ন কৰা হ’ব।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ পৰ্যায়

২০১৫ চনৰ অক্টোবৰ মাহৰ শেষৰ ফালে অদ্যাৱধিকৃত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ কৰা হ’ব। ২০১৫ চনৰ নৱেম্বৰ মাহত খচৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত দাখিল কৰাৰ দাবী/আপত্তি গ্ৰহণ আৰু নিষ্পত্তি কৰা হ’ব।

চূড়ান্ত নাগৰিকপঞ্জী প্ৰকাশ

অদ্যাৱধিকৃত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ২০১৬ চনৰ জানুৱাৰী মাহৰ ভিতৰত প্ৰকাশ কৰা হ’ব।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আপোনাৰ নাম কিদৰে অনতভূৰ্ক্ত কৰিব?

আবেদনপত্ৰৰ লগত দাখিল কৰিবলৈ লিগেচি ডাটা ক’ড বা অন্যান্য গ্ৰহণযোগ্য নথপিত্ৰ সংগ্ৰহ কৰাৰ জৰিয়তে।

আৱেদনপত্ৰ দাখিল কৰাঃ

  • ঘৰে ঘৰে আবেদনপত্ৰ বিতৰণ।
  • এন আৰ চি সেৱা কেন্দ্ৰ (এন এছ কে)ত আবেদনপত্ৰ পোৱা যাব। আবেদনপত্ৰ এন আৰ চি ৱেবছাইট (nrcassam.nic.in)ৰ পৰাও ডাউনলোড কৰিব পৰা যাব।
  • খালী আবেদনপত্ৰৰ ফটোকপিও ব্যৱহাৰ কৰিব পাৰিব।
  • সম্পূণৰ্ভাৱে পূৰণ কৰা আবেদনপত্ৰ মনোনীত এন আৰ চি সেৱা কেন্দ্ৰত দাখিল কৰিব লাগিব। আবেদনপত্ৰ অনলাইন যোগেদিও (nrcassam.nic.in) দাখিল কৰিব পাৰিব।
  • আবেদনপত্ৰৰ লগত পৰিয়ালৰ সকলো সদস্য ফটো আৰু প্ৰয়োজনীয় নথি-পত্ৰ গাঁথি দিব লাগিব।

২০১৫ চনৰ এপ্ৰিল মাহৰ শেষৰ ফালে চৰকাৰৰ দ্বাৰা যেতিয়া আবেদনপত্ৰ গ্ৰহণৰ বাবে জাননী জাৰি কৰা হ’ব তেতিয়া সম্পূণৰ্ভাৱে পূৰণ কৰা আবেদনপত্ৰ মনোনীত এন আৰ চি সেৱা কেন্দ্ৰ (এন এছ কে)লৈ গৈ দাখিল কৰিব লাগিব বা এন আৰ চি ৱেবছাইটত আপলোডো কৰিব পাৰিব। এন আৰ চি সেৱা কেন্দ্ৰই আপোনাক প্ৰয়োজনীয় সহায় আগবঢাব।

অনুগ্ৰহ কৰি মনত ৰাখিব যে ১৯৭১ চনৰ ২৪ মাৰ্চ (মাজনিশা)লৈ প্ৰকাশিত যিকোনো বছৰৰ লিগেচি ডাটা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্তিৰ যোগ্যতা নিৰূপণৰ বাবে গ্ৰাহ্য হ’ব। লিগেচি ডাটাত থকা নামত কিবা ভুল থাকিলে সেইবোৰৰ ক্ষেত্ৰত লিখিত সাক্ষ্যৰ ভিত্তিত যথোপযুক্ত পৰীক্ষণৰ ব্যৱস্থা কৰা হ’ব। এই সংক্ৰান্তত শপতনামা দাখিল কৰিলে সেইবোৰৰ গ্ৰহণযোগ্যতা পৰীক্ষণৰ ফলাফলত ওপৰত নিভৰ্ৰশীল হ’ব।

লিগেচি ডাটাৰ প্ৰত্যায়িত প্ৰতিলিপি/সংক্ষিপ্ত প্ৰতিলিপি কোনো নাগৰিকৰ লগত থাকিলে বৈধ লিগেচি ডাটা কোড প্ৰদান কৰাৰ বাবে এনেধৰণৰ প্ৰতিলিপি চৰকাৰী কাৰ্যালয়ত থকা লিগেচি ডাটাৰ লগত মিলাই চোৱা হ’ব। এনেক্ষেত্ৰত নাগৰিকসকলে এনেবোৰ প্ৰতিলিপি লগত লৈ মনোনীত এন আৰ চি সেৱা কেন্দ্ৰলৈ গৈ বা এন আৰ চি ৱেবছাইটলৈ গৈ স্থলতে এনেবোৰ সংক্ষিপ্ত প্ৰতিলিপিৰ সত্যাসত্য প্ৰমাণিত হোৱা সাপেক্ষে বৈধ লিগেচি ডাটা কোড সংগ্ৰহ কৰিব লাগিব। স্থলতে এনে প্ৰতিলিপিৰ সত্যাসত্যতা নিৰূপণ কৰিব নোৱাৰিলেও নাগৰিকপঞ্জী সেৱা কেন্দ্ৰই এনেবোৰ প্ৰতিলিপিৰ সবিশেষ তথ্য প্ৰতিলিপি প্ৰদানকাৰী কৰ্তৃপক্ষৰ লগত থকা মূল নথিৰ সৈতে মিলাই অধিক পৰীক্ষাৰ বাবে গ্ৰহণ কৰিব।

নাগৰিকপঞ্জী সেৱা কেন্দ্ৰত বা অনলাইনযোগে লিগেচি ডাটা চোৱা আৰু লিগেচি ডাটা ক’ড প্ৰদান কৰাটো সম্পূৰ্ণ বিনামূলীয়া।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্তিৰ যোগ্যতা অৰ্জনৰ বাবে লিগেচি ডাটা আৰু অন্যান্য আনুষংগিক নথপিত্ৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰক। আহক আমি সকলোৱে মিলি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অদ্যাৱধিকৰণৰ কাম সম্পন্ন কৰি আমাৰ নিজৰ আৰু ভৱিষ্যৎ প্ৰজন্মৰৰ বাবে ইয়াক সাফল্যৰ এক কাহিনীলৈ ৰূপান্তৰিত কৰোঁহক।

১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চ (মাজনিশা)লৈকে অসমত প্ৰৱেশ কৰাসকলক এন আৰ চিত অন্তৰ্ভূক্ত কৰা হ’ব যদিও তেওঁলোকে ১০ (দহ) বছৰৰ বাবে ভোটাধিকাৰৰ পৰা বঞ্চিত হ’ব৷

আমাৰ টোল ফ্ৰী/হেল্পলাইন নম্বৰ ১৫১০৭ (15107)

আমাৰ ৱেবচাইট ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, অসম

উৎস: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ ৰাজ্যিক সমন্বয়ক, অসমৰ (SCNR) দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।

শেহতীয়া উন্নীতকৰণ: : 7/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate