মূল পৃষ্ঠা / সমাজ কল্যাণ / বয়োজ্যেষ্ঠ সকলৰ কল্যাণ / বয়োজেষ্ঠ লোকসকলৰ বাবে ৰাষ্ট্ৰীয় নীতি ১৯৯৯
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বয়োজেষ্ঠ লোকসকলৰ বাবে ৰাষ্ট্ৰীয় নীতি ১৯৯৯

বয়োজ্যেষ্ঠ নাগৰিকসকলৰ জীৱন-ধাৰণ প্ৰণালী সুনিশ্চিত কৰাৰ লগতে তেওঁলোকে যাতে কাৰোৰে পৰা শোষণ, অৱহেলাৰ বলি হ’ব লগা নহয় তাৰ বাবে চৰকাৰ, বেচৰকাৰী খণ্ড আদিবোৰে জ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ উদ্দেশ্যে লোৱা ব্যৱস্থাবোৰৰ বিষয়ে এই শিঁতানত আলোচনা কৰা হৈছে।

বয়োজেষ্ঠ লোকসকলৰ বাবে ৰাষ্ট্ৰীয় নীতি ১৯৯৯

বয়োজেষ্ঠ লোকসকলৰ ৰাষ্ট্ৰীয় নীতি

পটভূমি

জনসংখ্যাতাত্বিক প্ৰৱণতা

১)জনসংখ্যাতাত্বিক বৃদ্ধাৱস্থাই সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ভালদৰে খুন্দিয়াইছে। মানুহৰ জীৱিত কালৰ সীমা বৃদ্ধি পাইছে। ১৯৫১-৬০ চনত জন্মৰ সময়ৰ পৰা ৪২ বছৰলৈকে থকা জীৱনকাল বৃদ্ধি পায় ১৯৮৬-৯০ ত ৫৮ বছৰ হ’লগৈ আৰু অনুমান কৰা হৈছে যে ২০১১-১৬ ৰ এই সংখ্যা ৬৭ বছৰ হ’বগৈ। ২৫ বছৰ সময়কালৰ ভিতৰত (১৯৮৬-৯০) ৰ পৰা (২০১১-১৬)লৈ জীৱিত কালৰ সময় বৃদ্ধি পাইছে ৯ বছৰ। মহিলাৰ ক্ষেত্ৰত জীৱিত কালৰ সময় প্ৰায় ১১ বছৰ। মহিলাৰ ক্ষেত্ৰত (১৯৮৬-৯০) ৰ ৫৮ বছৰ আছিল যদিও (২০১১-১৬)ত এই বয়স বৃদ্ধি হৈ ৬৯ বছৰ হয়। ৬০ বছৰ বয়সতো মহিলাৰ ক্ষেত্ৰত জীৱিত কালৰ সময়সীমা বৃদ্ধি পোৱা দেখা গৈছে। ১৯৮৯-৯৩ ত এই বৃদ্ধি পুৰুষৰ ক্ষেত্ৰত ১৫ বছৰ আৰু মহিলাৰ ক্ষেত্ৰত ১৬ বছৰ আছিল।

২) জীৱন কাল বৃদ্ধিৰ ফলত ৬০ বছৰতকৈ অধিক সময় জীয়াই থকা মানুহৰ সংখ্যা ১৯০১ চনত ভাৰতবৰ্ষত মাত্ৰ ১২ নিযুত আছিল। ১৯৫১ ত এই সংখ্যা ২০ নিযুততকৈ অধিক আৰু ১৯৯১ এই সংখ্যা হয়গৈ ৫৭। জনসংখ্যাৰ প্ৰবৰ্ধনৰ কাৰিকৰী সমিতিৰ মতে ১৯৯৬-২০১৬ ত ১৯৯৬ ত কৰা ধাৰণা অনুসৰি ২০১৩ চনত ইয়াৰ সংখ্যা ১০০ মিলিয়ন হ’বগৈ। সংযুক্ত যুক্তৰাষ্ট্ৰৰ মতে ২০৩০ চনত ভাৰতত ৬০ বছৰতকৈ অধিক লোকৰ সংখ্যা হ’বগৈ ১৯৮ নিযুত আৰু ২০৫০ চনত হ’বগৈ ৩২৬ নিযুত। ৬০ বছৰতকৈ অধিক লোকৰ জনসংখ্যাৰ লগত শতাংশ চাবলৈ গ’লে দেখা যায় যে, ১৯০১ চনত ৬০ বছৰতকৈ অধিক লোকৰ সংখ্যা আছিল ৫.১ শতাশ আৰু ১৯৯১ আছিল ৬.৮ শতাংশ। ধাৰণা কৰা হৈছে যে ২০১৬ চনত ইয়াৰ পৰিমাণ হবগৈ ৮.৯ শতাংশ। যুক্তৰাষ্ট্ৰই কৰা ধাৰণা মতে ২০১৬ চনৰ পিছত ভাৰতত বৃদ্ধি পোৱা ৬০ বছৰতকৈ অধিক জনসংখ্যা বৃদ্ধি পায়গৈ ২০৫০ চনত হয়গৈ ২১ শতাংশ।

৩) ভাৰতত জনসংখ্যাতাত্বিক ভিত্তিত বৃদ্ধিৰ হাৰ অতি বেছি। অহা সময়বোৰত এই সংখ্যা অধিক বৃদ্ধি পাব। ২০০১-২০১১ দশকটোত ১৯৬১ চনত থকা ৬০ বছৰতকৈ অধিক বয়সৰ লোকৰ মুঠ জনসংখ্যাতকৈ ২৫ নিযুত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাইছে। ১৯৯১-২০১৬ এই ২৫ বছৰৰ সময়ছোৱাত ৫৫.৪ নিযুত ৬০ বছৰতকৈ অধিক লোকৰ সংখ্যা বৃদ্ধি পাইছে, যিটো সংখ্যাত ১৯৯১ চনত থকা ৬০ বছৰতকৈ অধিক লোকৰ মুঠ জনসংখ্যাৰ সমান। আন কথাত ক’বলৈ গ’লে ১৯৯১ৰ পৰা আৰম্ভ কৰি ২৫ বছৰৰ সময়ছোৱাত ৬০ বছৰতকৈ অধিক লোকৰ জনসংখ্যা প্ৰায় দুগুণ হৈছেগে।

৪) ১৯৯১ চনত ৬০-৬৯ বছৰৰ জনসংখ্যাৰ শতাংশ আছিল ৬৩ শতাংশ (৩৬ নিযুত)। এইসকলক ‘যুৱ বৃদ্ধ’ বা সিমান বৃদ্ধ নহয় বোলা হৈছিল। আনহাতে প্ৰায় ১১ শতাংশ লোক (৬ নিযুত) লোকৰ বয়স আছিল ৮০ বা তাতকৈ অধিক। এওঁলোকক বয়োবৃদ্ধ বা অতি বৃদ্ধ শ্ৰেণীত পেলোৱা হৈছে। ২০১৬ চনত এই বয়সৰ গোটৰ শতকৰা হাৰ প্ৰায় একে থাকিব যদিও ইয়াৰ সংখ্যা ক্ৰমে ৬৯ নিযুত আৰু ১১ নিযুত হ’ব বুলি ধাৰণা কৰা হৈছে। আন কথাত ক’বলৈ গ’লে মুঠ জনসংখ্যাৰ ১০ ভাগৰ ৬ অংশ জনসংখ্যাৰ বয়স হ’ব ৬০-৬৯ বছৰৰ ভিতৰত আৰু তেওঁলোকৰ মানসিক আৰু শাৰিৰীক স্বাস্থ্য গ্ৰহণ যোগ্যভাৱে ভাল হ’ব বুলি ধাৰণা কৰ গৈছে। এওঁলোক ভয়াৱহ অক্ষমতা মুক্ত হ’ব আৰু এটাত কাৰ্য্যক্ষম জীৱন-যাপন কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা গৈছে। মুঠ জনসংখ্যাৰ ৩ ভাগৰ ১ অংশৰ বয়স ৭০-৭৯ ৰ ভিতৰত থাকিব বুলি ভবা হৈছে আৰু এওঁলোকেও কাৰ্য্যক্ষম জীৱন এটা কটাবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে। ইয়ে এক বৃহৎ সংখ্যক মানৱ সম্পদৰ নিৰ্দেশ কৰে।

৫) পুৰুষৰ পিছতেই ভাৰতবৰ্ষত ৬০ বছৰতকৈ অধিক বয়সৰ মহিলাৰ সংখ্যা আহে। (১৯৯১) ত ৬০ বছৰতকৈ অধিক বয়্সৰ জনসংখ্যাৰ ভিতৰত পুৰুষ আছিল ২৯ নিযুত আৰু মহিলা আছিল ২৭ নিযুত। ২০১৬ চনতো পৰিস্থিতি একে থাকিব বুলি ধাৰণা কৰিছিল। অনুমান কৰা হৈছে যে ২০১৬ চনত ৬০ বছৰতকৈ অধিক জনসংখ্যাৰ ভিতৰত পুৰুষৰ সংখ্যা হ’ব ৫৭ নিযুত আৰু মহিলাৰ ৫৬ নিযুত।

৬) যিহেতু ভাৰতত পৰম্পৰাগতভাৱে মহিলাই নিজতকৈ অধিক বয়সৰ পুৰুষৰ লগত বিবাহ হয় সেইবাবে ৬০ বছৰতকৈ অধিক মহিলাৰ ভিতৰত বিধৱাৰ সংখ্যা অধিক দেখা যায়। ইয়াৰ উপৰিও তেওঁলোকে পুনৰ বিবাহ পাশত আবদ্ধ নহয় আৰু অধিক দিন জীয়াই থাকে। ১৯৯১ত ৬০ বছৰতকৈ অধিক মহিলাৰ ভিতৰত বিধৱাৰ সংখ্যা আছিল ১৪.৮ নিযুত। যি ক্ষেত্ৰত পত্নী ঢুকুৱা পুৰুষৰ সংখ্যা আছিল ৪.৫ নিযুত। এক কথাত ক’বলৈ গ’লে পত্নী ঢুকুৱা পুৰুষতকৈ বিধৱা মহিলাৰ সংখ্যা ৪ গুণ বেছি।

জড়িতকৰণ

৭) জনসংখ্যাতাত্বিক বয়সস্ক জনসংখ্যাৰ জড়িতকৰণ অতি ক্ষুদ্ৰ আৰু পৰিয়ালৰ স্তৰত হয়। ইয়াৰ সংখ্যাই এক বুজন পৰিমাণৰ মানৱ সম্পদ আৰু সমাজ সেৱা আৰু আন লাভালাভসমূহৰ কথা সূচায়।

৮) এই জনসংখ্যাতাত্বিক পৰিৱৰ্তনসমূহ সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ লগত জড়িত হৈ থাকে। এইসমূহ কিছুমান ক্ষেত্ৰত ঘনাত্মক প্ৰকৃতিৰ আৰু কিছুমান ক্ষেত্ৰত বিশেষ সমস্যাৰ কাৰণ হৈ পৰে।

৯) আগত দশকটোত ৬০ বছৰতকৈ অধিক বয়সৰ লোকৰ সংখ্যা মধ্যবিত্ত আৰু উচ্চ অৰ্থনৈতিক গোটৰ হোৱাৰ বাবে কিছু পৰিমাণে অৰ্থনৈতিকভাৱে বিত্তীয় সুৰক্ষা, উচ্চ পৰ্য্যায়ৰ বিত্তীগত আৰু শিক্ষাগত অৰ্হতা, ৬০ ৰ পৰা ৭০ লৈকে কাৰ্য্যকৰী জীৱনৰ নেতৃত্ব দিব পৰা আদি ধৰণৰ ধনাত্মক দিশবিলাকৰ বাবে তেওঁলোকে সক্ৰিয়, সৃষ্টিশীল আৰু সন্তুষ্টিকাৰক জীৱন এটা কটোৱাৰ সুযোগ পাব বুলি ভাবিব পাৰি।

১০) বয়োজেষ্ঠ লোকৰ অৱস্থাজনিত কিছুমান বিষয় উদ্বোধ হয়, কিছুমান লক্ষণ ইতিমধ্যেই প্ৰমাণিত হৈছে, ফলত বয়োজেষ্ঠ লোকসকলৰ জীয়াই থকাৰ ব্যৱস্থাসমূহত হেঁচাৰ সৃষ্টি হৈছে। ভাৰতবৰ্ষত যে পৰিয়ালৰ সম্বন্ধ অতি দৃঢ় সেয়া সত্য আৰু বেছি সংখ্যক বৃদ্ধ লোকেই তেওঁলোকৰ সন্তানৰ লগত থাকে বা সন্তানে সাহাৰ্য্য আগবঢ়ায়। ইয়াৰ উপৰিও কৰ্মজীৱি দম্পত্তি সকলেও বয়োজেষ্ঠ পিতৃ-মাতৃৰ লগত আবেগিক সম্বন্ধ ৰাখে আৰু ঘৰখন পৰিচালনা কৰাত আৰু সন্তানৰ যত্ন লোৱাত তেওঁলোকৰ সহায়কো হয়। তথাপিও বিভিন্ন হেঁচাত পৰি এক বৃহৎ সংখ্যক বৃদ্ধ লোক নিঠৰুৱা হৈ পৰে কিয়নো তেওঁলোকৰ সন্তানে তেওঁলোকক লগত ৰাখিব নুখুজে আৰু বৃদ্ধ বয়সত পাব লগা যত্ন তেওঁলোকে নাপায়। বিশেষকৈ জীৱন কালৰ সময় বৃদ্ধি পোৱাৰ ফলত নিৰ্ভৰশী্লতা বাঢ়ি যোৱাৰ ফলতে বৃদ্ধ লোকসকলৰ স্বাস্থ্য যত্ন আৰু আন প্ৰয়োজনীয়তা বৃদ্ধি পায়।

১১) দেশত ঔদ্যোগীকৰণ, নগৰীকৰণ, শিক্ষা আৰু পৰিৱৰ্তিত জীৱন শৈলীৰ উন্নয়নে জীৱনৰ মূল্যবোধ আৰু শৈলীৰ পৰিৱৰ্তন আনিছে। দিনক দিনে বৃদ্ধি পোৱা খৰছ আৰু সন্তানক শিক্ষিত কৰা আৰু তেওঁলোকৰ আশাসমূহ পূৰণ কৰিবলৈ উপাৰ্জনৰ ধন অধিক খৰছ কৰিব লগা হোৱাৰ ফলত পিতৃ-মাতৃৰ বাবে খৰছ কৰিব লগা ধনৰ পৰিমাণ আৰু যত্ন কমি আহে। নগৰ অঞ্চলত কম পৰিমাণৰ ঠাই আৰু ঘৰ ভাড়া বৃদ্ধি পোৱা আদিবোৰৰ দৰে তেওঁলোকৰ পিতৃ-মাতৃসকলক নিজৰ স্থায়ী ঘৰতে থাকিবলৈ দিয়া হয়। নিয়ম-নীতিৰ পৰিৱৰ্তন আৰু মহিলাসকলৰ আশা, তেওঁলোকৰ গোপণীয়তাৰ ধাৰণা আৱাস গৃহৰ স্থান আদিবোৰে অধিক সময়ৰ বাবে বয়োজেষ্ঠ লোকৰ দ্বায়িত্ব ল’বলৈ আগ্ৰহী নহয়, উচ্চাকাংশী বৃত্তি আৰু কৰ্ম সূত্ৰে ঘৰৰ পৰা বাহিৰত থকা ধৰণৰ বিষয়বোৰৰ ফলতো বয়োজেষ্ঠসকলৰ প্ৰতি ল’ব লগা যত্নৰ পৰিমাণ কমি আহিবলৈ ধৰিছে। সৰু পৰিয়ালৰ নীতি মানি চলাৰ ফলত যত্ন লওঁতাৰ সংখ্যাও কমি আহে। কন্যা সন্তান সকলেও আজিকালি নিজৰ শিক্ষা বা কৰ্ম ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যস্ত হোৱা দেখা যায়। বৃদ্ধ অৱস্থাত বিশেষকৈ অকলশৰীয়া মহিলাই অধিক অসুৰক্ষিত হৈ পৰে কাৰণ তেনে মহিলাৰ খুৱ কম সংখ্যক সম্পৰ্কীয় লোকহে থাকে। আকৌ যদিহে নিজাকৈ উপাৰ্জনৰ লক্ষ্য নাথাকে বা নিজে সম্পূৰ্ণভাৱে চলিব পৰাকৈ সম্পত্তি নাথাকে তেন্তে বিধৱা মহিলাৰ ক্ষেত্ৰত এই অৱস্থা আৰু বেয়ালৈ গতি কৰে।

বিধান

১২) ভাৰতৰ সংবিধানত বয়োজেষ্ঠ লোকসকলৰ ভালৰ বাবে বিধান আছে। অনুচ্ছেদ ৪১ ত থকা ডাইৰেক্টিভ প্ৰিন্সিপুলছ অফ ষ্টেট পলিচিত ৰাজ্য চৰকাৰক নিৰ্দেশিত কৰা হৈছে যে সীমিত অৰ্থনৈতিক ব্যৱস্থা আৰু উন্নয়নৰ ভিতৰতেই বৃদ্ধ লোকসকলৰ বাবেই ৰাজহুৱা অৰ্থ সাহাৰ্য্যৰ অধিকাৰ কাৰ্য্যকৰীভাৱে হোৱাকৈ ব্যৱস্থা ৰাখিব লাগিব। ইয়াত অন্যান্য সা-সুবিধাও আছে। যিবোৰে ৰাজ্য চৰকাৰক বয়োজেষ্ঠ নাগৰিকসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে। সংবিধানে মৌলিক অধিকাৰৰ হিচাপে সম অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰিছে। এই সুবিধাসমূহ বয়োজেষ্ঠ লোকসকলৰ ক্ষেত্ৰতো সমভাৱে প্ৰযোজ্য হয়। সামাজিক সুৰক্ষা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ সহবৰ্তি দ্বায়বদ্ধতা হিচাপে উল্লেখ কৰা হৈছে।

১৩) যোৱা দুটা দশকত বয়োজেষ্ঠ লোকসকলৰ প্ৰভাৱত জনসংখ্যা তাত্বিক সালসলনি আৰু সামাজিক অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তনকলৈ যথেষ্ঠ আলোচনা আৰু তৰ্ক বিতৰ্ক হৈছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯১ চনত ইউনাইটেড নেচনছ প্ৰিন্সিপুলছ ফৰ ওল্ডাৰ পাৰ্ছন গ্ৰহণ কৰে। বয়স বৃদ্ধি আৰু ২০০১ চনত বয়োজেষ্ঠসকলৰ বাবে গোলকীয় লক্ষ্যসমূহ সাধাৰণ পৰিষদে ঘোষণা কৰে আৰু ১৯৯২ ত গ্ৰহণ কৰে। ইয়াৰ পিছতো সময়ে সময়ে বহুবোৰ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে যিসমূহৰে এই বিষয়ত চৰকাৰসমূহত নিজাববীয়াকৈ আঁচনি আৰু কাৰ্য্যসূচীসমূহ প্ৰস্তুত কৰা উদগনি যোগাই আহিছে।

১৪) বহু বছৰৰ পৰাই বৃদ্ধ লোকসকলে যাতে পৰিচয় হীনতাত নুভোগে আৰু তেওঁলোকক যাতে ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষিতত চোৱা হয় তাৰ বাবে ৰাজ্যসমূহত নীতিগত ঘোষণাৰ চাহিদা আছিল। এই প্ৰয়োজনীয়তাসমূহ ইচ্ছাকৃতভাৱে পৃথক পৃথক গোটত আলোচনা কৰা হৈছে। এই ঘোষণাত আঁচনিৰ মূল বিষয়সমূহ, নিৰ্দেশনাসমূহ, পূৰণ কৰিব লগা প্ৰয়োজনীয়তাসমূহ আৰু এই বিষয়ক চৰকাৰ আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ ভূমিকা আৰু সংশ্লিষ্ট কাৰ্য্যক্ষেত্ৰ আৰু কাৰ্য্যসমূহৰ যোগেৰে যাতে বয়োজেষ্ঠসকলক সমাজৰ লগত জড়িত কৰি ৰাখিব পাৰি তাৰ নিৰ্দেশনা আছে।

ৰাষ্ট্ৰীয় নীতি ঘোষণা

১৫) বয়োজেষ্ঠ লোকসকলৰ লগত জড়িত বিষয়সমূহ যে, ৰাষ্ট্ৰীয় বিষয় সেইটো নিশ্চয় কৰিবলৈ আৰু বয়োজেষ্ঠ লোকসকল যাতে অসুৰক্ষিত, অৱহেলা বা পৃথকভাৱে ৰখা নহয় তাৰ বাবে ৰাষ্ট্ৰীয় নীতিৰ প্ৰয়োজনীয়তা আছে। ৰাষ্ট্ৰীয় নীতিৰ মূল লক্ষ্য হ’ল বয়োজেষ্ঠ লোকসকলৰ সৰ্বাঙ্গীন উন্নতি কৰা। ইয়াৰ লক্ষ্য হ’ল বয়োজেষ্ঠ লোকসকলৰ স্থান সমাজত ন্যায় সংগতভাৱে শক্তিশালী কৰি তোলা আৰু জীৱনৰ অন্তিম ক্ষণলৈকে উদ্দেশ্য, সন্মান আৰু শান্তিৰে জীৱন কটাবলৈ সহায় আগবঢ়োৱা।

১৬) এই নীতি অনুসৰি ৰাজ্য সমূহে বয়োজেষ্ঠ নাগৰিকক আৰ্থিক সুৰক্ষা, স্বাস্থ্য যত্ন, আৱাস গৃহ, কল্যাণ আৰু আন প্ৰয়োজনীয়তাসমূহ আগবঢ়াব, অত্যাচাৰ আৰু লুন্ঠনৰ পৰা সুৰক্ষা প্ৰদান কৰিব, বৃদ্ধ লোকসকললৈ বিভিন্ন উন্নয়নৰ সুযোগসমূহ উপলব্ধ কৰিব, তেওঁলোকে যাতে তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰিব পাৰে তেনে কাৰ্য্যসূচীসমূহত তেওঁলোকৰ অংশগ্ৰহণ বিচৰা। কিছুমান বহল আদৰ্শৰ ভেটিত এই নীতি প্ৰস্তুত কৰা হৈছে।

১৭) এই নীতিয়ে বয়োজেষ্ঠ লোকসকলৰ বাবে যোগাত্মক কাম-কাজ কৰাৰ প্ৰয়োজনীয়তাক গুৰুত্ব প্ৰদান কৰে। বৃদ্ধ লোকৰ অধিকাৰসমূহ যাতে ভংগ কৰা নহয় আৰু তেওঁলোকে যাতে উন্নয়নৰ লাভালাভসমূহ, বিভিন্ন ক্ষেত্ৰৰ উন্নয়নসমূহ, বিভিন্ন কাৰ্য্যসূচী আৰু গ্ৰামাঞ্চলত থকা বৃদ্ধলোকসকলৰ বাবে গ্ৰহণ কৰা প্ৰশাসনিক ব্যৱস্থাসমূহৰ সুযোগ আৰু সম অংশ লাভ কৰে সেইটো নিশ্চিত কৰিব লাগে। বয়োজেষ্ঠ মহিলাসকল যাতে অধিকভাৱে অৱহেলাৰ বলি নহয় আৰু লিংগ বিধৱা আৰু বয়সৰ ভিত্তিত ভেদভাৱৰ বলি নহয় তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে।

১৮) এই নীতিত জীৱন বিত্তটোক এটা বিৰামহীন হিচাপে চোৱা হয় আৰু ইয়াত জীৱনৰ ৬০ টা দশা জড়িত হৈ থাকে। এই নীতিৰ মতে আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বয়স ৬০ বছৰ বুলি ধৰা নহয়। এই নীতিয়ে ৬০ বছৰতকৈ অধিক বয়সৰ পিছত এটা দশা আৰম্ভ হোৱাতো বুজায় য’ত কোনো এজন ব্যক্তিৰ বাচনি কৰাৰ ক্ষমতা আৰু সক্ৰিয়, সৃষ্টিশীল, গঠনমূলক আৰু সন্তুষ্টিমূলক জীৱন এটা গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰে। সেয়েহে অতি গুৰুত্বপূৰ্ণ বিষয়টো হ’ল বৃদ্ধ লোকসকলক কেৱল যত্ন লোৱাৰ সলনি তেওঁলোকক সক্ৰিয় আৰু গঠনমূলক কাৰ্য্যত জড়িত কৰিব লাগে।

১৯) এই নীতিয়ে বয়স সংহত সমাজ এখনৰ গুৰুত্ব প্ৰদান কৰে। ই প্ৰজন্মৰ মাজত বান্ধোন শক্তিশালী কৰা, দুয়োফালৰ পৰা আলোচনাৰ সুযোগ প্ৰদান আৰু যুৱ বৃদ্ধসকলৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা চলায়। বয়োজেষ্ঠ লোকৰ বাবে যত্ন লোৱাত পৰিয়ালসমূহ যাতে শক্তিশালী হয় আৰু তেওঁলোকে যাতে তেওঁলোকৰ পৰিয়ালৰ সৈতে বসবাস কৰিব পাৰে তাৰ বাবে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সামাজিক সাহাৰ্য্য প্ৰক্ৰিয়া এটা বিকাশ কৰাত এই নীতিয়ে বিশ্বাস কৰে।

২০) এই নীতিৰ মতে বয়োজেষ্ঠ লোকসকলো এক সমল হ’ব পাৰে। এওঁলোকে নিজৰ পৰিয়াল বা বাহিৰতো যথেষ্ট প্ৰয়োজনীয় সেৱা আগবঢ়াব পাৰে। তেওঁলোক কেৱল সামগ্ৰী আৰু সেৱাৰ উপভোক্তা নহয়। তেওঁলোক উৎপাদকো। তেওঁলোকে যাতে অধিক কাৰ্য্যকৰীভাৱে পৰিয়াল, সম্প্ৰদায় আৰু সমাজলৈ অৰিহণা অব্যাহত ৰাখিব পাৰে তাৰ বাবে উপযুক্ত সুযোগ আৰু সুবিধা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে।

২১) এই নীতিয়ে বিশ্বাস কৰে যে বয়োজেষ্ঠ লোকসকলক সৱলীকৃত কৰিলে তেওঁলোকে নিজৰ জীৱনৰ ওপৰত উন্নত নিয়ন্ত্ৰণ ৰাখিব পাৰিব আৰু সিদ্ধান্ত গ্ৰহণত সক্ৰিয় অংশ ল’ব পাৰিব যাৰ প্ৰভাৱত তেওঁলোকৰ নিজৰ ভাল হোৱাৰ লগতে বিকাশৰ বিভিন্ন বিষয়ত সম অংশিদাৰ হ’ব পাৰিব। সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত এওঁলোকক জড়িতকৰণ এইকাৰণেই কৰিব লাগে কিয়নো মুঠ ভোট দাতাৰ ১২ শতাংশ এইসকলে অধিকাৰ কৰি আছে যি পৰিমাণ আগত বৰ্ষবিলাকত অনুপাতিক হিচাপে বৃদ্ধি পাব।

২২) এই নীতিয়ে ৰাজ্যৰ বাজেটৰ এক বৃহৎ অংশ বয়োজেষ্ঠসকলৰ বাবে আবন্তন দিয়াত গুৰুত্ব প্ৰদান কৰে আৰু গ্ৰাম্য আৰু নগৰীয়া অঞ্চলৰ দুখীয়া লোকসকলৰ প্ৰতি গুৰুত্ব দিয়াতো বিচাৰে। তথাপিও ৰাজ্যই অকলে ৰাষ্ট্ৰীয় নীতিৰ উদ্দেশ্যসমূহত উপনীত হোৱাতো সম্ভৱো নহয় আৰু আশা কৰিবও নোৱাৰি। ব্যক্তিবিশেষ, পৰিয়াল, সম্প্ৰদায় আৰু সামাজিক প্ৰতিষ্ঠানসমূহে এই ক্ষেত্ৰত অংশিদাৰ হিচাপে যোগ দিব লাগিব।

২৩) এই নীতিয়ে বয়োজেষ্ঠ ব্যক্তিসকললৈ সামাজিক আৰু সাম্প্ৰদায়িক সেৱাসমূহ বৃদ্ধি কৰা, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ গম্যতাৰ দক্ষতা বৃদ্ধি, সমাজ-সংস্কৃতি, অৰ্থনৈতিক আৰু বাস্তৱিক বাধাসমূহ আতঁৰ কৰা, ব্যক্তিবিশেষে সেৱা আগবঢ়োৱা, ব্যৱহাৰত সুগম। বিশেষভাৱে যিবোৰ গ্ৰামাঞ্চলত ৪ ভাগৰ ৩ অংশ জনসংখ্যা বৃদ্ধ হয় সেই অঞ্চলসমূহ আৱৰ্তত আনিবলৈ বিশেষভাৱে চেষ্টা হাতত ল’ব লাগে।

২৪) বৃদ্ধ অৱস্থাৰ লগত জড়িত এটা ডাঙৰ দুশ্চিন্তা হ’ল আৰ্থিক অসুৰক্ষা। যেতিয়া এই বিষয়টো ৩ ভাগৰ ১ অংশ দাৰিদ্ৰ সীমাৰেখাৰ তলত থকা জনসংখ্যাৰ ক্ষেত্ৰত ভবা হয় আৰু ইয়াৰে প্ৰায় ৩ ভাগৰ ১ অংশ দাৰিদ্ৰ সীমাৰেখাৰ ওপৰত কিন্তু নিম্ন আয় গোটৰ হয় সেই ক্ষেত্ৰত জনসংখ্যাৰ ৩ ভাগৰ ২ অংশ ৬০ বছৰৰ ওপৰৰ লোকৰ আৰ্থিক অৱস্থাতো অতি লেহেকা হৈ পৰে। কিছু পৰ্য্যায়ত বৃদ্ধ বয়সত উপাৰ্জনৰ সুৰক্ষা বিষয়টো অতি উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে। বিভিন্ন উপাৰ্জনৰ পথ এই নীতিৰ অধীনত উদ্ভৱ কৰিব লাগে।

২৫) দাৰিদ্ৰ সীমাৰেখাৰ তলৰ বয়োজেষ্ঠ লোকসকলৰ বৃদ্ধকালীন পেন্সনে কিছু সকাহ প্ৰদান কৰে। দাৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো বয়োজেষ্ঠ লোকক বৃদ্ধকালীন পেন্সন আঁচনিৰ আওঁতালৈ অনালৈকে দুখীয়া লোকলৈ ১৯৯৭ ৰ জানুৱাৰীৰ পৰা লক্ষণীয়ভাৱে ২.৭৬ নিযুত লোকলৈ সম্প্ৰসাৰিত কৰা হৈছে। সমান্তৰালভাৱে এইটো প্ৰয়োজনীয় যে পেন্সন প্ৰদানত পলম হোৱা আৰু হিতাধিকাৰী চিনাক্তকৰণ আৰু ধন প্ৰদানৰ ক্ষেত্ৰত থকা বেমেজালিবিলাক আতঁৰ কৰা। মাহেকীয়া পেন্সনৰ পৰিমাণ মুদ্ৰাস্প্ৰীতিৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পুনৰ নিৰ্ধাৰণ কৰা দৰকাৰ। ইয়াৰ লগতে ৰাজহুৱা বিতৰণ ব্যৱস্থাত দাৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা বছৰতকৈ অধিক বয়্স হোৱা লোকসকলক সামৰি ল’ব লাগে।

২৬)চৰকাৰী, অৰ্ধ-চৰকাৰী আৰু উদ্যোগসমূহৰ কৰ্মীসকলে যাতে ভৱিষ্যনিধি পুঁজিৰ পৰা ভাল ধন ঘূৰাই পায় তাৰ বাবে নিৰাপদ বিনিয়োগ কৰিব লাগে। ইয়াৰ লগত জড়িত বিষয়সমূহ অতি সতৰ্কতাৰে সিদ্ধান্ত ল’ব লাগে। পেন্সন, ভৱিষ্যনিধিৰ ধন, বেতন উপাদান আৰু আন অৱসৰকালীন পাব লগা সা-সুবিধাসমূহ যাতে প্ৰশাসনিক অদূৰদৰ্শিতাৰ বাবে ব্যক্তিজনে লাভ কৰা পলম নহয় সেই বিষয়টো নিশ্চয়তা ৰাখিব লাগে। এনে পলম হোৱা কাৰ্য্যৰ বাবে দ্বায়বদ্ধতা নিৰ্দিষ্টকৈ থাকিব লাগিব। অৱসৰ পোৱা লোকজনে যাতে তৎকালীনভাৱে, সৌহাদ্যমূলক আৰু মানৱীয়তাসহ ওজৰ নিষ্পত্তি পাব পাৰে তাৰো নিশ্চয়তা ৰাখিব লাগে। বিধৱা লোকৰ ক্ষেত্ৰত তেওঁৰ নিজৰ বা তেওঁৰ স্বামীৰ এনে বিষয়বোৰৰ ক্ষেত্ৰত বিশেষ তৎপৰতাৰে ব্যৱস্থা ল’ব লাগে।

২৭) উপাৰ্জন সুৰক্ষা আঁচনিৰ পিছতেই পেন্সন অতি প্ৰয়োজনীয়। পেন্সনৰ ভিত্তি ক্ৰমান্বয়ে বৃদ্ধি কৰিব লাগে। ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহত স্ব-নিয়োজিত আৰু বেতনপ্ৰাপ্ত ব্যক্তিৰ বাবে পেন্সনৰ আঁচনিৰ সুবিধা অত্যাৱশ্যকীয় হ’ব লাগে। এই সমূহত কৰ্মচাৰীৰ অৰিহণাৰ ব্যৱস্থাও ৰাখিব লাগে। এই আঁচনিখনত সম্পূৰ্ণ সুৰক্ষা, নমনীয়তা, তৰলীকৰণ আৰু সৰ্বাধিক ঘূৰাই পোৱাৰ সুবিধাসমূহ গ্ৰহণ কৰিব লাগে। পেন্সন পুঁজিটো এক ক্ষমতাশালী নিয়ামক কৰ্তৃত্বৰ অধীনত বিনিয়োগৰ নিয়ম আৰু শক্তিশালী সুৰক্ষাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিব লাগে।

২৮) চিকিৎসা আৰু পৰিচৰ্য্যা যত্ন, যাতায়ত আৰু বৃহৎ প্ৰয়োজনীয় সহায়ক সেৱাসমূহৰ অধিক খৰছৰ বিষয়টো কৰ আৰোপে বয়োজেষ্ঠ লোকৰ ক্ষেত্ৰত স্পৰ্শকাতঁৰতা প্ৰতিফলিত কৰে। বয়োজেষ্ঠ নাগৰিকৰ সংগঠনসমূহে সেয়েহে কৰ ৰেহাই আৰু চিকিৎসা খৰছ, চিকিৎসালয়ৰ খৰছ আদিৰ ক্ষেত্ৰত বাৰ্ষিক কৰ ৰেহাইৰ বাবে দাবী উত্থাপন কৰিব পাৰে। যেতিয়া বৃদ্ধ মাক-দেউতাক একেলগে থাকে আৰু তেওঁলোকৰ চিকিৎসা খৰছ আদিৰ ক্ষেত্ৰত পুত্ৰ বা কন্যাকো কিছু পৰিমাণৰ কৰৰ পৰা ৰেহাই দিবলৈ দাবী উত্থাপন হোৱা দেখা যায়। এনে বিভিন্ন কৰ মুক্তৰ প্ৰস্তাৱসমূহ বিবেচনা কৰিব লাগে।

২৯) গ্ৰামীন আৰু নগৰীয়া দুয়োটা অঞ্চলৰ বাবেই দীৰ্ঘম্যাদী সঞ্চয় আহিলাসমূহৰ উপলব্ধতা প্ৰবৰ্ধন কৰিব লাগে। জমা থোৱা ধনসমূহ নিৰ্দিষ্ট সময়ৰ পিছত আকৰ্ষণীয়ভাৱে যাতে ঘূৰাই পায় আৰু তাৰে যাতে ক্ৰয় কৰাৰ ক্ষমতা লাভ কৰে। সেই নিশ্চয়তা উপলব্ধি কৰিব পৰাতো অতি প্ৰয়োজনীয় কথা। সক্ৰিয় বৰ্ষসমূহত উপাৰ্জন কৰা ধন বৃদ্ধ বয়্সৰ আৰ্থিক সুৰক্ষাৰ বাবে জমা কৰিবলৈ উপাৰ্জনকাৰীসকলক উদ্বোধ কৰিব লাগে। অৱসৰৰ পূৰ্বেই আলোচনা সভা বা পৰামৰ্শ কাৰ্য্যসূচীয়ে এই ক্ষেত্ৰত সহায়ক হ’ব।

৩১) অৱসৰৰ পিছত উপাৰ্জন সৃষ্টিৰ কাৰ্য্যসূচীত জড়িত হোৱা বিষয়টো ব্যক্তিবিশেষৰ পছন্দৰ মতে হ’ব লাগিব। এই বিষয়ত পেশাগত দিকদৰ্শন, প্ৰশিক্ষণ, পৰিচিতি আৰু সহায়ক সেৱা আগবঢ়োৱা সংগঠনসমূহক অৰ্থসাহাৰ্য্য আগবঢ়োৱা হ’ব। বৃদ্ধ লোকৰ বাবে আয় সৃষ্টিৰ কাৰ্য্যসূচী হাতত লোৱাত বেচৰকাৰী সংগঠনসমূহক উৎসাহিত কৰা হ’ব। ঋণ লাভ, বজাৰ আৰু আন সুবিধা লাভৰ ক্ষেত্ৰত থকা বয়সৰ বৈষম্যতা আতঁৰোৱা হ’ব। বিশেষকৈ ঘৰুৱা বা ক্ষুদ্ৰ উদ্যোগৰ বয়োজেষ্ঠ কৰ্মীসকলৰ ক্ষেত্ৰত সমন্বয় গঠন আঁচনিয়ে প্ৰভাৱিত কৰিব পাৰে। সেয়েহে তেওঁলোকৰ আগ্ৰহক সুৰক্ষা প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

৩২) ক্ৰিমিনেল প্ৰচিডিউৰ কোডৰ ধাৰা ১২৫ অনুসৰি পিতৃ-মাতৃক সন্তানে ভৰণ-পোষণ দিয়াৰ সকলো ব্যৱস্থা ৰখা হৈছে। হিন্দু এদপছন এণ্ড মেনটেনেন্স এক্ট ১৯৫৬ টো পিতৃ-মাতৃৰ অধিকাৰ সুৰক্ষিত কৰিছে। এই বিধানসমূহ সৰলীকৃত কৰা দ্ৰুতভাৱে সাহাৰ্য্য প্ৰদান কৰা বিষয়সমূহ আগবঢ়ায় নিবলৈ সু-ব্যৱস্থা গঢ়ি তোলা আৰু অধিকাৰৰ বাখ্যা আৰু পৰিস্থিতি ব্যাপকভাৱে গঢ়ি তুলিবলৈ হিমাচল প্ৰদেশৰ বিধান সভাই, হিমাচল প্ৰদেশ মেনটেনেন্স অফ পেৰেন্স এণ্ড ডিপেণ্ডেন্স বিল ১৯৯৬ গ্ৰহণ কৰিছে। মহাৰাষ্ট্ৰ চৰকাৰেও একেধৰণৰ খচৰা এখন প্ৰস্তুত কৰিছে। নিজে নিজক ভৰণ-পোষণ ধৰিব নোৱাৰা বৃদ্ধ পিতৃ-মাতৃয়ে যাতে নিজকে পৰিতক্ত আৰু অৱহেলাৰ পাত্ৰ হ’ব নালাগে তাৰ বাবে এনে ধৰণৰ আইন গ্ৰহণ কৰিবলৈ আন ৰাজ্যসমূহকো উৎসাহিত কৰা হ’ব।

স্বাস্থ্যৰ যত্ন আৰু পৰিপুষ্টি

৩৩) বয়স বৃদ্ধি হোৱাৰ লগে লগে বৃদ্ধ লোকসকলৰ স্বাস্থ্য আৰু ইয়াৰ লগত জড়িত আন সমস্যা কিছুমানৰ সৃষ্টি হয়। ইয়াৰে কিছুমান দীৰ্ঘম্যাদী, একাধিক ধৰণৰ, অবিৰত মনোযোগ আৰু অক্ষমতাৰ আশংকা আৰু শাৰিৰীক ক্ষতিৰ আশংকাযুক্তও হ’ব পাৰে। বিশেষকৈ কিছুমান স্বাস্থ্য সমস্যাৰ লগত যেতিয়া স্বাভাৱিক কাম-কাজত ব্যাঘাত হোৱা ধৰণৰ হয় তেতিয়া তেনে ৰোগৰ বাবে দীৰ্ঘম্যাদী ব্যৱস্থাপনা আৰু পৰিচৰ্য্যাৰ প্ৰয়োজন হয়।

৩৪) বৃদ্ধ লোকৰ স্বাস্থ্য যত্নৰ প্ৰয়োজনীয়তাক উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে। ইয়াৰ লক্ষ্য হ’ব লাগে ভাল সামৰ্থ্যযোগ্য স্বাস্থ্যসেৱা, আনতকৈ দুখীয়া আৰু বৃদ্ধলোকৰ বাবে অতি বেছি ৰেহাইৰ ব্যৱস্থা থাকিব লাগিব। জনস্বাস্থ্য সেৱা, স্বাস্থ্য বীমা, লাভ নোলোৱাকৈ স্বাস্থ্য সেৱা আগবঢ়োৱা প্ৰতিষ্ঠান যেনে, ন্যাস আৰু দাতব্যসহ আৰু ব্যক্তিগত স্বাস্থ্য যত্নৰ প্ৰতিষ্ঠানসমূহৰ মাজত এটা আইনগত সমিল মিলৰ ব্যৱস্থা থকাৰ প্ৰয়োজন। এই ক্ষেত্ৰত প্ৰথমতে ৰাজ্য অংশগ্ৰহণ। দ্বিতীয়তে, ৰাজ্যই প্ৰবৰ্ধন কৰিব লগা সমূহ আৰু তৃতীয়তে কিছু অৰ্থসাহাৰ্য্য, ৰেহাই আৰু সাহাৰ্য্য প্ৰদান আৰু চতুৰ্থ ব্যক্তিগত যত্ন আগবঢ়োৱা সকলৰ নিয়ামকৰ বাবে এটা সংগঠন গঢ়ি তোলা।

৩৫) জনস্বাস্থ্য সেৱাৰ প্ৰাথমিক গঠন হ’ল প্ৰাথমিক স্বাস্থ্য যত্নৰ ব্যৱস্থাতো। জনস্বাস্থ্য সেৱা প্ৰদানৰ লগতে বৃদ্ধ লোকসকলৰ স্বাস্থ্য যত্নৰ প্ৰয়োজনীয় সেৱা আগবঢ়োৱা, প্ৰতিৰোধক প্ৰদান কৰা, আৰোগ্যকৰণ, পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনা আৰু পুনৰ সংস্থাপন প্ৰদান কৰিব পৰাকৈ এই সমূহক শক্তিশালী কৰি তোলা, প্ৰয়োজনসাপেক্ষে বহলাই নিয়া আৰু শক্তিশালী কৰাৰ লগতে দ্বিতীয় আৰু তৃতীয় স্তৰত বৃদ্ধৱস্থাৰ ৰোগসমূহৰ যত্নৰ সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা থাকিব লাগে। ই অতি বৃহৎ ৰাজহুৱা ক্ষেত্ৰৰ স্বাস্থ্য যত্ন প্ৰদান কৰা কেন্দ্ৰ, গ্ৰামীন আৰু নগৰ অঞ্চলত যথোপযুক্ত সেৱা প্ৰদানকাৰী আৰু অতি উত্তম স্বাস্থ্য প্ৰশাসন আৰু প্ৰদানকাৰী প্ৰক্ৰিয়া হিচাপে গঢ়ি তুলিব লাগিব।

৩৬) বিভিন্ন শ্ৰেণীৰ উপাৰ্জনকাৰী লোকৰ বাবে প্ৰয়োজনীয় আৰু বিভিন্ন ধৰণৰ অৰিহণাৰ সুবিধা আৰু লাভালাভ থকা স্বাস্থ্য বীমাৰ ব্যৱস্থা গঢ়ি তোলাতো উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব। কম উপাৰ্জন কৰা গোটসমূহৰ বাবে ৰাজ সাহাৰ্য্যৰ ব্যৱস্থা থাকিব লাগে। আওঁতালৈ অনা ভেটি বৃদ্ধি কৰিবলৈ আৰু এইবোৰ সকলোৰে সামৰ্থ্যযোগ্য কৰিবলৈ স্বাস্থ্য বীমা বিভিন্ন ধৰণৰ সাহাৰ্য্য আৰু ৰেহাইৰ ব্যৱস্থা থাকিব।

৩৭)অতি দুখীয়া বৃদ্ধ লোকসকললৈ বিনামূলীয়া বিছনা, ঔষধ আৰু চিকিৎসা সেৱা আগবঢ়োৱা আৰু আন সকলৰ বাবে কম পৰিমাণৰ মূল্যৰ বিনিময়ত এনে সেৱা আগবঢ়োৱা ন্যাস, দাতব্য সমিতি আৰু স্বেচ্ছাসেৱী সংগঠনসমূহক প্ৰবৰ্ধন, উৎসাসাহিত আৰু অনুদান, কৰ ৰেহাই আৰু ৰাজ সাহাৰ্য্যসহ ভূমি প্ৰদানৰ বাবে সহায় আগবঢ়োৱা হ’ব।

৩৮) যিসকলৰ সামৰ্থ্য আছে তেওঁলোকৰ বাবে ব্যক্তিগত চিকিৎসা যত্নৰ ক্ষেত্ৰত শেহতীয়া চিকিৎসা প্ৰদানৰ সুবিধা আগবঢ়োৱা হৈছে। বজাৰৰ মূল্যতকৈ কম দামত ভূমি আৰু আন সুবিধাসমূহ প্ৰদান কৰি এনে ব্যক্তিগত চিকিৎসালয় আৰু পৰিচৰ্য্যা গৃহসমূহত বৃদ্ধ ৰোগীসকলৰ বাবে ৰেহাই মূল্যত চিকিৎসা সেৱা আগবঢ়াবলৈ অনুৰোধ কৰিব পৰা যায়। ব্যক্তিগত সাধাৰণ চিকিৎসকসকলক বৃদ্ধ বয়সৰ যত্নৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ সুযোগ প্ৰদান কৰিব লাগে।

৩৯) ৰাজহুৱা চিকিৎসালয়সমূহত বয়োজেষ্ঠ ৰোগীক যাতে অধিক সময় অপেক্ষা কৰিব নালাগে আৰু চিকিৎসাগত পৰীক্ষা আৰু চিকিৎসাৰ বাবে আন কোঠালীলৈ যাব লগা নহয় সেইটো নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। তেওঁলোকৰ বাবে পৃথক কোঠাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰা উচিত আৰু নিৰ্দিষ্ট দিনবোৰত সুবিধাজনক সময়ৰ ব্যৱস্থা থাকিব লাগে। বৃদ্ধাৱস্থাৰ ৰোগসমূহৰ বাবে পৃথক ৱাৰ্ড স্থাপন কৰা হ’ব।

৪০) প্ৰাথমিক দ্বিতীয় আৰু তৃতীয় স্বাস্থ্য যত্নৰ সুবিধাৰ লগত জড়িত চিকিৎসা আৰু অৰ্ধ চিকিৎসা ব্যক্তিসকলক বয়োজেষ্ঠ লোকৰ যত্ন সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হব। চিকিৎসা মহাবিদ্যালয়সমূহত বৃদ্ধ অৱস্থাৰ ৰোগসমূহৰ ঔষধৰ বিষয়ে বিশেষ অধ্যয়নৰ সুবিধা প্ৰদান কৰা হ’ব। পৰিচৰ্য্যাৰ ভিতৰত বৃদ্ধাৱস্থা ৰোগৰ ভিতৰত যত্ন সন্নিৱিষ্ট কৰা হ’ব। বৃদ্ধ লোকসকলে দূৰত্ব, সহায়কাৰী নথকা আৰু যাতায়তী অসুবিধাৰ বাবে স্বাস্থ্য সেৱাৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰে। ৰাজহুৱা স্বাস্থ্য যত্নৰ সুবিধাসমূহত উপস্থিত হোৱাৰ ক্ষেত্ৰত অসুবিধা হোৱাৰ বাবে তেনেবোৰ ঠাইত চলন্ত স্বাস্থ্য সেৱা, বিশেষ শিবিৰ আৰু এম্বুলেন্সৰ সেৱা দাতব্য প্ৰতিষ্ঠান আৰু লাভবিহীন স্বাস্থ্য যত্ন আগবঢ়োৱা সংগঠনসমূহৰ যোগেৰে কাৰ্য্যকৰী কৰা হ’ব। দুখীয়া বয়োজেষ্ঠ ৰোগীলৈ বিনামূলীয়া চিকিৎসা আৰু ঔষধ আগবঢ়োৱাৰ বাবে বৰঙণি আৰু অনুদান যোগেৰে পোৱা ধনেৰে এটা পৃথক কল্যাণ পুঁজিৰ ব্যৱস্থা কৰিবলৈ চিকিৎসালয়সমূহত উৎসাহিত কৰা হ’ব।

৪১) যিসকল বয়োজেষ্ঠ লোক দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত আৰু পৰিয়ালৰ সাহাৰ্য্যৰ পৰা বঞ্চিত তেওঁলোকক ৰাজ্য চৰকাৰ, ৰাজহুৱা দাতব্য আৰু স্বেচ্ছাসেৱী সংগঠনৰ সহায় আৱশ্যক হৈ পৰে। পৰিতক্ত দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বয়োজেষ্ঠ ৰোগীক ৰাজহুৱা চিকিৎসালয়ত এনে সংগঠনবোৰেই ভৰ্ত্তি কৰোৱাৰ প্ৰয়োজনীয়তা আছে।

৪২) বৃদ্ধকালীন স্বাস্থ্য যত্ন সমিতিসমূহ লৈ বৃদ্ধ লোকৰ বাবে স্ব-যত্নৰ সামগ্ৰী প্ৰস্তুত কৰা আৰু বিতৰণ কৰাৰ বাবে অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হব। বৃদ্ধলোকক স্বাস্থ্য যত্ন আগবঢ়োৱা সকলৰ বাবে সহজ নিৰ্দেশনা থকা স্বাস্থ্য আৰু পৰিচৰ্য্যা যত্নৰ আহিলাৰ প্ৰস্তুতি আৰু বিতৰণৰ বাবেও অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হ’ব।

৪৩) বয়োজেষ্ঠ লোক আৰু তেওঁলোকৰ পৰিয়াললৈ বৃদ্ধ বয়সত প্ৰয়োজনীয় পৰিপুষ্টি সম্পৰ্কীয় শৈক্ষিক সামগ্ৰী আগবঢ়োৱা হ’ব। কেনেধৰণৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু কোনবোৰ সঠিক খাদ্য খাব লাগে সেই তথ্য ইয়াত উপলব্ধ হব। স্থানীয়ভাৱে উপলব্ধ সামৰ্থ্যযুক্ত পাচলি, শস্যদানা, ফল-মূল আদিৰে কেনেদৰে পুষ্টিগত, সোঁৱাদযুক্ত আৰু পৰিয়ালৰ আহাৰৰ লগত খাপ-খোৱা ৰন্ধন প্ৰণালী ব্যৱহাৰ কৰিব পাৰি সেই তথ্যও আলোচনা কৰা হ’ব।

৪৪) স্বাস্থ্যকৰ বৃদ্ধাৱস্থাৰ ধাৰণাক প্ৰবৰ্ধন কৰা হ’ব। ৰোগে যে ব্যক্তিৰ বয়স বৃদ্ধি কৰি নোতোলে আৰু স্বাস্থ্য অৱস্থাত নিম্নগামী হোৱাৰ যে কোনো নিৰ্দিষ্ট বয়স নাই সেই সম্পৰ্কে বয়োজেষ্ঠ লোক আৰু তেওঁলোকৰ পৰিয়ালৰ শিক্ষিত কৰি তোলাৰ দৰকাৰ। এই ক্ষেত্ৰত প্ৰতিষেধক স্বাস্থ্য যত্ন আৰু তৎকাল ৰোগ নিৰ্ণয়ে এজন ব্যক্তিৰ তুলনামূলকভাৱে স্বাস্থ্য ভালে থকা আৰু অক্ষমতা প্ৰতিৰোধ কৰাত সহায় কৰে।

৪৫) গণমাধ্যম, লোকমাধ্যম আৰু আন সমাজৰ বিভিন্ন জনসাধাৰণক ধুকি পোৱা যোগাযোগ মাধ্যমৰ যোগেৰে স্বাস্থ্য শিক্ষা কাৰ্য্যসূচীৰে শক্তিশালী কৰি তুলিব লাগে। ৰোগ ধাৰণ কৰা ক্ষমতা আৰু ঘৰতে চিকিৎসা সেৱা আগবঢ়োৱাৰ ব্যৱস্থা শক্তিশালী কৰা হ’ব। কম বয়সত কেনে ধৰণৰ জীৱন শৈলীৰে পাৰ কৰিলে পিছলৈ স্বাস্থ্যৰ অৱস্থা ভালে থাকে সেই সম্পৰ্কে কম বয়সীয়া আৰু মধ্য বয়সীয়া গোটৰ লোকসকলক জনাবলৈ কাৰ্য্যসূচী প্ৰস্তুত কৰা হ’ব। সমগ্ৰ জীৱন কাল কেনেদৰে সু-স্বাস্থ্যৰে কটাব পাৰি সেই সম্পৰ্কে জনোৱা হ’ব। সন্তলিত আহাৰ, শাৰিৰীক কচৰৎ, নিয়মীয়া অভ্যাস, মানসিক হেঁচা কমাই ৰখা, নিয়মীয়া স্বাস্থ্য পৰীক্ষা, জিৰণী আৰু বিনোদনৰ বাবে নিৰ্দিষ্ট সময় ৰখা, নিজৰ চখসমূহৰ বাবে সময় দিয়া আদিবোৰৰ গুৰুত্বতা জনোৱা হ’ব। যোগ, ধ্যান আৰু আৰাম প্ৰদানৰ পদ্ধতিসমূহ বিকাশ কৰা হ’ব আৰু যোগাযোগৰ বিভিন্ন মাধ্যমযোগে লক্ষিত দৰ্শকলৈ আগবঢ়োৱা হ’ব।

৪৬) মানসিক স্বাস্থ্য সেৱা প্ৰসাৰিত আৰু শক্তিশালী কৰা হ’ব। মানসিক স্বাস্থ্য সমস্যা থকা বয়োজেষ্ঠ লোকসকলৰ যত্ন আৰু চিকিৎসাৰ বিষয়ে পৰিয়ালবৰ্গলৈ পৰামৰ্শ আৰু তথ্যৰ সুবিধা আগবঢ়োৱা হ’ব।

৪৭) বেচৰকাৰী সংগঠনসমূহৰ লোকসকলক ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ সহায়ক হোৱাকৈ চলন্ত সেৱা, দিৱা যত্ন আৰু স্বাস্থ্য সেৱা আদিৰ বিষয়ে অৰ্থ সাহাৰ্য্য, প্ৰশিক্ষণ আৰু পৰিস্থিতিৰ বিষয়ে জ্ঞাত হ’ব পৰাকৈ উৎসাহিত কৰা হ’ব।

আশ্ৰয়স্থান

৪৮) আশ্ৰয়স্থান মানুহৰ এটা মৌলিক প্ৰয়োজনীয়তা। বিভিন্ন উপাৰ্জন স্তৰৰ লোকৰ গৃহৰ পৰিমাণ বৃদ্ধি পায় আহিছে। নগৰ আৰু গ্ৰামাঞ্চলৰ নিম্ন উপাৰ্জনশীল লোকসকলৰ বাবে থকা গৃহ আচনিৰ ১০ শতাংশ গৃহ বৃদ্ধ লোকসকলৰ বাবে আবন্তন দিয়া হৈছে। এইসমূহ ইন্দিৰা আৱাস যোজনা আৰু চৰকাৰৰ আন আঁচনিসমূহৰ লগত সন্নিৱিষ্ট কৰা হৈছে। উপাৰ্জনশীল ব্যক্তিসকলক উপাৰ্জন কৰি থকা সময়তে তেওঁলোকৰ নিজা গৃহৰ বাবে বিনিয়োগ কৰিবলৈ উদ্বোধ কৰা হয় যাতে বৃদ্ধ অৱস্থাত আশ্ৰয়ৰ সমস্যাৰ সৃষ্টি নহয়। ইয়াৰ বাবে প্ৰয়োজন দ্ৰুতভাৱে নগৰীয়া ভূমিসমূহ গৃহ নিৰ্মাণৰ বাবে উন্নত কৰি তোলা, সময় সাপেক্ষ জনসেৱাৰ ব্যৱস্থা আৰু যোগাযোগৰ সূত্ৰসমূহ, গ্ৰহণযোগ্য হাৰত ঋণৰ উপলব্ধতা, সহজ কিস্তিত ধন পৰিশোধৰ ব্যৱস্থা, সময় নিৰ্দিষ্ট গৃহ নিৰ্মাণৰ সূচী আৰু কৰমুক্ত ব্যৱস্থা। গৃহ নিৰ্মাণৰ ব্যৱস্থাটো ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ যুটীয়া হ’ব লাগে আৰু ইয়াত গৃহ উন্নয়ন নিগম আৰু স্থানীয় কৰ্তৃপক্ষই অংশ লোৱাৰ লগতে গৃহ বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত গৃহ নিৰ্মাণ প্ৰতিষ্ঠানসমূহো জড়িত হ’ব লাগে। বৃদ্ধলোকসকলে গৃহ নিৰ্মাণ আৰু বৃহৎ মেৰামতি তথা গৃহ ক্ৰয় কৰাৰ বাবে সহজে লাভ কৰিব পৰা ঋণৰ ব্যৱস্থা থাকিব লাগে আৰু সহজ পৰিশোধ কিস্তিৰ ব্যৱস্থা থাকিব লাগে।

৪৯) হাউচিং কলনিৰ গৃহ নিৰ্মাণৰ আৰ্হি বয়োজেষ্ঠ লোকসকলৰ জীৱনশৈলীৰ লগত খাপ খোৱা হ’ব লাগে। ঘূৰা-মেলা, বজাৰ সমাৰ কৰা, ৰাজহুৱা কেন্দ্ৰ, উদ্যান আৰু আন সেৱাসমূহৰ সহজ আৰু নিৰাপদ হোৱাৰ লগতে বৃদ্ধসকলৰ বাবে যাতে কোনো বাস্তৱিক বাধাৰ সৃষ্টি নহয় সেই বিষয়ে নিশ্চয়তা থাকিব লাগে। সকলোবোৰ বৃদ্ধলোকৰ বাবে থকা বহুমুখী কেন্দ্ৰ সামাজিক আলোচনা আৰু বৃদ্ধলোকসকলৰ বাবে প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব লগা ব্যৱস্থা থাকিব লাগে। সেইবাবেই এনে হাউচিং কলনিসমূহত বৃদ্ধ লোকসকলৰ বাবে পৃথককৈ এনে কেন্দ্ৰ ৰাখিব লাগিব। হাউচিং কলনিত বৃদ্ধলোকসকলক পৃথককৈ ৰখাৰ পৰা বিৰত থাকিব লাগে কিয়নো এনে কৰিলে আন সকলৰ লগত আলোচনা কৰাৰ পৰা বিৰত ৰখা হয়। লিফটৰ ব্যৱস্থা নথকা ৩ বা ৪ মহলাৰ গৃহ বৃদ্ধ লোকসকলৰ বাবে উপযুক্ত নহয়, ইয়ে বৃদ্ধলোকসকলক পৃথককৈ ৰাখে, নিজৰ ঘৰৰ বাহিৰত ফুৰা-চকা কৰাতো সীমিত কৰি পেলায়, আৰু বিভিন্ন সেৱা লাভ কৰাৰ ক্ষেত্ৰত জটিল বাধাৰ সৃষ্টি কৰে। বৃদ্ধলোকৰ ক্ষেত্ৰত পৃষ্ঠ গৃহতলত ঘৰ আবন্তনত অগ্ৰাধিকাৰ দিব লাগে।

৫০) বৃদ্ধলোকৰ বাবে পৃথক গৃহতকৈ উমৈহতীয়া সেৱা, খাদ্য, কাপোৰ ধোৱা ব্যৱস্থা, উমৈহতীয়া কোঠা আৰু জিৰণি কোঠাসহ দলগত গৃহ ব্যৱস্থাত অধিক উৎসাহিত কৰা হ’ব। এনে ক্ষেত্ৰত সামাজিক সেৱাসমূহ স্বাস্থ্য সেৱা, উদ্যান, বিনোদন আৰু সাংস্কৃতিক কেন্দ্ৰ ব্যৱহাৰ সহজ হৈ পৰিব।

৫১) বয়োজেষ্ঠ লোক আৰু তেওঁলোকৰ পৰিয়ালত দূৰ্ঘটনা প্ৰতিৰোধ আৰু সুৰক্ষা, কম শাৰিৰীক কষ্টৰে কৰিব পৰা কামসমূহ আদি সম্পৰ্কে তথ্যৰ সুবিধা আগবঢ়োৱা হ’ব।

৫৩) শব্দ আৰু আন ধৰণৰ প্ৰদূষণে শিশু, ৰুগীয়া লোক আৰু বয়োজেষ্ঠ লোকৰ ওপৰত অতি ক্ষতিকাৰক প্ৰভাৱ পেলায়। ইয়াৰ বাবে উপযুক্ত নিয়ম প্ৰস্তুত কৰিব লাগে আৰু কঠোৰভাৱে বলবৎ কৰিব লাগে।

৫৪) ৰাজহুৱা সা-সুবিধা আগবঢ়োৱা স্থানীয় কৰ্তৃপক্ষই বয়োজেষ্ঠ লোকসকলৰ অভিযোগসমূহ মনোযোগ প্ৰদান কৰাত উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে। সম্পত্তিৰ হস্তান্তৰকৰণ, ৰূপান্তৰ, সম্পত্তিৰ কৰ আৰু আন আন বিষয়ৰ লগত জড়িত ব্যৱস্থাসমূহত বৃদ্ধলোকৰ ক্ষেত্ৰত বিশেষভাৱে বিবেচনা কৰিব লাগে।

শিক্ষা

৫৫) বৃদ্ধলোকসকলৰ বাবে প্ৰয়োজন হোৱা শিক্ষা, প্ৰশিক্ষণ আৰু তথ্যসমূহ প্ৰদান কৰা হ’ব। অতীতত লাভ নকৰা বা মনোযোগ নিদিয়া বিষয়সমূহ ইয়াত সন্নিৱিষ্ট হ’ব। বৃদ্ধ লোকৰ জীৱনৰ লগত সংগতি থকা বিশেষ তথ্য আৰু শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰা হ’ব আৰু গণমাধ্যম আৰু আনুষ্ঠানিক আৰু অনানুষ্ঠানিক যোগাযোগ মাধ্যমসমূহেৰে বহলভাৱে প্ৰচাৰ কৰক। বৃদ্ধলোকসকলক যদিহে শিক্ষা, প্ৰশিক্ষণ আদিৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ কৰা হয় তেন্তে সেইসমূহ আতঁৰ কৰা হ’ব। অবিৰত শিক্ষা কাৰ্য্যসূচীত উৎসাহিত কৰা হ’ব আৰু সহায় আগবঢ়োৱা হ’ব। এই সমূহত পেশাগত বিকাশৰ পৰা সৃষ্টিমূলক কাৰ্য্যলৈকে, বিনোদন চিত্ৰকলা, সংস্কৃতি আৰু সামাজিক উত্তৰাধিকাৰ, সামাজিক কাম-কাজত দক্ষতা বৃদ্ধি, কল্যাণ মূলক কাম-কাজ আদিসমূহ থাকিব। দূৰ শিক্ষণ কৌশলসমূহ বিকাশ কৰিবলৈ মুক্ত বিশ্ববিদ্যালয়সমূহত আৰ্থিক অৱদান আগবঢ়োৱাৰ কথা ভবা হৈছে। বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক কেন্দ্ৰৰ পুথিভৰাঁলসমূহত বৃদ্ধলোকৰ বাবে সা-সুবিধা ৰখা হ’ব।

৫৭) আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাসমূহৰ পাঠ্যক্ৰমসমূহত আন্তঃপ্ৰজন্মৰ সম্পৰ্ক আৰু আন সম্পৰ্কসমূহ শক্তিশালী কৰাৰ সামগ্ৰী অন্তৰ্ভূক্ত কৰা হ’ব। বিজ্ঞান, কলা, পৰিৱেশ, আৰ্থসামাজিক, খেল-ধেমালি আৰু আন বিষয়ত পেশাগতভাৱে অৰ্হতা থকা আৰু জ্ঞান থকা বয়োজেষ্ঠ লোকসকলক শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ শিশু আৰু যুৱ ব্যক্তিসকলৰ লগত আলোচনাৰ ব্যৱস্থা কৰা হ’ব। বৃদ্ধ লোকসকলৰ লগত নিয়মীয়াকৈ আলোচনা কৰা, বয়োজেষ্ঠ নাগৰিকৰ কেন্দ্ৰ চলাই নিয়াত অংশগ্ৰহণ কৰা আৰু তেওঁলোকৰ বাবে কাম-কাজ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিদ্যালয়সমূহক উৎসাহিত কৰা হ’ব আৰু অৰ্থসাহাৰ্য্য আগবঢ়োৱা হ’ব। বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া আৰু জীৱন বিত্তৰ বিভিন্ন পৰ্য্যায়ত ভূমিকাৰ পৰিৱৰ্তন, দ্বায়বদ্ধতা আৰু সম্পৰ্কৰ বিষয়ে সকলো বয়সৰ ব্যক্তি, পৰিয়ালসমূহ আৰু সমাজক তথ্য আগবঢ়োৱা হ’ব। ঘৰৰ ভিতৰত বা বাহিৰত বৃদ্ধ লোকসকলে আগবঢ়োৱা অৰিহণাৰ বিষয়ে বিভিন্ন মাধ্যম আৰু বিভিন্ন মঞ্চত গুৰুত্ব সহকাৰে প্ৰচাৰ কৰা হ’ব।

বৃদ্ধলোকসকলৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত কল্যাণ মূলক সেৱা আগবঢ়োৱা হ’ব। এই আঁচনিৰ অধীনত যদিহে কোনো লোক কিবা পৰিৱেশত পৰিস্থিতিত পৰি জীৱনৰ অন্তিম সময় বৃদ্ধাশ্ৰমত কটাব লগা হয় তেন্তে তেওঁলৈ প্ৰতিষ্ঠানিক সেৱা আগবঢ়োৱা হ’ব।

৬০) স্বেচ্ছাসেৱী সংগঠনসমূহক অপ্ৰতিষ্ঠানিক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত উৎসাহিত কৰা হ’ব আৰু বৃদ্ধ লোক আৰু তেওঁলোকৰ পৰিয়ালক যাতে ধাৰণ কৰিব পৰা ক্ষমতা শক্তিশালী হয় তাৰ বাবে অৰ্থসাহাৰ্য্য আগবঢ়োৱা হ’ব। এইটো এইকাৰণেই প্ৰয়োজনীয় হৈ পৰিছে যে লাহে লাহে পৰিয়ালসমূহ ক্ষুদ্ৰ হৈ পৰিছে আৰু মহিলাসমূহেও কৰ্মক্ষেত্ৰৰ বাবে ঘৰৰ বাহিৰলৈ যাব লগা হয় আৰু সম্পূৰ্ণ সময় বৃদ্ধ লোকক যত্ন প্ৰদান কৰা লোকৰ সংখ্যাও কমি গৈছে। সহায়ক সেৱাই পৰিয়ালসমূহত যত্নৰ দ্বায়বদ্ধতাৰ পৰা কিছু পৰিমাণে সকাহ প্ৰদান কৰিব।

৬১) স্বেচ্ছাসেৱী সংগঠনসমূহলৈ বৃদ্ধাশ্ৰম নিৰ্মাণ আৰু পৰিচালনাৰ বাবে সহায়ক অনুদান আগবঢ়োৱা হ’ব। যিসকল দুখীয়া তেওঁলোকলৈ অতি বেছি ৰাজ সাহাৰ্য্য আগবঢ়োৱা হ’ব। এনে প্ৰতিষ্ঠানসমূহ থকাৰ বাবে আনন্দকৰ হ’ব লাগিব আৰু আৱাসীসকলে যাতে বাহিৰৰ লোকসকলৰ সৈতে আলোচনাত মিলিত হ’ব পাৰে সেই সুযোগ থকাতো অতি গুৰুত্বপূৰ্ণ। জীৱনৰ এই সময়ছোৱাত গোট হিচাপে জীৱন-যাপন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পেশাগত বিশেষজ্ঞৰ দ্বাৰা এনে বৃদ্ধাশ্ৰমৰ আৰ্হি প্ৰস্তত কৰিবলৈ বেচৰকাৰী সংগঠনসমূহক উৎসাহিত কৰা হ’ব। আগবঢ়োৱা সেৱাৰ নিম্নতম মানদণ্ড প্ৰস্তুত কৰিব লাগিব আৰু এই বৃদ্ধাশ্ৰমত চাকৰি কৰা লোকসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লাগিব।

৬২) দিবা যত্ন, বহুমুখী নাগৰিক সেৱাকেন্দ্ৰ, অক্ষমতা সম্পৰ্কীয় সা-সঁজুলি আৰু আহিলা যোগান, বৃদ্ধ লোকসকলক এইসমূহ ব্যৱহাৰৰ বাবে সহায় আগবঢ়োৱা সমাজকৰ্মীৰ দ্বাৰা এনে আৱাস গৃহ ভ্ৰমণ আদি সেৱাসমূহ অনুষ্ঠিত কৰাৰ বাবে স্বেচ্ছাসেৱী সংগঠনসমূহক উৎসাহিত কৰা হ’ব আৰু সাহাৰ্য্য আগবঢ়োৱা হ’ব। নিজৰ আৱাস গৃহত বাস কৰা বৃদ্ধ দম্পত্তিসকললৈ সহায়ক টেলিফোন ব্যৱস্থা, তেওঁলোকৰ বন্ধু-বান্ধৱ, সম্পৰ্কীয় লোক আৰু ওচৰ-চুবুৰীয়াৰ লগত সম্পৰ্ক বজাই ৰখাত সহায় কৰা আৰু বৃদ্ধ লোকসকলক চিকিৎসালয়, বজাৰ-সমাৰ আৰু আন ঠাইলৈ যোৱাত সংগ প্ৰদান কৰা আদিবোৰ সেৱাৰ বাবে স্বেচ্ছাসেৱী সংগঠনসমূহকলৈ অৰ্থসাহাৰ্য্য আগবঢ়োৱা হ’ব। বয়োজেষ্ঠ লোকসকলক তেওঁলোকৰ ওচৰ-চুবুৰীয়া অঞ্চলত নিজাকৈ একোটা গোট গঠন কৰাত উৎসাহ প্ৰদান কৰা হ’ব যাৰ যোগেৰে সামাজিক বাৰ্তালাপ, বিনোদন আৰু আন কাম-কাজৰ প্ৰয়োজনীয়তা পূৰণ হ’ব। স্থানীয়ভাৱে বা গাওঁ অঞ্চলত বয়োজেষ্ঠ নাগৰিকৰ মঞ্চ গঠনত উৎসাহিত কৰা হ’ব।

৬৩) বয়োজেষ্ঠ নাগৰিকৰ বাবে এটা কল্যাণ পুঁজি গঠন কৰা হব। এই পুঁজিয়ে চৰকাৰ, ব্যৱসায়িক গোষ্ঠী, ন্যাস, দাতব্য, ব্যক্তিগত দাতা আৰু আনৰ পৰা পুঁজি সংগ্ৰহ কৰিব। এই পুঁজিলৈ অনুদান আগবঢ়োৱা ধন কৰমুক্ত হ’ব। ৰাজ্য চৰকাৰসমূহেও একে ধৰণৰ পুঁজি গঠন কৰিব বুলি আশা কৰা হৈছে।

জীৱন আৰু সম্পত্তিৰ সুৰক্ষা

৫৬) বয়োজেষ্ঠ লোকসকল অপৰাধীৰ সহজলক্ষ্য হৈ পৰে। তেওঁলোক প্ৰতাৰণামূলক লেনদেনৰ বলি হোৱাৰ লগতে পৰিয়ালৰ সদস্যসকলে তেওঁক নিজৰ ভাগৰ অধিকাৰ বিচাৰি হেঁচা প্ৰয়োগ কৰাৰ ফলত ঘৰৰ ভিতৰতো আবেগিক অত্যাচাৰৰ সন্মুখীন হয়। বিধৱাসকলৰ বিভিন্ন অধিকাৰসমূহ তেওঁলোকৰ নিজৰ সন্তান আৰু সম্পৰ্কীয় লোকে উলংঘন কৰা দেখা যায়। বৃদ্ধলোকসকলৰ সুৰক্ষা উপলব্ধ কৰাতো অতি গুৰুত্বপূৰ্ণ কথা। ইণ্ডিয়ান পেনেল কোডত থকা বৃদ্ধ লোকক ঘৰুৱা অত্যাচাৰৰ পৰা সুৰক্ষা প্ৰদানৰ বিশেষ বিধান আছে আৰু এনে ঘটনাসমূহ দ্ৰুততাৰে নিষ্পত্তি কৰাৰ ব্যৱস্থা ৰখা হৈছে। ৰায়তীস্বত্ব আইনসমূহ পৰ্য্যালোচনা কৰা হৈছে যাতে বৃদ্ধলোকৰ দখলৰ অধিকাৰ দ্ৰুততাৰে নিষ্পত্তি কৰা হয়।

৬৬) স্বেচ্ছাসেৱী সংগঠনসমূহ আৰু বৃদ্ধলোকৰ অনুষ্ঠানসমূহক বৃদ্ধলোকলৈ সুৰক্ষাজনিত সেৱা আৰু সহায়ককাৰী টেলিফোন সেৱা, আইনী সাহাৰ্য্য আৰু আন ব্যৱস্থা আগবঢ়োৱাৰ বাবে অৰ্থসাহাৰ্য্য আগবঢ়োৱা হ’ব।

৬৭) আৰক্ষীক অকলশৰে বাস কৰা বৃদ্ধ দম্পত্তি বা অকলশৰীয়া বৃদ্ধ লোকৰ সৈতে বন্ধুত্ব পূৰ্ণ নিৰীক্ষণ ব্যৱস্থা ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু তৎকালেই যাতে স্থানীয় অনুষ্ঠানসমূহৰ লগত আলোচনা কৰিব পাৰি তাৰ ব্যৱস্থা গঢ়ি তোলাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। এনে বৃদ্ধ লোকসকলক সম্পৰ্কীয় লোক, বন্ধু-বান্ধৱ আৰু ওচৰ-চুবুৰীয়াৰ ফোন নম্বৰ নিজৰ লগত ৰখাৰ লগতে অকৰ্তৃত্বশীলভাৱে গৃহত প্ৰৱেশ কৰা, ঘৰুৱা সহায়ৰ বাবে লোক নিযুক্ত কৰা, মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ লোকসমূহ, বিভিন্ন বেপাৰী আৰু নগদ ধন আৰু মূল্যৱান সামগ্ৰী ব্যৱহাৰৰ সময়ত ল’ব লগা সুৰক্ষা আৰু প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ বিষয়ে তথ্য আৰু উপদেশ প্ৰদান কৰিব লাগে।

অন্যান্য কাম-কাজসমূহ

৬৮) এনে আৰু বহুবোৰ বিষয় আছে যিবোৰ বিষয়ত ৰাজ্য চৰকাৰে বৃদ্ধ লোকৰ বাবে সংবেদনশীলভাৱে নীতি আৰু কাৰ্য্যসূচী গ্ৰহণ কৰিব পাৰে। এই সমূহৰ ভিতৰত কেইটামান হ’ল কৰ্তৃপক্ষৰ দ্বাৰা পৰিচয় পত্ৰ জাৰি, সকলো ধৰণৰ যাতায়তী খৰছ ৰেহাই, স্থানীয় ৰাজহুৱা যান-বাহনত আসন সংৰক্ষণ কৰা, ৰাজহুৱা যান-বাহনবোৰত উঠা-নমা কৰাতো সহজ কৰিবৰ বাবে আৰ্হিৰ সাল-সলনি কৰা, ৰাষ্টাত বৃদ্ধ লোকৰ পাৰ হ’ব পৰাকৈ জেব্ৰা ক্ৰ’চিঙৰ ব্যৱস্থা কঠোৰভাৱে বলবৎ কৰা, ৰন্ধন গেছ আৰু টেলিফোনৰ সংযোগ আৰু মেৰামতি আদিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান, সহজে যাতে ঘূৰা-পকা কৰিব পাৰে তাৰ বাবে বাধাসমূহ আতঁৰ কৰা, অৱসৰ আৰু বিনোদনৰ সুবিধাসমূহ গ্ৰহণ কৰাত প্ৰৱেশ মাচুলত ৰেহাই প্ৰদান কৰা যেনে, কলা আৰু সাংস্কৃতিৰ কেন্দ্ৰ, উদ্যান, পৰ্য্যটক কেন্দ্ৰ ইত্যাদি।

৬৯) বৃদ্ধ লোকসকলৰ লগত জড়িত বিভিন্ন ধৰণৰ প্ৰতাৰণা, প্ৰৱঞ্চনা আৰু ক্ষতিপূৰণ পাব পৰা ধৰণৰ বিষয়সমূহ তৎকালে নিষ্পত্তিৰ ব্যৱস্থা কৰা। এই উদ্দেশ্যত প্ৰয়োজনীয় প্ৰশাসনীয় ব্যৱস্থা গঢ়ি তোলা।

৭০) বৃদ্ধ লোকসকলৰ সহযোগত কৰা কামসমূহ প্ৰতি বৰ্ষৰ ৰাষ্ট্ৰীয় বয়োজেষ্ঠ লোকৰ দিৱসত প্ৰচাৰৰ ব্যৱস্থা কৰা। ২০০০ বৰ্ষতো ৰাষ্ট্ৰীয় বয়োজেষ্ঠ লোকৰ বৰ্ষতো ঘোষণা কৰা হৈছিল। এই বৰ্ষটোত পৰিকল্পনা কৰাৰ দৰে বহুবোৰ কাৰ্য্যসূচী বিভিন্ন সংগঠনৰ জড়িয়তে অনুষ্ঠিত কৰা হয়।

৭১) সা-সুবিধাসমূহ, বিভিন্ন ৰেহাই আৰু সাহাৰ্য্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বৃদ্ধ লোকসকললৈ আগবঢ়াব লাগে। বিভিন্ন অভিকৰণে ইয়াৰ তথ্যসমূহ নিয়মীয়া সময়ৰ অন্তৰে-অন্তৰে নবীকৰণ কৰি বয়োজেষ্ঠ লোকৰ সমিতিসমূহক দাখিল কৰিব লাগে।

বেচৰকাৰী প্ৰতিষ্ঠানসমূহ

৭২)বৃদ্ধ লোকসকলৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সেৱা কেৱল ৰাজ্য চৰকাৰে যোগান ধৰিব নোৱাৰে। এই ক্ষেত্ৰত বেচৰকাৰী সংগঠনসমূহে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। ৰাষ্ট্ৰীয় নীতিয়ে ৰাইজলৈ বন্ধুত্বপূৰ্ণ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত যে এটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানিক ব্যৱস্থা সেই কথাটো অনুমোদন কৰিছে।

৭৩) স্বেচ্ছামূলক উদ্যমক উৎসাহিত কৰা হ’ব আৰু বহু ফালৰ পৰা অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হ’ব। ৰাজ্যৰ ভিতৰত বা দুখন ৰাজ্যৰ মাজত বৰ্তমানে থকা অসামঞ্জ্যসতা আতঁৰাবলৈ চেষ্টা কৰা হ’ব। বৃদ্ধাৱস্থাৰ লগত জড়িত বিভিন্ন বিষয় আৰু আগবঢ়াব পৰা সেৱাসমূহৰ বিষয়ে বেচৰকাৰী সংগঠনসমূহৰ লগত যোগাযোগ আৰু অবিৰত আলোচনা চলি থাকিব। বেচৰকাৰী সংগঠনসমূহৰ মাজত যোগাযোগ তথ্যৰ বিনিময় আৰু মত বিনিময়ৰ সুবিধা ৰখা হ’ব। পৰিস্থিতিৰ পৰ্য্যালোচনা আৰু মানৱ সম্পদৰ প্ৰশিক্ষণৰ সুযোগ-সুবিধা আগবঢ়োৱা হ’ব। স্বেচ্ছাসেৱী সংগঠনসমূহলৈ সাহাৰ্য্যকাৰী অনুদান আগবঢ়োৱাৰ ক্ষেত্ৰত আৰ্থিক স্বচ্ছতা, দ্বায়বদ্ধতা, সৰলীকৰণ ব্যৱস্থা আদিৰে সময়মতে অনুদান আগবঢ়ায় উন্নত সেৱাৰ নিশ্চয়তা পাব পাৰি। আৰ্থিক অনুদান নীতিৰ যোগেৰে সংগঠনসমূহক তেওঁলোকৰ নিজাকৈ সমল সংগ্ৰহ কৰিবলৈ উৎসাহ প্ৰদান কৰিব পৰা হ’ব যাতে তেওঁলোকে ধনৰ বাবে কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে আৰু ধাৰণশীলভাৱে যাতে সেৱা আগবঢ়াব পাৰে।

৭৪) ন্যাস, দাতব্য, ধৰ্মীয় আৰু আন সংগঠনসমূহক বয়োজেষ্ঠ লোকৰ বাবে সেৱা আগবঢ়োৱা ক্ষেত্ৰসমূহৰ পৰিসৰ আৰু সেৱাসমূহ প্ৰসাৰ ঘটাবলৈ উৎসাহিত কৰা হ’ব।

৭৫) বয়োজেষ্ঠ লোকসকলক তেওঁলোকৰ ভিতৰতে সংগঠিত হ’বলৈ আৰু তেওঁলোকতকৈ বয়োজেষ্ঠসকলক পেশাগত জ্ঞান, দক্ষতা আৰু যোগাযোগৰ তথ্যৰে সেৱা আগবঢ়াবলৈ উৎসাহিত কৰা হ’ব। তেওঁলোকে আগবঢ়োৱা পৰামৰ্শ সমলৰ ওপৰত তেওঁলোকৰ মন্তব্য আৰু সমজুৱা কাম-কাজসমূহক সাহাৰ্য্য প্ৰদান কৰা হ’ব। স্বেচ্ছামূলকভাৱে বৃদ্ধ লোকসকলৰ অংশগ্ৰহণৰে কৰা বিভিন্ন কাৰ্য্যসূচী আৰু বিভিন্ন সমজুৱা সমস্যাত বয়োজেষ্ঠ সকলৰ সৈতে আলোচনা কৰি কৰা কাম-কাজসমূহক সাহাৰ্য্য আগবঢ়োৱা হ’ব। স্বেচ্ছাসেৱকসকলক বয়োজেষ্ঠসকলে সন্মুখীন হোৱা সমস্যাসমূহ কিদৰে সমাধান কৰিব পাৰি তাৰ ওপৰত পৰিস্থিতিগত জ্ঞান আৰু প্ৰশিক্ষণৰ সুবিধা আগবঢ়োৱা হব। স্বেচ্ছাসেৱীসকলক অকলশৰীয়া বৃদ্ধ লোকসকলক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত উৎসাহিত কৰা হ’ব।

৭৭) ট্ৰেড ইউনিয়ন, কৰ্মচাৰী সংগঠন আদিসমূহে তেওঁলোকৰ সদস্যসকলৰ বাবে বৃদ্ধ অৱস্থা সম্পৰ্কীয় কাৰ্য্যসূচী হাতত ল’ব পাৰে আৰু বয়োজেষ্ঠ কৰ্মীসকলৰ বাবে সেৱা আগবঢ়াব পাৰে।

সম্ভাৱনীয়তাৰ উপলব্ধি

৭৮) ৰাষ্ট্ৰীয় নীতিয়ে ৬০ বছৰতকৈ অধিক বয়সৰ লোকসকলক এক বৃহৎ সমল হিচাপে গণ্য কৰে। সেয়েহে এই সম্ভাৱনীয়তাসমূহে যাতে নিজৰ যথোপযুক্ত পছন্দমতে আগবাঢ়ি যাব পাৰে তাৰ সুবিধা আগবঢ়োৱা হ’ব।

৭৯) বয়োজেষ্ঠ লোক, বিশেষকৈ মহিলাসকলে ঘৰখনত প্ৰয়োজনীয় কিন্তু চকুত নপৰা কাম কৰে। বয়োজেষ্ঠ লোকসকলে ঘৰৰ লগতে ঘৰৰ বাহিৰতো যিসমূহ কাম কৰি ঘৰখন সূচাৰুৰূপে পৰিচালনা কৰাত অৰিহণা যোগায়। সেই কামবোৰৰ প্ৰতি পৰিয়ালৰ আন সদস্যসকলৰ দৰে প্ৰশংসা আৰু সন্মান জনাব লাগে। বয়োজেষ্ঠ লোকসকলে যাতে বৰ্তমান সময়ৰ সৈতে জ্ঞান আহৰণ কৰিব পাৰে, পৰম্পৰাৰ লগত খাপ খাব পাৰে আৰু অতি সক্ৰিয়ভাৱে নাতিসমূহক তেওঁৰ সমাজ সংস্কৃতিৰ বিষয়ে জ্ঞান আগবঢ়াব পাৰে। সেই উদ্দেশ্যেত বিশেষ কাৰ্য্যসূচী প্ৰস্তুত কৰা হ’ব আৰু প্ৰচাৰ মাধ্যম যোগে প্ৰচাৰ কৰা হ’ব।

পৰিয়াল

৮০) ভাৰতবৰ্ষত পৰিয়ালেই হ’ল লালন-পালনৰ সামাজিক প্ৰতিষ্ঠান আৰু বৃদ্ধলোকসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ অনানুষ্ঠানিক সামাজিক সুৰক্ষা। বেছিভাগ বয়োজেষ্ঠ লোকেই তেওঁলোকৰ এক বা ততোধিক সন্তানৰ সৈতে থাকে বিশেষকৈ যেতিয়ালৈকে স্বতন্ত্ৰভাৱে থকাৰ সামৰ্থ্য নাথাকে। তেওঁলোকৰ বাবে এইটোৱেই বিচৰা ধৰণৰ থকাৰ ব্যৱস্থা আৰু আবেগিকভাৱেও অতি সন্তোষজনক ব্যৱস্থা। সেইবাবেই পৰিয়ালৰ সহায় ব্যৱস্থাটো অবিৰতভাৱে থকাটো অতি গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ প্ৰতি থকা পৰিয়ালৰ যত্ন লোৱা দ্বায়বদ্ধতা সহায়ক সেৱাৰ জৰিয়তে শক্তিশালী কৰি তোলাৰ প্ৰয়োজন।

৮১) পৰিয়ালৰ মূল্য, কম বয়সীয়াসকলক এই বিষয়ে সচেতন কৰা আৰু আন্তঃপ্ৰজন্মৰ বান্ধোন আৰু দ্বায়বদ্ধতাৰ বিষয়ে কাৰ্য্যসূচী প্ৰস্তুত কৰা হ’ব। যত্ন লোৱা আৰু ভাৱ বিনিময়ৰ মূল্যবোধ পুনৰ গঢ়ি তোলা হব। বিবাহিতা ছোৱালীৰ ভূমিকা, দ্বায়বদ্ধতা আদিৰ বিষয়ে সমাজক সচেতন কৰি তোলা হ’ব। যিবোৰ পিতৃ-মাতৃৰ কেৱল এটা বা দুটাহে সন্তান থাকে আৰু যিবোৰ ক্ষেত্ৰত এজনীহে ছোৱালী সন্তান থাকে তেনেবোৰ ক্ষেত্ৰত বয়োজেষ্ঠ লোকৰ প্ৰতি দ্বায়বদ্ধতা আৰু সহায় আগবঢ়োৱাৰ বিষয়টো পুনৰ বিবেচনাৰ প্ৰয়োজন আছে। এনেবোৰ ক্ষেত্ৰত পুত্ৰ আৰু কন্যা দ্বায়বদ্ধতা সমানে থাকিব আৰু সমান অধিকাৰ থকাৰ লগতে কন্যা গৰাকী যে পিতৃ-মাতৃৰ লগত আছে সেইবাবে এটা আৱেগিক সম্পৰ্কও দৃঢ় হৈ থাকিব।

৮২) সন্তানে যাতে পিতৃ-মাতৃক নিজৰ লগত ৰাখে তাৰ প্ৰতি উৎসাহিত কৰিবলৈ ৰাজ্য চৰকাৰসমূহে নীতি নিৰ্ধাৰণ কৰিব লাগে য’ত কৰ ৰেহাই, চিকিৎসাৰ খৰছত ৰেহাই, গৃহ আবন্তনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ, দীৰ্ঘম্যাদী সঞ্চয় আঁচনিৰ প্ৰতি উৎসাহিত কৰা, উপাৰ্জনশীল দিনসমূহত স্বাস্থ্য বীমা কৰোৱা যাতে পৰিয়ালৰ ওপৰত হেঁচা কমকৈ পৰে। ঘৰত বা সমাজত থকা বৃদ্ধলোকসকলক বিচাৰি উলিয়াই তেওঁলোকক সহায় আৰু সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বেচৰকাৰী সংগঠনসমূহক উৎসাহিত কৰা হ’ব। কম সময়ৰ বাবে বৃদ্ধলোকৰ আৱাসৰ সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত সাহাৰ্য্য আগবঢ়োৱা হ’ব যাতে পৰিয়ালটো যেতিয়া বাহিৰলৈ যাব লগা হয় তেতিয়া বৃদ্ধলোক জনে যাতে যত্ন অবিৰতভাৱে পায়। পৰিয়ালৰ ভিতৰত থকা হেঁচাসমূহ নিৰাময় কৰিবৰ বাবে পৰামৰ্শ দানৰ ব্যৱস্থা শক্তিশালী কৰি তোলা হ’ব।

গৱেষণা

৮৩)বৃদ্ধলোকৰ এটা ভাল তথ্য সংগ্ৰহৰ প্ৰয়োজনীয়তা আছে। বয়সস্থ লোকৰ ওপৰত গৱেষণাৰ কাম-কাজসমূহ শক্তিশালী কৰি তোলা হ’ব। বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক গেৰন্তলজিকেল অধ্যয়ন আৰু গেৰিয়েটিকছ কেন্দ্ৰ স্থাপনৰ বাবে অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হ’ব। ব্যৱসায়িক গোষ্ঠী, বেংক, ন্যাস আৰু আন সংগঠনসমূহক এনে কেন্দ্ৰসমূহৰ অংশিদাৰ হ’বলৈ অনুৰোধ জনোৱা হ’ব। বয়োজেষ্ঠসকলৰ ওপৰত গৱেষণা প্ৰকল্প চলাবলৈ শৈক্ষিক সমিতিসমূহক অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হ’ব। অৱসৰপ্ৰাপ্ত বিজ্ঞানীসকলক সহায় আগবঢ়োৱা হ’ব যাতে তেও’লোকৰ পেশাগত জ্ঞান ব্যৱহাৰ কৰিব পৰা যায়।

৮৪) গৱেষণাৰ এখন সমন্বয়ৰক্ষী সমিতি গঠন কৰা হ’ব। তথ্য সংগ্ৰহকাৰী অভিকৰণসমূহক অনুৰোধ কৰা হ’ব যাতে ৬০ বছৰতকৈ অধিক লোকসকলৰ তথ্য পৃথককৈ ৰাখে। পেশাগত গেৰণটলজিষ্টসকলক তেওঁলোকৰ গৱেষণাৰ কাম-কাজ শক্তিশালী কৰিবলৈ, গৱেষণাৰ ফলসমূহ প্ৰচাৰ কৰিবলৈ আৰু আলোচনাৰ বাবে এখন মঞ্চ আগবঢ়াবলৈ, আলোচনা তৰ্ক আৰু তথ্যৰ বিনিময়ৰ বাবে সহায় আগবঢ়োৱা হ’ব।

৮৫) গৱেষণা, প্ৰশিক্ষণ আৰু নথি সংগ্ৰহৰ বাবে এটা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তত সমল কেন্দ্ৰৰ বাবে সাহাৰ্য্য আগবঢ়োৱা হ’ব।

মানৱ সম্পদৰ প্ৰশিক্ষণ

৮৬) এই নীতিয়ে মানৱ সম্পদৰ প্ৰশিক্ষণৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰে। বৃদ্ধকালীন ৰোগসমূহৰ ওপৰত বিশেষ অধ্যয়নৰ বাবে চিকিৎসা মহাবিদ্যালয়সমূহক সহায় আগবঢ়োৱা হ’ব। ধাত্ৰীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু অৰ্ধ চিকিৎসা ব্যক্তিসকলক বৃদ্ধকালীন ৰোগসমূহৰ ল’ব লগা যত্ন সম্পৰ্কে তেওঁলোকৰ শৈক্ষিক আৰু প্ৰশিক্ষণ পাঠ্যক্ৰমৰ ভিতৰত বিশেষ পাঠ সন্নিৱিষ্ট কৰা হ’ব। বৃদ্ধকালীন ৰোগসমূহৰ যত্ন সম্পৰ্কে পৰিস্থিতিগত পাঠ্য প্ৰদান কৰিব পৰাকৈ প্ৰশিক্ষণ কেন্দ্ৰসমূহ শক্তিশালী কৰি তোলা হ’ব। পাঠ্যসূচী আৰু পাঠ্যক্ৰমৰ সামগ্ৰী প্ৰস্তুতিৰ ক্ষেত্ৰত সাহাৰ্য্য আগবঢ়োৱা হ’ব। সামাজিক কামৰ বিদ্যালয়সমূহ আৰু বিশ্ববিদ্যালয়ৰ বিভাগসমূহে তেওঁলোকৰ সংগঠন আৰু সেৱাসমূহৰ ওপৰত অধিক মনোযোগ দিব লাগিব। বেচৰকাৰী সংগঠনে বৃদ্ধলোকসকললৈ সেৱা আগবঢ়োৱাৰ বাবে প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত সাহাৰ্য্য আগবঢ়োৱা হ’ব আৰু সুবিধা প্ৰদান কৰা হ’ব।

৮৭) বয়োজেষ্ঠ লোকসকলৰ বাবে আইন প্ৰণয়ন, ন্যায়িক আৰু কাৰ্য্যবাহী গোট আদি বিষয়ক বিভিন্ন পৰ্যায়ৰ সচেতনতামূলক কাৰ্য্যসূচীৰ বাবে সাহাৰ্য্য আগবঢ়োৱা হব।

মাধ্যম

৮৮) বৃদ্ধ লোকসকলৰ পৰিস্থিতিৰ পৰিৱৰ্তন আৰু জটিল বিষয়সমূহৰ চিনাক্তকৰণ আৰু কাম কৰিব পৰা ক্ষেত্ৰসমূহ নিৰ্ণিত কৰাত প্ৰচাৰ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা ৰাষ্ট্ৰীয় নীতিয়ে প্ৰাধান্য দিয়ে। মাধ্যমৰ সৃষ্টিশীল ব্যৱহাৰে কাৰ্য্যক্ষম বৃদ্ধ অৱস্থাৰ ধাৰণা প্ৰবৰ্ধন কৰাৰ লগতে জীৱন চক্ৰৰ এই অৱস্থাটোৰ প্ৰতি থকা ঋণাত্মক ছবিখন নোহোৱা কৰাত সহায় কৰিব পাৰে। প্ৰচাৰ মাধ্যমে আন্তঃপ্ৰজন্মৰ বান্ধোন শক্তিশালী কৰাৰ লগতে ব্যক্তিবিশেষ, পৰিয়াল আৰু সমাজৰ বিভিন্ন গোটক বৃদ্ধাৱস্থা আৰু এই সময়ত উদ্ভৱ হোৱা সমস্যাসমূহ কেনেদৰে সমাধান কৰিব পাৰি সেই বিষয়ে তথ্য আৰু শিক্ষণ সামগ্ৰী আগবঢ়াব পাৰে।

৮৯) এই নীতিৰ লক্ষ্য হ’ল গণমাধ্যমৰ লগতে অনানুষ্ঠানিক আৰু পৰম্পৰাগত যোগাযোগৰ মাধ্যমসমূহক বয়স বৃদ্ধিৰ বিষয়বিলাকৰ লগত জড়িত কৰা। ইয়াৰ বাবে প্ৰচাৰ মাধ্যমৰ লোকসকলক নিজৰ উৎসৰ উপৰিও তথ্য যোগান ধৰাৰ প্ৰয়োজনীয়তা আছে। বয়সস্থ লোকৰ বিষয়ে পোৱা বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণৰ সুবিধা আগবঢ়োৱা হ’ব। এই ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি থকা লোকসকল আৰু প্ৰচাৰ মাধ্যমৰ লোকসকলৰ মাজত আলোচনাৰ সুযোগ আগবঢ়োৱা হ’ব।

কাৰ্য্যকৰীকৰণ

৯০) বৃদ্ধলোকৰ বাবে ৰাষ্ট্ৰীয় নীতি এখন অতি বহলভাৱে প্ৰচাৰিত কাৰ্য্যকৰী পৰিকল্পনা যিখনৰ যোগেৰে ভৱিষ্যতেও জনসাধাৰণৰ অবিৰত লক্ষ্য থাকিব।

৯১) এই নীতিয়ে বয়োজেষ্ঠ নাগৰিকৰ জীৱন সলনি কৰিব পাৰিব যদিহে এইখন কাৰ্য্যকৰীকৰণ কৰা হয়। এই ক্ষেত্ৰত চৰকাৰ আৰু ইয়াৰ মূল বিভাগসমূহৰ কিছুমান প্ৰাথমিক দ্বায়বদ্ধতা থাকিব, আন সংগঠনসমূহৰ লগতে প্ৰত্যেক ব্যক্তিয়ে বয়সস্থ লোকৰ ভালৰ বাবে তেওঁলোকে কেনে ভূমিকা ল’ব পাৰে সেইটো নিৰ্ধাৰণ কৰিব। যুটীয়া কাম-কাজসমূহ দীৰ্ঘম্যাদী হয় আৰু সমাজৰ বৃদ্ধলোকসকলৰ বাবে যথেষ্ট কাম কৰিব পৰা যায়। এই ক্ষেত্ৰত বয়োজেষ্ঠ লোকসকলৰ শীৰ্ষ পৰ্য্যায়ৰ সংগঠনসমূহৰ গুৰুত্বপূৰ্ণ দ্বায়বদ্ধতা আছে। তেওঁলোকে ইয়াৰ কাম-কাজৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিব লাগে আৰু অবিৰত কাম-কাজৰ বাবে দৃষ্টি ৰাখিব লাগে ৰাজহুৱা অভিমত গঠন কৰাৰ লগতে এই নীতি কাৰ্য্যকৰী কৰাৰ বাবে হেঁচাৰ সৃষ্টি কৰিব পাৰে।

৯২) এই নীতি কাৰ্য্যকৰীকৰণৰ বিষয়বোৰ সমন্বয় কৰিব সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে। বয়োজেষ্ঠ লোকৰে এটা পৃথক কাৰ্য্যালয় গঠন কৰা হ’ব। এই ৰাষ্ট্ৰীয় নীতিখনৰ অগ্ৰগতি চোৱাচিতা কৰিবলৈ আন্তঃমন্ত্ৰালয়ৰ এখন সমিতি গঠন কৰা হ’ব। ৰাজ্যসমূহত এই বিষয়ত পৃথক সঞ্চালকালয় আৰু সমন্বয় আৰু চোৱাচিতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হ’ব।

৯৩) এই বিষয়ৰ লগত জড়িত প্ৰতিটো মন্ত্ৰালয়ে ৫ বছৰ আৰু বাৰ্ষিক কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰিব। এইসমূহত বৃদ্ধ লোকসকলৰ বাবে যাতে সাধাৰণ কাৰ্য্যসূচী আৰু তেওঁলোকৰ ভালৰ বাবে প্ৰস্তুত কৰা বিশেষ আঁচনিসমূহৰ পৰা লাভালাভ পোৱাটো নিশ্চিত কৰে সেই বিষয়ে উল্লেখ থাকিব। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত লক্ষ্য নিৰ্ধাৰণ কৰা হ’ব। কাৰ্য্যকৰীকৰণ প্ৰতিটো ক্ষেত্ৰত দ্বায়বদ্ধতা নিৰ্ধাৰণ কৰি দিয়া থাকিব। পৰিকল্পনা আয়োগ আৰু বিত্ত আয়োগে কাৰ্য্যকৰীকৰণৰ বাবে পুঁজিৰ যোগান ধৰিব। প্ৰতিটো মন্ত্ৰালয়ৰ বাৰ্ষিক প্ৰতিবেদনত ইয়াৰ অগ্ৰগতিৰ উল্লেখ থাকিব।

৯৪) প্ৰতি ৩ বছৰৰ পিছত মূল মন্ত্ৰালয়ে এই ৰাষ্ট্ৰীয় নীতিৰ কাৰ্য্যকৰীকৰণৰ বিতং পৰ্য্যালোচনা প্ৰস্তুত কৰিব। এই নথি প্ৰস্তুত কৰোতে আন ব্যক্তিকো জড়িত কৰা হ’ব। এই পৰ্য্যালোচনা এখন ৰাজহুৱা নথি হ’ব। ৰাষ্ট্ৰীয় অধিবেশনত এইখনৰ ওপৰত আলোচনা কৰা হ’ব। ৰাজ্য চৰকাৰসমূহেও এনে কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

৯৫) সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ নেতৃত্বত বয়োজেষ্ঠ লোকৰ বাবে ৰাষ্ট্ৰীয় স্বায়ত্ব শাসিত পৰিষদ এখন গঠন কৰা হ’ব। এই পৰিষদে বয়োজেষ্ঠ লোকৰ সৈতে জড়িত বিষয়সমূহ প্ৰবৰ্ধন আৰু সমন্বয় ৰক্ষা কৰিব। এই পৰিষদত সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়সমূহ আৰু পৰিকল্পনা আয়োগৰ প্ৰতিনিধি সন্নিৱিষ্ট হ’ব। চক্ৰাকাৰে প্ৰতিবছৰে ৫ খন ৰাজ্যৰ প্ৰতিনিধি এই পৰিষদত অন্তৰ্ভূক্ত হ’ব। বেচৰকাৰী সংগঠন, শৈক্ষিক গোট, প্ৰচাৰ মাধ্যম আৰু বয়োজেষ্ঠৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ ইয়াত পৰ্য্যাপ্তভাৱে অন্তৰ্ভূক্ত কৰা হ’ব।

৯৬) বয়োজেষ্ঠ লোকসকলক এক গোট কৰা, তেওঁলোকৰ আগ্ৰহসমূহ বাস্তবায়িত কৰা, তেওঁলোকৰ নিজৰ ভালৰ বাবে প্ৰবৰ্ধন আৰু কাৰ্য্যসূচী গ্ৰহণ কৰা, বয়োজেষ্ঠ লোকসকলৰ লগত জড়িত বিষয়সমূহ সম্পৰ্কে চৰকাৰক পৰামৰ্শ প্ৰদান কৰিবলৈ এখন স্বায়ত্ব শাসিত পঞ্জীয়ণভূক্ত বয়োজেষ্ঠ লোকৰ ৰাষ্ট্ৰীয় সমিতি গঠন কৰা হ’ব। এই সমিতিৰ ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্য্যায়ত কাৰ্য্যালয় থাকিব আৰু নিজা কৰ্মচাৰী থাকিব। চৰকাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ কাৰ্য্যালয়ৰ স্থাপনৰ বাবে বিত্তীয় সাহাৰ্য্য আগবঢ়াব। জিলা পৰ্য্যায়ৰ কাৰ্য্যালয়ৰ বাবে সমিতিয়ে নিজা উৎসৰ পৰা ধন খৰছ কৰিব লাগিব। এই ধন সদস্যভৰ্ত্তিৰ মাচুল, গ্ৰাহকভুক্তি, দান-বৰঙণি আৰু আন ব্যৱস্থা যোগে সংগ্ৰহ কৰিব পাৰে। কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ কাৰ্য্যালয়ৰ সকলো আবৰ্তিত আৰু অআবৰ্তিত প্ৰশাসনীয় খৰছ ১৫ বছৰৰ বাবে চৰকাৰে আগবঢ়াব। ইয়াৰ পিছত সমিতিয়ে নিজাকৈ এই খৰছ বহন কৰিব লাগিব।

৯৭) পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহক এই ৰাষ্ট্ৰীয় নীতিৰ কাৰ্য্যকৰীকৰণত অংশ ল’বলৈ উৎসাহিত কৰা হ’ব, স্থানীয় সমস্যাসমূহ আৰু বয়োজেষ্ঠ অৱস্থাত প্ৰয়োজনীয়তাসমূহ আৰু তেওঁলোকৰ বাবে কৰা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাত উৎসাহ প্ৰদান কৰা হ’ব। বয়োজেষ্ঠ লোকৰ লগত জড়িত বিষয় আৰু ল’ব লগা কাৰ্য্যসূচীসমূহৰ বিষয়ে আলোচনা কৰিবলৈ এখন মঞ্চ আগবঢ়োৱা হ’ব। এনে মঞ্চসমূহ পঞ্চায়ত, উন্নয়ন খণ্ড আৰু জিলা পৰ্য্যায়ত স্থাপিত হ’ব। এইসমূহত যথেষ্ট সংখ্যক বয়োজেষ্ঠ মহিলা প্ৰতিনিধি থাকিব। পঞ্চায়তে পাৰদৰ্শিত আৰু দক্ষতা থকা বয়োজেষ্ঠ লোকসকলক এক গোট কৰিব আৰু তেওঁলোকৰ দক্ষতা সমূহ স্থানীয় পৰ্য্যায়ত কেনেদৰে কামত লগাব পাৰি সেইবিষয়ে পৰিকল্পনা কৰিব। আনসকলৰ লগতে গাওঁ পঞ্চায়ত পৰ্য্যায়ত সামাজিক ন্যায় সমিতিৰ জড়িয়তেও এই আঁচনিখন কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰিব পাৰে।

৯৮) এই আঁচনিখন বিভিন্ন পৰ্য্যায়ত প্ৰভাৱিত হোৱাকৈ কাৰ্য্যকৰীকৰণ হোৱাটো নিশ্চিত কৰিবলৈ সময়ে সময়ে ৰাজহুৱা প্ৰশাসনৰ বিশেষজ্ঞসকলৰ সহায় লোৱা হ’ব আৰু কাৰ্য্যকৰীকৰণ, সমন্বয় ৰক্ষা আৰু পৰ্য্যবেক্ষণৰ বাবে এক সাংগঠনিক ব্যৱস্থা প্ৰস্তুত কৰা হ’ব।

বৃদ্ধ লোকসকলৰ বাবে এক সংহত কাৰ্য্যসূচী (০১-০৪-২০০৮ ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ সংশোধিত আঁচনি)


বৃদ্ধ লোকসকলৰ বাবে সংহত কাৰ্য্যসূচী

১) পাতনি

ভাৰতবৰ্ষত বৃদ্ধ লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ১৯৯১ চনত থকা ১৯.৮ নিযুত বৃদ্ধ লোকৰ সংখ্যা ২০০১ চনত ৭৬ নিযুত হয়গৈ। অনুমান কৰিব পৰা যায় যে, ভাৰতবৰ্ষত ৬০ বছৰতকৈ অধিক বয়সৰ লোকৰ সংখ্যা ২০১৩ চনত ১০০ নিযুত আৰু ২০৩০ চনত ১৯৮ নিযুতলৈ বৃদ্ধি পাব। জীৱনকালৰ সময়সীমা ১৯৪৭ ত থকা ২৯ বছৰৰ পৰা বৃদ্ধি পায়। বৰ্তমান ৬৩ বছৰৰ ওচৰ পাইছেগৈ। ভাৰতীয় সমাজত পৰম্পৰাগত মূল্যবোধে বৃদ্ধসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু যত্ন লোৱাৰ গুৰুত্ব প্ৰদান কৰে। তথাপিও বৰ্তমান সময়ত সমাজত ক্ৰমান্বয়ে যৌথ পৰিয়ালৰ পদ্ধতি নোহোৱা হৈ আহিছে আৰু ফলত এক বৃহৎ সংখ্যক পিতৃ-মাতৃৰ আবেগিক, শাৰিৰীক আৰু আৰ্থিক সহায়ৰ পৰা বঞ্চিত হৈ পৰিছে। এই বৃদ্ধ লোকসকলে পৰ্য্যাপ্ত সামাজিক সুৰক্ষা ব্যৱস্থা নথকাৰ ফলত বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে। সেয়েহে বয়োজ্যেষ্ঠ লোকসকল এটা মূখ্য সামাজিক প্ৰত্যাহবান হৈ পৰিছে আৰু এনে লোকসকলৰ বাবে অৰ্থনৈতিক আৰু স্বাস্থ্যৰ প্ৰয়োজনীয়তাসমূহ প্ৰদান কৰাৰ লগতে সামাজিক সজাগতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিছে। যাৰ যোগেৰে বয়োজ্যেষ্ঠসকলৰ বাবে প্ৰয়োজনসমূহৰ প্ৰতি আবেগিকভাৱে সংবেদনশীল কৰি তোলাৰ প্ৰয়োজনীয়তা আছে।

২) লক্ষ্য আৰু উদ্দেশ্যসমূহ

এই আঁচনিৰ মূল উদ্দেশ্য হ’ল বয়োজেষ্ঠ লোকসকলৰ বাবে মৌলিক প্ৰয়োজনীয়তাসমূহ যেনে, বাসগৃহ, খাদ্য, স্বাস্থ্য যত্ন আৰু বিনোদনৰ সুযোগসমূহ প্ৰদান কৰি জীৱনৰ মানদণ্ড উন্নত কৰা আৰু গঠনমূলক আৰু সক্ৰিয়ভাৱে চৰকাৰ/বেচৰকাৰী সংগঠন/পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ/স্থানীয় সমিতিসমূহ আৰু সামগ্ৰীকভাৱে ৰাজহুৱা কাম-কাজত দক্ষতা বৃদ্ধিৰ বাবে সহায় আগবঢ়াবলৈ উৎসাহিত কৰা।

৩) অভিগমন

পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ/স্থানীয় সমিতিসমূহ আৰু বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহক এই আঁচনিৰ অধীনত নিম্নলিখিত সমূহৰ বাবে অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হয়।

১) নিঠৰুৱা বয়োজ্যেষ্ঠসকলৰ বাবে প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ বিশেষকৈ খাদ্য, বাসগৃহ আৰু স্বাস্থ্যযত্নৰ বাবে লোৱা কাৰ্য্যসূচীসমূহ।

২) বিশেষকৈ শিশু/যুৱক আৰু বয়োজ্যেষ্ঠ লোকসকলৰ মাজত আন্তঃপ্ৰজন্মৰ সম্পৰ্ক গঢ়ি তোলা আৰু শক্তিশালী কৰাৰ বাবে লোৱা কাৰ্য্যসূচীসমূহ।

৩) বৃদ্ধ লোকসকলক সক্ৰিয় আৰু গঠনমূলক কাৰ্য্যৰ প্ৰতি উৎসাহিত কৰা কাৰ্য্যসূচীসমূহ।

৪) বৃদ্ধ লোকসকললৈ প্ৰতিষ্ঠানিক আৰু অপ্ৰতিষ্ঠানিক যত্ন/সেৱা আগবঢ়োৱা কাৰ্য্যসূচীসমূহ।

৫) বয়োজ্যেষ্ঠসকলৰ বিষয়ে গৱেষণা, সপক্ষতা আৰু সজাগতা বৃদ্ধিৰ কাৰ্য্যসূচীসমূহ আৰু

৬) বৃদ্ধ লোকসকলৰ ভালৰ বাবে গ্ৰহণ কৰা যিকোনো কাৰ্য্যসূচী।

৭)  সামগ্ৰীকভাৱে ৰাজহুৱা কাম-কাজত দক্ষতা বৃদ্ধিৰ বাবে সহায়

৪) এই আঁচনিৰ অধীনত অৰ্থ সাহাৰ্য্যৰ বাবে গ্ৰাহ্য কাৰ্য্যসূচীসমূহ

১) বৃদ্ধলোকৰ গৃহৰ ৰক্ষণাবেক্ষণ: ইয়াত কম পক্ষেও ২৫ গৰাকী নিঠৰুৱা বৃদ্ধ লোকলৈ খাদ্য, যত্ন আৰু আৱাসৰ ব্যৱস্থা কৰা (পৰিশিষ্ট ১)৷

বৃদ্ধ লোকসকলৰ বাবে এক সংহত কাৰ্য্যসূচী (০১/০৪/২০০৮ ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ সংশোধিত আঁচনি)

২) অৱসৰ যত্ন গৃহ আৰু অহৰ্নিষ যত্ন গৃহৰ ৰক্ষণাবেক্ষণ: বৃদ্ধাশ্ৰমত কমেও ২৫ জন লোক থকা আৰু তেওঁলোক সাংঘাটিকভাৱে অসুস্থ আৰু অহৰ্নিষ স্বাস্থ্য যত্ন আৰু অৱসৰৰ প্ৰয়োজনীয়তাত থকা হ’ব লাগিব। (পৰিশিষ্ট ২)

৩) বৃদ্ধলোকৰ বাবে বহুমুখী সেৱা কেন্দ্ৰ: এই কেন্দ্ৰৰ যোগেৰে কমেও ৫০ জন বৃদ্ধ লোকলৈ দিবা সেৱা, শৈক্ষিক আৰু আমোদ-প্ৰমোদৰ সুযোগ, স্বাস্থ্য যত্ন আদি আগবঢ়োৱা। (পৰিশিষ্ট ৩)

৪) ভ্ৰাম্যমাণ চিকিৎসা গোটৰ ৰক্ষণাবেক্ষণ: ইয়াৰ জৰিয়তে গ্ৰামাঞ্চল আৰু দূৰণিবটীয়া আৰু অনুন্নত অঞ্চলত থকা বৃদ্ধাসকললৈ স্বাস্থ্য সেৱা আগবঢ়োৱা।(পৰিশিষ্ট ৪)

৫) এলজাইমাৰ ৰোগ/ডিমনেছিয়াত ভোগা ৰোগীৰ বাবে দিবা যত্ন কেন্দ্ৰ: ইয়াৰ যোগেৰে এনে ৰোগত ভোগা ৰোগীসকললৈ বিশেষ দিবা যত্ন আগবঢ়োৱা।(পৰিশিষ্ট ৬) বৃদ্ধ লোকসকলৰ বাবে পিজিঅ’থেৰাপী চিকিৎসা কেন্দ্ৰ

(পৰিশিষ্ট ৬)

৭) অক্ষম আৰু বধিৰ বৃদ্ধসকললৈ সহায়ক সঁজুলি আগবঢ়োৱা।

(পৰিশিষ্ট ৭)

৮) বৃদ্ধলোকসকলৰ বাবে মানসিক স্বাস্থ্য যত্ন আৰু বিশেষ যত্ন আগবঢ়োৱা: ইয়াৰ যোগেৰে বৃদ্ধলোকসকলৰ বাবে মানসিক স্বাস্থ্য যত্নৰ কাৰ্য্যসূচী আগবঢ়োৱা হ’ব। এই আঁচনিখন মানসিক স্বাস্থ্য যত্নৰ লগত জড়িত বিভিন্ন সংস্থা/চিকিৎসালয়ৰ বাবেও মুক্ত। এই আঁচনিয়ে অৱহেলিত বৃদ্ধ লোকসকলক সংহতভাৱে সেৱা আগবঢ়োৱা সংগঠনসমূহক সহায় কৰিব।(পৰিশিষ্ট ৮)

৯) বৃদ্ধ লোকৰ বাবে সহায়ক ফোনৰ ব্যৱস্থা আৰু পৰামৰ্শ কেন্দ্ৰ। পৰিশিষ্ট ৯

১০) বিশেষকৈ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সচেতন কৰা কাৰ্য্যসূচীসমূহ (পৰিশিষ্ট ৯ আৰু ১০)৷

১১) আঞ্চলিক সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰসমূহ (পৰিশিষ্ট ৯ আৰু ১২) বৃদ্ধ লোকক যত্ন আগবঢ়োৱাসকললৈ প্ৰশিক্ষণৰ যত্নৰ বাবে সজাগতা (পৰিশিষ্ট ১২)

১৩) বৃদ্ধ লোক আৰু যত্ন লওঁতাৰ বাবে সজাগতা সৃষ্টি কাৰ্য্যসূচী যেনে, নিজৰ যত্ন লোৱা, প্ৰতিৰোধক স্বাস্থ্য যত্ন, ৰোগৰ ব্যৱস্থাপনা, বৃদ্ধ অৱস্থাৰ বাবে সাঁজু হোৱা/ স্বাস্থ্যকৰ আৰু গঠনমূলক বৃদ্ধাৱস্থা, আন্তঃ প্ৰজন্মৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলা।যত্ন(পৰিশিষ্ট ১৩)

১৪) নিঠৰুৱা বৃদ্ধ বিধবা মহিলাৰ বাবে বহু সুবিধা থকা যত্ন কেন্দ্ৰ: ইয়াৰ যোগেৰে বৃদ্ধ বিধবা মহিলালৈ থকাৰ সুবিধাৰ, শৈক্ষিক, পেশাগত আৰু বিনোদনৰ সুযোগ আগবঢ়োৱা, স্বাস্থ্য যত্ন আদি আগবঢ়োৱা। (পৰিশিষ্ট ১৪)

১৫) বৃদ্ধ লোকসকলৰ বাবে স্বেচ্ছামূলক সংস্থা (পৰিশিষ্ট ১৫)

১৬) বৃদ্ধ সংঘ/বয়োজ্যেষ্ঠ নাগৰিকৰ সংস্থা গঢ়ি তোলা। (পৰিশিষ্ট ১৬)

১৭) এই আঁচনিৰ উদ্দেশ্যেৰ লগত মিল থকা আন যিকোনো কাম-কাজ।

৫) প্ৰকল্পলৈ সাহাৰ্য্যৰ পৰিমাণ

১) প্ৰকল্পত উল্লেখ কৰা মুঠ খৰছৰ নব্বৈ শতাংশ ধন এই আঁচনিৰ পৰা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু বাকী থকা অংশ সংশ্লিষ্ট সংস্থা/প্ৰতিষ্ঠানে দিব লাগিব।

২) বিদ্যালয়, মহাবিদ্যালয়, শিক্ষা প্ৰতিষ্ঠান আৰু যুৱ সংগঠন যেনে, নেহেৰু যুৱ কেন্দ্ৰ সংগঠন আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত বৃদ্ধ লোকলৈ সেৱা আগবঢ়োৱা কাৰ্য্যসূচীসমূহত ১০০ শতাংশ ধনেই এই আঁচনিৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব।

৬) প্ৰয়োগকাৰী অভিকৰণসমূহ

মন্ত্ৰালয়ে নিৰ্দিষ্ট কৰি দিয়া চৰ্তসাপেক্ষে তলত উল্লেখ কৰা অভিকৰণসমূহলৈ এই আঁচনিৰ অধীনত অৰ্থ সাহাৰ্য্য সংমোদন কৰা হ’ব:

১)পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ/স্থানীয় গোট।

২)বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহ।

৩)চৰকাৰে স্বায়ত্ব শাসিত/অধীনস্থ গোট হিচাপে গঠন কৰি দিয়া প্ৰতিষ্ঠানসমূহ বা সংগঠনসমূহ।

৪)চৰকাৰে স্বীকৃতি প্ৰদান কৰা শিক্ষা প্ৰতিষ্ঠানসমূহ, দাতব্য চিকিৎসালয়/পৰিসেৱা গৃহ, স্বীকৃত যুৱ সংগঠন যেনে, নেহেৰু যুৱ সংগঠন।

৫) ব্যতিক্ৰমী ক্ষেত্ৰত এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্তৃপক্ষক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব পৰা যাব।

৭) এই আঁচনিৰ অধীনত অৰ্থ সাহাৰ্য্য প্ৰদান কৰিব লগা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহৰ থাকিব লগা যোগ্যতা।

১)বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহৰ যাতে সমষ্টিগত স্থিতি আৰু আইন সংগত আৰু দলগত দায়বদ্ধতা থাকে তাৰ বাবে এনে সংগঠনসমূহ যথোপযুক্ত আইনৰ অধীনত পঞ্জীয়ণভুক্ত হ’ব লাগিব।

২) এই সংগঠনসমূহ সমিতিসমূহৰ পঞ্জীয়ণ আইন ১৮৬০ বা সম পৰ্য্যায়ৰ ৰাজ্যিক সমিতিসমূহৰ পঞ্জীয়ণ আইনৰ অধীনত পঞ্জীয়ণভুক্ত হ’ব লাগিব আৰু ইতিমধ্যে কমেও দুবছৰ কাম কাজ কৰা হ’ব লাগিব বা এটা ৰাজহুৱা ন্যাস যিকোনো আইনৰ অধীনত পঞ্জীয়ণভুক্ত হ’ব লাগিব বা দাতব্য কোম্পানী হ’লে কোম্পানীৰ আইন ১৯৫৮ ৰ ধাৰা ৫২৫ ৰ অধীনত অনুজ্ঞাপত্ৰ থাকিব লাগিব।

৩) এইসমূহ অতি কমেও দুবছৰ আগতে পঞ্জীয়ণভুক্ত হ’ব লাগিব যদিও উত্তৰ-পূৰ্বাঞ্চল, জন্মু আৰু কাশ্মীৰ, মৰুভূমি অঞ্চল আৰু প্ৰতিনিধিত্ব কৰা অঞ্চলসমূহৰ ক্ষেত্ৰত দুবছৰ চৰ্তটো প্ৰযোজ্য নহয়। আন কিছুমান ক্ষেত্ৰত সচিব (এচ,জে,এণ্ড,ডি) অনুমোদন সাপেক্ষে এই দুবছৰৰ সময়কালৰ চৰ্ত ৰেহাই দিব পৰা যাবও পাৰে।

৪) সংগঠনটোৰ যথোপযুক্তভাৱে গঠন হোৱা এখন পৰিচালনা সমিতি থাকিব লাগিব আৰু এখন লিখিত সংবিধানত এই সমিতিৰ ক্ষমতা, কৰ্তব্য আৰু দ্বায়বদ্ধতাসমূহ স্পষ্টকৈ লিখা থাকিব লাগিব। সংগঠনটোৰ এটা যথোপযুক্ত প্ৰশাসনীয় সজ্জা থাকিব লাগিব আৰু ইয়াৰ কাৰ্য্যকৰী সমিতিসমূহ সময়মতে গঠন হ’ব লাগিব।

৫) এই সংগঠনটো গণতান্ত্ৰিকভাৱে ইয়াৰ সদস্যসকলে পৰিচালনা কৰা হ’ব লাগিব।

৬) সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ আৰু কাৰ্য্যসূচীসমূহৰ উদ্দেশ্য আৰু লক্ষ্যসমূহ সঠিকভাৱে উল্লেখ থাকিব লাগিব।

৭) কোনো ব্যক্তিবিশেষ বা কিছু সংখ্যক ব্যক্তিৰ গোটৰ লাভালাভৰ বাবে সংগঠনটো পৰিচালিত হ’ব নালাগিব। এনে প্ৰকল্প পৰিচালনা কৰিবলৈ সংগঠনটোৰ দক্ষতা আৰু সক্ষমতা থাকিব লাগিব।

৭) আঁচনিখনৰ নিৰ্দেশাৱলী

এই আঁচনিৰ অধীনত অৰ্থসাহাৰ্য্য লাভ কৰিবলৈ সম্পূৰ্ণ নিৰ্দেশনাৱলী, আবেদন প্ৰপত্ৰ দাখিল কৰাৰ প্ৰক্ৰিয়া আৰু আন চৰ্তসমূহৰ লগতে কিমান পৰিমাণৰ সাহাৰ্য্য আগবঢ়োৱা হ’ব পৰিশিষ্টত উল্লেখ কৰা আছে। প্ৰয়োজন অনুসৰি সময়ে সময়ে এই নিৰ্দেশনাসমূহ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰীৰ অনুমোদন সাপেক্ষে এই বিভাগৰ সচিব, অতিৰিক্ত সচিব, যুটীয়া সচিব (সামাজিক নিৰাপত্তা) আৰু পৰিকল্পনা আয়োগ আৰু মন্ত্ৰালয়ৰ সংহত বিত্ত বিভাগৰ সদস্যৰে গঠিত এখন কমিটিৰ পৰামৰ্শ অনুসৰি সালসলনি হ’ব পাৰে।

পৰিশিষ্ট- ১

বয়োজেষ্ঠ লোকৰ গৃহৰ ৰক্ষণাবেক্ষণ

(আঁচনিৰ ৪ (১) দফাত চাওঁক)

২৫ জন বৃদ্ধ লোকক থকা গৃহ, খাদ্য, যত্ন লোৱা, বিনোদনৰ সা-সুবিধা বিনামূলীয়াকৈ আগবঢ়োৱা প্ৰকল্পলৈ প্ৰদান কৰা হ’ব। যদিহে উক্ত গৃহ ডাঙৰ হয় (১৫০ বা ৭৫ বা ৫০ জন হিতাধিকাৰী থাকে তেন্তে উক্ত গৃহ ৰক্ষণাবেক্ষণৰ বাবে অৰ্থ সাহাৰ্য্য সেই অনুপাতে প্ৰদান কৰা হব)

সংগঠনটোক নমনীয়ভাৱে বিত্ত ব্যৱহাৰ কৰিবলৈ তলত দিয়া বিভাগত খৰছ কৰিবলৈ অনুমতি প্ৰদান কৰা হয়।

(টকাত)

আবৰ্তিত ব্যয়: (ক ৰ পৰা ঙ লৈ)

৫,৪২,০০০

(ক)

কৰ্মচাৰীৰ পাৰিতোষিক

বাৰ্ষিক ১,৬২,০০০ টকা

অধীক্ষক / প্ৰতিপালক / পৰিচালক

 

বাৰ্ষিক ৪২,০০০ টকা

 

সমাজ কৰ্মী/ উপদেষ্টা

 

বাৰ্ষিক ৩৬,০০০ টকা

 

ধাই / ধাত্ৰী

 

বাৰ্ষিক ৩৬,০০০ টকা

ৰান্ধনি

 

বাৰ্ষিক ২৪,০০০ টকা

 

সহায়ক/হৰিজ’ন

 

বাৰ্ষিক ১২,০০০ টকা

 

চকীদাৰ

 

বাৰ্ষিক ১২,০০০ টকা

 

(খ)

গৃহ (ভাড়া/ৰক্ষণাবেক্ষণ)

 

বাৰ্ষিক ৯০,০০০ টকা

 

(গ)

 

স্বাস্থ্যৰ যত্ন

 

বাৰ্ষিক ২,৫০,০০০ টকা

 

 

খাদ্য

 

বাৰ্ষিক ১,৯৬,০০০ টকা

 

 

চিকিৎসক

 

বাৰ্ষিক ১৮,০০০ টকা

 

 

ঔষধ

 

বাৰ্ষিক ১৮,০০০ টকা

 

 

কাপোৰ, তেল, চাবোন ইত্যাদি।

 

বাৰ্ষিক ১৮,০০০ টকা

 

(ঘ)

বিনোদন (কিতাপ, আলোচনী, বাতৰি কাকত, ভ্ৰমণ, ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্য্যসূচী, কেৰম, ডবা, টাচ পাত আদিৰ দৰে খেলসহ)

 

বাৰ্ষিক ২০,০০০ টকা

 

(ঙ)

 

বিবিধ আৰু হঠাতে হোৱা খৰছ (বিদ্যুৎ, পানী ইত্যাদি)।

 

বাৰ্ষিক ২০,০০০ টকা

 

 

অ-আবৰ্তিত সামগ্ৰীসমূহ (প্ৰকল্প আৰম্ভ কৰাৰ সময়ত)

 

 

(চ)

এনে ধৰণৰ সামগ্ৰীসমূহ (আচবাব, বাচন-বৰ্তন, দূৰদৰ্শন, ঘৰৰ ভিতৰত খেলিব পৰা খেল ইত্যাদি)

১,২৫,০০০ টকা

 

 

মুঠ (১+২)

 

৬,৭৭,০০০ টকা

 

 

প্ৰয়োগকাৰী অভিকৰণসমূহে অতিৰিক্ত সামগ্ৰী/আন সা-সুবিধা এই বৃদ্ধ লোকৰ গৃহত নিজা সমলেৰে আগবঢ়াব পাৰিব।

পৰিশিষ্ট-২

২) অৱসৰ যত্ন গৃহ/অবিৰত যত্ন গৃহৰ ৰক্ষণাবেক্ষণ
(আঁচনিৰ ৪ (২) দফাত চাওঁক)

কমেও ১৫০ জন হিতাধিকাৰী থকা বৃদ্ধ গৃহ চলাই থকা অভিকৰণক কমেও ২৫ জন মৃদুৰ পৰা অতিপাত সক্ষমতা থকা বৃদ্ধলোকৰ অৱসৰৰ যত্ন আগবঢ়াবলৈ এই প্ৰকল্পৰ অধীনত অৰ্থসাহাৰ্য্য আগবঢ়োৱা হ’ব।

অনুমোদন প্ৰাপ্ত দাতব্য চিকিৎসালয়/পৰিচৰ্য্যা গৃহ/চিকিৎসা প্ৰতিষ্ঠান/মহাবিদ্যালয়সমূহ এই অৰ্থ সাহাৰ্য্যৰ বাবে যোগ্য হ’ব পাৰে। যদিহে এই প্ৰকল্পত ৭৫ বা ৫০ জন হিতাধিকাৰী থাকে তেন্তে সেই অনুপাতে উক্ত বৃদ্ধ গৃহলৈ অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হ’ব।

সংগঠনটোক নমনীয়ভাৱে বিত্ত ব্যৱহাৰ কৰিবলৈ তলত দিয়া বিভাগত খৰছ কৰিবলৈ অনুমতি প্ৰদান কৰা হয়।

(টকাত)

অ-আবৰ্তিত ব্যয়ৰ পৰিমাণ:

বাৰ্ষিক ৬,০০,০০০ টকা

(ক)

কৰ্মচাৰীৰ পাৰিতোষিক

বাৰ্ষিক ২,৩৪,০০০ টকা

চিকিৎসক

বাৰ্ষিক ৭২,০০০ টকা

অধীক্ষক /প্ৰতিপালক/পৰিচালক

বাৰ্ষিক ৪২,০০০ টকা

ধাই / ধাত্ৰী

 

বাৰ্ষিক ৩৬,০০০ টকা

ৰান্ধনি

 

বাৰ্ষিক ২৪,০০০ টকা

 

সহায়ক/হৰিজ’ন

 

বাৰ্ষিক ১২,০০০ টকা

 

চকীদাৰ

বাৰ্ষিক ১২,০০০ টকা

(খ)

গৃহ (ভাড়া/ৰক্ষণাবেক্ষণ)

বাৰ্ষিক ৯০,০০০ টকা

(গ)

স্বাস্থ্যৰ যত্ন (চিকিৎসক, ঔষধ ইত্যাদি) আৰু পৰিপুষ্টি আৰু পৰিচন্নতা (তেল, চাবোন, ইত্যাদি)

বাৰ্ষিক ২,৩৬,০০০ টকা

 

পৰিপুষ্টি

বাৰ্ষিক ১,৯৬,০০০ টকা

 

বিশেষ চাবোন, নেপকিন, এবাৰ ব্যৱহাৰ্য্য

 

বাৰ্ষিক ২০,০০০ টকা

 

(ঘ)

পেথ’লজিকেল পৰীক্ষা সামগ্ৰী

 

বাৰ্ষিক ২০,০০০ টকা

 

(ঙ)

বিবিধ আৰু হঠাতে খৰছ হোৱা (বিদ্যুৎ, পানী ইত্যাদি)

 

বাৰ্ষিক ২০,০০০ টকা

 

 

অ-আবৰ্তিত ব্যয়ৰ পৰিমাণ: (প্ৰকল্প আৰম্ভ কৰাৰ সময়ত): (ইয়াৰ লগতে চিকিৎসা সামগ্ৰী, অম্লজান চিলিণ্ডাৰ, বাচন-বৰ্তন, আচবাব, কেঁচা সামগ্ৰী ইত্যাদি)

 

১,২০,০০০ টকা

 

 

মুঠ (১+২)

 

৭,২০,০০০ টকা

 

পৰিশিষ্ট-৩

বহুমুখী সেৱা কেন্দ্ৰ

(আঁচনিৰ ৪ () দফাত চাওঁক)

মুঠ ৫০ জন বৃদ্ধ ব্যক্তিলৈ দিবা যত্ন, স্বাস্থ্যযত্ন, অৱসৰ বিনোদন, আলাপ-আলোচনা, সংগদান, আধ্যাত্মিক আৰু ধাৰ্মিক কাৰ্য্যসূচীৰ সুবিধা প্ৰদান কৰা প্ৰকল্পলৈ এই অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হ’ব।

সংগঠনটোক নমনীয়ভাৱে বিত্ত ব্যৱহাৰ কৰিবলৈ তলত দিয়া বিভাগত খৰছ কৰিবলৈ অনুমতি প্ৰদান কৰা হয়।

সামগ্ৰী

প্ৰস্তাৱিত (টকাত)

১)

আবৰ্তিত ব্যয়

বাৰ্ষিক ৩,৭৪,০০০ টকা

(ক)

কৰ্মচাৰীৰ পাৰিতোষিক

বাৰ্ষিক ৮২,৮০০ টকা

 

(১)পৰিচালক/অধীক্ষক

বাৰ্ষিক ৩৬,০০০ টকা

(২) সমাজ কৰ্মী

বাৰ্ষিক ১৮,০০০ টকা

(৩) তত্বাৱধায়ক

বাৰ্ষিক ১২,০০০ টকা

(৪) কাৰিকৰী প্ৰশিক্ষক/ৰান্ধনি

বাৰ্ষিক ৯,৬০০ টকা

(৫) হৰিজন

বাৰ্ষিক ৭,২০০ টকা

(খ)

গৃহ (ভাড়া/ৰক্ষণাবেক্ষণ)

বাৰ্ষিক ৪২,০০০ টকা

(গ)

স্বাস্থ্যৰ যত্ন (চিকিৎসক, ঔষধ ইত্যাদি) আৰু পৰিপুষ্টি পৰিপূৰক

বাৰ্ষিক ২,১৮,০০০ টকা

(ঘ)

বিনোদন (কিতাপসমূহ, আলোচনী, বাতৰি কাকত, ভ্ৰমণ, ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্য্যসূচী, কেৰম, ডবা, টাচ পাত আদিৰ দৰে)

বাৰ্ষিক ১৮,০০০ টকা

(ঙ)

বিবিধ আৰু হঠাতে হ’ব পৰা খৰছ (বিদ্যুৎ, পানী, টেলিফোন, কাৰ্য্যালয়ৰ সামগ্ৰী ইত্যাদি।)

বাৰ্ষিক ১৩,২০০ টকা

 

অ-আবৰ্তিত সামগ্ৰী(প্ৰকল্প আৰম্ভ কৰাৰ সময়ত)

 

 

(চ)

(আচবাব, বাচন-বৰ্তন, দূৰদৰ্শন,, ঘৰৰ ভিতৰত খেলিব পৰা খেল ইত্যাদি)

 

৩২,০০০ টকা

 

 

মুঠ (১+২)

৪,০৬,০০০

 

পৰিশিষ্ট-৪

ভ্ৰাম্যমাণ চিকিৎসা যত্ন গোট

(আঁচনিৰ ৪ () দফাত চাওঁক)

চহৰৰ বস্তি অঞ্চল, গ্ৰামাঞ্চল আৰু দূৰণিবটীয়া অঞ্চলসমূহ য’ত উপযুক্ত স্বাস্থ্যসেৱা উপলব্ধ নহয় তেনে ঠাইত বাস কৰা বৃদ্ধ লোকৰ বাবে গ্ৰহণ কৰা প্ৰকল্পলৈ অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হ’ব।

এই প্ৰকল্পৰ লক্ষ্য হ’ল বৃদ্ধ লোকসকলে তেওঁলোকৰ নিজৰ স্বাস্থ্য ৰক্ষণাবেক্ষণ আৰু উন্নত কৰাৰ লগতে আনকো তেনে কৰিবলৈ উৎসাহিত কৰা। প্ৰতিটো স্বাস্থ্য যত্ন গোটে প্ৰতিমাহে কমেও ৪০০ বয়োজ্যেষ্ঠ লোকক আবৰ্তত আনিব লাগিব।

যিবোৰ অভিকৰণে পূৰ্বতে বৃদ্ধ লোকসকলৰ হকে কাম কৰি আছে আৰু যিবোৰ সংগঠনে ৰাইজলৈ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায় আছে সেইসমূহক এই অৰ্থ সাহাৰ্য্যৰ বাবে যোগ্য বিবেচনা কৰা হ’ব।

অনুমোদন প্ৰাপ্ত দাতব্য চিকিৎসালয়/পৰিচৰ্য্যা গৃহ/চিকিৎসা প্ৰতিষ্ঠান/মহাবিদ্যালয় সমূহ এই অৰ্থ সাহাৰ্য্যৰ বাবে যোগ্য হ’ব পাৰে। যদিহে এই প্ৰকল্পত অধিক হিতাধিকাৰী থাকে তেন্তে সেই অনুপাতে উক্ত অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হ’ব।

সামগ্ৰী

টকাত

কৰ্মচাৰীৰ পাৰিতোষিক

১,১৩,০০০

ক)

চিকিৎসকৰ পাৰিতোষিক

বাৰ্ষিক ৩০,০০০ টকা

খ)

বহুমুখী স্বাস্থ্য কৰ্মী/সমাজ কৰ্মী/ধাত্ৰী

বাৰ্ষিক ২৪,০০০ টকা

গ)

গাড়ীচালক

বাৰ্ষিক ২০,০০০ টকা

ঘ)

আয়োজক

বাৰ্ষিক ২৪,০০০ টকা

ঙ)

সহায়ক

বাৰ্ষিক ১৫,০০০ টকা

প্ৰতিজন ব্যক্তিৰ ঔষধ আৰু শাৰিৰীক পৰীক্ষাৰ বাবে প্ৰতিমাহে ৩৩ টকাকৈ

বাৰ্ষিক ১,৫৮,০০০ টকা

বাহনৰ ইন্ধন আৰু ৰক্ষণাবেক্ষণ

বাৰ্ষিক ১৩,০০০ টকা

সাম্ভাব্য খৰছ

বাৰ্ষিক ১২,০০০ টকা

 

মুঠ

২,৯৬,০০০

পৰিশিষ্ট-৫

ডিমনেচিয়া ৰোগ থকা বয়োজ্যেষ্ঠ লোকৰ বাবে দিবা যত্ন কেন্দ্ৰ
(আঁচনিৰ ৪ () দফাত চাওঁক)

প্ৰতিমাহে ডিমনেছিয়া ৰোগত ভোগা বৃদ্ধ লোকৰ দিবা যত্ন কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এই আঁচনিয়ে অৰ্থ সাহাৰ্য্য প্ৰদান কৰা হ’ব। হিতাধিকাৰীৰ পৰিমাণৰ তাৰতম্য অনুসৰি সেই অনুপাতত অৰ্থ সাহাৰ্য্যৰ পৰিমাণ মিলাই লোৱা হ’ব।

যিবোৰ অভিকৰণে ইতিমধ্যেই বৃদ্ধ লোকৰ গৃহ পৰিচালনা কৰি আছে বা কৰিছিল বা যিবোৰ সংগঠনে ৰাইজলৈ বিনামূলীয়া চিকিৎসা যত্ন আগবঢ়াইছিল সেইসমূহ এই প্ৰকল্পৰ অধীনত অৰ্থ সাহাৰ্য্যৰ বাবে যোগ্য বিবেচিত হ’ব।

অনুমোদন প্ৰাপ্ত দাতব্য চিকিৎসালয়/পৰিচৰ্য্যা গৃহ/চিকিৎসা প্ৰতিষ্ঠান/মহাবিদ্যালয় সমূহ এই অৰ্থ সাহাৰ্য্যৰ বাবে যোগ্য হ’ব পাৰে।

আবৰ্তিত ব্যয়: ৮,৫৮,০০০

(টকাত)

 

চিকিৎসক

 

প্ৰতিমাহে ১০০০০×১২ মাহ

 

১,২০,০০০

 

 

সমাজ কৰ্মী

 

প্ৰতিমাহে ৫০০০×১২ মাহ

 

৬০,০০০

 

 

ধাই (৩)

 

প্ৰতিমাহে ১৫০০০×১২ মাহ

 

১,৮০,০০০

 

ঔষধ

 

প্ৰতিমাহে ৩৫০০×১২ মাহ

 

৪২,০০

 

ভাড়া

 

প্ৰতিমাহে ৫০০০×১২ মাহ

 

৬০,০০০

 

বিদ্যুৎ, পানী, টেলিফোন

 

প্ৰতিমাহে ৪০০০×১২ মাহ

 

৪৮,০০০

 

ৰোগীলৈ লঘু আহাৰ

 

১৫ x ২০ ৰোগী X ৩০ দিন X ১২ মাহ

 

১,০৮,০০০

 

যাতায়ত

 

প্ৰতিমাহে ২০,০০০

 

২,৪০,০০০

 

অ-আবৰ্তিত ব্যয়

 

আচবাব, সামগ্ৰীৰ খৰছ ইত্যাদি

১,২০,০০০

 

পৰিশিষ্ট-৬

ফিজিঅ’থেৰাপী চিকিৎসা কেন্দ্ৰ

(আঁচনিৰ ৪ (৬) দফাত চাওঁক)

বৃদ্ধ লোকৰ কল্যাণৰ বাবে যিসমূহ অভিকৰণে প্ৰতিমাহে কমেও ৫০ জন বৃদ্ধ লোকক ফিজিঅ’থেৰাপী চিকিৎসা কেন্দ্ৰৰ দ্বাৰা যত্ন ল’ব বিচাৰে সেইসমূহলৈ অৰ্থসাহাৰ্য্য আগবঢ়োৱা হ’ব।

অনুমোদন প্ৰাপ্ত দাতব্য চিকিৎসালয়/পৰিচৰ্য্যা গৃহ/চিকিৎসা প্ৰতিষ্ঠান/মহাবিদ্যালয় সমূহ এই অৰ্থ সাহাৰ্য্যৰ বাবে যোগ্য হ’ব পাৰে।

(টকাত)

 

আবৰ্তিত ব্যয়

 

 

২,৩৬,০০০

 

০১

ফিজিঅ’থেৰাপিষ্ট, চিকিৎসক, কাৰিকৰী লোকৰ পাৰিতোষিক

প্ৰতিমাহে ১০,০০০×১২ মাহ

১২০,০০০

০৪

সামগ্ৰীসমূহৰ ৰক্ষণাবেক্ষণ

প্ৰতিমাহে থুলমূল ২০,০০০

২০,০০০

০৫

হঠাত হোৱা খৰছ (ঔষধ, বিদ্যুৎ, পানী, টেলিফোন ইত্যাদি)

 

৬০,০০০

০৬

ভাড়া

প্ৰতিমাহে ৩০০০×১২ মাহ

৩৬,০০০

আবৰ্তিত ব্যয়

 

০৭

প্ৰয়োজনীয় ফিজিঅ’থেৰাপী সামগ্ৰীসমূহ যেনে, বোন ডেনচিট’মিটাৰ, লেজাৰ থেৰাপী ইকুইপমেন্ট, চৰ্ট-ৱেভ মেডিকেল ডায়েথাৰমাই, ইন্টাৰফেৰেনচিয়েল থেৰাপী এণ্ড আল্ট্ৰাচাউণ্ড, এক্স-ৰে মেচিন, হাইড্ৰ’কুলেটৰ, নাৰ্ভ এণ্ড মাচল ষ্টিমুলেটৰ, কম্পিউটাৰ চাৰ্ভিকেল এণ্ড লুম্বাৰ ট্ৰেকছন বেড, চোলজাৰ হুইল এণ্ড পুলী, মাল্টি এক্সাৰ্চাইজ জিম, ট্ৰ্ৰেডমিল, এক্সাৰ্চাইজ ষ্টেয়াৰকেছ, ইনফ্ৰা ৰেড লাম্প ফ্লোৰ মডেল, পেৰাফিন ৱাক্স বাথ, ইত্যাদি।

৭ লাখ

 

পৰিশিষ্ট-৭

বৃদ্ধ অক্ষম লোকলৈ আহিলা আৰু কাণেৰে শুনা যন্ত্ৰ

(আঁচনিৰ ৪ () দফাত চাওঁক)

বৃদ্ধ লোকৰ কল্যাণৰ বাবে পূৰ্বে কাম কৰা অভিকৰণসমূহলৈ বৃদ্ধ অক্ষমলোকলৈ বিনামূলীয়াকৈ সহায়ক আহিলা আৰু কাণেৰে শুনা যন্ত্ৰ আগবঢ়াবলৈ বিশেষ শিৱিৰ আয়োজন কৰাৰ বাবে এই প্ৰকল্পৰ অধীনত অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হয়।

অনুমোদন প্ৰাপ্ত দাতব্য চিকিৎসালয়/পৰিচৰ্য্যা গৃহ/চিকিৎসা প্ৰতিষ্ঠান/মহাবিদ্যালয় সমূহ এই অৰ্থ সাহাৰ্য্যৰ বাবে যোগ্য হ’ব পাৰে।

(টকাত)

বেটেৰীসহ কাণেৰে শুনা সহায়ক আহিলা প্ৰতিটো শিৱিৰত (২০০০ কৈ ৫০ টাৰ)খৰছ

১,০০,০০০ টকা

প্ৰতিটো শিৱিৰত ডেন্টাৰছৰ খৰছ (প্ৰতিটোত ১০০০ কৈ ২০ টা)

২০,০০০ টকা

প্ৰতিটো শিৱিৰত নি ব্ৰাছেজৰ খৰছ (প্ৰতিটোত ১৫০০ টকাকৈ ১০ টা)

১৫,০০০ টকা

নিৰ্ণায়ক শিৱিৰৰ খৰছ (তম্বু, চিকিৎসকসকল, ধাত্ৰীসমূহ, ইত্যাদি সহ)

২৫,০০০ টকা

 

মুঠ (প্ৰতিটো শিৱিৰত)

১,৬০,০০০

 

পৰিশিষ্ট-৮

মানসিক স্বাস্থ্য যত্ন আৰু বিপদগ্ৰস্ত বৃদ্ধসকলৰ বাবে বিশেষ ধৰণৰ যত্ন

(আঁচনিৰ ৪ () দফাত চাওঁক)

যিবোৰ অভিকৰণে পূৰ্বতে বৃদ্ধ লোকৰ কল্যাণৰ বাবে কাম কৰিছে তেওঁলোকক বিশেষ স্বাস্থ্য যত্ন আৰু মানসিক স্বাস্থ্য যত্নৰ বাবে বিশেষ শিৱিৰ অনুষ্ঠিত কৰিবলৈ এই প্ৰকল্পৰ অধীনত অৰ্থসাহাৰ্য্য প্ৰদান কৰা হ’ব।

অনুমোদন প্ৰাপ্ত দাতব্য চিকিৎসালয়/পৰিচৰ্য্যা গৃহ/চিকিৎসা প্ৰতিষ্ঠান/মহাবিদ্যালয়সমূহ এই অৰ্থ সাহাৰ্য্যৰ বাবে যোগ্য হ’ব পাৰে।

নিৰ্ণায়ক পৰীক্ষা আৰু মানসিক স্বাস্থ্য সম্পৰ্কীয় বিশেষ স্বাস্থ্য শিৱিৰ

ক্ৰঃনং

বিষয় (প্ৰতিটো শিৱিৰত)

(টকাত)

০১

নিৰূপণ শিৱিৰৰ আয়োজন

৫,০০০

০২

আইইচি

১৫০০

০৩

পৰৱৰ্তী (প্ৰতি হিতাধিকাৰী)

৫০০

০৪

মনোৰোগ চিকিৎসকৰ পাৰিতোষিক

১০০০

০৫

মনোবিজ্ঞানীৰ বাবে পাৰিতোষিক

১০০০

০৬

সমাজ কৰ্মীৰ বাবে পাৰিতোষিক

৫০০

 

মুঠ

প্ৰতি শিৱিৰত ৯,৫০০

 

পৰিশিষ্ট-৯

বৃদ্ধ লোকৰ বাবে সহায়ক ফোনৰ ব্যৱস্থা আৰু পৰামৰ্শ কেন্দ্ৰ

(আঁচনিৰ ৪ () দফাত চাওঁক)

বৃদ্ধ লোকৰ বাবে সহায়ক ফোনৰ ব্যৱস্থা আৰু পৰামৰ্শ কেন্দ্ৰ স্থাপনৰ বাবে অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হয়। বৃদ্ধ লোকৰ কল্যাণৰ বাবে পূৰ্বে কাম কৰা অভিকৰণসমূহ/অনুমোদন প্ৰাপ্ত দাতব্য চিকিৎসালয়/পৰিচৰ্য্যা গৃহ/চিকিৎসা প্ৰতিষ্ঠান/মহাবিদ্যালয়সমূহ এই অৰ্থ সাহাৰ্য্যৰ বাবে যোগ্য হ’ব পাৰে।

 

(টকাত)

 

আবৰ্তিত ব্যয়

৪,৯২,০০০

কেন্দ্ৰ স্থাপনৰ স্থানৰ ভাড়া

৩৬,০০০

 

মনোবিজ্ঞানীৰ মাচুল/পাৰিতোষিক (২)

 

১,৮০,০০০

 

 

সমাজ কৰ্মী

 

৮৪,০০০

 

 

অনুচৰ (২ নম্বৰ)

 

৯৬,০০০

 

 

প্ৰশাসনিক ব্যয় (বিদ্যুৎ, টেলিফোন অধিদেয়, কাৰ্য্যালয়ৰ আচবাব, প্ৰচাৰ, ডাক খৰছ, যাতায়ত, কিতাপ/আলোচনী, বিবিধ ব্যয় ইত্যাদি)

 

৯৬,০০০

 

 

অ-আবৰ্তিত ব্যয় (প্ৰকল্প আৰম্ভ কৰাৰ সময়ত) (আচবাব, টেলিফোন পদ্ধতি, সৰঞ্জাম ইত্যাদি)

 

৮০,০০০

 

 

পৰিশিষ্ট-১০

বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সচেতন কৰা কাৰ্য্যসূচীসমূহ

(আঁচনিৰ ৪ (১০) দফাত চাওঁক)

বিদ্যালয় আৰু মহাবিদ্যালয় পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বয়োজ্যেষ্ঠ লোকসকলে সজাগতা সৃষ্টি কৰিবলৈ লোৱা কাৰ্য্যসূচীসমূহ এই প্ৰকল্পৰ অধীনত সামৰি লোৱা হ’ব। আবৰ্তলৈ অনা বিদ্যালয়ৰ সংখ্যাৰ ওপৰত অৰ্থ সাহাৰ্য্যৰ পৰিমাণ কম বেছি হ’ব।

আবৰ্তিত ব্যয়

 

(টকাত)

বেতনসমূহ কাৰ্য্যসূচী বিষয়া (১)

১ x১২ x৮,০০০

৯৬,০০০

 

দূৰণিবটীয়া কৰ্মীসকল

১ x১২ x৫,০০০

৬০,০০০

 

নিমন্ত্ৰিত বক্তা

প্ৰতিটো বক্তব্যৰ বাবে ৫০০ টকাকৈ ৪০ টা বক্তৃতা অনুষ্ঠান

২০,০০০

বেনাৰ আৰু পোষ্টাৰ

থুলমূল

১০,০০০

প্ৰতিযোগিতাৰ বাবে আন আন সামগ্ৰীৰ লগতে ছবি অঁকা সামগ্ৰী ইত্যাদি।

প্ৰতিখন বিদ্যালয়ত ১০০০ কৈ ২০ খন বিদ্যালয়

২০,০০০

ৰচনা আৰু ছবি অঁকা প্ৰতিযোগিতাৰ পুৰষ্কাৰ

১০০০ টকাকৈ ২০ টা

২০,০০০

ককা-আইতা দিৱস উদযাপন

১০,০০০ টকাকৈ ৫ টা

৫০,০০০

আলোকচিত্ৰ আৰু প্ৰচাৰ

৭০০ টকাকৈ ২০ টা

১৪,০০০

প্ৰচাৰপত্ৰ আৰু সংবাদপত্ৰ

থুলমূল

৫০০০

যাতায়ত

৩০০ টকাকৈ ৪০ টা পৰ্য্যায়ত

১২,০০০

 

অ-আবৰ্তিত ব্যয় (অনুমোদন কৰাৰ সময়ত) লেপটপ, প্ৰজেক্টৰ, ইত্যাদিৰ দৰে সামগ্ৰীসহ।

 

৮০,০০০

 

 

পৰিশিষ্ট-১১

আঞ্চলিক সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰ

(আঁচনিৰ ৪ (১০) দফাত চাওঁক)

স্বেচ্ছাসেৱী ক্ষেত্ৰসমূহত দক্ষতা বৃদ্ধিৰ বাবে আঞ্চলিক ভিত্তিত কিছুমান কাম-কাজ কৰিব পৰা যায়। যদিহে ইয়াক ভালদৰে আয়োজন কৰা নহয় তেন্তে বয়োজ্যেষ্ঠসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ অতি কম পৰিমাণেহে পৰে।

ক্ৰমিক

নং

 

বিষয়

 

হাৰ

 

মুঠ ব্যয় (টকাত)

আবৰ্তিত ব্যয়

৬,৬৩,০০০

মানৱ সম্পদ

১) পৰামৰ্শদাতা

১২,০০০X১২= ১,৪৪,০০০

৩,০০,০০০

 

২) সমন্বয়ক

৭,০০০X১২= ৮৪,০০০

 

 

৩) সহায়ক কৰ্মচাৰী

৬,০০০X১২=৭২,০০০

 

কিতাপ, ছপা, কাৰ্য্যলয়ৰ সামগ্ৰী আৰু ডাক খৰছ (পঢ়ু্ৱৈৰ উপযোগী সামগ্ৰী, পাঠ্যক্ৰমৰ সামগ্ৰী, সপক্ষতাৰ সামগ্ৰী)।

৫০,০০০

৭৪,০০০

 

 

টেলিফোন/ইন্টাৰনেটৰ খৰছ

২৪,০০০

 

ভাড়া

১০,০০০ X১২= ১,২০,০০০

২,৪১,০০০

 

যান-বাহনৰ ভাড়া

৮০০০ X১২ = ৯৬,০০০

 

 

 

বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কৰ্মশালা

২৫০০০ x১ =২৫০০০

 

আকস্মিক ব্যয়

৪০০০ X১২

৪৮,০০০

অ-আবৰ্তিত সামগ্ৰী:

 

১,১২,০০০

 

কাৰ্য্যালয়ৰ সামগ্ৰীসমূহ (কম্পিউটাৰ, ছপা যন্ত্ৰ, টেলিফোন, কাৰ্য্যালয়ৰ আচবাবসহ)

 

 

পৰিশিষ্ট-১২

বয়োজ্যেষ্ঠ লোকসকলৰ যত্ন লওঁতাৰ প্ৰশিক্ষণ
(আঁচনিৰ ৪ (২) দফাত চাওঁক)

১) গৃহ যত্ন সেৱাৰ বাবে যত্ন লওঁতাৰ প্ৰশিক্ষণ কাৰ্য্যসূচী

অ-আবৰ্তিত ব্যয়

(টকাত)

প্ৰশিক্ষণৰ সামগ্ৰীসমূহ, দৃশ্য-শ্ৰব্য আহিলা, প্ৰজেক্টৰ, পৰ্দা, তালিকা ইত্যাদি।

 

৬০,০০০

আবৰ্তিত ব্যয়

 

 

২০ প্ৰশিক্ষাৰ্থীলৈ ভাট্টা

প্ৰতিমাহে ৫০০ টকাকৈ x২০x১২ মাহ

১,২০,০০০

মূখ্য প্ৰশিক্ষকলৈ পাৰিতোষিক

প্ৰতিমাহে ৬,০০০x১২ মাহ

৭২,০০০

প্ৰদৰ্শক/প্ৰশিক্ষকৰ পাৰিতোষিক

প্ৰতিমাহে ৬,০০০x১২ মাহ

৭২,০০০

হঠাৎ হোৱা খৰছৰ লগতে প্ৰশিক্ষণ স্থানৰ ভাড়া ইত্যাদি।

প্ৰতিমাহে ৫,০০০x১২ মাহ

৬০,০০০

পৰিচালনা (বাহিৰৰ কাম, ভ্ৰমণ, কাৰ্য্যালয়ৰ সামগ্ৰী)

প্ৰতিমাহে ১,০০০x১২ মাহ

১২,০০০

 

 

মুঠ (১+২)

৩,৯৬,০০০

পৰিশিষ্ট-১৩

বয়োজ্যেষ্ঠ লোকসকলৰ বাবে সজাগতা প্ৰকল্পসমূহ
(আঁচনিৰ ৪ (১৩) দফাত চাওঁক)

এনে ধৰণৰ কাম-কাজৰ লগত স্বেচ্ছামূলকভাৱে জড়িত হোৱাৰ অভিজ্ঞতা থকা প্ৰতিষ্ঠানসমূহ, বেচৰকাৰী সংগঠনসমূহলৈ অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হয়।

ক্ৰঃ নং

বিষয়

ব্যয়

(টকাত)

০১

 

ৰাজ্যৰ ৰাজধানীত ভাৰতীয় অনাতাঁৰ কেন্দ্ৰযোগে প্ৰতি সপ্তাহে ১৫ মিনিট সময়কৈ মাহেকীয়া অনাতাঁৰ কাৰ্য্যসূচী (প্ৰস্তুত আৰু প্ৰচাৰৰ খৰছ)

 

প্ৰতিমাহে ৫,০০০

 

০২

প্ৰতিমাহে কমেও দুখনকৈ ভিন্ন স্থানত স্থানীয় ভাষাত বাটৰ নাট (প্ৰস্তুতি আৰু যাতায়ত খৰছ)

১০০০০ কৈ প্ৰতিখনত

 

০৩

 

বয়োজ্যেষ্ঠ নাগৰিকৰ বিশেষজ্ঞ আৰু যত্ন লওঁতা আৰু প্ৰচাৰ পত্ৰ বিতৰণ কৰাৰ লগতে ভিন্ন স্থানত স্থানীয় ভাষাত প্ৰতিমাহে কমেও দুখনকৈ কৰ্মশালা, আলোচনাচক্ৰ আয়োজন কৰা

 

প্ৰতি কাৰ্য্যসূচীত ৪০০০ টকাকৈ

 

 

পৰিশিষ্ট-১৪

বৃদ্ধ বিধবা মহিলাৰ বাবে বহুমুখী সুবিধাকাৰী যত্ন কেন্দ্ৰসমূহ

(আঁচনিৰ ৪ (১৪) দফাত চাওঁক)

৫০ গৰাকী বৃদ্ধ বিধৱা মহিলাৰ বাবে বৃদ্ধ গৃহ পৰিচালনা কৰা প্ৰকল্পলৈ অৰ্থসাহাৰ্য্য আগবঢ়োৱা হয়। পূৰ্ণকালীন থকা আৰু যত্ন সেৱাৰ সুবিধা আগবঢ়োৱাৰ উপৰিও তেওঁলোকক উপাৰ্জন সৃষ্টিৰ কাম-কাজ, ধৰ্মীয় কাৰ্য্যসূচী যুগ আদিৰ প্ৰশিক্ষণ আগবঢ়াব লাগিব। সংগঠনটোক নমনীয়ভাৱে বিত্ত ব্যৱহাৰ কৰিবলৈ তলত দিয়া বিভাগত খৰছ কৰিবলৈ অনুমতি প্ৰদান কৰা হয়।

 

আবৰ্তিত সামগ্ৰী

 

(টকাত)

 

প্ৰকল্প সঞ্চালক (১) প্ৰতিমাহে ৫,০০০ টকাকৈ

৬০,০০০

সমাজ কৰ্মী (১)প্ৰতিমাহে ৩,০০০ টকাকৈ

৩৬,০০০

 

প্ৰতি সপ্তাহত দুবাৰকৈ (আংশিক সময়) চিকিৎসকৰ সাক্ষাৎ ৩০০০ টকাকৈ

৩৬,০০০

 

 

পিয়ন/হৰিজন/ৰখীয়া (৩) প্ৰতিমাহে প্ৰতিজন ব্যক্তিক ১৫০০ টকাকৈ

৫৪,০০০

 

খাদ্যৰ খৰছ প্ৰতিমাহে প্ৰতি মহিলাক ৬০০ টকাকৈx৫০

৩,৬০,০০০

ধোবাৰ খৰছ প্ৰতিমাহে প্ৰতিজন ব্যক্তিক ৬০০ টকাকৈ ৫০ জনৰ

৬০,০০০

 

টেলিফোনৰ খৰছ প্ৰতিমাহে ৫০০ টকাকৈ

৬,০০০

ধাত্ৰীসকললৈ পাৰিতোষিক ২৫০০ টকাকৈ

৩০,০০০

পানী আৰু বিদ্যুৎ প্ৰতি বছৰে ৬০০০ টকাকৈ

৬,০০০

১০

বিবিধ খৰছ প্ৰতিমাহে ৩০০০ টকাকৈ

৩৬,০০০

১১

গৃহ (ভাড়া/ৰক্ষণাবেক্ষণ)প্ৰতিমাহে ৭,৫০০ টকাকৈ

৯০,০০০

 

অ-আবৰ্তিত সামগ্ৰী (প্ৰকল্প আৰম্ভ কৰাৰ সময়ত)

 

১২

আচবাব, বাচন-বৰ্তন, দূৰদৰ্শন, ঘৰৰ ভিতৰত খেলিব পৰা খেল আদি ধৰণৰ ইত্যাদি।

১,৬০,০০০

 

পৰিশিষ্ট-১৫

য়োজ্যেষ্ঠ লোকসকলৰ বাবে স্বেচ্ছাসেৱী দপ্তৰ
(আঁচনিৰ ৪ (১৫) দফাত চাওঁক)

স্বেচ্ছাসেৱী দপ্তৰ পৰিচালনা কৰিবৰ কাৰণে অৰ্থ সাহাৰ্য্য প্ৰদান কৰা হয়। বয়োজ্যেষ্ঠ লোকসকলৰ দক্ষতা, পাৰদৰ্শিতা আৰু অভিজ্ঞতাসমূহ। সমাজৰ লাভৰ বাবে ব্যৱহাৰ কৰাৰ উপৰিও তেওঁলোকৰ সামাজিক স্থিতি পুনৰ স্থাপন কৰা, এই দপ্তৰত বয়োজ্যেষ্ঠ নাগৰিকৰ পঞ্জীয়ণভুক্ত তালিকা থকা আৰু তেওঁলোকৰ মূল্যৱান সেৱাসমূহ বিভিন্ন সংগঠন, চিকিৎসালয়, বিদ্যালয়সমূহ আৰু শাৰিৰীক আৰু মানসিকভাৱে প্ৰত্যাহবান থকা শিশুসকললৈ আগবঢ়োৱা এই দপ্তৰৰ মূল উদ্দেশ্যে। এই দপ্তৰে নিয়মীয়াকৈ স্বেচ্ছাসেৱীসকলৰ সভা পাতি তেওঁলোকৰ অভিজ্ঞতাসমূহ পৰ্য্যালোচনা কৰাৰ লগতে আগত কৰ্ম পদ্ধতি নিৰ্ধাৰণ কৰিব লাগিব। এই দপ্তৰৰ লক্ষ্য হ’ল এটা স্বেচ্ছামূলক জন আন্দোলন গঢ়ি তোলা আৰু আনবোৰ ঠাইতো এনে আন্দোলনৰ বাবে উৎসাহিত কৰা।

সংগঠনটোক নমনীয়ভাৱে বিত্ত ব্যৱহাৰ কৰিবলৈ তলত দিয়া বিভাগত খৰছ কৰিবলৈ অনুমতি প্ৰদান কৰা হয় আৰু প্ৰতি বছৰে সংগঠিত ক্ষেত্ৰত অতি কমেও ১০০ জনক নিযুক্ত কৰিব লাগিব।

 

আবৰ্তিত সামগ্ৰীসমূহ

(টকাত)

 

বেতন আৰু পাৰিতোষিক

৬০,০০০

কাৰ্য্যালয়ৰ ভাড়া

১৮,০০০

টেলিফোন, ফেক্স, ডাক খৰছ, ছপা, কাৰ্য্যালয়ৰ সামগ্ৰী আৰু অন্যান্য বিবিধ ব্যয়

২০,০০০

স্বেচ্ছাসেৱীৰ বাবে টোপোলা আৰু কৰ্মশালা/বিভিন্ন কাৰ্য্যসূচীৰ ব্যয়

১০,০০০

 

অ-আবৰ্তিত সামগ্ৰী (অনুমোদন হোৱাৰ সময়ত)

 

কাৰ্য্যালয়ৰ আচবাব, টেলিফোন, কম্পিউটাৰ, ইত্যাদিৰ ব্যয়

৩৬,০০০

 

পৰিশিষ্ট-১৬

বৃদ্ধ সংঘ/বয়োজ্যেষ্ঠ নাগৰিকৰ সংস্থা গঢ়ি তোলা
(আঁচনিৰ ৪ (১৬) দফাত চাওঁক)

বৃদ্ধ লোকসকলৰ আগ্ৰহ,তেওঁলোকক প্ৰবৰ্ধন কৰা আৰু তেওঁলোকৰ নিজৰ ভালৰ বাবে বিভিন্ন কাৰ্য্যসূচী আৰু কাম-কাজ হাতত ল’বলৈ ৰাজ্য, জিলা আৰু মহকুমা পৰ্য্যায়ত বয়োজ্যেষ্ঠ নাগৰিক সমিতি আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ আত্মনিৰ্ভৰ গোট সমূহলৈ বৃদ্ধ সংঘ/বয়োজ্যেষ্ঠ নাগৰিকৰ সমিতি/আত্ম নিৰ্ভৰশীল গোট গঠন কৰিবলৈ অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হয়। এনে সংঘত জিলা পৰ্য্যায়ত কমেও ১০০০/৫০০০ বয়োজ্যেষ্ঠ নাগৰিক সদস্য হিচাপে থাকিব আৰু ৰাজ্যিক পৰ্য্যায়ৰ সমিতিত এই পৰিমাণ কমেও ২০,০০০ কৈ হ’ব লাগিব। চৰকাৰে এনে সমিতিলৈ সৰ্বাধিক ৫ বছৰ কাললৈ বিত্তীয় সাহাৰ্য্য আগবঢ়াব আৰু এই সময়খিনিৰ ভিতৰত তেওঁলোকৰ নিজা অৱদান আৰু দান-বৰঙণিৰে স্বনিৰ্ভৰশীল হ’ব লাগিব। ২০,০০০ বয়োজ্যেষ্ঠ নাগৰিকেৰে গঠিত এনে সমিতিলৈ সৰ্বাধিক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ হাৰ তলত উল্লেখ কৰা হ’ল।

 

 

(টকাত)

 

আবৰ্তিত সামগ্ৰীসমূহ

১,৪৪,০০০

বেতন আৰু পাৰিতোষিক

৭২,০০০

কাৰ্য্যালয়ৰ ভাড়া

১২,০০০

টেলিফোন, ফেক্স, ডাক খৰছ, ছপা, কিতাপ ক্ৰয়, কাৰ্য্যালয়ৰ সামগ্ৰী আৰু অন্যান্য বিবিধ ব্যয়

৪০,০০০

যাতায়ত

২০,০০০

 

প্ৰশিক্ষণ আৰু নীতিসমূহ সম্পৰ্কে সজাগতা সৃষ্টি, বয়োজ্যেষ্ঠ লোকসকলৰ বাবে সা-সুবিধা আৰু লাভালাভসমূহ, চুবুৰী নাট, দলগত সভাসমূহ (প্ৰতিখন গাওঁত প্ৰতিমাহত কমেও এখনকৈ)

 

 

অ-আবৰ্তিত সামগ্ৰী (অনুমোদন হোৱাৰ সময়ত)

৫০,০০০

কাৰ্য্যালয়ৰ আচবাব, টেলিফোন, কম্পিউটাৰ, ইত্যাদিৰ ব্যয়

অনুবন্ধ

বয়োজ্যেষ্ঠ লোকৰ বাবে সংহত কাৰ্য্যসূচী নিৰ্দেশাৱলী

১) প্ৰস্তাৱৰ দাখিল আৰু অৰ্থ সাহাৰ্য্য মুকলাই দিয়াৰ কাৰ্য্যবিধি

এই আঁচনিৰ অধীনত গ্ৰহণ কৰা সকলো প্ৰস্তাৱ সাধাৰণ নিৰ্দেশাৱলী অনুসৰি বিচাৰ কৰা হয় আৰু মন্ত্ৰালয় আৰু সংশ্লিষ্ট সাধাৰণ বিত্তীয় নীতি ২০০৫ আৰু সময়ে সময়ে শুধৰাই থকা নীতিসমূহ অনুসৰি বেচৰকাৰী অনুষ্ঠানলৈ অৰ্থসাহাৰ্য্য আগবঢ়োৱা হয়। নিৰ্দেশাৱলী অনুসৰি বৰ্তমানে তলত দিয়া কাৰ্য্যবিধিসমূহ মানি চলা হয়।

নিৰ্দিষ্ট প্ৰ-পত্ৰযোগে আবেদন দাখিল/ৰাজ্য চৰকাৰে পুনৰ প্ৰেৰণ কৰাতো তলত দিয়া ধৰণে হ’ব লাগিব।

ক) সকলো প্ৰস্তাৱতে কিমান সংখ্যক হিতাধিকাৰীৰ গোটক সামৰি লোৱা হ’ব সেইটো স্পষ্টকৈ উল্লেখ থাকিব লাগিব।

খ) এই আঁচনিৰ অধীনৰ সকলোবোৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ নিৰ্দিষ্ট প্ৰ-পত্ৰত আৰু সমন্ধীয় নথিৰ সৈতে ৰাজ্য চৰকাৰৰ যোগেৰে পঠিয়াব লাগিব।

গ) ইতিমধ্যেই চলি থকা প্ৰকল্পৰ ক্ষেত্ৰত অৰ্থ সাহাৰ্য্যৰ আবেদন নিৰ্দিষ্ট প্ৰ-পত্ৰ আৰু সম্পৰ্কীয় নথিৰ সৈতে বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ লগে লগেই ৰাজ্য চৰকাৰক দাখিল কৰিব লাগিব।

ঘ) ৰাজ্য চৰকাৰে নতুন প্ৰকল্পৰ ক্ষেত্ৰত আৰু ইতিমধ্যেই চলি থকা প্ৰকল্পৰ ক্ষেত্ৰত ইয়াৰ গ্ৰহণযোগ্যতা আৰু কাম-কাজ সম্পৰ্কে তেওঁলোকৰ ক্ষেত্ৰৰ বিষয়াৰ যোগেৰে পৰীক্ষা কৰিব। এনে সকলো প্ৰস্তাৱ ৰাজ্যৰ অৰ্থ সাহাৰ্য্য আগবঢ়োৱা সমিতিয়ে বিবেচনা কৰিব আৰু ৰাজ্য চৰকাৰৰ অনুমোদনসহ এই প্ৰস্তাৱসমূহ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়লৈ অগ্ৰাধিকাৰ ভিত্তিত প্ৰেৰণ কৰিব। ইতিমধ্যেই চলি থকা প্ৰকল্পৰ ক্ষেত্ৰত বাকী থকা ধন চলিত বিত্তীয় বৰ্ষত মুকলাই দিবলৈ নিৰ্দিষ্ট অনুমোদনৰ প্ৰয়োজন হ’ব।

ঙ) নতুন প্ৰকল্পৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা অঞ্চলৰ অগ্ৰাধিকাৰ ভিত্তিত প্ৰস্তাৱসমূহ নিশ্চিত কৰি ৰাজ্য চৰকাৰে অনুমোদন কৰি পঠিয়াব। মন্ত্ৰালয়ৰ পৰীক্ষণ সমিতিয়ে ইয়াৰ ভিত্তিত নতুন প্ৰকল্পসমূহ নিৰ্দেশাৱলী অনুসৰি বিবেচনা কৰিব।

চ) প্ৰয়োগকাৰী অভিকৰণসমূহে অৰ্থ সাহাৰ্য্য লাভ কৰাৰ আগতে নিৰ্দিষ্ট চুক্তি পত্ৰত স্বাক্ষৰ কৰিব লাগিব। মন্ত্ৰালয়ৰ নিৰ্দিষ্ট কৰ্তৃত্বই উক্ত চুক্তি পত্ৰ গ্ৰহণ কৰাৰ পিছতহে পুঁজি যোগান ধৰিব। আনহাতে চলি থকা প্ৰকল্পৰ ক্ষেত্ৰত চুক্তি পত্ৰৰ লগতে পুঁজি মুকলি কৰি দিবলৈ আবেদন প্ৰপত্ৰ গাঁঠি দিব লাগিব।

ছ) পৰিদৰ্শন: এই আঁচনিৰ অধীনত থকা প্ৰকল্পবোৰৰ পৰিদৰ্শনৰ মুখ্য দ্বায়বদ্ধতা সংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহত অৰ্থ সাহাৰ্য্য পৰিদৰ্শন প্ৰতিবেদনৰ পিছতহে মুকলি কৰি দিয়া হব। পৰিদৰ্শনৰ প্ৰকৃতি, ধৰণ আৰু সময়কালৰ দিক নিৰ্ণয় মন্ত্ৰালয়ে সময়ে সময়ে জাৰি কৰিব। প্ৰয়োজনীয় ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত মন্ত্ৰালয়ে নিজা অভিকৰণৰ যোগেৰেও ক্ষেত্ৰ পৰিদৰ্শন কৰোৱাব পাৰে।

() অনুদানৰ সমাপ্তি: যদিহে মন্ত্ৰালয়ে প্ৰকল্পৰ অগ্ৰগতিত সন্তুষ্ট নহয় বা দেখা পোৱা যায় যে ইয়াৰ নীতিসমূহ উলংঘন কৰা হৈছে তেনে ক্ষেত্ৰত মন্ত্ৰালয়ৰ অনুদান সমাপ্ত কৰাৰ অধিকাৰ থাকিব আৰু ইতিমধ্যেই মুকলাই দিয়া অৰ্থ সাহাৰ্য্য সুতসহ ঘূৰাই ল’ব পাৰিব।

() স্থানৰ সলনি: মন্ত্ৰালয়ৰ আগতীয়া অনুমোদন সাপেক্ষেহে প্ৰকল্পৰ স্থান সলনি কৰিব পাৰিব।

২) অৰ্থ সাহাৰ্য্যৰ বাবে চৰ্তসমূহ

ক) এটা সাহাৰ্য্যপ্ৰাপ্ত সংগঠন/প্ৰতিষ্ঠান/সংস্থাই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়া বা এনেবোৰে কৰ্তৃত্ব প্ৰদান কৰা ব্যক্তি বা অভিকৰণত মুক্ত মনেৰে পৰিদৰ্শন কৰিবলৈ দিব লাগিব।

খ) যদিহে কোনোবাটো সংগঠনে একেখন আঁচনিৰ বাবে ইতিমধ্যেই চৰকাৰৰ পৰা অৰ্থ সাহাৰ্য্য লাভ কৰিছে বা অৰ্থসাহাৰ্য্য লাভ কৰাৰ সম্ভাৱনা আছে তেন্তে সেই অৰ্থসাহাৰ্য্যৰ ওপৰত হিচাপ কৰিহে কেন্দ্ৰীয় অৰ্থ সাহাৰ্য্য মুকলাই দিয়া হ’ব।

গ) সাহাৰ্য্য প্ৰাপ্ত সংগঠনটোৱে এই আঁচনিৰ অধীনত পোৱা ধনৰ হিচাপ পৃথককৈ ৰাখিব লাগিব। তেওঁলোকে সকলো সময়তে ভাৰত চৰকাৰে নিয়োগ কৰা বিষয়াক মুক্ত মনেৰে হিচাপ পৰীক্ষা কৰিবলৈ দিব লাগিব। আভ্যন্তৰীণ হিচাপ পৰীক্ষণৰ ব্যৱস্থা ৰাখিব লাগিব। তেওঁলোকে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ দ্বাৰা হিচাপ পৰীক্ষাৰ বাবে মুক্ত থাকিব লাগিব। এটা সাহাৰ্য্যপ্ৰাপ্ত সংগঠনে চৰকাৰী পুঁজিৰে সম্পূৰ্ণ বা আংশিকভাৱে কিনা সকলো সম্পত্তিৰ এখন পঞ্জীয়ণ বহী ৰাখিব লাগিব আৰু যেতিয়াই প্ৰয়োজন হয় হিচাপ পৰীক্ষকৰ আগত দেখুৱাব লাগিব। এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ সাধাৰণ বিত্তীয় নীতি ২০০৫ প্ৰযোজ্য হ’ব।

৩) বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰিব লগীয়া অতিৰিক্ত নথিসমূহ

ক) সম্পৰ্কীয় কাৰ্য্যসূচী/সেৱা সম্পৰ্কে সংগঠনটোৰ ইতিমধ্যে থকা পাৰদৰ্শিতা তথা অভিজ্ঞতা

খ) সংগঠনটোৰ স্মাৰক পত্ৰ আৰু লক্ষ্য আৰু উদ্দেশ্যসমূহৰ বিৱৰণ।

গ)পৰিচালনা সমিতি গঠন, সাম্প্ৰতিক সদস্যসকল, বৰ্তমানৰ পৰিচালনা সমিতি গঠনৰ তাৰিখ।

ঘ) শেহতীয়া বাৰ্ষিক প্ৰতিবেদন।

ঙ) একে ধৰণৰ প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰ/ৰাজ্য চৰকাৰৰ বিভাগ/আন কোনো উৎসৰ পৰা ইতিমধ্যেই পোৱা বা পোৱাৰ সম্ভাৱনা থকা অৰ্থ সাহাৰ্য্য সম্পৰ্কীয় তথ্যসমূহ।

চ) বিগত দুটা বছৰত সংগঠন/প্ৰতিষ্ঠানে গ্ৰহণ কৰা আৰু প্ৰদান কৰা ধনৰ হিচাপৰ লগতে উদ্ধৃত্ত পত্ৰ আৰু বিগত বৰ্ষৰ উদ্ধৃত্ত পত্ৰ। এই নথিসমূহ চনদপ্ৰাপ্ত হিচাপ পৰীক্ষক বা চৰকাৰী কৰ্তৃত্বশীল ব্যক্তিয়ে প্ৰমাণিকৃত কৰিব লাগিব।

ছ) চৰকাৰে অনুমোদন কৰা ধৰণৰ এখন বন্দত অন্যায়িক মোহৰ পত্ৰত কিমান পৰিমাণৰ অৰ্থসাহাৰ্য্য বিচৰা হৈছে সেইটো উল্লেখ কৰি সংগঠনটো/প্ৰতিষ্ঠানটো কৰ্তৃত্বশীল ব্যক্তিয়ে স্বাক্ষৰ কৰিব লাগিব।

৪) বেচৰকাৰী সংগঠনসমূহৰ ক্ষেত্ৰত অতিৰিক্ত চৰ্তসমূহ

ক)কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে এই সংক্ৰান্তত কোনোবাটো নিৰ্দেশনা প্ৰদান কৰিলে সেই অনুসৰি কাম কৰাৰ দ্বায়িত্ব সংগঠনৰ মুৰব্বীজনৰ।

খ) অৰ্থ সাহাৰ্য্য লাভ কৰা প্ৰতিষ্ঠানে মন্ত্ৰালয়ৰ পৰা পোৱা সকলো ধনৰ হিচাপ পৃথককৈ ৰাখিব লাগিব।

৫) বিবিধ

ক) প্ৰয়োগকাৰী অভিকৰণসমূহে আগবঢ়োৱা সকলোবোৰ সা-সুবিধা প্ৰস্তাৱত নিৰ্দিষ্টকৈ আৰু স্পষ্টকৈ উল্লেখ কৰিব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমোদন নোহোৱাকৈ এইবোৰ সলনি কৰিব নোৱাৰিব।

খ) এই আঁচনিৰ অধীনত কৰ্মচাৰী নিযুক্ত কৰিলে তলত দিয়া নিয়মসমূহ মানি চলিব লাগিব।

চিকিৎসক-এই ব্যক্তিজনৰ ঔষধৰ লগতে বিকল্প ঔষধ পদ্ধতিৰ বিষয়ে আনুষ্ঠা্নিক শিক্ষাগত অৰ্হতা থাকিব লাগিব।

সমাজ কৰ্মী-স্নাতক হ’ব লাগিব। যদিহে স্নাতক পৰ্য্যায়ৰ শিক্ষাগত অৰ্হতাৰ ব্যক্তি পোৱা নাযায় তেন্তে কমেও ৩ বছৰ সামাজিক ক্ষেত্ৰত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

স্বাস্থ্য কৰ্মী- পেশাগতভাৱে অৰ্হতা নাথাকিলে এনে ব্যক্তিৰ কমেও ৩ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

গাড়ী চালক- বৈধ চালকৰ অনুজ্ঞাপত্ৰ থকাৰ লগতে কমেও ৩ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

অন্যান্য ব্যক্তিসকলৰ ক্ষেত্ৰতো যথোপযুক্ত শিক্ষাগত অৰ্হতা বা অভিজ্ঞতা সম্পন্ন ব্যক্তিক জড়িত কৰিব লাগে যাতে সেৱাসমূহ ভালদৰে প্ৰদান কৰিব পাৰে।

গ) সকলোবোৰ প্ৰায়োগিক অভিকৰণে পৰিনিয়ত অনুমোদন বিচাৰিব লাগে আৰু প্ৰকল্প আৰম্ভ কৰাৰ আগতে এইবোৰ সম্পূৰ্ণ কৰিব লাগে।

ঘ) ৰাজ্য চৰকাৰ/পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহৰ বাহিৰে আন সংগঠনসমূহে এই কাৰ্য্যসূচীৰ বাবে লাভ কৰা সকলো ধন সংগঠনটোৰ সভাপতি আৰু সম্পাদকৰ নামত যুটীয়াভাৱে খোলা এটা পৃথক বেংকৰ হিচাপৰ যোগেৰে লেনদেন কৰিব লাগিব।

ঙ) প্ৰাক সংশোধিত আঁচনিৰ অধীনত চলি থকা প্ৰকল্প: মন্ত্ৰালয়ৰ প্ৰাক সংশোধিত আঁচনিৰ অধীনত যোগ্য সংগঠনলৈ বৃদ্ধ লোকৰ গৃহ, বৃদ্ধ লোকৰ বাবে ভ্ৰাম্যমাণ স্বাস্থ্য যত্ন গোট, দিবা যত্ন কেন্দ্ৰৰ বাবে অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হ’ব। এই সকলোবোৰ প্ৰকল্পলৈ ৰাজ্য চৰকাৰৰ অনুমোদন সাপেক্ষেহে সাহাৰ্য্য আগবঢ়োৱা হ’ব আৰু সংশোধিত আঁচনি আৰু ইয়াৰ নিৰ্দেশাৱলীত থকা চৰ্তসমূহ পূৰণ হ’ব লাগিব।

উৎস: আইএনডিজি দল

2.96078431373
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top