অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোটৰ নিয়ম আৰু বিনিময়বিলাকৰ উলঙ্ঘন

আত্ম সহায়ক গোটবিলাকে অনিয়মীয়া তথা বিলম্ব উপস্থিতি, নিৰ্ধাৰিত সময়ত ঋণ অনাদায় আৰু গোটৰ লক্ষ্য তথা উদ্দেশ্যেৰ বিৰুদ্ধে কৰা যিকোনো কাৰ্য্যকলাপৰ বাবে গোটৰ সদস্য তথা সদস্যাসকলৰ পৰা জৰিমনা সৰ্গ্ৰহ কৰিব পাৰে। এইটোৱে ফলপ্ৰসূভাৱে আত্ম সহায়ক গোটৰ কাম-কাজবিলাক কৰাত আৰু গোটৰ সদস্য তথা সদস্যাসকলৰ মাজত নিয়ম-শৃঙ্খলা আনি দিয়াত প্ৰভূত সহায় কৰিব।

ক্ৰমানুসাৰে পদ্ধতিত নেতৃত্বৰ সাল-সলনি

আগেয়ে উল্লেখ কৰি অহা হৈছে যে, ক্ৰমানুসাৰে পদ্ধতিত সময়ে সময়ে গোটৰ নেতৃত্বৰ সাল-সলনি কৰি থকা হ’ব। ইয়াৰ ফলত গোটত প্ৰতিগৰাকী সদস্য তথা সদস্যাই নেতৃত্বৰ গুণাৱলীৰ বিকাশ সাধন কৰিব পাৰিব।

যোগ্যতা নিৰূপণৰ নিয়মাৱলী

আত্ম সহায়ক গোটৰ এগৰাকী সদস্য অথবা সদস্যা হ’বৰ কাৰণে যোগ্যতা নিৰূপণৰ নিয়মসমূহ পালন কৰিবই লাগিব। এইটোৱে ফলপ্ৰসূভাৱে আত্ম সহায়ক গোটৰ কাম-কাজবিলাক কৰিব পৰাকৈ এটা সমজাতীয় আৰু ঐক্যবদ্ধ গোট গঠন কৰাত সহায় কৰিব। এটা দৰিদ্ৰ পৰিয়ালৰ পৰা কেৱল এগৰাকী প্ৰাপ্তবয়স্ক লোকহে এটা আত্ম সহায়ক গোটৰ সদস্যা হ’ব পাৰিব।

গোটৰ সদস্য, সদস্যাৰ সামাজিক দায়িত্ব

নিজৰ চুবুৰীটো, গাঁওখনৰ উন্নতিৰ বাবে সদস্যসকলে ত্যাগ স্বীকাৰ কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ বাবে অধ্যয়নৰ পৰিৱেশ গঢ়ি তোলা, অসামাজিক কামত এক গোট হৈ বাধা দিয়া, চিকিৎসা শিবিৰ, গছপুলি ৰোপণ ইত্যাদি কাৰ্য্যসূচী হাতত লৈ সামাজিক দায়িত্ব পালন কৰিব লাগে।

আত্ম সহায়ক গোটৰ উমৈহতীয়া পুঁজিৰ সৰ্বাধিক আৱৰ্তন:

ইতিপূৰ্ৱে উল্লেখ কৰি অহাৰ দৰে গোটৰ সদস্য বা সদস্যাই প্ৰতি সপ্তাহত সঞ্চয় কৰা ভাল। এনে সঞ্চয়ৰ যোগেদি গোটৰ এটি উমৈহতীয়া পুঁজি গঠন হৈ উঠিব। গোটৰ উমৈহতীয়া পুঁজিৰ কিছু ধন জমা হ’লে গোটটোৱে নিজৰ সদস্য তথা সদস্যাসকলৰ অনা উৎপাদনমুখী আৰু উৎপাদনমুখী উদ্দেশ্যেত কৰা খৰছৰ জোৰা মাৰিব পৰাকৈ তেওঁলোকক ঋণ দিয়া কাম আৰম্ভ কৰিব। গোটে এই ঋণৰ ধন সংশ্লিষ্ট সদস্য বা সদস্যাসকলৰ পৰা নিৰ্ধাৰিত সংখ্যক কিস্তিৰ সুদসহ প্ৰতিমাহে আদায় কৰিব লাগিব এনেদৰে ক্ৰমান্বয়ে গোটৰ উমৈহতীয়া পুঁজিৰ ধন বৃদ্ধি পাব আৰু ইয়াৰ ফলত গোটটোৱে অধিক সদস্য অবা সদস্যাক ঋণ দিবলৈ সমৰ্থ হৈ উঠিব।

গোটৰ সম্পদৰাজিৰ পৰীক্ষা

সদস্য তথা সদস্যাসকলে সৃষ্টি কৰা গোটৰ সম্পদৰাজিৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ সময়ে সময়ে গোটে ইয়াৰ সম্পদৰাজিৰ পৰীক্ষা কৰিব লাগিব।

স্বতন্ত্ৰভাৱে কাৰ্য্যনিৰ্বাহ কৰা গোট:

আত্ম সহায়ক গোটবিলাকে সকলো ধৰণৰ উদ্যোগী তথা সুযোগ প্ৰদানকাৰী ব্যক্তি আৰু অনুষ্ঠানৰ একাধিপত্যৰ পৰা মুক্ত হৈ থকা একো একোটা স্বতন্তৰীয়া গোট হিচাপে কাৰ্য্যনিৰ্বাহ কৰিব লাগিব।

সদস্য/সদস্যাসকলৰ অধিকাৰ

গোটৰ সকলো সদস্য তথা সদস্যাৰে সমান অধিকাৰ থাকিব। ইয়ে গোটক ঐক্যবদ্ধ কৰি ৰখাত যথেষ্ট সহায় কৰিব।

অংশগ্ৰহণৰ জৰিয়তে কাৰ্য্যনিৰ্বাহ

গোটে ইয়াৰ সদস্য তথা সদস্যাসকলৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে গোটৰ আৱশ্যকীয় সিদ্ধান্ত গ্ৰহণ আৰু সমস্যা সমাধান কৰাৰ বাবে এক নীতি গ্ৰহণ কৰিব লাগিব। এইটোৱে গোটৰ সকলো সদস্য তথা সদস্যাকে সভাৰ প্ৰস্তাৱসমূহ যুগুত কৰা আৰু কোনো সমস্যাৰ সমাধান উলিওৱাৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে সমৰ্থ কৰি তুলিব। ইয়াৰ জৰিয়তে গোটৰ সদস্য তথা সদস্যসকলৰ বিবাদ এৰাই চলি সিদ্ধান্ত গ্ৰহণ কৰিব পৰা সামৰ্থ্য বৃদ্ধি কৰিব পৰা যায়। গোটৰ সকলোবোৰ সদস্য তথা সদস্যাই গোটৰ বিভিন্ন আলোচনা-বিলোচনা আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত আৰু লগতে গোটৰ অন্যান্য উন্নয়নমূলক কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগিব।

গোটৰ সভা আৰু অন্যান্য কাম-কাজবিলাকত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পৰাকৈ গোটে ইয়াৰ সকলো সদস্য তথা সদস্যাকে সমানে সুযোগ দিব লাগিব আৰু সমানে উৎসাহ যোগাব লাগিব। সকলো প্ৰশিক্ষণ, কৰ্মশালা, সজাগতা শিৱিৰ, আলোচনা সভা বা সন্মিলন আৰু প্ৰদৰ্শনীতে গোটৰ সকলো সদস্য তথা সদস্যা উপস্থিত থাকিব লাগিব।

উৎস: নেডফি

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate