অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জীৱিকা অৰ্জনৰ বাবে এক প্ৰশংসনীয় পদক্ষেপ

জীৱিকা অৰ্জনৰ বাবে এক প্ৰশংসনীয় পদক্ষেপ

যোৱা ২২ চেপ্টেম্বৰ, ২০১৪ তাৰিখৰ প্ৰলয়ংকাৰী বানপানীৰ পিছত সৰ্বহাৰা গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ নিকটৱৰ্তী গাঁও কেইখনৰ কেইটিমান পৰিয়ালৰ জীৱিকা অৰ্জনৰ বাবে এক প্ৰশংসনীয় পদক্ষেপ লৈছে গুৱাহাটীস্থিত “চেণ্টাৰ ফ’ৰ ৰুৰেল ডেভেলপমেণ্ট” আমেৰিকাৰ “আসাম ফাউণ্ডেচন ফ’ৰ নৰ্থ আমেৰিকা” আৰু আগিয়াস্থিত “পূৰ্বাঞ্চল চ’চিয়েল চাৰ্কোল” নামৰ তিনিটা অনুষ্ঠানে। “জইণ্ট লাইভলিহুদ প্ৰজেক্ট” নামেৰে আগিয়াৰ ওচৰৰ বোকডো, হালধিবাৰী, ডালক আৰু যগন্না ৰাজবংশীপাৰা নামৰ চাৰিখন গাঁওৰ মুঠ ৯৭ টা পৰিয়ালক সামৰি ২১ ডিচেম্বৰ তাৰিখে ডালক কালী মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হৈ যায়। জীৱিকাৰ সমল হিচাপে মুঠ ৬০ টা মুৰ্গী, ৬ টা গাহৰি, ৩৮ টা ছাগলী, ৯০ টা হাঁহ, ৭ টা নতুন ঘৰৰ উপৰি হাঁহ আৰু গাহৰিৰ গঁড়াল, মূৰ্গীৰ খাদ্য, ছাগলীৰ ৰছি আৰু টিনপাতো দিয়া হয়। গাঁওৰ মহিলাসকলৰ জীৱিকাৰ উদ্দেশ্যেৰে মুঠ ৩১ জন হিতাধিকাৰীক তাঁতশাল আৰু বাহ, মাকো জাতীয় সামগ্ৰীও বিতৰণ কৰা হয়। জানিব পৰা মতে এনে ধৰণৰ ব্যতিক্ৰমধৰ্মী প্ৰকল্প গোটেই অসমৰ ভিতৰতেই প্ৰথম বুলি ৰাইজে মত প্ৰকাশ কৰিছে। হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে আৰু সম্পূৰ্ণ স্বচ্ছতা প্ৰদৰ্শন কৰা বাবে এই গোটেই প্ৰকল্পটো ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

উৎসঃ চি আৰ ডিৰ নিজা প্ৰতিবেদক

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate