অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিৰাপদে থাকক

নিৰাপদে থাকক

কোনো ব্যক্তিয়েই দাসৰ অৱস্থাত থাকিব লগা হোৱাটো উচিত নহয়। দাসত্ব কোনো মহিলা, শিশু বা পুৰুষৰ প্রাপ্য নহয়। আহক আমি এই নীৰৱতা ভংগ কৰোঁ। আহক এনে ঘৃণনীয় অপৰাধৰ প্রতি আমাৰ সহনশীলতা ভংগ কৰোঁ

আপোনাৰ তথা আপোনাৰ ওচৰ চুবুৰীয়াৰ আশে পাশে থাকিব পৰা বিপদ সমূহ সম্পর্কে সচেতন হওঁক। এই ক্ষেত্রত আপোনাৰ সুবিধার্থে মানব তস্কৰী তথা বন্ধকী শ্রম সম্পর্কীয় কেতবোৰ তথ্য তথা সত্য অভিজ্ঞতা এই অংশত যুগুতোৱা হৈছে। আপোনাৰ সচেতনতাই আপোনাৰ নিৰাপত্তাৰ সপোন।

উপযোগী সামগ্রী

বহুতো কাৰণ বশতঃ মহিলাসকল মানব তস্কৰীৰ চিকাৰ হোৱা দেখা যায়। দাৰিদ্রতা, সাংস্কৃতিক পৰম্পৰা, সমাজত মহিলাৰ নিম্ন স্থান ইত্যাদি কাৰকে এইক্ষেত্রত বিশেষ ভূমিকা লোৱা দেখা যায়। কেতবোৰ ট্রিগাৰ ইভেন্টেও মানব তস্কৰীৰ বৃদ্ধিত অৱদান যোগোৱা দেখা যায়। ভূমিকম্প, বানপানী আদি প্রাকৃতিক দুর্যোগ অথবা মাতৃ-পিতৃৰ মৃত্যুৰ দৰে ঋনাত্মক ঘটনাই সম্ভাব্য ভূক্তভোগীসকলৰ মানসিক চেতনা তথা জীৱন যাত্রাত বিশেষভাৱে প্রভাৱ পেলায়  যাৰ সুযোগ তস্কৰ সকলেও লোৱা দেখা যায়। তলৰ পষ্টাৰ খনত এই প্রক্রিয়াটো দর্শোৱাৰ চেষ্টা কৰা হৈছে। আপোনাৰ চুবুৰিয়া অঞ্চলত সচেতনতা বৃদ্ধি কৰিবলৈ এই পষ্টাৰ খনৰ সহায় ল’ব পাৰে।

বন্ধকী শ্রম আৰু মানব তস্কৰী সম্পর্কে তলত কিছু সামগ্রী দিয়া হৈছে, আপোনাৰ ওচৰত এনে কিছু সামগ্রী থাকিলে আমালৈ পঠাব পাৰে। আমাৰ ই মেইলঃ info@vivhaan.com

মানব তস্করী

কোনো ব্যক্তিয়েই দাসৰ অৱস্থাত থাকিব লগা হোৱাটো উচিত নহয়। দাসত্ব কোনো মহিলা, শিশু বা পুৰুষৰ প্রাপ্য নহয়। আহক আমি এই নীৰৱতা ভংগ কৰোঁ। আহক এনে ঘৃণনীয় অপৰাধৰ প্রতি আমাৰ সহনশীলতা ভংগ কৰোঁ

মানব তস্কৰী কি?

মানব তস্কৰী হৈছে এনে এক কার্য যাৰ দ্বাৰা কাৰোবাক বল প্রয়োগ, জালিয়াতি অথবা প্রতাৰণাৰ যোগেৰে তেওঁৰ ইচ্ছা আৰু আকাংক্ষ্যাৰ বিৰূদ্ধে অন্য এক স্থান অথবা পৰিস্থিতিত জীৱন অতিবাহিত কৰিবলৈ বাধ্য কৰা। মানব তস্কৰহঁতে সাধাৰণতে দুখীয়া আৰু নিঃস্ব লোকসকলক – যেনে অকুশল শ্রমিক আৰু অশিক্ষিত লোক-যাৰ চাকৰিৰ প্রয়োজন পৰিয়ালৰ সংকট অথবা অন্যান্য কাৰণবশতঃ অতিশয় বেছি-আক্রমণৰ কেন্দ্র হিচাপে বাচি লয়। ব্যক্তিজনৰ সমস্যাসমূহৰ সমাধান দেখুওৱাৰ অজুহাতত সিহঁতে ভূক্তভোগী ব্যক্তিজনক দাস শ্রম, ব্যৱসায়িক শোষণ, বলপূর্বক শ্রম আৰু আধুনিক দাসত্বৰ মূখলৈ ঠেলি দিয়ে।

মানব তস্কৰী আৰু ই মাতি অনা বঞ্চনাসমূহৰ বিৰূদ্ধে সক্রিয় বহুতো সংগঠন আছে। এই সম্পর্কে অধিক জানিবলৈ ইউ এনৰ ৱান লাইফ, ন’ প্রাইছ আদি অন্যান্য ভিডিঅ চাওঁক। আপুনি মানব তস্কৰীৰ ভূক্তভোগী লোকসকলৰ জীৱন কাহিনী পঢ়িও নিজৰ সজাগতা বৃদ্ধি কৰিব পাৰে।

আমাৰ ‘উপযোগী সামগ্রী’ শিতানত মানব তস্কৰী সম্পর্কে বিশদ বিবৰণ দিয়া হৈছে। মানব তস্কৰীৰ মূল কাৰণসমূহ, কেনেদৰে ইয়াৰ মোকাবিলা কৰিব পাৰি, আপোনাৰ চুবুৰিয়া কোনোবা ইয়াৰ দ্বাৰা আক্রান্ত হোৱাৰ সম্ভাৱনা আছে নেকি, কেনেদৰে এনে লোক সকলক চিনাক্ত কৰিব পাৰি- এই সমূহ বিষয় সম্পর্কেও তথ্য দিয়া হৈছে।

মানব তস্করীঃ তথ্য আৰু পৰিসংখ্যাঃ

১২.৩ মিলিয়ন বলপূর্বক শ্রমৰ দ্বাৰা আক্রান্ত লোক।

ইয়াৰে ৯.৪ জন ব্যক্তি এছিয়াৰ।

৫৬% ভূক্তভোগী ব্যক্তি মহিলা বা ছোৱালী।

২.৪ মিলিয়ন লোক মানব তস্কৰীৰ দ্বাৰা আক্রান্ত।

মানব তস্কৰীৰ দ্বাৰা বছৰি হোৱা লাভৰ পৰিমাণঃ ৩ বিলিয়ন আমেৰিকান ডলাৰ।

(উৎসঃ আই এল অ’ এ যোগান ধৰা পাৰিসাংখ্যিক অনুমান)

বলপূর্বক দাস-শ্রম

বলপূর্বক দাস শ্রমৰ অর্থই হৈছে প্রতাৰণা অথবা জোৰ-জুলুম কৰি কাৰোবাৰ দ্বাৰা শ্রম আদায় কৰোৱা। এইক্ষেত্রত পাৰিশ্রমিক একেবাৰে দিয়া নহয় আৰু দিলেও সেয়া অতিশয় নিম্নমানৰ হোৱা দেখা যায়। শ্রমিকজনে কোনোমতে শ্রম কৰাৰ শকতি বর্তাই ৰাখিব পৰাকৈহে এই পাৰিশ্রমিক দিয়া হয়। আধুনিক কালৰ দাসসকলে অতি কঠিন আৰু অমানবীয় পৰিস্থিতিত কাম কৰিব লগা হয়। কাপোৰৰ উদ্যোগ, ইটা ভাটা, ধান মিল, শিল ভঙা উদ্যোগ আদি অসংখ্য উদ্যোগত কর্মৰত এনে শ্রমিকৰ সংখ্যা সমগ্র বিশ্বজুৰি বিয়পি আছে। দাস শ্রমিক সকলে মুকলিভাৱে চলাফিৰা কৰিব নোৱাৰে, কর্মস্থলী এৰি কলৈকো যাব নোৱাৰে আৰু আন কোনো বৈকল্পিক ঠাইত কামৰ সন্ধান কৰিব নোৱাৰে। তদুপৰি দাস শ্রমিক সকলৰ ওপৰত প্রায়েই শাৰীৰিক আৰু মানসিক জুলুম চলোৱা হয়।

ঋণ বন্ধকী হৈছে এই ক্ষেত্রত সাধাৰণতে ব্যৱহৃত কৰা উপায় যাৰ দ্বাৰা ব্যক্তি একোজনক দাসলৈ পৰিণত কৰিব পাৰি। এয়া হৈছে এক বে-আইনী ব্যৱস্থা যাৰ অন্তর্গত নিয়োগকর্তা জনে এক ক্ষুদ্র ধনৰ বিনিময়ত কাম কৰোৱাৰ অধিকাৰ আদায় কৰি লয়। নিয়োগকর্তাজনে বিভিন্ন পদ্ধতিৰ দ্বাৰা – যেনে অতিপাত সুদৰ হাৰ, সঁচা মিছা বিভিন্ন অতিৰিক্ত কৰ ইত্যাদি আৰোপ কৰি তথা ঋণৰ বর্তমান স্থিতি সম্পর্কে ব্যক্তিজনক অন্ধকাৰত ৰাখি- ঋণ পৰিশোধ অসম্ভৱ কৰি তোলে। ঋণ সম্পূর্ণকৈ ঘূৰাই নিদিয়ালৈকে শ্রমিকজনৰ চলা ফিৰা ইত্যাদিত বিভিন্ন প্রকাৰৰ নিষেধাজ্ঞা আৰোপ কৰা হয়। প্রায়েই ঋণ লোৱা ব্যক্তিজনৰ পৰিয়ালৰ আন আন সদস্যসকলেও ঋণৰ এই চর্তাৱলী মানি ল’ব লগাত পৰে আৰু তেওঁলোকে অনন্ত কাললৈকে ক্রমবৃদ্ধিমান এনে ঋণৰ বিনিময়ত কাম কৰি যাবলৈ বাধ্য হয়।

কেতবোৰ তথ্যঃ

পৃথিবীৰ প্রায় ২৭ মিলিয়ন লোক এতিয়াও দাসত্বৰ জীৱন কটাবলৈ বাধ্য (উৎসঃ বেলছ, ডিছপ’জেবল পিপল)।

এইক্ষেত্রত ৪০-৫০% ভূক্তভোগীৰ বয়স ১৮-২০ ভিতৰত (উৎসঃ আই এল অ)।

৪০% দেশে এতিয়াও দাসত্ব আৰু তস্কৰী অপৰাধত লিপ্ত লোকক শাস্তি দিব পৰা নাই। দাসত্ব আৰু তস্কৰী বিৰোধী সংগ্রামখনত এনে শাস্তিবিধান ব্যৱস্থা অতিশয় জৰুৰী।

আই জে এমৰ প্রতিক্রিয়া

আই জে এমে বন্ধকী শ্রম সম্পর্কীয় কেচবোৰৰ অনুসন্ধান কৰে আৰু স্থানীয় কর্তৃপক্ষৰ লগত মিলি বন্ধকী শ্রমিক আৰু তেওঁলোকৰ পৰিয়ালবর্গক আবদ্ধ কৰি থোৱা স্থানৰ পৰা মোকলাবলৈ চেষ্টা কৰে। আই জে এমৰ আইনজীৱিসকলে এইক্ষেত্রত অভিযুক্তসকলক দোষীসাব্যস্ত কৰিবলৈ চেষ্টা কৰে যাতে দাস-স্বামীসকলে যথোচিত শাস্তি পায়। অৱশ্যে এনে শাস্তিৰ দৃষ্টান্ত সমগ্র বিশ্বতে অতি বিৰল। আই জে এমৰ কর্মীসকলে ভূক্তভোগী লোকসকলক বিভিন্ন চৰকাৰী সাহায্য যেনে পুনর্বাসনৰ ব্যৱস্থা, বিত্তীয় ক্ষতিপূৰণ ইত্যাদিৰ সুবিধা দিবলৈ চেষ্টা কৰে। এনে লোকসকলক কাউঞ্চেলিং, চাকৰি সম্পর্কীয় পৰামর্শ তথা সাহায্য, সন্তানৰ বিদ্যালয়ত নামভর্তিকৰণ, বেংক একাউণ্ট খোলোঁতে সাহায্য ইত্যাদি অন্যান্য সেৱাও প্রদান কৰা হয়। বলপূর্বক দাস শ্রম সম্পর্কীয় আই জে এমৰ কেচ সমূহ মূলতঃ ভাৰততে কৰা হয়। এতিয়ালৈকে দুহেজাৰতকৈও অধিক সংখ্যক লোকক ই দাস শ্রমৰ পৰা মুক্তি দিয়াবলৈ সক্ষম হৈছে। মুক্তি পোৱা লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবর্গকো আই জে এমে সদ্য মুক্ত সেৱা প্রদান কৰে।

সচেতনতা বৃদ্ধিকৰণ

কমিউনিটি সচেতনতা বৃদ্ধিকৰণ অভিযানঃ

এই অভিযানসমূহৰ দ্বাৰা জনগণক মানব তস্কৰীৰ বিপদসমূহ সম্পর্কে সচেতন কৰিবলৈ চেষ্টা কৰা হয়। তস্কৰী ৰোধৰ অন্যতম উপায় হৈছে শিক্ষা আৰু সচেতনতা বৃদ্ধিকৰণ।

নাটক, পথৰ নাটিকা ইত্যাদিৰ যোগেৰে আমাৰ সহযোগীসকলে জনগণক সজাগ কৰিবলৈ চেষ্টা কৰে। আপুনিও যদি আপোনাৰ চুবুৰীয়া অঞ্চলত এনে সচেতনতা অভিযান চলাব বিচাৰে, তেনেহলে আজিয়েই আমালৈ লিখকঃ

ব্যৱসায়ৰ সৈতে সচেতনতা বৃদ্ধিকৰণ

তৃণমূল পর্যায়ত আমাৰ সহযোগী সকলৰ প্রচেষ্টা সমূহৰ উপৰিও, মানব অধিকাৰ আৰু বিজনেছ সংস্থা নামৰ অনুষ্ঠান এটিয়েও মানব তস্কৰী ৰোধ কৰাৰ মানসেৰে ‘ঢাকা নীতি’ নামেৰে দহটি নীতি তৈয়াৰ কৰি উলিয়াইছে।

এই নীতিসমূহে ব্যৱসায় আৰু অভিবাসী শ্রমিক সম্বন্ধীয় কেতবোৰ বিশেষ প্রত্যাহবান চিহ্নিত কৰিছে যাতে শ্রমিকৰ সন্মানজনক প্রব্রজন সুনিশ্চিত কৰিব পৰা যায়।

উৎস: বিহবান।

শেহতীয়া উন্নীতকৰণ: : 3/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate