অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্নেহপদ্‌ৰ দ্বাৰা মধুৰিগ্ৰাম উন্নয়ণৰ আচঁনি গ্ৰহন

স্নেহপদ্‌ৰ দ্বাৰা মধুৰিগ্ৰাম উন্নয়ণৰ আচঁনি গ্ৰহন

গ্ৰামাঞ্চলৰ জনসংখ্যা বৃদ্ধি আৰু গ্ৰামবাসীৰ অনিহাৰ ফলস্বৰূপে গ্ৰামাঞ্চলত ফলমূলৰ গছৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলস্বৰূপে গাওঁবাসীয়ে বতৰৰ ফলমূল প্ৰৰ্য্যাপ্ত পৰিমানে খাবলৈ নোপোৱাৰ লগতে সাধাৰন লোকে ক্ৰয় কৰিব নোৱৰাকৈ ইয়াৰ মূল্যবৃদ্ধি ঘটিছে। তাৰোপৰি ই পৰ্য্যাৱৰনতো বিৰূপ প্ৰভাৱ পেলাই উপকাৰী চৰাই চিৰিকতি বিলুপ্তিকৰনত অৰিহনা যোগাইছে।

অসমৰ গ্ৰামাঞ্চলত বানিজ্যিকভিত্তিত ফলমূলৰ গছ ৰোপনৰ যথেষ্ট সম্ভাৱনীয়তা আছে। গ্ৰামবাসীয়ে অধিক মাত্ৰাত ফলমূলৰ গছ ৰোপনৰ জৰিয়তে ইয়াৰ উৎপাদন বৃদ্ধিৰ লগতে পৰিয়ালৰ উপাৰ্জনবৃদ্ধিৰো বাট মুকলি কৰিব পাৰে। তাৰোপৰি এই বৰ্দ্ধিত ফলমূলসমূহৰ পৰা জাম, জেলী, জুইচ ইত্যাদিবোৰ প্ৰস্তুত কৰি মহিলাসকলে ব্যক্তিগত বা সমূহিয়াভাবে সূক্ষ্ম উদ্যোগ গঠনৰ জৰিয়তে নিয়োগ আৰু উপাৰ্জনৰ ব্যৱস্থা কৰাৰ লগতে স্থানীয় গ্ৰাহকক প্ৰয়োজনীয় স্বাস্থ্যকৰ খাদ্যৰ চাহিদাও কিছু পৰিমানে পূৰন কৰিব পাৰে।

উক্ত বিষয়ৰ উপৰত গুৰুত্ব প্ৰদান কৰি যোৰহাটৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান স্নেহপদ্‌ৰ উদ্যোগত স্থানীয় চেনিজান অঞ্চলত তাৰ ১০ টা মহিলা আত্মসহায়ক গোটৰ মুঠ ১০০ গৰাকী মহিলাৰ মাজত যোৱা ৩১ জুলাই ২০১৪ তাৰিখে ৫০০ টা মধুৰীআম গছৰ পুলি বিতৰন কৰা হয়। বনবিভাগে যোগান ধৰা এই পুলি বিতৰনৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে নাবাৰ্ডৰ যোৰহাট জিলা বিষয়া ময়ূৰ বৰা। বন গবেষনা কেন্দ্ৰ, যোৰহাটৰ গৱেষক কুমুদ বৰাই মহিলা সকলক পুলিসমূহৰ সু-স্বাস্থ্য আৰু অধিক উৎপাদনক্ষমতাৰ বাবে কেনেদৰে ৰোপন তথা লালন-পালন কৰিব লগিব তাৰ উপৰত এক বিস্তৃত বক্তব্য দাঙি ধৰে।

এই সম্পৰ্কত স্নেহপদৰ সচিৱ প্ৰকাশ ঠাকুৰে কয় যে গাওঁখনৰ ১০০ গৰাকী মহিলাই ৰোপন কৰা ৫০০ জোপা মধুৰিআমৰ গছৰ পৰা ৪ বছৰৰ পাছত লক্ষাধিক মধুৰিআম উৎপাদন হ’ব আৰু গাওঁখনে এখনি মধুৰিগ্ৰামৰ মৰ্য্যদা লাভ কৰিব। পৰৱৰ্তী পৰ্য্যায়ত উৎপাদন আৰম্ভ হোৱাৰ লগতেই গাওঁখনিত কোনো আত্মসহায়ক গোটক দায়িত্ব প্ৰদান কৰি স্নেহপদে এটি জাম, জেলী, জুইচ উৎপাদন উদ্যোগ স্থাপন কৰাৰো ব্যৱস্থা গ্ৰহন কৰিব। স্নেহপদৰ এই প্ৰচেষ্টাই গাওঁখনিত উৎপাদন, উপাৰ্জন আৰু পৰিবেশ সংৰক্ষনৰ এক সুন্দৰ পথ মুকলি কৰিছে। স্নেহপদৰ এই প্ৰচেষ্টাক হিতাধিকাৰী মহিলাসকলে শলাগ লৈছে।

লেখক : প্ৰকাশ ঠাকুৰ

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate