অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘স্বচ্ছ ভাৰত’ ৰচনা প্ৰতিযোগিতাৰ তৃতীয় পুৰষ্কাৰপ্ৰাপ্ত ৰচনাখনি

‘স্বচ্ছ ভাৰত’ ৰচনা প্ৰতিযোগিতাৰ তৃতীয় পুৰষ্কাৰপ্ৰাপ্ত ৰচনাখনি

আৰম্ভনি

স্বচ্ছ ভাৰত অভিযান হৈছে ২০১৪ চনত ভাৰতৰ কেন্দ্ৰত গঠন কৰা ভাৰতীয় জনতা পাৰ্টি দলৰ নেতৃত্বাধীন চৰকাৰৰ পদক্ষেপ। এই পদক্ষেপটো গ্ৰহণ কৰিছে শ্ৰদ্ধাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ দামোদৰ দাস মোডী ডাঙৰীয়াই।

 

স্বচ্ছ ভাৰত অভিযান কি?

স্বচ্ছ ভাৰত অভিযান হৈছে এনে এক ব্যৱস্থা যাৰ জৰিয়তে আমি আমাৰ ভাৰতবৰ্ষখনক পৰিষ্কাৰ কৰিব পাৰো। স্বচ্ছ ভাৰত অভিযানৰ স্বচ্ছ শব্দটোৱে পৰিষ্কাৰ শব্দটোক প্ৰতিনিধিত্ব কৰিছে। স্বচ্ছ ভাৰত অভিযানৰ বিষয়ে শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াই পোনপ্ৰথমবাৰ ১৫ আগষ্টত দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰি ঘোষণা কৰে। তেওঁ কৈছিল যে ২০১৪ চনৰ পৰা ২০১৯ চনৰ ২ অক্টোবৰ তাৰিখৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ সকলো ঠাই যাতে পৰিষ্কাৰ হয়।

আমি যেতিয়া ২০১৯ চনৰ ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মজয়ন্তী পালন কৰিম তেতিয়া তেখেতৰ সপোন যাতে বাস্তৱত ৰূপায়িত কৰি স্বচ্ছ ভাৰত গঢ়ি তুলিব পাৰো এয়াই হৈছে মূল উদ্দেশ্য।

অভিযান প্ৰক্ৰিয়া

নৰেন্দ্ৰ মোডীয়ে এই অভিযানত নিজেও হাতে কামে লাগিছিল। তেখেতে নিজে হাতত ঝাড়ু লৈ ৰাজপথলৈ ওলাই আহিছিল। তেওঁ কেৱল নিজেই কৰা নাছিল আনকো এই অভিযানত অন্তৰ্ভূক্ত হ’বলৈ উৎসাহিত কৰিছিল। প্ৰথম পৰ্য্যায়ত তেখেতে দেশৰ জনসাধাৰণৰ মাজত জনপ্ৰিয় ব্যক্তিসকলক এই অভিযানত অংশ লবলৈ আমন্ত্ৰণ জনাইছিল। তাৰে ভিতৰত অমিতাভ বচ্ছ্ন, চলমান খান, জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাকে ধৰি বহুকেইজন ব্যক্তি।

এই অভিযানৰ প্ৰভাৱ

 

এই অভিযানৰ প্ৰভাৱ সমগ্ৰ দেশতে পৰিছে। দেশৰ জনসাধাৰনে এই অভিযানক আকোৱালি লোৱাৰ লগতে যথেষ্ট সহাৰিও জনাইছে। স্কুলৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, চিকিৎসক, অভিভাৱক, সাধাৰণ লোক, জ্যেষ্ঠ লোক আদি সকলোৱে এই অভিযানক সহাঁৰি জনোৱাৰ লগতে নিজেও হাতে কামে লাগি গৈছে। সমগ্ৰ দেশৰ লোকৰ উপৰি বিশ্বৰ বিভিন্ন ঠাইত থকা ভাৰতীয় লোকসকলৰ উপৰি আন সকলো লোকে সঁহাৰি জনাইছে।

সামৰণি

এই অভিযান সঁচাকৈয়ে প্ৰসংশনীয়। বি.জে.পী দলৰ ভাল পদক্ষেপবোৰৰ ভিতৰত ই এক অন্যতম। এই অভিযানৰ হৰিয়তে আমি আমাৰ ভাৰতবৰ্ষ খনক পৰিষ্কাৰ কৰি তুলিব পাৰিম। এই প্ৰক্ৰিয়াত সকলো অংশিদাৰ হোৱাটো আৱশ্যক। এই অভিযানৰ জৰিয়তে আমি সুস্বাস্থ্যকৰ এখন নিকা ভাৰত গঢ়ি তুলিব পাৰিম। স্বচ্ছ ভাৰত গঢ়ি তুলিব পাৰিলে আমাৰ দেশলৈ পৰ্যটক সকলৰ আগমনো অধিক হ’ব যাৰ ফলত আমাৰ দেশৰ অৰ্থনীতিত যথেষ্টখিনি সহায় হ’ব।

এইখন আমাৰ দেশ। আমি আমাৰ ঘৰখনক যিদৰে পৰিষ্কাৰ কৰি ৰাখো ঠিক সেইদৰে আমি আমাৰ গাঁও, নগৰ, চহৰ, ৰাজ্য আৰু দেশখনক পৰিষ্কাৰ কৰি ৰখা দৰকাৰ।

তৃতীয় পুৰষ্কাৰপ্ৰাপ্ত: ৰিম্পী দাস

বিদ্যালয়ৰ নাম: ৰুক্মিণী গাঁও বালিকা বিদ্যালয়

শ্ৰেণী: অষ্টম মান।

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate