অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘স্বচ্ছ ভাৰত’ ৰচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰষ্কাৰপ্ৰাপ্ত ৰচনাখনি

‘স্বচ্ছ ভাৰত’ ৰচনা প্ৰতিযোগিতাৰ প্ৰথম পুৰষ্কাৰপ্ৰাপ্ত ৰচনাখনি

আৰম্ভণি

স্বচ্ছতা এনে এক আহিলা যিয়ে ব্যক্তিৰ মন-মগজুত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। এখন ৰাষ্ট্ৰৰ উন্নতি হ’বলৈ হ’লে ব্যক্তিবিশেষৰ উন্নতি হোৱাটো অতি প্ৰয়োজনীয়। এখন নিকা আৰু স্বাস্থ্যসন্মত পৰিৱেশত মানুহৰ মানসিক আৰু শাৰিৰীক উভয় দিশতে এক ইতিবাচক প্ৰভায় পেলায়; যিয়ে ৰাষ্ট্ৰৰ প্ৰগতিৰ পথ মুকলি কৰাৰ ক্ষেত্ৰত সবল অৰিহণা যোগাব পাৰে।

‘স্বচ্ছ ভাৰত’ ৰ অৰ্থ হৈছে এখন নিকা পাৰিপাৰ্শ্বিক পৰিৱেশত ভাৰতৰ পৰিচয়। ইয়াৰ বাবে আমি আন প্ৰাসংগিক দিশসমূহো চালি-জাৰি চাব লাগিব। মানুহ যিমানেই সভ্য হ’লেও কিছুমান বিচাৰহীন কাম তেওঁলোকে আজিও কৰে। য’তে-ত’তে জাৱৰ জোথৰ পেলোৱা, থু-খেকাৰ পেলোৱা, নিৰ্বিচাৰভাৱে শৌচ-প্ৰস্ৰাৱ কৰা আদি কাৰ্য্যই পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। ইয়াক নিৰ্মূল কৰিবলৈ বৰ্তমানে আঁচনিসমূহৰ প্ৰসাৰতা লাভ কৰিছে আৰু জনসমাজ স্বচ্ছতাৰ দিশে এখোজ আগুৱাবলৈ সক্ষম হৈছে।

এতিয়ালৈকে মুকলি হোৱা স্বচ্ছতাৰ আঁচনিসমূহৰ ভিতৰত ‘স্বচ্ছ ভাৰত অভিযান’ আটাইতকৈ লেখতল’বলগীয়া আঁচনি। ২০১৪ চনৰ ২ অক্টোৱৰ ‘গান্ধীজয়ন্তী’ৰ দিনটোত আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীৰ ৰাজঘাটত চৰকাৰী নিয়মেৰে এই আঁচনিখন মুকলি কৰে। তেওঁ আঁচনিত ৯ জন বিখ্যাত ব্যক্তিক মনোনয়ন দিয়ে। এই প্ৰস্তাৱ গ্ৰহণকাৰীসকলেও পুনৰ ৯ জন ব্যক্তিলৈ আঁচনি সদস্যতা বাঁচনি কৰে। এনেদৰে কেইবাজনো খ্যাতনামা ব্যক্তি ইয়াৰ লগত জড়িত হৈ পৰে।

সৃষ্টিতত্ব

স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ আছিল ১৯৮৬ চনত মুকলি হোৱা ‘কেন্দ্ৰীয় গ্ৰাম অনাময় ব্যৱস্থা’। এই আঁচনিখনৰ অনাময়ৰ সজাগতা প্ৰভাৱশালী কৰিবলৈ ১৯৯৯ চনত “সম্পূৰ্ণ অনাময় প্ৰচাৰ” আঁচনি মুকলি কৰে। ২০০৩ চনৰ জুন মাহত অনাময়ৰ গুৰুত্ব সুস্থিৰভাৱে বৰ্তাই ৰাখিবলৈ “নিৰ্মল গ্ৰাম পুৰষ্কাৰ” দিয়াৰ এক উদগণিমূলক পদক্ষেপ গ্ৰহণ কৰে। ২০১২ চনৰ ১ এপ্ৰিলত ‘সম্পূৰ্ণ অনাময় প্ৰচাৰ’ আঁচনিকে “নিৰ্মল ভাৰত অভিযান” নামে পুন:নামাকৰণ কৰা হয়। অৱশেষত ই “স্বচ্ছ ভাৰত অভিযান” নামে বহুল প্ৰসাৰতা লাভ কৰে।

অভিপ্ৰায়সমূহ

‘স্বচ্ছ ভাৰত’ আঁচনিৰ মূল উদ্দেশ্য হৈছে পৰিৱেশ সুৰক্ষিত কৰি ব্যক্তিৰ সু-স্বাস্থ্য নিশ্চিত কৰা। মানুহৰ মাজত অনাময়ৰ সু-ব্যৱস্থা সম্পৰ্কে সজাগতা বৃদ্ধি কৰা, দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক ৮০ শতাংশ অৰ্থসাহাৰ্য্য প্ৰদান কৰা, কেঁচা শৌচাগাৰসমূহৰ ঠাইত অনাময় শৌচাগাৰ নিৰ্মাণ কৰা আদিক আঁচনি ৰূপায়নৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। অস্বাস্থ্যকৰভাৱে মুক্ত পৰিৱেশত শৌচ কৰা বন্ধ কৰাৰ লগতে মানুহৰ মাজত অনাময়ৰ সু-ব্যৱহাৰৰ এক অভ্যাস গঢ়ি তোলাই হৈছে এই আঁচনিখনৰ লক্ষ্য।

উল্লেখ্যযোগ্য যে অহা ২০১৯ চনৰ ২ অক্টোৱৰ ‘গান্ধী জয়ন্তী’ ত হ’ব লগা গান্ধীজিৰ জন্মবাৰ্ষিকীৰ পূৰ্বে এই স্বচ্ছতা অভিযান পৰিপূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

কাৰ্য্যকৰী সম্প্ৰচাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আঁচনিখন বহলভাৱে কাৰ্য্যকৰী হ’বলৈ কেইজনমান ব্যক্তিৰ নাম মনোনীত কৰিছে। তেওঁলোকৰ ভিতৰত অনিল আম্বানি, প্ৰিয়ংকা চোপ্ৰা, শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী, ছলমান খান, নাগালেণ্ডৰ ৰাজ্যপাল পদ্মনাভ আচাৰ্য্য, সোণাল মানসিং অন্যতম। ইয়াৰ লগত জড়িত অনুষ্ঠানসমূহেও আঁচনিখন কাৰ্য্যকৰী হোৱাত অশেষ অৱদান আগবঢ়াইছে। যেনে- “ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউন্টেটছ অৱ ইণ্ডিয়া”, “ইণ্ডিয়া টুডে” আদি।

সামৰণি

“স্বচ্ছ ভাৰত অভিযান” ভৱিষ্যতৰ এক সুন্দৰ আঁচনি, য’ত ব্যক্তিৰ সন্মিলিত প্ৰচেষ্ঠাৰ খুবেই প্ৰয়োজন। এজন ব্যক্তিয়ে এদিনতে ইয়াক কৰা সম্ভৱপৰ নহয়। আমি সকলোৱে নিজৰ অঞ্চলত ইয়াৰ বিষয়ে জনসজাগতা সৃষ্টি কৰি এখন নিৰ্মল, নিকা, স্বচ্ছ ভাৰতবৰ্ষ গঢ়ি তুলিবলৈ হাতে-কামে লগা উচিত। গছপুলি ৰোপণ কৰি, নলা-নৰ্দমা চাফা কৰিও আমি বহুত পৰিৱৰ্তন আনিব পাৰো। চৰকাৰে বহুতো আঁচনি প্ৰৱৰ্তন কৰিছে সেইবোৰৰ লগত আমি জড়িত হৈ পৰিব লাগে। উদাহৰণস্বৰূপ, চৰকাৰে নগৰ অঞ্চলৰ গোটা আৱৰ্জনাবোৰ সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে পুনৰব্যৱহাৰযোগ্য কৰি তুলিবলৈ আঁচনি হাতত লৈছে। এনে অৱস্থাত আমিও সহযোগ কৰিবলৈ আৱৰ্জনাবোৰ জ্বলাই-পুৰি পৰিৱেশ ধ্বংস নকৰি সেইবোৰ পৃথককৈ পেলোৱাৰ দৰে বহুতো কাম কৰিব পাৰো। যিহেতু এজন ব্যক্তিয়ে অকলে সমাজ পৰিৱৰ্তন কৰিব নোৱাৰে গতিকে আমি সকলোৱে একত্ৰিত হৈ লগে-ভাগে দেশৰ উন্নয়নৰ কাম কৰা আমাৰ কৰ্তব্য। সৰ্বশেষত আমি সকলোৱে এই আঁচনিৰ লগত ওত:প্ৰোতভাৱে জড়িত হোৱা উচিত।

প্ৰথম পুৰষ্কাৰপ্ৰাপ্ত: শ্ৰীজ্যোতি বৰগোহাঁই।

বিদ্যালয়ৰ নাম: গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।

শ্ৰেণী: নৱম মান।

শেহতীয়া উন্নীতকৰণ: : 7/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate