অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দৰিদ্ৰতা, শিশু শ্ৰমিক আৰু সভ্যতাৰ অগ্ৰগতি

দৰিদ্ৰতা, শিশু শ্ৰমিক আৰু সভ্যতাৰ অগ্ৰগতি

আজি আমাৰ সমাজখন উন্নতিৰ শিখৰত প্ৰায় দপদপাই উৰিবলৈ লোৱা আমিবোৰে দেখি আছো । কিন্তু এই উন্নতিৰ ঠাইখনত এতিয়াও নানা সমস্যাৰে সমাজখন জৰ্জৰিত। এই সমস্যা বোৰৰ ভিতৰত এটা সমস্যা যাক আমাৰ সমাজে আওকাণ কৰি চলি আছে,  সেয়া হৈছে শিশু শ্ৰমিক অৰ্থাৎ শিশুসকলক শ্ৰমিকৰ ৰূপ দিয়া। ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিতো কোণতে শিশু শ্ৰমিক এটা জটিল সমস্যা হৈ গৈ আছে। ই ভৱিষ্যতে কেনেকুৱা এটা ৰূপ লব পাৰে তাৰ হয়তো স্পষ্ট ভাষাৰে ব্যক্ত কৰিব পৰা নাযাব। গোটেই পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ এখন দেশ য’ত শিশু শ্ৰমিকৰ হাৰ সকলোতকৈ বেছি, প্ৰায় ৬৫ ৰপৰা ১১৭ বিলিয়ন আনুমানিক।
ইয়াৰ প্ৰধানতম কাৰন কি?  সমাজে এই সমস্যাটো কিয় আওকাণ কৰি চলি আছে অথবা চৰকাৰে লব লগীয়া দায়িত্ব বোৰ ক’ত?  ইয়াক নিৰাময় কৰাৰ উপায় কি? এই প্ৰশ্ন বোৰ জানো আজিকালি সমাজ সেৱা কৰা সংস্থাবোৰ মনলৈ,  সমাজৰ দায়িত্বশীল লোকসকলৰ মনলৈ অথবা চৰকাৰেও ভালদৰে ভাবিব নোৱাৰনে?

আমাৰ দেশত দুখীয়া শ্ৰেণীৰ সংখ্যা বেছি আৰু এই শিশু শ্ৰমিক সকল বেছিভাগেই দুখীয়া শ্ৰেণীৰ পৰা অহা। বেছি ভাগ দৰিদ্ৰ পৰিয়ালৰ বাবে পেটৰ ভোক নিবাৰনৰ বাবে  নিজৰ লৰা ছোৱালীক শ্ৰমিক শ্ৰেণীটোলৈ ঠেলি দিয়া দেখা যায়। সেই দৰিদ্ৰ পৰিয়ালবোৰৰ এষাৰেই কথা- যে পঢ়ি শুনি একো লাভ নাই,  শ্ৰম কৰি উপাৰ্জন কৰি পেটৰ ভোক আৰু ঘৰখন চলাবলৈ শ্ৰমিক হবই লাগিব। এনেদৰেই সেইচাম মাক দেউতাকে  নিজৰ ল’ৰা ছোৱালীক শ্ৰমিকৰ ৰূপত সজাই। ফুল কুমলীয়া ওমলি ধেমালি কৰি স্কুল গৈ পঢ়া সময়তে সিহঁত হৈ পৰে একোটা মালিকীস্বত্ব প্ৰতিষ্ঠান বা কোনো গৰাকীৰ তলতীয়া শ্ৰমিক। আমি যদি নিজৰ ওচৰে পাজৰে মন কৰো,  চাহৰ দোকানত,  হোটেল, গাড়ীৰ হেণ্ডিমেন স্বৰূপ,  কোনোবা কনষ্ট্ৰাকচনৰ কামত,  কোনোবাৰ ঘৰত লগুৱা নহ’লে বাটে পথে প্লাষ্টিক জাতীয় পদাৰ্থ আদি বিচাৰি ফুৰা ফুল কুমলীয়া ল’ৰা- ছোৱালী প্ৰায়ে দেখিবলৈ পাওঁ। প্ৰত্যকেই যেনিবা পেটৰ ভোকৰ তাড়নাত নহ’লে ঘৰৰ বোজা কান্ধত লৈ ৰূপ দিছে নিজকে একো একোটা শ্ৰমিক বুলি।

আজিৰ সমাজ তথা  চৰকাৰে এই সমস্যাৰ কাৰনে কি উপায় লৈছে বা লোৱাটো উচিত তাক জুকিয়াই চোৱা মানুহৰ সংখ্যা নিচেই তাকৰ। যাৰ ফলস্বৰূপে আজি আমি পৃথিৱীৰ ভিতৰত শিশু শ্ৰমিকেৰে উচ্চতম হৈ এটা কুখ্যাতি লাভ কৰি আছোঁ। এই সকল শিশু শ্ৰমিকৰ ভৱিষ্যত কি হ’ব পাৰে আমিবোৰে ভৱাটো নিতান্তই প্ৰয়োজন। এচাম দৰিদ্ৰ পৰিয়ালে আকৌ নিজৰ কণমানি ছোৱালীক কিছুমান কু-কৰ্মী দালালৰ হাতত সঁপি দিয়ে মাথো  কেইটামান টকাৰ বিনিময়ত। সেইসকল মাক দেউতাকে আচলতে বিবেক হীনতাত ভোগে একমাত্ৰ ভোকৰ তাড়নাত আৰু নিৰক্ষৰ হোৱা হেতুকে। গতিকে কিমান লজ্জাজনক অৱস্থা আমাৰ সমাজখনৰ তথা আমাৰ দেশৰ পৰিস্থিতি।

এচাম পৰিয়ালৰ আকৌ ল’ৰা- ছোৱালীয়ে দুটা তিনিটা বছৰ স্কুল যোৱাৰ পিচত বাদ দি কাম কৰিবলৈ লোৱাও দেখা যায়। স্কুলৰ যাৱতীয় খিনি খৰচ হয়তো তাক বহন কৰিবও নোৱাৰে,  যাৰ ফলস্বৰূপে সেই চাম গৈ হৈ পৰে একো একোটা শ্ৰমিকৰ ৰূপ। শিক্ষা সংস্থাৰ পৰা চলোৱা সমীক্ষা এটাৰ মতে বছৰি প্রায় ৩৫% ল’ৰা, ৩৯% ছোৱালী এনেদৰে স্কুল বাদ দিয়া দেখা যায়। কাৰণ সেই একেটাই- পেটৰ ভোক নিবাৰন,  আৰু নিজৰ ঘৰখন। আজিকালি এই শিশুবোৰৰ এচামে আকৌ নিচা ল’বলৈ লৈছে, মানে পেটৰ ভোক নিবাৰন হওক নহওক নিচা কিন্তু সিহঁতক নিতান্তই প্ৰয়োজন। আপুনি ভালদৰে চালে দেখিব ডাঙৰ ডাঙৰ বাছষ্টেণ্ড বোৰত নহ’লে ষ্টেচনবোৰত কেনেদৰে নিজকে এন্ধাৰৰ মাজলৈ লৈ গৈ আছে এই ফুল কুমলীয়া শিশু শ্ৰমিক সকলে নিচাসক্ত হৈ। আজি আমাৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যতেই শিশু শ্ৰমিক সমস্যাই গা কৰি উঠিছে,  কিন্তু আমিবোৰেই তাক হয়তো আওকাণ কৰি চলি আছো। আচলতে চৰকাৰী আইনমতে ১৪ বছৰৰ তলৰ শিশুৱে কোনো কাম কৰিব নোৱাৰে। আৰু যদি কৰে তেন্তে মাক বাপেকে তথা যাৰ তলতীয়া কাম কৰিব তেওঁক শাস্তি বিহা হ’ব। কিন্তু নিয়ম জানো কিমান গা কৰি উঠিছে অথবা নিয়ম মনা  মানুহ আছে কেইজন। সকলোৱে ব্যস্ত নিজৰ স্বাৰ্থৰ বলী বনাবলে এই কুমলীয়া শিশুবোৰক। আমি যদি চাবলে যাওঁ বেছিবোৰ শিশুৱেই ১৪ বছৰৰ তলৰ,  কিন্তু এই দিশটোত আমাৰ সমাজ তথা চৰকাৰ সম্পূৰ্ণভাৱে চকুমুদি থৈছে।
এইধৰনৰ সমস্যাই গা কৰি উঠি গৈ থকাৰ প্ৰধানতম কাৰনবোৰ কেনেকুৱা ধৰনৰ হব পাৰে,  নিশ্চয় আমাৰ শিক্ষা,  দুৰ্ভিক্ষতা,  জনসংখ্যা মূল কাৰণ হিচাপে ধৰিব পৰা যায়। লাহে লাহে চৰকাৰে আমাৰ শিখ্হ্ষা ব্যৱস্থাৰ কাৰনে যি ধৰনৰ কাম কাজ চলাইছে হয়তো সেই ধৰনখিনিয়ে সেইচাম দৰিদ্ৰ পৰিয়ালৰ শিশু শ্ৰমিকৰ কাৰনে যথেষ্ঠ নহয় বুলি মই ক’ব  বিচাৰো। গতিকে মোৰ সমাজখনলৈ তথা আমাৰ উঠি অহা শিক্ষিত প্ৰজন্মলৈ আৰু বিশেষকৈ চৰকাৰলৈ বিশেষ অনুৰোধ,  যে আগন্তুক দিনবোৰৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থা, দুৰ্ভিক্ষতা আৰু জনসংখ্যাৰ ওপৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজিৰ এই ফুল কুমলীয়া শ্ৰমিক শিশু সকলো আমাৰ দেশৰ ভৱিষ্যত  সেয়ে শেষত মোৰ আকৌ এবাৰ বিনম্ৰ অনুৰোধ, শিশু শ্ৰমিক সমস্যাটো আওকাণ নকৰি তাৰ কাৰকবোৰলৈ মন কৰি অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

জ্যোতি জিয়াম কলিতা

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate