অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰী সকলৰ মনস্তাত্বিক জাগৰণত কিছু বাধা আৰু কিছু ফলপ্ৰসুৰ সম্ভাৱনা

নাৰী সকলৰ মনস্তাত্বিক জাগৰণত কিছু বাধা আৰু কিছু ফলপ্ৰসুৰ সম্ভাৱনা

নাৰীয়ে সৃষ্টিৰ আধাৰ নাৰীয়ে শক্তিৰ স্বৰূপ । এখন দেশৰ সৰ্বাঙ্গীন বিকাশত পুৰুষৰ সমানেই নাৰীৰ ভূমিকা আছে, যদিও কোনো কোনো ক্ষেত্ৰত বৰ্তমান অৱস্থাত নাৰী আজিও অৱহেলিত । এইবোৰৰ মুক্ত কৰি নাৰী সকলক সবলীকৰণ কৰা প্ৰক্ৰিয়াটো এটা মনঃস্তাত্বিক জাগৰণ । যাৰ জৰিয়তে নাৰী সকলক ৰাজনৈতিক সামাজিক অৰ্থনৈতিক দিশত জাগ্ৰত কৰি তোলা হয় । আজিৰ এই দিনতো নাৰীক যদি কৰবাত পূজা হৈছে দেৱীৰুপে কৰবাত আকৌ মৃত্যু বিহা হৈছে ডাইনীৰুপে । বৈদিক যুগৰ পৰা মধ্য যুগলৈ এই সময়চোৱাত নাৰীৰ স্থান তথা সন্মান আছিলে অপৰিসীম । লাহে লাহে যেতিয়া মনু স্মৃতি যুগৰ সময় আহিল তেতিয়া নাৰীৰ স্থান সমাজত নিম্নগামী হৈ পৰিল । সেই সময়ত ৰচিত এষাৰী বাক্য হেনো এয়া – ” পিতা ৰক্ষতি কৌমাৰে, ভৰ্তা ৰক্ষতি যৌৱনে, ৰক্ষান্তি স্থৱিৰে পুত্ৰা, ন স্ত্ৰী স্বাতন্ত্ৰম অৰ্হতি ” অৰ্থাত কুমাৰী অৱস্থাত ছোৱালীৰ পিতাকে , যৌৱন কালত স্বামীয়ে,বৃদ্ব্ধ কালত পুতেকে ৰক্ষা কৰে , গতিকে নাৰীৰ নিজস্ব স্বাধীনতা যেন লোপ পালে । সেই তেতিয়াই নাৰীৰ স্থান যি নিম্নগামী হল সি এতিয়াও ঠিকমতে সবল হৈ উঠিব পৰা নাই । সেই যুগতেই আৰম্ভ হৈচিল বাল্যবিবাহ, সতীদাহ প্ৰথা,বিধৱাৰ যন্ত্ৰনাময় জীৱন । নাৰীক হেনো কোৱা হয় অৱলা, কাচৰ লেখীয়া ঠুনুকা , দৰাচলতে তেওঁলোকক অৱলা ঠুনুকা কৰি ৰাখিছে পুৰুষ প্ৰধান সমাজখনেহে । আৰ্থ-সামাজিক তথা সাংস্কৃতিক দিশত আজিও নাৰীয়ে ন্যয্য বিচাৰৰ পৰা বঞ্চিত হৈ আছে । এইবোৰ সুবিধা যাতে নাৰীসমাজে সম্পূৰ্ণ ভাৱে পাব পাৰে তাৰ কাৰনেই নাৰী সৱলীকৰণ অত্যন্ত প্ৰয়োজনীয় । আমাৰ দেশীয় সংবিধানত নাৰীৰ কাৰনে সমান ব্যৱহাৰ কৰাৰ কথা সন্নিৱিষ্ট কৰা হৈছে, কিন্তু এয়া মাথো সংবিধানত সন্নিৱিষ্ট কৰা এটা ভাৱধাৰাহে । বাস্তৱত ইয়াৰ সুকীয়া প্ৰতিচ্ছবিহে দেখিবলৈ পোৱা যায় । সেই কাৰনেই নাৰী সকলৰ মাজত এক মনঃস্তাত্বিক জাগৰণৰ অত্যন্ত প্ৰয়োজন আৰু এই মনঃস্তাত্বিক জাগৰণ মানেই হল নাৰী সবলীকৰণ । বৰ্তমান সমাজে নাৰীৰ বাস্তৱিক ৰূপটো দেখিবলৈ নাপায় অথবা কল্পানও কৰিব নিবিচাৰে । নাৰীয়ে নিজৰ মনৰ কথাবোৰ তথা মনৰ মাজত থকা সুপ্ত প্ৰতিভাবোৰ সমাজ তথা পৰিয়ালৰ হেঃজ্ঞানৰ ফলত মনৰ মাজতেই স্তব্দ্ধ কৰি ৰাখে , অবিকশিত হৈ ৰয় ।এই কাৰনেই নাৰী সকলে নাৰী সবলীকৰণৰ ভাৱধাৰা গ্ৰহণ কাৰটো উচিত । বংকিম চন্দ্ৰ চট্যোপধ্যায়ে এষাৰ কথা কৈছিলে ঃ- নাৰীৰ হেনো আঠোটা ভূমিকা – ঘৰত দাসী,শয্যাত অপ্সৰা, বিপদত বন্ধু, ৰোগত বৈদ্য, কাৰ্যত মন্ত্ৰী, ক্ৰীড়াত সখী, বিদ্যাত শিষ্য, ধৰ্মত গুৰু । তেওঁ কোৱা কথাতো নিসন্দেহ হয়, সমাজত এই আটাইকেইটা ভূমিকা নাৰীয়ে সুচাৰুৰুপে পালন কৰি আহিছে, কিন্তু সমাজৰ পাইছে সামাজিক, ৰাজনৈতিক আদি ক্ষেত্ৰত অনেক বাধা যাৰ বাবেই নাৰী সবলীকৰণতো অসুবিধাই গা কৰি উঠা দেখা যায় । সামন্য অন্ধবিশ্বাৰ বাবেই আমাৰ অসমীয়া সমাজৰ সংস্কৃতিৰ সম্পদস্বৰূপ সত্ৰত নাৰীৰ প্ৰৱেশৰ পৰা বঞ্চিত কি যে এয়া অন্ধবিশ্বাস । আজি আমাৰ দেশত নাৰীৰ সাক্ষ্যৰতাৰ হাৰ পুৰুষৰ তুলনাত বহুতেই কম যাৰ বাবেই নাৰী সবলীকৰনত কিছুমান বাধাই দেখা দিয়ে । আজি দেশত নাৰী এগৰাকী ধৰ্ষনৰ বলী হোৱাৰ পিছতো কোনো শাস্তি নাই বুলি কলে ভূল নহব, কাৰন দুদিন মান পিছতেই সিহতক মুক্ত বিচৰণ কৰি থকা দেখা যায় । একেখন দেশতে আকৌ পুত্ৰ সন্তানক কণ্যা সন্তানতকৈ বেছি গুৰুত্ব দিয়া হয়, কিছুমান অভিভাৱকে আকৌ কন্যা ভ্ৰূন হলে নষ্ট কৰি পেলাই কন্যাজনীক জন্মই পাব নিদিয়ে । কন্যা তথা নাৰীৰ প্ৰতি এনেকুৱা অৱহেলিত স্বাৰ্থপৰতাৰ ফলতেই নাৰী সমাজত তুচ্ছ হৈ পৰিছে । আচলতে নাৰী সকলৰ অসজাগতাইও নাৰী সবলীকৰণত এক বাধা আৰোপ কৰি আহিছে । ” চেন্টাৰ ফৰ ছচিয়েল ৰিচাৰ্চৰ এক অধ্যায়নৰ ভিত্তিত দেখা যায় যে, আমাৰ দেশৰ প্ৰায় ৫ কৌটী মহিলাই তেওঁলোকৰ ঘৰত অত্যাচাৰৰ বলী হয়, তাৰে মাত্ৰ ১ % নাৰীয়েহে এই দুৰ্ব্যৱহাৰৰ বিষয়ে মাত মাতে । ইয়াৰ উপৰিও নাৰীৰ পৰস্পৰৰ প্ৰতি থকা প্ৰতিহিংসাৰ ফলতো নাৰী সবলীকৰণত বাধাৰ সৃষ্টি আমি দেখিবলৈ পাঁও । ইয়াৰ মাজেৰেই লাহে লাহে নাৰী সবলীকৰণ হোৱা নাই বুলি ভাবিলেও কিন্তু কথাষাৰ ভূল হব । সাম্প্ৰতিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়চোৱাত অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ কিছু হলেও প্ৰভাৱ কমি যোৱা আমি বোৰে দেখি থকা নাইনে । এটা সময়ত নাৰীক অভিভাৱক সকলে উচ্চ শিক্ষা দিয়াত গুৰুত্ব প্ৰদান কৰা নাছিলে, কিন্তু বৰ্তমান কালত নানান শৈক্ষিক দিশত নাৰীৰ স্থান লক্ষ্য কৰিবলগীয়া । আজি নাৰীৰ স্থান তথা পুৰুষৰ সতে সম অধিকাৰৰ ক্ষেত্ৰত চৰকাৰ তথা স্বেচ্ছাসেৱী সংগঠনসমূহেও বহুত দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী প্ৰকল্প হাতত লোৱা পৰিলক্ষিত হৈছে । নাৰীক বিশেষভাৱে পুৰুষৰ সমানেই স্থান দিবলৈ এই অনুষ্ঠানসমূহে নাৰী সবলীকৰণত গুৰুত্ব প্ৰদান কৰাও দেখা গৈ আছে । আজিৰ সমাজত নাৰীক লৈ কৰা ব্যৱসায়, নাৰীক বেয়া ধৰনে বেয়াকৈ উপস্থাপন কৰা, আৰ্থসামজিক আৰু সাংস্কৃতিক দিশত নাৰীয়ে ন্যয্য বিচাৰ নোপোৱা, নানান ধৰনৰ অপকৰ্মত লিপ্ত কৰোৱা আদিৰ পৰা নাৰীক পদে পদে বচাই আগবঢ়াই নাৰীসকলক সবলীকৰণ কৰাত সচেষ্ট হৈছে । এনেদৰে আমাৰ সজাগ জনসাধাৰনে যদি নাৰী সবলীকৰণ কৰাত হোৱা বাধা সমূহ সমাধান কৰি উৎকৃষ্ট পদক্ষেপ লয় তেতিয়াহলে আমাৰ সমাজত নাৰী সবলীকৰণৰ দ্বাৰা নৰীসমাজ বহুত উপকৃত তথা সুখী হব । নাৰীসকলৰ লগতে পুৰুষ সকলেও এইক্ষেত্ৰত সমানে হাত উজান দিব লাগিব আৰু নাৰীসকলে বিশেষকৈ মনৰ শংকা আৰু সংশয় ভাৱ আতৰাই আগবাঢ়ি আহিব লাগিব তেতিয়াহে নাৰী সবলীকৰণ প্ৰক্ৰিয়া চুড়ান্ত পৰ্যায়ত উপনীত হব ।

জ্যোতি জিয়াম কলিতা

শেহতীয়া উন্নীতকৰণ: : 6/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate