অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বয়োবৃদ্ধ নাগৰিকসকল

ভাৰতত বয়সবৃদ্ধি: আৰ্থ-সামাজিক আৰু স্বাস্থ্যজনিত অৱস্থা

ভাৰতত বয়স্ক লোকৰ তিনিভাগৰ দুভাগ পুৰুষ আৰু মহিলাৰ ৯০-৯৫ শতাংশ নিৰক্ষৰ। এক বুজন সংখ্যক মহিলা অকলশৰীয়া। সেইকাৰণেই আৰ্থিক নিৰ্ভৰতা অধিক। তথ্যমতে ২০০১ চনত ১৮ নিযুত বয়স্ক পুৰুষ আৰু ৩.৫ নিযুত বয়স্ক মহিলাক চাকৰিৰ প্ৰয়োজন। এই সংখ্যাবোৰ বৰ্তমান কৰ্মৰতসকলৰ ভিত্তিত উলিওৱা। বয়স্কসকলৰ বাবে কাম-কাজৰ সৃষ্টি কৰিবলৈ এক বুজন পৰিমাণৰ ধনৰ প্ৰয়োজন। তাতকৈও বেছি ধনৰ প্ৰয়োজন হব ৫৫ নিযুত লোকৰ বাবে, যিসকলে কাম-কাজ পোৱা নাই, যিসকলৰ অধিক সংখ্যাৰেই সঞ্চিত ধন নাই বা পৰিয়ালৰ কাৰো পৰা সহায় নাপায়।

এইটোও গননা কৰা হৈছিল যে ২০০১ চনত ২৭ নিযুত বয়স্ক অক্ষমলোকৰ আধা সংখ্যক লোক দৃষ্টিশক্তিত অক্ষম। ইয়াৰ বেছিভাগ লোকেই কাম কৰিব নোৱাৰে। সেইবাবেই এওঁলোক আৰ্থিকভাৱে নিৰ্ভৰশীল হয়। সহায়ৰ বাবে চৰকাৰলৈ আশা কৰে। ৰাজ্য চৰকাৰে যদিও এনে লোকৰ বাবে সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা কৰিছে-সেয়া প্ৰতি মাহে মাত্ৰ ৩০-৬০ টকা। আৰ্থিকভাৱে অস্বচ্চল হিতাধিকাৰীসকলো ইয়াৰ ভিতৰতে পৰে। ভাৰতত বয়স্ক লোকসকলক পৰিয়ালত যথেষ্ট মান্যতা দিয়া হয়। সেইবাবেই বয়স্কলোকক কোনো পৰিয়ালত আলৈ আথাঁনি কৰিলে সমাজৰ পৰা গৰিহনা পায়। এনে মূল্যৰোধক আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন। বয়স্কলোকসকলক মানবীয়তাৰ উত্স হিচাপে গণ্য কৰা উচিত। তেওঁলোকৰ অৱশিষ্ট কৰ্ম উদ্যম, স্পৃহা, আৰু অভিজ্ঞতাক ৰাষ্ট্ৰৰ উন্নতিৰ বাবে য্থা সম্ভৱ ব্যৱহাৰ কৰিব লাগে। চৰকাৰে তেওঁলোকৰ সুস্থ আৰু সফল জীৱনৰ নিশ্চিত কৰা দৰকাৰ।

ৰাষ্ট্ৰীয় পৰিয়াল সাহাৰ্য্য আঁচনি

ৰাষ্ট্ৰীয় পৰিয়াল সাহাৰ্য্য আঁচনি ১৯৯৫ চনৰ ১ আগষ্টত আৰম্ভ কৰা হয়। সংবিধানৰ ৪১ আৰু ৪২ নং দফাৰ মূল নীতি পূৰণৰ ক্ষেত্ৰত ই এক গুৰত্ব পূৰ্ণ পদক্ষেপ।

বৃদ্ধ অৱস্থাত দৰিদ্ৰ গৃহস্থক, প্ৰধান উপাৰ্জনকাৰীৰ মৃত্যুত আৰু মাতৃকালীন অৱস্থাত সাহাৰ্য্য আগবঢ়াবলৈ এই ৰাষ্ট্ৰীয় নীতি আৰম্ভ কৰা হয়। এই আঁচনিয়ে তিনিটা দিশ সাঁমৰি লৈছে:

ৰাষ্ট্ৰীয় বৃদ্ধাৱস্থাৰ পেঞ্চন আঁচনি।

  • ৰাষ্ট্ৰীয় পৰিয়াল সাহাৰ্য্য আঁচনি।
  • ৰাষ্ট্ৰীয় মাতৃত্বকালীন সাহাৰ্য্য আঁচনি।

বিভিন্ন লোকৰ, দিশৰ পৰা পোৱা পৰামৰ্শ আৰু ৰাজ্য চৰকাৰ সমূহৰ পৰা পোৱা প্ৰতিবেদনৰ ভিত্তিত ১৯৯৮ চনত এই আচঁনি খনৰ কিছু সংশোধন কৰা হয়। এই আঁচনি খন সংশোধনৰ পাছত পোৱা শুদ্ধ ৰূপটো তলত দিয়া হ’ল:

ৰাষ্ট্ৰীয় বৃদ্ধাৱস্থাৰ পেঞ্চন আঁচনি। এই আঁচনিৰ অধীনত তলত দিয়া চৰ্ত সাপেক্ষে কেন্দ্ৰীয় সাহাৰ্য্য প্ৰদান কৰা হয়।

আবেদনকাৰীৰ বয়স (পুৰুষ বা মহিলা) ৬৫ বছৰতকৈ বেছি হব লাগিব।

আবেদনকাৰী নিঠৰুৱা হব লাগিব, যাৰ কোনো নিয়মীয়া ঊপাৰ্জনৰ পথ নাই, পৰিয়ালৰ সদস্য বা আন কোনো উত্সৰ পৰা আৰ্থিক সাহাৰ্য্য নাপায়।

প্ৰতিমাহে ৭৫ টকাকৈ বৃদ্ধাৱস্থাৰ পেঞ্চন কেন্দ্ৰীয় সাহাৰ্য্য দিয়া হব।

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate