অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অকলশৰীয়া মাতৃৰ দায়িত্ব

বিৰাজ মোহন ডেকাৰ মৃত্যু হ’ল এটা মটৰ দুৰ্ঘটনাত। এৰি থৈ গ’ল ৩৬ বছৰীয়া গৃহিণী আৰু দুজনী ছোৱালী। বিৰাজৰ বয়স আছিল ৪২ বছৰ। তেওঁ আছিল ইঞ্জিনিয়াৰ আৰু গৃহিণীৰ নাম আছিল অপৰাজিতা। এতিয়া ঘৰখনৰ দায়িত্ব পৰিল অপৰাজিতাৰ ওপৰত। খ্ৰীষ্টানবস্তিত শহুৰ-শাহুৰ ঘৰ। শহুৰ-শাহুৰ লগতে থাকে অনুপমা আৰু তেওঁৰ দুজনী ছোৱালী। শহুৰৰ বয়স ৬৫ বছৰ। শাহুৰ ৬০ বছৰ। দুয়ো প্ৰাণৱন্ত, বোৱাৰীক মৰম কৰে। ঘৰখনৰ ঘৰুৱা কাম শাহুৱে চায়। বজাৰ আৰু বেংক আদিৰ কামত শহুৰে সহায় কৰে। ঘৰখনৰ মাহিলি খৰচ ৩০ হেজাৰ টকা। অনুপমাই ২৫ হেজাৰ টকা প্ৰতি মাহে শাহুৱেকৰ হাতত দি যায়। শহুৰে ১০ হেজাৰ দিয়ে। প্ৰতি মাহে গৃহিণীৰ হাতত। শাহু যেন ধন ভৰালী। বজাৰ কৰাৰ টকা কড়ি তেখেতেই উলিয়াই দিয়ে। ঘৰত কাম কৰা মানুহ দুজনীৰ খৰচ শাহুৱেই দিয়ে। অনুপমাই মাহেকী অৰ্জন কৰে প্ৰায় ৮০ হেজাৰ টকা।

অনুপমাই সুধিছে তেওঁৰ জীৱনটোত কেনেকৈ সঞ্চয় আৰু বিনিয়োগ কৰিব লাগে যাতে ছোৱালী দুজনীক ভাল স্কুলত পঢ়ুৱাব পাৰে। ১৫ বছৰ পিছত ছোৱালী এজনী আৰু ১৭ বছৰৰ পিছত আনজনী ছোৱালীক ভাল কলেজত পঢ়ুবাব পাৰে। ডাঙৰ ছোৱালীৰ বয়স তিনি বছৰ, সৰুজনীৰ বয়স এবছৰ। বিয়া-বাৰুৰ বাবে সময় আছে-২৫/২৭ বছৰ।

সকলো কথা শুনি তৌফিক বৰুৱাই অনুপমাক ক’লে-আপোনাৰ এটা কথা সুবিধা যে লগত শহুৰ-শাহু আছে। তেওঁলোকে নাতিনীহতঁৰ লগ হ’ব যেতিয়া আপুনি কামত বাহিৰত থাকিবলগীয়াত পৰে।

পি পি এফ

অনুপমাক ক’লে প্ৰথমে এটা পি পি এফ খোলক। যিহেতু আপুনি চৰকাৰী চাকৰি নকৰে-পি পি এফ খোলা অতি প্ৰয়োজন। মাহে ১০০০ টকাকৈ থৈ যাওক। ‘পি পি এফ’ হ’ব আপোনাৰ জৰুৰীকালীন সংগী। পি পি এফৰ পৰা টকা উলিয়াব পাৰিব ১৬ বছৰৰ পিছত। কিন্তু নুলিয়াব। প্ৰতি ৫ বছৰত ইয়াৰ ম্যাদ বঢ়াই যাব। আয় বঢ়াৰ লগে লগে পি পি এফৰ আয় এহেজাৰৰ পৰা দুহেজাৰ, তাৰ পৰা ৫ হেজাৰ, শেষত ৮ হেজাৰ বাঢ়িব। বছৰে এক লাখ টকাহে জমা কৰিব পাৰিব। এই আঁচনিত ১ ম টকাৰ সমান টকা আয়কৰৰহিত হ’ব অৰ্জনৰ পৰা। সুদৰ ওপৰত আয়কৰ দিব নালাগে। নিয়মতে টকা জমা দি গ’লে এই আঁচনিত ২০ বছৰৰ পিছত যথেষ্ট টকা জমা হৈ উঠিব।

ৰেকাৰিং ডিপোজিট

ভাল প্ৰাইমাৰী স্কুলৰ ফীজো আজিকালি যথেষ্ট বেছি। বছৰে প্ৰায় ১ লাখ টকা লাগে। এই ফীজ দিবৰ বাবে দুটা ৰেকাৰিং ডিপোজিট আঁচনিখনক ৮,০০০ টকাকৈ দুজনী ছোৱালীৰ বাবে। প্ৰতি বছৰে প্ৰায় এক লাখ টকা ৰখা হ’ব। মুঠতে দুই লাখ টকা হ’ব। এই আঁচনিৰ ম্যাদ শেষ হ’লে- এই টকা বেংকত বা মিউচুৱেল ফাণ্ডৰ লিকুইড ফাণ্ডত থৈ যাব আৰু প্ৰয়োজন অনুসৰি খৰচ কৰিব।

স্বাস্থ্য বীমা

পিতৃ-মাতৃ, নিজৰ দুজনী ছোৱালী আৰু নিজৰ বাবে এটা স্বাস্থ্য বীমা খোলক, যাতে অসুখত পৰিলে ঘৰৰ পৰা টকা উলিয়াব নালাগে। স্বাস্থ্য বীমা ৫ লাখৰ কৰিব পাৰে-চৰকাৰী বীমা কোম্পানীৰ পৰা।

জীৱন বীমা অতি প্ৰয়োজন

যদিও শহুৰ-শাহু জীয়াই আছে-ঘৰখনৰ আৰ্থিক বিষয়টো অনুপমাৰ ওপৰতে নিৰ্ভৰশীল, গতিকে ঘৰখনৰ কৰ্ত্ৰী হ’ল অনুপমা। গতিকে জীৱন বীমা কৰা উচিত অনুপমাই। টাৰ্ম বীমা কৰাহে উচিত। ৫০ লাখ টকাৰ টাৰ্ম বীমা কৰিব। ইয়াৰ বাবে প্ৰিমিয়াম হ’ব প্ৰায় ১৮ হেজাৰ বছৰে। কেতিয়াবা অনৰ্থ হ’লে ৫০ লাখ টকাৰ পৰা বছৰে অন্তত: ৪ লাখ ৫০ হেজাৰ টকা পাব।

উচ্চ শিক্ষাৰ বাবে মিউচুৱেল ফাণ্ড

দুজনী ছোৱালীৰ উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা উচিত হ’ব। মাহে ৬ হেজাৰ টকাকৈ ‘ছিপ’ পদ্ধতিত ভাল ইকুইটি ফাণ্ডত টকা থ’ব পাৰে। আই চি আই চি আই, এইচ ডি এফ চি, ষ্টেট বেংকৰ ভাল ফাণ্ডত টকা জমা ৰাখক। ১৮ বছৰৰ পিচত এই টকা প্ৰায় ১২ শতাংশ ডিভিডেণ্ডত প্ৰায় ২৫ লাখ টকা পাব পাৰে। এইখিনি টকা উচ্চ শিক্ষাৰ বাবে লাগিব।

গৃহ নিৰ্মাণ

যিহেতু শহুৰ-শাহুৰ ঘৰ আছে। উত্তৰাধিকাৰী সূত্ৰত এই ঘৰ অনুপমাৰ জীয়ৰীৰ বাবে হ’ব। গতিকে নতুন ঘৰ নিৰ্মাণ কৰিব নালাগে থাকিবৰ বাবে। যদি ঘৰ নিৰ্মাণ কৰিব খোজে বিনিয়োগৰ বাবে কৰিব পাৰে। নহ’লে অনুপমাৰ অৱসৰৰ বাবে ভাৰত চৰকাৰৰ ‘এন পি এছ’ পেন্সন আঁচনি গ্ৰহণ কৰিব পাৰে। নিজৰ অৱসৰৰ কথা ভাবিবলৈ মানুহে পাহৰি যায়। ভাৰত চৰকাৰৰ পেন্সন প্ৰকল্প ভাল।

শহুৰৰ সম্পদ

শহুৰ-শাহুৰ যি সম্পদ আছে সেই সম্পদ বেংকৰ ফিক্সড ডিপোজিট কৰা উচিত হ’ব। যদি ২০ লক্ষ টকা আছে- তেনেহ’লে

১) ১০ লক্ষ টকা ফিক্সড কৰি থওক।

২) বাকী ১০ লাখ টকা এফ এম পি ত বা বণ্ড ফাণ্ডত থ’ব পাৰে।

মনত ৰাখিব শহুৰ-শাহুৰ টকা বেংকত বা বণ্ডত থ’লে দুয়োৰে নামত থ’ব। যাতে প্ৰয়োজনত দুয়ো উলিয়াব পাৰে। দুজনৰ নামত টকা থ’লে দুয়োৱে টকা উলিয়াব পাৰে।

অনুপমা অকলশৰীয়া মাতৃ। কিন্তু তেওঁ সেই দায়িত্ব পালন কৰিলে অতি প্ৰশংসনীয়ভাৱে।

লিখক: গৌতম প্ৰসাদ বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 3/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate