মূল পৃষ্ঠা / সমাজ কল্যাণ / সামাজিক সজাগতা / অন্ধবিশ্বাসৰ ভয়াবহতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অন্ধবিশ্বাসৰ ভয়াবহতা

“হঠাতে কিবা অসুখত ভুগিছে নেকি? জৰুৰ কাৰোবাৰ বেয়া নজৰ লাগিছে! এটা কাম কৰক৷ ক’লা সুতা এডাল হাতত মেৰিয়াই লওক৷ পীতবস্ত্ৰ পৰিধান কৰক!”

চমু বিৱৰণ

“হঠাতে কিবা অসুখত ভুগিছে নেকি? জৰুৰ কাৰোবাৰ বেয়া নজৰ লাগিছে! এটা কাম কৰক৷ ক’লা সুতা এডাল হাতত মেৰিয়াই লওক৷ পীতবস্ত্ৰ পৰিধান কৰক!”

“পৰীক্ষাত আশানুৰূপ ফলাফল পোৱা নাই ?  চাৰিটা সোমবাৰে আহঁত গছৰ তলত মিঠাতেল ঢালক ৷”

“ব্যৱসায়ত সফল হোৱা নাই?  জৰুৰ কাৰোবাৰ কোপদৃষ্টি পৰিছে৷ চিঙৰাৰ লগত সেউজীয়া চাটনি খাওঁক ৷”

“ৰাজহাড়ৰ বিষত ভুগিছে নেকি ? আঁঠুত পানী ঢালক!”

বিশ্বাস কৰিবলৈ টান হলেও এই একবিংশ শতিকাৰ সময়তো আজিৰ সমাজৰ বহুসংখ্যক লোকৰ বাবে এনেবোৰ নিদানেই সবাতোকৈ বিশ্বাসযোগ্য৷ আমি প্ৰত্যেকেই প্ৰাত্যহিক জীৱনৰ বহু কাম কাজৰ বাবে বহুবিধ অত্যাধুনিক প্ৰযুক্তিসমৃদ্ধ আহিলাৰ ওপৰতে নিৰ্ভৰশীল৷ দিয়াচলাইটোৰ পৰা ম’বাইললৈকে নানা বৈজ্ঞানিক উপকৰণেৰে আমাৰ প্ৰাত্যহিক জীৱনটো ভৰি থাকে |

অন্ধবিশ্বাৰৰ আঁৰৰ কিছু কথা

পিছে চিন্তাজনক কথাটো হ’ল বৰ্তমানৰ পৃথিৱীখনক নানা অত্যাধুনিক প্ৰযুক্তিবিদ্যাই সভ্যতাৰ শিখৰলৈ তুলি দিয়াৰ পাছতো অঞ্চলবিশেষে অন্ধবিশ্বাসৰ প্ৰাদুৰ্ভাৱ কমা নাই ৷ আজিৰ সময়তো ভালকৈ সভ্যতাৰ পোহৰ নপৰা অঞ্চলৰ কথা বাদেই অত্যাধুনিক সা-সুবিধাৰে পুষ্ট চহৰাঞ্চলত বাস কৰা বহুতো শিক্ষিত লোকৰ মনতো অন্ধবিশ্বাসৰ শিপাডাল এতিয়াও বৰ্তি থকা পৰিলক্ষিত হয় ৷ প্ৰায়েই দেখা যায় যে বৈজ্ঞানিক ধ্যান-ধাৰণাৰে পুষ্ট হোৱাৰ পাছটো বহুটো শিক্ষিত লোকেই ওজা-বেজালি-তান্ত্ৰিক আদিৰ তথাকথিত অতি-শক্তিৰ ওচৰত মুৰ দোৱায় ৷ ইয়াৰ প্ৰমাণ স্বৰূপে বাতৰি কাকতৰ দুটামান পৃষ্ঠা লুটিয়ালেই দেখা পোৱা বিভিন্নধৰণৰ বেজ-বেজালিৰ সন্দেহজনক বিজ্ঞাপনৰ কথাকেই কব পাৰি ৷ বৰ্তমানৰ অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ অৱদান কৃত্ৰিম উপগ্ৰহৰ সংকেত ব্যৱহাৰ কৰি বিভিন্ন ঠাইৰ পৰা একে সময়তে কেইবাটাও সংস্কৰণ প্ৰকাশ কৰা বাতৰি কাকতসমুহত প্ৰকাশিত বেজ-বেজালিৰ বিজ্ঞাপনবোৰে বিজ্ঞানৰ জয়যাত্ৰাক ভেঙুচালি কৰা নাইনে বাৰু ?

একেদৰে দেখা যায় যে বৈদ্যুতিন সংবাদ মাধ্যমসমুহৰ সংবাদ আহৰণ তথা প্ৰচাৰৰ প্ৰতিটো খোজতেই বিভিন্ন অত্যাধুনিক বৈজ্ঞানিক উপকৰণৰ ব্যৱহাৰ হয় ৷ পিছে প্ৰতিটো পুৱাতেই বেছিভাগ টিভি চেনেলতেই কোনোবা এজন স্বয়ম্ভু বিশাৰদে আজিৰ দিনটো কেনেদৰে যাব বা প্ৰতিকাৰ হিচাপে কি পিন্ধিব লাগিব তেনেবোৰ বিষয়ত জ্ঞান প্ৰদান কৰাৰ অনুষ্ঠানহে সাধাৰণ দৰ্শকৰ প্ৰত্যক্ষ কৰাৰ সৌভাগ্য (!) হয় ৷ সেই স্বয়ম্ভু ভৱিষ্যদ্ৰষ্টাজনে সমুখত অত্যাধুনিক লেপটপ এটা লৈ সৌৰজগতত অস্তিত্বহীন ৰাহু-কেতু নামৰ গ্ৰহ (!) দুটাৰ বিশেষ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত পৰা প্ৰভাৱৰ জ্ঞান প্ৰদান কৰে ৷ প্ৰতিটো প্ৰভাততে তেখেতসকলৰ দৰে সমগ্ৰ পৃথিৱীৰ জীৱকুলৰ ভুত-ভৱিষ্যতৰ কথা নখদৰ্পনত থকা এনেধৰণৰ প্ৰবাদপ্ৰতীম (!) ব্যক্তিৰ মুখনিসৃত বাণীৰে আমাৰ দৰে কুকুৰধুলি জীৱৰো নিৰ্বানপ্ৰাপ্তি হয় ৷ এনেধৰণৰ সৰ্ববিদ্যাবিশাৰদ সকলেই কিছু কিছু ব্যক্তিক তেখেতসকলৰ ‘বেয়া নজৰ’ থকা বুলি ঘোষণা কৰি প্ৰতিকাৰ হিচাপে হেজাৰটকীয়া ‘নজৰ ৰক্ষা কৱচ’ পিন্ধিবলৈ উদ্‌গনি দিয়ে ৷ ইয়াৰ উপৰিও চেনেলসমুহত প্ৰতিদিনেই বিশেষ সম্প্ৰচাৰত কিছুমান ব্যক্তিৰ ‘বেয়া নজৰ’ৰ পৰা বাচিবলৈ এনেধৰণৰ হেজাৰটকীয়া তাবিজ-কবচ-মাদুলীৰ বিজ্ঞাপনো অহৰ্নিশে প্ৰচাৰ কৰা হয় ৷

পৰিতাপৰ কথা এয়ে যে এনেধৰণৰ বিজ্ঞাপনবোৰে দিনে-নিশাই চলোৱা ‘গোৱেবলচীয় প্ৰচাৰ’ত ভোল গৈ বিশ্বাস-অবিশ্বাসৰ দোমোজাত থকা বহু শিক্ষিত লোকেই অবশেষত হাৰ মানে ৷ এই কবচ-মাদুলী-তাবিজ পৰিধান কৰোতাৰ লাভ হওক বা নহওক টিভি চেনেল, বাতৰি কাকত আৰু বিক্ৰেতাসকলৰ প্ৰচুৰ অৰ্থ উপাৰ্জন হয় ৷ সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে শক্তিশালী দুৰবীক্ষণ যন্ত্ৰ তথা অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিও ফুটকে নোপোৱা ৰাহু-কেতু নামৰ সৌৰজগতৰ দুটি গ্ৰহৰ দ্বাৰা প্ৰাপ্ত হোৱা দোষ খণ্ডাবলৈ সমাজৰ অলেখ মুধাফুটা ব্যক্তিৰ আঙুলিত তিৰবিৰাই থকা অজস্ৰ আঙুঠিয়ে আচলতে এনেবোৰ অসাধু লোককহে ধনী কৰা দেখা যায়  ৷

ইয়াৰ উপৰিও ৰোগ নিৰাময়ৰ বাবে অতীজৰে পৰা চলি অহা আয়ুৰ্বেদিক তথা যোগাসন-প্ৰাণায়ামৰ দৰে চিকিৎসা বা শৰীৰৰ ৰোগ নিৰাময় কৰাৰ বিভিন্ন ফলপ্ৰসূ পদ্ধতিকো বিকৃত কৰি ব্যৱসায়িক ৰূপ দিয়াৰ বাবে এচাম অসাধু লোকে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছে ৷ পৰিতাপত কথা এয়ে যে সমাজৰ তথাকথিত শিক্ষিত বা জনাবুজাৰ ভাও দিয়া লোকসকলকেই এনেবোৰ ভণ্ডামিৰ মুখ্য পৃষ্ঠপোষকৰূপে অৱতীৰ্ণ হোৱা দেখা যায় ৷

এই ক্ষেত্ৰত অন্য কথা এটাও মনলৈ আহে ৷ সমাজৰ তথাকথিত শিক্ষিত লোক বুলি জহাই থকা আমিবোৰো জানো কম ? আজিৰ দিনটো সমাজৰ প্ৰতিটো বিষয়তে বিধৱা বা সন্তানহীনা নাৰীসকলৰ উদ্দেশ্যি কৰা ব্যৱহাৰৰ কথাই মন কৰোচোন ৷ এইসকল নাৰীৰ প্ৰতি প্ৰায়েই কুলক্ষণীয়া, বাঁজী এইবোৰ শব্দ আমিয়েই ব্যৱহাৰ নকৰো জানো ? যাত্ৰা পথত দেখিলে যাত্ৰা নাস্তি হোৱা বা বিভিন্ন সামাজিক তথা মাংগলিক কাৰ্য্যৰ পৰা এইসকলক আমিয়েই বাৰণ নকৰো জানো ? জীৱনত প্ৰচণ্ড মানসিক বিপৰ্য্যয়ৰ সমুখীন হোৱা এইসকল নাৰীলৈ সহায়ৰ হাত আগবঢ়োৱাৰ সলনি কলংকিনী নামেৰে দাগ সানিবলৈ আমাৰেই হাতোৰা উদ্যত হৈ নুঠে জানো ? আমি আজি সকলোৱে প্ৰাত্যহিক জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানসম্ভুৱ বস্তুৰ ব্যৱহাৰ কৰিলেও বহুলোকৰেই মানসিক অৱস্থা তাহানিৰ সেই মধ্যযুগীয় চিন্তাধাৰাৰে পৰিবেষ্ঠিত হৈ থকা দেখা যায় ৷  এনেধৰণৰ অন্ধবিশ্বাসৰ ভয়াবহতা কেবল হাতৰ আঙুলিত আঙুঠি পিন্ধা বা জৰা-ফুকা বিধি মানি চলা কথাই নহয়, বহুসময়ত এনেধৰণৰ অন্ধবিশ্বাসে মানুহক নৰহত্যাৰ দৰে ভয়ংকৰ কাণ্ড কৰিবলৈ প্ৰৰোচিত কৰাও দেখা যায় ৷

‘ডাইনী’

ইতিহাসৰ পাত লুটিয়ালে পোৱা যায় যে ১৪৮০ চনত সমগ্ৰ ইউৰোপব্যাপী এক সৰ্বনাশী সংক্ৰামক ‘প্লেগ’জাতীয় ৰোগত বহুজনৰ প্ৰাণহানি হৈছিল ৷ সেই ঘটনাৰ আলম লৈ ইউৰোপৰ কিছুসংখ্যক চতুৰ ধৰ্মযাজকে এই ঘটনাৰ অন্যতম কাৰক হিচাপে বহুতো অবলা নাৰীক ‘ডাইনী’ বুলি অপবাদ দি ৰাজহুৱাভাৱে শাস্তি দি মৃত্যুৰ মুখলৈ ঠেলি দিছিল । সেই কালচোৱাত ডাইনীৰ সন্দেহেৰে বৰ্বৰভাৱে হত্যা কৰা বেছিভাগেই সন্তানহীনা বা অকলশৰীয়া বিধবা নাৰী আছিল ৷ সমগ্র ইউৰোপত এনেধৰণৰ পৈশাচিক কাণ্ড প্ৰায় ১৭০০ চনমানলৈ বৰ্তী আছিল ৷

পিছে দেখা যায় যে এনেধৰণৰ ধ্যান-ধাৰণাৰ পৰা আমাৰ সমাজখন এতিয়াও সম্পুৰ্ণকৈ মু্ক্ত হ’ব পৰা নাই ৷ আজিৰ যুগতো বৰঞ্চ নানা নিত্য নতুন কুটকৌশলেৰে বহু অপৰাধী মনোবৃত্তিৰ লোকে নিজৰ নষ্ট-স্বাৰ্থ পুৰণ কৰিবলৈ এতিয়াও এই প্ৰথাকেই ব্যৱহাৰ কৰে ৷ ডাইনী বুলি অপবাদ দি কোনো নিৰীহ লোকক হত্যাৰ আঁৰত ঘাইকৈ ধন-সম্পত্তিৰ কথাই প্ৰাধান্য পোৱা দেখা যায় ৷ সম্পত্তিৰ লালসাত পৰিকল্পিত ভাৱে ডাইনী সজাই হত্যা কৰা অকলশৰীয়া মহিলা, বৃদ্ধ বা বৃদ্ধা হত্যাৰ অনেক সত্য কাহিনী এই মুলুকতে এতিয়াও শুনা যায় ৷

ইয়াৰ উপৰিও ডাইনী হত্যাৰ আন এটা কাৰক হৈছে চিকিৎসাসেৱাৰ পয়ালগা ৰূপ ৷ চিকিৎসা বিজ্ঞানে দোপতদোপে উন্নতি কৰিলেও দেশৰ বহু অঞ্চলতে সৰ্বসাধাৰণ দুখীয়া শ্ৰেণীৰ বাবে এতিয়াও সাধাৰণ চিকিৎসাসেৱা পৰ্য্যাপ্ত পৰিমানে উপলব্ধ নহয় ৷ আজিৰ প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ যুগতো বাধ্য হৈ বহুতেই পৰম্পৰাগত চিকিৎসা পদ্ধতিৰেই শৰণাপন্ন হব লগা হয় ৷ ইয়াৰ ফলত সেই তথাকথিত বেজ বা ওজা সকলৰ স্বাৰ্থসিদ্ধিৰ বাবে বহুসময়ত অলেখ নিৰীহ লোকে নিজৰ প্ৰাণ পৰ্য্যন্ত ত্যাগ কৰিবলগীয়া  হয় ৷ আজিৰ সময়তো কাৰোবাৰ দেহত দেখা দিয়া ৰোগৰ গইনা লৈ বেজৰ কথামতে কাৰোবাক ডাইনী আখ্যা দি অত্যাচাৰ কৰি হত্যা কৰা কথাও শুনিবলৈ তেনেই সুলভ  ৷  অকল এই মুলুকতে নহয় পৃথিৱীৰ বহু উন্নতমানৰ দেশত আজিও চেগা চোৰোকাকৈ ডাইনী আখ্যা দি নিৰীহক অত্যাচাৰ কৰা ভয়ংকৰ প্ৰথা চলি আহিছে । বৰ্তমান সমাজৰ কিছু অন্ধবিশ্বাসী লোকক নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে এচাম সুচতুৰ লোকে ব্যৱহাৰ কৰা এই প্ৰথা সভ্যতাৰ শিখৰলৈ উত্তৰণ হোৱা মানবজাতিৰ বাবে এটা দাগ বুলি বিবেচিত হৈছে ৷

সুখৰ কথা

সুখৰ কথা যে লাহে লাহে সমগ্ৰ পৃথিৱীতেই এনেবোৰ অন্ধবিশ্বাসী তথা কুচক্ৰী লোকৰ ভয়ংকৰ চক্ৰান্তৰ বিৰুদ্ধে জনমত গঢ়ি উঠিছে ৷ অসমতো এই ঘৃণনীয় প্ৰথা ৰোধ কৰিবলৈ চৰকাৰী বা বেচৰকাৰীভাৱে ইতিমধ্যে বহু প্ৰচেষ্টা আৰম্ভ হৈছে ৷ অসমত ডাইনী হত্যাৰ বিৰদ্ধে জনমত গঢ়ি তুলিবলৈ চেষ্টা কৰা বিৰুবালা ৰাভা, অসম পুলিচৰ ‘প্ৰজেক্ট প্ৰহৰী’, সামাজিক সংগঠন ‘ব্ৰাদাৰ্চ’ তথা আন বহুতো সামাজিক সংগঠনৰ পৰা কৰা প্ৰচেষ্টা এই ক্ষেত্ৰত উল্লেখযোগ্য ৷ আনকি ২০১৫ চনত অসম বিধান সভাত “অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান) আইন, ২০১৫ প্ৰণয়ন কৰি এই ভয়ংকৰ সামাজিক ব্যধিক নাকী লগাবলৈ প্ৰচেষ্টা চলোৱা হৈছে ৷

দুখৰ বিষয়

পিছে দুখৰ বিষয় যে চৰকাৰী বা বেচৰকাৰীভাৱে কাগজে পত্ৰই ডাইনী হত্যা বা অন্ধবিশ্বাস ৰোধৰ ক্ষেত্ৰত এনেবোৰ উদ্যম চলি থকাৰ মাজতো এনেধৰণৰ ভয়ংকৰ কাণ্ড ঘটাৰ পৰা প্ৰতিহত কৰিবলৈ এতিয়ালৈ সক্ষম হোৱা নাই ৷  সমাজৰ প্ৰতিটো স্তৰতে শিপাই থকা এনে অন্ধবিশ্বাসে কোঙা কৰা এখন পৃথিৱীক মুক্ত কৰিবলৈ হয়টো আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব ৷ এনেধৰণৰ কথা-কাণ্ডৰ এতিয়াও  চলি থকাৰ মুৰতে দেখা যায় যে  সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলৰ বৌদ্ধিক অনগ্ৰসৰতাৰেই এই বিষয়ৰ মুল কাৰক ৷ এই ক্ষেত্ৰত ছাত্ৰ-সংগঠনবোৰে এটি গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰিব পাৰে ৷ পিছে বেছিভাগ ছাত্ৰ-সংগঠনবোৰকে এনেবোৰ সামাজিক সমস্যা সমাধানৰ বাবে আগবাঢ়ি অহাতকৈ বিভিন্ন ৰাজনৈতিক সমস্যাৰ ক্ষেত্ৰতহে জপিয়াই পৰা পৰিলক্ষিত হয় ৷ এনেবোৰ সিদ্ধান্তৰ ক্ষেত্ৰত ভবিষ্যতৰ ৰাজনৈতিক ক্ষেত্ৰখনত তথাকথিত ছাত্ৰ-নেতাসকলৰ ব্যক্তিগত লাভালাভৰ প্ৰশ্নইহে প্ৰাধান্য পোৱা দেখা যায় য’ত বেছিভাগ জলন্ত সামাজিক সমস্যাৰ ক্ষেত্ৰত এনেবোৰ ছাত্ৰ সংগঠনৰ ভূমিকা একেবাৰে নিস্ক্ৰিয় বুলি কলেও মিছা কোৱা নহয় ৷

মুখনি

অকল চৰকাৰী পৃষ্ঠপোষকতা বা আইন প্ৰণয়ন কৰি এনেবোৰ সমস্যাক মষিমুৰ কৰাটো সহজ নহয় ৷ এনেবোৰ বিষয়ত দোষীক দৃষ্টান্তমুলক শাস্তি দিবলৈ কঠোৰ আইনৰ প্ৰয়োজন আছে ৷ পিছে সৰ্বসাধাৰণৰ মনত শিপাই থকা অন্ধবিশ্বাসৰ ঘাই-শিপাডাল পুলিয়ে পোখাই উভালিবলৈ সামাজিক সংগঠনসমুহৰ দায়বদ্ধতাকো উলাই কৰিলে নহব ৷ চৰকাৰী প্ৰশাসনযন্ত্ৰৰ সঠিক ব্যৱহাৰ কৰি সাধাৰণ লোকৰ মাজলৈ বিজ্ঞানভিত্তিক মানসিকতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ সুব্যৱস্থা কৰাতো অতীকৈ প্ৰয়োজনীয় ৷ বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি পৰম্পৰাগত তথা আধুনিক  চিকিৎসাক্ষেত্ৰৰ প্ৰায়োগিক বিধি ব্যৱস্থাসমূহৰ কথা ভালকৈ প্ৰচাৰ কৰাটো দৰকাৰ ৷ আশাকৰো চৰকাৰ, সামাজিক সংগঠন তথা সংবাদ মাধ্যমৰ দায়িত্বশীল কাৰ্য্যপ্ৰণালীয়ে আজিৰ সমাজৰ সকলোৰে মানসিকতাৰ পৰিবৰ্তন কৰি সমাজৰ প্ৰতিটো স্তৰতে প্ৰণালীবব্ধ বিজ্ঞানভিত্তিক শিক্ষাৰ প্ৰচলন তথা সাধাৰণ লোকৰ মনত যুক্তিবাদী মানসিকতাক গঢ়ি তোলাত যত্নপৰ হব ৷

লেখক: জ্যোতিৰূপম দত্ত

উৎস: সাহিত্য ডট অৰ্গ


3.07692307692
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top