অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কন্যা শিশু হত্যা

কন্যা সন্তানৰ মূল্য কম আৰু পুত্ৰ সন্তান বিচৰাৰ মানসিকতাৰ ফলত কন্যা শিশুক উদ্দেশ্য প্ৰণোদিতভাৱে হত্যা কৰা হয়। যিবোৰ ঠাইত সাংস্কৃতিক ৰীতি-নীতিয়ে পুত্ৰ সন্তানক কন্যা সন্তানতকৈ বেছি মূল্য দিয়ে, তেনেবোৰ ঠাইত এই ঘটনা সংঘটিত হয়।

কন্যা শিশু হত্যাৰ কিছুমান তথ্য

  • ইউনিচেফ (UNICEF)ৰ শেহতীয়া তথ্য মতে ভাৰতত চলি থকা পদ্ধতিগত লিংগ বৈষম্যৰ ফলত ভাৰতত জনসংখ্যাৰ ৫০ নিযুত কন্যা সন্তান আৰু মহিলা নোহোৱা হৈ পৰিছে।
  • বিশ্বৰ সৰহভাগ দেশত প্ৰতি ১০০ জন ল’ৰাৰ বিপৰীতে প্ৰায় ১০৫ গৰাকী কন্যা সন্তানৰ জন্ম হয়।
  • ভাৰতত জনসংখ্যাৰ প্ৰতি ১০০ জন পুৰুষত মহিলাৰ সংখ্যা ৯৩ গৰাকীতকৈ কম।
  • ৰাষ্ট্ৰসংঘৰ তথ্যমতে ভাৰতত প্ৰত্যেক দিনেই ২,০০০ কন্যা শিশুক অবৈধ গৰ্ভপাতৰ দ্বাৰা হত্যা কৰা হয়।

নেদেখা বিপদ

ৰাষ্ট্ৰসংঘই সৰ্তক কৰি দিছে যে ভাৰতত চলি থকা কন্যা শিশু হত্যাৰ ফলত জনগাঁথনিগত সংকটৰ বিস্ফোৰণ ঘটিব পাৰে। সমাজত মহিলাৰ সংখ্যা কমি যোৱাৰ ফলত যৌন হিংসা বৃদ্ধি আৰু শিশুৰ অপব্যৱহাৰৰ লগতে একাধিক পুৰুষৰ বাবে এগৰাকী পত্নীৰ থকা অৱস্থা হব পাৰে। এই পৰিস্থিতিয়ে আকৌ সামাজিক প্ৰমূল্যৰ অৱনতি ঘটাব আৰু সংকটজনক পৰিস্থিতিৰ সৃষ্টি কৰিব।

কাৰণসমূহ

নাৰী বিৰোধী এই বৈষম্য মাথো দৰিদ্ৰ পৰিয়ালসমূহতে আবদ্ধ থকা নাই। সাংস্কৃতিক বিশ্বাস আৰু সামাজিক ৰীতি-নীতিৰ বাবেই বেছিভাগ বৈষম্যৰ সৃষ্টি হয়। কন্যা শিশু হত্যা বন্ধ কৰিবলৈ হ’লে এই ৰীতি-নীতিসমূহ সলনি কৰিব লাগিব।

ভাৰতবৰ্ষত মহিলাৰ প্ৰতি কৰা এনে অৱজ্ঞাৰ আৰ্থ-সামাজিক কাৰণ আছে। অধ্যয়নৰ পৰা দেখা যায় যে, ভাৰতত মহিলাৰ প্ৰতি অৱজ্ঞাৰ তিনিটা কাৰণ আছে- অৰ্থনৈতিক উপযোগিতা, সামাজিক-সাংস্কৃতিক উপযোগিতা আৰু ধৰ্মীয় অনুষ্ঠান।

  • অৰ্থনৈতিক উপযোগিতাৰ ক্ষেত্ৰত কৰা অধ্যয়নে দেখুৱায় যে, পৰিয়ালৰ কৃষি কৰ্ম বা ব্যৱসায়-বাণিজ্য কৰা, মজুৰি আহৰণ আৰু পিতৃ-মাতৃক গতানুগতিক কামত সহায় কৰাৰ ক্ষেত্ৰত কন্যাতকৈ পুত্ৰ সন্তানৰ গুৰুত্ব বহু বেছি।
  • বিবাহৰ ক্ষেত্ৰত পুত্ৰই বোৱাৰী বিয়া কৰাই ঘৰলৈ আনে আৰু পৰিয়ালটোত সম্পদৰ সংযোজন ঘটে। বোৱাৰীয়ে পাৰিবাৰিক কাম-কাজত অতিৰিক্তভাৱে সহায় কৰে আৰু আৰ্থিক দিশত যৌতুক আদি লৈ আহে। ইয়াৰ বিপৰীতে ছোৱালী বিয়া হৈ আনৰ ঘৰলৈ গুচি যায় আৰু ধন খৰচ কৰি যৌতুক আদি ভৰিব লগা হয়।
  • নাৰীৰ প্ৰতি কৰা অৱজ্ঞাৰ সামাজিক-সাংস্কৃতিক কাৰক হৈছে- চীনৰ দৰে ভাৰততো পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পৰিয়ালৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে কমেও এটা পুত্ৰ সন্তান বাধ্যতামূলক আৰু বহু পুত্ৰ সন্তানে পৰিয়ালৰ মৰ্য্যদা বৃদ্ধি কৰে।
  • শেষৰ কাৰকটো হৈছে ধৰ্মীয় অনুষ্ঠান। এই অনুষ্ঠানৰ কাম কাজৰ বাবে মাঁথো পুত্ৰ সন্তানকহে অনুমতি দিয়া হয়। হিন্দু পৰম্পৰা অনুযায়ী মৃত পিতৃ-মাতৃক মুখাগ্নি কৰা আৰু আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰাৰ বাবে পুত্ৰ বাধ্যতামূলক।

চৰকাৰে হাতত লোৱা পদক্ষেপসমূহ

এটা সামাজিক ব্যাধি দূৰ কৰা আৰু সমাজত মানুহৰ মনোভাৱ সলনি কৰাৰ বাবে চৰকাৰে বহুবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত বহুবোৰ আইন-কানুন প্ৰণয়ন কৰা হৈছে আৰু আচঁনি লোৱা হৈছে, যেনেকৈ-

  • ছোৱালী শিক্ষাৰ পক্ষত আইন।
  • নাৰীৰ অধিকাৰৰ পক্ষত আইন।
  • কন্যা সন্তানৰ সম্পত্তিৰ সম-অধিকাৰ প্ৰদানৰ বাবে আইন।

কন্যা শিশুৰ বাবে অন্যান্য আচঁনিসমুহ।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate