অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিমান পৰিমাণৰ জীৱন বীমা আপোনাক প্ৰয়োজন?

 

কিমান পৰিমাণৰ জীৱন বীমা থকাটো আপোনাৰ বাবে জৰুৰী? এই সাধাৰণ প্ৰশ্নটোৰ উত্তৰৰ সন্ধান কেতিয়াবা কৰিছেনে? যদিহে আপুনি আপোনাৰ পৰিয়ালটোৰ মুখ্য আয় কৰোতা, তেন্তে এই প্ৰশ্নটোৰ উত্তৰ সন্ধানৰ সদিচ্ছাত লুকাই আছে আপোনাৰ নিজৰ পৰিয়ালটোৰ প্ৰতি থকা ভালপোৱা আৰু দায়িত্ব পালনৰ সচেতনতা৷ এটা কথা প্ৰথমেই স্পষ্ট হৈ লোৱা ভাল যে প্ৰকৃত জীৱন বীমাৰ উদ্দেশ্য নিজৰ জীৱনকালত ভোগ কৰিবলৈ নহয়৷ ই হ’ল আপোনাৰ অবৰ্তমানত আপোনাৰ পৰিয়ালটোক আৰ্থিক নিৰাপত্তা দিবলৈ প্ৰবৰ্তন হোৱা আঁচনি৷ এতেকে আপোনাৰ অকাল মৃত্যুত কিমান টকাই আপোনাৰ পৰিয়ালটোৰ বৰ্তমান আৰু ভৱিষ্যতৰ আৰ্থিক প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰিব সেইটোৱেই হৈছে জীৱন বীমাৰ ক্ষেত্ৰত প্ৰাথমিক আৰু মূল অংক৷ অৰ্থাৎ এইক্ষেত্ৰত গুৰুত্ব পাব লগা প্ৰশ্নটো হ’ল – কিমান অংকৰ টকাৰ নিশ্চিতি (Sum Assured) জীৱন বীমাৰ জৰিয়তে লোৱাৰ প্ৰয়োজন আপোনাৰ আছে? সেই বিশেষ সংখ্যাটো  নিৰ্ধাৰণৰ বাবে তিনিটা পদ্ধতিৰ সহায় আমি ল’ব পাৰো৷ এইখিনিতে এজন মানুহক উদাহৰণ হিচাপে লৈ ল’লে পদ্ধতিকেইটা বুজিবলৈ আমাৰ বেছি ভাল হ’ব৷ সেয়ে উৎপল শইকীয়াৰ কথাকে ধৰক৷ বয়স ৩৫৷ ব্যক্তিগত খণ্ডৰ চাকৰিয়াল৷ পত্নী ঊষা শইকীয়া (৩০) এগৰাকী গৃহিণী৷ তেওঁলোকৰ একমাত্ৰ সন্তান অনিৰ্বাণৰ বয়স ৫ উৎপল শইকীয়াৰ বাৰ্ষিক দৰমহা ৬ লাখ৷ বিনিয়োগ, ঋণ আৰু জীৱন বীমাৰ ক্ষেত্ৰত উৎপল শইকীয়াৰ আজিৰ দিনটোত স্থিতি :- ই পি এফ – ৩ লাখ, পি পি এফ – ২ লাখ, ইকুইটি মিউচুৱেল ফাণ্ড – ৫ লাখ, গৃহ ঋণ – ২০ লাখ আৰু জীৱন বীমাৰ নিশ্চিতি ১০ লাখ৷

মোটামুটি ধৰণৰ ব্যৱহাৰিক পদ্ধতি

পদ্ধতিটো একেবাৰে সহজ৷ সংখ্যা বা গণিতৰ বিশেষ জটিলতালৈ নগৈ এই পদ্ধতিত ঘৰখনৰ মূল উপাৰ্জন কৰোতাজনৰ বছৰেকীয়া আয়ৰ ৮ বা ১০ গুণ টকাৰ সমান জীৱন বীমা থকাটো জৰুৰী বুলি গণ্য কৰা হয়৷ আমাৰ উৎপল শইকীয়াৰ ক্ষেত্ৰত এই সংখ্যা হ’ব ৬ লাখ × ৮ = ৪৮ লাখ বা ৬ লাখ × ১০= ৬০ লাখ টকা৷ যদি সেই সংখ্যাটো ৬০ লাখ বুলি ধৰা হয় আৰু তেখেতৰ বৰ্তমানে থকা ১০ লাখ জীৱন বীমা তাৰ পৰা বিয়োগ কৰা হয়, তেন্তে আৰু কৰিবলৈ বাকী থকা জীৱন বীমাৰ সংখ্যাটো হ’ব ৬০ – ১০=  ৫০ লাখ টকা৷

মানৱ জীৱন মূল্যায়ন পদ্ধতি

প্ৰত্যেক মানুহৰ জীৱনৰ এক অৰ্থনৈতিক মূল্য আছে৷ উৎপল শইকীয়াৰ জীৱনটোও তেখেতৰ ঘৰখনৰ কাৰণে এটা অৰ্থনৈতিক গুৰুত্ব থকা সম্পদ৷ চাকৰিকাল শেষ নোহোৱাপৰ্যন্ত শইকীয়াই যি ঘটিব তাৰে বুজন অংশই হ’ব তেখেতৰ ঘৰখনৰ কাৰণে (নিজৰ বাবে কৰা খৰচখিনি বাদ দিয়াৰ পিচত)৷ এতিয়া কিবা কাৰণত যদি শইকীয়াৰ অকাল মৃত্যু হয, তেন্তে ঘৰখনৰ বাবে ভৱিষ্যতৰ সেই আয়বোৰৰ বাট বন্ধ হ’ব৷ এতিয়া কথা হ’ল শইকীয়াৰ ব্যক্তিগত প্ৰয়োজনৰ খৰচখিনি বাদ দিয়াৰ পিচত চাকৰিকালৰ শেষলৈকে যিমান টকা ঘৰখনৰ বাবে আয় কৰিলেহেঁতেন তাৰ বৰ্তমান মূল্য কিমান? কথাটো এনেকৈয়ো সুধ্বি পাৰি যে আজিৰ দিনত একেলগে মুঠকৈ কিমান টকাৰ সমান হ’ব শইকীয়াই ভৱিষ্যতে প্ৰতিবছৰে ঘৰখনৰ বাবে কৰা আয়সমূহ? মানৱ জীৱন মূল্যায়ন পদ্ধতিত এইটোৱেই অংক৷ ধৰা হওঁক, শইকীয়াৰ অৱসৰৰ বয়স ৬০ আৰু তেওঁৰ নিজৰ বাবে বৰ্তমান আয়ৰ ৩০ শতাংশ অৰ্থাৎ ১ লাখ ৮০ হেজাৰ টকা খৰচ কৰে৷ এতেকে  শইকীয়াই ঘৰখনৰ বাবে কৰা বছৰেকীয়া উপাৰ্জন হ’ব ৪ লাখ ২০ হেজাৰ টকা৷ এতিয়া শইকীয়াৰ বাৰ্ষিক দৰমহা বৃদ্ধি ১০ শতাংশ বুলি ধৰিলে সমগ্ৰ তথ্যখিনিৰ ওপৰত ভিত্তি কৰি ক’ব পাৰি যে অনাগত ২৫ বছৰত (৬০ – ৩৫) ঘৰখনৰ বাবে কৰিবলগা আয়ৰ বৰ্তমান মূল্য প্ৰায় ১ কোটি ২২ লাখ টকা৷ এতেকে এইটো পদ্ধতি অনুসৰি শইকীয়াই কিনিবলগীয়া অতিৰিক্ত জীৱন বীমাৰ নিশ্চিতি (Sum Assured) হ’ব ১ কোটি ১২ লাখ টকা৷

প্ৰয়োজন আধাৰিত বিশ্লেষণ পদ্ধতি

আন দুটা পদ্ধতিতকৈ এইটোত গণনাৰ কাম বেছি৷ কাৰণ ইয়াত ঘৰখনৰ প্ৰত্যেকটো ভৱিষ্যতৰ প্ৰয়োজনক বিশ্লেষণ কৰি চাবলৈ যত্ন কৰা হয় আৰু তাৰ ভিত্তিত নিৰ্ণয় কৰা হয় মানুহজনৰ প্ৰকৃততে কিমান পৰিমাণৰ জীৱন বীমা  থকাটো প্ৰয়োজন৷ উদাহৰণস্বৰূপে শইকীয়াৰ মৃত্যুৰ পিচত পত্নী ঊষা শইকীয়াৰ জীৱনকালত খৰচৰ বাবদ কিমান টকাৰ প্ৰয়োজন হ’ব , সন্তান অনিৰ্বাণৰ উচ্চ শিক্ষা আৰু বিয়া-বাৰুৰ কাৰণে কেনেদৰে সাজু হোৱাৰ কথা শইকীয়াই পৰিকল্পনা কৰিছে আদি কথাবোৰৰ বস্তুনিষ্ঠ বিশ্লেষণ তথা সিদ্ধান্তৰ প্ৰয়োজন৷ শইকীয়াৰ বৰ্তমান যি গৃহ ঋণ আছে, সিও সম পৰিমাণৰ বীমাৰ আবেষ্টনীত থকাটো আৱশ্যক৷ যাতে শইকীয়াৰ অকাল মৃত্যুত পৰিয়ালে ঋণৰ মাহেকীয়া কিস্তি পৰিশোধ কৰিব নোৱৰাৰ বাবে ঘৰটোৰ ওপৰত থকা অধিকাৰ হেৰুৱাবলগা নহয়৷ ধৰা হওক আজিৰ তাৰিখত উৎপল শইকীয়াৰ অবৰ্তমানত  ঊষা শইকীয়াৰ গোটেই জীৱনটো চলি যাবলৈ প্ৰয়োজন হ’ব ৭৭ লাখ টকা অনিৰ্বাণৰ উচ্চ শিক্ষা তথা বিয়া-বাৰুৰ বাবদ প্ৰয়োজনীয় খৰচৰ বৰ্তমান মূল্য ১৫ লাখ টকা শইকীয়াৰ গৃহ ঋণ আছে ২০ লাখ টকা আৰু  সমস্ত বিনিয়োগৰ আজিৰ তাৰিখত মূল্য ১০ লাখ টকা (৩ + ২ + ৫)৷ এতেকে তেওঁক সৰ্বমুঠ জীৱন বীমাৰ প্ৰয়োজন হ’ব – ৭৭ + ১৫ + ২০ – ১০ = এক কোটি দুই লাখ৷ সেয়ে শইকীয়াক অতিৰিক্ত ৯২ লাখ টকাৰ জীৱন বীমা কিনাৰ আৱশ্যক হ’ব ৷

এতিয়া, আপোনাৰ নিজৰ বীমা পৰামৰ্শদাতাৰ লগত বিশদভাৱে আলোচনাত বহি থিৰাং কৰক আপোনাৰ বাবে লাগতিয়াল সংখ্যাটো কি? লগতে নাপাহৰিব জীৱন বীমাৰ বাবে আটাইতকৈ কম খৰচী পথটো হৈছে টাৰ্ম বীমা কিনা৷ টাৰ্ম বীমায়ে আপোনাক বীমা আৰু বিনিয়োগক পৃথকে ৰাখিবলৈ সুবিধা দিয়ে৷ যিটো ব্যক্তিগত বীমা আৰু বিনিয়োগক সুচাৰুৰূপে ব্যৱস্থাপনা কৰাৰ বাবে সৰ্বোত্তম পন্থা৷ বীমা কোম্পানীটো নিৰ্বাচন কৰোতে কোম্পানীটোৰ দাবী নিস্পত্তিৰ হাৰ (Claim Settlement Ratio)লৈ চকু দিয়ক আৰু অন্য বীমা কোম্পানীৰ লগত তুলনা কৰক৷ যিমানে এই হাৰ উচ্চ হ’ব বীমা কিনোতাজনৰ বাবে সিমানে মংগল৷ প্ৰিমিয়াম কম হ’লে ভাল৷ কিন্তু ই বীমা কিনাৰ প্ৰাথমিক চৰ্ত নহয়৷

লেখক: ভাস্কৰজ্যোতি বৰুৱা, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate