অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰীৰ অধিকাৰ সুৰক্ষা আৰু শতবৰ্ষ

নাৰীৰ অধিকাৰ সুৰক্ষা আৰু শতবৰ্ষ

 

বিশ্বৰ বিভিন্ন দেশত সোতৰ আৰু ওঠৰ শতিকাত মানৱ অধিকাৰ আৰু সুৰক্ষাৰ দাবীত যিসমূহ বিপ্লৱ হৈছিল তেনেবোৰত নাৰীৰ অংশগ্ৰহণ তুলনামূলকভাৱে তেনেই নগণ্য আছিল বুলি ক’ব পাৰি। নাৰী বা মহিলাসকলক এক বিশেষ শ্ৰেণী হিচাপেহে মূল্যায়ন কৰাত তেতিয়াৰ সমাজৰ ভিন্ন ভিন্ন স্তৰৰ লোকসকল পৰম্পৰাগতভাৱে অভ্যস্ত হৈ পৰিছিল। সেয়ে হ’বলা নাৰীয়ে নিজৰ ক্ষেত্ৰত মানৱাধিকাৰ, সুৰক্ষা, সম-অধিকাৰ আদিৰ দিশত সচেতন হ’বলৈ ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে। বহু ক্ষেত্ৰত একাংশ নাৰীয়ে সংসাৰখনত নিজৰ অৰ্জনৰ সকলোখিনিয়ে খৰচ কৰা দেখা যায় কিন্তু পুৰুষৰ একাংশই ন্যূনতমখিনি সংসাৰৰ পৰিচালনাত খৰচ কৰি এক বুজন অংশ ব্যক্তিগত সুখ, আনন্দ, স্বাচ্ছন্দ্য আদিৰ বাবে যেনে চিগাৰেট, সুৰা, জুৱা বা অন্যান্য বদভ্যাসৰ বাবে ব্যয় কৰা দেখা যায়। পৃথিৱীৰ সকলো দেশতে এক শ্ৰেণীৰ মাজত এনে অভ্যাস থকাৰ ফলত নাৰীগৰাকীয়ে ঘৰখনৰ নাবালক আৰু বৃদ্ধসকলৰ পোহপালৰ দায়িত্ব লৈ আহিছে। বহু ক্ষেত্ৰত ইয়ে নাৰীগৰাকীক দীঘলীয়া সময় ঘৰৰ বাহিৰত থাকিবলৈ বাধ্য কৰোৱাৰ বাবে নানাধৰণৰ সন্দেহ-অশান্তি আদিয়ে আনকি ঘৰুৱা হত্যা-হিংসালৈকে ধাৱিত হোৱা দেখা গৈছে।

মুখেৰে আমি যিমানেই নাৰী সৱলীকৰণ বা সম-অধিকাৰৰ কথা নকওঁ কেলেই ১৯০৯ চনৰেপৰা আজিলৈকে নাৰীয়ে নিজৰ অধিকাৰ আৰু সুৰক্ষা বিচাৰি কৰি অহা প্ৰতিবাদী কাৰ্যসূচী আৰু আন্দোলনে আৰু কিমান দূৰ বাট বুলিব লাগিব সেয়া কোনেও ক’ব নোৱাৰে। ৰাষ্ট্ৰসংঘই ২০০০ চনত দৰিদ্ৰতা দূৰীকৰণ আৰু নাৰী সৱলীকৰণৰ ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ লোৱাৰ ক্ষেত্ৰত আত্মবিশ্বাসী কৰিবলৈ উৎসাহিত কৰা আদি বিষয়বোৰো সামৰা হৈছিল। ভাৰতবৰ্ষৰ প্ৰতিনিধি আৰু মহিলা সাংসদ হিচাপে সেই আলোচনালৈ ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কত হোৱা অধিৱেশনলৈ ময়ো গৈছিলো। নাৰীসকলে নিজৰ জীৱন জড়িত হৈ থকা সমস্যা বা বিষয়সমূহৰ ক্ষেত্ৰত স্বাধীনভাৱে নিজে সিদ্ধান্ত ল’ব পৰাৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত প্ৰশংসনীয় পদক্ষেপ লৈছিল ৰাষ্ট্ৰসংঘই, কিন্তু দেশে দেশে সেইবোৰ বাস্তৱত কিমানখিনি কাৰ্যকৰী হ’ল আগৰ সময়ৰ সৈতে তুলনামুলক আধ্যয়নেৰে চালিজাৰি চালে বৰ ভাল ছবি এখন ওলাই পৰা যেন ভাব নহয়।

শিশু কন্যা বা গাভৰু ছোৱালী বা মহিলা হঠাতে নিখোজ হোৱা বা হেৰাই যোৱা বিষয়টোক অমৰ্ত্য যেনে ‘মিছিং ওমেন’(Missing Women) শব্দটো প্ৰয়োগেৰে সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছিল। দৰিদ্ৰ পৰিয়ালৰ শিশু কন্যা বা কিশোৰী মাতৃ-পিতৃয়ে বিক্ৰী কৰি দিয়া বা অচিনাকী মানুহে প্ৰলোভনেৰে লৈ গৈ আন ৰাজ্যত বিক্ৰী কৰাৰ যি ভয়াৱহ ছবিখন দিনে দিনে ওলাই পৰিছে সিয়ে আমাক আন এটা দিশলৈও আঙুলিয়াই দিয়ে। ভাৰতবৰ্ষৰ বহু ৰাজ্যত এতিয়াও নাৰী-পুৰুষৰ সমানুপাতিক হাৰৰ বিষয়ে লক্ষ্য কৰিলে নাৰীৰ সংখ্যা কম হৈ আছে। হয়তো ভ্ৰণ হত্যা, নাৰীৰ ওপৰত হোৱা ঘৰুৱা হিংসা অত্যাচাৰ আদি যৌতুক দাবীৰে স্বামীৰ পৰিয়ালৰ পৰা বিতাড়িত কৰা আদি ঘটনাও ঐয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে। নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্যমতে, কেৱল ২০১২ চনতে যৌতুকৰ দাবীৰ বলি হৈ ৮২৩৩ গৰাকী সদ্য বিবাহিতা নাৰীয়ে প্ৰাণ দিবলগীয়া হৈছিল। শাৰীৰিক আৰু যৌন অত্যাচাৰৰ বলি হৈ প্ৰাণ হেৰুওৱা নাৰীৰ সংখ্যায়ো সচেতন সমাজক দিনে দিনে ব্যথিত কৰি তুলিছে। ভাৰতীয় পেনাল ক’ডৰ ৪৯৮(ক) ধাৰা অনুসৰি বিবাহিতা মহিলাৰ ওপৰত স্বামীৰ বা তেওঁৰ পৰিয়ালৰ মানুহৰ অত্যাচাৰৰ ভিতৰত যৌতুক বিচৰাটোকো অপৰাধ বুলি গণ্য কৰি কঠোৰ ব্যৱস্থাৰ নিৰ্দেশনা দিয়া আছে।‘দ্য ডাউৰি প্ৰহিবিচন এক্ট’ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিষয়াসকলে বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগো নতুন নহয়।

প্ৰটেকচন অব ওমেন ফ্ৰম ডোমেষ্টিক ভায়োলেন্স এক্ট ২০০৫’ শব্দটো শুনাত শ্ৰুতিমধুৰ যেন লাগিলেও ই কামত কেৱল ‘শ্ৰুতি’তে থাকি গ’ল বহু ক্ষেত্ৰত। বাস্তৱ ক্ষেত্ৰত ‘মধুৰ’ হ’বলৈ বহু সজাগতা আৰু সাহসৰ প্ৰয়োজন হ’ব, সততা তথা দক্ষতাৰ লগতে আন্তৰিকতাৰো প্ৰয়োজন হ’ব আটাইতকৈ বেছি। এয়া আচলতে জামিনবিহীন অপৰাধ বুলি গণ্য হয় যদিও শেষত অভিযোগকাৰীয়ে আটাইতকৈ বেছি নিৰ্যাতিত হোৱা দেখা যায় বহু ক্ষেত্ৰত।

যোৱা কেইদিনমান ধৰি বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যমসমূহত বাল্য বিবাহৰ কিছু ঘটনা প্ৰচাৰিত হৈ থকা বছু ঘটনা প্ৰচাৰিত হৈ থকা দেখা গৈছে। ভাৰতৰ আইন ব্যৱস্থাত বাল্য বিবাহ নিষিদ্ধ কৰিব পৰাকৈ ‘চাইলড মেৰেজ এক্ট ২০০৬’ আছে যদিও বহু ৰাজ্যত এতিয়াও ওঠৰ বছৰ তলৰ বয়সৰ কন্যা সন্তানক বিয়া দিয়াৰ প্ৰচলন অব্যাহত আছে। অসমৰ ক্ষেত্ৰত বিশেষকৈ চাহ জনজাতি বসতিপূৰ্ণ অঞ্চলত ১৪/১৫ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বিয়া হোৱাৰ আন এক প্ৰচলিত কাৰণ হ’ল বিবাহিতা পুৰুষ-মহিলা বুলি প্ৰত্যায়িত হ’লে তেওঁলোকে শিশু শ্ৰমিকৰপৰা উন্নত হয় আৰু সেইদৰে হাজিৰাও পূৰ্বতকৈ সৰহ হয়। গতিকে পিতৃ-মাতৃসকলেও এনে বিবাহত সংসাৰৰ আয় বঢ়াৰ সুবিধা থকাৰ বাবে প্ৰতিবাদ কৰা বা সচেতনতা গঢ়ি তোলাৰ ক্ষেত্ৰত কোনো ভূমিকা লোৱাৰ তাগিদা অনুভৱ নকৰে। ৰাজস্থানত আকৌ আজিৰ দিনতো ‘আকাশ তিজ’ নামৰ অনুষ্ঠানটোত বাল্যবিবাহ পাতি থকা হয় বৰ ধুমধামেৰে, পৰম্পৰাগতভাৱে।

বহুতো আইন সময়ে সময়ে প্ৰণয়ন কৰি থকা হৈ আছে দেশে-বিদেশে। ভাৰতবৰ্ষৰ সংবিধানে নাৰী সুৰক্ষা, অধিকাৰ, সৱলীকৰণ, ঘৰুৱা হত্যা-হিংসা, যৌতুক-প্ৰথা নিৰোধ, সতীদাহ, বাল্য বিবাহ, সমহাৰত দৰমহা বা হাজিৰা আদিৰ ক্ষেত্ৰত বহু আইন প্ৰণয়ন কৰিছে। ১৯৯০ চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰি আৰু ৰাজ্যিক মহিলা আয়োগসমূহৰ জৰিয়তেও নাৰীৰ এনেবোৰ সমস্যাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপেৰে নাৰীৰ সুৰক্ষাৰ বাবে আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়া হৈছে। তথাপি বেছিভাগ সমস্যাতে ন্যায় লাভ কৰাৰ ক্ষেত্ৰত আশানুৰূপভাৱে এই আইনসমূহ ফলপ্ৰসূ হোৱা দেখা নাযায়। আনকি বহু পুৰণি ‘হিন্দু ছাকচেছন এক্ট ১৯৫৬’ অনুসৰি উত্তৰাধিকাৰ সূত্ৰে পৰিয়ালৰ পাবলগীয়া সম্পদৰ অধিকাৰৰ ক্ষেত্ৰত নাৰী পাছপৰি থাকে বা সংশ্লিষ্টসকলৰ ষড়যন্ত্ৰ নাইবা অৱহেলাৰ বলি হয়।

নাৰীৰ অধিকাৰ আৰু সৱলীকৰণৰ ক্ষেত্ৰত মানুহৰ মাজত সচেতনতা গঢ়ি তুলিবলৈ হ’লে এই আইনসমূহৰ বিষয়ে সকলো শ্ৰেণীৰ লোকক ঘনাই প্ৰচাৰ মাধ্যমৰ জৰিয়তে অৱগত কৰি থাকিব পাৰিলে মানুহ সচেতন হ’ব তথা বহু নজনা কথাও জানিব পাৰিব। লগতে পাঠ্যপুথিসমূহতো এনেবোৰ বিষয় পৰ্যায়ক্ৰমে বয়স আৰু শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰিপক্কতাক ভিত্তি হিচাপে ধৰি কোন পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে কিমান বয়সত কোনখিনি জানিব পাৰিলে ফলপ্ৰসূ হ’ব সেই অনুসৰি বিষয়বোৰ অন্তৰ্ভুক্ত কৰিব পাৰি। বাতৰি কাকত বা বৈদ্যুতিন মাধ্যমত একোটা ধৰ্ষণ বা নিৰ্যাতনৰ ঘটনা যিমান সবিস্তাৰে বৰ্ণনা কৰি বাৰে বাৰে দেখুওৱা হয় তাৰ ঠাইত যদি এনে ঘটনাৰ আইনগত শাস্তি আৰু নিৰাময়ৰ উপায়সমূহৰ বিষয়ে জনোৱাত সুচিন্তিত পদক্ষেপ লয় তেন্তে ই সমাজলৈ এক শুভবাৰ্তা কঢ়িয়াই অনাৰ উপৰি সুদূৰপ্ৰসাৰী ফলদান কৰিব।

১৯১৭ চনৰ ৮ মাৰ্চৰপৰা সংগঠিত ৰূপেৰে পৰিক্ৰমা কৰি কৰি আজিৰ ২০১৭ চনৰ ৮ মাৰ্চত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসে এশ বছৰ পূৰ্ণ কৰিলে। এনে সময়ত এনেবোৰ ন ন পদক্ষেপেৰে সমাজখন আগবাঢ়ি যাব পাৰিব আৰু প্ৰকৃত নাৰীসকল সুৰক্ষিত আৰু সবল হোৱাৰ বাটত এখোজ আগুৱাব বুলি ভাবিব পাৰি।

লেখিকা: ড° জয়শ্ৰী গোস্বামী মহন্ত

শেহতীয়া উন্নীতকৰণ: : 2/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate