পোহৰৰ উৎসৱ দীপাৱলী। গাঁৱে-ভূঞে, চহৰে-নগৰে প্ৰতিঘৰৰ পদুলিত চাকি জ্বলিব। চৌদিশে ফটকা ফুটিব, আতছবাজী হ’ব। মাটিৰ চাকি, নানা ৰং-বৰঙী বিজুলী চাকি, ৰং-বিৰঙৰ মমবাতি আৰু আতছবাজীৰ পোহৰে অমাৱস্যাৰ ঘোৰ আন্ধাৰ আঁতৰাই জগত পোহৰাই আমালৈ লৈ আহিব অফুৰন্ত আনন্দ আৰু সুখানুভূতি। সাৱধানতা অৱলম্বন কৰি দীপাৱলী উদযাপন কৰিলে দীপাৱলীৰ পোহৰ আৰু আনন্দই আমাৰ জীৱন উজলাই তুলিব। কিন্তু অলপ অসাৱধানতা হ’লেই ই আমাৰ জীৱনলৈ নানা স্বাস্থ্যজনিত আৰু সামাজিক সমস্যা মাতি আনি জীৱন নিৰানন্দৰে ভৰাই তুলিব পাৰে। অগ্নিদগ্ধ হোৱা, এলাৰ্জী হোৱা, চকুৰ তসমস্যা সৃষ্টি হোৱা, ছালৰ সমস্যা হোৱা, শব্দ প্ৰদূষণ আৰু পাৰিপাৰ্শ্বিক প্ৰদূষণ আদি হৈ নানা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। দীপাৱলীৰ সময়ত বহু লোকে ৰাগিয়াল দ্ৰব্য(বিশেষকৈ সুৰা) সেৱন কৰাৰ ফলত নানা সামাজিক সমস্যাৰ সৃষ্টি হয়। অলপ সাৱধানতা অৱলম্বন কৰিলেই আমি এনে সমস্যাবোৰ এৰাই চলি নিৰাপদ দীপাৱলী উদযাপন কৰিব পাৰো।
দীপাৱলীৰ আনন্দৰ মাজতে অনেকজন অগ্নিদগ্ধ হোৱা দেখা যায়। আমাৰ দেশত বছৰি সংঘটিত হোৱা জুয়ে পোৰা দুৰ্ঘটনাবোৰৰ ভিতৰত ১০-১২ শতাংশ হ’ল দীপাৱলীত সংঘটিত হোৱা দুৰ্ঘটনা। এনে দুৰ্ঘটনাৰ বলি হোৱা সৰহভাগেই শিশু হোৱা দেখা যায়। কেতিয়াবা মজিয়া বা মাটিত জ্বলোৱা চাকিৰ জুয়ে ক’ব নোৱাৰকৈয়ে পিন্ধা কাপোৰত জুই লগায়। সেয়েহে চাকি মজিয়াত নজ্বলাই ওখ ঠাইত জ্বলাব লাগে। ফটকাৰপৰা ছিটিকি অহা সফুলিংগই বহুতকে অগ্নিদগ্ধ কৰে। বহু সময়ত ফটকা হাতত ফুটি আমাক অগ্নিদগ্ধ কৰিব পাৰে। ফটকা ফুটোৱা ঠাইৰ ওচৰত পানী ৰাখিব লাগে। কিবা কাৰণত গাত জুই লাগিলে, জুই নুমাবলৈ অগ্নিদগ্ধ মানুহজনৰ গাত পানী মাৰিব লাগে। পানী দূৰৈৰপৰা মাৰিলে পানী মৰা মানুহজনৰ গাত জুই লাগিব নোৱাৰে আৰু অগ্নিদগ্ধ ব্যক্তিজনৰ গাৰ কাপোৰবোৰ তিতি জুই সোনকালে নুমুওৱাত সহায় কৰে। তদুপৰি, পানীয়ে ৱাৰ্ণৰ উত্তাপ কমায় আৰু জ্বলন কমায়। জ্বলা ঠাইত যথেষ্ট পানী ঢালিব লাগে আৰু পাৰিলে ঠাইখিনি কিছু সময় পানীত ডুবাই ৰাখিব লাগে। পানী নাপালে অগ্নিদগ্ধ ব্যক্তিজনে মাটিত বাগৰি জুই নুমাব লাগে। দৌৰাদৌৰি কৰিলে বতাহ লাগি জুই বেছিকৈ জ্বলে। গাত কম্বল আদি ঢাকি দিব নালাগে। জুয়ে পোৰাৰ উপৰি ইলেক্ট্ৰিকেল আৰু ৰাসায়নিক ৱাৰ্ণ অধিক হোৱা দেখা যায়। অলপ পুৰিলে প্ৰাথমিক চিকিৎসা কৰি পোৰা ঠাইখিনি চাফা কৰি ঔষধ লগাব লাগে। পোৰা ঠাইখিনি চাফা কৰি ঔষধ লগাব লাগে। পোৰা ঠাইখিনি খোলাকৈ ৰাখিব লাগে। যিকোনো পদাৰ্থ পোৰা ঠাইখিনিত লগাব নালাগে, কাৰণ পিছলৈ ই সংক্ৰমণ ঘটাব পাৰে। বেছি পুৰিলে চিকিৎসকৰ ওচৰলৈ গৈ চিকিৎসা কৰাব লাগে।
অগ্নিৰ সফুলিংগ, ফটকাৰ টুকুৰা আদি পৰি চকুত আঘাত কৰিব পাৰে। এইবোৰ পাৰিলে চকু মোহাৰিব নালাগে। ভালদৰে পানীৰে ধুই চিকিৎসকৰ সহায় ল’ব লাগে। নহ’লে পিছলৈ ই চকুত ঘাঁ কৰি মানুহক অন্ধ কৰিব পাৰে। ফটকা, ফুলজাৰি আদি চুই চকু চুলে চকুৰ সংক্ৰমণ হ’ব পাৰে। চকুত আতছবাজীৰ ধোঁৱা, ৰাসায়নিক পদাৰ্থ আদি পৰি চকুৰ এলাৰ্জী সৃষ্টি কৰিব পাৰে। কনজাংটিভাইটিছ ৰোগৰ সৃষ্টি হ’ব পাৰে। সেইবাবে ফটকা, ফুলজাৰি আদি হাতেৰে স্পৰ্শ কৰাৰ পিছত হাত ধুইহে চকু লাৰিব লাগে। চকুত এইবোৰ পাৰিলে প্ৰচুৰ পানী মাৰি চকু ধুব লাগে। চকুত যাতে কোনো পদাৰ্থ পৰিব নোৱাৰে, তাৰ বাবে চশমা পৰিধান কৰি ল’ব লাগে। চকুৰ এলাৰ্জী বা যিকোনো আঘাত হ’লেই চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
দীপাৱলীৰ ফটকা, ফুলজাৰি আদিৰ ৰাসায়নিক পদাৰ্থই ছাল, চুলি, শ্বাসতন্ত্ৰ, খাদ্যতন্ত্ৰ আদিৰ এলাৰ্জী সৃষ্টি কৰিব পাৰে। এইবোৰত থকা ৰাসায়নিক পদাৰ্থৰ বাবে ছালৰ খজুৱতি, ছাল ৰঙা পৰা, ফুলি উঠা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। চুলিৰ গুৰিত খজুৱতি হৈ চুলি সৰিব পাৰে। উশাহ-নিশাহ লোৱাত কষ্ট পাব পাৰে। সেয়েহে এইবোৰ লাৰি গা আৰু মূৰ চুই থাকিব নালাগে। এইবোৰ লাৰিলে হাত ধুইহে খাদ্য খাব লাগে। নহ’লে খাদ্যতন্ত্ৰৰ এলাৰ্জী আৰু সংক্ৰমণ হৈ বমি, পায়খানা, পেট ফুলা, পেটৰ বিষ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। মাক্স পিন্ধি ফটকা আদি ফুটালে নাক, শ্বাসতন্ত্ৰ আদিৰ এলাৰ্জী কম হয়। শ্বাসতন্ত্ৰৰ সমস্যা থকা আৰু এলাৰ্জীৰ সমস্যা থকা ব্যক্তিয়ে এইবোৰ ফুটাব নালাগে। ফটকা ফুটুৱা হোৱাৰ পিছত ভালদৰে স্নান কৰি শৰীৰ পৰিষ্কাৰ কৰিব লাগে।
ফটকা আৰু হিলৈৰ কাণ তাল মৰা শব্দই শব্দ প্ৰদূষণ কৰে। শব্দ প্ৰদূষণে ব্যক্তিৰ শ্ৰৱণ শক্তিৰ ব্যাঘাত জন্মায়। আনকি অতিমাত্ৰা শব্দই কাণৰ পৰ্দা ফটাই চিৰদিনৰ বাবে ব্যক্তিক কাণেৰে নুশুনা কৰিব পাৰে। শ্ৰৱণ শক্তিৰ ব্যাঘাত জন্মোৱাৰ উপৰি দীপাৱলীৰ শব্দ প্ৰদূষণে ব্যক্তিৰ টোপনিত ব্যাঘাত জন্মোৱা, মূৰৰ বিষ সৃষ্টি কৰা, উচ্চ ৰক্তচাপ সৃষ্টি কৰা, হৃদযন্ত্ৰৰ ৰোগ কৰা, মানসিক ৰোগ সৃষ্টি কৰা, গৰ্ভৱতী মাতৃৰ কেঁচুৱাৰ ওজন হ্ৰাস কৰা, গৰ্ভপাত কৰোৱা, সময়তকৈ আগতে প্ৰসৱ হোৱা, ল’ৰা-ছোৱালীৰ মনোযোগ কমোৱা আৰু ব্যক্তিক খিংখিঙীয়া কৰা আদি নানা সমস্যাৰ সৃষ্টি কৰে। সেইবাবে কম শব্দযুক্ত ফটকা ফুটাব লাগে। ফটকা ফুটাওতে কাণত কপাহ দি কাণৰ ফুটা বন্ধ কৰি ল’ব লাগে। বন্ধ ঠাইত নুফুটাই মুকলি ঠাইত ফুটাব লাগে।
দীপাৱলীৰ ফটকাৰ উচ্চ শব্দ, ধোঁৱা, অতিমাত্ৰা পোহৰ আৰু ৰাসায়নিক পদাৰ্থই বায়ুমণ্ডল প্ৰদূষিত কৰি পৰিৱেশৰ ভাৰসাম্য ধ্বংস কৰে। গছ-লতা, চৰাই-চিৰিকটি আৰু অন্য প্ৰাণীৰ দৈনন্দিন জীৱন যাত্ৰাত ব্যাঘাত জন্মায়। অবাবত বহুতো পোক-পতংগ, চৰাই-চিৰিকটি আৰু পক্ষী আদি জুই অথবা ফটকাত পৰি মৰে। প্ৰকৃতিৰ প্ৰচুৰ ক্ষতি হয়। বহু সময়ত দীপাৱলীৰ জুয়ে ঘৰ-বাসস্থান আদিও পুৰি শেষ কৰে। সপ্তাহজুৰি ফটকা ফুটাই আনন্দ কৰি পৰিৱেশ বিনষ্ট কৰাতকৈ এদিনীয়াকৈ সীমিত সময়ৰ বাবে দীপাৱলী পালন কৰিলে এনে সমস্যা বহু পৰিমাণে কমাব পাৰি।
লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 5/15/2020