অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাল্য বিবাহ

বাল্য বিবাহ বুলিলে সাধাৰণতে ভাৰতবৰ্ষৰ কিছুমান সমাজত সম্পাদন হোৱা এনে বিবাহ, য’ত এগৰাকী নাবালিকাক (সাধাৰণতে ১৫ বছৰৰ তলৰ) এজন প্ৰাপ্তবয়ষ্ক পুৰুষলৈ বিয়া দিয়া হয়। বাল্য বিবাহৰ দ্বিতীয়টো ৰূপ হৈছে শিশুৰ ভৱিষ্যতৰ বিবাহ মাক-দেউতাকে ঠিক কৰি থয়; বিবাহ উপযোগী বয়স নোহোৱালৈকে ল’ৰা-ছোৱালীৰ মাজত দেখা দেখি নহয়। আইনগতভবে ল’ৰাৰ বিবাহযোগ্য বয়স হৈছে ২১ বছৰ আৰু ছোৱালীৰ ১৮ বছৰ।

যদি কোনো এটা পক্ষ কম বয়সত বিবাহ-পাশত আবদ্ধ হয়, তেনেহ’লে সেই বিবাহ অবৈধ/বাতিল ঘোষণা কৰিবলৈ কোৱা হয়।

বাল্য বিবাহৰ প্ৰভাৱসমুহ

  • কম বয়সত বিয়া হোৱা ছোৱালীয়ে অপৈনত বয়সত যৌনকাৰ্য্য আৰু শিশুৰ জন্ম দিয়াৰ ফলত এইচ, আই, ভি আৰু প্ৰসূতিজনিত ফিষ্টুলাকে ধৰি স্বাস্থ্যজনিত সমস্যাত আক্ৰান্ত হয়।
  • মৰ্য্যদা, ক্ষমতা আৰু পৰিপক্কতাৰ অভাৱত কম বয়সীয়া ছোৱালীবোৰ ঘৰুৱা হিংসা, যৌন নিৰ্যাতন আৰু সামাজিক বিচ্ছিন্নতাৰ চিকাৰ হয়।
  • কম বয়সত বিয়া হোৱাৰ ফলত ছোৱালীবোৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হয়, যি দৰিদ্ৰতা বৃদ্ধিত ইন্ধন যোগায়।
  • বাল্য বিবাহ, লিংগ-বৈষম্য, ৰোগ আৰু দৰিদ্ৰতাৰ পৰিচক্ৰ গঢ়ি তোলে।
  • শাৰীৰিকভাৱে অপৰিপক্ক বয়সত ছোৱালী বিয়া হোৱাৰ ফলত প্ৰসূতিৰ মৃত্যু আৰু শিশুৰ মৃত্যুৰ হাৰ সৰ্বাধিক হৈছে।

আগতীয়া/ বাল্যবিবাহৰ কাৰণ আৰু লব লগা পদক্ষেপ

  • দৰিদ্ৰতা
  • ছোৱালীৰ শিক্ষা কম হোৱা।
  • কন্যা সন্তানক নিম্ন মৰ্য্যদা দিয়া আৰু তেওঁলোকক আৰ্থিক বোজা হিচাবে গণ্য কৰা।
  • সামাজিক ৰীতি-নীতি আৰু পৰম্পৰা।

চৰকাৰ আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে লোৱা পদক্ষেপসমুহ

  • বাল্য বিবাহৰ বিৰুদ্ধে আইন প্ৰয়োগ।
  • কন্যা সন্তানৰ শিক্ষা বৃদ্ধি।
  • ক্ষতিকাৰক সাংস্কৃতিক নিয়ম-নীতি সলনি কৰা।
  • সমূহীয়া কাৰ্য্যসূচীৰ পৃষ্ঠপোষকতা কৰা।
  • সৰ্বোচ্চ বৈদেশিক সাহাৰ্য্য।
  • কম বয়সীয়া মহিলাসকললৈ আৰু অধিক সুবিধা আগবঢ়োৱা।
  • কাৰ্য্যকiৰীতা নিৰূপণৰ বাবে মূল্যায়ন কৰ্মসূচী।

চৰকাৰী পদক্ষেপ

  • বাল্য বিবাহ প্ৰতিৰোধ আইন।
  • বাল্য বিবাহ নিষিদ্ধ কৰাৰ প্ৰচেষ্টা হিচাবে ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশত বিবাহক বৈধতা প্ৰদান কৰাৰ বাবে সকলো বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক কৰে। “শিশুৰ বাবে ৰাষ্ট্ৰীয় কৰ্ম আঁচনি, ২০০৫”- (ভাৰতৰ মহিলা আৰু শিশু বিকাশৰ দ্বাৰা প্ৰকাশিত)ত ২০১০ চনৰ ভিতৰত বাল্য বিবাহ সম্পূৰ্ণ নিৰ্মূলকৰণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হয়।

� নলN��6 � �োৰীগৰাকীক পুলিচ থানাত ধৰ্ষণ কৰাৰ অপৰাধত অভিযুক্ত পুলিচক খালাচ দিয়াৰ বিৰুদ্ধে ১৯৭৯-১৯৮০ত ব্যাপক প্ৰতিবাদ গঢ়ি উঠিছিল। ৰাষ্ট্ৰীয় স্তৰৰ সংবাদ মাধ্যমত এই প্ৰতিবাদসমূহৰ বাতৰি বিস্তৃতভাৱে প্ৰকাশ পাইছিল। জবানবন্দী আইন (Evidence Act), ফৌজদাৰী আইন(Criminal Procedure Code) আৰু ভাৰতীয় দণ্ডবিধি আইন (Indian Penal Code) সংশোধন কৰি হাজোতৰ ধৰ্ষণ বিষয়টো সংযোজন ঘটাবলৈ চৰকাৰ বাধ্য হৈছিল। কন্যা সন্তান হত্যা, লিংগ-বৈষম্য, মহিলাৰ স্বাস্থ্য আৰু সাক্ষৰতাৰ দৰে বিষয়ত নাৰী কৰ্মীসকল ঐক্যবদ্ধ হৈছিল।

যিহেতু ভাৰতবৰ্ষত সাধাৰণতে মহিলাৰ ওপৰত চলা হিংসাৰ লগত মাদকদ্ৰব্য যুক্ত হৈ থাকে, সেয়ে বহুবোৰ নাৰী সংগঠনে (অন্ধ্ৰ প্ৰদেশ, হিমাচল প্ৰদেশ, হাৰিয়ানা, উৰিষ্যা, মধ্য প্ৰদেশ আৰু অন্যান্য ৰাজ্যত) মাদক দ্ৰব্য বিৰোধী আন্দোলন গঢ়ি তোলে। আনপিনে শ্বৰীয়ত আইনৰ অধীনত মৌলবাদী নেতাসকলে নাৰীৰ অধিকাৰ সম্পৰ্কে আগবঢ়োৱা ব্যাখ্যাৰ ওপৰত বহুতো মুছলমান মহিলাই প্ৰশ্ন উত্থাপন কৰিছে। তিনি তালাক ব্যৱস্থাক সমালোচনা কৰিছে।

১৯৯০ৰ দশকত কিছুমান বিদেশী সংস্থাই অৰ্থ সাহাৰ্য্য আগবঢ়োৱাৰ ফলত নাৰী সম্পৰ্কীয় নতুন নতুন স্বেচ্ছাসেৱী সংগঠন গঢ় লৈ উঠে। আত্ম-সহায়ক গোট আৰু স্ব-নিয়োজিত নাৰী সংস্থা (SEWA)ৰ দৰে স্বেচ্ছাসেৱী সংস্থাসমূহে ভাৰতত নাৰীৰ অধিকাৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বহু মহিলা স্থানীয় আন্দোলনৰ নেত্ৰী হিচাবে প্ৰতিষ্ঠিত হৈছে। উদাহৰণস্বৰূপে নৰ্মদা বচাওঁ আন্দোলনৰ নেত্ৰী মেধা পাটকৰ।

ভাৰত চৰকাৰে ২০০১ বৰ্ষক নাৰী সৱলীকৰণ বৰ্ষ হিচাবে ঘোষণা কৰে। নাৰী সৱলীকৰণৰ ৰাষ্ট্ৰীয় নীতি ২০০১ চনত গৃহীত হ্য়।

উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 4/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate