মহিলাসকলৰ নেতৃত্বত ১৯৯২ চনত হোৱা মাদক দ্ৰৱ্য বিৰোধী আন্দোলনৰ ফলত ভাৰতৰ অন্যতম ৰাজ্য অন্ধ্ৰ প্ৰদেশত সকলো ধৰণৰ মাদক দ্ৰৱ্যৰ বিক্ৰী আৰু মদ্যপানক দণ্ডনীয় অপৰাধ হিচাবে গণ্য কৰা হয়। ইয়াৰ পূৰ্বে চৰকাৰে বৰুণ বাহিনী নীতিৰ আধাৰত গ্ৰামাঞ্চলত ৰাগিয়াল পানীয়ৰ আগ্ৰাসী বজাৰৰ সৃষ্টি কৰিছিল। এই নীতিৰ ফলত মদ বিক্ৰীৰ আবকাৰী শুল্কৰ পৰা ১৯৯১-৯২ চনৰ বাৰ্ষিক বাজেটৰ ১০ শতাংশতকৈও অধিক ৰাজহ আহৰণ হৈছিল। মাদক দ্ৰৱ্য নিষিদ্ধকৰণত চৰকাৰী উদ্দেশ্য সম্পৰ্কে এতিয়াও প্ৰশ্ন উঠিছে যদিও নাৰী আন্দোলনৰ ৰাজনৈতিক প্ৰভাৱৰ কোনো জটিলতা নাই।
মহিলা গোটসমূহে তেওঁলোকৰ গাওঁসমূহ মদৰপৰা মুক্তকৰাৰ চেষ্টা কৰাৰ ফলত আন্দোলন আৰম্ভ হ’ল। মদে মহিলাসকলৰ জীৱন ধ্বংস কৰাৰ সাধাৰণ অভিজ্ঞতা সকলোৰে হৈছিল আৰু চৰকাৰী অৰ্থ-সাহাৰ্য্যত স্বেচ্ছাসেৱী সংগঠনসমূহে মদপী স্বাযীৰ হাতত মহিলাৰ নিৰ্যাতনৰ কাহিনীৰে সজাগতা অভিযান চলোৱাৰ ফলত মহিলাসকলে দলে-বলে এই আন্দোলনত যোগ দিছিল। মহিলাসকলে মাথো মদ বিৰোধিতাতে সীমাবদ্ধ নাছিল, তেওঁলোকে নতুনকৈ সস্তীয়া পানীয়ৰ পেকেজিঙৰো বিৰোধিতা কৰিছিল। এই পেকেটবোৰ অতি আওহতীয়া ঠাইতো সহজে পোৱা গৈছিল, যিবোৰ ঠাইত পানীৰ বাবে কিন্তু মাইলৰ পিছত মাইল বাট কুৰি বাই যাব লগা হৈছিল। মহিলাসকল বিক্ষুব্ধ হৈছিল, কিয়নো তেওঁলোকৰ স্বামীসকলে মদ খাই উপাৰ্জনৰ ধন শেষ কৰিছিল। তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাইছিল। মহিলাসকলে গ্ৰাহকৰ ওপৰত আক্ৰমণ কৰাতকৈ মদ যোগানকাৰী আৰু ব্যৱসায়ীৰ বিৰুদ্ধে আক্ৰমণ কেন্দ্ৰীভূত কৰিছিল। ফলত বহুত পুৰুষৰ পৰা পৰোক্ষ সমৰ্থন লাভ কৰিছিল। মহিলাসকলে নিজ নিজ গাঁৱত কাম-কাজ আৱদ্ধ ৰাখিছিল। স্থানীয় মহিলাসকলৰ নেতৃত্বত আন্দোলন চলিছিল যদিও স্বেচ্ছাসেৱী সংগঠনসমূহৰ পৰা সমৰ্থন লাভ কৰিছিল।
সম্প্ৰতি এই আন্দোলন দৰিদ্ৰ, গ্ৰামীণ মহিলাৰ পৰা আহি মধ্যবিত্ত, নগৰীয়া মহিলা আৰু পুৰুষসকলৰ আন্দোলনত পৰিণত হৈছে। ই গান্ধীবাদী আদৰ্শ দাঙি ধৰিছে আৰু মাদক দ্ৰৱ্য সম্পূৰ্ণ নিষিদ্ধকৰণৰ দাবী তুলিছে। গাঁৱৰ মহিলাসকলে ৰাজ্যজুৰি সৰ্বাত্মক নিষিদ্ধকৰণত সফল হওঁক বা নহওঁক, তেওঁলোকে কিন্তু ক্ষমতাধিষ্ঠ চৰকাৰৰ ভোট কপাই তুলিছে।
(১) আপোনাৰ লক্ষ্য প্ৰতিষ্ঠা কৰক। আপুনি কি কি ব্যক্তিগত কাৰণত মদ কমাব বিচাৰিছে? আপোনাৰ কথাখিনি লিখি পেলাওঁক আৰু ইয়াৰ ভিত্তিত কিছুমান লক্ষ্য ঠিক কৰক। মদ সেৱনৰ পৰা আঁতৰি থাকিব নে, মদ্যপান নিয়ন্ত্ৰণত অংশ গ্ৰহণ কৰিব নে মদ্যপান একেবাৰে বন্ধ কৰিব তাক নিশ্চিত কৰক আৰু আনৰ বাবে নহয়, আপোনাৰ নিজৰ বাবে কিয় কৰিছে তাক নিশ্চিত কৰক।
(২) পিছৰ সপ্তাহৰ এটা দিন ঠিক কৰি মদ্যপান কমোৱা আৰম্ভ কৰক। হেঁচা বা বাধ্যত পৰি নহয়; স্বাভাৱিকভাৱে আগবাঢ়ক। মদ্যপান ত্যাগ কৰাৰ আগত দিনটোৰ পিনে পৰিকল্পিতভাৱে আগবাঢ়ক।
(৩) মদ্যপান পৰিত্যাগ নকৰে। এই প্ৰবন্ধৰ ক’তো আমি মদ্যপান ত্যাগ কৰাটো উজু বুলি কোৱা নাই। আপুনি এৰাতি অত্যাধিক মদ্যপান কৰিলেও লক্ষ্যৰ পৰা বিচলিত নহ’ব। পিচৰ ৰাতি লক্ষ্যলৈ আকৌ ঘূৰি আহক। আপুনি যদি ব্যৰ্থ হয় তেনেহ’লে ৰবাৰ্ট এফ কেনেডিৰ এই কথাষাৰলৈ মনত পেলাওক- “যিসকলে ব্যৰ্থ হ’বলৈ সাহস কৰে, তেওঁলোকেই বৃহত্ বিজয় অৰ্জন কৰে”। যদি আপুনি সঁচাকৈ মদ্যপান নিয়ন্ত্ৰণ কৰিব বিচাৰিছে বা ত্যাগ কৰিব বিচাৰিছে তেনেহ’লে আপুনি সফল হব’ই।
(৪) আপোনাৰ পৰিকল্পনাত আনক যুক্ত কৰক। আপোনাৰ পৰিকল্পনা সম্পৰ্কে পৰিয়ালৰ সদস্য বা বিশ্বাসী বন্ধুৰ সৈতে আলোচনা কৰক। আপুনি সফল হোৱাৰ ক্ষেত্ৰত তেওঁলোকে কেনেকৈ সহায় কৰিব পাৰ, তেওঁলোকক জানিবলৈ দিয়ক।
(৫) পৰিয়াল আৰু বন্ধুবৰ্গৰ সমৰ্থন বিচাৰক। যিসকলে সঁচাকৈ আপোনাৰ সাফল্য বিচাৰে, তেওঁলোকে আপোনাক সহায় কৰিবলৈ পালে সুখী হ’ব। আগবাঢ়ি আহক আৰু তেওঁলোকক সকলো কথা অবগত কৰক।
(৬) বিৰতি লওক। এলকহলৰ পৰিমাণ কমোৱাৰ বাবে এসপ্তাহৰ এটা দিন ধাৰ্য্য কৰি মদ্যপান বন্ধ ৰাখক। এসময়ত এই দিনটো সহজ হৈ উঠিব। আৰু তেতিয়া যথাক্ৰমে ইয়াক ২ দিন, ৩ দিন আৰু শেষত গোটেই সপ্তাহটোলৈ বঢ়াই নিয়ক। আপোনাৰ ডাঙৰ লক্ষ্যক কিছুমান সৰু সৰু লক্ষ্য ভাগ কৰি ল’লে আপুনি দৃঢ় হৈ থকাত সহায় কৰিব।
(৭) আপুনি কেতিয়া বেছি মদ্যপান কৰে তাক নিৰ্দ্ধাৰণ কৰক। আৰু তাৰ পিচত ইয়াক বন্ধ কৰাৰ আঁচনি প্ৰস্তুত কৰক। আপোনাৰ আঁচনিত অবিচল থকাৰ বাবে ঘৰতেই হওঁক বা পাৰ্টিতেই হওঁক মদৰ ঠাইত অন্য পানীয় ব্যৱহাৰ কৰক। আপুনি মদ্যপানৰ অভ্যাসটো ব্যায়াম, অধ্যয়ন, পেইণ্টিং বা তেনেধৰণৰ গঠনমূলক ৰুচিৰ দ্বাৰা নোহোৱা কৰিব পাৰে।
(৮) লোভক প্ৰশ্ৰয় নিদিব। আপুনি কেতিয়া মদ খাব বিচাৰে? পাৰ্টিত নে অকলে থকা সময়ত? আপোনাৰ কেতিয়া লোভ লাগে তাক বুজিবলৈ চেষ্টা কৰক আৰু সেই মতে ইয়াক ত্যাগ কৰাৰ বাবে সহজ আঁচনি লওঁক। এলকহলৰ ঠাইত অন্য পানীয় ব্যৱহাৰ কৰক। আৰু ঘৰত থকা অৱস্থাতো ইয়াক অনুশীলন কৰক। আনপিনে, ব্যায়াম, অধ্যয়ন, পেইণ্টিং বা আপুনি ভালপোৱা তেনেধৰণৰ গঠনমূলক অভিৰুচিৰে মদ্যপানৰ অভ্যাস ত্যাগ কৰক।
(৯) নিজকে পুৰস্কৃত কৰক। মদ্যপানত খৰছ হোৱা ধন আপোনাৰ পৰিয়াল বা বন্ধুবৰ্গৰ লগত আমোদমূলক কামত খৰছ কৰক। খোৱা-বোৱা কৰাৰ বাবে বাহিৰলৈ যাওক, চিনেমা চাওক বা খেলা-ধূলা কৰক।
(১০) যদি আপুনি মদ্যপান কমোৱাত ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰে। তেনেহ’লে নতুন কৌশলৰ বাবে সহায় বিচাৰি বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 3/15/2020