অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানসিক হিচাপ-নিকাচ

মানসিক হিচাপ-নিকাচ

 

অভিনন্দন! অলপতে স্থানীয়ভাৱে আয়োজিত ভাগ্য পৰীক্ষাৰ খেল এখনত আপুনি এক লাখ টকা লাভ কৰিছে৷ টকা ইতিমধ্যে আপোনাৰ বেংক একাউণ্টত৷ অভাৱনীয়ভাৱে হঠাতে সৌভাগ্যৱান হোৱাৰ প্ৰাৰম্ভিক উত্তেজনাকণ আপোনাৰ এতিয়াও মাৰ যোৱা নাই৷ এইকেইদিন আপুনি যথেষ্ট সুখী৷ এতিয়া এটা প্ৰশ্নৰ উত্তৰ মোক সততাৰে দিয়কচোন – এই যে এক লাখ টকা হঠাতে আহি আপোনাৰ বেংক একাউণ্টত সোমাল, ইয়াৰ ব্যৱহাৰ আপোনাৰ কৰ্মক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অহা উপাৰ্জনৰ টকাকেইটাৰ দৰে সুচিন্তিত, সুপৰিকল্পিতভাৱে হ’বনে? নে এনেকুৱা কিছুমান খৰচ আপোনাৰ বাছনিত উঠিব, যিকেইটা সাধাৰণ অৱস্থাত আপুনি নকৰিলেহেঁতেন৷ আপুনি যদি সংখ্যাগৰিষ্ঠতকৈ পৃথক নহয, তেন্তে এই টকাকেইটাৰ খৰচৰ ক্ষেত্ৰত আপোনাৰ বিত্তীয় নিয়মানুৱৰ্তিতা অলপ হ’লেও শিথিল হ’ব৷ হয়তো পত্নীৰ ইচ্ছা অনুসৰি ঘৰৰ পৰ্দাবোৰ নতুন হৈ যাব পাৰে৷ যিবোৰ ইমানদিনে আপুনি এতিয়াই আৱশ্যক নাই বুলি পিচুৱাই আছিল৷ অথবা এটা নতুন মডেলৰ ডাঙৰ টেলিভিছনত খেল বা চিনেমা উপভোগ কৰাৰ আকাংক্ষাই আপোনাক হেঁচুকিব পাৰে, ইত্যাদি ইত্যাদি৷ কিন্তু এনেদৰে খৰচ কৰা উচিত হ’বনে? এনেজাতীয় প্ৰশ্নৰ উত্তৰ আপোনাৰ হাতত মজুত আছে – ‘এয়াতো মোৰ কষ্টোপাৰ্জিত ধন নহয়৷’

চাওক, সেয়া আপোনাৰ কষ্টোপাৰ্জিত টকাই হওক বা ভাগ্যৰ বলত ওপৰতে অহা টকাই হওক সমপৰিমাণৰ সকলো টকাৰে ক্রয় ক্ষমতা একে৷ অৰ্থাৎ আপোনাৰ কষ্টোপাৰ্জিত এক লাখ টকাৰে যিখিনি বজাৰ কৰিব পাৰিব, ভাগ্য পৰীক্ষাত লাভ কৰা এক লাখ টকাৰেও একেখিনি দ্ৰব্যই ক্রয় কৰিব পাৰিব৷ কিন্তু আপুনি উৎসৰ প্ৰতি লক্ষ্য ৰাখি টকাক পৃথকভাৱে গুৰুত্ব দিছে৷ সেই একলাখটো আপোনাৰ কষ্টৰ টকা হোৱা হ’লে নিশ্চয় আপোনাৰ অৱসৰৰ পৰিকল্পনা জাতীয় প্ৰয়োজনীয় শিতানৰ বাবে আৱণ্টিত হ’লহেঁতেন৷ এইধৰণেৰে খৰচৰ ক্ষেত্ৰতেই হওক বা বিনিয়োগৰ ক্ষেত্ৰতেই হওক আমি টকাক পৃথক গুৰুত্বৰে বিভাজিত কৰা কাৰ্যক কোৱা হয় মানসিক হিচাপ (মেণ্টেল একাউণ্টিং)৷ ই এক পক্ষপাতিতা৷ ইউনিভাৰছিটি অব্‌ চিকাগোৰ প্ৰফেছৰ ৰিচাৰ্ড থেলাৰৰ এই অৱদান আচৰণ সম্বন্ধীয় বিত্তৰ জগতখনত এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে গণ্য কৰা হয়৷ দৈনন্দিন জীৱনত আমি লোৱা বহু সিদ্ধান্তত এই পক্ষপাতিতাই কেতিয়াবা আমাৰ সপক্ষে আৰু আন কেতিয়াবা আমাৰ বিপক্ষে ক্রিয়া কৰে৷ ওপৰৰ উদাহৰণটোৰ ভিত্তিত ক’ব পাৰি যে যদিহে অত্যধিক খৰচ কৰিবলৈ আমি প্ৰৰোচিত হও, সেই মানসিক হিচাপ আমাৰ বিত্তীয় স্বাস্থ্যৰ বাবে প্ৰতিকূল৷ আনহাতে ধৰক সন্তানৰ নামত জমা কৰা ধনক কেতিয়াও অন্য উদ্দেশ্যৰ বাবে হাত নলগাওঁ বুলি কৰা প্ৰতিজ্ঞা আপোনাৰ বিত্তীয় লক্ষ্যৰ অনুকূলে থকা বুলি ক’ব পাৰি৷ কিন্তু এইটো ঠিক যে বিশ্লেষণাত্মক চিন্তা-চৰ্চা অবিহনে এনে প্ৰতিজ্ঞায়ো কেতিয়াবা আপোনাক সঠিক পথ দেখুওৱাত ব্যৰ্থ হ’ব পাৰে৷

মোৰ এজন বন্ধুৱে চিপৰ জৰিয়তে ইকুইটি মিউচুৱেল ফাণ্ড এটাত মাহে এহেজাৰকৈ বিনিয়োগ কৰি গৈছিল৷ এই বিনিয়োগ কোনো লক্ষ্যক আগত লৈ নাছিল, আছিল ইকুইটিৰ সোৱাদ ল’বলৈহে৷ বন্ধু ইকুইটি বিনিয়োগৰ উত্থান-পতনৰ সম্বন্ধে পূৰ্বতেই সাজু আছিল বাবে যোৱা ৪-৫ বছৰৰ অধিকাংশ সময়ত বিনিয়োগৰ ফল ঋণাত্মক হোৱা সত্বেও কোনোধৰণৰ অস্থিৰতা তেওঁ প্ৰদৰ্শন কৰা নাছিল৷ কিছুদিনৰ পূৰ্বে হঠাৎ বন্ধুৰ মোৰ অফিচত পদাৰ্পণ৷ তেওঁক টকাৰ প্ৰয়োজন, সেয়ে মিউচুৱেল ফাণ্ডৰ পৰা টকা উঠাব বিচাৰে৷ মোদী প্ৰভাৱৰ ফলত তেওঁৰ বিনিয়োগ সেই সময়ত যথেষ্ট লাভতেই৷ বছৰি চক্রবৃদ্ধি হাৰত ১৬ শতাংশতকৈ অধিক ৰিটাৰ্ন৷ কথা প্ৰসংগত বন্ধুৱে জনালে যে তেওঁৰ ছোৱালীৰ বাবে মাহেকত এহেজাৰ টকাকৈ এটা ৰেকাৰিং ডিপ’জিট চলি আছে৷ সেই সময়ত তাত জমা হোৱা ধন আৰু ইকুইটি ফাণ্ডটোত জমা ধন প্ৰায় সমান৷ মই বন্ধুক ক’লো-যিহেতু সেই ৰেকাৰিং ডিপ’জিটৰ বাৰ্ষিক সুত ৭.৫ শতাংশ আৰু তোমাৰ প্ৰয়োজন এতিয়াৰ পৰাও দহ বছৰতকৈ বেছি দূৰৈত আছে সেয়ে এই সময়ছোৱাত সমপৰিমাণৰ ৰেকাৰিং ডিপ’জিট বন্ধ কৰি ইকুইটি বিনিয়োগ অব্যাহত ৰখাটো তোমাৰ বাবে লাভজনক হ’ব৷ বিনিয়োগৰ পৰিমাণো যিহেতু একেই মাত্ৰ আজিৰ পৰা ভাবিবলৈ লোৱা এই বিনিয়োগ ছোৱালীৰ বাবে৷ বন্ধুৱে ক’লে তেওঁ বুজে যে বৰ্তমান পৰিস্থিতিত ইকুইটি বিনিয়োগ বন্ধ কৰাটো উচিত হোৱা নাই৷ কিন্তু ছোৱালীৰ বাবে কৰা ৰেকাৰিং ডিপ’জিটটো  বন্ধ কৰিবলৈ পত্নী কেতিয়াও সন্মত নহ’ব৷ ইয়াৰ লগত আৱেগ জড়িত হৈ আছে৷ যিহেতু এই ইকুইটি বিনিয়োগটোৰ কোনো নিৰ্দিষ্ট উদ্দেশ্য নাছিল সেয়ে তেওঁৰ ইয়াক বন্ধ কৰাৰ ক্ষেত্ৰত অসন্মতিও নাই৷ লক্ষ্য কৰক, বন্ধু-পত্নীৰ মানসিক হিচাপ তেওঁলোকৰ বাবে লাভজনক হোৱা নাই৷ লক্ষ্য আাধাৰিত বিনিয়োগো এক কথাত পৰিকল্পিত মানসিক হিচাপেই৷ ইয়াত চেষ্টা কৰা হয় আপোনাৰ গুৰুত্বপূৰ্ণ ভৱিষ্যতৰ প্ৰয়োজনবোৰ সঠিক সময়ত সফলতাৰে পূৰণ কৰিবলৈ৷ কিন্তু এইখিনিতে বুজাৰ দৰকাৰ যে লক্ষ্যটোৰ প্ৰতি থকা আৱেগ আৰু বিনিয়োগ সঁজুলিটোৰ প্ৰতি থকা আৱেগ দুটা পৃথক বস্তু৷ প্ৰয়োজনসাপেক্ষে বিনিয়োগৰ সঁজুলি, কৌশল আদি সলনি কৰিবলগা হ’ব পাৰে৷ ঠিক যিদৰে দূৰণিবটীয়া যাত্ৰাত প্ৰয়োজনসাপেক্ষে গাড়ী সলনি কৰা হয়৷ মানসিক হিচাপক চিনক আৰু ব্যৱহাৰ কৰক আপোনাৰ লাভৰ বাবেহে৷

কেচিন’ বা জুৱাঘৰবোৰত ব্যৱহাৰ হোৱা এটা শব্দ যুগল হৈছে ‘গৃহ ধন’ (হাউছ মানি)৷ অৰ্থাৎ যি ধন জুৱাঘৰত জিকা হৈছে৷ বেছিভাগ জুৱাৰীয়ে এই ধনক ঘৰৰ পৰা অনা ধনতকৈ পৃথক হিচাপে গণ্য কৰে৷ সেয়ে বহু জুৱাৰীয়ে জুৱাঘৰত জিকা ধনেৰে অধিক বাজি লগাবলৈ প্ৰৰোচিত হয়৷ যাক কোৱা হয় ‘গৃহধন প্ৰভাৱ’৷ এই প্ৰভাৱ বিনিয়োগৰ পৃথিৱীতো দেখা যায়৷ বহু বিনিয়োগকাৰীৰ ক্ষেত্ৰত দেখা যায় যে বিনিয়োগত যিমানে লাভ হয় সিমানেই তেওঁলোকে অধিক ক্ষতিভয় (ৰিস্ক) গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈ আহে৷ যদি শেষত কিবাকৈ লাভখিনি হেৰুৱাবলগাও হয় তেনে অৱস্থাত নিজকে সান্তনা দিয়ে – ‘সেইখিনিতো মোৰ ঘৰৰ পৰা অনা ধন নাছিল!’ নিজৰ পকেটৰ পৰা বিনিয়োগ হোৱা ধন আৰু বিনিয়োগত আহৰণ কৰা ধনক পৃথক মনোভাবেৰে চোৱাৰ বাবেই এনে দৃষ্টিভংগীৰ উদ্ভৱ হয়৷

শেষ উদাহৰণ – ধৰক, আপোনাৰ অঞ্চললৈ অহা ভ্ৰাম্যমান থিয়েটাৰৰ নাটক এখন চাবলৈ পুৱা টিকট এটা কাটিছিল৷ আপুনি সাংঘাতিক নাট্যপ্ৰেমী নহয়৷ মাত্ৰ আজিৰ গধূলিৰ বিনাদন হিচাপে নাটক এখন চাব বিচাৰিছে৷ আবেলি আৱিস্কাৰ কৰিলে যে থিয়েটাৰৰ টিকটটো আপুনি কৰোবাত হেৰুৱাইছে৷ এতিয়া কওক দ্বিতীয় এটা টিকট কাটি সেই নাটকখন উপভোগ কৰিবলৈ আপুনি যাবনে? হয়তো নাযাব৷ যদি যাবলৈ ওলাইয়ো এই ক্ষেত্ৰত আপুনি কিন্তু এক মানসিক সংঘাত অতিক্রম কৰিব লাগিব৷ কাৰণ আপোনাৰ মনে বিশ্লেষণ কৰিব যে ইতিমধ্যে  আমোদ-প্ৰমোদ শিতানৰ টকা খৰচ কৰি দিয়া হ’ল৷ কিন্তু ইয়াৰ বিপৰীতে টিকট কটাৰ আগতে যদি গম পালেহেঁতেন যে সমপৰিমাণৰ টকা আপুনি পকেটৰ পৰা হেৰুৱাইছে, তেতিয়া একা? এই ক্ষেত্ৰত  হাতত টকা থাকিলে আপুনি টিকট কাটিবলৈ মনৰ বাধা নাপাব৷ কাৰণ মনে আপোনাক বুজাব যে হেৰুৱাখিনিতো নাটক চাবলৈ থোৱা টকা নাছিল৷ এয়াই মানসিক হিচাপ৷ আচলতে জীৱন-যাত্ৰাত আমি সকলোৱে বহু সময়ত মানসিক হিচাপ কৰো বা কৰিবলৈ প্ৰৰোচিত হওঁ৷ আমি মাত্ৰ অনুধাৱন কৰা দৰকাৰ, সেয়া মানসিক হিচাপ৷ ইয়াৰ পিচত পৰ্যালোচনা কৰা উচিত, সেয়া আমাৰ মংগলৰ বাবে হয়নে নহয়৷

লিখক: ভাস্কৰজ্যোতি বৰুৱা, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate