অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যৌতুক

যৌতুক কি

অতীজৰে পৰা ভাৰতবৰ্ষত বিভিন্ন জাতি-জনজাতি সমাজত এক সামাজিক প্ৰতিমান হিচাপে পৰিগণিত হৈ আহিছে। সমাজৰ প্ৰতিটো প্ৰথা ব্যক্তিৰ সমূহীয়া স্বাৰ্থৰ খাতিৰত জীয়াই ৰখোৱা হয়। এই প্ৰথাবোৰে ব্যক্তিসকলৰ সমূহীয়া বিকাশ আৰু বুজাপৰাৰ ক্ষেত্ৰত সাৰ্থক হ’ব পাৰিলে ই এক পৰম্পৰালৈ ৰূপান্তৰিত হয়। কোনো ব্যক্তিয়েই সমাজৰ এই পৰম্পৰাবোৰক উলংঘা কৰিব নোৱাৰে। সমাজে স্বীকৃতি প্ৰদান কৰা পৰম্পৰাবোৰক উলংঘন কৰিব নোৱাৰে। নাৰীসকলৰ মুক্ত জীৱন-যাপন আৰু সমতাৰ অধিকাৰক বাস্তৱসন্মতভাৱে প্ৰতাৰণা কৰি প্ৰচলিত এই পৰম্পৰাটোৱেই নাৰী শোষণৰ এখন স্পষ্ট ছবি অংকন কৰিছে। বৰ্তমান সমাজ ব্যৱস্থাত যৌতুকৰ দৰদাম বিভিন্ন স্তৰলৈ পৰিৱৰ্তন হৈছে। তথাপি সমাজত প্ৰচলিত এই প্ৰথাবোৰৰ কোনো বিশ্লেষণ নকৰাকৈ সাধাৰণ মানুহে পৰম্পৰা বজাই ৰখাৰ মানসেৰে প্ৰথাবোৰ বৰ্তমান সমাজত পালন কৰি আহিছে। আজিৰ সমাজৰ কন্যাৰ সৈতে যৌতুক হিচাপে নগদ ধন বা সম্পত্তি দৰদাম হোৱাৰ লগতে কন্যাৰ সৈতে পৰম্পৰাগত এনেদৰে কিছুমান উপহাৰ বাধ্যতামূলকভাৱে দিব লাগে, দৰাপক্ষৰ পৰা কন্যাৰ সৈতে কি কি ধৰণৰ অলংকাৰ সাজ-পোছাক ধন দিব লাগিব তাৰ তালিকা দিয়া হয়। দৰাপক্ষৰ পৰা বিচৰাৰ ধৰণে যৌতুক দিব নোৱাৰাৰ কাৰণে এই ভাৰতবৰ্ষতেই নিতৌ নাৰীক হত্যা কৰিছে বা যৌতুক দিব নোৱাৰাৰ কাৰণে এই ভাৰতবৰ্ষতেই নিতৌ নাৰীক হত্যা কৰিছে বা যৌতুক দিব নোৱাৰা কাৰণে দৰাপক্ষৰ অত্যাচাৰ সহ্য কৰি শেষত আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। আজিৰ সমাজ ব্যৱস্থাত যদি যৌতুক দিব পৰা নাই তেতিয়া নতুনকৈ প্ৰৱেশ কৰা ঘৰখনত শান্তিৰে জীৱন-যাপন কৰিব নোৱাৰা হৈ পৰে। যেনে-শহুৰ-শাহু, স্বামী-ননদ আদিৰ অত্যাচাৰৰ বলি হ’ব লগা হয়। আজিৰ সাধাৰণ পৰিয়ালৰ এজনী কন্যা লগত যি সা-সম্পত্তি লগত লৈ আহেবা নিজৰ ঘৰখনৰ পৰা যিবোৰ বস্তু লৈ আহে নতুন গৃহলৈ। সেই অনা সম্পত্তিবোৰকে সাধাৰণ অৰ্থত যৌতুক প্ৰথা বুলি কোৱা হয়।

কন্যাৰ সৈতে দিয়া সা-সম্পত্তি অতীজৰ পৰাই চলি আহিছে। হিন্দুসকলৰ চাৰিবেদত চলি আহিছে। হিন্দুসকলৰ চাৰিবেদত প্ৰধানত: ঋকবেদ আৰু অৰ্থববেদৰ বিভিন্ন স্তুতিসমূহত প্ৰাক বৈদিক কালৰ বিবাহৰ সম্বন্ধ লিপিবদ্ধ কৰা হৈছে। এই স্তুতিসমূহৰ পৰা গম পোৱা গৈছে যে বিবাহত কন্যা গৰাকীক সুন্দৰ সাজ-পোছাক আৰু সোণৰ আৰু ৰূপৰ আ-অলংকাৰ পিন্ধাই বন্ধু-বান্ধৱ, কুটুম্বৰ লগত ৰথত দৰাৰ ঘৰলৈ পঠিওৱা হয়। কন্যাজনীৰ লগতে এটা বাকচ দিয়া হয়। য’ত যৌতুক বা সেই সময়ৰ ৰীতি-নীতি অনুসৰি উপহাৰসমূহ থাকে। অৰ্থববেদত এনেদৰে লিপিবদ্ধ আছে যে, ৰজাঘৰৰ পৰিয়ালৰ কোনো কন্যাক বিয়া দিলে, সেই কন্যাৰ সৈতে এশ গৰু যৌতুক হিচাপে দিয়া হয়। বিবাহৰ সময়ত যে, কন্যাৰ সৈতে যৌতুক দিয়াৰ ব্যৱস্থা আছিল তাক ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্যতো লিপিবদ্ধ আছে।

হিন্দুসকলৰ মুঠ আঠ প্ৰকাৰৰ বিবাহৰ ভিতৰত কেৱলমাত্ৰ ব্ৰক্ষ্ম বিবাত কন্যাৰ সৈতে উপহাৰ দিয়াৰ বিধান আছে। কন্যাগৰাকীৰ লগত কেনে ধৰণৰ উপহাৰ দিব বা কিমান দিব সেইটো কন্যা পৰিয়ালৰ প্ৰধানত মাক বা দেউতাকৰ ওপৰত নিৰ্ভৰ কৰে। যৌতুকৰ সমাজতাত্ত্বিক নিহিতাৰ্থসমূহ-আজিৰ সামাজিক সমস্যা বা ঘটনা সমাজত্বইসকলে বিজ্ঞানসন্মতভাৱেই অধ্যয়ন কৰে। আজিৰ সমাজৰ যৌতুক ব্যৱস্থাই সমস্যা সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিততে ইয়াক দৃষ্টিভংগীৰে আলোচনা কৰাৰ কাৰণে যথেষ্ট সুবিধা আছে। আজিৰ সমাজ ব্যৱস্থাত যৌতুক প্ৰথা সমৰ্থন কৰা কিছু যুক্তি আছে আৰু সুবিধাৰ কথা উল্লেখ কৰিছে

তলত এই সুবিধাসমূহ উপস্থাপন কৰা হ’ল-

১) দৰিদ্ৰ তথা দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰসকলক যৌতুক ব্যৱস্থাই উচ্চ শিক্ষা আহৰণ আৰু ভৱিষ্যৎ গঢ় দিয়াত সুবিধা প্ৰদান কৰে। যিহেতু কন্যাৰ লগত অন্য নগদ ধনৰ জৰিয়তে এই দুখীয়া ছাত্ৰসকলে উচ্চ শিক্ষাৰ খৰচ বহন কৰিবলৈ সমৰ্থ হয়।

২) ই সমাজত থকা যুটীয়া পৰিয়াল বিনাশ কৰাত সহায় কৰে। সাম্প্ৰতিক যুটীয়া পৰিয়ালবোৰত বিভিন্ন সমস্যা দেখা যায়। সেয়ে বিবাহৰ পিছত নতুন দম্পতীয়ে যুটীয়া পৰিয়ালৰ পৰা আঁতৰি আহি একক পৰিয়াল প্ৰতিষ্ঠা কৰাত ই সহায় কৰে।

৩) কন্যাৰ বিবাহৰ ক্ষেত্ৰত সৌন্দৰ্যবোধ গুৰুত্ব পোৱাৰ বাবে সমাজৰ আপচু অৰ্থাৎ দেখাত ধুনীয়া নোহোৱা ছোৱালীবোৰক যুৱকসকলে পছন্দ নকৰে। কিন্তু যৌতুক ব্যৱস্থাৰ প্ৰচলনৰ কাৰণে আপচু ছোৱালীক বিয়াৰ সম্ভাৱনা ও বৃদ্ধি পায়। কিয়নো কিছুমান ল’ৰাই নগদ প্ৰতি গুৰুত্ব নিদি আপচু ছোৱালীকো বিয়া কৰায়। বিবাহৰ জৰিয়তে শাৰিৰীক যৌন তৃপ্তি লাভ কৰিবলৈ সুবিধা নোপোৱাৰ কাৰণে বহুতো আপচু ছোৱালীয়ে ব্যক্তিগত বিসংগতিত ভুগি সমাজত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে।

৪) যৌতুক ব্যৱস্থাই মহিলাৰ সামজিক পৰিস্থিতি উন্নত কৰাত সহায় কৰে। কন্যাই যদি দৰাৰ ঘৰলৈ অধিক পৰিমাণৰ যৌতুক নিব পাৰে, তেন্তে সেই কন্যা গৰাকীয়ে দৰাৰ পৰিয়ালত বহুত আদৰ-মৰম লাভ কৰা দেখা যায়। দৰাৰ ঘৰত কন্যাক পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই মৰমৰ চকুৰে চায়। অন্যহাতে, যৌতুক নিব নোৱাৰা দুখীয়া পৰিয়ালৰ কন্যা এজনীক সেই দৃষ্টিভংগীৰে আদৰ-মৰম নকৰে। সেয়ে যৌতুকে মহিলাৰ গুৰুত্ব বৃদ্ধি কৰা বিষয়টো নুই কৰিব পৰা নাযায়।

যৌতুক ব্যৱস্থাৰ অসুবিধাসমূহৰ-সমাজ হ’ল পৰিৱৰ্তনশীল নিতৌ নতুন নতুন সাজ সলাই যেনেদৰে দিন বাগৰি সপ্তাহ হয়। সপ্তাহ বাগৰি মাহ হয়। মাহ বাগৰি বছৰ হয়। অতীতৰ সমাজ ব্যৱস্থাত যৌতুক প্ৰথা সময় উপযোগী আছিল বুলি ক’ব পৰা যায়। কিন্তু সাম্প্ৰতিক কালত ইয়াৰ প্ৰয়োজনীতাৰ সম্পৰ্কে সন্দেহ নথকা নহয়। বৰ্তমান সমাজতাত্ত্বিক দৃষ্টিভংগীৰ ফালৰ পৰাও যৌতুকৰ প্ৰয়োজন নাই। অতীত কালত যৌতুকৰ ক্ষেত্ৰত দৰদাম কৰা হোৱা নাছিল। সেই সময়ত কন্যাৰ লগত নিয়া যৌতুক উপহাৰ হিচাপে গ্ৰহণ কৰিছিল। কিন্তু বৰ্তমান দৰা ঘৰৰ পৰা কন্যাপক্ষক যৌতুক দাবী কৰা হয়। সেয়ে কন্যা জন্ম দিনৰে পৰা দৰিদ্ৰ বা দুখীয়া পৰিয়ালসমূহে যৌতুক ব্যৱস্থাক লৈ চিন্তিত হৈ পৰে। কিছুমান সমাজত কন্যা সন্তান জন্ম হোৱাটো দুৰ্ভাগ্যৰ লক্ষণ বুলি গণ্য কৰে। এনে সন্তানক কুলক্ষণী লগে লগে হত্যা কৰি পেলোৱাৰ দৃষ্টান্ত আছে। তলত যৌতুক প্ৰথাৰ অপকাৰিতাসমূহৰ বিষয়ে উল্লেখ কৰা হ’ল-

১) যৌতুকৰ প্ৰচলনৰ প্ৰথম আৰু প্ৰধান কাৰণ হৈছে বিশ্বাস আৰু ধাৰণাৰ ওপৰত ভিত্তি কৰি প্ৰচলন হৈ থকা সামাজিক প্ৰথা। যিহেতু এই প্ৰথাসমূহ সমাজৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সেয়ে ইয়াক সহজে পৰিৱৰ্তন কৰিব পৰা নাযায়। সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়েই বিশ্বাস কৰে যে, সামাজিক প্ৰথাসমূহ উলংঘা কৰিলে সমাজত বিসংগতিয়ে গা কৰি উঠে।

২) প্ৰায়বিলাক পৰিয়ালৰ লোকেই নিজৰ পৰিয়ালৰ কন্যাক সামাজিক আৰু অৰ্থনৈতিকভাৱে উচ্চ পৰিয়াললৈ বিয়া দিব বিচাৰে। এই ক্ষেত্ৰত মাক-দেউতাকে মুখ্য ভূমিকা গ্ৰহণ কৰে। তেওঁলোকে ভাবে উচ্চ দিব পাৰিলে দৰা ঘৰত তাই নিৰাপত্তা আৰু আৰাম পোৱাৰ লগতে কন্যা পক্ষৰ মান-সন্মানো উন্নত কৰিব।

৩) যৌতুক প্ৰথাৰ প্ৰচলনৰ অন্যতম এটা কাৰণ হৈছে জাতি প্ৰথা। হিন্দু ধৰ্ম অনুসৰি বিবাহৰ ক্ষেত্ৰত একেটা জাতি-বা উপজাতিৰ মাজতহে বিয়া বাৰু হ’ব পাৰে। বাহিৰা জাতিৰ সৈতে বিবাহ হোৱাৰ ক্ষেত্ৰত বাধা আছে। সংগী নিৰ্বাচনৰ ক্ষেত্ৰত বাধা-নিষেধ আহি পৰাৰ কাৰণে আশিকভাৱে স্বচ্ছল আৰু উচ্চ সামাজিক পৰিস্থিতি থকা বিবাহৰ উপযুক্ত ল’ৰাৰ সংগী নিৰ্বাচনত সমস্যাই গা কৰি উঠে।

যৌতুকৰ বাবে হত্যা-দৰিদ্ৰ পৰিয়ালৰ ছোৱালীবিলাকক যৌতুক দিব নোৱাৰাৰ কাৰণে শহুৰেকৰ ঘৰত বিভিন্ন ধৰণৰ অত্যাচাৰ সহ্য কৰিব লগা হয়। যৌতুক দিব নোৱাৰাৰ বাবে হত্যাৰ দৰে অপৰাধো সংঘটিত হয়। ভাৰতবৰ্ষত পৰ্য্যাপ্ত পৰিমাণৰ যৌতুক দিব নোৱাৰাৰ কাৰণে কন্যাক কেৰাচিন ঢালি জ্বলাই হত্যা কৰা ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ১৯৯০ চনত চলোৱা এক সমীক্ষা অনুসৰি দেশখনত মুঠ ৪১৪৮ টা যৌতুকৰ কাৰণে হত্যা গোচৰ পঞ্জীভুক্ত হৈছিল।

ভাৰতবৰ্ষত সংঘটিত সৰ্বমুঠ গোচৰৰ অধিকাংশ উত্তৰ-প্ৰদেশ-মধ্য প্ৰদেশতেই সংঘটিত হৈছিল। দিল্লী পুলিচে ১৯৮০ চনত ৪২১ টা কন্যা জ্বলাই হত্যা কৰা গোচৰ, ১৯৮১ চনত ৫৬৮ টা, ১৯৮২ চনত ৪৪১ টা গোচৰ পঞ্জীভুত কৰিছিল। অন্ধ্ৰপ্ৰ্দেশত ১৯৮৩ চনত ৪৪১ টা এনে হত্যাৰ গোচৰ পঞ্জীভুক্ত হৈছিল। যৌতুক বন্ধ কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৱলী-অতীজৰে পৰা পৰম্পৰাগতভাৱে প্ৰচলিত হোৱা লগে লগে ই এক সামাজিক সমস্যা হিচাপে গা কৰি উঠে। সেয়ে এই সমস্যা সমাধানৰ কাৰণে বিভিন্ন শ্ৰেণীৰ সমাজ সচেতন লোকে চৰকাৰৰ ওচৰত দাবী জনাবলৈ আৰম্ভ কৰে। ফলত স্বাধীন ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ১৯৫৯ চনত ২৭ এপ্ৰিলত লোকসভাত যৌতুক নিবাৰণ আইনৰ বিল এখন বিল উপস্থাপন কৰে। কিন্তু লোকসভাত গৃহীত হোৱা এই বিলখন ৰাজ্যসভাই দুবাৰ নাকচ কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্য সভাই দুবাৰ নাকচ কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন সদনৰ যুটীয়া নিৰ্বাচনী কমিটীলৈ প্ৰদান কৰা হয়। অৱশেষত ১৯৬১ চনত ২০ মে’ত এই যৌতুক নিবাৰণ আইনখন গৃহীত হয়। এই আইন অনুসৰি কইনাৰ সৈতে দুহাজাৰ টকাৰ অধিক মূল্যৰ ভিতৰত অলংকাৰ, সা-পোছাক আৰু অন্যান্য সামগ্ৰী দিয়াৰ অনুমোদন জনায়। অৰ্থাৎ দুহাজাৰ টকাৰ যৌতুক আইন সংগত হিচাপে বিবেচনা কৰে। এই আইন উলংঘাকাৰীক অপৰাধী হিচাপে গণ্য কৰা হয়।

বাস্তৱ মূল্যাংকণ- যদিও চৰকাৰী পৃষ্ঠপোষকতাত যৌতুক নিবাৰণৰ কাৰণে বলৱৎ কৰিছে, তথাপি ইয়াৰ বাস্তৱ ৰূপায়নৰ ক্ষেত্ৰত সন্দেহৰ বাহিৰত নহয়। যৌতুকৰ দৰে এটা প্ৰথাক সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মল কৰিব পৰা যাবনে এই বিষয়ে সমাজ সচেতন লোকসকলে প্ৰশ্ন কৰিছে। এইটো স্বীকাৰ্য যে সমাজৰ সকলো ব্যক্তিৰ পূৰ্ণ পৰ্য্যায়ৰ সমৰ্থন নহ’লে কোনো ধৰণৰ ফলপ্ৰসূ হ’ব নোৱাৰে। আইন প্ৰণয়নৰ জৰিয়তে সামাজিক সজাগতা বৃদ্ধি কৰাৰ লগতে ইয়াক নিবাৰণৰ কাৰণে সমাজ সংস্কাৰকসকলে গ্ৰহণ কৰা কাৰ্যাৱলীক সমৰ্থন কৰে। সেয়ে আইনৰ উপৰি জনসচেতনতা তথা জনমতৰ সামগ্ৰিক সহযোগিতাৰ জৰিয়তেহে যৌতুক প্ৰথা বন্ধ কৰিব পৰা যায়। বিভিন্ন সমাজতত্ত্ববিদে যৌতুক প্ৰথা নিবাৰণৰ বাবে চৰকাৰী আইনৰ পৰামৰ্শ আগবঢ়াইছে

যৌতুক প্ৰথা নিবাৰণৰ পৰামৰ্শ কেইটা উপস্থাপন কৰা হ’ল-

১) সমাজৰ সকলো শ্ৰেণীৰ লোককে শিক্ষিত কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত। শিক্ষাৰ জৰিয়তে যৌতুকৰ ফলত সৃষ্টি হোৱা সামাজিক সমস্যা সম্পৰ্কে সকলো ব্যক্তিকে অৱগত কৰা উচিত। নতুন চাম পুৰুষে যৌতুক প্ৰথাৰ বিৰুদ্ধাচৰণ কৰি সমাজত এক আদৰ্শ গঢ়ি তুলিব লাগে। শিক্ষিত যুৱতীসকলে যৌতুক বিচৰা যুৱকৰ সৈতে বিবাহ প্ৰত্যাখ্যান কৰা উচিত।

২) চৰকাৰী বা বেচৰকাৰী পৃষ্ঠপোষকতাত স্বেচ্ছাসেৱক সংগঠনসমূহৰ জৰিয়তে যৌতুক প্ৰথাৰ দৰে সমাজৰ অনিষ্ট কাৰক সমস্যা এটা বিভিন্ন দিশবোৰ সকীয়াই জনমত গঠন কৰি সমাজৰ পৰা ইয়াক নিবাৰণ কৰাৰ বাবে সহায়-সহযোগত বিচাৰিব লাগে। যিহেতু জনসাধাৰণৰ সমৰ্থন, সহায়-সহযোগৰ অবিহনে কোনো আইন বাস্তৱসন্মতভাৱে কৃতকাৰ্য হ’ব নোৱাৰে। স্বেচ্ছামূলক সংগঠনসমূহে যৌতুক প্ৰথাৰ অনিষ্টকৰ দিশসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ কাৰ্য চলোৱা উচিত। এই সংগঠনসমূহে কোনো পৰিয়ালত যৌতুকৰ সন্দৰ্ভত বিবাদ সংঘটিত হ’লে তাত হস্তক্ষেপ কৰি পৰিয়ালৰ মাজত সৌহাৰ্দ্যমূলক পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰিব লাগে।

৩) নাৰী শিক্ষাৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰ লগতে কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত নাৰীৰ বাবে ব্যৱস্থা কৰা উচিত। ৰাজনৈতিক দিশবিলাকত যাতে নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি নাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি নাৰীৰ সমস্যাসমূহৰ বিষয়ে নিজেও নীতি নিৰ্ধাৰণ কৰাত অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে লোকসভা আৰু ৰাজ্যসভাত সংৰক্ষণ ব্যৱস্থা কৰা উচিত। এইক্ষেত্ৰত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ ৩৩ শতাংশ নাৰীৰ বাবে সংৰক্ষণ ব্যৱস্থা প্ৰশংসনীয়।

৪) জনসংযোগ মাধ্যমসমূহ উদাহৰণস্বৰূপে দূৰদৰ্শন, ৰেডিঅ’, আলোচনী, বাতৰিকাকত, চিনেমা, ভ্ৰাম্যমাণ নাট্যদল ৰাজহুৱা সভা আদিবিলাকে সমাজৰ বাবে যৌতুক প্ৰথাৰ কু-ফলবোৰ পৰ্য্যালোচনা কৰি ইয়াৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি তুলিব পাৰে। অশিক্ষিত মানুহৰ বাবে দূৰদৰ্শন ৰেডিঅ’, চিনেমা আৰু নাটক বেছি কাৰ্যকৰী হ’ব পাৰে। ভ্ৰাম্যমাণ নাটকসমূহ অন্তৰ্ভুক্ত এখন নাটকৰ জৰিয়তে যৌতুকৰ বিৰুদ্ধে বক্তব্য ৰখাটো বাধ্যতামূলক হোৱাটোও অযুক্তিকৰ নহয়। অৱশ্যে অন্যান্য সামাজিক সমস্যাবোৰকো নুই কৰিব পৰা নাযাব।

৫) শ্ৰেণীকোঠাত শিক্ষকসকলে মুকলিভাৱে যৌতুকৰ অনিষ্টাকাৰী দিশবোৰৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়া উচিত। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এই সমস্যাসমূহক লৈ বক্তৃতা অনুষ্ঠান কৰা উচিত। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰাম্য অঞ্চললৈ গৈ যৌতুকৰ অপকাৰিতাৰ সম্পৰ্কে প্ৰচাৰ চলোৱা উচিত।

উপৰোক্ত যিবোৰ দিশ ইয়াত লিপিবদ্ধ কৰা হ’ল- এইবোৰ যদি হৃদয়ঙ্গম কৰা হয় তেতিয়া আজিৰ সমাজৰ এই সামাজিক সমস্যাখিনি দূৰ হ’ব ই ধুৰুপ। এই সামাজিক সমস্যাবোৰ পৰিৱৰ্তন হ’ব যেতিয়া প্ৰত্যেকজন লোকে এই অৱদানসমূহ দূৰ কৰিবৰ কাৰণে প্ৰত্যেকজনে মানসিকতাখিনি পৰিৱৰ্তন কৰিব লাগিব। আজিৰ এই সমস্যাৰ কাৰণে সম্পূৰ্ণ সমাজখন কলংকিত কৰিব ধৰিছে। শেষত এই সমস্যা প্ৰত্যেকজনে মানসিকভাৱে প্ৰস্তুত হৈ নিবাৰণৰ কাৰণে প্ৰত্যেকজন সমাজৰ সদস্য-সদস্যই যদি চেষ্টা কৰে ই নিশ্চয় সমাজৰ পৰা আঁতৰ কৰিব পাৰিব বুলি মোৰ আত্মবিশ্বাস আছে।

লেখক: লক্ষীদেৱ দাস, গণ অধিকাৰ।

শেহতীয়া উন্নীতকৰণ: : 5/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate