শিক্ষা, অধিকাৰ, মৰ্যাদাৰ পৰা শৈশৱ-কৈশোৰক বঞ্চিত কৰা বাল্য বিবাহ বিশ্বজনীন সামাজিক কুসংস্কাৰ। বাংলাদেশ, নেপাল, মালি, মোজাম্বিক আদি দেশত দৰিদ্ৰ পৰিয়ালৰ সৰহসংখ্যক কন্যা শিশু ১৮ বছৰ বয়সৰ আগতে বিয়া হয়। ভাৰতত প্রায় ৪৭ শতাংশ দৰিদ্ৰ কন্যাসন্তানৰ ১৮ বছৰৰ আগেয়ে বিবাহ সম্পন্ন কৰা হয়। ৰাষ্ট্ৰসংঘৰ এটা সমীক্ষা মতে, সৰ্বাধিক বাল্য বিবাহ প্ৰচলন থকা বিশ্বৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয়।
দৰিদ্ৰতা, সামাজিক নিৰাপত্তাহীনতা যৌতুকৰ দৰে কুপ্রথা বাল্য বিবাহৰ প্রধান কাৰণ। কিশোৰী কন্যাসন্তানক দায়িত্বৰ বোজা পাতলাবলৈ ১৮ বছৰৰ আগেয়ে বিয়া দিয়ে। শিক্ষা, স্বাস্থ্য আদি মৌলিক অধিকাৰ হেৰুৱাই সেই কিশোৰীসকলে অকাল বৈবাহিক বান্ধোনৰ দাসত্বৰ বন্দী হৈ থাকে। অসম, পশ্চিমবংগ, বিহাৰ, ৰাজস্থান, হাৰিয়ানাত বাল্য বিবাহৰ প্রচলন আছে। বিহাৰ আৰু ৰাজস্থানত ব্যাপক হাৰত বাল্য বিবাহ হয়। বিহাৰ আৰু ৰাজস্থানত ব্যাপক হাৰত বাল্য বিবাহ হয়। বিহাৰ আৰু ৰাজস্থানত বাল্য বিবাহৰ হাৰ ৬৯ শতাংশ আৰু ৬৫ শতাংশ। বিহাৰত অত্যন্ত দৰিদ্র পৰিয়ালৰ লোকে কন্যাসন্তানক কম বয়সতে বিয়া দিয়ে। ১৫ বছৰ বয়সৰ আগেয়ে ৰাজস্থানৰ গ্রাম্য এলেকাৰ দুখীয়া কিশোৰীৰ বিয়া হয়। কেতিয়াবা ৪-৫ বছৰীয়া কন্যা শিশুৰো বিয়া পাতে। কর্মসংস্থান নোহোৱা এজনক কন্যাসন্তানৰ দায়িত্বভাৰ অৰ্পণ কৰি যৌতুক, বিবাহৰ খৰচ, আর্থিক দৈন্যৰ পৰা পিতৃ-মাতৃ মুক্ত হয়।
শেহতীয়া লোকপিয়লৰ তথ্য মতে, অসমত শিক্ষিত লোকৰ হাৰ তুলনামূলকভাৱে আন ৰাজ্যতকৈ যথেষ্ট५१ উন্নত যদিও বাল্য বিবাহৰ ঘটনা ৰাজ্যখনত ঘটি আছে। অর্থনৈতিকভাৱে অনগ্ৰসৰ ৰাজ্য অসমৰ প্ৰায় তিনি কোটি জনসংখ্যাৰ প্রায় ২০ শতাংশ লোকহে আর্থিকভাৱে স্বচ্ছল। অসমত বিশেষভাৱে চৰ্চিত নোহোৱা বাল্য বিবাহৰ ঘটনাই ৰাষ্ট্ৰীয় হাৰকো অতিক্ৰম কৰিছে। ২০১৫ চনত ইউনিচেফে প্রকাশ কৰা এখন প্রতিবেদন মতে, অসমৰ ধুবুৰী, গোৱালপাৰা, ধেমাজি, লখিমপুৰ আদি জিলাৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মাজত বাল্য বিবাহৰ হাৰ অস্বাভাবিকভাৱে বৃদ্ধি পাইছে। তথ্য অনুসৰি বাল্য বিবাহৰ ক্ষেত্ৰত কন্যাসন্তানতকৈ কিশোৰৰ হাৰ অধিক। ধুবুৰী জিলাত ১৮ বছৰৰ তলৰ কন্যাসন্তান আৰু ২১ বছৰৰ তলৰ কিশোৰৰ বিবাহৰ হাৰ বেছি। জিলাখনত কন্যাসন্তানৰ বিবাহৰ হাৰ ১৮.২ শতাংশ, ধেমাজিত ৯.৩ শতাংশ, দৰঙত ৮.৫ শতাংশ, গোৱালপাৰাত ১৩ শতাংশ, কোকৰাঝাৰত ৯.৩ শতাংশ, লখিমপুৰত ৯.৭ শতাংশ, মৰিগাঁৱত ৯.৩ শতাংশ, নগাঁৱত ৯.৯ শতাংশ, তিনিচুকীয়াত ৭.৬ শতাংশ আৰু কামৰূপ জিলাত ৩.৯ শতাংশ। ৰাজ্যৰ বাবে উদ্বেগজনক হৈ পৰা বাল্য বিবাহৰ ঘটনা বৃদ্ধিৰ ফলত অকালতে মাতৃত্বৰ বোজা লোৱাৰ বাবে অপুষ্টিত ভোগা শিশুৰ হাৰ তথা প্ৰসৱজনিত মৃত্যুৰ হাৰো সমান্তৰালভাৱে বৃদ্ধি পাইছে।
একবিংশ শতিকাৰ ভাৰতত তথ্যপ্রযুক্তিৰ প্ৰসাৰণে অনা পৰিৱৰ্তনৰ ফলত নাৰীয়ে পুৰুষৰ লগত সমানে খোজ মিলাইছে। মহিলা সাবলীকৰণ, ৩৩ শতাংশ মহিলাৰ আসন সংৰক্ষণ, নাৰীৰ অধিকাৰ নিশ্চিতকৰণ, নাৰীৰ অর্থনৈতিক স্বাৱলম্বন আদি বিষয়বোৰৰ প্ৰসংগ দেশত সঘনাই উত্থাপিত হৈ আছে। দেশৰ চুকে-কোণে নাৰী নির্যাতন আৰু যৌন আতিশয্যৰ বিৰুদ্ধে প্রতিবাদৰ জনমত গঢ়ি উঠিছে। যদিও গ্রাম্য সমাজত প্ৰচলন হৈ থকা বাল্য বিবাহৰ দৰে কুপ্ৰথাৰ বহুল চর্চা হোৱা নাই।
১৯শ শতিকাত ধৰ্ম আৰু চিৰাচৰিত সংস্কাৰৰ বিৰুদ্ধে থিয় দি পৰাধীন ভাৰতীয় সমাজ ব্যৱস্থালৈ নৱন্যাস আনিছিল ৰাজা ৰামমোহন ৰায়ে। নাৰীৰ শিক্ষা, স্বাধীনতা আৰু সমাজত সন্মানসহকাৰে নাৰী জীয়াই থকাৰ পোষকতা কৰিছিল। বাল্য বিবাহ আৰু পুৰুষৰ বহু বিবাহৰ তেওঁ বিৰোধিতা কৰিছিল। সমাজ সংস্কাৰক, দার্শনিক, শিক্ষাবিদ ঈশ্বৰ চন্দ্র বিদ্যাসাগৰে নাৰীৰ শিক্ষা আৰু সমাজত মর্যাদাৰ কাৰণে যুঁজি সামাজিক পৰিৱৰ্তন আনিছিল। নাৰীয়ে সন্মুখীন হোৱা সকলো প্ৰকাৰৰ অন্যায়, অসমতা কেৱল শিক্ষাৰ সংস্কাৰেহে দূৰ কৰিব বুলি বিদ্যাসাগৰে কৈছিল। বাল্য বিবাহ আৰু পুৰুষৰ বহু বিবাহৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰিছিল।
২১শ শতিকাৰ দ্বিতীয় দশকৰ দুৱাৰডলিত বাল্য বিবাহৰ দৰে কু-সংস্কাৰ সমাজ জীৱনৰ কাৰণে অভিশাপ। শেহতীয়াভাৱে “বেটী বচাও, বেটী পঢ়াও” শীর্ষক কেন্দ্রীয় চৰকাৰৰ অভিলাষী আঁচনিৰ সফল ৰূপায়ণ হ’লে গ্রামাঞ্চলৰ কন্যাসন্তানে শিক্ষাৰ পোহৰ দেখিব। শতিকাজুৰি অন্ধ সংস্কাৰে আগুৰি থকা সমাজ ব্যৱস্থাৰ আন্তঃগাঁথনি আমূল পৰিবর্তন আনিবলৈ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনে স্থানীয় ৰাইজক সজাগ কৰি চৰকাৰৰ লগত সহযোগ কৰিব লাগিব। উপযুক্ত বয়সত নাৰী পুৰুষৰ যুগ্ম জীৱনৰ পাতনি এটা পবিত্র বৈবাহিক বান্ধোন। ইয়াৰ বিপৰীতে বাল্য বিবাহ মানৱ অধিকাৰ ভংগকাৰী নিয়ম। ই আমাৰ সোণোৱালী শৈশৱো কাঢ়ি আনে।
দূৰ্বা চৌধুৰী, অসম বাণী।
শেহতীয়া উন্নীতকৰণ: : 1/24/2024