মূল পৃষ্ঠা / সমাজ কল্যাণ / অক্ষমসকলৰ কল্যাণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অক্ষমসকলৰ কল্যাণ

শাৰীৰিক আৰু মানসিকভাৱে অক্ষমলোকসকল যেনে, কলা, বোবা, অন্ধ, মানসিকভাৱে বিকাৰগ্ৰস্থ লোকসকলৰ বাবে প্ৰণয়ন কৰা আঁচনিসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

মুখবন্ধ

১) মই, প্রতিবন্ধীসকলৰ বাবে ৰাষ্ট্ৰীয় নীতিখন ঘোষণা কৰিব পৰাত ভীষণ গর্ব বোধ কৰিছো। ভাৰতৰ সংবিধানে সকলোৰে প্রতি সমান ব্যৱহাৰ, স্বাধীনতা, ন্যায়বিচাৰ আৰু প্রতিজন ব্যক্তিক সন্মান প্রদর্শন কৰা আৰু প্রতিবন্ধী লোকসকলৰ সৈতে সকলো মানুহৰেই মত প্রকাশৰ স্বাধীনতাক নিশ্চয়তা প্রদান কৰিছে। অলপতে, প্রতিবন্ধী লোকসকলৰ প্রতি আমাৰ সমাজখনৰ মানসিকতাৰ এক লক্ষ্যণীয় পৰিৱৰ্তন হোৱা দেখা গৈছে। যদি প্রতিবন্ধীসকলক পুনৰসংস্থাপনৰ ক্ষেত্রত সমান আৰু কার্যকৰী সুযোগ প্রদান কৰা হয়, তেতিয়া হ’লে অধিকাংশ প্রতিবন্ধী ব্যক্তিয়ে এটা ধুনীয়া আৰু অপেক্ষাকৃত ভাল জীৱন কটাব পাৰিব।

২) প্রতিবন্ধী লোকসকলৰ মঙ্গলৰ হকে ভাৰত চৰকাৰৰ নীতিবিলাক শাৰীৰিকভাৱে প্রতিবন্ধী ব্যক্তিৰ উন্নতি আৰু পুনৰসংস্থাপনৰ বাবে স্থাপিত প্রতিষ্ঠানবিলাকৰ বিধিবদ্ধকৰণত, আঁচনিবিলাকত প্রতিফলিত হৈছে। যি নহওক, প্রতিবন্ধীসকলৰ বাবে এখন বিস্তৃত ৰাষ্ট্ৰীয় নীতিৰ বিশেষ প্রয়োজনটো কিছুদিনৰ পৰাই অনুভৱ কৰা গৈছে।

৩) মন্ত্রীমণ্ডলী/ভাৰত চৰকাৰৰ বিভাগবোৰ, প্রতিবন্ধী বিষয়ত বিশেষজ্ঞ আৰু সেই বে-চৰকাৰী প্রতিষ্ঠানবিলাক, যিবিলাক প্রতিবন্ধী ব্যক্তিৰ উন্নতি আৰু মঙ্গলৰ হকে কাম কৰি আছে আৰু ভালেমান কাম কৰাৰ উপৰিও প্রয়োজন মতে মূল্যৱান পৰামর্শ দি এখন ৰাষ্ট্ৰীয় নীতি প্রণয়ন কৰাত সহায় কৰছে, সেই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো।

৪) মই আশা কৰো যে প্রতিটো নির্দিষ্ট চৰকাৰী, বে-চৰকাৰী প্রতিষ্ঠান আৰু বিশেষজ্ঞই লাগতিয়াল পদক্ষেপবিলাক গ্রহণ কৰি এখন মজবুত নীতি প্রণয়ন কৰাত সহায় কৰি প্রতিবন্ধীসকলৰ জীৱন-ধাৰণৰ মান আগতকৈ যথেষ্ট উন্নত কৰিব।

মীৰা কুমাৰ (শ্রীমতি)

ভাৰতচৰকাৰ

সামাজিকন্যায় আৰুসৱলীকৰণমন্ত্রী

প্রতিবন্ধী লোকসকলৰ বাবে ৰাষ্ট্ৰীয় নীতি

পাতনি

১) ভাৰতৰ সংবিধানখনে সকলোৰে প্রতি সমান ব্যৱহাৰ, স্বাধীনতা, ন্যায়বিচাৰ আৰু প্রতিজন ব্যক্তিক সন্মান প্রদর্শন কৰা আৰু প্রতিবন্ধী লোকসকলৰ সৈতে সকলো মানুহৰেই মত প্রকাশৰ স্বাধীনতাক নিশ্চয়তা প্রদান কৰিছে। অলপতে, প্রতিবন্ধী লোকসকলৰ প্রতি আমাৰ সমাজখনৰ মানসিকতাৰ এক লক্ষ্যণীয় পৰিৱৰ্তন হোৱা দেখা গৈছে। যদি প্রতিবন্ধীসকলক পুনৰসংস্থাপনৰ ক্ষেত্রত সমান আৰু কার্যকৰী সুযোগ প্রদান কৰা হয়, তেতিয়া হ’লে অধিকাংশ প্রতিবন্ধী ব্যক্তিয়ে এটা ধুনীয়া আৰু অপেক্ষাকৃত ভাল জীৱন কটাব পাৰিব বুলি অনুমান কৰা হৈছে।

২) ২০০১ চনৰ জনগণনা মতে ভাৰতবর্ষত ২.১৯ কোটি প্রতিবন্ধী লোক আছে, যিটো মুঠ জনসংখ্যাৰ ২.১৩ শতাংশ বুলি কোৱা হৈছে। এই প্রতিবন্ধী লোকসকলৰ ভিতৰত দৃষ্টি শক্তি কম থকা, কানেৰে কম শুনা, কথা ক’ব নোৱাৰা, লোকোমটৰ আৰু মানসিক প্রতিবন্ধীসকল আছে। দেখা গৈছে যে প্রায় ৭৫ শতাংশ শাৰীৰিকভাৱে অক্ষম মানুহ গাওঁ অঞ্চলত বসবাস কৰে, ৪৯ শতাংশ অক্ষম মানুহ শিক্ষিত আৰু ৩৪ শতাংশ মানুহ কর্মৰত অৱস্থাত আছে। আগতে চিকিত্সাগত পুনৰসংস্থাপনৰ ওপৰত জোৰ দিয়া হৈছিল যদিও এতিয়া তাৰ ঠাইত সামাজিক পুনৰসংস্থাপনৰ ওপৰতহে বেছিকৈ জোৰ দিয়া হয়। পুনৰসংস্থাপনৰ ওপৰত বিশেষ জোৰ দিয়াৰ ফলত প্রতিবন্ধীসকলৰ পৰা ভালেমান মানুহ তেওঁলোকৰ সামর্থ্য অনুসাৰে সমাজৰ মূল সোঁতত আহি যোগ দিব পাৰিছে। ভাৰত চৰকাৰ প্রতিবন্ধী লোকসকলৰ বাবে তিনিটা আইন প্রণয়ন কৰিছে, সেইবোৰ হ’ল:

ক) প্রতিবন্ধী (ইকুৱেল অপাৰচুনিটিজ, প্রটেকচন অফ ৰাইটচ্‌ এণ্ড ফুল পার্টিচিপেচন) আইন, ১৯৯৫ মতে শ্বিক্ষা, চাকৰী, বাধাহীন মুক্ত পৰিৱেশ, সামাজিক সুৰক্ষা ইত্যাদি।

খ) নেচনেল ট্রাষ্ট ফৰ ওৱেলফেয়াৰ অফ পার্চনচ্‌ উইথ অটি্জম বা আত্নমগ্নতা বেমাৰ, চেৰিব্রেল পালচি, মেন্টাল ৰিটাৰডেচন এণ্ড মাল্টিপল দিচএবিলিটিজ এক্ট, ১৯৯৯ ত চাৰিটা বিভাগত যিমান সম্ভৱ স্বাধীনভাৱে বসবাস কৰাৰ উপযুক্ত পৰিৱেশৰ সক্রিয় নির্মাণৰ বাবে আইনৰ ফালৰ পৰা তত্ত্বাবধানৰ চোৱা-চিতা কৰাৰ বিধান আছে।

গ) পুনৰসংস্থাপন পৰিসেৱাৰ বাবে জনশক্তি উন্নয়ন হকে ভাৰতৰ পুনৰসংস্থাপন পৰিষদ আইন, ১৯৯২ কাম কৰি আছে।

৩) আইনী সীমাৰেখাৰ উপৰিও, আন্তঃগাঁথনিৰ ব্যাপক উন্নয়ন হৈছে। তলত উল্লেখ কৰা সাতটা ৰাষ্ট্ৰীয় প্রতিষ্ঠান বিভিন্ন অঞ্চলত জনশক্তি উন্নয়নৰ বাবে কাম কৰি আছে, সেইবোৰ হ’লঃ

  • শাৰীৰিক প্রতিবন্ধীসকলৰ সংস্থা, নতুন দিল্লী
  • দৃষ্টিশক্তি প্রতিবন্ধীৰ ৰাষ্ট্ৰীয় সংস্থা, ডেৰাডুন
  • অস্থি প্রতিবন্ধীৰ বাবে ৰাষ্ট্ৰীয় সংস্থা, কলকতা
  • মানসিক প্রতিবন্ধীৰ বাবে ৰাষ্ট্ৰীয় সংস্থা, চেকেন্দ্রাবাদ
  • শ্রৱণ প্রতিবন্ধীৰ বাবে ৰাষ্ট্ৰীয় সংস্থা, মুম্বাই
  • পুনৰসংস্থাপন প্রশিক্ষণ আৰু গৱেষণাৰ ৰাষ্ট্ৰীয় সংস্থা, কটক
  • একাধিক প্রতিবন্ধকতা সম্পন্ন ব্যক্তিৰ ক্ষমতায়নৰ ৰাষ্ট্ৰীয় প্রতিষ্ঠান, চেন্নাই

৪) পাঁচটা যৌগিক পুনৰসংস্থাপন কেন্দ্র, চাৰিটা আঞ্চলিক পুনৰসংস্থাপন কেন্দ্র আৰু ১২০ টা জিলা প্রতিবন্ধী পুনৰসংস্থাপন কেন্দ্র (ডিডিআৰচি)– বিভিন্ন ধৰণৰ পুনৰসংস্থাপন পৰিসেৱাবোৰ প্রতিবন্ধী লোকসকললৈ আগবঢ়াই আছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিষয়ক মন্ত্রীৰ অধীনত কেইবাটাও পুনৰসংস্থাপনৰ ক্ষেত্রত কাম কৰি থকা প্রতিষ্ঠান আছে, যেনে: নেচনেল ইঞ্চটিটিউট অফ্‌ মেন্টাল হেলথ্‌ এণ্ড নিউৰো বেঙ্গালোৰ, অল ইণ্ডিয়া ইঞ্চটিটিউট অফ ফিজিকেল মেডিচিন এণ্ড ৰিহাবিলিটেচন, মুম্বাই, অল ইণ্ডিয়া ইঞ্চটিটিউট অফ্‌ স্পিচ এণ্ড হেয়াৰিং, মহীশূৰ, চেন্ট্রাল ইঞ্চটিটিউট অফ চাইক্রিয়াট্রি, ৰাঁচি ইত্যাদি। তাৰোপৰি, কিছুমান ৰাজ্য চৰকাৰী সংস্থাইও পুনৰসংস্থাপনৰ কাম কৰি আছে। ইয়াৰ উপৰিও ২৫০ টা ব্যক্তিগত সংস্থাই পুনৰসংস্থাপন পেশাদাৰীসকলৰ বাবে প্রশিক্ষণ দিছে।

৫) নেচনেল হেণ্ডীকেপড্‌ এণ্ড ফাইনেঞ্চ ডেভলাপমেন্ট কর্পোৰেচন (এনএইচএফডিচি)-এ ৰেহাই হাৰত ঋণ মুকলি কৰাৰ ব্যৱস্থা কৰি আছে যাতে ৰাজ্যৰ নির্দেশিত এজেঞ্চীসমূহৰ মাধ্যমে শাৰীৰিক প্রতিবন্ধী লোকসকল স্ব-নিযুক্তি প্রকল্পৰ যোগেদি নিজকে কর্মক্ষম কৰি তুলিব পাৰে।

৬) গাঁৱৰ ক্ষেত্রত পঞ্চায়তীৰাজ সংস্থাসমূহ, মধ্যৱর্তী স্তৰ আৰু জিলা স্তৰৰ প্রতিবন্ধী লোকসকলৰ কল্যানৰ বাবে ন্যস্ত কৰা হৈছে।

৭) এচিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলত প্রতিবন্ধী লোকসকলৰ সকলো কামতেই সমান অংশ গ্রহণ কৰাৰ অংগীকাৰটোত ভাৰতবর্ষই স্বাক্ষৰ কৰিছে। আনকি ভাৰতে ভীয়াক’ মিলেনিয়াম ফ্রেমৱার্কত প্রতিবন্ধীসকলৰ বাবে বাধাহীন আৰু অধিকাৰ সম্পন্ন সমাজ প্রতিষ্ঠাৰ অঙ্গীকাৰতো স্বাক্ষৰ কৰিছে। বর্তমানে ভাৰত অসমর্থ ব্যক্তিৰ অধিকাৰ আৰু মর্যাদা ৰক্ষা আৰু উন্নয়নৰ হকে জাতিসংঘৰ সন্মিলনত ভাগ লৈছে।

ৰাষ্ট্ৰীয় নীতি বক্তব্য

৮) ৰাষ্ট্ৰীয় নীতিয়ে স্বীকাৰ কৰিছে যে প্রতিবন্ধী ব্যক্তিসকল দেশৰ মূল্যৱান নাগৰিক সম্পদ আৰু তেওঁলোকে এনে এটা পৰিৱেশ বিচাৰে য’ত তেওঁলোকৰ বাবে সমান সুযোগ আৰু সমাজত তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্রত পূর্ণ অংশগ্রহণ কৰাৰ প্রতি সুৰক্ষা প্রদান কৰা হয়। এই নীতিৰ মূল লক্ষ্যটো তলত উল্লেখ কৰা দৰে হ’ব:

প্রতিবন্ধীসকলৰ প্রতিৰোধ

৯) যিহেতু বহু ক্ষেত্রত দেখা গৈছে যে প্রতিবন্ধী বিষয়টো প্রতিৰোধ কৰিব পৰা যায়, গতিকে প্রতিবন্ধী প্রতিৰোধৰ ওপৰত বিশেষকৈ জোৰ দিয়া হ’ব। বেমাৰ বোৰক প্রতিৰোধ কৰিবৰ বাবে পৰিকল্পনাৰ প্রয়োজন, যাৰ ফলত গর্ভাৱস্থাৰ সময়ত আৰু তাৰ পিছত শাৰীৰক অক্ষমতা প্রতিৰোধৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ প্রয়োজন আৰু তাৰ পিছত তেওঁলোকৰ আচ্চাদন সম্প্রসাৰিত হ’ব।

পুনৰসংস্থাপন ব্যৱস্থা

১০) পুনৰসংস্থাপন ব্যৱস্থাখিনিক তলত উল্লেখ কৰা তিনিটা বিশেষ গোটত ভগাব পাৰি:

১) শাৰীৰিক পুনৰসংস্থাপন, ইয়াৰ ভিতৰত আছে আগতীয়াকৈ ৰোগ নির্ণয় আৰু তাত হস্তক্ষেপ, পৰামর্শদান আৰু চিকিত্সাগত প্রতিকাৰ আৰু সাহায্যৰ উপায় আৰু ব্যৱস্থা। আনকি পুনৰসংস্থাপন পেশাদাৰীৰ উন্নয়নো ইয়াৰ ভিতৰত সন্নিৱিষ্ট কৰা হৈছে।

২) বৃত্তিমূলক শিক্ষাৰ সৈতে শিক্ষাগত পুনৰসংস্থাপন আৰু

৩) সমাজত এক সন্মানীয় জীৱন অতিবাহিত কৰিবলৈ আর্থিক পুনৰসংস্থাপন

শাৰীৰিক পুনৰসংস্থাপন কৌশল

ক) প্রাথমিক অৱস্থাত নির্ণয় আৰু হস্তক্ষেপ

১১) প্রাথমিক অৱস্থাত অক্ষমতা নির্ণয় কৰি দৰৱ, দৰৱহীন পদ্ধতি বা থেৰাপিৰ দ্বাৰা সেই বিষয়ত হস্তক্ষেপ কৰি অক্ষমতা প্রতিৰোধ কৰিব পাৰি। সেইবাবেই প্রাথমিক অৱস্থাত ৰোগ নির্ণয় কৰাৰ লগতে সেই বিষয়ে হস্তক্ষেপ কৰাৰ ওপৰত বিশেষ জোৰ দিয়া হয়, আৰু লাগতিয়াল সা-সুবিধাখিনি শেষত তৈয়াৰ কৰি ল’ব পৰা যায়। এই ধৰণৰ সুবিধা বিলাক যে গাওঁ অঞ্চলতো পোৱা যায়, সেই বিষয়ে তথ্যবোৰ চৌদিশে বিয়পাই দিবৰ বাবে চৰকাৰে ব্যৱস্থা ল’ব।

খ) উপদেশ আৰু চিকিৎসা বিষয়ক পুনৰসংস্থাপন

১২) শাৰীৰিক পুনৰসংস্থাপন পদ্ধতিৰ লগতে উপদেশ প্রদান কৰিলে, অক্ষম মানুহৰ লগতে তাৰ পৰিয়ালটোৰ মানসিক শক্তি যথেষ্ট পৰিমাণে বৃদ্ধি পায়। ফিজিওথেৰাপি, অকুচনেল থেৰাপি, চাইক’থেৰাপি, অস্ত্রোপচাৰৰ সংশোধন আৰু হস্তক্ষেপ, শ্রুতি নির্ভৰ পুনৰসংস্থাপন আৰু বিশেষ শিক্ষা ইত্যাদিবিলাক দেশৰ ভিতৰত অৱস্থিত সকলো জিলাতেই ৰাজ্য চৰকাৰৰ অংশগ্রহণ, স্থানীয় কর্তৃপক্ষ, বেচৰকাৰী প্ৰতিষ্ঠানৰ লগতে মাক-দেউতাক আৰু অক্ষম লোকসকলৰ সহায়তাত আগবঢ়াই নিব পাৰি।

১৩) বর্তমানে পুনৰসংস্থাপন পৰিসেৱাবোৰ চহৰ অঞ্চলৰ ওচৰে-পাজৰে প্রচুৰ পৰিমাণে পোৱা গৈছে। যিহেতু ৭৫ শতাংশ প্রতিবন্ধী মানুহ গাওঁ অঞ্চলত বসবাস কৰে সেইবাবেই পেশাদাৰীসকলে তেওঁলোকৰ পৰিসেৱাবিলাক ইতিমধ্যে আৰম্ভ কৰা অঞ্চলবিলাকত বা কেতিয়াও আৰম্ভ নকৰা অঞ্চলত আৰু অপৰিবেশিত অঞ্চল বিলাকত বিয়পাই দিব। ব্যক্তিগত মালিকানধীন পুনৰসংস্থাপন পৰিসেৱা কেন্দ্রবিলাক নির্দেশিতভাৱে নূন্যতম মান সম্পন্ন পৰিসেৱা ব্যৱস্থা আগবঢ়াব।

১৪) গাওঁ অঞ্চলত আৰু অপৰিবেশিত অঞ্চলবিলাকত বিয়পাই দিবলৈ, ৰাজ্য চৰকাৰৰ সহযোগিতাত নতুনকৈ জিলা প্রতিবন্ধী পুনৰসংস্থাপন কেন্দ্রবিলাক বা ডিষ্ট্রিক্ট দিচএবিলিটি ৰিহাবিলিটেচন চেন্টাৰ (ডিডিআৰচি) স্থাপন কৰিব।

১৫) এক্রিডিটেদ ছচিয়েল হেলথ্‌ এক্টিভিষ্ট আশা)-ৰ দ্বাৰা স্বীকৃত ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানে গাঁৱৰ মানুহৰ লাগতিয়াল স্বাস্থ্য, বিশেষকৈ সমাজৰ অসুৰক্ষিত অংশৰ মানুহৰ স্বাস্থ্যৰ বিষয়ে কাম কৰে। এএচএইচএ সংস্থাটোয়ে সমাজৰ একেবাৰে তৃণমূল স্তৰৰ প্রতিবন্ধী লোকক সাহাৰ্য্য কৰে।

গ) সহকাৰী কৌশল

১৬) ভাৰত চৰকাৰে শাৰীৰিক প্রতিবন্ধী লোককভাৰত চৰকাৰৰ আইএচআই (ISI) মানযুক্ত আধুনিক, বৈজ্ঞানিকভাবে তৈয়াৰী, প্রতিবন্ধীসকলৰ বাবে সহায়ক নানান ধৰণৰ সা-সঁজুলি ব্যৱহাৰৰ পৰামর্শ দিছে, যাৰ সাহায্যত তেওঁলোকৰ শাৰীৰিক, সামাজিক আৰু মানসিক অক্ষমতা বহু পৰিমাণে কম হ’ব আৰু তেওঁলোক এক উন্নত জীৱন-যাপন কৰিলৈ সমর্থ হ’ব।

১৭) প্রতি বছৰতেই বিভিন্ন ৰাষ্ট্ৰীয় সংস্থা, ৰাজ্য চৰকাৰ, ডিডিআৰচি আৰু এনজিঅ’ বিলাকে প্রতিবন্ধী মানুহক বিভিন্ন ধৰণৰসা-সঁজুলি যেনে- কৃত্রিম অঙ্গ-প্রতঙ্গ, ট্রাই চাইকেল, হুইল চেয়াৰ, ভৰিৰ চার্জিকেল পিন্ধনি আৰুনিতৌ ব্যৱহার্য নানা ধৰণৰসা-সঁজুলি, শিক্ষণ সামগ্রী (ব্রেইল লিখন সঁজুলি, ডিকটাফোন, চিডি প্লেয়াৰ/টেপ ৰেকর্ডাৰ), চকুৰে কম দেখা মানুহৰ বাবে সহায়ক যন্ত্র, অন্ধ মানুহৰ ফুৰা-চকাৰ বাবে বেতৰ লাখুটি, কানেৰে শুনাৰ সঁজুলি, শিক্ষাৰ সঁজুলি, যোগাযোগৰ সাহাৰ্য্যকাৰী সঁজুলি, সহায়কাৰী আৰু সতর্ককাৰী সঁজুলি আৰু মানসিক ভাবে প্রতিবন্ধীসকলৰ বাবে বিভিন্ন ধৰণৰসা-সঁজুলিৰ যোগান দি থাকে। এই ধৰনৰ সাহাৰ্য্যকাৰী সা-সঁজুলি বিলাক ইতিমধ্যে দেশৰ আওঁতাভূক্ত নাইবা আওঁতাৰ বাহিৰৰ অঞ্চলত যোগান দিয়া হ’ব।

১৮) ব্যক্তিগত, ৰাজহুৱাআৰু যুটীয়া খণ্ডৰ প্রতিষ্ঠানবোৰ এই ধৰণৰউচ্চ প্রযুক্তিৰ প্রতিবন্ধীৰ বাবে সাহায্যকাৰী সা-সঁজুলিবিলাক তৈয়াৰ কৰে আৰু এইবোৰ কিনিবৰ বাবে ৰাজহুৱা খণ্ডৰ বেঙ্কবিলাক আর্থিক সাহাৰ্য্যও আগবঢ়াব।

ঘ) পুনৰসংস্থাপনপেশাদাৰীৰ উন্নয়ন

১৯) প্রতিবন্ধী লোকৰ পুনৰসংস্থাপনৰ বাবে মানৱ সম্পদ চাহিদাবোৰৰ মূল্যাঙ্কন আৰু উন্নয়ন পৰিকল্পনা এনে ভাবে তৈয়াৰ কৰা হ’ব যাতে প্রয়োজনৰ তুলনাত কম সংখ্যক মানুহ থকা সত্বেও এই পৰিকল্পনাটো যেন কোনো ভাবেই অসফল নহয়।

প্রতিবন্ধীসকলৰ বাবে শিক্ষা

২০) সামাজিক আৰু অর্থনৈতিক ক্ষমতায়নৰ দিশত শিক্ষাই হ’ল আটাইতকৈ মজবুত লাখুটি। সংবিধানৰ অনুচ্ছেদ ২১এ ৰ সাহসী দিশটোৰ কথাকেই ধৰা যাওক, য’ত শিক্ষাক মানুহৰ মৌলিক অধিকাৰ বুলি স্বীকৃতি দিয়া হৈছে, আৰু প্রতিবন্ধী আইন, ১৯৯৫, ধাৰা ২৬ মতে ১৮ বছৰ বয়সলৈকে সকলো প্রতিবন্ধী ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ শিক্ষা দিয়া হ’ব বুলি উল্লেখ কৰা হৈছে। ২০০১ চনৰ জনগণনা মতে ৫১ শতাংশ প্রতিবন্ধী মানুহ শিক্ষিত। এই পৰিমাণটো যথেষ্ট বেছি। সমাজৰ মূল সাধাৰন শিক্ষাৰ সোঁতৰ লগত এই শিক্ষিত প্রতিবন্ধী লোকসকলক মিলাই আগবঢ়াই লৈ যোৱাৰ প্রয়োজন আছে।

২১) ভাৰত চৰকাৰে ২০১০ চনৰ আগতেই প্রতিবন্ধী ছাত্র-ছাত্রীৰে সৈতে ৬-১৪ বছৰৰ ভিতৰত সকলো ছাত্র-ছাত্রী, আনকি বিদ্যালয় এৰি গুচি যোৱা ছাত্র-ছাত্রী সকলৰ বাবে যোৱা ৮ বছৰৰ পৰাই সর্ব শিক্ষা অভিযান (এচ এচ এ) আৰম্ভ কৰিছে। ১৫-১৮ বছৰ বয়সৰ প্রতিবন্ধী ছাত্র-ছাত্রীসকলক ইন্টিগ্রেডেদ এডুকেচন ফৰ দিচএবিল্ড চিল্ড্রেন (আই ই ডি চি) আঁচনিৰ যোগেদি বিনামূলীয়াকৈ শিক্ষা প্রদান কৰা হয়।

২২) এচএচএ-ৰ অধীনত, শিক্ষাগত বিকল্প প্রচলিত ব্যৱস্থা, শিক্ষাৰ সহায়ক আৰু সঁজুলি, সক্রিয় সহায়ক, সাহায্যকাৰী পৰিসেৱাসমূহ ইত্যাদি বিষয়বিলাক প্রতিবন্ধী ছাত্র-ছাত্রীসকলৰ বাবে যোগান ধৰা হৈছে। ইয়াৰ ভিতৰত আছে মুক্ত বিদ্যালয়ত মুক্ত শিক্ষা দান ব্যৱস্থা, বিকল্প বিদ্যালয়ত ব্যৱস্থা, দূৰণিবটীয়া শিক্ষা দান ব্যৱস্থা, বিশেষ বিদ্যালয়, য’তেই প্রয়োজন হয় তাতেই ঘৰত বহি শিক্ষা দান ব্যৱস্থা, ভ্রাম্যমান শিক্ষক আৰ্হি, আৰোগ্যমূলক শিক্ষাদান, আংশিক সময়ৰ পাঠদান, সম্প্রদায়ভিত্তিক পুনৰসংস্থাপন (চিবিআৰ) আৰু বৃত্তিমূলক শিক্ষা।

২৩) আইইডিচি আঁচনিখন ৰাজ্য চৰকাৰ, স্ব-শাসিত সংস্থা আৰু স্বেচ্ছাসেৱীমূলক প্রতিষ্ঠানবোৰ বিভিন্ন ক্ষেত্রত যেনে: বিশেষ শিক্ষক, কিতাপ আৰু আনুসঙ্গিক কাগজ, কলম, পেঞ্চিল, পোছাক, যানবাহন, চকুৰে দেখিব নোৱাৰা অন্ধসকলৰ বাবে পঢ়ুৱৈৰ ভাট্টা, ছাত্ৰাৱাসৰ ভাট্টা, সা-সঁজুলিৰ খৰচ, এশভাগ আর্থিক সাহাৰ্য্যআগবঢ়ায়, অপসাৰন/স্থাপত্যতুল্য বাধাবোৰৰ পৰিৱর্তন, নির্দেশনামূলক উপাদানৰ বাবে/শিক্ষণ পদ্ধতি কিনাৰ বাবে আর্থিক সহায়তা, সাধাৰণ শিক্ষকৰ বাবে প্রশিক্ষণ আৰু সংস্থান কোঠাৰ বাবে সা-সঁজুলি।

২৪) নিয়মিত পর্যবেক্ষণৰ মাধ্যমে চৰকাৰে প্রতিনিয়ত শিশুসকলৰ মাজৰ পৰা প্রতিবন্ধীসকলক বাছি উলিয়াবৰ উন্নত প্রচেষ্টা চলাই আছে। সেইসকল শিশুৰ সঠিক বিদ্যালয়ত ভর্তি আৰু সফলতাৰে শিক্ষাকাল সম্পন্ন নকৰালৈকে প্রক্রিয়া আৰম্ভ ৰখাৰ চেষ্টা কৰি আছে। চৰকাৰে উপযুক্ত শিক্ষণ পদ্ধতি, সা-সঁজুলি, কিতাপ ইত্যাদিবোৰ প্রতিবন্ধী ছাত্র-ছাত্রীসকলক দিয়াৰ লগতে প্রতিবন্ধীৰ প্রতি বন্ধু মনোভাৱাপন্ন আৰু সুচাৰুৰূপে প্রশিক্ষিত শিক্ষকমণ্ডলী আৰু বিদ্যালয়ৰ ব্যৱস্থা কৰিব।

২৫) চৰকাৰ বিদ্যালয়ৰ সীমালৈকে প্রতিবন্ধী ছাত্র-ছাত্রীসকলৰ শিক্ষাৰ বাবে বৃত্তি দিয়াৰ ব্যৱস্থাও কৰিছে। চৰকাৰ এই বৃত্তি আৰু ইয়াৰ সীমাৰখা আৰু অধিক হাৰে আগলৈ আগবঢ়াই নিবলৈ চেষ্টা চলাই থাকিব।

২৬) কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা এনে ভাবে তৈয়াৰ কৰা হৈছে যাতে আৰম্ভ প্রতিষ্ঠানৰ, অপৰিসেৱা/অ-সংৰক্ষিত অঞ্চলৰ কাম-কাজক উৎসাহিত কৰি আগবঢ়াই নিবলৈ আৰু সেই কাম-কাজবিলাকক আৰু অধিক পৰিমাণে উন্নত আৰু দক্ষতাপূর্ণ কৰি বিভিন্ন ধৰণৰ উৎপাদনশীল কাম-কাজৰ সুবিধা লাভ কৰিব পৰা যায়। বিভিন্ন ধৰণৰ বেচৰকাৰী প্রতিষ্ঠান বিলাকেও এই ক্ষেত্রত উৎসাহিত কৰা হ'ব।

২৭) প্রতিবন্ধী লোকসকলক বিশ্ববিদ্যালয়ত, কাৰিকৰী প্রতিষ্ঠানত আৰু অন্যান্য প্রতিষ্ঠানত উচ্চ শিক্ষা লাভ কৰি যাতে পেশাদাৰী পাঠ্যক্ৰমবিলাকৰ সুবিধা গ্রহণ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা লোৱা হ'ব।

প্রতিবন্ধী মানুহক আর্থিক পুনৰসংস্থাপন

২৮) প্রতিবন্ধী লোকক আর্থিক পুনৰসংস্থাপন দুই ধৰণে দিব পৰা যায় তাৰে এটা হ'ল বেতনভুক্ত কর্মসংস্থান আৰু আনটো হ'ল স্ব-নিযুক্তি ব্যৱস্থা। বৃত্তিমূলক পুনৰসংস্থাপন কেন্দ্র আৰু বৃত্তিমূলক প্রশিক্ষণ কেন্দ্রৰ সাহাৰ্য্যকাৰী পৰিসেৱাবোৰ এনেভাবে তৈয়াৰ কৰা হয় যাতে চহৰ আৰু গাওঁ দুই ধৰণৰ ঠাইতেই উৎপাদনশীল আৰু লাভজনক কর্মসংস্থানৰ যোগাৰ কৰিব পৰা যায়। প্রতিবন্ধী মানুহৰ আর্থিক ক্ষমতায়ন পৰিকল্পনাবোৰ তলত দিয়া ধৰণে হ'ব;

ক) চৰকাৰী প্রতিষ্ঠানবিলাকত কাম-কাজ

পিডব্লিউডি আইন, ১৯৯৫ আইনে ভাৰত চৰকাৰ আৰু ৰাজহুৱা খণ্ডৰ অধীনত (পিএচইউ) থকা সংস্থাবিলাকত ৩ শতাংশ আসন নির্দিষ্ট পদত সংৰক্ষিত কৰে। চৰকাৰৰ বিভিন্ন মন্ত্রীসকল/বিভাগবোৰ অধীনত থকা নির্দিষ্ট গোট এ, বি, চি আৰু ডি- ত ৩.০৭, ৪.৪১ শতাংশ, ৩.৭ শতাংশ আৰু ৩.১৮ শতাংশ আসন পর্যায়ক্রমে সংৰক্ষিত কৰা হয়। পিএচইউ-ত সংৰক্ষণ ব্যৱস্থাটো নির্দিষ্ট গ্রুপ এ, বি, চি আৰু ডি- যথাক্রমে ২.৭৮ শতাংশ, ৮.৫৪ শতাংশ, ৫.০৪ শতাংশ আৰু ৬.৭৫ শতাংশ হয়। চৰকাৰে নির্দিষ্টকৈ উল্লেখ কৰা বিভিন্ন চৰকাৰী আৰু পাব্লিক চেক্টৰৰ অধীনত থকা সংস্থা বিলাক পি ডব্লিউ ডি আইন, ১৯৯৫ মতে আসন সংৰক্ষিত কৰা হয়। ২০০১ চনত উল্লেখ কৰা নির্ধাৰিত পদৰ তালিকাখন পুনৰ পর্যালোচনা আৰু সংশোধিত কৰা হ'ব

খ)ব্যক্তিগত প্রতিষ্ঠানবিলাকত বেতনভুক্ত কাম-কাজ

ব্যক্তিগত প্রতিষ্ঠানবিলাকত প্রতিবন্ধী ব্যক্তিসকলৰ উপযুক্ত দক্ষতাৰ উন্নতি ঘটোৱা হ'ব। প্রতিবন্ধী মানুহৰ উপযুক্ত ক্ষমতা আৰু দক্ষতাৰ উন্নতি ঘটাবলৈ বৃত্তিমূলক পুনৰসংস্থাপন কেন্দ্র আৰু প্রতিবন্ধী প্রশিক্ষণ কেন্দ্রবোৰৰ পৰিসেৱা ব্যাপক হাৰত বৃদ্ধি কৰিবলৈ যথেষ্ট পৰিমাণে উৎসাহ দিয়া হ'ব। সেৱা খণ্ডবিলাকত দ্রুত হাৰত কামৰ সুযোগ বৃদ্ধি কৰিবলৈ প্রতিবন্ধী মানুহ বিলাকক বজাৰৰ চাহিদা অনুসাৰে উপযুক্ত প্রশিক্ষণ নিবলৈ উৎসাহিত কৰা হ'ব। ব্যক্তিগত সংস্থাবিলাকত প্রতিবন্ধী মানুহক প্রৰোচনামূলক উৎসাহ প্রদান ব্যৱস্থা যেনে- ভাট্টা, পুৰস্কাৰ, কৰৰ ৰেহাই ইত্যাদি বিলাক দিয়াৰ ব্যৱস্থা কৰা হ'ব।

গ) স্ব-নিযুক্তি

সংগঠিত ক্ষেত্রত কামৰ কম পৰিমাণে সুযোগ থকাৰ বাবে, প্রতিবন্ধী মানুহৰ বাবে স্ব-নিযুক্তি কর্মসংস্থানৰ ওপৰত বেছিকৈ জোৰ দিয়া হ'ব। এই প্রক্রিয়াটো বৃত্তিমূলক শিক্ষা আৰু প্রশাসনিক প্রশিক্ষণৰ যোগেদি কৰা হ'ব। অন্যহাতে, বর্তমানে আৰম্ভ থকা এনএইচএফডিচি-ৰ যোগেদি ৰেহাই হাৰত ঋণ দিয়াৰ ব্যৱস্থাটো আৰু অধিক স্বচ্ছ আৰু উজু কৰা হ'ব যাতে সহজতেই প্রতিবন্ধী মানুহসকলে ৰেহাই হাৰত ঋণ লাভ কৰিব পাৰে। আনকি চৰকাৰেও বিভিন্ন ধৰনৰ ভাট্টা যেনে- কৰ ৰেহাই, শুল্ক ৰেহাই, মাল আৰু পৰিসেৱা আহৰণৰ ক্ষেত্রত চৰকাৰৰ পৰা বিশেষ সুবিধা প্রদানৰ মাধ্যমে স্ব-নিযুক্তি প্রকল্পৰ প্রতি উৎসাহ প্রদান কৰিব।

তিৰোতা প্রতিবন্ধী

২৯) ২০০১ চনৰ জনগণনা মতে ৯৩.০১ লাখ তিৰোতা প্রতিবন্ধী মানুহ আছে, এই সংখ্যাটো মুঠ প্রতিবন্ধী জনসংখ্যাৰ ৪২.৪৬ শতাংশ। তিৰোতা প্রতিবন্ধীক শোষণ আৰু আপত্তিজনকভাবে ব্যৱহাৰৰ পৰা ৰক্ষা কৰিবলৈ বিশেষভাবে সুৰক্ষাৰ প্রয়োজন আছে। শিক্ষা, চাকৰী আৰু সামাজিক প্রয়োজনীয়তাৰ ওপৰত নির্ভৰ কৰি আন আন পুনৰসংস্থাপনমূলক পৰিসেৱা দিব লাগে। বিশেষ শিক্ষামূলক আৰু বৃত্তিমূলক প্রশিক্ষণ সুবিধাবোৰ স্থাপন কৰিব লাগে। পৰিত্যক্ত মহিলা/ছোৱালীসকলৰ পৰিয়াল বিলাকক বিশেষ ৰূপে উৎসাহিত কৰি পৰিয়ালটোত উভতাই দি, লাভজনক আয়ৰ উৎসৰ ব্যৱস্থা কৰিব পৰাকৈ বিশেষ প্রশিক্ষণ আৰু অর্হতা অর্জন কৰাৰ পৰিকল্পনা তৈয়াৰ কৰিব লাগে। যিবিলাক প্ৰকল্প মুঠ সুবিধাভোগীৰ অন্ততঃ পচিশ শতাংশ প্রতিবন্ধী মহিলাৰ প্রতিনিধিত্ব কৰাৰ নিশ্চয়তা দিয়ে, সেই বিলাক ক্ষেত্রত চৰকাৰে বিশেষ ৰূপে উৎসাহিত কৰিব।

৩০) সংক্ষিপ্ত সময় কালৰ বাবে প্রতিবন্ধী মহিলাসকলক ঘৰত, বন কৰি থকা প্রতিবন্ধী মহিলাসকলক মহিলাৱাসত আৰু বয়সীয়াল প্রতিবন্ধী মহিলাসকলক গৃহসমূহত থকাৰ ব্যৱস্থা কৰা হ'ব।

৩১) দেখা গৈছে যে মহিলা প্রতিবন্ধী লোকসকলক তেওঁলোকৰ সন্তানক চোৱাচিতা কৰিবৰ বাবে যথেষ্ট কষ্ট কৰিব লগা হয়। এই ধৰণৰ প্রতিবন্ধী মহিলাসকলে যাতে তেওঁলোকৰ সন্তানৰ চোৱাচিতাৰ বাবে বাহিৰা পৰিসেৱাৰ সাহায্য ল'ব পাৰে, তাৰ বাবে চৰকাৰেও তেওঁলোকক আর্থিক সাহায্য আগবঢ়াব। অৱশ্যে এই ধৰণৰ সাহাৰ্য্যসর্বাধিক দুই বছৰৰ কাৰণে আৰু মাথোন দুটা সন্তানৰ বাবেহে দিয়া হ'ব।

শিশু প্রতিবন্ধী

৩২) শিশু প্রতিবন্ধীসকল হ'ল সমাজৰ আটাইতকৈ ক্ষতিগ্রস্থ শ্রেণী যিসকলৰ কাৰণে বিশেষ যত্ন লোৱাৰ প্রয়োজন আছে। চৰকাৰেও তলত দিয়া ধৰণে যিমান সম্ভৱ চেষ্টা চলাব:-

১) প্রতিবন্ধী শিশুসকলক উপযুক্ত যত্ন, সুৰক্ষা আৰু নিৰাপত্তা প্রদান কৰা;

২) এনে এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব য'ত প্রতিবন্ধী শিশুসকল সমান অধিকাৰ প্রয়োগ কৰিব পাৰিব, সমান সুযোগ উপভোগ কৰিব পাৰিব আৰু বিধিবদ্ধভাৱে সকলো ঠাইতেই সমানভাৱে অংশ গ্রহণ কৰিব পাৰিব।

৩) শিক্ষা, স্বাস্থ্য, বৃত্তিমূলক প্রশিক্ষণৰ ক্ষেত্রত কার্যকৰী প্রৱেশাধিকাৰ নিশ্চিত কৰিব লাগিব লগতে প্রতিবন্ধী শিশুসকলক বিশেষভাৱে পুনৰসংস্থাপন পৰিসেৱা প্রদান কৰিব লাগিব।

৪) সাংঘাতিকভাৱে প্রতিবন্ধীসকলৰ ক্ষেত্রত বিশেষ চাহিদা আৰু যত্নৰ লগতে উন্নয়নৰ অধিকাৰ নিশ্চিত কৰিব লাগিব।

বাধাহীন পৰিৱেশ

৩৩) বাধাহীন পৰিৱেশে প্রতিবন্ধীসকলক মুক্তভাৱে নিৰাপদে অ'ত ত'ত ফুৰা-চকা কৰিব পাৰে, আৰু গঠনমূলক পৰিৱেশৰ ভিতৰত থাকি এই সুবিধাবোৰ ব্যৱহাৰ কৰিব লাগে। বাধাহীন পৰিৱেশৰ মূল লক্ষ্য হ'ল এনে এটা পৰিৱেশ য'ত প্রতিজন প্রতিবন্ধী ব্যক্তিয়ে আনৰ সাহায্য নোলোৱাকৈ নিতৌ দিনটোৰ কাম-কাজবিলাক অকলেই কৰিব পাৰে। গতিকেই যিমান খিনি সম্ভৱ, অট্টালিকা/ঠাইত, জনসাধাৰণৰ যানবাহন ব্যৱস্থাত বাধাহীন কৰি তৈয়াৰ কৰিব লাগে।

প্রতিবন্ধী প্রমাণপত্রসমূহ

৩৪) ভাৰত চৰকাৰে প্রতিবন্ধীৰ মূল্যায়ন আৰু প্রমাণপত্রৰ পদ্ধতিৰ বাবে নির্দিষ্ট নির্দেশিকা আৰম্ভ কৰিছে। প্রতিবন্ধী ব্যক্তিজনে কম সময়তে, সহজ উপায়ে, বন্ধু-সুলভ পদ্ধতিৰ যোগেদি প্রতিবন্ধী সংক্রান্ত প্রমাণপত্র যাতে সংগ্রহ কৰিব পাৰে তাৰ বাবে চৰকাৰে নিশ্চয়তা প্রদান কৰিব।

সামাজিক নিৰাপত্তা

৩৫) প্রতিবন্ধী লোকসকলক নিতৌ জীৱন অতিবাহিত কৰাবলৈ, চিকিৎসা কৰাবলৈ, অনা নিয়া কৰাবলৈ, সাহায্যকাৰী সা-সঁজুলিৰ যোগান আদি দিবলৈ, তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ চোৱা-চিতা কৰা অভিভাৱকসকলক ভালেমান ধন খৰচ কৰিব লগা হয়। সেইবাবেই বিভিন্ন অর্থত তেওঁলোকক সামাজিক নিৰাপত্তা প্রদান কৰিব লাগে। কেন্দ্রীয় চৰকাৰে প্রতিবন্ধীসকলক আৰু তেওঁলোকৰ পৰিয়ালবিলাকক কৰ ৰেহাইৰ ব্যৱস্থা কৰি দিছে। ৰাজ্য চৰকাৰ/কেন্দ্রীয় শাসিত চৰকাৰে বেকাৰ ভাতা নাইবা প্রতিবন্ধী পেণ্সন দি আছে। ৰাজ্য চৰকাৰে প্রতিবন্ধীসকলৰ বাবে এটা সমন্বিত সামাজিক নিৰাপত্তামূলক নীতি তৈয়াৰ কৰাৰ বিষয়টোক আদৰণি জনাব।

৩৬) আত্ম সংবৃতি, মূৰৰ পক্ষাঘাত, মানসিক ভাৰসাম্যহীনতা আৰু একাধিক অক্ষমতা যুক্ত সন্তানৰ পিতৃ-মাতৃক তেওঁলোকৰ মৃত্যুৰ পিছত তেওঁলোকৰ সন্তান ভবিষ্যতৰ কথা ভাবি যথেষ্ট চিন্তাশীল হ'ব লগা হয়। ৰাষ্ট্ৰীয় ন্যাসে, আত্ন সংবৃতি, মূৰৰ পক্ষাঘাত, মানসিক ভাৰসাম্যহীনতা আৰু একাধিক অক্ষমতা যুক্ত সন্তানক থলুৱা কমিটিৰ যোগেদি আইনি অভিভাৱকত্ব প্রদান কৰিছে। সাংঘাতিক প্রতিবন্ধকতাৰ লগতে ওপৰত উল্লেখ প্রতিবন্ধকতা থকা সকলক আর্থিক সাহায্য দিবৰ বাবেও তেওঁলোকে সহায়কাৰী অভিভাৱকত্ব আঁচনি বা চার্পোটিভ গার্জিয়ানশ্বীপ স্কীম আৰম্ভ কৰিছে যাতে তেওঁলোক অভিভাৱকহীন হ'ব নেলাগে। এই আঁচনিখন বর্তমানে মাথোন কেইটামান জিলাতহে আৰম্ভ হৈছে, যদিও পৰৱর্তী কালত পর্যায়ক্রমে নির্ধাৰিত সূচী অনুসাৰে ইয়াৰ বিস্তাৰ ঘটিব।

বেচৰকাৰী প্ৰতিষ্ঠানসমূহ(এনজিঅ') - কপ্ৰৱৰ্ধক

৩৭) প্রতিবন্ধীসকলৰ প্রতি সাহাৰ্য্যকাৰী পৰিসেৱাসমূহ আৰম্ভ কৰিবৰ বাবে চৰকাৰৰ প্রচেষ্টাক ভালেমান আগবঢ়াই নিবলৈ এই বেচৰকাৰী প্ৰতিষ্ঠানসমূহে যথেষ্ট সহায় কৰে বুলি চৰকাৰে স্বীকৃতি দিছে। এই বেচৰকাৰী প্ৰতিষ্ঠানসমূহে যথেষ্ট উদ্যোগীক আৰু আগভেটি ধৰা সংস্থা। প্রতিবন্ধীসকলক পৰিসেৱা আগবঢ়াবলৈ ই এটা ডাঙৰ ভূমিকা গ্রহণ কৰে। কিছুমান বেচৰকাৰী প্ৰতিষ্ঠানসমূহে মানৱ সম্পদ উন্নয়ন আৰু গৱেষণামূলক কাম-কাজ হাতত লৈছে। চৰকাৰেও নীতি নির্ধাৰণ, পৰিকল্পনা, ইয়াক জাৰী কৰা, পর্যবেক্ষণ কৰা আৰু বিশেষ বিশেষ ক্ষেত্রত প্রতিবন্ধীসকলৰ বাবে পৰামর্শ ল'বলৈ সক্রিয়ভাৱে জড়িত হৈছে। বিভিন্ন ধৰণৰ প্রতিবন্ধী সংক্রান্ত কার্য যেনে- নীতি নির্ধাৰণ, পৰিকল্পনা কৰা, ইয়াক জাৰী কৰা আদিৰ ক্ষেত্রত বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ সৈতে মতৰ আদান প্রদান বৃদ্ধি কৰা হ'ব। যোগাযোগ সূত্র স্থাপন কৰা, তথ্যৰ আদান-প্রদান কৰা আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ সৈতে ভাল ভাল অভ্যাসসমূহৰ ক্ষেত্রত উৎসাহ প্রদান কৰা হ'ব। তলত দিয়া পৰিকল্পনা বিলাক গ্রহণ কৰা হ'বঃ-

ক)প্রতিবন্ধী সর্ন্দভত কাম কৰি থকা বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ এখন নির্দেশিকা অলপতে প্রকাশিত হ'ব য'ত সঠিকভাৱে প্রধান প্রধান কাম-কাজৰ সৈতে ভৌগলিক দিশৰ মানচিত্ৰায়িত কৰা হ'ব। কেন্দ্রীয়/ৰাজ্য চৰকাৰৰ দ্বাৰা সমর্থিত বেচৰকাৰী প্ৰতিষ্ঠানসমূহ, তেওঁলোকৰ সম্পদৰ অৱস্থান আর্থিক আৰু বাহুবলৰ বিষয়ে নথিভুক্ত কৰা হ'ব। প্রতিবন্ধী ব্যক্তিৰ প্রতিষ্ঠানবোৰ, পৰিয়ালবিলাকৰ সংগঠন আৰু প্রতিবন্ধী পিতৃ-মাতৃৰ স-পক্ষতা দল সকলোকেই বেলেগ বেলেগ পৰিচয়ৰে এই বৰ্ণানুক্ৰমিক তালিকাত অর্ন্তভুক্ত কৰা হ'ব।

খ) বেচৰকাৰী প্ৰতিষ্ঠানসমূহ অগ্রগতিৰ ক্ষেত্রত আঞ্চলিক/ৰাজ্যৰ মাজত যথেষ্ট ভাৰসাম্য থকা দেখা যায়। অ-সংৰক্ষিত আৰু দূর্গম অঞ্চলবিলাকত কাম কৰাৰ বাবে এই বেচৰকাৰী প্ৰতিষ্ঠানসমূহক যথেষ্ট পৰিমাণে উৎসাহ আৰু অগ্রাধিকাৰ দিয়া হ'ব। উল্লেখযোগ্য বেচৰকাৰী প্ৰতিষ্ঠানসমূহক এই ধৰণৰ অঞ্চলবিলাকত কাম কৰাৰ বাবে উৎসাহ প্রদান কৰা হ'ব।

গ) নূন্যতম মানযুক্ত আচাৰ ব্যৱহাৰ আৰু নৈতিকতাৰ নীতি গ্রহণ কৰাৰ বাবে বেচৰকাৰী প্ৰতিষ্ঠানসমূহক উৎসাহ দিয়া হ'ব।

ঘ) বেচৰকাৰী প্ৰতিষ্ঠানসমূহক পৰিচিতি আৰু মানৱ সম্পদৰ বিষয়ে প্রশিক্ষণৰ সুযোগ দিয়া হ'ব। ইতিমধ্যে আৰম্ভ কৰা প্রশাসনিক প্রশিক্ষণ অধিক শক্তিশালী কৰা হ'ব। স্বচ্ছতা, দায়িত্বশীলতা, পদ্ধতিগত সৰলতা ইত্যাদি বিলাক বেচৰকাৰী প্ৰতিষ্ঠানসমূহ চৰকাৰৰ মাজত থকা অংশীদাৰিত্বৰ মূল নির্দেশিকা হ'ব।

ঙ) বেচৰকাৰী প্ৰতিষ্ঠানসমূহেক নিজা সম্পদ বঢ়াই চৰকাৰৰ ওপৰত নির্ভৰশীল হৈ গ্রহণ কৰি থকা আৰ্থিক সাহায্য কম কৰাৰ ওপৰত জোৰ দিয়াৰ লগতে এই খণ্ডত উপলব্ধ আর্থিক বৰঙণিৰ উন্নতি ঘটোৱা হ'ব। সাহায্যৰ পৰিমাণটো লাহে লাহে পদ্ধতিগতভাৱে কমাই অনা হ'ব, যাতে সীমিত আর্থিক ক্ষমতাৰ ভিতৰত থাকি আন আন বহুতো বেচৰকাৰী প্ৰতিষ্ঠানসমূহক সহায় আগবঢ়াব পৰা যায়। অৱশেষত বেচৰকাৰী প্ৰতিষ্ঠানসমূহক সম্পদ বৃদ্ধিৰ বাবে প্রশিক্ষণ দিয়া হ'ব।

প্রতিবন্ধী লোকসকলৰ সম্পর্কে নিয়মীয়াকৈ তথ্য সংগ্রহ

৩৮) প্রতিবন্ধী সম্পর্কে নিয়মীয়াকৈ তথ্য সংগ্রহ, সংকলন আৰু সামাজিক-অর্থনৈতিক তথ্য বিশ্লেষণৰ প্রয়োজন আছে। ১৯৮১ চনৰ পৰাই প্রতি দহ বছৰৰ মূৰে মূৰে নেচনেল চেম্পল চার্ভে অর্গেনাইজেচনে প্রতিবন্ধীৰ সামাজিক-অর্থনৈতিক সম্পর্কে তথ্য সংগ্রহ কৰাৰ কাম কৰি আছে। জনগণনাই ও প্রতিবন্ধী সম্পর্কে ২০০১-জনগণনাৰ পৰা তথ্য সংগ্রহ কৰি আছে। ব্যক্তিগতভাৱে নেচনেল চেম্পল চার্ভে অর্গেনাইজেচনে এই তথ্য প্রতি পাঁচ বছৰত এবাৰ সংগ্রহ কৰিব লাগিব। এই দুটা সংস্থাৰ দ্বাৰা সংগৃহিত ব্যাখ্যাবিলাক মিলাই চোৱা হ'ব।

৩৯) সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ এটা বিস্তৃত বিৱৰণেৰে সজ্জিত ৱেবচাইট সোনকালেই তৈয়াৰ কৰা হ'ব। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠান বিলাকক অন্ধ ব্যক্তিসকলৰ বাবে স্ক্রীন ৰং পদ্ধতি ব্যৱহাৰ কৰি তেওঁলোকৰ নিজা নিজা ৱেবচাইট তৈয়াৰ বিষয়ত উৎসাহ প্রদান কৰা হ'ব।

গৱেষণা

৪০) প্রতিবন্ধী ব্যক্তিসকলৰ জীৱন-ধাৰণৰ মানৰ উন্নতি ঘটাবলৈ, তেওঁলোকৰ আর্থ-সামাজিক দিশত সাহায্য কৰি, সাংস্কৃতিক পটভূমি, প্রতিবন্ধীৰ কাৰণ, শিশুকালৰ প্রাথমিক শিক্ষাৰ পদ্ধতি, সাহায্যকাৰী সা-সঁজুলিৰ উন্নতকৰণ, যন্ত্রপাতিৰ ব্যৱহাৰ আৰু ইয়াৰ লগত সম্পর্কিত আন আন সকলো বিষয়বোৰ যিবোৰে উল্লেখযোগ্যভাৱে প্রতিবন্ধী ব্যক্তিজনৰ জীৱন-ধাৰণৰ মানক উন্নতি ঘটোৱাৰ লগে লগেই তেওঁলোকৰ চিন্তাৰ প্রতি সাধাৰণ মানুহৰ প্রত্যুত্তৰ বিষয়টোৰ বাবে গৱেষণা চলোৱাত সাহায্য কৰা হ'ব। য'তেই প্রতিবন্ধী ব্যক্তিৰ ওপৰত কৰা গৱেষণাটোৰ বাবে মধ্যস্থতাৰ প্রয়োজন হয়, তাতেই তেওঁলোকৰ বা তেওঁলোকৰ পৰিয়ালটোৰ নাইবা তেওঁলোকৰ অভিভাৱকৰ মতামত লোৱাটো বাধ্যতামূলক।

খেল-ধেমালী, আমোদ-প্রমোদ আৰু সাংস্কৃতিক জীৱন

৪১) বেমাৰ প্রতিৰোধবিদ্যা আৰু সামাজিক বলৰ প্রতি খেল-ধেমালীৰ অৱদান অনস্বীকার্য। প্রতিবন্ধী ব্যক্তিজনৰ খেল-ধেমালী, আমোদ-প্রমোদ আৰু সাংস্কৃতিক সুবিধাবোৰ ভোগ কৰিবলৈ সমান অধিকাৰ আছে। চৰকাৰে তেওঁলোকক বিভিন্ন ধৰনৰ খেল-ধেমালী, আমোদ-প্রমোদ আৰু সাংস্কৃতিক কর্মকাণ্ডত ভাগ ল'বলৈ সুযোগ কৰি দিয়াৰ বাবে লাগতীয়াল পদক্ষেপ হাতত ল'ব।

প্রতিবন্ধীৰ সর্ন্দভত বর্তমানে প্ৰচলিতআইনৰ সংশোধন

৪২) পার্চনচ্‌ উইথ দিচএবিলিটিজ (ইকুৱেল অপাৰচুনিটিজ, প্রটেকচন অফ্‌ ৰাআইটচ্‌ এণ্ড ফুল পার্টিচিপেচন) এক্ট, ১৯৯৫ আইনখন আৰম্ভ হোৱা আজি প্রায় দহ বছৰ হ'লহি। এই আইনখন আৰম্ভ হোৱাৰ পৰা আৰু প্রতিবন্ধী বিভাগত উন্নতি হোৱাৰ পৰা লাভ কৰা অভিজ্ঞতাৰ পৰা দেখা গৈছে যে, কিছু কিছু ক্ষেত্রত কিছুমান সংশোধনৰ প্রয়োজন দেখা দিছে। এই ক্ষেত্ৰত জড়িত সংশ্লিষ্টসকলৰ লগত আলোচনাৰ পিছতহে এই সংশোধনী কৰা হ'ব। প্রয়োজন হ'লে আৰচিআই আৰু ৰাষ্ট্ৰীয় ন্যাস আইনকো পৰিৱর্তন কৰি লাগতীয়াল সংশোধন কৰা হ'ব।

হস্তক্ষেপৰ মূল ক্ষেত্রসমূহ

প্রতিৰোধ,প্রাথমিক নির্ণয় আৰু হস্তক্ষেপ

৪৩) প্রতিৰোধ আৰু প্রাথমিক প্রতিবন্ধকতা নির্ণয়টো নিশ্চিত কৰিবলৈ তলত দিয়া কামখিনি কৰিব লাগে:-

১) ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু স্থানীয় স্তৰত প্রতিষেধক বা টীকাকৰণ পদ্ধতি (শিশু আৰু গর্ভৱতী তিৰোতাসকল), জনস্বাস্থ্য আৰু স্বাস্থ্য ব্যৱস্থা অধিক হাৰত কৰা হ'ব।

২) মেডিকেল আৰু পেৰা-মেডিকেল ব্যক্তি বর্গক অধিক পৰিমাণে শিক্ষিত কৰি তোলা হ'ব আৰু শিশুসকলৰ মাজৰ পৰা প্রাথমিক অৱস্থাতেই প্রতিবন্ধকতা বিচাৰি উলিয়াব পৰা সম্ভৱ হয় সেই বিষয়তো প্রশিক্ষণ দিয়া হ'ব।

৩) মেডিকেল আৰু পেৰা মেডিকেল স্বাস্থ্যকেন্দ্রৰ কর্মকাণ্ডত আৰু অঙ্গনৱাৰী কর্মীসকলক প্রতিবন্ধী নির্ণায়কৰ বাবে প্রশিক্ষণ উপাদান আৰু সুবিধাবোৰ, প্রাথমিক বেমাৰ নির্ণয় আৰু মধ্যবর্ত্তিতাৰ প্রশিক্ষণ দিয়া হ'ব।

৪) িচিকৎসা শিক্ষাত অক্ষমতা প্রতিৰোধৰ ওপৰত প্রাথমিক স্তৰত নির্ণয় আৰু হস্তক্ষেপৰ নিচিনা বিষয়বোৰ স্নাতকোত্তৰ, উচ্চতৰ মাধ্যমিক আৰু ডিপ্লোমাত অর্ন্তভুক্ত কৰা হ'ব।

৫) যিবিলাক পৰিয়ালত প্রতিবন্ধী ব্যক্তি আছে সেই বিলাক পৰিয়ালক প্রতিবন্ধী সম্পর্কে বিনামূলীয়াকৈ এখন হাতপুঠি দিয়া হ'ব।

৬) মানৱ সম্পদ উন্নয়ন সংস্থাই নিশ্চিত কৰিব যে উক্ত ব্যক্তিজনক বিভিন্ন সাহাৰ্য্যকাৰী পৰিসেৱা যেনে- বিশেষ শিক্ষা ব্যৱস্থা, চিকিৎসা সংক্রান্ত মনোবিজ্ঞান, ফিজিওথেৰাপি, অকুপেচনেল থেৰাপি, শ্রুতিবিজ্ঞান, বক্তৃতা ৰোগবিদ্যা, বৃত্তিমূলক কাউঞ্চেলিং আৰু প্রশিক্ষণ আৰু একাধিক সামাজিক কামৰ প্রয়োজন আছে।

৭) েশহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে বংশগতিবিদ্যা সঠিকভাৱে কামত লগোৱা হ'ব, যাতে সহজাত অক্ষমতা আৰু মানসিক বেমাৰবোৰ কম কৰিব পৰা যায়।

৮) অক্ষমতা প্রতিৰোধ কৰিবৰ বাবে মুখ্য আৰু গৌণ প্রতিবন্ধকতাবোৰ কম কৰি বর্তমানে প্ৰচলিত স্বাস্থ্য সেৱা প্ৰদান প্ৰক্ৰিয়া সঠিক পদক্ষেপ নির্ণয় কৰা হ'ব।

৯) পুষ্টি, স্বাস্থ্যৰ প্রতি যত্ন আৰু বয়ঃসন্ধিকালীন ছোৱালীবিলাকৰ মাজত স্বাস্থ্যবিধান, গর্ভৱতী তিৰোতা আৰু যৌন মিলন কালচোৱাত মহিলাসকলৰ প্রতি যথোচিত সচেতনতা বৃদ্ধিৰ প্রতি লক্ষ্য ৰখা হ'ব। বিদ্যালয় পর্যায়ৰ পৰাই বিদ্যালয়ৰ শিক্ষকৰ প্রশিক্ষণ পাঠ্যক্ৰম মাধ্যমে সচেতনতা বৃদ্ধিৰ পৰিকল্পনা তৈয়াৰ কৰা হ'ব।

১০) বিপদৰ আশংকা থকা শিশুসকলক বিচাৰি উলিয়াবৰ বাবে বিশেষ পৰীক্ষা পদ্ধতি আৰম্ভ কৰা হ'ব।

পুনৰসংস্থাপনৰ পৰিকল্পনা

৪৪) চিকিৎসা আৰু পুনৰসংস্থাপন পেছাদাৰৰ সাহাৰ্য্যলৈ চিকিৎসা, শিক্ষামূলক আৰু সামাজিক পৰিকল্পনাবোৰৰ সৈতে প্রতিবন্ধী ব্যক্তিসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ নাইবা সম্প্রদায় আৰু অভিভাবক সকলৰ পোনপোটীয়াকৈ যোগদানৰ ফলতহে পুনৰসংস্থাপন প্রকল্পবিলাকৰ উন্নতি হ'ব। চৰকাৰৰ একমুখী পৰিকল্পনাবোৰৰ নিশ্চয়তা দিয়া হ'ব আৰু তলত উল্লেখ কৰা বিষয়বোৰৰ ক্ষেত্রত ব্যৱস্থা লোৱা হ'ব

১) ৰাজ্য স্তৰীয় কেন্দ্রবোৰ মানৱ সম্পদ উন্নয়নত যুটীয়াকৈ পুনৰসংস্থাপন পৰিসেৱা আগবঢ়ায়। এই ক্ষেত্রত গৱেষণা আৰু দীর্ঘকালীন বিশেষজ্ঞ পুনৰসংস্থাপন কেন্দ্রবোৰ স্থাপন কৰা হ'ব।

২) সমষ্টিভিত্তিক পুনৰসংস্থাপন পৰিকল্পনাবিলাকক উৎসাহিত কৰা হ'ব। প্রতিবন্ধী ব্যক্তিৰ স্ব-সহায়ক গোষ্ঠী আৰু তাৰ পৰিয়ালটোৰ সদস্য সকল/অভিভাৱকসকল সক্রিয়ভাৱে এই পুনৰসংস্থাপন পৰিকল্পনাৰ সৈতে জড়িত হ'ব।

৩) সাংঘাতিকভাৱে অসুস্থ প্রতিবন্ধীসকলৰ বাবে জিলা স্তৰত থকা বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ সহযোগিতাত পঞ্চায়তী ৰাজ প্রতিষ্ঠানে 'মেন্টেল হেলথ্‌ কেয়াৰ হোম' স্থাপন কৰিবলৈ সাহায্য কৰিব। আনহাতে, সমষ্টি আৰু/নাইবা পৰিয়ালৰ সাহায্য লৈ মানসিক প্রতিবন্ধীৰ বাবে তত্ত্বাৱধান প্রতিষ্ঠানবিলাক বা কাষ্টডিয়েল কেয়াৰ ইঞ্চটিটিউচন গোষ্ঠীবিলাক গঢ়ি তুলিবলৈ পৰিয়াল ভিত্তিক গোষ্ঠীবোৰক উৎসাহ দিয়া হ'ব।

৪) মানসিক প্রতিবন্ধীসকলৰ বাবে বৃত্তিমূলক আৰু সামাজিক দক্ষতামূলক প্রশিক্ষণ ব্যৱস্থা গঢ়ি লৈ বাসস্থানভিত্তিক পুনৰসংস্থাপন কেন্দ্রবোৰ স্থাপন কৰিবলৈ উৎসাহ প্রদান কৰা হ'ব।

মানৱ সম্পদ উন্নয়ন

৪৫) তলত উল্লেখ কৰা অঞ্চলসমূহত শ্রম শক্তিৰ উন্নয়ন ঘটোৱা হ'ব -

১) প্রাথমিক স্তৰৰ দুয়ো ধৰণৰ কর্মীক যেনে স্বাস্থ্যৰ যত্ন আৰু অঙ্গনৱাৰী কর্মী আৰু ধাত্রীসকলক লৈ সমষ্টিভিত্তিক উন্নয়নৰ প্রশিক্ষণ দিয়া হ'ব।

২) চৰকাৰ আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ বিষয়াসকলৰ পৰিৱেশিত পৰিসেৱাবোৰক প্রশিক্ষণ আৰু স্থিতি বিন্যাসৰ বাবে সাহাৰ্য্যদিয়া হ'ব।

৩) প্রশিক্ষণ আৰু সমষ্টি মতামতৰ সংবেদনশীলতা তৈয়াৰ কৰোঁতাসকল যেনে- পঞ্চায়তৰ সদস্যসকল, পৰিয়ালটোৰ প্রধানজন ইত্যাদি।

৪) প্রশিক্ষণ আৰু অভিভাৱক হিচাপে পৰিয়ালৰ সদস্যসকলৰ অভিমুখতা।

৪৬) মানৱ সম্পদক এনেভাৱে উপযুক্ত প্রশিক্ষণ দিয়া হ'ব যাতে শিশু প্রতিবন্ধী সকলক সামুদয়িক শিক্ষা, বিশেষ শিক্ষা, ঘৰুৱা শিক্ষা, প্রাক্‌-বিদ্যালয় শিক্ষা ইত্যাদি লাগতিয়াল শিক্ষাসমূহৰ বাবে চাহিদা পূৰণ কৰিব পৰা যায়। বিভিন্ন বিষয়ত বিভিন্ন স্তৰত তলত উল্লেখ কৰা প্রশিক্ষণসমূহৰ উন্নতি ঘটোৱা হ'ব;

১) শিক্ষকসকলৰ সামুদায়িক শিক্ষণৰ বাবে প্রশিক্ষণ সূচাংক

২) বিশেষ শিক্ষাত ডিপ্লোমা, ডিগ্রী আৰু উচ্চ স্তৰৰ পৰিকল্পনাসমূহ

৩) প্রতিবন্ধী প্রাপ্তবয়স্ক/প্রবীণ নাগৰিকৰ ঘৰুৱা শিক্ষণ আৰু যত্ন সেৱাৰ বাবে চোৱা-চিতা কৰা সকলৰ প্রশিক্ষণ।

৪৭) নোডাল এজেঞ্চী হিচাপে পুনৰসংস্থাপন বিষয়াসকলৰ প্রশিক্ষণৰ বাবে ৰিহাবিলিটেচন কাউঞ্চিল অফ্‌ ইণ্ডিয়া কাম কৰিব। অক্ষমতা প্রশিক্ষণৰ ক্ষেত্রত নেচনেল ইঞ্চটিটিউটৰ ভূমিকাটো পৰিস্কাৰকৈ বর্ণনা কৰা হ'ব আৰু উপযুক্ত কার্যৰ বাবে এটা পঞ্চম বার্ষিক পৰিকল্পনা তৈয়াৰ কৰা হ'ব।

ঘ)প্রতিবন্ধী সকলৰ বাবে শিক্ষা

৪৮) প্রতিটো শিশু প্রতিবন্ধী যাতে ২০২০- ৰ আগতেই উপযুক্তভাৱে প্রাক্‌-বিদ্যালয়, প্রাথমিক আৰু মাধ্যমিক স্তৰৰ শিক্ষা লাভ কৰিব পাৰে সেইখিনিৰ নিশ্চয়তা দিয়া হ'ব। তলত দিয়া দৰে বিশেষ যত্ন লোৱা হ'ব:

১) সকলো ধৰণৰ প্রতিবন্ধী ছাত্র-ছাত্রীৰ বাবে বাধাহীন বিদ্যালয় (অট্টালিকা, প্ৰৱেশদ্বাৰ, শৌচালয়, খেল-পথাৰ, পৰীক্ষাগাৰ, পুঠিভঁৰাল ইত্যাদি) তৈয়াৰ কৰা।

২) অধিকাংশ অক্ষমতাৰ অৱস্থাবোৰলৈ চাই যোগসূত্র আৰু শিক্ষাৰ পদ্ধতি বিলাক সুচাৰুৰূপে গ্রহণ কৰা হ'ব।

৩) অসংখ্য বিদ্যালয়ত সহজে সকলোৱা পাব পৰাকৈ পদ্ধতিমূলক/ অনুপূৰক/ শিক্ষাৰ বিশেষ ব্যৱস্থা/বিদ্যালয়ত বা এটা ৰাজহুৱা ঠাইত শিক্ষাৰ ব্যৱস্থা উপলব্ধ কৰা হ'ব।

৪) শিক্ষাদান/শিক্ষণ সঁজুলি আৰু যন্ত্রপাতিবোৰ যেনে: পুতলা, ব্রেইল/কথা কোৱা কিতাপ, উপযুক্ত চফট্‌ৱেৰ ইত্যাদিবোৰ সহজেই উপলব্ধ কৰোঁৱা হ'ব। এই সুবিধাবোৰ সহজলভ্য কৰিবৰ বাবে সাধাৰণ পুঠিভৰাল, ই-পুঠিভৰাল, ব্রেইল-পুঠিভৰাল আৰু কথা কোৱা পুঠিভৰাল, সমল কোঠা তৈয়াৰ কৰাৰ বাবে উৎসাহমূলক ভাট্টা প্রদান কৰা হ'ব।

৫) ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় আৰু দূৰণিবটীয়া শিক্ষা আঁচনিবোৰ দ্রুত জনপ্রিয় কৰি তোলা হ'ব আৰু আন আন ঠাইতো বিয়পাই দিয়া হ'ব।

৬) চিনযুক্ত ভাষা, অল্টাৰনেটিভ এণ্ড অগমেনটিভ কমিউনিকেচন (এএচি) আৰু অন্যান্য ধৰণৰ মুডবিলাক এজনে আনজনৰ সৈতে মতৰ আদান-প্রদান কৰিবৰ বাবে এটা সক্ষম মাধ্যম প্রতিষ্ঠিত, মান সম্পন্ন আৰু জনপ্রিয় কৰি তুলিব লাগিব।

৭) সহজে যাব পৰা ঠাইত বিদ্যালয়সমূহত প্রতিষ্ঠিত হ'ব লাগিব। নহ'লে বিদ্যালয়লৈ যাবলৈ উপযুক্ত যান-বাহনৰ সুবিধা সম্প্ৰদায়, ৰাজ্য আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহে দিব লাগিব।

৮) মাক-দেউতাক শিক্ষকৰ পৰামর্শ আৰু বিদ্যালয়ত অভিযোগ প্রতিবিধান ব্যৱস্থা তৈয়াৰ কৰিব লাগিব।

৯) প্রাথমিক, মাধ্যমিক আৰু উচ্চস্তৰ শিক্ষাৰ ক্ষেত্রত ছোৱালী প্রতিবন্ধী সকলৰ ভোজন আৰু স্মৃতিশক্তিৰ বেলেগ পদ্ধতিৰে বছেৰেকীয়া পর্যালোচনা কৰা হ'ব।

১০) যিসকল শিশু প্রতিবন্ধীয়ে সামুদায়িক শিক্ষা পদ্ধতি গ্রহণ কৰিব নোৱাৰে, সেই সকলে স্পেচিয়েল স্কুলৰ পৰা শিক্ষা লাভ কৰিব পাৰিব। স্পেচিয়েল স্কুল বিলাক উপযুক্ত ভাবে পযুক্তিভিত্তিক উন্নয়নৰ ওপৰত নির্ভৰ কৰি নতুনকৈ অর্থাৎ ৰি-মডেল্ড আৰু ৰি-অৰিয়েণ্টেদ কৰা হৈছে। এই স্কুল বিলাকে শিশু প্রতিবন্ধীসকলক সামুদায়িক শিক্ষাৰ মূল সোঁতত যোগ কৰিবলৈ সাহায্য কৰিব।

১১) প্রকৃতিগত প্রতিবন্ধীৰ দৰে কিছুমান ক্ষেত্রত (এইটো প্রতিবন্ধীৰ ধৰন আৰু মাত্রা বা ডিগ্রী) ব্যক্তিগত অৱস্থা আৰু পছন্দৰ কাৰণে ঘৰুৱা শিক্ষা প্রদান কৰা হ'ব।

১২) বিভিন্ন প্রতিবন্ধীৰ পাঠ্যক্রম আৰু তাৰ মূল্যায়ন পদ্ধতিৰ উন্নতি তেওঁলোকৰ দক্ষতা আৰু ক্ষমতাৰ ওপৰত নির্ভৰ কৰি নির্ণয় কৰা হয়। পৰীক্ষা ব্যৱস্থাটো অলপ পৰির্মাজিত কৰি অসমর্থ প্রতিবন্ধীক অঙ্ক শিকাৰ পৰা ৰেহাই দি তাৰ ঠাইত মাথোন এটা ভাষা শিক্ষা দিয়াৰ দৰে কিছুমান বিশেষ ক্ষেত্রত ৰেহাই দিয়াৰ প্রক্রিয়া আৰম্ভ কৰিব লাগিব। আনহাতে, কিছুমান সুবিধা যেনে: অতিৰিক্ত সময় দিয়া, কেলকুলেটৰৰ ব্যৱহাৰ কৰা, ক্লার্কৰ টেবুল ব্যৱহাৰ কৰা, স্ক্রাইব ইত্যাদি প্রয়োজন মতে যোগান দিয়া হ'ব।

১৩) প্রতিখন ৰাজ্যত/কেন্দ্রীয় শাসিত অঞ্চলত প্রতিবন্ধী মানুহক শিক্ষাৰ প্রদানৰ বাবে আৰ্হি বিদ্যালয় স্থাপিত হ'ব।

১৪) সামাজিক জ্ঞানৰ যুগত, কম্পিউটাৰে এটা উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিব পাৰে। প্রতিজন প্রতিবন্ধী ছাত্র-ছাত্রীয়ে যাতে আজিৰ যুগৰ কম্পিউটাৰৰ সুবিধা গ্রহণ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা লোৱা হ'ব।

১৫) ৬ বছৰ বয়সলৈকে প্রতিবন্ধী শিশুসকলৰ প্রয়োজনখিনি বিচাৰি উলিওৱা হ'ব যাতে তেওঁলোকে শিক্ষাৰ সুযোগ গ্রহণ কৰিব পাৰে।

১৬) মানসিক পুনৰসংস্থাপন কেন্দ্রসমূহত মানসিকভাৱে অক্ষম শিশুসকলক শিক্ষাৰ সুবিধাবোৰ উপলব্ধ কৰোঁৱা হ'ব।

১৭) বহুতো বিদ্যালয়ে প্রতিবন্ধী সম্পর্কে কম অভিজ্ঞতা থকাৰ বাবে প্রতিবন্ধী শিশুসকলক বিদ্যালয়ত ভর্তি হোৱাৰ ক্ষেত্রত উৎসাহ দিব নিবিচাৰে। বিদ্যালয়সমূহত শিক্ষক/অধক্ষ্য আৰু কর্মী সদস্যসকলক যথার্থভাৱে সংবেদনশীল কৰিবৰ বাবে এখন আঁচনি গ্রহণ কৰা হ'ব।

১৮) সামাজিক ন্যায়বিচাৰ আৰু ক্ষমতায়ন মন্ত্রণালয়ৰ দ্বাৰা সমর্থিত বিশেষ বিদ্যালয়সমূহ বর্তমানে ভীষণকৈ অন্তর্ভুক্তিকৰণ শিক্ষাৰ প্রধান সম্পদ হিচাবে পৰিগণিত হৈছে। এই চাহিদাৰ ওপৰত নির্ভৰ কৰি মানৱ সম্পদ উন্নয়ন মন্ত্রীগৰাকীয়ে এখন বিশেষ বিদ্যালয় খুলিব বুলি জনাইছে।

১৯) শিক্ষাৰ প্রতি ভীষণ ধৰনৰ অসুবিধা দূৰীকৰণ উদ্দেশ্যে বয়সীয়াল সকলৰ বাবে প্রাপ্ত বয়সীয়াল/জিৰণি কেন্দ্র খোলা হ'ব।

২০) উচ্চশিক্ষা প্রতিষ্ঠানবিলাকত প্রতিবন্ধীসকলক ভর্তিৰ বাবে তিনি শতাংশ আসন সংৰক্ষণ কৰাৰ বিষয়টো বলবৎ হ'ব। বিশ্ববিদ্যালয়/ মহাবিদ্যালয় আৰু বৃত্তিমূলক প্ৰতিষ্ঠানসমূহক লাগতিয়াল আর্থিক সাহায্য আগবঢ়োৱা হ'ব, যাতে প্রতিবন্ধী ছাত্র-ছাত্রীসকলৰ বাবে একোটা কেন্দ্ৰ খুলি তেওঁলোকক প্রয়োজনীয় শিক্ষা প্রদান কৰা যায়। শ্রেণী কক্ষ, ছাত্ৰাৱাসত, কাফেটেৰিয়া আৰু আন আন সুবিধাবোৰ একেটা এলেকাতেই যাতে তেওঁলোকে পাব পাৰে তাৰ ব্যৱস্থা লোৱাৰ বাবে উৎসাহিত কৰা হ'ব।

২১) প্রতিবন্ধী শিশুসকলৰ প্রশাসনিক কাম-কাজৰ বাবে শিক্ষকৰ চাকৰীৰ প্রশিক্ষণ পৰিকল্পনাত আৰু প্রস্তাৱনাত এখন সূচাংক অর্ন্তভুক্ত কৰা হ'ব।

৪৯) প্রতিবন্ধী শিশুসকলৰ শিক্ষাৰ লগত জড়িত বিষয়বিলাক চোৱাচিতা কৰিবৰ বাবে মানৱ সম্পদ উন্নয়ন মন্ত্রণালয়েই হ'ব সংযোগস্থল সংক্রান্ত মন্ত্রণালয়।

চাকৰী

৫০) তলত উল্লেখ কৰা পদক্ষেপ বিলাক প্রতিবন্ধী ব্যক্তিসকলৰ চাকৰীৰ বাবে লোৱা হ'ব:

১) বেচৰকাৰী প্রতিষ্ঠানবিলাকত প্রতিবন্ধীসকলৰ চাকৰী পাবৰ বাবে চৰকাৰে বে-চৰকাৰী প্রতিষ্ঠানবিলাকৰ সৈতে আলোচনা চলাব।

২) প্রতিবন্ধী ব্যক্তিসকল বিশেষকৈ সাংঘাতিকভাৱে প্রতিবন্ধীসকলে যাতে ঘৰত বহিয়েই উপার্জন কৰিব পাৰে তাৰ বাবে আয় সংক্রান্ত আঁচনি তৈয়াৰ কৰিব লাগিব। প্রতিবন্ধী ব্যক্তিসকল আৰু তেওঁলোকৰ চোৱাচিতা কৰা সকলক যথার্থ পাঠ্যক্ৰমৰ সুবিধা প্রদান কৰাৰ ক্ষেত্রত উৎসাহিত কৰা হ'ব।

৩) কাম-কাজৰ নমুনা, কর্মস্থল আৰু কামৰ পৰিৱেশ আদিৰ লাগতীয়াল সাল-সলনি কৰা হ'ব যাতে প্রতিবন্ধী ব্যক্তিসকল বাধাহীনভাৱে প্রশিক্ষণ কেন্দ্রসমূহত/কাৰখানাসমূহত/শিল্পসমূহত/কার্যালয়সমূহত ইত্যাদিত কাম কৰিব পাৰে।

৪) উপযুক্ত এজেঞ্চী যেনে: বজাৰ পৰিষদে, ডিষ্ট্রিক্ট ৰুৰেল ডেভলাপমেন্ট এজেঞ্চীজ (ডিআৰডিএ), বে-চৰকাৰী এজেঞ্চী আৰু বে-চৰকাৰী প্রতিষ্ঠান বিলাকৰ জৰিয়তে প্রতিবন্ধীসকলে তৈয়াৰ বস্তু বাহানিৰ বজাৰ তৈয়াৰ কৰাৰ ক্ষেত্রত সহায়তা কৰা উচিত।

৫) প্রতিবন্ধী ব্যক্তিসকলৰ দৰিদ্র দূৰীকৰণ আঁচনিৰ উন্নতি ঘটোৱা হ'ব, যাতে তেওঁলোকে বিধিবদ্ধ আইনৰ জৰিয়তে ৩ শতাংশ শ্বেয়াৰৰ ভাগ ল'ব পাৰে।

বাধাহীন পৰিৱেশ

৫১) বাধাহীন পৰিৱেশ এটা তৈয়াৰ কৰিবলৈ হ'লে তলত উল্লেখ কৰা পৰিকল্পনা বিলাক হাতত ল'ব লাগিব:

১) ৰাজহুৱা অট্টালিকা (অনুষ্ঠান সংক্রান্ত নাইবা বিনোদনমূলক), বাটৰ সৈতে যান-বাহনৰ সুবিধা, উপপথ আৰু পদপথ, ৰেলৱে প্লেটফর্ম, বাছ ৰখা স্থান/ টার্মিনেল/বন্দৰ। বিমানবন্দৰ, বিভিন্ন যান-বাহনৰ সুবিধাবোৰ (বাছ, ৰেল, উৰাজাহাজ আৰু পানীৰ যানবাহন), খেল-পথাৰ, মুকলি ঠাই ইত্যাদি বিলাকত সহজে প্রৱেশ কৰাকৈ তৈয়াৰ হ'ব লাগিব।

২) আটাইবিলাক ৰাজহুৱা ঠাইত সাংকেতিক ভাষাৰ ব্যৱহাৰক উৎসাহ দিব লাগিব।

৩) বাধাহীন অট্টালিকা তৈয়াৰ কৰিবৰ বাবে স্থাপত্যবিদ আৰু চিভিল ইঞ্জিনিয়াৰৰ পাঠ্যক্রমৰ সংশোধন কৰা হ'ব, যাতে কোনো বাধা নথকা মুক্ত ভবন তৈয়াৰ কৰিব পৰা যায়। চৰকাৰী স্থাপত্যবিদ আৰু চিভিল ইঞ্জিনিয়াৰৰ চাকৰীকালীন প্রশিক্ষণৰ ব্যৱস্থা কৰা হ'ব।

৪) ডাঙৰ ভৱন তৈয়াৰৰ বাবে নিজস্ব আইন আৰু বাধামুক্ত পৰিৱেশৰ বাবে নির্দিষ্ট মানবিলাক সম্পূর্ণভাৱে গ্রহণ কৰা উচিত। দেশৰ সকলো ৰাজ্য, পৌৰ সংস্থা, পঞ্চায়তী ৰাজ সংস্থাই যাতে নির্দিষ্ট মানযুক্ত নিজা আইন গ্রহণ কৰিব পাৰে তাৰ বাবে চেষ্টা কৰা হ'ব। এই ধৰণৰ কর্তৃপক্ষবিলাকে নতুনকৈ তৈয়াৰ কৰা অট্টালিকাবিলাক যে বাধামুক্তকৈ তৈয়াৰ কৰা হৈছে সেইখিনিৰ নিশ্চয়তা দিব।

৫) ৰাজ্যিক পৰিৱহণ সংস্থাই তেওঁলোকৰ যান-বাহনত প্রতিবন্ধীসকলৰ সুবিধাৰ বাবে লাগতিয়াল বিষয়খিনি উপলব্ধ আছে বুলি নিশ্চয়তা দিব। ৰেলৱেই প্রতিবন্ধী সকলৰ বাবে বাধামুক্ত পৰিকল্পিত ডবা তৈয়াৰ কৰিব। তেওঁলোকে বাধামুক্ত প্লেটফর্ম-অট্টালিকা, শৌচাগাৰ আৰু আন আন সুবিধাবোৰ প্রদান কৰিব।

৬) ৰাজহুৱা আৰু ৰাজহুৱা খণ্ডৰ অধীনত থকা শিল্প প্রতিষ্ঠান, কার্যালয়, ৰাজহুৱা ভাৱে ব্যৱহৃত ঠাইবোৰ প্রতিবন্ধী কর্মচাৰীসকলৰ কাম কৰাৰ ক্ষেত্রত বাধাহীনভাৱে তৈয়াৰ কৰা হৈছে বুলি নিশ্চয়তা দিব। নিৰাপত্তাৰ মান আৰু অধিক কৰা হ'ব আৰু কটকটীয়াকৈ পালন কৰা হ'ব।

৭) দেশত প্রতিবন্ধী-সুবিধাযুক্ত তথ্য আৰু প্ৰযুক্তিবিদ্যা গঢ়ি তুলিবলৈ প্রৰোচনামূলক পদক্ষেপ হাতত লোৱা হ'ব।

৮) ৰাজহুৱা কামত ব্যৱহৃত সকলো অট্টালিকাসমূহত প্রতিবন্ধী সকলে সহজতেই বাধাহীন ভাবে প্রৱেশ কৰিব পাৰিছে নে নাই বিষয়ে হিচাপ পৰীক্ষা কৰা হ'ব। স্বীকৃত পেশাদাৰী হিচাপ পৰীক্ষৰসকলক যি সকলৰ পৰিসেৱা এই ক্ষেত্ৰত কামত লগোৱা হ'ব সেই সকলক এই দিশত যথার্থ্য তথ্যেৰে প্রশিক্ষিত কৰা হ'ব।

৯) বেঙ্কিং পদ্ধতিকো সহজতেই প্রতিবন্ধীসকলৰ চাহিদা পূৰণ কৰিব পৰাকৈ উৎসাহিত কৰিব লাগিব।

১০) তথ্য পৰিসেৱা আৰু ৰাজহুৱা প্ৰ-পত্ৰ পৰিসেৱাবোৰ প্রতিবন্ধীসকলে সহজেই পাব পৰাকৈ হ'ব লাগে। ব্রেইল, টেপ-পৰিসেৱা, ডাঙৰ প্রিন্ট আৰু অন্যান্য উপযুক্ত প্রযুক্তিবোৰ অন্ধ ব্যক্তিসকলে ব্যৱহাৰ কৰিব পৰাকৈ হ'ব লাগে।

সামাজিক সুৰক্ষা

৫২) উপযুক্ত সামাজিক সুৰক্ষা দিবৰ বাবে তলত উল্লেখ কৰা পদক্ষেপসমূহ নিব লাগে:-

১) প্রতিবন্ধীসকলৰ শুল্ক বা কৰ ৰেহাইৰ বাবে নিয়মিত পর্যালোচনাৰ প্রক্রিয়া সঠিক ঠাইত জনাব লাগে যাতে আয়কৰ আৰু আন আন কৰ ৰেহাই বিলাক প্রতিবন্ধীসকলৰ বাবে উপলব্ধ থাকে।

২) ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় শাসিত প্রশাসনে প্রতিবন্ধীসকলক যুক্তিসঙ্গত মূল্যৰ পেন্সন আৰু নিৱনুৱা ভাট্টা দিয়াৰ ক্ষেত্রত উৎসাহ দিব।

৩) ভাৰতৰ জীৱন বীমা নিগমে বিশেষ বিশেষ ধৰণৰ প্রতিবন্ধীসকলক বীমাৰ আওঁতাত আনিছে। আটাইকেইটা বীমা সংস্থাক কোনো ধৰণৰ ব্যতিক্রম অবিহনেই প্রতিবন্ধী লোকসমূহক বীমাৰ অন্তৰ্গত অনাৰ প্রয়োজনীয়তাক উৎসাহ দিয়া হ'ব।

গৱেষণা

৫৩) আন্তৰ্জাতিক সহযোগিতাত য'তেই প্রয়োজন তাতেই প্রতিবন্ধী লোকসকলৰ বাবে উন্নত ধৰণৰ প্রযুক্তি উলিয়াবলৈ গৱেষণা কৰাত উৎসাহ দিয়া হ'ব। এই বিষয়টো তলত দিয়া মতে আৰোপ কৰিব লাগিব:-

১) সামাজিক-সাংস্কৃতিক পৰিপ্রেক্ষিতত অক্ষমতাৰ বিষয়টো প্রতিবন্ধী ব্যক্তি সকলৰ সামাজিক মনোভাৱ আৰু আচৰণ নিদর্শনৰ গৱেষণাৰ অন্তৰ্ভূক্ত।

২) সামাজিকভাৱে প্রতিবন্ধীসকলৰ শিক্ষাৰ বিষয়টোৰ প্রতি সূচিত কৰক, যাতে তেওঁলোকৰ সমস্যাবোৰৰ ভালকৈ বিশ্লেষণ কৰি বিভিন্ন পৰিকল্পনা গ্রহণ কৰি তেওঁলোকৰ সুযোগ বৃদ্ধি কৰিব পৰা যায়।

৩) অক্ষম ব্যক্তিসকলৰ চাকৰীৰ ক্ষেত্রত অক্ষমতাৰ ধৰণটোৰ পৰিসংখ্যা নির্ণয় কৰক, বিশেষকৈ সেই সকলৰ যি সকলে কোনো দূর্ঘটনাৰ কাৰণে বা আন কিবা বেমাৰৰ বাবেহে প্রতিবন্ধী হৈ পৰিছে।

৪) প্রতিবন্ধী ব্যক্তিসকলৰ বিভিন্ন ধৰণৰ কাৰণবোৰ আৰু অক্ষমতাৰ অৱস্থানখিনিৰ পর্যালোচনা কৰক

৫) ইণ্ডিয়ান কাউঞ্চিল অফ্‌ মেডিকেল ৰিৰ্ছাচৰ পৃষ্ঠপোষকতাত জেনেটিক গৱেষণা কৰি অক্ষমতাৰ ঘটনাসমূহ কমাওঁক।

৬) অভিযোজিত প্রযুক্তিমূলক গৱেষণাই বর্ধিত ব্যক্তিগত গতিশীলতা, মৌখিক/অ-মৌখিক যোগাযোগ, প্রিমিয়াৰ প্রযুক্তিক সংস্থাৰ সাহায্যলৈ কার্যকৰ খৰচৰ বাবে প্রতিদিনৰ ব্যৱহাৰ যোগ্য আৰ্হিৰ পৰিৱর্তন আৰু ব্যৱহাৰৰ সুবিধাৰ বাবে লাগতিয়াল সা-সঁজুলি আৰু যন্ত্রপাতিৰ প্রতি বিশেষ নিৱদ্ধ কৰা।

৫৪) বিজ্ঞান আৰু প্রযুক্তি মন্ত্রণালয় গৱেষণা আৰু উন্নয়নৰ কামবোৰৰ সমন্বয় আৰু অঙ্গীকাৰ, পৰীক্ষা আৰু প্রযুক্তিৰ প্রামাণ্যতা, প্রশিক্ষণ ইত্যাদিৰ বাবে এটা পুনৰসংস্থাপন প্রযুক্তি কেন্দ্র স্থাপন কৰিব। তথ্য প্রযুক্তিত প্রতিবন্ধীসকলে সহজেই গ্রহণ কৰিব পৰাকৈ উপযুক্ত হার্ডৱেৰ আৰু চফট্‌ৱেৰ তৈয়াৰ কৰা হ'ব।

খেল-ধেমালী, বিনোদনমূলক আৰু সাংস্কৃতিক কর্মকাণ্ড

৫৫) খেল-ধেমালী, বিনোদনমূলক আৰু সাংস্কৃতিক কর্মকাণ্ডত প্রতিবন্ধীসকলৰ সমান-সুযোগৰ বাবে তলত দিয়া পদক্ষেপসমূহহাতত লোৱা হ'বঃ-

১) বিনোদনমূলক অনুষ্ঠান, সাংস্কৃতিক কর্মকাণ্ড আৰু খেল-ধেমালী, হোটেল, বীচ, খেলৰ অঞ্চল, পেক্ষাগৃহ, ব্যামাগাৰ ইত্যাদিবোৰ ঠাইত সহজতেই প্রৱেশ কৰিব পৰা।

২) ভ্রমণ সংস্থা, হোটেল, স্বেচ্ছাসেৱী সংস্থাসমূহ আৰু আন আন যিসকলে বিনোদনমূলক কাম-কাজত জড়িত হৈ আছে নাইবা ভ্রমণৰ সুযোগ, আদিও প্রতিবন্ধীসকলৰ কথা মনত ৰাখি তেওঁলোকৰ প্রতি বিশেষ পৰিসেৱা আগবঢ়াব লাগে।

৩) আঞ্চলিক বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ সাহায্যত প্রতিবন্ধীসকলৰ বিভিন্ন খেল-ধেমালীৰ পৰা মেধাজনক চিহ্নিত কৰা।

৪) প্রতিবন্ধীসকলৰ বাবে খেল-ধেমালী আৰু সাংস্কৃতিক সমাজ তৈয়াৰীৰ বিষয়টোক বিশেষভাৱে উৎসাহিত কৰিব লাগে। ৰাষ্ট্ৰীয়আৰু আন্তৰ্জাতিক স্তৰত প্রতিবন্ধীসকলৰ অংশগ্রহণৰ বাবে বিশেষ নির্মাণকৌশল থাকিব লাগিব।

৫) খেলত ভাল ফলাফলৰ বাবে প্রতিবন্ধীসকলক জাতীয় পুৰস্কাৰ দিয়াৰ ব্যৱস্থা থাকিব লাগিব।

৬) ৫৬) সামাজিক ন্যায়বিচাৰ আৰু ক্ষমতায়ন মন্ত্রণালয়টো এই নীতি আৰম্ভ কৰাৰ বিষয়ে সংযোগস্থল সংক্রান্ত মন্ত্রণালয় হ'ব।

৭) ৫৭) এটা ৰাষ্ট্ৰীয়নীতি প্রনয়ণ কৰিবৰ বাবে তাৰ লগত সম্পর্কিত বিষয়বোৰ সমন্বতি কৰিবৰ বাবে এটা আন্ত-চৰকাৰপক্ষীয় অংশ গঠন কৰা হ'ব। স্টেকহোল্ডাৰৰ লগতে বিশিষ্ট বেচৰকাৰী প্ৰতিষ্ঠানসমূহ, প্রতিবন্ধী মানুহৰ সংস্থা, এডভোকেচি গ্রুপ আৰু পৰিয়ালৰ সদস্য হিচাপে মাক-দেউতাক/অভিভাৱক, বিশেষজ্ঞ আৰু পেশাদাৰী সকলোৱেই এই গোটৰ প্রতিনিধিত্ব কৰিব। ৰাজ্য আৰু জিলা স্তৰত একেই ধৰণৰ ব্যৱস্থাৰ আয়োজন কৰা হ'ব। পঞ্চায়তী ৰাজ প্রতিষ্ঠান আৰু আৰবান লোকেল বডিয়ে জিলা স্তৰৰ কমিটিত ইয়াৰ নিয়ম নীতিবিলাক আৰম্ভ কৰিবৰ হকে 'জিলা প্রতিবন্ধী পুনৰসংস্থাপন কেন্দ্রৰ লগত লগ হৈ কাম কৰিব।

৮) ৫৮) গৃহ মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, গ্রামীণ উন্নয়ন, যুৱ আৰু ক্রীড়া মন্ত্রণালয়, ৰেল, বিজ্ঞান আৰু প্রযুক্তি, পৰিসংখ্যা আৰু কর্মসূচী বাস্তৱায়ন, শ্রম, পঞ্চায়তী ৰাজ আৰু প্রাথমিক শিক্ষা আৰু সাক্ষৰতা, মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগ, পথ পৰিৱহণ আৰু ঘাইপথ, চৰকাৰী উদ্যোগ, শুল্ক, তিৰোতা আৰু শিশু উন্নয়ণ, তথ্য প্রযুক্তি আৰু কর্মচাৰী আৰু প্রশিক্ষণ এই নীতি প্রণয়ন কৰিবৰ বাবে লাগতিয়াল পদ্ধতি তৈয়াৰ কৰিব। এটা পাঁচ বছৰৰ উন্নয়নমূলক পৰিকল্পনা আৰু বার্ষিক পৰিকল্পনা লক্ষ্যমাত্রা আৰু আর্থিক বন্টন নির্ধাৰণৰ বিষয়টো প্রতিটো মন্ত্রণালয়/বিভাগে তৈয়াৰ কৰিব। এই মন্ত্রণালয়ৰ/বিভাগৰ বার্ষিক প্ৰতিবেদনবিলাকে গোটেই বছৰটোত কাম কিমান খিনি অগ্রসৰ হৈছে তাক ইঙ্গিত কৰিব।

৯) ৬০) কেন্দ্রীয় স্তৰত প্রতিবন্ধীসকলৰ মুখ্য আয়ুক্ত আৰু ৰাজ্য স্তৰত ৰাজ্য আয়ুক্তৰ বিধিবদ্ধ দায়িত্বখিনিৰ বাহিৰে, ৰাষ্ট্ৰীয়নীতি প্রণয়নৰ বাবে প্রধান ভূমিকা গ্রহণ কৰিব।

১০) ৬০) পঞ্চায়তী ৰাজ প্রতিষ্ঠানবোৰে এই ৰাষ্ট্ৰীয়নীতি প্রণয়নৰ ক্ষেত্রত থলুৱা বিষয়বোৰ তুলি ধৰি এক গুৰুত্বপূর্ণ ভূমিকা ল'ব আৰু যথোপযুক্ত পৰিকল্পনা তৈয়াৰ কৰিব, যিবোৰ জিলা আৰু ৰাজ্য নীতিত সম্পূর্ণতা প্রদান কৰিব। এই সংস্থাবিলাকে অক্ষমতা সংক্রান্ত উপাদানখিনিক তেওঁলোকৰ প্রকল্পত সন্নিৱিষ্ট কৰিব।

১১) ৬১) এই আইনখন দীর্ঘদিনলৈ সুচাৰুৰূপে আৰু কার্যকৰীভাৱে চলাবলৈ হ'লে প্রণয়নৰ সময়ত তৈয়াৰ কৰা আন্তঃগাঁথনিখিনিৰ ৰক্ষণাবেক্ষণ কৰিব লাগিব। এই ক্ষেত্রত নিজৰ দ্বাৰা সম্পদ তৈয়াৰ কৰাৰ বাবে নাইবা বেচৰকাৰী প্রতিষ্ঠানবোৰৰ পৰা সংহতিৰ মাধ্যমে আন্তঃগাঁথনি ৰক্ষণাবেক্ষণ আৰু প্রতিদিনৰ খা-খৰচ চলাবলৈ জনসমাজৰ এক অগ্রণী ভূমিকা লোৱা উচিত। এই পদক্ষেপটোয়ে মাথোন ৰাজ্য চৰকাৰৰ বোজাটো যে কমাব এনে নহয়, কিন্তু জনসমাজ আৰু ব্যক্তিগত উদ্যোগ বা বেচৰকাৰী সংস্থা বিলাকৰ মাজত এটা ডাঙৰ দায়িত্বশীলতাও তৈয়াৰ কৰিব।

১২) ৬২) প্রতি পাঁচ বছৰৰ পিছত ৰাষ্ট্ৰীয়নীতি প্রণয়ন কৰিবলৈ এটা সর্বাঙ্গীন পর্যালোচনা কৰা হ'ব। পাঁচ বছৰৰ বাবে তৈয়াৰ হোৱা পথৰ মানচিত্ৰ বা পৰিকল্পনাৰ মানচিত্র আৰু তাক প্রণয়ন কৰাৰ বাবে নির্দেশিত অৱস্থান জাতীয় স্তৰৰ কনভেচনত আলোচনাৰ ভিত্তিত তৈয়াৰ কৰা হ'ব। ৰাজ্য চৰকাৰ আৰু কেন্দ্রূীয় শাসিত অঞ্চলৰ প্রশাসনক জাতীয় নীতি প্রণয়ন আৰু কার্যকৰী পৰিকল্পনা তৈয়াৰ কৰাৰ বাবে অনুৰোধ জনোৱা হ'ব।

উত্স: আইএনডিজি দল।

3.06024096386
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
Back to top