মূল পৃষ্ঠা / সমাজ কল্যাণ / বিত্তীয় অন্তৰ্ভূক্তি / আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠান

আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠান

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পৃথিৱীৰ অৰ্থনৈতিক অৱস্থা সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰিছিল। আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যিক সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ লগে লগে বিশ্বৰ অৰ্থনৈতিক পুনৰ গঠন, অৰ্থনৈতিক উন্নয়ন, অৰ্থনৈতিক স্থিৰতা আৰু বাণিজ্যিক সমতা স্থাপনৰ উদ্দেশ্যেৰে ১৯৪৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ব্ৰিটন উডচ্‌ সমাবেশত দুটা আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠান স্থাপনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অনুষ্ঠান দুটা হ’ল-

(ক) আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু

(খ) পুনৰ গঠন আৰু উন্নয়নৰ আন্তৰ্জাতিক বেংক বা বিশ্ববেংক।

আন্তৰ্জাতিক মুদ্ৰা নিধি

আন্তৰ্জাতিক মুদ্ৰা নিধি আনুষ্ঠানিকভাৱে ১৯৪৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে স্থাপন কৰা হৈছিল। বিশ্বৰ ২৯ খন ৰাষ্ট্ৰই এই অনুষ্ঠানটোৰ চুক্তিখনত স্বাক্ষৰ প্ৰদান কৰিছিল। বৰ্তমানে ইয়াৰ সদস্যৰাষ্ট্ৰৰ সংখ্যা ১৮৫ খনলৈ বৃদ্ধি পাইছে। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ সদৰ কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটনত অৱস্থিত।

আন্তৰ্জাতিক মুদ্ৰা নিধিৰ উদ্দেশ্যসমূহ তলত দিয়া হ’ল

(১) সদস্য ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা স্থাপন কৰা।

(২) বৈদেশিক বিনিময় হাৰৰ অস্থিৰতা দূৰ কৰি আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যৰ সমতা স্থাপন কৰা আৰু প্ৰতিযোগিতামূলক বিনিময় অৱমূল্যায়ন প্ৰতিৰোধ কৰা।

(৩) বাণিজ্যিক লেন-দেনৰ ক্ষেত্ৰত আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যৰ সম্প্ৰসাৰণ আৰু সুষম উন্নতিৰ ব্যৱস্থা কৰা আৰু লগতে উচ্চ পৰ্যায়ৰ কৰ্ম নিযুক্তি আৰু প্ৰকৃত আয় বৃদ্ধি আৰু সকলো উৎপাদনক্ষম সম্পদৰ ব্যৱহাৰৰ বাবে সাহায্য আগবঢ়োৱা।

(৪) চলিত বিনিময়ৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বহুপাক্ষিক মুদ্ৰা প্ৰদান ব্যৱস্থাৰ প্ৰৱৰ্তনৰ আৰু বৈদেশিক বিনিময় নিয়ন্ত্ৰণ প্ৰণালীৰ অপসাৰণৰ বাবে সহায় কৰা।

(৫) উপযুক্ত নিৰাপত্তা সহ পুঁজিৰ ব্যৱস্থা কৰি সদস্যসকলৰ মাজত আস্থা স্থাপন কৰা আৰু সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক লেন-দেনৰ সমন্বয়হীনতাৰ সংশোধনৰ বাবে সুযোগ প্ৰদান কৰা।

(৬) সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতাৰ স্থায়ীত্বকাল আৰু পৰিমাণ হ্ৰাস কৰা।

অৰ্থনৈতিক উন্নয়নত আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ভূমিকা

আন্তৰ্জাতিক মুদ্ৰা নিধি সমগ্ৰ বিশ্বৰ বিত্তীয় ব্যৱস্থাৰ তত্ত্বাৱধায়ক। বিশ্বৰ মুদ্ৰা ব্যৱস্থাৰ স্থিৰতা ৰক্ষা, আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যৰ উন্নয়ন আৰু সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক লেন-দেনৰ ভাৰসাম্য ৰক্ষা কৰা ইয়াৰ লক্ষ্য। আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ প্ৰাথমিক কাৰ্য হৈছে বিশ্বৰ ১৮৫ খন সদস্য ৰাষ্ট্ৰৰপৰা পুঁজি সংগ্ৰহ আৰু পুঁজিৰ ব্যৱহাৰ। কোনো এখন সদস্য ৰাষ্ট্ৰই বিত্তীয় আৰু অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’লে আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে বিত্তীয় সাহায্য আগবঢ়ায়। এনে সংকট সাধাৰণতে বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতাৰ পৰা সৃষ্টি হয়। বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতা বা বৈদেশিক বিনিময়ৰ সংকটে দেখা দিলে কোনো সদস্য ৰাষ্ট্ৰই আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ওচৰত বিত্তীয় সাহায্য আগবঢ়োৱাৰ লগতে পূৰ্ব চৰ্ত হিচাপে সাধাৰণতে কিছুমান অৰ্থনৈতিক সংস্কাৰৰ প্ৰস্তাৱ সদস্য ৰাষ্ট্ৰখনৰ আগত উত্থাপন কৰে। সংস্কাৰমূলক এই ব্যৱস্থাটো হৈছে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ‘সাংগঠনিক সমন্বয় ব্যৱস্থা’। এনে নীতি প্ৰতিৰোধমূলক, ইয়াৰ উদ্দেশ্য সদস্য ৰাষ্ট্ৰখনক ভৱিষ্যতৰ বিত্তীয় সংকটৰপৰা মুক্ত কৰা। বৈদেশিক লেন-দেনৰ মৌলিক ভাৰসাম্যহীনতা দূৰীকৰণৰ লগত অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে। এই আন্তৰ্জাতিক অনুষ্ঠানটোৱে সদস্য ৰাষ্ট্ৰসমূহৰ মুদ্ৰাৰ ভাণ্ডাৰ ৰূপে স্বীকৃতি লাভ কৰিছে। বৈদেশিক মুদ্ৰাৰ এই ভাণ্ডাৰৰ পৰা সদস্য ৰাষ্ট্ৰসমূহে বৈদেশিক মুদ্ৰাৰ চাহিদা পূৰণ কৰাত ভালেখিনি সক্ষম হৈছে। অনুন্নত ৰাষ্ট্ৰসমূহৰ বৈদেশিক মুদ্ৰাৰ চাহিদাৰ প্ৰধান দুটা কাৰণ হৈছে-

(ক) বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতা দূৰ কৰা আৰু

(খ) অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত আভ্যন্তৰীণ বিত্তীয় সম্পদৰ ঘাটি আৰু বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন পূৰণ কৰা।

বৈদেশিক মুদ্ৰাৰ মাধ্যমেৰে ঋণ আগবঢ়াই আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে সদস্য দেশবোৰৰ হ্ৰস্বকালীন বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতাৰ সমস্যা সমাধান কৰাত সহায় কৰিছে। আনহাতে বৈদেশিক বিনিময় মূল্যৰ স্থিৰতা ৰক্ষাৰ ক্ষেত্ৰতো অনুষ্ঠানটোৱে এক গুৰুত্বপূৰ্ণ বৰঙণি যোগাই আহিছে। বৈদেশিক বিনিময় মূল্যৰ স্থিৰতা ৰক্ষা আৰু বিশ্বৰ বাণিজ্যস্তৰৰ উন্নতি-বিধান আৰু প্ৰসাৰ সাধন কৰি সদস্য ৰাষ্ট্ৰসমূহৰ বহিৰ্বাণিজ্যৰ স্থিৰতাৰ লগত আভ্যন্তৰীণ সুস্থিৰতা ৰক্ষাত আন্তৰ্জাতিক মুদ্ৰা নিধিৰ ভূমিকা উল্লেখনীয়। বিশ্ববেংক সমগ্ৰ বিশ্বৰ ১৮৬ খন ৰাষ্ট্ৰ গঠিত এক আন্তৰ্জাতিক অনুষ্ঠান। ১৯৪৪ চনৰ ব্ৰিটন উড্‌চ সমাবেশত গ্ৰহণ কৰা চুক্তিৰ অধীনত ১৯৪৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে বিশ্ববেংক সংগঠন কৰা হয়। বিশ্বৰ অৰ্থনৈতিক উন্নয়নত সাহায্য আৰু উপদেশ প্ৰদান, দৰিদ্ৰতা দূৰীকৰণ আৰু আন্তৰ্জাতিক মূলধন বিনিয়োগ কাৰ্যত উৎসাহ কৰা বিশ্ববেংকৰ প্ৰধান দায়িত্ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটনত ইয়াৰ সদৰ কাৰ্যালয় অৱস্থিত। বিশ্ববেংকৰ অন্তৰ্ভুক্ত আন্তৰ্জাতিক উন্নয়ন সংস্থা ১৯৬০ চনত গঠন কৰা হয়। বিশ্বৰ দৰিদ্ৰ দেশসমূহক নিম্ন সুদৰ হাৰত ঋণ প্ৰদানৰ যোগেদি এইবোৰৰ দৰিদ্ৰতা দূৰীকৰণ কৰাটো হৈছে আন্তৰ্জাতিক উন্নয়ন সংস্থাৰ মূল লক্ষ্য।

বিশ্ববেংকৰ মূল উদ্দেশ্য

(১) যুদ্ধ বিধ্বস্ত অৰ্থনীতিসমূহৰ পুনৰ গঠন।

(২) অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নত সাহায্য প্ৰদান।

(৩) সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক বাণিজ্যৰ দীৰ্ঘস্থায়ী সমতাপূৰ্ণ বৃদ্ধি আৰু ভাৰসাম্য ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ।

(৪) ব্যক্তিগত বৈদেশিক বিনিয়োগৰ ওপৰত গুৰুত্ব প্ৰদান।

(৫) উন্নয়নৰ লগত জড়িত দুৰ্নীতিৰ দূৰীকৰণ।

বিশ্ববেংক আৰু উন্নয়নশীল ৰাষ্ট্ৰ

বিশ্ববেংক স্থাপনৰ প্ৰধান উদ্দেশ্য আছিল যুদ্ধ বিধ্বস্ত ইউৰোপৰ অৰ্থনৈতিক পুনৰ গঠন আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়ন। বৰ্তমানে বিশ্ববেংকৰ কাৰ্যসমূহ কৃষিখণ্ডৰ উন্নয়নৰ পৰা আৰম্ভ কৰি বাণিজ্য নীতি, জনস্বাস্থ্য, শিক্ষা, শক্তি আৰু খনিজ সামগ্ৰীৰ উৎপাদনলৈ সম্প্ৰসাৰণ কৰা হৈছে। বিশ্ব বেংকৰপৰা পুঁজিৰ সাহায্য লৈ উন্নয়নশীল ৰাষ্ট্ৰসমূহে বিভিন্ন উন্নয়নমূলক প্ৰকল্পসমূহৰ ৰূপায়নত সক্ষম হ’ব পাৰিছে। বিশ্ববেংকৰ অন্তৰ্ভুক্ত আন্তৰ্জাতিক উন্নয়ন সংস্থাই নিম্ন আয়ৰ দেশবোৰক কম সুদৰ হাৰত বা সুদবিহীন ঋণ গ্ৰহণৰ সুবিধা প্ৰদান কৰে। উন্নয়নশীল অৰ্থনীতিৰ দ্ৰুত উন্নয়নৰ বাবে এক বৃহৎ পৰিমাণৰ মূলধন বিনিয়োগৰ প্ৰয়োজন। ঋণ প্ৰদানৰ ক্ষেত্ৰত বিশ্ববেংকে তলত দিয়া পদ্ধতিসমূহ গ্ৰহণ কৰে-

(ক) প্ৰত্যক্ষভাৱে মূলধন ভাণ্ডাৰৰপৰা ঋণ প্ৰদান।

(খ) মুক্ত বজাৰ বা আন আন সদস্য ৰাষ্ট্ৰৰপৰা পুঁজি সংগ্ৰহ কৰি ঋণ প্ৰদান।

(গ) জামিনদাৰৰ ভূমিকা পালন কৰি ব্যক্তিগত বিনিয়োগকাৰীৰ যোগেদি ঋণ প্ৰদান।

বিশ্ববেংকে কৃষি, শক্তি, পৰিবহন, যোগাযোগ, উদ্যোগ, পানীযোগান, নগৰ উন্নয়ন আদিৰ ক্ষেত্ৰত উন্নয়নশীল ৰাষ্ট্ৰসমূহক ঋণৰ সুবিধা আগবঢ়ায়। বিশ্ববেংকৰ ঋণসমূহ মধ্যমকালীন আৰু দীৰ্ঘকালীন। কোনো সদস্য ৰাষ্ট্ৰলৈ ঋণ প্ৰদান কৰোঁতে বিশ্ববেংকে ৰাষ্ট্ৰখনৰ ঋণ পৰিশোধ ক্ষমতা আৰু সুদ আদায়ৰ ওপৰত গুৰুত্ব দিয়ে। বিশ্ববেংকৰ ঋণসমূহ পুনৰ গঠন আৰু উন্নয়নমূলক কাৰ্যত ব্যৱহাৰ কৰিব লাগে। বৰ্তমান কালত প্ৰাধান্য লাভ কৰা বিশ্ববেংকৰ কাৰ্যসমূহ হৈছে দাৰিদ্ৰ দূৰীকৰণ, বজাৰ ভিত্তিক অৰ্থনীতিৰ সম্প্ৰসাৰণ আৰু দুৰ্নীতিৰ অপসাৰণ। দুৰ্নীতি দূৰীকৰণৰ অৰ্থে বিশ্ববেংকে ৰাজনৈতিক দায়বদ্ধতা, সামাজিক সচেতনতা বৃদ্ধি, ব্যক্তিগত খণ্ডৰ মাজত প্ৰতিযোগিতাৰ বৃদ্ধি, নিৰপেক্ষ বিচাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন আৰু ৰাজহুৱাখণ্ডৰ দক্ষ পৰিচালনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় স্তৰত নিৰ্মাণ কৰা প্ৰতিষ্ঠানসমূহ স্বচ্ছ হোৱা উচিত। বিশ্ববেংকে পুঁজি বণ্টন প্ৰণালী আৰু পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰতো স্বচ্ছতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠানসমূহ আৰু ভাৰতীয় অৰ্থনীতি- সদস্যৰাষ্ট্ৰ হিচাপে ভাৰতৰ সুবিধা আৰু অসুবিধা

ব্ৰিটন উড্‌চৰ অন্তিম বিষয়সূচী প্ৰস্তুত কৰা দেশসমূহৰ ভিতৰত ভাৰত এখন অগ্ৰণী দেশ। আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ববেংকৰ পৰা বৈদেশিক মুদ্ৰাৰ সাহায্য আৰু ঋণ গ্ৰহণ কৰি ভাৰতীয় অৰ্থনীতিয়ে কৃষি, উদ্যোগ, শক্তি, পৰিবহণ, যোগাযোগ আদিৰ নিৰ্দ্দিষ্ট প্ৰকল্পসমূহৰ উন্নয়নত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। পৰিকল্পনাৰ কালছোৱাত ভাৰতৰ বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতাৰ সমস্যাই সময়ে সময়ে গভীৰ ৰূপ ধাৰণ কৰিছিল। ভাৰতৰ আভ্যন্তৰীণ বিত্ত সম্পদৰ পৰিপূৰক হিচাপেও বৈদেশিক সাহায্য আৰু বৈদেশিক ঋণৰ প্ৰয়োজন বৃদ্ধি পাইছিল। বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন আৰু বৈদেশিক লেন-দেনৰ ঘাটি পূৰণ কৰিবলৈ ভাৰত চৰকাৰে আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ববেংকৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। ১৯৮১ চনত বিশিষ্ট ঋণ গ্ৰহণ অধিকাৰ ব্যৱস্থাৰ যোগেদি ভাৰত চৰকাৰে আন্তৰ্জাতিক মুদ্ৰা নিধিৰপৰা ৫ নিযুত ডলাৰ ঋণ লাভ কৰে। বিশ্ববেংকৰ নেতৃত্বত গঠিত ভাৰত সাহায্য সংস্থাৰ পৰা ভাৰতে ১৯৭৬-৭৭ চনৰপৰা ১৯৮০-৮১ চনলৈ মুঠ ৬৪৬.৭ নিযুত ডলাৰ সাহায্য আৰু ১১১৮.৪ নিযুত ডলাৰ ঋণ লাভ কৰে। ১৯৮১-৮২ চনৰপৰা ১৯৮৫-৮৬ চনলৈ সাহায্যৰ পৰিমাণ আছিল ৬০৯.২ নিযুত ডলাৰ আৰু ঋণৰ পৰিমাণ ১৭৫৫.২ নিযুত ডলাৰ। ১৯৯৩ চনত ঋণ আৰু সাহায্যৰ পৰিমাণ মুঠ ৬৭০০ নিযুত ডলাৰলৈ বৃদ্ধি পায়। ভাৰতৰ নিয়ন্ত্ৰণ নীতি আন্তৰ্জাতিক বিত্ত অনুষ্ঠানসমূহে সহজে গ্ৰহণ কৰা নাছিল। এই বিত্ত অনুষ্ঠানসমূহৰ ওপৰত উন্নত ৰাষ্ট্ৰসমূহে অধিক আধিপত্য ৰাখে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড আদি উন্নত ৰাষ্ট্ৰসমূহে অবাধ বাণিজ্য নীতি আৰু মুক্ত অৰ্থনৈতিক ব্যৱস্থাত বিশ্বাস কৰে আৰু আন্তৰ্জাতিক ক্ষেত্ৰতো একে নীতিৰ অনুসৰণ কৰিব বিচাৰে। আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ববেংকে প্ৰৱৰ্তন কৰা ‘সাংগঠনিক সমন্বয় কৰ্মসূচী’ ভাৰতক লৈ ৭০ খন তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ আৰু পূৰ্ব ইউৰোপৰ ৰাষ্ট্ৰই গ্ৰহণ কৰিব লগা হৈছে। সাংগঠনিক সমন্বয় কৰ্মসূচীৰ মূল বৈশিষ্ট্য হৈছে বজাৰ ভিত্তিক অৰ্থনীতিৰ প্ৰৱৰ্তন আৰু গোলকীকৰণৰ মাধ্যমেৰে দেশ এখনৰ অৰ্থব্যৱস্থাক আন্তৰ্জাতিক প্ৰতিযোগিতাৰ বাবে পুনৰ গঠন কৰা। ১৯৯০-৯১ চনত ভাৰতবৰ্ষত বৈদেশিক মুদ্ৰাৰ গভীৰ সংকটে দেখা দিছিল। এনে গভীৰ সংকটত ঋণ প্ৰদানৰ পূৰ্ব চৰ্ত ৰূপে আন্তৰ্জাতিক মুদ্ৰা নিধি বিশ্ববেংকে সাংগঠনিক সমন্বয় কৰ্মসূচী ভাৰত চৰকাৰৰ আগত উত্থাপন কৰে আৰু ফলস্বৰূপে, ১৯৯১ চনত ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ আৰম্ভ কৰা হয়। সাংগঠনিক সমন্বয় কৰ্মসূচীৰ অংশ হিচাপে ভাৰত চৰকাৰে টকাৰ বৈদেশিক মূল্য ২৩ শতাংশ হ্ৰাস কৰে আৰু বৈদেশিক বিনিয়োগৰ পৰিসৰ বঢ়াই দিয়া হয়। ঔদ্যোগিক উৎপাদনত ৰাজহুৱাখণ্ডৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডক প্ৰাধান্য দি উদ্যোগ স্থাপনৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰা হয়। সদস্য ৰাষ্ট্ৰ হিচাপে ঋণ গ্ৰহণৰ সুবিধা লাভ কৰিলেও ভাৰতবৰ্ষই মিশ্ৰ অৰ্থনীতিৰ লক্ষ্য পূৰণ কৰাত অসমৰ্থ হৈছে। বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতাৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যৰে আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে আগবঢ়োৱা হ্ৰস্বম্যাদী ঋণ ব্যৱস্থাই সমস্যাসমূহ আৰু অধিক জটিল কৰি তুলিছে। উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ঋণ পৰিশোধ ক্ষমতা কম। তদুপৰি হ্ৰস্বকালীন ঋণ পৰিশোধ আৰু সুদ প্ৰদানৰ লগতেই এইবোৰ ৰাষ্ট্ৰ জড়িত হৈ থাকিব লাগে। বিশ্ববেংকে দুৰ্নীতি দূৰীকৰণৰ নীতি গ্ৰহণ কৰিলেও বাস্তৱক্ষেত্ৰত পুঁজিৰ বণ্টন আৰু পুঁজিৰ ব্যৱহাৰ স্বচ্ছ হোৱা নাই। সাংগঠনিক সমন্বয় কৰ্মসূচীৰ এটা প্ৰধান লক্ষ্য হৈছে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত প্ৰতিযোগিতাৰ বাতাৱৰণ সৃষ্টি কৰি প্ৰত্যেকখন ৰাষ্ট্ৰক উৎপাদনক্ষম আৰু দক্ষ কৰি তোলা আৰু দাৰিদ্ৰ্যৰ অৱসান ঘটোৱা। কিন্তু আন্তৰ্জাতিক বিত্ত অনুষ্ঠানসমূহৰ সাংগঠনিক সমন্বয় কৰ্মসূচীয়ে দাৰিদ্ৰ্য দূৰীকৰণ আৰু দুৰ্নীতি দূৰীকৰণ এই উভয় ক্ষেত্ৰতেই ব্যৰ্থ হৈছে।

বিশ্ব বাণিজ্য সংস্থা

শুল্ক আৰু বাণিজ্যৰ সাধাৰণ চুক্তিৰ পুনৰ স্থাপন কৰি মৰক্কোৰ মাৰাকেশত অনুষ্ঠিত অধিবেশনত ১৯৯৪ চনৰ ১৫ এপ্ৰিল তাৰিখে বিশ্ব বাণিজ্য সংস্থাৰ চূড়ান্ত আইনখন প্ৰস্তুত কৰা হৈছিল। ইয়াৰ ভিত্তিত ১৯৯৫ চনৰ ১ জানুৱাৰী তাৰিখে বিশ্ব বাণিজ্য সংস্থা স্থাপন কৰা হয়। জেনেভাত ইয়াৰ সদৰ কাৰ্যালয়সমূহ অৱস্থিত। বিশ্ব বাণিজ্য সংস্থাৰ মুঠ সদস্য সংখ্যা ১৫৩ খন ৰাষ্ট্ৰ। ১৫৩ খন ৰাষ্ট্ৰই বিশ্বৰ মুঠ ৯৫ শতাংশ বাণিজ্যৰ প্ৰতিনিধিত্ব কৰে। ভাৰতবৰ্ষ বিশ্ব বাণিজ্য সংস্থাৰ এখন প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ।

বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান উদ্দেশ্যসমূহ

বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে-

(১) বাণিজ্য শুল্ক আৰু অন্যান্য বাণিজ্যিক বাধাসমূহ হ্ৰাস কৰা।

(২) আন্তৰ্জাতিক বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত বিভেদমূলক ব্যৱস্থাসমূহ দূৰ কৰা।

(৩) সদস্য ৰাষ্ট্ৰসমূহৰ উচ্চ জীৱন ধাৰণৰ মানদণ্ড, পূৰ্ণ নিয়োগ, উৎপাদন আৰু প্ৰকৃত আয় বৃদ্ধি আৰু সামগ্ৰী আৰু সেৱাকাৰ্যৰ বাণিজ্য সহজ কৰি তোলা।

(৪) বৰ্ধিত আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত অনুন্নত ৰাষ্ট্ৰসমূহৰ অংশীদাৰ হোৱাটো সুনিশ্চিত কৰা।

(৫) বহনক্ষম উন্নয়নৰ বাবে বিশ্বৰ সম্পদৰ পূৰ্ণ ব্যৱহাৰ সহজ কৰি তোলা।

(৬) আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যিক ব্যৱস্থাক এক সমন্বিত আৰু স্থায়ী ৰূপ প্ৰদান কৰা।

বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান তিনিখন আইনগত ব্যৱস্থা হৈছে-

(ক) শুল্ক আৰু বাণিজ্যৰ সাধাৰণ চুক্তি,

(খ) সেৱা আৰু বাণিজ্য সংক্ৰান্ত সাধাৰণ চুক্তি আৰু

(গ) বুদ্ধি বৃত্তি সম্পৰ্কিত সম্পত্তিৰ অধিকাৰ সমূহৰ সাধাৰণ চুক্তি।

১৯৪৭ চনত স্থাপন কৰা শুল্ক বাণিজ্যৰ সাধাৰণ চুক্তিখনৰ কোনো আইনগত বাধ্য-বাধকতা নাছিল। কিন্তু বিশ্ব বাণিজ্য সংস্থা এক বিহিত আৰু স্থায়ী আন্তৰ্জাতিক সংগঠন। সমগ্ৰ বিশ্বৰ বাণিজ্যৰ তত্ত্বাৱধান আৰু উদাৰীকৰণ কৰাটো ইয়াৰ লক্ষ্য। আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ব বেংকৰ লগত ইয়াৰ সম্পৰ্ক ঘনিষ্ঠ। আন্ত:ৰাষ্ট্ৰীয় বানিজ্যিক উদাৰীকৰণ আৰু অবাধ বাণিজ্যিক ব্যৱস্থাৰ বাবে বিশ্ব বাণিজ্য সংস্থাৰ নীতিসমূহৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আভ্যন্তৰীণ নিয়মাৱলীৰ অনুমোদন প্ৰয়োজন। সদস্য ৰাষ্ট্ৰসমূহৰ সহযোগিতাত বহুপাক্ষিক ব্যৱস্থাৰ মাধ্যমেৰে অৰ্থনৈতিক শান্তি আৰু স্থিৰতাৰ পৰিবেশ সৃষ্টি কৰাটো বিশ্ব বাণিজ্য সংস্থাৰ মূল উদ্দেশ্য।

বিশ্ব বাণিজ্য সংস্থা আৰু ভাৰতীয় কৃষি

মৰক্কোৰ মাৰাকেশত অনুষ্ঠিত বিশ্ব বানিজ্য সংস্থাৰ অধিবেশনত কৃষিৰ তিনিটা ক্ষেত্ৰ চিহ্নিত কৰি দিয়া হয়-

(১) বজাৰ প্ৰৱেশ,

(২) ৰাষ্ট্ৰীয় সমৰ্থন আৰু

(৩) ৰপ্তানি সাহায্য।

কৃষি বাণিজ্যৰ বজাৰ প্ৰৱেশ উদাৰীকৰণ কৰাৰ শুল্কৰ হাৰ হ্ৰাস কৰাৰ প্ৰয়োজন। আনহাতে, অনাশুল্ক সম্বন্ধীয় নিষেধাজ্ঞাসমূহ দূৰ কৰাৰ আৱশ্যক। কৃষি পণ্য সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাৰ লগতে ৰপ্তানি সাহায্যৰ পৰিমাণো হ্ৰাস কৰা উচিত। বিশ্ব বাণিজ্য সংস্থা স্থাপনৰ পূৰ্ববৰ্তী তিনি বছৰত ভাৰতৰ কৃষি পণ্যৰ বাৰ্ষিক আমদানি ১১৯০ নিযুত ডলাৰৰ পৰিৱৰ্তে পৰৱৰ্তী প্ৰথম তিনি বছৰৰ বাৰ্ষিক আমদানি ১৯৯৬ নিযুত ডলাৰলৈ বৃদ্ধি পায়। একে সময়তে কৃষি পণ্যৰ ৰপ্তানি বাৰ্ষিক ৩৭২৫ নিযুত ডলাৰৰ পৰা ৬৫৩০ ডলাৰলৈ বৃদ্ধি পাই থাকে। কিন্তু আন্ত:ৰাষ্ট্ৰীয় অৰ্থনৈতিক সংকটৰপৰা ভাৰতৰ কৃষি পণ্যৰ বাণিজ্য প্ৰভাৱমুক্ত হ’ব পৰা নাই। বিশ্ব বাণিজ্য সংস্থা গঠনৰ তিনি বছৰৰ পিছত কৃষি পণ্যৰ আমদানি ঊৰ্দ্ধমুখী হ’বলৈ ধৰে আৰু ৰপ্তানি ক্ষিপ্ৰ গতিত হ্ৰাস পায়। আন্তৰ্জাতিক বজাৰত কৃষি সামগ্ৰীৰ দাম দ্ৰুত গতিত হ্ৰাস পোৱাৰ ফলত ভাৰতৰ কৃষি পণ্যৰ ৰপ্তানি অধিকভাৱে ক্ষতিগ্ৰস্ত হয়। অৱশ্যে কৃষি পণ্যৰ আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যৰ এনে সংকটজনক অৱস্থা দীৰ্ঘস্থায়ী হ’ব নোৱাৰে। নিম্নগামী কৃষি পণ্যৰ ৰপ্তানি আৰু ঊৰ্দ্ধগামী কৃষি পণ্যৰ আমদানিৰ ফলত ভাৰতবৰ্ষৰ বাণিজ্যিক লেন-দেনৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰতৰ সাধাৰণ চাউল আৰু গমে আন্তৰ্জাতিক প্ৰতিযোগিতাৰ সন্মুখীন হ’ব পৰা নাই। ৰপ্তানি সামগ্ৰীসমূহ, যেনে- চাহ, কফি আদিৰ আন্তৰ্জাতিক বজাৰৰ দাম হ্ৰাস পোৱাৰ ফলত পৰিমাণগতভাৱে ৰপ্তানি হ্ৰাস নাপালেও বিদেশী মুদ্ৰা অৰ্জনত ভাৰত ক্ষতিগ্ৰস্ত হৈছে। আন্তৰ্জাতিক বজাৰত কৃষি পণ্যৰ চৰকাৰী আৰ্থিক সাহায্য বন্ধ কৰি, বাণিজ্য শুল্ক হ্ৰাস কৰি আৰু বিভিন্ন চৰকাৰী বাধা-নিষেধ আঁতৰাই বিশ্ব বাণিজ্য সংস্থাই আন্তৰ্জাতিক বজাৰখন অধিক শক্তিশালী আৰু প্ৰতিযোগিতা পূৰ্ণ কৰি তোলাৰ লক্ষ্য আগত ৰাখিছে। ভাৰতবৰ্ষ বিশ্ব বাণিজ্য সংস্থাৰ সাধাৰণ চুক্তিৰ স্বাক্ষৰকাৰী দেশসমূহৰ এখন আগশাৰীৰ দেশ। এক বৃহৎ কৃষি পণ্য উৎপাদনকাৰী দেশ হিচাপে বিশ্বৰ বজাৰত ভাৰতবৰ্ষই স্বীকৃতি লাভ কৰিছে। কৃষি গৱেষণা আৰু কৃষি উৎপাদনৰ পদ্ধতিগত আৰু সাংগঠনিক পৰিৱৰ্তনৰ লগত কৃষিৰ সংস্কাৰ সাধন কৰি অদূৰ ভৱিষ্যতে ভাৰতবৰ্ষই বিশ্বৰ বজাৰত এক প্ৰধান ৰপ্তানিকাৰী দেশ হিচাপে গণ্য হ’ব পাৰিব বুলি আশা কৰিব পৰা যায়।

উৎস: সমাজ বিজ্ঞান।

2.82608695652
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top