মূল পৃষ্ঠা / সমাজ কল্যাণ / বিত্তীয় অন্তৰ্ভূক্তি / এনপিএছ(নেচনেল পেঞ্চন স্কিম)– কৰ্প’ৰেট চাকৰিয়াল আৰু সৰ্বসাধাৰণ নাগৰিকৰ বাবে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এনপিএছ(নেচনেল পেঞ্চন স্কিম)– কৰ্প’ৰেট চাকৰিয়াল আৰু সৰ্বসাধাৰণ নাগৰিকৰ বাবে

এন পি এছ – কৰ্প’ৰেট চাকৰিয়াল আৰু সৰ্বসাধাৰণ নাগৰিকৰ বাবে-

২০০৯ বৰ্ষৰ ১ মে’ৰ পৰা বহু অপেক্ষিত ৰাষ্ট্ৰীয় পেন্সন আঁচনি চমুকৈ ‘এন পি এছ’ক সৰ্বসাধাৰণ ৰাইজলৈ মুকলি কৰা হয়৷ ইয়াৰ পিচত এন পি এছক অধিক জনমুখী কৰাৰ অংশ হিচাপে ২০১১ চনৰ ডিচেম্বৰ মাহত কৰ্প’ৰেট খণ্ডৰ বাবেও এন পি এছৰ আঁচনি এখন মুকলি কৰা হয়৷ বিভিন্ন খৰচৰ সামান্য পাৰ্থক্যৰ বাদে এই দুই আঁচনিৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল কৰ্প’ৰেট আঁচনিত নিয়োগকৰ্তাৰ বৰঙণি থাকিবও পাৰে বা নাথাকিবও পাৰে আৰু ইফালে সৰ্বসাধাৰণ নাগৰিকৰ বাবে থকা আঁচনিখনত মাত্ৰ বিনিয়োগকাৰীৰ বৰঙণিহে থাকে (সৰ্বসাধাৰণ নাগৰিকলৈ বুলি কওঁতে স্বাৱলম্বন আঁচনিখনৰ কথা ইয়াত কোৱা হোৱা নাই৷ এগ্ৰিগেটৰৰ যোগেদি আগবঢ়া এই পৃথক আঁচনিখন বৰ্তমান নতুন গ্ৰাহকৰ বাবে বন্ধ কৰা হৈছে)৷ বাকী প্ৰায় সকলো নীতি নিয়মৰ গণ্ডী প্ৰায় একেই৷ সেয়ে আমি দুয়োখন আঁচনিক পৃথককৈ আলোচনা নকৰো৷ প্ৰথমে চাওঁ আহক কোনবোৰ সংগঠন কৰ্প’ৰেট হিচাপে চিহ্নিত হৈছে ‘এন পি এছ’ৰ সংজ্ঞাত

(১) কোম্পানী এক্টৰ অধীনত পঞ্জীয়নভুক্ত সংগঠন,
(২) সমবায় এক্টৰ অধীনত পঞ্জীয়নভুক্ত সংগঠন,
(৩) কেন্দ্ৰীয় আৰু ৰাজ্যিক ৰাজহুৱা খণ্ডৰ সংস্থা,
(৪) পঞ্জীয়নভুক্ত অংশীদাৰী ব্যৱসায়িক প্ৰতিষ্ঠান৷ (সীমিত আৰু অসীম দায়বদ্ধতা থকা দুয়োবিধ),
(৫) সংসদীয় বা ৰাজ্যিক আইন আৰু কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ আদেশমৰ্মে গঠিত হোৱা যিকোনো সংস্থা,
(৬) ব্যক্তিগত অনুষ্ঠান,
(৭) ন্যাস আৰু সংঘ৷

যোগদানকাৰীৰ যোগ্যতা

 

স্থায়ীভাবে বাস কৰা বা নকৰা সকলো ভাৰতীয় নাগৰিকেই এই আঁচনিত অন্তৰ্ভুক্ত হ’ব পাৰে৷ মাত্ৰ তলত উল্লেখ কৰা যোগ্যতা থাকিব লাগিব –
(ক) বয়স ১৮ ৰ পৰা ৬০ বছৰৰ ভিতৰত হ’ব লাগিব৷
(খ) প্ৰান (পাৰ্মেনেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নাম্বাৰ ) আবেদনপত্ৰ পূৰণৰ সময়ত নিজৰ পৰিচয় তথা বাসস্থান সম্পৰ্কীয় প্ৰমাণ কে ৱাই চি (ন’ ইয়ৰ ক্লায়েণ্ট)ৰ নিয়ম অনুযায়ী দিব পাৰিব লাগিব৷

বিনিয়োগত বাছনিৰ অধিকাৰ

 

‘এন পি এছ’ৰ চৰকাৰী সংস্কৰণটোৰ তুলনাত এই কৰ্প’ৰেট বা সকলো নাগৰিকলৈ মুকলি কৰা আঁচনিত বিনিয়োগকাৰীৰ স্বাধীনতা যথেষ্ট বেছি৷

পেন্সন ফাণ্ড মেনেজাৰৰ নিৰ্বাচন

 

বৰ্তমানলৈকে তলত উল্লেখ কৰা যিকোনো এটা সংস্থাক নিৰ্বাচন কৰাৰ প্ৰয়োজন৷
(১) এইচ ডি এফ চি পেন্সন মেনেজমেন্ট কোঃ লিঃ,
(২) আই চি আই চি আই প্ৰুডেন্সিয়েল পেন্সন ফাণ্ডছ মেনেজমেন্ট কোঃ লিঃ,
(৩) ক’টাক মহিন্দ্ৰ পেন্সন ফাণ্ড লিঃ,
(৪) এল আই চি পেন্সন ফাণ্ড লিঃ,
(৫) ৰিলায়েন্স কেপিটেল পেন্সন ফাণ্ড লিঃ,
(৬) এছ বি আই পেন্সন ফাণ্ডছ প্ৰাঃ লিঃ আৰু
(৭) ইউ টি আই ৰিটায়াৰমেন্ট ছল্যুচনছ লিঃ৷
পেন্সন ফাণ্ড মেনেজাৰৰ নাম ফৰ্মত উল্লেখ নকৰিলে এছ বি আই পেন্সন ফাণ্ডছ প্ৰাঃ লিঃয়ে দায়িত্ব পায়৷ বিনিয়োগকালত পেন্সন ফাণ্ড মেনেজাৰ সলনি কৰিব পাৰি৷ মাত্ৰ সলনি কৰাৰ পাচত অন্ততঃ এবছৰ নতুন ফাণ্ড মেনেজাৰৰ অধীনত বিনিয়োগ অব্যাহত ৰখাটো বাধ্যতামূলক৷

সম্পদ শ্ৰেণী: তিনিটা মূল শিতানত সম্পদ শ্ৰেণীক বিভক্ত কৰা হৈছে৷
(১) সম্পদ শ্ৰেণী – E ইকুইটি আৰু ইকুইটিৰ লগত সম্পৰ্ক থকা বিনিয়োগ
(২) সম্পদ শ্ৰেণী – C বেচৰকাৰী ঋণ জাতীয় সম্পদ আৰু
(৩) সম্পদ শ্ৰেণী – G চৰকাৰী ঋণ জাতীয় সম্পদ৷

বিনিয়োগৰ ধৰণ

 

দুই ধৰণৰ বিনিয়োগৰ মাজৰ পৰা নিজৰ বাবে উপযোগীবিধক নিৰ্বাচন কৰাৰ প্ৰয়োজন –
(১) সক্রিয় বিনিয়োগ : এই পদ্ধতিত বৰঙণি যোগাওতাই নিজৰ ইচ্ছা অনুসৰি সম্পদ শ্ৰেণী তিনিটাত সম্পদ আবণ্টন কৰাৰ সুযোগ পায়৷ সীমাবদ্ধতা এটাই যে সম্পদ শ্ৰেণী – Eত ৫০ শতাংশতকৈ বেছি বিনিয়োগ কৰিব নোৱাৰে৷
(২) স্বয়ংক্রিয় বিনিয়োগ : এই পদ্ধতিক জীৱন চক্র পুঁজি বুলিও অভিহিত কৰা হয়৷ কাৰণ বিনিয়োগকাৰীৰ বয়স বাঢ়ি যোৱাৰ লগে লগে উচ্চ ক্ষতিভয় সম্পন্ন সম্পদ শ্ৰেণী – E আৰু সম্পদ শ্ৰেণী – C ৰ পৰা পৰ্যায়ক্ৰমে আবণ্টন সম্পদ শ্ৰেণী- G লৈ নি থকা হয়৷ ৩৫ বছৰ বয়সলৈকে এজন ব্যক্তিৰ বিনিয়োগত সম্পদৰ আবণ্টন হ’ব এনেধৰণৰ
(১)সম্পদ শ্ৰেণী – E ত ৫০ শতাংশ,
(২)সম্পদ শ্ৰেণী – C ত ৩০ শতাংশ আৰু
(৩)সম্পদ শ্ৰেণী – G ত ২০ শতাংশ৷

ইয়াৰ পিছৰ প্ৰতিটো বছৰতে অৰ্থাৎ ৩৬ বছৰৰ পৰা প্ৰতি বছৰে সম্পদ শ্ৰেণী – E ৰ পৰা ২ শতাংশ আৰু সম্পদ শ্ৰেণী – C ৰ পৰা ১ শতাংশ কৈ আবণ্টন কমোৱাৰ বিপৰীতে সম্পদ শ্ৰেণী – G ত মুঠকৈ ৩ শতাংশ আবণ্টন বৃদ্ধি কৰা হয়৷ এনে কাৰ্য প্ৰতি বছৰে পুনৰাবৃত্তি হোৱাৰ ফলত বিনিয়োগকাৰীৰ ৫৫ বছৰ বয়সত সম্পদ আবণ্টন হ’বগৈ এনেধৰণৰ
(১)সম্পদ শ্ৰেণী – E ত ১০ শতাংশ,
(২)সম্পদ শ্ৰেণী – C ত ১০ শতাংশ আৰু
(৩)সম্পদ শ্ৰেণী- G ত ৮০ শতাংশ৷
অৱসৰ লোৱা বা ৬০ বছৰ বয়সলৈকে এনে আবণ্টনতে সম্পদসমূহ থাকে৷

একাউন্ট নিৰ্বাচনৰ সুযোগ

 

ইয়াতো দুই ধৰণৰ একাউণ্ট থাকে৷ প্ৰথম শাৰী অৰ্থাৎ টায়াৰ-১ একাউণ্ট থাকিলেহে দ্বিতীয় শাৰীৰ একাউণ্ট খুলিবলৈ অনুমতি দিয়া হয়৷ আয়কৰৰ সুবিধা আৰু প্ৰথম শাৰীৰ একাউণ্টৰ পৰা টকা উঠোৱাৰ নিয়ম যোৱাবাৰ চৰকাৰী চাকৰিয়ালৰ বাবে উল্লেখ কৰাৰ দৰে একে৷ দ্বিতীয় শাৰীৰ একাউন্ট ছেভিঙছ একাউন্টৰ দৰে৷

প্ৰতি বিত্তীয় বৰ্ষৰ ন্যূনতম
প্ৰথম শাৰীৰ বাবে

(১)প্ৰতিবাৰৰ বৰঙণি – ৫০০ টকা,
(২) বছৰেকীয়া বৰঙণি – ৬,০০০ টকা আৰু
৩) বৰঙণিৰ সংখ্যা – এবাৰ৷
দ্বিতীয় শাৰীৰ বাবে (১) প্ৰতিবাৰৰ বৰঙণি – ২৫০ টকা,
(২) জমা প্ৰতি বিত্তীয় বৰ্ষৰ শেষত অন্ততঃ ২০০০ টকা থকাৰ প্ৰয়োজন আৰু
৩) বৰঙণিৰ সংখ্যা – এবাৰ৷

ক’ত যোগাযোগ কৰিব

 

আঁচনিৰ গ্ৰাহকৰ বাবে দোকানখন হ’ল POP-SP অৰ্থাৎ পইণ্ট অৱ্ প্ৰেজেন্স – চাৰ্ভিছ প্ৰভাইডাৰসকল৷ অলংকিট এচাইনমেণ্টছ লিঃ, ভাৰতীয় ষ্টেট বেংক, ইউনাইটেড বেংক অব্ ইণ্ডিয়াকে আদি কৰি ৫০ টাকৈ অধিক সংগঠনৰ অনুমোদিত শাখাবোৰত এই সেৱা উপলব্ধ৷ আপোনাৰ কাষৰ POP – SP টোৰ বিষয়ে জানিবৰ বাবে www.npscra.nsdl.co.in ত বিচাৰি চাওঁক৷

 

চৰকাৰী চাকৰিয়ালৰ বাবে থকা ‘এন পি এছ’ আঁচনিখনৰ বিষয়ে কিছুকথা

 

 

কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত ১ জানুৱাৰী ২০০৪ বা তাৰ পাচত নিযুক্তি লাভ কৰা কৰ্মচাৰী এজনৰ বাবে ‘এন পি এছ’ বা ৰাষ্ট্ৰীয় পেন্সন আঁচনিত জড়িত হোৱাটো বাধ্যতামূলক৷ অৱশ্যে সেনা-বাহিনীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়৷ প্ৰায় সকলো ৰাজ্য চৰকাৰেই এই ব্যৱস্থা নিজৰ কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰিছে৷ এইখন আঁচনিৰ যোগেদিয়েই পূৰ্বতে দেশত চলি থকা চৰকাৰী পেন্সন ব্যৱস্থা সংজ্ঞা নিৰূপিত উপকাৰ আঁচনিৰ পৰা বৰ্তমানৰ সংজ্ঞা নিৰূপিত বৰঙণি আঁচনিলৈ সলনি হ’ল৷ এই পৰিবৰ্তিত পেন্সন ব্যৱস্থাত পেন্সনৰ বাবে কৰ্মচাৰী এজনৰ বৰঙণি কিমান হ’ব সেয়াহে সূত্ৰবদ্ধ হৈ থাকে, পেন্সনৰ পৰিমাণ নিৰ্ভৰ কৰিব চাকৰি কালছোৱাত বিনিয়োগে লাভ কৰা ফলাফলৰ ওপৰত৷ চৰকাৰী কৰ্মচাৰীৰ বাবে ‘এন পি এছ’ ত বিনিয়োগ ব্যৱস্থা দুই শাৰী বিশিষ্ট৷

প্ৰথম শাৰী

সকলো কৰ্মচাৰীয়েই তেওঁৰ মূল দৰমহা আৰু মৰগীয়া বানচৰ ১০ শতাংশ বৰঙণি হিচাপে আগবঢ়াব লাগে৷ চৰকাৰেও সমপৰিমাণৰ ধনৰাশি কৰ্মচাৰীজনৰ ‘এন পি এছ’ একাউন্টত জমা কৰে৷ এই বৰঙণি বাধ্যতামূলক আৰু চাকৰিকালত উঠাব নোৱাৰে৷

দ্বিতীয় শাৰী

ইচ্ছা অনুযায়ী টকা উঠাব পৰা ছেভিংছ একাউন্টৰ লেখীয়া৷ চৰকাৰৰ ফালৰ পৰা কোনো বৰঙণি ইয়াত নাথাকে৷

ক’ত বিনিয়োগ কৰা হ’ব

প্ৰথম শাৰীৰ ‘এন পি এছ’ আঁচনিত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিনিয়োগৰ ক্ষেত্ৰত থকা সম্পদ আবন্টন এনে ধৰণৰ-
(ক) গৱৰ্নমেন্ট চিকিউৰিটি ৫৫ শতাংশ পৰ্যন্ত
(খ) বেচৰকাৰী ঋণ সম্পদ ৪০ শতাংশ পৰ্যন্ত
(গ) ইকুইটি বা ইকুইটি মিউচুৱেল ফাণ্ডত ১৫ শতাংশ পৰ্যন্ত
(ঘ) মুদ্ৰা বজাৰ(মানি মাৰ্কেট)ৰ দ্ৰব্যত ৫ শতাংশ পৰ্যন্ত৷
থূলমূলকৈ ক’বলৈ গ’লে চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত ইকুইটিত বিনিয়োগ ১৫ শতাংশ পৰ্যন্ত আৰু ঋণ সম্পদত ন্যূনতম বিনিয়োগ ৮৫ শতাংশ৷ এটা অতি ৰক্ষণশীল সম্পদ আবন্টন৷

পেন্সন ফাণ্ড মেনেজাৰ

১ এপ্ৰিল ২০০৮ ৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জমা হোৱা ‘এন পি এছ’ৰ টকা পেছাদাৰী পেন্সন ফাণ্ড মেনেজাৰৰ জৰিয়তে বিনিয়োগ আৰম্ভ হয়৷

(ক) প্ৰথম শাৰীৰ বিনিয়োগৰ বাবে:- চৰকাৰী কৰ্মচাৰীৰ কাৰণে থকা এই আঁচনিখনত বিনিয়োগৰ বাবে পেন্সন ফাণ্ড মেনেজাৰ হিচাপে তিনিটা সংস্থাক নিৰ্বাচন কৰা হৈছে।

(১) এছ বি আই পেন্সন ফাণ্ডছ্ প্ৰাঃ লিঃ,

(২) এল আই চি পেন্সন ফাণ্ড লিমিটেড আৰু

(৩) ইউ টি আই ৰিটায়াৰমেন্ট ছল্যুচনছ লিমিটেড৷

এই তিনিটা ফাণ্ড মেনেজাৰৰ হাততে আছে সমূহ চৰকাৰী কৰ্মচাৰীৰ বাবে বাধ্যতামূলক বৰঙণিৰ সকলো টকা বিনিয়োগ কৰাৰ দায়িত্ব৷ বৰ্তমানলৈকে থকা নিৰ্দেশনা অনুসৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু চৰকাৰী স্বতন্ত্ৰ নিকায়সমূহৰ কৰ্মচাৰীসকলে প্ৰান (পাৰ্মেনেন্ট ৰিটায়াৰমেন্ট একাউন্ট নাম্বাৰ) ফৰ্ম পূৰণ কৰোতে আঁচনি নিৰ্বাচনৰ সংক্রান্তত একো উল্লেখ কৰাৰ আৱশ্যক নাই৷ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ বাবে পূৰ্বনিৰ্ধাৰিত অনুপাতত তিনিওটা পেন্সন ফাণ্ড মেনেজাৰকে বৰঙণিৰ টকা ভাগ কৰি বিনিয়োগ কৰিবলৈ দিয়া হয়৷ একাউন্ট ষ্টেটমেন্টত এই বিষয়ে সবিশেষ উল্লেখ থাকে৷ ৰাজ্য চৰকাৰবিলাকেও নিজাববীয়াকৈ নিৰ্ধাৰণ কৰে যে কি অনুপাতত বৰঙণি ফাণ্ড মেনেজাৰ তিনিটাক ভাগ কৰি দিয়া হ’ব৷

(খ) দ্বিতীয় শাৰীৰ বিনিয়োগৰ বাবে :- চাকৰিয়ালৰ ইচ্ছাধীন এই বিনিয়োগ আঁচনিখন সকলো নাগৰিকলৈ মুকলি কৰা সংস্কৰণটোৰ লগত মিলে৷ বৰ্তমানলৈকে ‘এন পি এছ’ৰ বাবে নিৰ্বাচিত ৭ টা পেন্সন ফাণ্ড মেনেজাৰ সংস্থাৰ মাজৰ পৰা এটা সংস্থাক নিৰ্বাচন কৰাৰ প্ৰয়োজন হয়৷ যিহেতু অহাবাৰ ক’ৰপৰেট চাকৰিয়াল আৰু সকলো নাগৰিকলৈ মুকলি ‘এন পি এছ’ আঁচনিৰ বিষয়ে আলোচনা কৰিম সেয়ে এইবাৰ বিতং আলোচনাৰ পৰা বিৰত থাকিলো৷

আয়কৰ সুবিধাৰ দিশৰ পৰা এন পি এছ

এই আঁচনিলৈ আগবঢ়োৱা বৰঙণি আয়কৰ কমাবলৈ ব্যৱহাৰ কৰিব পাৰি৷ অৰ্থাৎ মুঠ আয়ৰ পৰা এই আঁচনিলৈ আগবঢ়োৱা বৰঙণি বিয়োগ কৰি কৰ দিব লগা আয় কম কৰিবলৈ সুবিধা দিয়া হয়৷ কৰ্মচাৰীসকলে তেওঁলোকৰ দৰমহা (বেচিক আৰু মৰগীয়া বানচ)ৰ ১০ শতাংশলৈকে কৰা বৰঙণি আয়কৰ ৰিটাৰ্নত মুঠ আয়ৰ পৰা বিয়োগ কৰি আয়কৰ কমোৱাৰ সুবিধা ল’ব পাৰে৷ ইনকম টেক্স এক্ট, ১৯৬১ ৰ অনুচ্ছেদ ৮০ চি চি ডি (১)ত সৰ্বোচ্চ ১,৫০,০০০ পৰ্যন্ত আৰু চি চি ডি (১ বি) অধীনত অতিৰিক্তভাৱে অন্য ৫০,০০০ লৈকে বিয়োগ কৰিব পাৰে এজন কৰ্মচাৰীয়ে৷ উল্লেখযোগ্য যে চি চি ডি (১ বি)ত কৰা বিনিয়োগৰ বাবে ‘দৰমহাৰ ১০ শতাংশৰ সীমাবদ্ধতা’টো নাথাকে৷ অৰ্থাৎ যি বিনিয়োগ কৰিব সেয়া ৫০,০০০ টকা পৰ্যন্ত মুঠ আয়ৰ পৰা বিয়োগ কৰিব পাৰিব৷ মুঠৰ ওপৰত ক’ব পাৰি যে এজন কৰ্মচাৰীয়ে এন পি এছত কৰা বিনিয়োগৰ জৰিয়তে ২ লাখ পৰ্যন্ত কৰ দিবলগীয়া আয় কমাব পাৰে৷ ইফালে নিয়োগকৰ্তাই অৰ্থাৎ চৰকাৰে দৰমহা (বেচিক আৰু মৰগীয়া বানচ)ৰ ১০ শতাংশ হিচাপত চাকৰিয়ালজনৰ এন পি এছৰ ফাণ্ডলৈ আগবঢ়োৱা বৰঙণিখিনিৰ বাবে কোনো উচ্চ সীমা নাই৷ সেয়ে নিয়োগকৰ্তাৰ সমূহ বৰঙণি অনুচ্ছেদ ৮০ চি চি ডি (২)ৰ অধীনত বিয়োগ কৰিব পাৰি৷

কেতিয়া আৰু কেনেকৈ বিনিয়োগৰ টকা উঠাব পাৰি?

প্ৰথম শাৰীৰ ‘এন পি এছ’ আঁচনিৰ পৰা এজন কৰ্মচাৰীয়ে চাকৰিকালত টকা উলিয়াবলৈ উৎসাহিত কৰা নহয়৷ কিন্তু নতুন নিয়ম অনুসৰি যিসকল চাকৰিয়ালৰ বৰঙণি অন্ততঃ ১০ বছৰ ধৰি এন পি এছত সম্পূৰ্ণ হৈছে তেওঁলোকে বৰঙণিৰ ২৫ শতাংশ পৰ্যন্ত ধন বিশেষ কাৰণত উলিয়াব পাৰিব৷ সেই বিশেষ কাৰণকেইটা হ’ল –
(১) সন্তানৰ উচ্চ শিক্ষা আৰু বিয়া-বাৰু৷
(২) প্ৰথম ঘৰ ক্রয় বা নিৰ্মাণ৷
(৩) নিজৰ, পতি বা পত্নীৰ, সন্তান আৰু মাক-দেউতাকৰ বাবে হোৱা চিকিৎসাজনিত কাৰণত৷

অৱশ্যে সেই চিকিৎসা ১৩ টা বিশেষ বেমাৰ অথবা জীৱনলৈ ভাবুকি অহা ধৰণৰ দুৰ্ঘটনাজনিত কাৰণ হ’ব লাগিব৷ এজন ব্যক্তিয়ে সমগ্ৰ চাকৰি জীৱনত ৩ বাৰ এনেদৰে টকা উঠাব পাৰিব৷ দুটা টকা উঠোৱা সময়ৰ মাজৰ ব্যৱধান অন্ততঃ ৫ বছৰ হ’ব লাগিব৷ অৱশ্যে চিকিৎসাজনিত কাৰণৰ ক্ষেত্ৰত এই ব্যৱধানৰ নিয়ম প্ৰযোজ্য নহয়৷
অৱসৰ লওঁতে যদিহে মুঠ টকা ২ লাখতকৈ কম হয় তেন্তে সমুদায় ধন মুঠকৈ একেবাৰতে প্ৰদান কৰা হয়৷ কিন্তু এই সংখ্যা ২ লাখ অতিক্রম কৰিলেই এনুইটি কিনাৰ প্ৰয়োজন হয়৷
৬০ বছৰ আগতে চাকৰি এৰিলে ৮০ শতাংশ জমা ধনেৰে এনুইটি কিনাটো বাধ্যতামূলক আৰু বাকী ২০ শতাংশ টকা মুঠকৈ উঠাব পাৰিব৷ ৬০ বছৰ বয়সত অৱসৰ ল’লে তেখেতৰ যি পৰিমাণৰ ‘এন পি এছ’ পুঁজি হ’ব তাৰ অন্ততঃ ৪০ শতাংশ ধনেৰে বাধ্যতামূলকভাৱে ‘এল আই চি’ৰ নিচিনা বীমা কোম্পানীৰ পৰা এনুইটি কিনিব লাগিব৷ যাতে তেখেতৰ পৰিয়ালে আজীৱন খৰচ কৰিবলৈ মাহেকীয়া পেন্সনৰ ব্যৱস্থা এটা হয়৷ বাকী ৬০ শতাংশ পৰ্যন্ত ধন ব্যক্তিজনে অৱসৰৰ সময়ত মুঠকৈ উঠাই ল’ব পাৰে৷ এইখিনিতে এটা কথা উত্থাপন হ’ব পাৰে যে অৱসৰৰ সময়ত যদি বিনিয়োগ বজাৰৰ অৱস্থা বেয়া থাকে তেনে অৱস্থাত টকা উলিয়ালে বিনিয়োগকাৰীৰ বাবে লোকচান নহ’ব জানো? এই অসুবিধালৈ লক্ষ্য কৰি ব্যৱস্থাটোত কৰা সংশোধনীটো হ’ল – ৬০ ত অৱসৰ লোৱাৰ পাচতো আন ১০ বছৰ পৰ্যন্ত অৰ্থাৎ ৭০ বছৰ বয়সৰ ভিতৰত সেই জমা টকা মুঠকৈ বা পৰ্যায় ক্রমে উঠোৱাৰ অনুমতি প্ৰদান কৰা হৈছে৷ অন্যহাতে চাকৰিকালতে কৰ্মচাৰীজনৰ মৃত্যু হ’লে সমস্ত পুঁজি মনোনীত ব্যক্তি (নমিনি) লৈ হস্তান্তৰ কৰা হ’ব৷

‘এন পি এছ’ৰ পুঁজি ব্যৱস্থাপনাৰ খৰচ বৰ নগণ্য৷ এইটো ব্যৱস্থাটোৰ এটা লেখত ল’বলগীয়া ধনাত্মক দিশ৷ কিন্তু চৰকাৰী কৰ্মচাৰীৰ বাবে ইকুইটিত বিনিয়োগৰ অনুমতি মাত্ৰ ১৫ শতাংশতকৈ বেছি নোহোৱাটো আনহে নালাগে দুবছৰৰ আগতে ‘পি এফ আৰ ডি এ’ৰ তদানীন্তন সভাপতি যোগেশ আগৰৱালেও সমালোচনা কৰিছিল৷ তেওঁৰ মতে দীৰ্ঘম্যাদী বিনিয়োগত লাভৱান হ’বলৈ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো ইকুইটিত আৰু অধিক বিনিয়োগৰ অনুমতি চৰকাৰে দিয়া উচিত৷

লিখক: ভাস্কৰজ্যোতি বৰুৱা।

3.04545454545
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top