মূল পৃষ্ঠা / সমাজ কল্যাণ / বিত্তীয় অন্তৰ্ভূক্তি / জনসাধাৰণক বিত্তীয় সজাগতাৰ প্রয়োজন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জনসাধাৰণক বিত্তীয় সজাগতাৰ প্রয়োজন

জনসাধাৰণক বিত্তীয় সজাগতাৰ প্রয়োজন

“অৰ্থই হ’ল সকলো অনৰ্থৰ মূল।” “অৰ্থলোভে মানুহক পশুৰ শাৰীলৈ পৰ্য্যবসিত কৰে”। শৈশৱৰে পৰা আমি প্ৰায়বোৰেই এনেধৰণৰ কথা বতৰাৰ মাজেৰেই ডাঙৰ হলো। আমাৰ অৱচেতন মনত অজানিতেই গঢ় লৈ উঠিল অৰ্থ বা ধনৰ প্রতি এক ঋনাত্মক মানসিকতা। আজিৰ অত্যাধুনিক প্ৰজন্মটোক বাদ দিলে অন্ততঃ পোন্ধৰ বিছ বছৰৰ আগৰ যুৱক যুৱতী সকলে ধনী মানুহ মাত্ৰেই অসাধু বা অসৎ চৰিত্ৰৰ, দৰিদ্ৰ তথা সাধাৰণ নিমাখিত মুখাবয়বৰ মানুহ মাত্ৰেই সৎ, নিকা, জ্ঞানী বুলি এটা ভ্রান্ত সাধাৰণীকৃত ধাৰণা লৈ প্রাপ্তবয়স্ক হ’ল। আমাৰ জ্ঞানৰ ভাণ্ডাৰৰ এটা কথা সংগোপনে সঞ্চিত হৈ আছে যে সৎ উপায়েৰে, পোন ৰাষ্টাৰে পেটে ভাতে চলি থাকিব পাৰি। কিন্তু অজস্র ধন ঘটিব নোৱাৰি। প্রচুৰ ধন ঘটিবলৈ হ’লে বক্র পথ অৱলম্বন কৰিবই লাগিব। আৰু যিসকলে আজি ধনৰ পাহাৰ সাজিছে সেইসকলে হয় অনৈতিক, অসাধু পথ অৱলম্বন কৰিছে (যিটো সহজ ভাষাত দুই নম্বৰী বুলি কোৱা হয়) নহলে প্রত্যক্ষভাৱে দাৱী-ধমকি মাৰণাস্ত্ৰৰ প্রয়োগেৰে উগ্রপন্থা অৱলম্বন কৰিছে।

ধন বা অৰ্থৰ প্রতি সমাজৰ নিম্নবিত্ত শ্ৰেণীটোৰ মাজত প্রচলিত তথাকথিত ভ্রান্ত ধাৰণাবোৰৰ বাবেই ঘৰখনত সৰুৰ আগত ধন উপাৰ্জন বা সংলগ্ন কথাবোৰ কমেইহে আলোচনা কৰা হয়। ধন উপাৰ্জন   সম্বন্ধীয় আলোচনাবোৰ যেন এক ঘৃণণীয় আলোচনা। ফলস্বৰূপে আমাৰ গ্রাম্যসমাজ বা চহৰৰ নিম্নবিত্ত সমাজৰ মাজত এতিয়াও বিৰাজমান “বিত্তীয় অজ্ঞতা”। শিক্ষাৰ প্রসাৰ হৈছে, শিক্ষিতৰ সংখ্যা বাহিছে, কিন্তু ধন বা বিত্ত সম্পৰ্কীয় ধ্যান ধাৰনাৰ ক্ষেত্রত আমাৰ সৰহ সংখ্যকেই আজিও অজ্ঞ আৰু আমাৰ মাজৰ এই  “বিত্তীয় অজ্ঞতা” ৰ সুযোগ লৈ অসমত আৰম্ভ হ’ল সৰু বৰ বহুতো তথাকথিত অবৈধ বিত্তীয় প্রতিষ্ঠানৰ দপদপনি। যিবোৰৰ প্রলোভনত কৌশলী প্রতাৰনাৰ জালত সৰ্বস্বান্ত হৈ আহিছে বহুতো নিম্ন আয়ৰ, সাধাৰণ, সহজ সৰল হোজা জনতা।

সৰ্বসাধাৰণ ৰাইজৰ বাবে অসমত বেংকিং ব্যৱস্থা এতিয়াও হাতেৰে ঢুকি পাব নোৱাৰা অভিজাত অসহজ ব্যৱস্থা। আপুনি সামান্য জমা একাঊন্ট এটা খুলিবলৈ যিকোনো এটা বেংকলৈ যাওক, বিভিন্ন  ধৰণৰ নথি পত্ৰ বিচাৰি তেওলোকে আপোনাক ভাৰাক্রান্ত কৰি তুলিব। তদুপৰি আপুনি যিসকল কৰ্মচাৰীৰ সন্মুখীন হ’ব তেওঁলোকৰ সৰহসংখ্যকৰেই আচৰণত আপোনাৰ প্রতি সহায় তথা সহৃদয়তাৰ মনোভাৱ ফুটি নুঠে। অথচ একাঊন্ট এটা খুলিবলৈ গৈ আপুনিহে আপোনাৰ সাঁচতিয়া ধনেৰে বেংকৰ ব্যৱসায় বৃ্দ্ধি  কৰি  তেওলোকৰ উপকাৰ কৰিবলৈ গৈ আছে। অসমৰ সৰহসংখ্যক বেংকৰ কৰ্মচাৰীৰ এই ধৰণৰ বেপৰোৱা আচৰণৰ বাবেই তথা নথি পত্ৰৰ জটিলতাৰ বাবেই সহজ সৰল হোজা নিম্ন আয়ৰ মানুহবোৰ সমগ্র বেংকিং ব্যৱস্থাটোৰ প্রতিয়েই বিৰাগভাৱ পোষণ কৰে। আৰু এই সহজ সৰল হোজা নিম্ন আয়ৰ মানুহখিনিয়েই অবৈধ বিত্তীয় প্রতিষ্ঠানবোৰৰ প্রধান চিকাৰ। তেওঁলোকৰ বিত্তীয় লেনা দেনা অত্যন্ত সহজ আৰু সৰল। আপুনি ঘৰতে বহি থাকক, তেওঁলোকৰ প্রতিনিধি বা এজেন্ট আহি একাউন্ট খোলাৰ প্র-পত্রত আপোনাৰ প্রয়োজনীয় চহী ললে,ফটো ললে, হৈ গ’ল। ধন জমা দিয়াৰ বাবেও আপুনি তেওঁলোকৰ প্রতিষ্ঠানলৈ নিজে যোৱাৰ প্রয়োজন নাই। সময়ে সময়ে এজেন্টে নিজেই আহি আপোনাৰ পৰা ধন সংগ্রহ কৰি ৰচিদ দি লৈ যাব। বিনিময়ত জমা ধনৰ ম্যাদৰ শেষত দুই তিনিগুন পৰিমাণৰ ধন আপুনি লাভ কৰাৰ প্রতিশ্রুতি থাকিব। জটিলতাবিহীন, আপাত দৃষ্টিত সহজ ব্যৱস্থা অথচ অত্যাধিক লাভৰ আকর্ষণেৰে এই অবৈধ বিত্তীয় প্রতিষ্ঠানবোৰ সহজ সৰল অসমৰ ৰাইজৰ মাজত খোপনি পোতাৰ মূল কাৰণবোৰ এইবিলাকেই। মূলতঃ জটিলতাবিহীন লেন্ দেন প্রক্রিয়া, অধিক হাৰৰ সুদ লাভৰ প্রতিশ্রুতি আৰু লগতে সহজলভ্য ঋণ প্রাপ্তিৰ প্রতিশ্রুতি- এই তিনিটা কাৰকৰ বাবেই অবৈধ বিত্তীয় প্রতিষ্ঠানবোৰ সাধাৰণ নাগৰিকৰ মাজত জনপ্রিয়।

নথি পত্ৰৰ ক্ষেত্রত সাধাৰণ ৰাইজ কেনেকৈ হাৰাশাস্তিৰ সন্মুখীন হয় সেই লৈ এটা প্রচলিত কৌতুক আছে। কৌতুকটো পাঠকৰ আগত ডাঙি ধৰাৰ লোভ সামৰিব নোৱাৰিলো।

ট্ৰেফিকপুলিচ: লাইচেন্স দেখুৱাওঁক !

শৰ্মা: নাই !

ট্ৰেফিক পুলিচ: কিয় ? আপুনি লাইচেন্সৰ বাবে আবেদন কৰা নাই নেকি ?

শৰ্মা: নাই !

ট্ৰেফিক পুলিচ: কিয় ?

শৰ্মা: মই গৈছিলো পৰিবহন বিভাগৰ অফিচলৈ ! তেওঁলোকক আকৌ পৰিচয় পত্ৰ লাগে ! মোৰসেইখন নাই !

ট্ৰেফিক পুলিচ: আপুনি ভোটাৰ পৰিচয় পত্ৰ এখন বনাই লওঁক |

শৰ্মা: মই গৈছিলো ! কিন্তু তেওঁলোকক আকৌ ৰেচন কাৰ্ড লাগে ! মোৰ সেইখন নাই !

ট্ৰেফিক পুলিচ: তেন্তে ৰেচন কাৰ্ড এখন বনাই লওঁক !

শৰ্মা : মই যোগান বিভাগৰ অফিচলৈ গৈছিলো ! তেওঁলোকক আকৌ বেংকৰ পাচবুক লাগে !যিখন মোৰ নাই !

ট্ৰেফিক পুলিচ: হে প্ৰভু ! বেংকত পাচবুক এখন খুলি লওঁক !

শৰ্মা: মই বেংকলৈ গৈছিলো পাচবুক খুলিবলৈ ! তেওঁলোকক আকৌ ড্ৰাইভিং লাইচেন্স লাগে ! ! !

কৌতুক হ’লেও এয়া বাস্তৱ। আৰু সাধাৰণ মানুহৰ বাবে কথাবোৰ পাকলগা।

এটা কথা সকলোৰে জ্ঞাত যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক নীতি অনুসৰি এক নিৰ্দিষ্ট হাৰতকৈ অধিক সুদ কোনো বেংক বা বিত্তীয় প্রতিষ্ঠানে জমা ধনৰ ওপৰত দিব নোৱাৰে। অসমৰ নিম্ন আয়ৰ সর্ব-সাধাৰণ মানুহখিনিয়ে কি সেই কথাটো বুজি নাপায় নেকি? সকলোৱে নহলেও বুজন সংখ্যকেই এই বিষয়ে নিশ্চয় জ্ঞাত। কিন্তু ইয়াৰ পিছটো বহুতে অবৈধ বিত্তীয় প্রতিষ্ঠানৰ প্রলোভনৰ জালত কিয় ভৰি দিয়ে? কম সময়তে জমা ধন দুগুন বা তিনিগুন কৰা কথাবোৰ কিয় বিশ্বাসত লয়। ইয়াৰ মূলতে মুক্ত অর্থনীতিৰ শ্বেয়াৰ বজাৰ ব্যৱস্থাটোৰ কথালৈকে আঙুলিয়াব পাৰি। শ্বেয়াৰ বজাৰত ৰাতিটোৰ ভিতৰতে ধন দুগুন তিনিগুন হোৱাৰ খবৰ সর্বসাধাৰণে পায়। শ্বেয়াৰ বজাৰৰ কাৰবাৰটো যে সম্পূর্ণ বিধিসন্মত কাৰবাৰ সেই কথাবোৰো সর্বসাধাৰণে জানে। গতিকে অল্প বিদ্যা ভয়ংকৰী হোৱাৰ দৰে ৰাতিটোৰ ভিতৰতে শ্বেয়াৰ বজাৰত দুগুন তিনিগুন লাভ হোৱাৰ খবৰ বিকৃত ৰূপত লাভ কৰি অবৈধ বিত্তীয় প্রতিষ্ঠানবোৰটো সেই যাদু বিদ্যাৰেই ধন দুই তিনিগুন হ’ব বুলি বহুতেই বিশ্বাস কৰে।

অবৈধ বিত্তীয় প্রতিষ্ঠানবোৰৰ প্রচাৰো এনেধৰণৰ ৰঙীন আৰু আকৰ্ষনীয় হয় যে অল্পমতি মানুহে সেইবোৰ বিশ্বাস নকৰাকৈ কমেইহে থাকিব পাৰে। প্রতিদিনেই কাকত আলোচনীৰ মূল পৃষ্ঠাত ৰঙীন বিজ্ঞাপন, নিউজ চেনেল, চহৰৰ মূল পথৰ বিশাল হ’ৰ্ডিং, সকলোতে প্রসাৰ আৰু প্রচাৰৰ চিকমিকনীত প্রকৃত কথাবোৰ প্রায়েই তল পৰি যায়। তদুপৰি সেই প্রতিষ্ঠানবোৰে স্থানীয়ভাবে বহুতো নিবনুৱা যুৱক-যুৱতীক এজেন্টৰূপে নিয়োগ কৰে। শিক্ষিত স্থানীয় নিবনুৱা যুৱক-যুৱতী সকলে চাকৰীৰ আজিৰ মহঙা দিনত স্বাভাৱিকতেই আন্তৰিকতাপূৰ্ণ আৰু নিষ্ঠাৱান হয়। স্থানীয় নিজৰ মানুহ এজনে যেতিয়া এজেন্টৰূপে কাৰোবাক জমা আঁচনিত ধন ৰাখিবলৈ বাৰম্বাৰ অনুৰোধ কৰিবহি খুব কমেইহে নঞাৰ্থক প্রতিক্রিয়া দিব পাৰে। জনা বুজা উচ্চ-শিক্ষিত ব্যক্তি এজনেও স্থানীয় এজেন্টজনৰ কথা নেপেলাবৰ বাবে কম পৰিমাণৰ হ’লেও কিছু ধন জমা ৰাখিবলৈ সন্মত হয়। বিত্তীয় প্রতিষ্ঠানবোৰৰ এই কৌশলটোৱেই পাশুপাত অস্ত্রৰূপে কাম কৰে। অসমত প্রায়বোৰ প্রতিষ্ঠানেই গজালি মেলি বিশাল বজাৰ দখল কৰাৰ মূল কৌশল এইটোৱেই।

এইখিনিতে এটা প্রশ্নৰ নিশ্চয় উদয় হয়। আমি যে এই বিত্তীয় প্রতিষ্ঠানবোৰ অবৈধ বুলি দোহাৰি আহিছো তেওঁলোকৰ ব্যৱসায় চলাই যাবলৈ কি প্রয়োজনীয় নথি পত্র নাই নেকি? আৰু আমাৰ চৰকাৰেও ইমানবোৰ অনিয়ম, অবৈধ কাৰ্য্যকলাপ দেখি শুনি কিয় প্রায়ে নিমাতে থাকে। দেশত শক্তিশালী আইন ব্যৱস্থা থাকোতে, চৰকাৰ, প্রশাসন সকলোৰে চকুৰ সন্মুখত কেনেদৰে এই অবৈধ প্রতিষ্ঠানবোৰে নিজৰ অবৈধ ব্যৱসায় চলাই যাবলৈ সমৰ্থ হয়? দৰাচলতে এটা কথা সচেতন সকলো ব্যক্তিয়েই বুজি পায় যে এই প্রতিষ্ঠানবোৰে অসমত বা অন্যান্য ঠাইত মূলত কোনো প্রকল্পৰ (যেনে নিৰ্মান খণ্ড, আন্তগাঁথনি, সেৱা খণ্ড  ইত্যাদি) আচিলা লৈ নিজৰ ব্যৱসায়ৰ পোহাৰ মেলে। কেৱল ধন জমা ৰখা বা বিত্তীয় লেনা দেনা (pure banking) অথবা বীমা সেৱা তেওঁলোকৰ উপৰুৱা কাৰ্য্যকলাপহে। অৰ্থাৎ চৰকাৰী নথি পত্রত তেওঁলোকৰ মূল ব্যৱসায় সম্পুৰ্ণ পৃথকৰূপেই থাকে। তদুপৰি তেওঁলোকৰ ব্যৱসায়ৰ অংশীদাৰ ৰূপত চৰকাৰী পক্ষৰ বহুতো শক্তিশালী ব্যক্তি আঁৰৰ মানুহৰূপে থকা কথাটোও নুই কৰিব নোৱাৰি। কোটি কোটি টকাৰ এই ব্যৱসায়ৰ খেলখনৰ এক বুজন অংশ শাসকীয় পক্ষই যদি ভাগ নাপায় তেনেহ’লে ইমান মুকলিকৈ জনসাধাৰণক প্রৱঞ্চনা কৰিবলৈ সাহসো গোটাব নোৱাৰে। আচলতে শাসকীয় পক্ষৰ অদৃশ্য পৃষ্ঠপোষতাতে এনেধৰণৰ অবৈধ বিত্তীয় প্রতিস্থানবোৰে গা কৰি উঠে।

অসমৰ ৰাইজ সচেতন হবৰ  হ’ল। নিজৰ কষ্টৰ ধনৰ সুৰক্ষাৰ বাবে নিজকে শিক্ষিত কৰি আচল কি নকল কি বুজিবৰ হ’ল। ৰাষ্ট্ৰীয়কৃত বেংকবোৰৰ লেনা দেনা যদিওবা আৰামদায়ক নহয় কিন্তু ই সম্পুৰ্ণ নিৰাপদ। এইখিনিতে অসমৰ শিক্ষিত, সচেতন শ্রেণীটো তথা সংবাদ মাধ্যম, প্রচাৰ যন্ত্ৰ আদিৰো গুৰু দায়িত্ব আহি পৰে। সকলোৱে বিত্ত বা বিত্তীয় জগতৰ কথাবোৰ সহজ সৰল ভাষাত আলোচনা কৰি জনসাধাৰণে বুজি পাব পৰাকৈ প্রচাৰ তথা প্রসাৰৰ দিহা কৰিব লাগে। সংবাদ পত্র সমূহত বিত্ত জগতৰ সৰু বৰ খুটি-নাতি সমূহৰ বিস্তাৰিত আলোচনা হোৱাৰ প্রয়োজন। একোজন ব্যক্তিৰ প্রয়োজনীয় বিভিন্ন নথি পত্র  যেনে পান কার্ড, অন্যন্য ফটো পৰিচয় পত্র, ৰেচন কার্ড ইত্যাদিবোৰ ক’ত কিদৰে উপলব্ধ হয় আৰু সেইবোৰ আমাৰ বাবে কিয় প্রয়োজনীয় বাতৰি কাকতবোৰত তাৰ আলোচনা হোৱাটো নিশ্চয় দৰকাৰী। জনসাধাৰণক সুস্থ মানসিকতাৰে সচেতন কৰি তুলিব পাৰিলেই বহুতো সমস্যাৰ আপুনা-আপুনি সমাধান হয়।

লিখক: টুৱাৰাম দত্ত।

2.88679245283
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top