অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জি এছ টি

জি এছ টি ৰ বিষয়ে লিখা হৈছে

 

দেশৰ সৰ্ববৃহৎ কৰ সংস্কাৰ:

 

ভাৰতীয় অৰ্থনীতিৰ পৰ্যবেক্ষকসকলৰ বাবে ২০১৭ চনটো উল্লেখনীয় হৈ ৰ’ব এনে এটা বছৰ হিচাপে যিটো বছৰত আমাৰ অৰ্থনীতিয়ে ‘এখন দেশ, এখন বজাৰ’ৰ দিশত আগবঢ়াৰ পথ মুকলি হয়। এই যাত্ৰাৰ আৰম্ভণি হ’ল ভাৰতবৰ্ষত পণ্য সামগ্ৰী আৰু সেৱা কৰ(জি এছ টি) বলৱৎ হোৱাৰ দিনটো। নিঃসন্দেহে স্বৰাজোত্তৰ ভাৰতত কৰৰ ক্ষেত্ৰত কৰা গাঁথনিমূলক সংস্কাৰৰ ভিতৰত জি এছ টিয়েই সৰ্ববৃহৎ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্কাৰ। আমি জানো যে ভাৰতবৰ্ষত জি এছ টি প্ৰৱৰ্তনৰ ধাৰণাটোৰ পাতনি মেলা হৈছিল ২০০৩ চনৰ কেলকাৰ টাস্ক ফ’ৰ্চৰ ৰিপ’ৰ্টত। তাৰ পিছত সুদীৰ্ঘ ১৩ বছৰে হৈ অহা তৰ্ক-বিতৰ্ক, আলোচনা-বিলোচনা আৰু সমীক্ষাৰ অন্তত সৰ্বসন্মতিক্ৰমে জি এছ টি বিধেয়কখন সংসদত গৃহীত হয় আৰু ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিয়ে যোৱা ৮ ছেপ্টেম্বৰ ২০১৬ত ইয়াক অনুমোদন দিয়ে। এটা দশক ধৰি তীব্ৰ বাক-বিতণ্ডাৰ অন্তত সৰ্বসন্মতিক্ৰমে বিধেয়কখন গৃহীত হোৱাটো ভাৰতবৰ্ষৰ ‘কো-অপাৰেটিভ ফেডাৰেলিজিম’ৰ এটা স্পষ্ট উদাহৰণ।

সাধাৰণ ভাষাত ক’বলৈ হ’লে জি এছ টি হ’ল সমগ্ৰ দেশতে প্ৰযোজ্য হোৱা এটা পৰোক্ষ কৰ। এইটো কৰ পণ্য সামগ্ৰী আৰু সেৱা কাৰ্যৰ ওপৰত আৰোপ কৰা হয়। অৰ্থাৎ এই কৰ আদায় দিয়াৰ দায়িত্ব হ’ল দেশৰ উদ্যোক্তা, ব্যৱসায়ী আৰু সেৱা কাৰ্য যোগানদাৰী(যেনে-mobile service providers, consultants, chartered accountants,financial ইত্যাদি) সকলৰ। কিন্তু জি এছ টি যিহেতু এটা পৰোক্ষ কৰ, ইয়াৰ বোজা শেষততো ভোক্তাসকলেই বহন কৰিব লাগিব। আমি জানো যে ব্যৱসায়-বাণিজ্য, উদ্যোগ বা সেৱা কাৰ্যত জড়িত থকা যিকোনো ব্যক্তিয়েই আয়কৰৰ বাহিৰেও বহু কৰ দিবলগীয়া হয়। এনেধৰণৰ কৰবোৰ হ’ল- সেৱাকৰ, আবকাৰী কৰ, ভেল্যু এডেড টেক্স(VAT), বিশেষ কাষ্টম ডিউটী ইত্যাদি। এই কৰবোৰক সামূহিকভাৱে পৰোক্ষ কৰ বোলা হয়। এতিয়া এনেধৰণৰ প্ৰায়বোৰ কৰেই বিলুপ্ত হৈ যাব আৰু তাৰ ঠাইত জি এছ টি প্ৰযোজ্য হ’ব। কেৱল এয়ে নহয়। জি এছ টিৰ দ্বাৰা ভাৰতবৰ্ষত পৰোক্ষ কৰ কেনেধৰণে আৰোপ কৰা হয় তাৰো আমূল পৰিৱৰ্তন আহিব। বৰ্তমানে(জি এছ টিৰ আগতে) আবকাৰী কৰ বহুওৱা হয় manufacturingত, VAT প্ৰযোজ্য হয় সামগ্ৰীটো এটা স্তৰৰ পৰা আন এটা স্তৰলৈ যোৱাৰ সময়ত(যেনে- উৎপাদনকাৰীৰ পৰা পাইকাৰী ব্যৱসায়ীৰ পৰা খুচুৰা ব্যৱসায়ীৰ ভোক্তা আদি) আৰু এইবোৰ কৰৰ পৰিমাণ সামগ্ৰীৰ মূল্যত যোগ হৈ যায়। আকৌ কেন্দ্ৰীয় বিক্ৰী কৰ(চি জি টি) আৰোপ কৰা হয় যেতিয়া সামগ্ৰী এটা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ নিয়া হয়। এই ধৰণে ভোক্তাৰ হাতলৈ যাব পৰাকৈ সম্পূৰ্ণ হোৱা সামগ্ৰী এটাৰ ওপৰত আবকাৰী কৰ, VAT, CST আদিৰ বোজা থাকে আৰু এইটো উৎপাদন খৰচৰ অংশ বুলি ধৰা হয়। স্বাভাৱিকতে এই কৰৰ বোজা সামগ্ৰীটোৰ বজাৰ মূল্যত অন্তভূৰ্ক্ত হয়। বৰ্তমানৰ কৰ আৰোপণৰ এই প্ৰথাটো সলনি হ’ব জি এছ টিৰ জৰিয়তে। জি এছ টিৰ অধীনত কৰ কেৱল যোগানৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। জি এছ টি আইন অনুসৰি যোগানৰ সংজ্ঞা হ’ল ‘পণ্য সামগ্ৰীৰ বিক্ৰী’। যোগানৰ অন্তৰ্ভূক্ত হ’ব সালসালনি, বিনিময়, লেনদেন, ভাৰা আৰু লীজ। জি এছ টিৰ এটা লেখত ল’বলগীয়া বৈশিষ্ট্য হ’ল যে এই কৰ যোগানৰ উৎসত নহয়, যোগানৰ গন্তব্য স্থানতহে(destination) আৰোপ কৰা হ’ব। সেয়েহে ইয়াক destination based tax বুলিও কোৱা হয়। পাঠকসকলৰ নিশ্চয় মনত আছে যে জি এছ টি বলৱৎ কৰাৰ বাবে আমাৰ সংবিধানৰ সংশোধন কৰিবলগীয়া হৈছিল। ইয়াৰ কাৰণ বুজি পালে জি এছ টিৰ তাৎপৰ্য বুজি পোৱাত সুবিধা হ’ব। ভাৰতীয় সংবিধানে কৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ক্ষমতাৰ বিভাজন স্পষ্ট কৰি থৈছে। সংবিধান অনুসৰি কেন্দ্ৰীয় চৰকাৰে সামগ্ৰীক উৎপাদন স্তৰলৈ সকলো সেৱা কাৰ্যৰ ওপৰত কৰ বহুৱাব পাৰে। ৰাজ্য চৰকাৰে আকৌ বস্তু বিক্ৰীৰ ওপৰত কৰ বহুৱাব পাৰে। অৰ্থাৎ সংবিধান অনুসৰি বস্তু বিক্ৰীৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰৰ নাই(আন্তঃৰাজ্যিক বেচা-কিনাৰ বাহিৰে), তেনেকৈ সেৱা কাৰ্যৰ ওপৰত কৰ আৰোপ অধিকাৰ ৰাজ্য চৰকাৰৰ নাই। কৰ ক্ষমতাৰ এই বিভাজন সংবিধানৰ সপ্তম অনুসূচীৰ ২৪৬ ধাৰাত উল্লেখ আছে। স্বাভাৱিকতেই সামগ্ৰী আৰু সেৱা কৰ- প্ৰৱৰ্তন কৰিবলৈ সংবিধানৰ সংশোধন অপৰিহাৰ্য। যাতে কেন্দ্ৰ আৰু ৰাজ্যসমূহে লাগতিয়াল কৰ ক্ষমতা লাভ কৰিব পাৰে। ইয়াৰ ফলস্বৰূপে কেন্দ্ৰই বিক্ৰীৰ ক্ষেত্ৰত আৰু ৰাজ্যসমূহে সেৱাৰ ক্ষেত্ৰত কৰ আৰোপৰ ক্ষমতা লাভ কৰিব। ২০১৬ চনত Constitution(122nd Amendment) Bill, 2014 জৰিয়তে কৰা সাংবিধানিক সংশোধনে এইটো সম্ভৱ কৰি তুলিলে আৰু ভাৰতবৰ্ষত জি এছ টি প্ৰৱৰ্তনৰ বাট মুকলি হ’ল। এই সংশোধনীৰ জৰিয়তে এতিয়া সংসদ আৰু বিধানসভাৰ জি এছ টি আইন বলৱৎ কৰাৰ ক্ষেত্ৰত উমৈহতীয়া অধিকাৰ(Concurrent Power) থাকিব। আন্তঃৰাজ্যিক যোগান(Inter State Supply) আৰু আমদানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ Integrated GST(IGST) আৰোপ কৰিব পাৰিব।

সাংবিধানিক সংশোধনৰ পিছতেই জি এছ টি কাৰ্যকৰী কৰাৰ বাবে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে এটা জি এছ টি পৰিষদ গঠন কৰি দিয়ে এই পৰিষদৰ লক্ষ্য হ’ল সমগ্ৰ দেশত বস্তু সামগ্ৰীৰ এখন ৰাষ্ট্ৰীয় বজাৰ(national market)ৰ গঠন।

এই পৰিষদৰ সদস্যসকল হ’ল-

 

১)কেন্দ্ৰীয় বিত্তমন্ত্ৰী(অধ্যক্ষ),

২)কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী আৰু

৩)ৰাজ্যসমূহৰ বিত্তমন্ত্ৰী বা চৰকাৰৰ দ্বাৰা মনোনীত আন বিভাগৰ মন্ত্ৰী।

এই পৰিষদৰ সকলো সিদ্ধান্ত লোৱা হয় ¾ th majority in votesৰ ভিত্তিত। ইয়াৰে কেন্দ্ৰৰ অংশ হ’ল 2/3rd। অৰ্থাৎ পৰিষদৰ যিকোনো সিদ্ধান্তৰ বাবে নূন্যতম ৭৫ শতাংশ ভোটৰ প্ৰয়োজন হয়। জি এছ টি পৰিষদৰ প্ৰধান দায়িত্ব হ’ল তলত দিয়া বিষয়সমূহত অনুমোদন দিয়াটো-

ক) জি এছ টিৰ ভিতৰত কোনবোৰ কৰ, cess, surcharge সামৰি লোৱা হয়।

খ)কোনবোৰ সামগ্ৰী/সেৱা কাৰ্য জি এছ টিৰ অন্তৰ্ভুক্ত হ’ব/নহ’ব।

গ)জি এছ টি বাধ্যতামূলক হ’বলৈ কৰদাতাৰ বাৰ্ষিক turnover(বিক্ৰীৰ পৰিমাণ কিমান হ’ব লাগিব)।

ঘ)জি এছ টিৰ হাৰসমূহ।

ঙ)আৰ্হিসম্পন্ন জি এছ টি আইন, কৰ আৰোপ নীতি, যোগানৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি ইত্যাদি।

চ)উত্তৰ-পূব, হিমালয় প্ৰদেশ, জন্মু-কাশ্মীৰ আৰু উত্তৰাখণ্ডৰ ক্ষেত্ৰত বিশেষ provision(Special provision) আৰু

ছ)জি এছ টি সম্বন্ধীয় আন আন দিশ।

এতিয়া আমি চাওঁ আহক জি এছ টি পৰিষদৰ অনুমোদন অনুসৰি কোনবোৰ বস্তু সামগ্ৰী জি এছ টিৰ পৰিসৰৰ বাহিৰত থাকিব আৰু কোনবোৰ পৰোক্ষ কৰ জি এছ টিৰ মাজত সোমাই পৰিব। সংবিধানৰ সংস্কৰণ অনুসৰি মানুহে সেৱন কৰা মাদক দ্ৰব্য(alcohol for human consumption) সমূহ জি এছ টিৰ পৰিষদৰ বাহিৰত থাকিব। তদুপৰি সাময়িকভাৱে ৫ বিধ পেট্ৰ’লজাতীয় সামগ্ৰী যেনে খাৰুৱা পেট্ৰ’ল, হাইস্পিড ডিজেল পেট্ৰ’ল, প্ৰাকৃতিক গেছ আৰু aviation turbine fuelৰ ওপৰত জি এছ টি বলৱৎ নহ’ব। যিবোৰ পৰোক্ষ কৰ নোহোৱা হৈ যাব আৰু তাৰ ঠাইতে জি এছ টি আৰোপ কৰা হ’ব, সেইসমূহৰ তালিকাখন তলত দিয়া ধৰণৰ-

কেন্দ্ৰীয় পৰোক্ষ কৰ-

 

লেন-দেন

বৰ্তমান কৰ ব্যৱস্থা

জি এছ টি

১. কেঁচা সামগ্ৰীৰ মূল্য

১০০

১০০

২. কেঁচা সামগ্ৰীৰ ওপৰত কৰ

১০(10% of Rs 100)

১০(10% of Rs 100)

৩. Value Addeby উৎপাদনকাৰী

৩০

৩০

৪. উৎপাদনকাৰীয়ে দিব লগা কৰ

৩(VAT 10% of 30)

৩(GST:10% of 30)

৫. খুচুৰা বেপাৰীৰ ব্যয়

১০০+১০+৩০+৩=১৪৩

১০০+১০+৩০+৩=১৪৩

৬. খুচুৰা ব্যৱসায়ীৰ margin(ধৰি লোৱা হ’ল)

৩০

৩০

৭. সামগ্ৰীটোৰ ওপৰত দিবলগীয়া কৰ

(১৪৩+৩০)ৰ সেৱা কৰ ১০ শতাংশ=১৭.৩

৩০ৰ জি এছ টি ১০ শতাংশ=৩

৮. কৰসহ সামগ্ৰীটোৰ অন্তিম মূল্য

১৪৩+৩০+১৭.৩=১৯০.৩

১৪৩+৩০+৩=১৭৬

৯. অন্তিম মূল্যত কৰৰ পৰিমাণ

১০+৩+১৭.৩=৩০.৩

১০+৩+৩=১৬

১)কেন্দ্ৰীয় আবকাৰী কৰ,

২)অতিৰিক্ত আয়কাৰী কৰ,

৩)সেৱা কৰ,

৪)অতিৰিক্ত customs duty,

৫)বিশেষ অতিৰিক্ত customs duty।

ৰাজ্যিক পৰোক্ষ কৰ

১)ৰাজ্য, VAT/বিক্ৰী কৰ,

২)আমোদ কৰ আৰু কেন্দ্ৰীয় বিক্ৰী কৰ,

৩)অক্ট্ৰ’ই আৰু প্ৰৱেশ কৰ,

৪)ক্ৰয় কৰ,

৫)বিলাসী কৰ,

৬)লটাৰী, betting আৰু gambling ওপৰত লগোৱা কৰ।

এতিয়া প্ৰশ্ন হ’ল ওপৰৰ ১১টা কৰ আঁতৰাই এটা জি এছ টি বলৱৎ কৰাটোৱেই পৰিৱৰ্তন নে জি এছ টি গুণগতভাৱে নতুবা বা বেলেগ। ইয়াৰ উত্তৰটো হ’ল যে জি এছ টি গুণগতভাৱে বৰ্তমানে প্ৰচলিত পৰোক্ষ কৰতকৈ বেলেগ। যদিও জি এছ টি আৰোপণৰ মূলনীতি VATৰ দৰেই, জি এছ টিক আমি একপ্ৰকাৰৰ সংশোধিত VAT বুলি ক’ব পাৰো। এটা সৰু উদাহৰণেৰে এই কথাটো বুজাত সুবিধা হ’ব। আমি ধৰি লওঁ এজন উৎপাদনকাৰীয়ে ১০০ টকাৰ কেঁচা সামগ্ৰী কিনি কিবা এটা সামগ্ৰী উৎপাদন কৰি খুচুৰা ব্যৱসায়ীক বিক্ৰী কৰিছে। এতিয়া চাওঁ আহক সামগ্ৰীটোৰ ওপৰত কৰৰ ভাৰ বৰ্তমান ব্যৱস্থাত আৰু জি এছ টিৰ তলত কিমান হ’ব। উদাহৰণটোত আমি ধৰি লওঁ যে জি এছ টিকে ধৰি সকলো কৰৰ হাৰ ১০ শতাংশ।

এই উদাহৰণটোৱে স্পষ্টভাৱে দেখুৱায় যে জি এছ টি বৰ্তমানৰ পৰোক্ষ কৰতকৈ বেলেগ আৰু উন্নত। জি এছ টিৰ ক্ষেত্ৰত কৰৰ ওপৰত কৰ দি নাথাকে। কিন্তু জি এছ টিৰ পূৰ্বে আমি কৰৰ ওপৰত কৰ দি আহিছো। ইয়াকেই tax on tax বা cascading effect of tax বুলি কোৱা হয়। নিশ্চিতকৈ জি এছ টিৰ জৰিয়তে এইটোৰ শুধৰণি হ’ব, যাৰ ফলত উৎপাদনকাৰী, ব্যৱসায়ী আৰু অন্তিম ভোক্তা লাভৱান হ’ব।

আমি ইতিমধ্যেই উনুকিয়াইছো যে ভাৰতবৰ্ষত জি এছ টি আৰোপ কৰাৰ অধিকাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ৰে থাকিব। এনে ব্যৱস্থাক Duel GST model বুলি কোৱা হয়, যিটো ব্ৰাজিল আৰু কানাডাতো প্ৰচলিত হৈ আছে। কেন্দ্ৰীয় চৰকাৰে Central GST(CGST) আৰোপ আৰু সংগ্ৰহ কৰিব আৰু ৰাজ্য চৰকাৰে State GST(SGST) আৰোপ আৰু সংগ্ৰহ কৰিব ৰাজ্যখনৰ ভিতৰত হোৱা সকলো লেনদেন সামৰি। আন্ত:ৰাজ্যিক লেনদেনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে Integrated GST(IGST) সকলো আন্তঃৰাজ্যিক লেনদেনৰ ওপৰত আৰোপ কৰি নিৰ্ধাৰিত কৰ সংগ্ৰহ কৰিব। আন্তঃৰাজ্যিক বিক্ৰেতাই কেন্দ্ৰীয় চৰকাৰক IGST দিব লাগিব। কেন্দ্ৰীয় চৰকাৰে এই কৰ আমদানি কৰা ৰাজ্যখনলৈ Transfer কৰিব। যিখন ৰাজ্যত সামগ্ৰী আৰু সেৱা অন্তিম ভোক্তাৰ দ্বাৰা ব্যৱহৃত হ’ব তাতহে জি এছ টি বলৱৎ হ’ব। ইয়াৰ ফলত ভোক্তা ৰাজ্যখন লাভৱান্বিত হ’ব।

জি এছ টিৰ প্ৰশাসনিক গাঁথনিৰ পিছতেই আমি চাব লগা দিশটো হ’ল জি এছ টিৰ অনুমোদিত হাৰ। ইতিমধ্যেই জি এছ টিৰ চাৰিটা হাৰৰ সিদ্ধান্ত লোৱা হৈছে। সেইকেইটা হ’ল- ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ, সেৱাকৰৰ হাৰ ৰখা হৈছে ১৮ শতাংশ। ভাৰতবৰ্ষৰ গড় আয় আৰু মুদ্ৰাসফিতিৰ ওপৰত লক্ষ্য ৰাখি খাদ্য সমন্বিতে কিছুমান অত্যন্ত লাগতিয়াল সামগ্ৰীৰ ওপৰত কোনো কৰ ৰখা হোৱা নাই।

থুলমূলকৈ সামগ্ৰীৰ বিপৰীতে জি এছ টিৰ হাৰ তলৰ তালিকাত দিয়া ধৰণৰ-

 

স্তৰ

জি এছ টি হাৰ

বৰ্তমানৰ কৰৰ হাৰ

সামগ্ৰী

৫ শতাংশ

৯ শতাংশ

খোৱা তেল, মছলা, চাহ, কফি

১২ শতাংশ

৯-১৫ শতাংশ

কম্পিউটাৰ, Processed খাদ্য সামগ্ৰী

১৮ শতাংশ

১৫-২১ শতাংশ

চাবোন, তেল, ছেভিং ক্ৰীম আৰু সকলো সেৱা কাৰ্য(ম’বাইল ছাৰ্ভিচ, ডি টি এইচ আদি)

২৮ শতাংশ

২১ শতাংশ

বিলাসী সামগ্ৰী(বিলাসী গাড়ী, ধঁপাত, শীতল পানীয় ইত্যাদি)

 

পৰিষদে gems and Jewellery(আ-অলংকাৰ)ৰ ক্ষেত্ৰত বিশেষ ৩ শতাংশ হাৰ ঘোষণা কৰিছে। তাৰে মাজতে rough diamond ক্ষেত্ৰত প্ৰযোজিত হাৰ হ’ব ০.২৫ শতাংশ। ৰপ্তানিগত আয় আৰু ঘৰুৱা চাহিদাৰ ওপৰত লক্ষ্য ৰাখিয়েই হয়তো এই বিশেষ হাৰৰ ব্যৱস্থা ৰখা হৈছে।

ওপৰৰ তালিকাখনৰ পৰা বুজিব পাৰি যে বেছিভাগ সামগীৰৰ ওপৰত জি এছ টিৰ হাৰ ১২ শতাংশৰ পৰা ১৮ শতাংশ হ’ব। মনকৰিবলগীয়া কথা এইটো যে জি এছ টিৰ জৰিয়তে বৰ্তমানৰ সকলো CESS(Clean Energy Cessৰ বাহিৰে) নোহোৱা হ’ব। Clean Energy Cess অহা ৫ বছৰলৈ থাকিব আৰু ইয়াৰ দ্বাৰা আবন্টন হোৱা ধনৰাশি জি এছ টিৰ বাবে হ’ব পৰা ৰাজ্য চৰকাৰৰ ৰাজহ ঘাটিৰ ক্ষতি পূৰণৰ বাবে ব্যৱহাৰ কৰা হ’ব।

স্বাভাৱিকতেই আমাৰ মনলৈ প্ৰশ্ন আহে জি এছ টিৰ বাবে আমাৰ ব্যক্তিগত বাজেটত কি প্ৰভাৱ পৰিব। এই মুহূৰ্তত যদিও ইয়াৰ উত্তৰ ১০০ শতাংশ সঠিককৈ দিব নোৱাৰি, বিভিন্ন সমীক্ষাৰ পৰা অনুমান কৰিব পাৰি কোনবোৰ সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আৰু কোনবোৰৰ দাম নিম্নগামী হোৱাটো আশা কৰিব পাৰি। উদ্যোগ জগতৰ কিছুমান সূত্ৰৰ মতে বৰ্তমানে উৎপাদিত ভোগ সামগ্ৰীৰ ক্ষেত্ৰত ভোক্তাই VAT আৰু আবকাৰী কৰ সমন্বিতে উৎপাদন খৰচতকৈ প্ৰায় ২৫-২৬ শতাংশ বেছি দিবলগীয়া হয়। অৰ্থাৎ যিটো সামগ্ৰীৰ উৎপাদন ব্যয় ১০০ টকা হয়, ভোক্তাই কৰৰ বাবদ সেই বস্তুটো ১২৫ বা ১২৬ টকাত কিনিবলগীয়া হয়। যিহেতু জি এছ টিৰ হাৰ বেছিভাগ সামগ্ৰীৰ ক্ষেত্ৰত ১৮ শতাংশ হ’ব, আমি তলত দিয়া বস্তু সামগ্ৰীসমূহৰ মূল্য কিছু পৰিমাণে হ্ৰাস হ’ব বুলি আশা কৰিব পাৰো-

১)ফেন, এয়াৰ কুলাৰ, ৱাটাৰ হিটাৰ, এল ই ডি টিভি, ম’বাইল ফোন আৰু কিছুমান ইলেক্ট্ৰনিক সামগ্ৰী।

২)অতি প্ৰচলিত ভোক্তাৰ সামগ্ৰী যেনে- চেম্পু, প্ৰচেচ ড ফুড, সহজলভ্য ঔষধ, চকলেট আদি।

৩)ফাৰ্মাচীৰ সামগ্ৰী(pharma product)

৪)ৰেডিমেড কাপোৰ(ব্ৰেণ্ডেড কাপোৰৰ সমন্বিতে)

৫)চিনেমাৰ টিকট(যিহেতু আমোদ কৰা নাথাকিব)

৬)দুচকীয়া বাহন, অ-বিলাসী গাড়ী, SUVs

৭)চিমেন্ট, ৰং আৰু নিৰ্মাণৰ সামগ্ৰী।

৮)সৌৰ panel, point of sale(POS) যন্ত্ৰ আৰু finger print scannet.

আমি জানো যে বৰ্তমানে প্ৰযোজ্য সেৱা কৰৰ হাৰ হ’ল ১৫ শতাংশ আৰু কিছুমান বিশেষ সেৱা(যেনে: ambulance service, সাংস্কৃতিক কাৰ্যাৱলী, খেলা-ধূলাৰ অনুষ্ঠান আদি)ৰ বাহিৰে এই হাৰ সকলো সেৱা কাৰ্যতেই, প্ৰযোজ্য। জি এছ টিৰ ফলত সেৱা কৰ ১৮ শতাংশলৈ বৃদ্ধি পাব। স্বাভাৱিকতেই সেৱাক্ষেত্ৰ বৰ্তমানমতৈ ব্যৱবহুল হ’ব ইয়াৰ লগতে ২৮ শতাংশ হাৰ প্ৰযোজ্য সামগ্ৰীসমূহৰ মুখ্য বৃদ্ধি পাব। সেই হেতুকে তলত দিয়া সামগ্ৰী/সেৱাসমূহৰব মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি।

১. হোটেল, ৰেষ্টুৰেন্টৰ বিল,

২. ম’বাইল আৰু ইন্টাৰনেট সেৱা,

৩. ৰে’ল যাতায়ত, এয়াৰ ট্ৰেভেল আৰু ৰেন্টেড কাৰ ছাৰ্ভিচ,

৪. ডি টি এইচ, কেৱল টিভি আৰু কুৰিয়াৰ সেৱা,

৫. বিলাসী গাড়ী,

৬. ধঁপাত/চিগাৰেট,

৭. শীতল পানীয়,

৮. ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম আদি।

জি এছ টিৰ ফলত সম্ভাৱিত মূল্যৰ হ্ৰাস-বৃদ্ধিৰ অনুমানক চাই আমি হয়তো আশা কৰিব পাৰো যে আন সকলো একে থাকিলে, জি এছ টিৰ ফলত মুদ্ৰাসফীতিৰ বিশেষ সম্ভাৱনা নাই। সেয়েহে সাধাৰণ ক্ৰেতা/ভোক্তাৰ ওপৰত ইয়াৰ প্ৰভাৱ নিৰ্বিকাৰ হ’ব বুলি ধৰি লোৱাৰ অৱকাশ আছে।

দেশ এখনত অৰ্থনৈতিক সংস্কাৰ কৰাৰ উদ্দেশ্য হ’ল দেশখনৰ আৰ্থ-সামাজিক উন্নয়ন কৰাটো। জি এছ টিৰ জৰিয়তে কৰিব খোজা সংস্কাৰো ইয়াৰ ব্যতিক্ৰম নহয়। আশা কৰা হৈছে যে জি এছ টিৰ ফলত আমাৰ দেশৰ কৰৰ ক্ষেত্ৰত থকা জটিলতা হ্ৰাস পাব, এখন স্বচ্ছ ৰাষ্ট্ৰীয় মুকলি বজাৰ গঠনত সহায়ক হ’ব আৰু অৰ্থনীতিৰ অন্তনিৰ্হিত শক্তিক উদগনি জনাই ভাৰতবৰ্ষক এখন বৃহৎ ধাৱমান অৰ্থনীতি হিচাপে প্ৰতিফলিত কৰাৰ পথ সুগম হ’ব। অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰত জি এছ টিৰ প্ৰভাৱ ধনাত্মক হ’ব বুলি আমি অত্যন্ত আশাবাদী। তাৰেই বিশেষ কেইটামান তলত উনুকিয়াই দিয়া হ’ল। জি এছ টিৰ ফলত কৰ এৰাই চলাটো বা কৰ ফাঁকি দিয়াটো নিশ্চিতভাৱে কমি আহিব। যদি কোনোবাই নিজৰ বিক্ৰীৰ ওপৰত কৰ আদায় নিদিয়ে, তেওঁ বেলেগৰ পৰা ক্ৰয় কৰা উপাদানত অন্তৰ্ভুক্ত হৈ থকা কৰ মাফ নাপায়। তদুপৰি এনে ব্যৱসায়ীয়ে আন এজন ব্যৱসায়ীৰ পৰা তেতিয়াহে ক্ৰয় কৰিব যেতিয়া বেচোতাজনে তেওঁৰ যোগানৰ ওপৰত হোৱা কৰ আদায় দিয়ে। সেয়ে বহু অ-সংগঠিত ব্যৱসায় আনুষ্ঠানিক ক্ষেত্ৰলৈ আহিবলৈ বাধ্য হ’ব। ফলস্বৰূপে পৰোক্ষ কৰৰ ভেটি প্ৰসাৰআৰু কৰ সংগ্ৰহৰ পৰিমাণো বাঢ়ি যাব। এই বৃদ্ধি হোৱা কৰ দেশৰ আন্ত:গাঁথনি আৰু উন্নয়নমূলক কামত ব্যৱহাৰ কৰিব পৰা যাব।

বিনিয়োগ ক্ষেত্ৰলৈ ধনাত্মক পৰিৱৰ্তন এটা আহিব। কিয়নো জি এছ টিৰ অধীনত মূলধন জাতীয় সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত উপাদানৰ ক্ৰয়ৰ সময়ত দিয়া কৰ উৎপাদনকাৰীয়ে ঘূৰাই পাব। ফলত মূলধন জাতীয় সামগ্ৰীৰ উৎপাদন ব্যয় কিছু পৰিমাণে কমি যাব, যিয়ে বিনিয়োগ বৃদ্ধিৰ সূচনা কৰিব।

দেশৰ Make in India mission বাবেও জি এছ টি অতিকৈ ধনাত্মক বুলি ভবা হৈছে প্ৰধানকৈ দুটা কাৰণে। প্ৰথমটো হ’ল জি এছ টিৰ বাবে কৰৰ জটিলতা, ধনৰ অপব্যয় আৰু খণ্ডিত বজাৰৰ আঁসোৱাহ নাটকীয়ভাৱে কমি আহিব। দ্বিতীয় কাৰণটো হ’ল জি এছ টিত দেশৰ উদ্যোগক অহেতুক বৈদেশিক আমদানিৰ পৰা সুৰক্ষা দিয়াৰ সুবিধা থাকিব।

বৰ্তমানৰ তুলনাত উদ্যোগ, ব্যৱসায়-বাণিজ্যৰ logistic খৰচ বহুখিনি হ্ৰাস পোৱাৰ সম্ভাৱনাও প্ৰবল। ধন আৰু সময়ৰ অপচয় হ্ৰাস কৰি জি এছ টি অৰ্থনীতিৰ efficiency বৃদ্ধিৰ কাৰক হ’ব।

বৰ্তমান আন্তঃৰাজ্যিক বাণিজ্যৰ ক্ষেত্ৰত ২ শতাংশ লেভী এটা আৰোপ কৰা হয়। ইয়াৰ ফলত অনগ্ৰসৰ ৰাজ্যৰ উৎপাদন ৰাজ্যৰ বাহিৰলৈ পঠিওৱাত বাধা আহি পৰে। জি এছ টি বলৱৎ হোৱাৰ লগে লগে এনে লেভী নোহোৱা হ’ব যাৰ ফলত এখন মুকলি ৰাষ্ট্ৰীয় বজাৰত সকলোৱে ভাগ ল’ব পাৰিব। তদুপৰি জি এছ টি যিহেতু এটা destiny based কৰ, ভোক্তা ৰাজ্যসমূহৰ চৰকাৰে বৰ্তমানতকৈ অধিক ৰাজহ লাভ কৰিব। ইয়ে আঞ্চলিক বৈষম্য হ্ৰাস কৰাত অৰিহণা যোগাব। বৰ্তমানৰ পৰিস্থিতিৰ তুলনাত জি এছ টিৰ অধীনত ই-কমাৰ্চৰ জটিলতা বহুত হ্ৰাস পাব আৰু ইয়াৰ পৰিসৰো বৃদ্ধি পাব। ইয়াৰ ফলত নিয়োগ আৰু ভোক্তাৰ তৃপ্তি দুয়োটাই বৃদ্ধি পাব। বহু ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে কৰা সমীক্ষা মতে জি এছ টি বলৱৎ কৰাৰ ফলত অহা তিনি-পাঁচ বছৰৰ ভিতৰত ভাৰতবৰ্ষৰ জাতীয় আয়(GDP) শতকৰা ০.৮ শতাংশৰ পৰা ১.৭ শতাংশ পৰ্যন্ত বৃদ্ধি পাব পাৰে। অৰ্থাৎ জি এছ টি অবিহনে যদি জাতীয় আয়ৰ বিকাশ বছৰি ৭ শতাংশ হ’লহেঁতেন, জি এছ টিৰ বাবে এই হাৰ ৭.৮ শতাংশৰ পৰা ৮.৭ শতাংশ পৰ্যন্ত হোৱাৰ সম্ভাৱনা ৮আছে। ইয়াৰ কাৰণ হ’ল জি এছ টিৰ দ্বাৰা নিৰ্মূল হোৱা আঁসোৱাহসমূহ অনুপস্থিতিত দেশৰ ভোগজনিত ব্যয়, বিনিয়োগ, ৰপ্তানি, নিয়োগ এই সকলোই ঊৰ্ধ্বগামী হৈ আহিব। জি এছ টিৰ সুফল আলোচনা কৰাৰ সময়ত আমি মনত ৰখা উচিত যে এই ধনাত্মক পৰিৱৰ্তন আমি অতি সোনকালেই দেখা নাপাওঁ।

ইয়াৰ বাবে আমি হয়তো দুই-তিনি বছৰ অপেক্ষা কৰিব লাগিব। ভাৰতবৰ্ষৰ দৰে এখন বৃহৎ অৰ্থনীতিৰ দেশত জি এছ টিৰ জৰিয়তে এখন ৰাষ্ট্ৰীয় বজাৰ স্থাপনৰ প্ৰচেষ্টা কৰা হৈছে। নিঃসন্দেহে ই এটা বৃহৎ পদক্ষেপ। ১৩০ কোটি মানুহ, ২৯ খন ৰাজ্য, আৰু ২২টা ভাষাৰ উপৰি আমাৰ জি এছ টি দুই তৰপীয়া আৰু ভিন্ন হাৰৰ। ইয়াৰ তুলনা পৃথিৱীৰ কোনো দেশৰ লগতেই কৰিব নোৱাৰি। স্বাভাৱিকতেই নিটি আয়োগৰ উপ-সভাপতি অৰবিন্দ নানাভাড়িয়াই কোৱা ধৰণে “there will be an adjustment period”. আমি এতিয়ালৈ পৰিস্কাৰকৈ দেখা নাই এই adjustment সময় কিমান দীঘলীয়া বা দুখদায়ক হ’ব। পৃথিৱীৰ ১৬০খন দেশত বৰ্তমান জি এছ টি বলৱৎ হৈ আছে আৰু কোনো এখন দেশতেই জি এছ টিৰ Introduction সুগম আৰু সক্ষমতাবিহীন নাছিল। গতিকে কিছুদিনৰ বাবে অনিশ্চয়তা, খেলিমেলি, বিভ্ৰান্তি অৱশ্যম্ভাৱী। ইতিমধ্যেই এছোচেমকে লৈ বিভিন্ন মহলে ঘোষণা কৰিছে জি এছ টিৰ কাৰণে দেশ এতিয়াও সাজু নহয়। জি এছ টি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত এটা গধূৰ দায়িত্ব আছে GST Network(GSTN)ৰ ওপৰত। GSTক ভাৰতবৰ্ষৰ GST কাৰিকৰী ৰাজহাড়(technology backbone) বুলি জনা যায়। GSTৰ সকলো কাম-কাজ GSTয়ে দিয়া IT infrastructure আৰু Serviceৰ সহায়তে হ’ব। ইতিমধ্যে ভৱিষ্যতৰ GST কৰদাতা সকলে GSTNৰ সেৱাৰ মানৰ ওপৰত প্ৰশ্ন তুলিছে। ঠিক একেধৰণে ভৱিষ্যতৰ GST কৰদাতাসকলে নিজকে কেনেদৰে নতুন পদ্ধতিৰ বাবে তৈয়াৰ কৰিছে সেয়াও নিশ্চিত নহয়। এতিয়ালৈ জি এছ টি পঞ্জীয়নৰ হাৰো খুব আশানুৰূপ নহয়। এই সকলোবোৰ চাই আমি হয়তো ক’ব পাৰো যে ‘there will be short term pain for long term gain’। হ্ৰস্ব ম্যাদত আগন্তুক দিনবোৰ যে সৰ্বসাধাৰণ ৰাইজৰ ধৈৰ্য আৰু জি এছ টি ৰূপায়ণত জড়িত থকাসকলৰ দক্ষতাৰ সন্মুখত প্ৰত্যাহ্বানৰ দৰে থিয় হ’ব সেয়া এক প্ৰকাৰ নিশ্চিত।

লেখক: ড° গৌতম মজুমদাৰ(ৰাইজৰ বাতৰি)

জি এছ টিৰে সমগ্ৰ দেশতে বলৱৎ হ’ল একক কৰ ব্যৱস্থা-

 

সমগ্ৰ দেশতে প্ৰৱৰ্তন কৰা হৈছে একক কৰ ব্যৱস্থা।পহিলা জুলাইৰ পৰা ৱলবৎ কৰা হৈছে সামগ্ৰী আৰু সেৱা কৰ,চমুকৈ জি এছ টি।এই একক কৰ ব্যৱস্থাই অত্যাৱশ্যকীয় নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম হ্ৰাস কৰিব।অলপতে অনুষ্ঠিত এখন সভাত জি এছ টি পৰিষদৰ এক সিদ্ধান্ত মৰ্মে অনেক সামগ্ৰীৰ ওপৰত ইতিপুৰ্বে ধাৰ্য কৰা কৰৰ পৰিমাণ হ্ৰাস কৰাৰ লগতে কিছুসংখ্যক সামগ্ৰীৰ ওপৰত কৰ সম্পুৰ্ণৰুপে ৰেহাই দিয়া হৈছে।বিদ্যাৰ্থীসকলৰ বাবেও সুখবৰ কঢ়িয়াই স্কুল বেগ,ৰঙীণ পাঠ্যপুথি আদিৰ কৰ হ্ৰাস কৰা হৈছে।তদুপৰি যিসকল ব্যৱসায়ীয়ে সুকীয়া সুকীয়া হাৰত জি এছ টি আদায় দিব,তেওঁলোকে নিবন্ধন আঁচনি বা কম্প’জিচন স্কীমত পঞ্জীয়ন কৰিলে অধিক সকাহ লাভ কৰিব।নিবন্ধন আঁচনিৰ অন্তৰ্ভুক্তসকলৰ আয়ৰ উচ্চসীমা পুৰ্বৰ ৫০ লাখৰ পৰা ৭৫ লাখলৈ বৃদ্ধি কৰা হৈছে।ইয়াৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ী,সামগ্ৰী নিৰ্মাণকাৰী আৰু ৰেস্তোৰাঁ ব্যৱসায়ীসকল লাভৱান হ’ব।এই সভাতে পৰিষদে চিনেমা উদ্যোগৰ বাবেও সুখকৰ সিদ্ধান্ত গ্ৰহণ কৰি ১০০ টকাৰ ওপৰত চিনেমাৰ টিকটত জি এছ টিৰ হাৰ ২৮ শতাংশ ধাৰ্য কৰাৰ বিপৰীতে ১০০ টকাৰ তলৰ টিকটৰ বাবে ১৮ শতাংশ কৰ ধাৰ্য কৰিছে।এই সভাৰ অন্তত বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কয় যে কৰ হ্ৰাস কৰাৰ এই সিদ্ধান্ত চলিত কৰৰ হাৰৰ সৈতে সমতা ৰক্ষা কৰাৰ উদ্দেশ্যে কৰা হৈছে।আনহাতে নিবন্ধন আঁচনিৰ আয়ৰ উচ্চসীমা বৃদ্ধি কৰাৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীসকলৰ বাবে সহায়ক হ’ব।কাৰণ এই খণ্ডটোৱেই সৰ্বাধিক কৰ্মসংস্থাপনৰ বাট মুকলি কৰে।ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যৰ ভিতৰত সৰ্বপ্ৰথমে অসম বিধানসভাই অসম সামগ্ৰী আৰু সেৱা কৰ আইন,২০১৭ গৃহীত কৰি জি এছ টিৰ ক্ষেত্ৰত অগ্ৰণী ভুমিকা পালন কৰিছে।এই আইনখন ইতিমধ্যে অসম ৰাজপত্ৰত প্ৰকাশ কৰা হৈছে আৰু www.tax.assam.gov.in ৱেবছাইট জি এছ টি আইন আৰু নিয়মাৱলী ৰাজহুৱা কৰা হৈছে।কেন্দ্ৰীয় চৰকাৰেও কাৰোবাৰ জি এছ টি সন্দৰ্ভত কিবা জানিবলগীয়া থাকিলে @ ask GST-GOT ত টুইট কৰাৰ সুবিধা প্ৰদান কৰিছে।এই আইন বলৱৎ হোৱালৈ অসমত এই আইনখনৰ অধীনত দহ সহস্ৰাধিক ব্যৱসায়ীয়ে পঞ্জীয়ন কৰিছে।জি এছ টি পৰিষদে এই আইনৰ অধীনত সম্পুৰ্ণৰুপে কৰ ৰেহাই দিয়া ঘৰুৱা সামগ্ৰীসমুহৰ ভিতৰত আছে পেকেট নকৰা খাদ্য শস্য,গুড়,গাখীৰ ,কণী,দৈ,লাছি,পেকেট নকৰা পনীৰ,ব্ৰেণ্ড নথকা প্ৰাকৃতিক মৌ,সজীৱ শাক-পাচলি,ব্ৰেণ্ড নথকা আটা,ব্ৰেণ্ড নথকা ময়দা ,ব্ৰেণ্ড নথকা বেচন,প্ৰসাদ,খেজুৰৰ গুড়,নিমখ,কাজল,ফুল ঝাড়ু,শিশুৰ ড্ৰয়িং আৰু কালাৰিং বুক,শিক্ষা সেৱা আৰু স্বাস্থ্য সেৱা।তেনেদৰে মাথোঁ ৫ শতাংশ কৰ আৰোপ কৰা হৈছে,চেনি ,চাহ,ৰোষ্টেড কফি বীনছ,খোৱা তেল,স্কীমড,মিল্ক পাউডাৰ,শিশুৰ দুগ্ধজাত খাদ্য,পেকেট কৰা পনীৰ,ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কেৰাচিন,ঘৰুৱা ৰন্ধন গেছ,ফেব্ৰিক,জোতা-চেণ্ডেল(৫০০ টকা পৰ্যন্ত),সাজ-পোচাক (১০০০ টকা পৰ্যন্ত),কাজু বাদাম,কিচমিচ,ধুপকাঠী,কয়লা,কয়ৰ মেটছ,মেটিং আৰু ফ্লৰ কভাৰিঙত।আকৌ ১২ শতাংশ কৰ আৰোপ কৰা হৈছে বাটাৰ,ঘী,আলমণ্ড,ফলৰ ৰস,পেকেট কৰা নাৰিকলৰ পানী,শাক-পাচলিৰ প্ৰস্তুতি,ফলমুল,ছাতি,ম’বাইল ফোনৰ উপৰি আচাৰ,মুৰাব্বা,চাটনি,জ্যাম,জেলিকে ধৰি নাটছ।তদুপৰি চুলিত লগোৱা তেল,টুথপেষ্ট,চাবোন,পাচটা,কৰ্নফ্লেক্স,ছুপ,আইচ ক্ৰীম,টয়লেট্ৰিজ,কম্পিউটাৰ আৰু প্ৰিণ্টাৰ ওপৰত ১৮ শতাংশ জি এছ টি ধাৰ্য কৰ৪আ হৈছে।৮১ শতাংশ সামগ্ৰীৰ কৰৰ হাৰ ১৮ শতাংশ বা তাৰ তলত ধাৰ্য কৰা হৈছে।উত্তৰ-পুৰ্বাঞ্চলৰ ৰাজ্যসমুহৰ আৱাসিক আয়ুক্তসকলৰ সৈতে হোৱা এক বৈঠকত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে জি এছ টি বলৱৎ হোৱাৰ ফলত উপকৃত হ’ব উত্তৰ-পুৰ্বাঞ্চলবাসী।জি এছ টিৰে কৰৰ হাৰ হ্ৰাস পোৱাৰ ফলত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম হ্ৰাস পোৱাত অঞ্চলটোৰ দুখীয়া আৰু মধ্যবিত্ত লোকসকলে সকাহ পাব।মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে জি এছ টিৰ ফলত উত্তৰ-পুৰ্বাঞ্চলতৰ্চাউল,ঘেঁহু,ময়দা,তেল,দুগ্ধজাতীয় সামগ্ৰী,মচলা,চাহৰ লগতে কয়লা আৰু ঘৰুৱা এল পি জিৰ দাম হ্ৰাস পাব।তদুপৰি ইনছুলিন,এক্স-ৰে প্লেট,ছচমা আদিৰ দৰে চিকিৎসা সামগ্ৰীৰ দাম কমিব।উত্তৰ-পুৰ্বাঞ্চলৰ ৰাজ্যসমুহৰ দহ লাখ টকাৰ ব্যৱসায়ত কোনো কৰ আৰোপ কৰা নহ’ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।সম্প্ৰতি অৰুণাচল প্ৰদেশত দুই লাখ,ছিকিমত তিনি লাখ আৰু অসমত ছয় লাখ টকালৈকেহে কৰ ৰেহাই দিয়া হৈ আছে বুলি তেওঁ কয়।জি এছ টিৰ অধীনত এনে নতুন কৰ গাঁথনিয়ে বিভিন্ন স্তৰৰ নাগৰিকক সকাহ দিব বুলি আশা কৰা হৈছে।

উৎস:ৰাইজৰ বাতৰি

জি এছ টি

 

দেশৰ নতুন কৰ ব্যৱস্থাৰ এক চমু অৱলোকন

দ্ৰব্য আৰু সেৱাকৰ আইন বা চমুকৈ জি এছ টি বৰ্তমান সমগ্ৰ দেশতে আলোচনাৰ এক মুখ্য বিষয়বস্তু হৈ পৰিছে।স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ কৰ সংস্কাৰ পদক্ষেপৰুপে পৰিগণিত হোৱা এই জি এছ টি আইনখনে ভাৰতবৰ্ষৰ আওপুৰণি জটিল কৰ ব্যৱস্থাৰ বিলুপ্তি সাধন কৰি এটা নিকা আৰু স্বচ্ছ কৰ ব্যৱস্থা গঢ়ি তুলিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।ভাৰতীয় সংবিধানৰ ১২২ ন্ং অনুচ্ছেদ সংশোধন কৰি প্ৰৱৰ্তন কৰা এই দ্ৰব্য আৰু সেৱাকৰ আইনখন দেশৰ পৰোক্ষ কৰ ব্যৱস্থাৰ বৈপ্লৱিক পৰিৱৰ্তনৰ দিশত মাইলৰ খুঁটিৰুপে পৰিগণিত হৈ ৰ’ব বুলি ধাৰণা কৰা হৈছে।

দ্ৰব্য আৰু সেৱাকৰ আইন চমুকৈ জি এছ টি হৈছে যিকোনো ধৰণৰ দ্ৰব্য সামগ্ৰী বা সেৱাৰ ওপৰত আৰোপিত স্থানভিত্তিক কৰ ব্যৱস্থা।জি এছ টিয়ে দেশৰ বহুতৰপীয়া কৰ গাঁথনিক একেলগ কৰি এটা নতুন কৰ ব্যৱস্থাৰ সৃষ্টি কৰিছে।জি এছ টিয়ে দেশৰ কেন্দ্ৰ আৰু ৰাজ্যসমুহত চলি থকা বিভিন্ন কৰক একেলগ কৰি এটা সংমিশ্ৰিত কৰ আৰোপ কৰে।জি এছ টি অহাৰ পুৰ্বে দেশৰ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা বিভিন্ন কৰ যেনে-কেন্দ্ৰীয় আবকাৰী শুল্ক,সীমা শুল্ক,সেৱা কৰ,পণ্য সামগ্ৰী আৰু সেৱাৰ ওপৰত আৰোপিত কৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কৰসমুহ যেনে ভেট,চি এছ টি,ক্ৰয় কৰ,আমোদ কৰ,প্ৰৱেশ কৰ,লটাৰী কৰ,বিজ্ঞাপন কৰ আদিকে ধৰি প্ৰায় ১৭ বিধ প্ৰচলিত কৰক এই নতুন জি এছ টি ব্যৱস্থাই সাঙুৰি ল’ব।যিকোনো ধৰণৰ সামগ্ৰী বা সেৱাৰ যোগান ধৰা যিকোনো ব্যক্তি বা প্ৰতিষ্ঠানেই জি এছ টি আইনৰ আওতাত আহি পৰে।এই ব্যৱস্থাত যিকোনো এবিধ সামগ্ৰী বা সেৱাৰ যোগান ধৰোতাজনৰ পৰা আৰম্ভ কৰি সৰ্বশেষ উপভোক্তাজনলৈকে কৰৰ সমবিতৰণ কৰা হয়।জি এছ টি ব্যৱস্থাই সমগ্ৰ দেশৰে ৰাজ্যসমুহ আৰু আন আন স্বায়ত্তশাসিত অঞ্চলসমুহ সামৰি ল’ব।কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়েই ক্ৰমে CGST আৰু SGST সংগ্ৰহ কৰিব।তদুপৰি আন্ত:ৰাজ্যিক যোগানৰ ক্ষেত্ৰত IGST নামৰ কৰ প্ৰযোজ্য হ’ব।জি এছ টিৰ অধীনত বৰ্তমান চাৰিটা কৰৰ হাৰ নিৰুপণ কৰা হৈছে।এইকেইটা হৈছে ক্ৰমে-৫ শতাংশ,১২ শতাংশ,১৮ শতাংশ আৰু ২৮ শতাংশ।নিত্য ব্যৱহাৰ্য অত্যাৱশ্যকীয় সামগ্ৰীসমুহত নুন্যতম কৰৰ হাৰ আৰু বিলাসী সামগ্ৰীসমুহৰ ওপৰত অধিক কৰৰ হাৰ আৰোপ কৰা হৈছে।বৰ্তমান কৃষিজাত সামগ্ৰী,মানুহে সেৱন কৰা এলক’হল জাতীয় দ্ৰব্য আৰু কেইবিধমান পেট্ৰ’লিয়ামজাত সামগ্ৰীক জি এছ টি আইনৰ বাহিৰত ৰখা হৈছে।পেট্ৰ’লিয়ামজাত সামগ্ৰীসমুহ পৰৱৰ্তী পৰ্যায়ত জি এছ টি আইনৰ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।জি এছ টিৰ বিষয়ত যিকোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ সম্পুৰ্ণ কতৃত্ব জি এছ টি কাউন্সিলক দিয়া হৈছে।কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত গঠিত এই কাউন্সিলত প্ৰত্যেক ৰাজ্যৰে বিত্তমন্ত্ৰীসকলক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

জি এছ টি আইনৰ উপকাৰিতাসমুহ:জি এছ টি বা দ্ৰব্য আৰু সেৱাকৰ আইনখন বৰ্তমান সময়ত দেশৰ কৰ ব্যৱস্থাত যথেষ্ট গুৰুত্বপুৰ্ণ পদক্ষেপ আৰু ই বৰ্তমান দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ বাবে সময়োপযোগী।জি এছ টিৰ গুণসমুহৰ বিষয়ে ক’বলৈ হ’লে প্ৰথমতে জি এছ টি আইনৰ অধীনত দেশৰ কৰ ব্যৱস্থা নিকা আৰু স্বচ্ছ হ’ব।পুৰ্বৰ কৰ ব্যৱস্থাৰ বহু সুৰুঙা থকাৰ সুযোগ লৈ বহু ব্যৱসায়ী বা প্ৰতিষ্ঠানে বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকি দি আহিছিল।কিন্তু জি এছ টিৰ কৰ আদায়ৰ প্ৰক্ৰিয়াটো সম্পুৰ্ণৰুপে কম্পিউটাৰাইজড।সেয়ে ইয়াত কৰ ফাঁকি দিয়া সম্ভৱপৰ নহ’ব।বৈধ ৰছিদৰ সহায়ত সকলো ব্যৱসায় বা প্ৰতিষ্ঠানেই এই জি এছ টিৰ ভিতৰত সাঙোৰ খাই পৰিব।

অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ফলত সকলো সংগঠিত আৰু অস্ংগঠিত ক্ষেত্ৰৰ ব্যৱসায়েই জি এছ টি আইনৰ আওতাত আহি পৰিব যাৰ ফলত কৰ ফাঁকি বহু পৰিমাণে হ্ৰাস পাব।ইয়াৰ ফলস্বৰুপে দেশৰ সংগ্ৰহৰ হাৰ বৃদ্ধি হ’ব আৰু ৰাজকোষ টনকিয়াল হ’ব।

দ্বিতীয়তে,জি এছ টি প্ৰযোজ্য হ’লে এটা সম্পুৰ্ণ সহজ কৰ পৰিশোধ প্ৰক্ৰিয়া গঢ়ি উঠিব।কৰ প্ৰদানকাৰীসকলে অনলাইনযোগে কোনো কাগজৰ ব্যৱহাৰ নকৰাকৈ সহজতে লেনদেন কৰিব পৰাৰ সুবিধা কৰা হৈছে।এই ব্যৱস্থাত ব্যৱসায়ীসকলে আদায় দিয়া কৰৰ ওপৰত ইনপুট টেক্স ক্ৰেডিট পাব।অৰ্থাৎ কোনো এজন ব্যৱসায়ীয়ে আদায় দিয়া কৰৰ পৰা তেওঁ সেই ব্যৱসায়িক সামগ্ৰী বা সেৱাসমুহ ক্ৰয় কৰোতে দিয়া কৰৰ পৰিমাণ ইনপুট টেক্স ক্ৰেডিট হিচাপে পাব।ই এটা স্বয়ংক্ৰিয় ব্যৱস্থা।ইয়াৰ বাবে সকলো ব্যৱসায়ী বা সেৱা প্ৰদানকাৰীয়ে প্ৰতি মাহে এবাৰকৈ অনলাইনযোগে মুখ্য ৰিটাৰ্ন দাখিল কৰিব লাগিব।তদুপৰি পুৰ্বৰ কৰৰ তুলনাত কৰ প্ৰদানৰ বোজাও কিছু পৰিমাণে হ্ৰাস পাব।পুৰ্বৰ কৰ ব্যৱস্থাত কৰৰ ওপৰত কৰ যাক বাণিজ্য ক্ষেত্ৰত সাধাৰণতে DOUBLE TAXATION বুলি কোৱা হয় সেইটো নাইকিয়া হ’ব।

তৃতীয়তে জি এছ টি প্ৰৱৰ্তন হ’লে দেশত কিছু পৰিমাণে হ’লেও মুল্যবৃদ্ধি নিয়ন্ত্ৰণ হ’ব।জি এছ টিৰ অধীনত যিহেতুকে নিত্য ব্যৱহাৰ্য সামগ্ৰী বা সেৱাৰ ক্ষেত্ৰত নিম্ন হাৰৰ কৰ আৰোপ কৰা হৈছে তাৰ লগতে পুৰ্বৰ ভিন ভিন কৰসমুহৰ তুলনাত জি এছ টি কৰৰ হাৰ কিছু পৰিমাণে হ’লেও কম,সেয়েহে অত্যাৱশ্যকীয় সেৱা বা সামগ্ৰীৰ মুল্য কিছু পৰিমাণে হ’লেও হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।জি এছ টিৰ অধীনত সৰ্বসাধাৰণ উপভোক্তা যথেষ্ট পৰিমাণে লাভৱান্বিত হ’ব।সমগ্ৰ দেশতে জি এছ টি সমহাৰত প্ৰযোজ্য হোৱাৰ বাবে বয়বস্তু বা সেৱাৰ ক্ষেত্ৰত থকা মুল্যৰ তাৰতম্য দুৰ হ’ব আৰু ইয়াৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ যথেষ্টখিনি উপকৃত হ’ব।ইয়াৰ উপৰি জি এছ টি বলৱৎ হোৱাৰ পাছত দেশত থকা বিভিন্ন অবৈধ চেকগেটসমুহত অবৈধ কৰ সংগ্ৰহৰ হাৰ কমিব।যাৰ ফলত সামগ্ৰীৰ মুল্য যথেষ্ট নিয়ন্ত্ৰণ হ’ব।জি এছ টি ব্যৱস্থাত কৰ সংগ্ৰহ ব্যৱস্থাটো সম্পুৰ্ণৰুপে ডিজিটেল হ’ব আৰু ইয়াৰ বাবে জি এছ টি নেটৱৰ্ক বা GSTN নামৰ এক বিশেষ ব্যৱস্থা কৰা হৈছে আৰু ইয়ে কৰদাতা আৰু চৰকাৰ তথা কৰ্তৃত্বপ্ৰাপ্ত কৰ সংগ্ৰহকাৰী বেংকসমুহৰ মাজৰ যোগসুত্ৰকাৰী মাধ্যম হিচাপে কাম কৰিব।

চতুৰ্থতে জি এছ টি ব্যৱস্থাত গোটেই দেশৰ বজাৰ বা ব্যৱসায় ক্ষেত্ৰখন এটা কৰ ব্যৱস্থাৰ অধীনত সাঙোৰ খাই পৰিব।সেয়েহে ব্যৱসায়-বাণিজ্যৰ নতুন নতুন পথ মুকলি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে।তদুপৰি এক দেশ এক কৰ ব্যৱস্থাৰ বাবে দেশৰ যিকোনো ঠাইতে ব্যৱসায়-বাণিজ্য কৰাটো সহজসাধ্য হৈ পৰিব।

এইবোৰৰ উপৰি জি এছ টি প্ৰযোজ্য হ’লে ভাৰতৰ বাহিৰলৈ ৰপ্তানি কৰা ব্যৱসায় বা সেৱাসমুহ লাভৱান্বিত হ’ব।কিয়নো বিদেশলৈ ৰপ্তানি কৰা সামগ্ৰী বা সেৱাসমুহত জি এছ টি প্ৰযোজ্য নহ’ব।জি এছ টি আইনখন লোকসভাত গৃহীত হোৱাৰ পাছতেই আমাৰ ৰাজ্য অসমে দেশৰ ভিতৰতে সৰ্বপ্ৰথম জি এছ টি আইনখন গৃহীত কৰিছে।অসম যিহেতুকে এখন আমদানিকাৰী ক্ৰেতা ৰাজ্য,সেয়েহে জি এছ টি প্ৰযোজ্য হ’লে অসম যথেষ্ট পৰিমাণে লাভৱান্বিত হ’ব।তদুপৰি অসম,উত্তৰ-পুৰ্বাঞ্চল,জন্মু-কাশ্মীৰকে ধৰি হিমালয়ান ৰাজ্যকেইখনে জি এছ টি আইনৰ অধীনত কিছুমান বিশেষ ৰেহাই পোৱাৰ ব্যৱস্থা কৰা হৈছে।ভাৰতত পৰোক্ষ কৰ সংস্কাৰৰ ক্ষেত্ৰত জি এছ টি এক গুৰুত্বপুৰ্ণ পদক্ষেপ হৈ থাকিব।এক দেশ এক কৰ ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ পাছত এখন উমৈহতীয়া ৰাষ্ট্ৰীয় বজাৰৰ পথ মুকলি হ’ব।শেহতীয়া অধ্যয়ন অনুসৰি জি এছ টিয়ে দেশৰ বিকাশৰ গতি ত্বৰান্বিত কৰাত যথেষ্ট সহায় কৰিব।তদুপৰি তুলানামুলকভাবে স্বচ্ছ আৰু নিকা হোৱাৰ বাবে ই দেশৰ অৰ্থনৈতিক উন্নয়নত যথেষ্ট গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰিব।

লেখক:ৰুপম গোস্বামী(ৰাইজৰ বাতৰি)

3.51851851852
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top